হেঁপাহ (উজ্জ্বল ফুকন)

হেঁপাহ

ধূলিবোৰে পিছফালৰ আলিবাটটো নেদেখা কৰি পেলাইছে। দৌৰোঁতে ধূলিৰ দমবোৰ গুৰিয়াই যোৱা বুদ্ধিটোৱে কাম কৰা যেন লাগিল ৰাতুলৰ। তাক খেদি অহা মানুহবোৰৰ মাতবোৰো লাহে লাহে হেৰাই গ’ল। একেৰাহে প্ৰায় বিছমিনিট মান দৌৰি সি ভাগৰি পৰিছে।

“কলমৌৱে ঢাকি থোৱা পিটনিখনৰ কাষ পাবলৈ আৰু বেছি পৰ নাই।”

সি পশ্চিমৰ আকাশৰ ভাগৰুৱা বেলিটোলৈ চাই ভাবিলে। পিটনিখনৰ কাষ পাই সি পাৰৰ চিনাকি গছজোপাৰ তলত নিজক এৰি দিলে। এই পিটনিখন আৰু এই গছজোপা তাৰ সৰুকালৰে পৰা চিনাকি। মাকৰ কোলাত শুবলৈ নোপোৱা ৰাতুলক যেন এই পিটনিখনে বছৰ বছৰ ধৰি নিৰাপদ আশ্ৰয় দি আহিছে। মাকে তাক জনম দি পৃথিৱীৰ পৰা মেলানি মগাৰ পিছত মদাহী দেউতাকৰ চৰ গোৰ সি বেছি দিন সহ্য কৰিব পৰা নাছিল। সৰুকালটো কেতিয়াবা ডাষ্টবিনৰ কাষত কেতিয়াবা মন্দিৰৰ খটখটীত আৰু কেতিয়াবা এই পিটনিখনৰ কাষত পাৰ কৰিছে সি। দূৰৰ পথাৰখনত ফুটবল খেলি থকা ল’ৰাজাকক দেখি সি মনৰ ভিতৰতে ভাবিলে ‘সিহঁতে নাজানে সিহঁত কিমান ভাগ্যৱান’। কাৰোবাৰ প্ৰচণ্ড গোৰত ওপৰলৈ উৰি যোৱা ফুটবলটোৰ সৈতে তাৰ মনটো লাহে লাহে দিনটোৰ হৈ যোৱা ঘটনাবোৰৰ মাজলৈ উৰি গ’ল।

আন দিনাৰ দ’ৰে সি সেইদিনা ৰাতিপুৱাও নিজে উঠিব পৰা নাছিল। টোপনিয়ে যেন তাক হেঁচা মাৰি ধৰিছিল। বিষ্ণুৱে খেপিয়াই খেপিয়াই তাক কেইবাৰো হেঁচা মৰাৰ পিছত সি সাৰ পালে।


“নাযাৱ নেকি? ৰেল যাবই এতিয়া।” বিষ্ণুৱে তালৈ চাই ক’লে।
বিষ্ণুৰ মাতত খকমককৈ কৈ সাৰ পাই ৰাতুল সাজু হ’ল। দহমিনিট মানৰ পিছত সিহঁত দুয়োটা ৰেল ষ্টেচন পালেগৈ। দূৰণিবতীয়া ৰেলখনে এজাক যাত্ৰী লৈ ষ্টেছনত ৰৈ আছে। ৰাতুলে দূৰৰ পৰাই ভালকৈ চালে। বিষ্ণুৰ এখন হাত ৰাতুলৰ কান্ধত । ৰাতুলৰ কান্ধটোৱেই যেন তাৰ কম্পাছ আৰু ৰাতুলৰ মাতটোৱেই যেন তাৰ চকু।
“বিনু টেপ” ৰাতুলৰ সকীয়নি।
বিষ্ণুৱে বুজিলে ৰাতুল ৰেলত উঠিছে। সিও লাহেকৈ ভৰিটো দাঙি উঠিল।
এইবাৰ ৰাতুলে বিষ্ণুৰ হাতত তিনিটা টিপা মাৰিলে।
এই টিপা বোৰৰ নিজা নিজা অৰ্থ আছে। এটা টিপা মানে বেছি সময় ৰ’ব নালাগে। মানুহ হয়তো এজন। দুটা টিপা মানে গ্ৰাহকৰ সংখ্যা অলপ বেছি। হয়তো দুটা গান গাব লগা হ’ব পাৰে। তিনিটা টিপা মানে এজাক গ্ৰাহক। গানো প্ৰয়োজন সাপেক্ষে বেছিকৈ গাব লগা হ’ব পাৰে। আৰু পইচাও বহুত পোৱাৰ আশা থাকে।

“অই গেনা আহিলি?” লেঙেৰা মাধৱে ৰাতুললৈ চাই ক’লে।
“হেটেপ ইণ্ডিয়া অহমহাৰি। হৰিটো এৰি দে” ৰাতুলে চিঞৰি মাধৱক ক’লে।
“অই বেটেৰি নাইকিয়া কি কৈছে এইটোৱে” মাধৱে এইবাৰ বিষ্ণুক সুধিলে।
“তোৰ নিজৰ ভৰিৰ ঠিক নাই কিন্তু তই তাৰ ভৰিটোৰ ওপৰত থিয় হৈ আছ নেকি চা” বিষ্ণুৱে ক’লে।
“অই গেনা, দেখাই নাছিলোঁ বে। যা যা কামত যা” মাধৱে দবাটোৰ মজিয়াখন লেতেৰা বাঢ়নীটোৰে চাফা কৰি আগবাঢ়িল।
ৰাতুলে তাক এটকা এটা দি কলে “আ ইনটো আল আই আতে আমাৰ”
মাধৱে এটকাটো লৈ হাঁহি এটা মাৰি এইবাৰ হাতখন দবাটোত বহি থকা মানুহবোৰৰ ফালে আগবঢ়াই দিলে। এটা দুটা টকাৰে হাতখন ভৰি পৰিল।
“লগ পাম গধূলি” মাধৱে হাঁহি এটা মাৰি দুয়োটাৰ ফালে চাই কলে। তাৰ হাঁহিটোৱে বুজাই দিলে ৰাতুলৰ প্ৰতি থকা তাৰ কৃতজ্ঞতা।
বিষ্ণুৱে মনে মনে ভাবিলে “ভাগ্য ভাল ‘চেটেপ ইণ্ডিয়া ব্ৰহ্মচাৰীটো’ বুজি নাপালে। নহ’লে ৰাতিপুৱাই যুদ্ধ এখন হ’ল হয়।
ইহঁত যেন ৰাতুলৰ পৰিয়ালৰ দৰে। শব্দবোৰ তাৰ মুখত ভগৱানে ফুটিবলৈ  নিদিলে কি হ’ল কিন্তু কেনেকৈ মানুহ আপোন কৰিব লাগে সেইটো সি ভালকৈ জানে।
বিষ্ণুৱে ইখন হাতত লৈ থকা আলোচনী, বাতৰিকাকত আদি ঠিক কৰি ল’লে।
এজাক ডেকা গাভৰুৰে ভৰা ডবাটোৰ মুখত ৰৈ হাত দুখন এক বিশেষ ভঙ্গিমাত মেলি ৰাতুলে গাবলৈ আৰম্ভ কৰিলে
” উউউঝে এএএখা অঅ য়ে আনা হনমম
য়াৰ ঔতা হে ইৱানা হনম
অব য়াহা এ আহা আয়ে আম
এৰে আহৌ এ অৰ আয়ে আম..”

“বঢ়িয়া। আৰু এটা” কোনোবা এটাই জাকৰ মাজৰ পৰা চিঞৰি উঠিল।
“পিছে সি গালেনো কি?” আন এটাই সুধিলে।
“দাদা, গানৰ তাল ইমান নাচাব। এয়া জীয়াই থকাৰ যুঁজ। ইজনে সিজনক সহায় কৰি যুঁজি যোৱাৰ চেষ্টা। আমাৰ বিষ্ণুৱে এতিয়া ভালকৈ গাই শুনাব গানটো” মাধৱে তলৰ লেতেৰা মজিয়াখন মচি মচি ক’লে।

“তুঝে দেখা তৌ য়ে জানা চনম
প্যাৰ হৌতা হে দিৱানা চনম
অব য়াহা চে কাঁহা জায়ে হাম
তেৰে বাহৌ মে মৰ জায়ে হাম” বিষ্ণুৱে ওপৰলৈ চাই গানটো আকৌ গালে। এখন হাত তেতিয়াও ৰাতুলৰ কান্ধত আছিল।
চিঞৰ বাখৰেৰে মুখৰ হৈ থকা ডবাটো বিষ্ণুৰ মাতত স্তব্ধ হৈ গ’ল।
ৰাতুলে বিষ্ণুৰ হাতখন এটা চিটৰ নালত লগাই দি তাৰ ইখন হাতত থকা মেগাজিন, আৰু বাতৰিকাকত লৈ জাকটোৰ মাজলৈ আগবাঢ়িল।
“আইজ, অঅপ অহায় কৰক আউ আমাকো ইয়াই হাকিবলৈ আহস ইয়ক” ৰাতুলে কলে।
“ৰাইজ, অলপ সহায় কৰক আৰু আমাকো জীয়াই থাকিবলৈ সাহস দিয়ক” ৰাইজে বুজি নাপাব বুলি বিষ্ণুৱে ৰাতুলৰ কথাখিনি আকৌ এবাৰ ক’লে।
ৰ’ লাগি চাই থকা ল’ৰা ছোৱালীজাকে ৰাতুলৰ মাতত হে সাৰ পালে।
“বাহ বঢ়িয়া গোৱা দুয়োজনে। লোৱা এয়া দহ টকা মোৰ ফালৰ পৰা।” এজন ডেকাই ৰাতুলৰ হাতত ১০ টকীয়া নোট এখন গুজি ক’লে।
ৰাতুলে ততালিকে ১০ টকীয়াটো ঘূৰাই দি কলে “বিক্কা বা অহাউভুতি ইদিব আইজ। আমি উৰ দাঙি ইয়াই তাকিব উজু। অচন্দৰ এখন এগাজিন বা আতৰিআকত ইনক এটকা আন এছিকৈ দি”
ল’ৰাজনে ৰ’ লাগি ৰাতুললৈ চাই তাৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিলে।
একো উত্তৰ নুশুনি বিষ্ণুৱে বুজি পালে ল’ৰাজনে ৰাতুলৰ শব্দবোৰ বুজি পোৱা নাই। সি আকৌ ক’বলৈ  ধৰিলে “ভিক্ষা বা সহানুভূতি নিদিব ৰাইজ। আমি মূৰ দাঙি জীয়াই থাকিব খোজো। পছন্দৰ এখন মেগাজিন বা বাতৰিকাকত কিনক। পাৰিলে কেইটকা মান বেছিকৈ দি কিনক। সেয়াই আমাৰ লাভ বুলি ভাবিব। আৰু আমি সেয়া আপোনালোকৰ আশীৰ্বাদ বুলি ভাবিম।”

এইবাৰ যেন সকলোৱে বুজি পালে। সকলোৱে নিজৰ পচন্দ মতে ৰাতুলৰ পৰা কাগজ আলোচনী কিনিবলৈ  ধৰিলে দহ পাঁচ টকা বেছিকৈ দি।
ৰাতুলে “অন্যবাদ” আৰু বিষ্ণুৱে “ধন্যবাদ” দিলে প্ৰতিজনলৈ।
ৰাতুলে সকলোলৈ চাই হাঁহি হাঁহি কলে “এপ্পি আনি”। বিষ্ণুৱেও সুৰ মিলালে “হেপ্পী জাৰ্নি’।
সকলোৱে একেলগে চিঞৰি উঠিল “থেঙ্ক ইউ”।

ৰাতুলে সিহঁতলৈ চাই চাই শেষবাৰলৈ গাব ধৰিলে “অদেচি অদেচি জানা আহি .. উঝে অঔৰ কে উঝে ঔৰ এ”। সকলোৱে হাঁহি হাঁহি সিহঁত দুটাক বিদায় দিলে।

দুয়োটাই এইবাৰ ৰে’লৰ পৰা নামি প্লেটফৰ্মৰ বেঞ্চখনত বহি ল’লে।
“আজি ইন হাল উজিছ। হেৰ পইচা আলো এবাৰতে” ৰাতুলে বিষ্ণুক কলে।
বিষ্ণুৱে হয়ভৰ দি কলে “ঠিক কৈছ। ধেৰ পইচা পালো এবাৰতে। গন্তি কৰচোন কিমান পালো”
ৰাতুলে পইচা গন্তি কৰাত লাগিল।
এনেতে হঠাৎ সন্মুখৰ পৰা এটা মাত ভাঁহি আহিল “বহুত পইচা পালি দেখোন আজি। আমাক নিদিয় নেকি?”
এইটো বসন্ত। গুণ্ডাকৰ উঠাই ভিক্ষাৰী, বা ৰে’লত বেপাৰ কৰা আন আন মানুহৰ পৰা।
তলৰ মূৰ ওপৰ নকৰাকৈ এখন হাতেৰে ৰাতুলে বিষ্ণুক হেঁচি ইঙ্গিত দিলে উঠি যাবলৈ। বিষ্ণুৱে লাহে লাহে উঠি যাবলৈ  ধৰিলে।
বসন্তহঁতে বিষ্ণুৰ ফালে চাওঁতেই ৰাতুলে ততালিকে পইচাখিনি পেন্টৰ এটা চুকত লুকুৱাই থলে।
‘অত অইচা। হুছুৰা উটকা এটা আইছো আটিপুৱাৰ পৰা” ৰাতুলে পেন্ট জোকাৰি দেখুৱালে বসন্তক।
বসন্তই তাৰ পেন্ট চোলাত পইচা বিচাৰি একো নাপালে। “ই পইচা বিষ্ণুৰ পকেটত ভৰাই দিছে” কথাটো কৈ বসন্তই বিষ্ণুৰ ফালে চোচা ল’লে।
“পইচা দে বিষ্ণু।” বসন্তই বিষ্ণুৰ গালত প্ৰচণ্ড চৰ এটা শোধাই কলে।
ৰাতুলৰ যেন এইবাৰ সহ্য নহ’ল। কাষতে পৰি থকা ইটা এটা হাতত লৈ পিছপিনৰ পৰা বসন্তৰ মূৰত এটা পূৰ্ণহতীয়া কোব দিলে। অকস্মাত ঘটি যোৱা ঘটনাটোত সকলো হতভম্ব হল। তেজৰ ডোঙা এটাৰ মাজত পৰি বসন্ত চটফটাব ধৰিলে।
“মাৰ তাক” কোনোবা এটাই চিঞৰি উঠিল ৰাতুললৈ চাই।

সেই চিঞৰটোৰ পিছত ৰাতুল মাথোঁ দৌৰিছে। খেদি অহা মানুহবোৰৰ কথা ভাবি ৰাতুল আকৌ বাস্তৱলৈ ঘূৰি আহিল। পিটনিৰ এটা চুকত অলপ পানী লৈ সি মুখখন ধুই ল’লে। কাষৰ শুকান বননিত পৰি সি মনে মনে ভাবিবলৈ  ধৰিলে “ভগৱানে বাৰু আমাৰ নিচিনা মানুহক কষ্ট দি কিয় ইমান ভাল পায়। নে আমাৰ মনৰ জোৰ বেছি নেকি? কিছুমান মানুহ আৰামত থাকিও সৰু দুখ এটাতে কান্দি কাটি হাবাথুৰি খায়। সিহঁত চাগৈ মনৰ দুৰ্বল। মোৰ চাগে আত্মাটো শক্তিশালী। সেয়েহে আমাক কষ্টত ৰাখে কাৰণ তেওঁ জানে আমি পাৰিম যুঁজিব। ভগৱানৰ বাবে বোলে সকলো জীৱ একে। সেইকাৰণে দুৰ্বল সন্তানবোৰক সুবিধা বেছি দিয়ে। আৰু সবলবোৰক কষ্ট বেছি দিয়ে যাতে দুয়োপক্ষই সমান সুযোগ পায়। তেন্তে বিষ্ণুৰ আত্মাটো চাগৈ বৰ শক্তিশালী হব। হয়তো মোতকৈও বেছি” বিষ্ণুৰ কথা মনত পৰি ৰাতুল থিয় হ’ল। বিষ্ণু হয়তো ৰে’লখনত উঠি ৰঙিয়া পালেগৈ। মইও ৰঙিয়ালৈ যাওঁগৈ। দুঘণ্টামানৰ ভিতৰত পাই যাম” ৰাতুলে মনে মনে ভাবিলে।
“আও হগৱান, হিন্টা নকৰিবা। আমি ঠিকে হাকিম। উমি উৰ্বল বোৰক অহায় কৰা। আমাৰ ইয়াই হকাৰ হেপাহ এছি। আমি ইয়াই হাকিম।” ৰাতুলে আকাশলৈ চাই চিঞৰি ৰে’ল ষ্টেচনটোলৈ আগবাঢ়িল।
দূৰৰ কাৰোবাৰ ঘৰৰ পৰা অনিমা চৌধাৰীৰ গীত এটা ভাহি আহিল। ৰাতুলে বুজি পালে এয়া ভগৱানে তাৰ প্ৰশ্নৰ উত্তৰ দিছে গীতৰ সহায়েৰে। ৰিণিকি-ৰিণিকি ভাহি অহা গীতটো সি কাণ পাতি শুনিলে।

উদাস নহ’বি দেখি এন্ধাৰ
জয়াল বাট .. গভীৰ নিশাৰ
সাহস ৰাখিবি তোৰ হিয়াত
দুখৰ ৰাতিটো পৰিব এদিন ওৰ।
পুৱাৰ সূৰুযৰ ৰাঙলী আভাই দলিচা পাৰি দিব
জোনালী নিশাৰ অযুত তৰাই আল্পনা আঁকি দিব।
নতুন গতিৰে গতি ল’ব
আশাৰ বাটৰ ৰথৰ চকৰি তোৰ
দুহাত সাৱটি থাকিলে জানো বিঘিনি আঁতৰি যায়
সময় থাকোঁতে ল’ব নাজানিলে প্ৰাপ্য হেৰাই যায়
সংকোচ দ্বিধা এৰি পেলা
আত্মবলেই পথৰ সাৰথি তোৰ
উদাস নহ’বি দেখি এন্ধাৰ …

“সু হু সুহু সু হু হু হু হু” ৰাতুলে এক নতুন উদ্যমেৰে সুহুৰিয়াই আগুৱাই গ’ল ষ্টেচনৰ ফালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments