হেডছাৰ – চয়ন বৰদলৈ

চাৰে তিনিবছৰীয়া পুৰণি গ্লেমাৰ বাইকখন সদায় শিলিখাজোপাৰ ছাঁত ৰখাৰ দৰে আজিও ৰাখি ত্ৰৈলোক্য বৰুৱা অফিছলৈ সোমাই আহিল৷ গুৱাহাটীত মন্ত্ৰীৰ লগত হোৱা মিটিঙখনৰ পাছত বৰুৱাৰ স্কুলত আজি প্ৰথম দিন৷ স্কুলখনত এক আগেয়ে নোহোৱা ধৰণৰ গোমা গোমা পৰিবেশ৷ ইতিমধ্যে প্ৰাৰ্থনা শেষ হৈছিল৷ চিৰাচৰিতভাৱে জান-নেজানকৈ অদৃষ্টজনক সেৱা এটা কৰি বৰুৱা প্ৰধান শিক্ষকৰ চকীখনত বহিল৷ সুপ্ৰভাত জাতীয় অভিবাদন জনাই সহকাৰী শিক্ষকসকল এজন এজনকৈ তেওঁৰ অফিচত সোমাই কোনোজন ক্লাছলৈ গ’ল, কোনোজন কমন ৰুমলৈ গ’ল৷ কোনেও বৰ বিশেষ কথা নাপাতিলে৷ কেৱল যাওঁতে হিন্দীৰ শিক্ষক ভৱানী উপাধ্যায়ে কৈ গ’ল, “ছাৰ, ইমান ভাবি নাথাকিব এইবোৰ কথা৷ আমি প্ৰত্যেকেই আৰু এই অঞ্চলৰ ৰাইজে আপোনাৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰোঁ৷” —

নাপাহৰে! ! তেৱোঁতো পাহৰিব নোৱাৰে৷ চিৰদিন সুখে-দুঃখে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ কাষলৈ অহা নিৰুজনী মাত্ৰ চাৰিবছৰ থাকিয়েই বহু দূৰলৈ গুছি গৈছিল চিকিৎসাৰ অভাৱত৷ মানুহজনী ফুলি উঠিছিল৷ জিলা চিকিৎসালয়ত কেইদিনমান থকাৰ পাছত চিকিৎসকে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিছিল৷ খৰচ-পাতিৰ বাবে বৰুৱাই তেওঁৰ বন্ধকত থকা দুবিঘা মাটিৰ এবিঘা বিক্ৰীৰ বাবে যো-জা কৰিবলৈ সম্বন্ধীয়া ভায়েক সদানন্দক কৈছিল৷ পইচা যোগাৰ লগে লগেতো নহয়৷ পিছদিনাই ৰাতি নিৰুৱে উশাহ লোৱাত কষ্ট পাইছে বোলোতেই সকলো শেষ হৈ গ’ল৷ তিনিবছৰীয়া উজ্জীৱিতক নিৰুৱে তেওঁৰ হাতত গতাই গৈছিল৷ শ্ৰাদ্ধাদি শেষ কৰি উজ্জীৱিতক মোমায়েকৰ ঘৰত থৈ তেওঁতো এইখন স্কুললৈকে ঘূৰি আহিছিল৷ উজ্জীৱিত আজি ওঠৰ বছৰীয়া হ’ল, মাকক মনত নাই৷ কিন্তুু বৰুৱাৰ বাবে কথাবোৰ যেন কালি-পৰহিৰ কথা৷ নাপাহৰে তেওঁ৷

পৰিচালনা সমিতি আৰু গাৱঁৰ ৰাইজৰ সহযোগত বিধায়কৰ হাতে-ভৰিয়ে ধৰি স্কুলৰ পকা বিল্ডিংটো আনিছিল, কোনোবাই পাহৰিব পাৰিবনে? খুঁটা পোতাৰ দিনা যে সকলোৱে ফুৰ্ত্তিতে মাংসৰে ভাত খাইছিল৷ ছুটীৰ পিছত পকা-মিস্ত্ৰীৰ লগতো সমানে লাগি গৈছিল বৰুৱা৷ মুকলিত পৰি থকা ইটাবোৰৰ কথা ভাবি চাটি-ফুটি হৈছিল ৰাতি৷ সিদিনাখনৰ কথা এইবোৰ৷
সেইদিনা ৰমেনৰ গঁড়ৰ ছালহেন পিঠিখনত বেতেৰে ঢেৰেপ-ঢেৰেপকৈ যে মাৰিছিল, দুখ পাওক বুলিতো মৰা নাছিল, শিক্ষা পাওক বুলি মাৰিছিল৷ ঘূৰি আহোঁতে দুয়োটা চকা পাংচাৰ হোৱা চাইকেলখন শিলগুটিৰ ৰাস্তাত ঠেলি ঠেলি আনিছিল৷ বেমাৰী চাইকেলখন বাতি থাকিবলৈ বৰুৱাই দুই-চাৰিপদ যতন ঘৰতে যোগাৰ কৰি লৈছিল৷ টিউব দুটাত পাম্প ভৰাই পানী থকা চৰিয়াটোত ডুবোৱাত দুয়োটা টিউবৰে ত্ৰিশটাৰো অধিক ফুটাৰে বুৰবুৰণি উঠিছিল৷ হাতত একেবাৰে পইচা পাতি নাছিল সেইকেইদিন৷ গতিকে দুটা নতুন টিউব কিনিব পৰা নাছিল৷ পিছদিনা ঢলপুৱাতে চাৰিডৰা মাটি হাল বাই বোকা দি, মাকে বাঢ়ি দিয়া গৰম ভাতকেইটা লৰালৰিকৈ খাই চৌ-ফলীয়া ৰ’দত তিনি কিল’মিটাৰ দূৰ খোজ কাঢ়ি এইখন স্কুললৈকেতো আহিছিল৷ কাৰোৰে প্ৰতিতো অভিযোগ নাছিল তেওঁৰ৷

নাপাহৰে তেওঁ৷ চৰকাৰী শল্য চিকিৎসক ডা: ৰুবুল শইকীয়াইও নাপাহৰে তেওঁক৷ দুখীয়া ঘৰৰ ল’ৰা ৰুবুলক যে মেট্ৰিক পৰীক্ষাত পিন্ধি যাবলৈ মাৰোৱাৰী মানুহঘৰৰ পৰা এমাহৰ টিউছন ফীজ এডভান্স লৈ ফিতা লগোৱা চেণ্ডেল এযোৰ আনি দিছিল, এইবোৰ কথা সি ডাক্তৰ হ’লেও নাপাহৰে৷ সেয়ে বিহুৱে-সংক্ৰান্তিয়ে ঘৰলৈ আহিলে বৰুৱা ছাৰৰ ভৰি চুই সেৱা এটা নজনোৱাকৈ ডা: শইকীয়া নাযায়৷
অসমীয়াৰ প্ৰবক্তা পল্লৱীয়েও নাপাহৰে৷ চঞ্চল, পঢ়া-শুনাত বিশেষ মন নথকা, কিন্তুু মগজটো থকা পল্লবীক যে দুচাট নিদিলে ঠিকেই নহৈছিল৷ পিচলৈ মেট্ৰিকত চেণ্টাৰৰ টপাৰ হৈছিল৷ নাপাহৰে তাই৷
সৌমিত্ৰ, ব্ৰজেন, অনুৰাগ, শ্যামলী ইহঁত কোনো এটাইও পাহৰিব নোৱাৰে তেওঁক৷
দৈনিক স্কুলত পিটন খোৱা এতিয়াৰ সফল ব্যৱসায়ী ৰমেনেও নাপাহৰে তেওঁক৷ নোৱাৰে পাহৰিব৷

টকাৰ লোভ আছিল জানো তেওঁৰ? টকাৰ প্ৰয়োজন অৱশ্যেই আছিল৷ স্কুলত দৰমহা পাবলৈ লোৱানো কেইদিন হৈছে? সেই সিদ্ধেশ্বৰ শৰ্মাই যে বাগানত গুদাম বাবুৰ চাকৰিৰ প্ৰস্তাৱটো দিছিল, মৰমৰ স্কুলখনৰ খাতিৰতে প্ৰত্যাখ্যান কৰা নাছিলজানো? তাৱৈয়েক যোগানন্দ হাজৰিকাই ডিফুত যোগাৰ কৰা এল.আই.চিৰ চাকৰিটোত স্কুলখনৰ কাৰণেইতো জইন নকৰিলে৷
টকাৰ বাবে কোনোদিন কাৰোৰে ওচৰত সৰু নহ’ল ত্ৰৈলোক্য বৰুৱা৷ তৈলমৰ্দনতো বহু দূৰৰ কথা৷ তেৱোঁতো এখন কলেজত পঢ়িছিল, কলেজখনৰ ছাত্ৰ-সংসদৰ সাধাৰণ সম্পাদক হৈছিল৷ কিন্তুু কোনোদিন ৰাজনীতিৰ পংকিল পথত ভৰি দিয়া নাছিল মন্ত্ৰী, এম.এল.এ হোৱাৰ মানসেৰে৷
আৰু এইবাৰৰ মেট্ৰিকৰ ৰিজাল্টে ইতিমধ্যেই তেওঁক আগেয়ে কোনোদিন নোপোৱা দুঃখ এটা দিছেই৷ সহিবলৈ কষ্ট কৰিবলগীয়া হৈছে৷ কোনোধৰণৰ উপায়েই তেওঁৰ হাতত বাচি থকা নাছিল৷

ক্লান্তি? ? ? ক্লান্তি অলপদিনৰ পৰা অৱশ্যে আহিছে৷ দুটা যুগৰো অধিক কাল বিনা বেতনে কষ্ট কৰাৰ পাছত এক চিৰন্তন নিৰাপদবোধ, সামান্য অৱসাদ তেওঁৰ জীৱনলৈ আহিছে৷ কিন্তুু এই অৱসাদক স্কুলখনৰ প্ৰতি উপেক্ষা বুলিব পাৰি জানো? এই অৱসাদৰ জানো কিবা জগৰ আছে এইবাৰৰ ৰিজাল্টত? প্ৰায় তিনিবছৰৰ পৰাই তেওঁ মধুমেহ, উচ্চ ৰক্তচাপত ভুগি আহিছে৷ নিজৰ দৰৱ-পাতি কেইটা নিয়মিত খাই থাকিবলৈ, বৃদ্ধা মাকৰ চিকিৎসা কৰিবলৈ, উজ্জীৱিতক ‘মানুহ’ হ’বলৈ বুলি আৰম্ভ হোৱা যুঁজখনত তাক সহায় কৰিবলৈ দৰমহাকেইটা নিতান্তই প্ৰয়োজন৷ ইমানদিনে দৰমহাকেইটা দীৰ্ঘ দিন ধৰি বিনা বেতনে মানুহ গঢ়াৰ কমাৰ-শালত কাম কৰাৰ পুৰস্কাৰ বুলি ভাবি আহিছিল বৰুৱাই৷ একেদিনাই তেওঁৰ প্ৰিয় মন্ত্ৰীজনে সেই পুৰস্কাৰক অনুদানৰ শাৰীলৈ নমাই দিলে, বৰ নিদাৰুণতা, বৰ নৃশংসতাৰে৷ ইমান জনা-বুজা মন্ত্ৰীজনে কিয় যে নুবুজিলে যে অন্তৰত সামান্যতমো সঁচা ত্যাগৰ অনুভূতি অবিহনে কোনো মানুহেই পঁছিশ বছৰে বিনা বেতনত চাকৰি কৰিব নোৱাৰে৷

তেওঁক স্কুলৰ পৰা স্বেচ্ছামূলক অৱসৰ ল’বলৈ পৰামৰ্শ দিছে মন্ত্ৰীয়ে৷ যিখন স্কুলৰ প্ৰতি চপৰা ইটাই জন্মলগ্নৰে পৰা তেওঁৰ কষ্টৰ ঘাম বহন কৰি আজিৰ অৱস্থা পাইছে, সেই স্কুলৰ পৰা স্বেচ্ছামূলক অৱসৰ ল’বলৈ পৰামৰ্শ দিছে তেওঁৰ প্ৰিয় মন্ত্ৰী জনেই৷ ই সম্ভৱ হ’ব জানো তেওঁৰ বাবে? ? তাতকৈ জীৱনৰ পৰা অৱসৰ লোৱাই ভাল হ’ব৷
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভবেনে মৰা ঘণ্টাৰ শব্দত ত্ৰৈলোক্য বৰুৱা বাস্তৱলৈ ঘূৰি আহিল৷ অৱসৰ লোৱাটো অসম্ভৱেই৷ আনকি চৰকাৰে তেওঁক নিয়ম-মাফিক অৱসৰ দিয়াৰ পাছতো তেওঁ স্কুলখনলৈ আহি থাকিব লাগিব৷ স্কুলখনেই যে তেওঁৰ জীৱন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments