হেঙুল আকাশৰ ৰামধেনু (মৌচুমী বৰি)

অনুৰাগে মাকক বহুত বুজালে, কিন্তু সকলো অথলে গ’ল৷ ওলোটাই মাকেহে তাক ক’লে—“ধন, তই এইবোৰ কথা নুবুজিবি৷ বিয়া বাৰু পাতি সংসাৰ কৰিলেহে যদি অলপ বুজন হৱ”৷ মাকক পতিয়ন নিয়াব নোৱাৰি এটা দীঘল হুমুনিয়াহ পেলালে সি৷ বৌৱেকজনীলৈ তাৰ বেয়া লাগিল৷ দুখ মনেৰে সি মুম্বাইলৈ যাব ওলাল৷ অনুৰাগ মুম্বাইৰ মাল্টি নেশ্যনেল কোম্পানী এটাৰ অভিযন্তা৷
অনুৰাগৰ বিয়া ঠিক হৈছে৷ সি ভালপোৱা ছোৱালী বিৰিণাৰ স’তে অহা বহাগত তাৰ বিয়া৷ বহুত কষ্ট কৰি সি মাক-দেউতাকক মনাব লগা হ’ল৷ সেই কষ্টৰ ফলস্বৰূপেই অৱশেষত বিৰিণাক বোৱাৰী কৰি আনিবলৈ মাক-দেউতাক মান্তি হ’ল৷ বিৰিণা অনুৰাগৰ চহৰৰে ছোৱালী৷

মুম্বাইত গৈ পায়েই ব্যস্ত হৈ পৰিল অনুৰাগ৷ কোম্পানীৰ বছে তাক ইলেকট্ৰিকেল পেনেল এখনৰ ডিজাইন কৰিব দিছে কম্পিউটাৰত৷ এসপ্তাহৰ ভিতৰতে লাগেই বোলে! সেয়ে সি অফিচ-ঘৰ ব্যস্ত হৈ পৰিছে৷ ব্যস্ততাৰ মাজতে বিৰিণাৰ ফোন আহিল৷
: ৰাগ, লেপটপ অন ৰাখিছা নেকি?
: ওঁ, কিয়?
: স্কাইপ অন কৰাচোন! তোমাক চাবৰ মন গৈছে..

অনুৰাগে ইণ্টাৰনেট খুলি স্কাইপ অন কৰি বিৰিণালৈ কল কৰিলে৷ অসমত থকা বিৰিণা অনুৰাগৰ লেপটপস্ক্ৰীণত উজ্জ্বলি উঠিল৷
: তোমাক দেখি মোৰ ভাগৰ আঁতৰিল সোণজনী…এইকেইদিন ইমান কাম…কাম, কাম আৰু কাম… তোমাৰ লগত কথা পাতিবলৈকে সময় পোৱা নাই..
: কামৰ মাজত মোক পাহৰিলে মই কিন্তু বেয়া পাওঁ – বিৰিণাই কৈ উঠিল
: সোণজনী, তুমি মোৰ জান হয়…পাহৰাৰ কথাই নাহে…
: তেন্তে, মোলৈ এইকেইদিন ফোন কৰা নাই কিয়? –বিৰিণাই মুখ ওন্দোলাই কৈ উঠিল
: অস! এতিয়া অভিমান এৰাচোন আৰু কোৱা তোমাৰ কথা৷ – অনুৰাগে মৰমসনা মাতেৰে ক’লে৷
: ৰাগ, আমি দহজনীয়া দল এটাই সিদিনা মাজুলীৰ গাঁও এখনলৈ গৈছিলোঁ, বানপানীত বিধ্বস্ত লোকৰ খবৰ ল’বলৈ৷ লগত লৈ গৈছিলোঁ – চাউল, দালি, চেনি, নিমখ, বিস্কুট, পানীৰ বটল ইত্যাদি ইত্যাদি৷ জানা ৰাগ, ইমান যে পিছ পৰি আছে গাঁওখন! মানুহৰ মনবোৰো অন্ধবিশ্বাসৰ অটল গহ্বৰত জাহ গৈছে৷ গাঁওবাসীয়ে বেমাৰ হ’লে ডাক্তৰৰ কাষলৈ যোৱাৰ সলনি প্ৰথমে বেজৰ ওচৰলৈহে যায়৷ এঘৰ মানুহৰ ঘৰত দেখিছিলোঁ – এজনী মানসিক বাধাগ্ৰস্ত ছোৱালী৷ ঘৰখনৰ মতে তাইক কোনোবাই যাদুমন্ত্ৰ কৰিহে এনে কৰিলে৷ কিয়নো সিহঁতৰ ঘৰৰ মাটিত পুতি থোৱা ৰঙা কাপোৰ আৰু চুলি পোৱা গৈছে বোলে৷ —মানুহবোৰৰ অন্ধবিশ্বাসী চিন্তাধাৰাবোৰ দেখি বৰ দুখ লাগিল ৰাগ৷ আজি এনেধৰণৰ পিছপৰা গাঁওবোৰত বিজ্ঞান মানসিকতাৰ অভিযান চলোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ আৰু কি জানা ৰাগ, কিমান যে ডাইনী হত্যা হৈছে এই গাঁও বোৰত! কথাবোৰ ভাবি দেখি বৰ দুখ লাগিল জানা৷ কিবা এটা কৰিব লাগিব আমি৷ বাৰু ৰাগ, এতিয়া থওঁ দিয়া, মোৰ অলপ কাম আছে৷
: ওমম..থোৱাৰ আগতে মৰম অকনটো কৰি থৈ যোৱা …অনুৰাগে দুষ্টালিভৰা হাঁহিৰে ক’লে৷

বিৰিণাই কম্পিউটাৰ স্ক্ৰীণতে অনুৰাগক চুমা যাচি স্কাইপ অফ কৰিলে৷
অনুৰাগে লেপটপ সামৰি বিছনাত বাগৰ দিলে৷ চকু মুদি বিৰিণাৰ কথা ভাবিলে সি৷ বিৰিণাৰ স্পষ্টবাদিতা তাৰ ভাল লাগে৷ বৰ যুক্তিবাদী তাৰ প্ৰেয়সীজনী! অন্ধবিশ্বাসৰ ঘোৰ বিৰোধী তাই৷ অনুৰাগৰ মনত পৰিল – এবাৰ মাকে জ্যোতিষী এজনক কৈ তাৰ আঙুলিত আঙঠি কেইটামান পিন্ধাই দিছিল৷ বিৰিণাই তাৰ হাতৰ আঙুলিত আঙঠি দেখি হাঁহিত থাকিব নোৱাৰা হৈছিল৷ যেনতেন হাঁহি সামৰি তাই অনুৰাগক কৈছিল – “ৰাগ, তুমি এজন অভিযন্তা আৰু তুমিও গ্ৰহ ৰত্ন বিশ্বাস কৰা! ! এইবোৰ কোনে লগাই জানা ৰাগ—যাৰ আত্মবিশ্বাস অতি দুৰ্বল, যাৰ মনৰ শক্তিৰ ওপৰত সন্দেহ—তেনেলোকেহে এইবোৰ আঙুলিত পিন্ধি ফুৰে৷ এই আঙঠিবোৰে তোমাক খেৰকুটা এডালৰ সমানহে সহায় কৰিব৷ ” – বিৰিণাৰ কথা শুনি সি আঙঠি কেইটা খুলি পেলাইছিল৷ মাকে পিছে অনুৰাগে আঙঠি কেইটা খুলি পেলোৱাত কেইবাদিনলৈ অভিমানত মাতিবলৈ এৰিছিল তাক৷ অনুৰাগৰ মাকলৈ মনত পৰিল৷ অনুৰাগৰ মাকৰ মনটোও অন্ধবিশ্বাসৰ ডাৱৰে আৱৰা৷ মাকৰ অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ সি যে একো কৰিবই পৰা নাই৷ সি মাকক যিমান ভয় কৰে সিমান ভক্তিও কৰে৷ মাকৰ আগত তাৰ সকলো যুক্তি দুৰ্বল হৈ পৰে৷ মাজে মাজে তাৰ নিজকে কাপুৰুষ, ভীৰু যেন অনুভৱ হয়৷ মাকৰ এই অন্ধবিশ্বাসেৰে বলীয়ান মনটো বিৰিণাইহে আঁতৰাব পাৰিব –সি ভাবে৷ সি বিৰিণাক সকলো কথা ক’ব৷ ক’ব – বৌয়েকৰ কথাবোৰ৷

অৱশেষত অনুৰাগৰ ইলেক্ট্ৰিকেল পেনেল ডিজাইনৰ কাম শেষ হ’ল৷ তাৰ কামত বছ বৰ সন্তুষ্ট হ’ল৷ বছৰ সন্তুষ্টিত তাৰ মনটো বৰ ভাল লাগিল তদুপৰি কেইবাদিনৰো ব্যস্ততাৰ বাবে সি অলপ মনটো মুকলি কৰিবৰ মনেৰে কেইদিনমানৰ ছুটি বিচাৰিলে বছৰ পৰা৷ সন্তুষ্ট হৈ থকা বছে আনন্দ মনেৰে তাক ছুটী দিলে৷ ঘৰ পায়েই সি বিৰিণালৈ ফোন কৰিলে৷ পিছদিনা আবেলি নদীৰ পাৰত লগ হোৱাৰ সিদ্ধান্ত ল’লে দুয়ো৷

নদীৰ পাৰৰ সেউজী ঘাঁহনিত বিৰিণা আৰু অনুৰাগ বহিল৷ অনুৰাগে বহাৰ পৰাই এটা সৰু শিলগুটি নদীলৈ বুলি মাৰি পঠিয়ালে৷ শিলগুটিটো পানীত পৰি তৰংগৰ সৃষ্টি হ’ল৷
: তোমাক এটা বৰ দৰকাৰী কথা কব’ আছে বিৰিণা – অনুৰাগে ক’লে৷
: কোৱা আকৌ!
: মোৰ দাদাৰ কথাটোতো তুমি জানাই, কেনেকৈ এক্সিডেণ্টত ঢুকাল! দাদাৰ বিয়াৰ এমাহৰ পিছতেই গাড়ী এক্সিডেণ্ট হৈ দাদা ঢুকাইছিল৷ দাদা ঢুকুৱাত মায়ে বৌকে কুলক্ষনীয়া বুলি ভাবি ললে৷ মায়ে ভাবিলে যে বৌৰ বাবেই দাদা ঢুকাল৷ সেয়ে মায়ে বৌক ঘৰৰ পৰা ওলিয়াই দিব বিচাৰিছিল৷ মই আৰু দেউতাইহে বহুত বুজাই মেলি বৌক আমাৰ ঘৰত ৰাখিলোঁ৷ কিন্তু মাৰ বৌৰ প্ৰতি ধাৰণা আঁতৰ নহ’ল৷ এতিয়াও বৌক কুলক্ষনীয়া বুলিয়েই মায়ে ভাবে৷ সেয়ে আমাৰ বিয়াৰ সময়ত বৌক মাকৰ ঘৰত থাকিবলৈ কৈছে৷ মাৰ মতে শুভ কামত বিধবা মানুহ থকাটো বেয়া৷ মাক মই বুজাইছোঁ কিন্তু মায়ে মোৰ কথা নুশুনে! বৌলৈ বৰ বেয়া লাগিছে৷ – এইবুলি কৈ অনুৰাগে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷
অনুৰাগৰ কথা শুনি বিৰিণা বহু দেৰি মনে মনে ৰল৷ মৌনতা এৰি দৃঢ়তাৰে কৈ উঠিল তাই–
: আমাৰ বিয়াত বৌ থাকিব ৰাগ৷ তুমি চিন্তা নকৰিবা৷ মই এটা কথাহে ভবি আছোঁ ৰাগ—এটা “এন জি অ” খুলাৰ কথা৷ এই এন জি অৰ যোগেৰে আমি অসমৰ পিছপৰা গাঁওবোৰত বিভিন্ন কৰ্মশালা আদি পাতি হাতে-কামে বিজ্ঞান মানসিকতাৰ প্ৰচাৰ চলাম৷ গাঁৱৰ লোকসকলক বিজ্ঞানমুখী কৰি তুলিম৷ তুমি মোক পূৰ্ণ সহায় কৰিব লাগিব৷ আমাৰ বিয়াৰ পিছতেই মই এই কাম আৰম্ভ কৰিম৷ তোমাৰ মা কিমান সলনি হৈ যাব চাই থাকিবা৷ —এইবুলি কৈ বিৰিণাই খিলখিলাই হাঁহিলে৷

অনুৰাগৰ বিৰিণালৈ মৰম লাগিল৷ সি বিৰিণাৰ হাতখন আলফুলে নিজৰ হাতত থলে….হেঙুল আকাশৰ বেলিটোৱে তেতিয়া বিদায় লব ওলাইছিল

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments