“হেপাটাইটিছ” (উদ্দীপ তালুকদাৰ, মনোজ মন কলিতা, ধ্ৰুবজ্যোতি শৰ্মা, গীতাৰ্থ বৰদলৈ)

“হেপাটাইটিছ” (উদ্দীপ তালুকদাৰ, মনোজ মন কলিতা, ধ্ৰুবজ্যোতি শৰ্মা, গীতাৰ্থ বৰদলৈ)

 

হেপাটাইটিছ মানে হ’ল যকৃতৰ সংক্ৰমণ (Inflammation)। সংক্ৰমণ মানে যিকোনো কাৰণত যকৃতত হোৱা আঘাটৰ বিপৰীতে শৰীৰে সৃষ্টি কৰা প্ৰতিক্ৰিয়া। অৱশ্যে আঘাট মানে অকল কটা-ছিঙা নহয়, যকৃতৰ কোষত হোৱা যিকোনো ধৰণৰ আঘাট। ভাইৰাছেও কোষক আঘাট কৰি ইনফ্লেমেছন সৃষ্টি কৰিব পাৰে।

কেবাবিধ ভাইৰাছৰ দ্বাৰা হেপাটাইটিছ হ’ব পাৰে। বৰ্তমানলৈ আৱিস্কাৰ হোৱা হেপাটাইটিছ কৰিব পৰা ভাইৰাছ সমূহক এ, বি, চি, ডি, আৰু ই নামদি থোৱা হৈছে। আৰু এবিধ হেপাটাইটিছ আছে যিটোৰ নামেই হৈছে, “হেপাটাইটিছ এ-নহয়, বি-নহয়, চি-নহয়, ডি-নহয়, ই-নহয়”!! এইবিধ হ’ব পাৰে, হেপাটাইটিছ এফ, বা জি বা জিবি ভাইৰাছ চি-ৰদ্বাৰা। ইয়াৰ বাহিৰেও আৰু কিছুমান ভাইৰাছৰপৰা হেপাটাইটিছ হ’ব পাৰে। অৱশ্যে এ,বি,চি,ডি আৰু ই-এইকেইটাই বেছিকৈ হয়।

ইয়াৰে ভিতৰত এ আৰু ই, এই দুয়োটা ভাইৰাছ খোৱা বস্তুৰ যোগেদি দেহৰ ভিতৰলৈ সোমায়। বি,চি,ডি এইকেইটা যায় শৰীৰ-ৰস (body fluid) সম্বলিত বস্তুৰে। কিন্তু খোৱা বস্তুৰে এইকেইটা নাযায়। ইয়াৰে ভিতৰত চি-ভাইৰাছ অকল তেজৰ দ্বাৰাহে এজনৰপৰা আন এজনৰ দেহলৈ যাব পাৰে। চি ভাইৰাছৰ সংক্ৰমণৰ মাধ্যম এইডছৰ দৰেই, যেনে, অসুৰক্ষিত যৌন সম্পৰ্ক, পৰীক্ষা নকৰা ৰক্ত গ্ৰহণ, আনে ব্যৱহাৰ কৰা চিৰিঞ্জৰ ব্যৱহাৰ, কোনো ৰোগীয়ে ব্যৱহৃত সামগ্ৰীৰ ব্যৱহাৰ ইত্যাদি। হেপাটাইটিছ ডি ভাইৰাছ আকৌ সিমান জোৰ-বল থকা বিধৰ নহয়। ই অকলে সুষ্ঠ মানুহ এজনক আক্ৰমণ কৰিব নোৱাৰে। কিন্তু যদি বেলেগ হেপাটাইটিছ ভাইৰাছে আক্ৰমণ কৰি থকা অৱস্থাত ই সোমায়, তেতিয়াহে ই হলা গছ পাই বাগী কুঠাৰ মাৰিবলৈ আৰম্ভ কৰে।

ভাইৰাছ বিধ দেহত সোমোৱাৰ পাছত ইহঁতে যকৃতক কোষত সোমাই লয় আৰু যিটো কোষত থাকে তাকে ধ্বংস কৰিবলৈ আৰম্ভ কৰে। এটা ধ্বংস কৰাৰ লগতে ভাইৰাছবিধে বংশ বৃদ্ধিও কৰে আৰু পোৱালী ভাইৰাছ বিলাকে আকৌ নতুন কোষত বাহ লয় আৰু সেইটোক ধ্বংস কৰে, আকৌ সিহঁতৰ পোৱালীয়ে…. এনেকৈ যকৃতৰ কোষক ভাইৰাছ সমূহে আক্ৰমণ কৰে।

অৱশ্যে ভাইৰাছৰ আক্ৰমণৰ যথোচিত উত্তৰ দিবলৈ আমাৰ দেহত প্ৰতিৰোধ ক্ষমতাই যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু তাকে কৰিবলৈ যাওঁতে জ্বৰ উঠা, কোষবিলাক ফুলি যোৱা ইত্যাদি কেতিয়াবা অতি বেছি হৈ আকৌ অসুবিধা বেছিহে কৰে।

এই যুঁজখনত যদি দেহৰ প্ৰতিৰোধী ক্ষমতা হাৰি যায়, তেন্তে ভাইৰাছৰ বংশ বৃদ্ধ হয় আৰু ভাইৰাছ বিধে হেপাটাইটিছ ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হয়। অৱশ্যে বেছিভাগ ক্ষেত্ৰতে দেহৰ প্ৰতিৰোধী ক্ষমতাই জয় লাভ কৰে, আৰু এনে ক্ষেত্ৰত সামান্য লক্ষণ দেখা দিয়েই হেপাটাইটিছ নিজে নিজে ভাল হৈ যায়। আটাইতকৈ বেছিকৈ হোৱা হেপাটাইটিছ-‘এ’ সাধাৰণতে দেহৰ প্ৰতিৰোধী ক্ষমতাই নিজেই ভাল কৰিব পাৰে। আৰু বেজে তাতে মূৰৰপৰা তললৈ পৰি যোৱা লতা বান্ধি দি বাহ বাহ লয়। অৱশ্যে তাৰ কাৰণে আমিও দেহটোকে নিবিষ্ট মনে ভাইৰাছ ধ্বংসৰ কামত লাগি থাকিবলৈ এৰি দিব লাগে। কষ্টৰ কাম কৰা, খোৱা-বোৱাৰ যত্ন নোলোৱা, বা যকৃতক বেছি কষ্ট দিয়া বস্তু খাই থাকিলে প্ৰতিৰোধী ক্ষমতাই ভালকৈ কাম কৰিব নোৱাৰাৰ ফলত কেতিয়াবা বেমাৰ বাঢ়ি যাব পাৰে।

হেপাটাইটিছ বি আৰু চি-ৰ ক্ষেত্ৰতো এই যুঁজখন হয় যদিও তাৰ ফল সদায় একে নহয়। প্ৰায়েই এই যুঁজখন অমিমাংসিত হৈ থাকি যায়। আৰু প্ৰতিৰোধী ক্ষমতাই ভাইৰাছবিধক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে যদিও একেবাৰে নিৰ্মূল কৰিব নোৱাৰে। সিহঁতে যকৃতৰ কোষৰ ভিতৰতে সোমাই থাকে। কি কিটিপ লগাই সিহঁত বাচি যায়, সেইটো ভাইৰাছ বিশেষজ্ঞসকলৰ গৱেষণাৰ বিষয়। সেয়ে সাধাৰণতে বি আৰু চি-ৰ প্ৰকোপ হ’লে প্ৰথমে সিমান বেছি লক্ষণ নোলায়, ওলালেও সি সাধাৰণতে নিজে নিজেই ভাল হৈ যায়। কিন্তু আগতেই কোৱাৰ দৰে এই দুই বিধ ভাইৰাছে যকৃতত সোমাই থাকি পাছলৈ হানি কৰিব পাৰে।

হেপাটাইটিছ বি আৰু চি-য়ে পাছলৈ যকৃতৰ কোষ নষ্ট কৰি যকৃতটো দুৰ্বল কৰি আন কিছুমান ভয়ানক বেমাৰৰ বাবে সাজু কৰি ৰাখিব পাৰে। অৱশ্যে অকণমান আৰু কথা আছে। মই যদিও ক’লো ৰৈ যোৱা ভাইৰাছে কৰি বুলি, আচলতে অকল ভাইৰাছে নহয়। আমাৰ প্ৰতিৰোধী তন্ত্ৰই ৰৈ যোৱা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন চলাই ৰাখে। এই যুদ্ধৰ বাবে প্ৰতিৰোধী ক্ষমতাই সৃষ্টি কৰা কিছুমান বিশেষ ধৰণৰ ৰসায়নে (এণ্টিব’ডি) যকৃতৰ কোষৰ ক্ষতি কৰে। গতিকে ভাইৰাছ আৰু প্ৰতিৰোধ ব্যৱস্থা দুয়োটাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই আচলতে যকৃতৰ ক্ষতি কৰে। এই ক্ষতিৰ ফলত পাছলৈ চিৰোছিছ (cirrhosis), ক্ৰ’নিক হেপাটাইটিছ, বা যকৃতৰ কৰ্কট ৰোগ সৃষ্টি হ’ব পাৰে। হেপাটাইটিছ এ আৰু ই-ৰ বাবে তাৎক্ষনিক বেমাৰ হয়, আৰু বেছি লক্ষণযুক্ত হয়; আনহাতে বি আৰু চি-য়ে প্ৰথমে সিমান টান ৰোগ কৰিব নোৱাৰে যদিও পাছলৈ এই দুয়োটাই বেছি দিগদাৰী দিব পাৰে।

ভাইৰাছৰ প্ৰথম আক্ৰমনৰ লক্ষণ হিচাপে দেখা দিয়ে জণ্ডিছ (দেহৰ (চকুত আটাইতকৈ বেছি) হালধীয়া বৰণ, প্ৰস্ৰাৱত হালধীয়া বৰণ), ভোক কমি যোৱা, সাধাৰণ দুৰ্বল লগা, কেতিয়াবা পেটৰ বিষ বা ফুলি উঠা, জ্বৰ, গাত মকৰাৰ নিচিনা ৰঙা দাগ, দেহত খজুৱতি, তেজ খমলা বন্ধ হোৱাটো কমি যোৱা ইত্যাদি। চিগাৰেট হোপাসকলে চিগাৰেটটো তিতা অনুভৱ কৰে বাবে হুপিবলৈ কমাই দিয়ে বা বন্ধ কৰি দিয়ে। আটাইকেইটা হেপাটাইটিছতে প্ৰথমে আক্ৰমনত এইখিনি লক্ষণ দেখা দিব পাৰে। অৱশ্যে এ আৰু ই-ৰ ক্ষেত্ৰত এই লক্ষণবিলাক বেছি টান হয়, য’ত বি আৰু চিৰ ক্ষেত্ৰত অতি কম হোৱা বাবে বুকু ডাঠ মানুহবিলাক একোৱেই অনুভৱ নকৰিবও পাৰে।

‘লিভাৰ ফাংচন টেষ্ট’ত সাধাৰণতে কৰা তেজৰ পৰীক্ষাসমূহ হ’ল- ALT (SGPT), AST (SGOT), ALP, GGT, Total Bilirubin আৰু Direct Bilirubin, Serum Albumin আৰু Globulin (A/G), PT/INR আৰু aPTT. হেপাটাইটিছ বুলি সন্দেহ কৰিলে সাধাৰণতে চাৰিটা পৰীক্ষা একাদিক্ৰমে কৰা হয়- HBsAg, IgM anti HBC, IgM anti HAV আৰু Anti HCV.

এ আৰু ই, এইখিনি সময়তে ডাক্তৰৰ ওচৰ পায়হি, আৰু সঠিক পথ্য আৰু আৰামেৰে সাধাৰণতে একেবাৰে ভাল হৈ যায়। কিন্তু বি আৰু চি-য়ে আগতে কোৱাৰ নিচিনাকৈ যকৃততে খুঁটি-পুতি বহি লয় আৰু আৰু পাছলৈ যকৃতৰ অইন ৰোগ সৃষ্টি কৰাত অৰিহনা যোগায়। এই মাজৰ সময়খিনিত সাধাৰণতে এক লক্ষণেই দেখা নিদিয়ে।

অৱশ্যে মাজৰ সময়খিনিত ইহঁতক তেজ পৰীক্ষাৰ দ্বাৰা চি আৰু বি ভাইৰাছৰ সংক্ৰমণ ধৰা পেলোৱাটো সম্ভৱ। ভাইৰাছবিলাক ইমান সৰু যে মেলেৰিয়া বা বেক্টেৰিয়াৰ দৰে মাইক্ৰ’স্কোপৰ তলত ইহঁতক দেখা পোৱাটো অসম্ভৱ। সেয়ে ভাইৰাছ আছে নে নাই চাবলৈ কিছুমান পৰোক্ষ পৰীক্ষাহে কৰা হয়। আগতে উল্লেখ কৰা প্ৰতিৰোধ ব্যৱস্থাৰ কিছুমান ৰসায়নৰ মাত্ৰা নিৰ্ণয় কৰি হেপাটাইটিছ বি আৰু চি থকা নথকাটো নিশ্চিত কৰিব পাৰি। প্ৰয়োজন বোধে যকৃতৰ বায়’পছি লৈও যকৃতৰ কোষৰ ক্ষতিৰ পৰিমাণ বুজ ল’বলগীয়া হ’ব পাৰে।

হেপাটাইটিছ C ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে ৭৫-৮৫% মানুহৰ ক্ৰ’নিক হেপাটাইটিছ হয় যদিও তাৰে ৫-২০%ৰহে বহুবছৰৰ পিছত লিভাৰ চিৰ’চিছ হ’ব পাৰে আৰু ১-৫%হে কৰ্কট বা চিৰ’চিছৰ ফলত মৃত্যুমুখত পৰিব পাৰে।

এ আৰু ই-ৰ দ্বাৰা হোৱা হেপাটাইটিছৰ বাবে আমাৰ ইয়াত এতিয়াও ভাইৰাছ-নাশক ঔষধ ব্যৱহাৰ কৰা নহয়। কাৰণ এই ঔষধৰ দাম যিমান বেছি, তাৰ তুলনাত কিছুদিন সময় দি বেমাৰটোক নিজে নিজে ভাল হৈ যাবলৈ দিয়াটোৱেই বেছি কম খৰচৰ হয়। কিন্তু বি আৰু চি-ৰ বাবে ভাইৰাছনাশক ঔষধৰ প্ৰয়োগ কৰা হয়। কেবাবিধো ঔষধ আছে, সেয়া বিশেষজ্ঞই নিজা বিবেচনা অনুসৰি ব্যৱহাৰ কৰে।

অলপ দ্ব্যৰ্থক হ’ব পাৰে কাৰণ মই আগতে ক’লো যে বি আৰু চিৰ পাছৰ অসুবিধাখিনি অকল ভাইৰাছৰ বাবে নহয়, তাৰ লগত দেহৰ প্ৰতিৰোধী ক্ষমতাও জৰিত। সেয়ে অকল ভাইৰাছখিনি মাৰিলেই হ;ব জানো? কিন্তু ঔষধেৰে ভাইৰাছ কম কৰি পেলালে, প্ৰতিৰোধী ব্যৱ্স্থাৰো কাম কমি যায়, গতিকে যকৃতৰ ক্ষতিৰ পৰিমাণ কমি আহে।

ভাইৰাছবিলাক প্ৰায়েই ভেক্‌চিন প্ৰয়োগ কৰি আগতেই প্ৰতিৰোধ কৰিব পাৰি। ভেক্‌চিন মানে আচলতে সেই ভাইৰাছৰে এটা ৰোগ সৃষ্টি কৰিব নোৱাৰা বিবিধ (variant) সৃষ্টি কৰি দেহত সুমুৱাই দিয়া হয়। ভাইৰাছটো সুমুৱাৰ লগে লগে দেহৰ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হৈ উঠে, আৰু সেই ভাইৰাছৰ প্ৰতি অস্ত্ৰ তৈয়াৰ কৰি দেহত মজুদ ৰাখে। পাছত কেতিয়াবা ভাইৰাছ সোমালেও আগতেই মজুদ হৈ থকা অস্ত্ৰই ভাইৰাছবিধ বঢ়াৰ আগতেই নাশ কৰিব পাৰে।

হেপাটাইটিছ এ-ৰ ভেকচিনে দহ বছৰলৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰে, আৰু বি-ৰ ভাইৰাছে যাৱ-জীৱন। চি-ৰ ভাইৰাছ এতিয়াও ওলোৱা নাই। কিন্তু সোনকালেই ওলোৱাৰ সম্ভাৱনা আছে। অসমৰে সন্তান আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত ডঃ কেশৱ শৰ্ম্মাৰ তত্বাবধানত ২৫ জন বৈজ্ঞানিকে এই কাম কৰি আছে আৰু ইতিমধ্যে ৮০% কাম শেষ হৈছে | ২০১২ ৰ শেষভাগলৈ বা ২০১৩ ৰ প্ৰথমভাগতে তেওঁৰ গৱেষণা শেষ হ’ব বুলি আশা কৰা হৈছে |

চি-ভাইৰাছে তেজৰ লগত যায় বাবে, খুব বেছিকৈ তেজ ল’বলগীয়া মানুহ (কিছুমান ৰোগত মানুহে কিছুদিনৰ অন্তৰে অন্তৰে তেজ লৈ থাকিবলগীয়া হয়) এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। আজিকালি অৱশ্যে তেজ দান কৰাৰ সময়ত চি-ভাইৰাছ নথকাটো নিশ্চিত কৰি লোৱা হয়।

চি-ৰ প্ৰতিৰোধৰ বাবে বেলেগ মানুহৰ তেজৰ সংস্পৰ্শলৈ অহাটো বন্ধ কৰা, তেজ লোৱা বা দিয়াৰ আগতে চি পৰীক্ষা কৰা হৈছে নে নাই নিশ্চিত কৰা, য’ত তেজৰ আদান-প্ৰদান হ’ব পাৰে তেনে ক্ষত্ৰত (যেনে একেটা ছিৰিঞ্জ কেবাজনেও ব্যৱহাৰ কৰা, সংগমৰ সময়ত কণ্ডোমৰ প্ৰয়োগ, অইনৰ টুথ-ব্ৰাছ আদি ব্যৱহাৰ নকৰা, চেলুনত আগেয়ে কাৰোবাৰ দাঢ়ি খুৰোৱা ব্লেড ব্যৱহাৰ নকৰা) সাৱধানতা লোৱাৰ গত্যন্তৰ এতিয়াও নাই।

অৱশ্যে অতি সম্পৰ্তি ভেকচিনৰ বহুল ব্যৱহাৰৰ ওপৰতো কিছুমান প্ৰশ্ন উঠিবলৈ আৰম্ভ কৰিছে। সেইটো পাছলৈ আলোচনা কৰিম। কিন্তু সেই প্ৰশ্ন বহুল (massive/universal) ভেকচিন প্ৰয়োগৰ ওপৰতহে উঠিছৈ। সেই ভয়তে যিসকলে এতিয়াও বি-ৰ ভেকচিন লোৱা নাই, তেওঁলোকে নোলোৱাকৈ নাথাকে যেন।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments