হেপী ইণ্ডিপেণ্ডেন্স ডে! (দিগন্ত কুমাৰ ভট্টাচাৰ্য)


‘মালা বাইদেউ, এয়া আপোনাৰ ছোৱালী? দিল্লীত যে পঢ়ে? ইম্মান মৰমলগা!!’ বৰুৱানীয়ে ছোৱালীজনীৰ দুই কান্ধত ধৰি মুখখন ছোৱালীজনীৰ মুখখনৰ ওচৰলৈ নি একবিশেষ ভংগীমাত এবাৰ তাইৰ ইখন গালৰ কাষত তেওঁৰ গালখন ঘঁহাই বতাহতে চুমা এটিখালে। একেই ধৰণেৰে আনখন গাললৈ মুখখন নিবলৈ লওঁতেই তাইৰ নাকত জোৰেৰে নিজৰ নাকেৰে খুণ্ডা এটা মাৰিলে। তাই অলপ দুখ পালে চাগে, বহুদেৰিলৈ নাকটো পিহি থাকিল। বৰুৱানীয়ে হাঁহিলে লাহেকৈ। বৰুৱাই আনফালে মুখখন ঘূৰালে। বৰুৱানীৰ মতে আজিকালি কালচাৰ্ড মানুহে ছোৱালীক এনেকৈ চুমা খায়। এৱাৰ্ড ফাংচনবোৰত দেখিছে।

মালা বাইদেউ জিলাৰ মহিলা সংঘৰ চেক্ৰেটাৰী, বৰুৱানী প্ৰেচিডেন্ট। মালা বাইদেউকে ধৰি আন মহিলা সকলক মিঠা মিঠা কথাৰে মেনেজ কৰি যোৱাবাৰ কম বয়সতে কেনেকৈ বৰুৱানী প্ৰেচিডেন্ট হ’ল সেয়া তেওঁহে জানে। মালা বাইদেউ আৰু বৰুৱানীৰ বেচ কিছুদেৰি আগন্তুক স্বাধীনতা দিৱসকলৈ আলোচনা চলিল।মাজতে বৰুৱাই চাহ আৰু পাপৰ দি থৈ গ’ল।
মালা বাইদেউহঁত যোৱাৰ পিছত বৰুৱানীয়ে বৰুৱাক ক’লে, ‘কাইলৈ ৰাতিপুৱা ওলাবা, শুৱালকুছি যাম’|
‘শুৱালকুছি?? কিন্তু কিয়? মোৰতো অ’ফিচ আছে’|
‘বাদ দিয়া হে অ’ফিচ..তোমালোকৰ ছাৰেই দেখো বাৰটাৰ আগত নাহে। যোৱাবাৰ সেই নিউজ চেনেলটোৱে দেখুওৱা নাছিল জানো? অকল তুমি আছিলা অ’ফিচত! লগৰ কেইজনীয়ে ঠাট্টায়ে কৰিলে তুমি হেনো সেই তলা খোলা-বন্ধ কৰা চকীদাৰৰ কামটোও কৰা।…এইবাৰ ইণ্ডিপেণ্ডেন্স ডে’ৰ দুখন মিটিঙ এটেণ্ড কৰিব লাগিব। এখন ৰাতিপুৱা আমাৰ কলেজ ফিল্ডৰ ডিষ্ট্ৰিক্ট মিটিংখন … আৰু আনখন আমাৰ মহিলা সংঘৰ অ’ফিচ প্ৰাংগনত হ’ব। মহিলা সংঘৰখনত এম.এল.এ আহিব। লোকেল চেনেলটোৱে লাইভ দেখুৱাব দুয়োখন। এযোৰ কাপোৰ পিন্ধি যাম কেনেকৈ? শুৱালকুছি গৈ ভাল দুযোৰ পাটৰ কাপোৰ ল’ম বুলি ভাবিছোঁ…। ইয়াৰে দোকানত কিনিলে বিৰাট প্ৰ’ব্লেম হয়,জানা| যোৱাবাৰ ২৬ জানুৱাৰীত ডেকানীয়েও মোৰ দৰে একদম চেম কাপোৰ এযোৰ পিন্ধি আহিছিল। কম লাজ পাইছিলোনে? তেওঁ সাধাৰণ মেম্বাৰ হে..মইতোপ্ৰেছিডেন্ট! এইবাৰ ক’নট্ৰাষ্ট কৰি পিন্ধিম..ব্লাউজটো গেৰুৱা..চাদৰখন বগা…।’

‘আজি তুমিয়ে ভাত কেইটামান ৰান্ধা না প্লিজ..’। পত্নীৰ মিঠা মাতষাৰ শুনি বৰুৱাই মনতে হিচাপ এটা কৰিলে তেওঁ কিমানদিন পত্নীৰ হাতৰ ৰন্ধা খোৱা নাই বাৰু! আগতে কাম কৰা ছোৱালী এজনী আছিল। সকলো তায়েই কৰিছিল।যোৱাবছৰ শিশু দিৱসৰ দিনা বৰুৱানীহঁতে ধৰ্ণা এটি উলিয়াইছিল শিশু শ্ৰমিক বন্ধ কৰিবলৈ। সেইদিনা ৰাতি বৰুৱানীয়ে বৰুৱাক ক’লে, ‘হেৰা, আমাৰ এইক আৰু ৰাখিবনোৱাৰিম হে, নহ’লে পিছত দিগদাৰি হ’ব। যি লাগে ময়েই কৰিম দিয়া..।’ বৰুৱাই সেইদিনাই বুজিছিল তেওঁৰ ৰন্ধা-বঢ়া কামটো শিকাৰ সময় সমুপস্থিত।

স্বাধীনতা দিৱসৰ আগৰ এই সময়খিনিত বৰুৱানী ভীষণ ব্যস্ত। সেইবাবেই তেওঁ তেওঁলোকৰ ছয়বছৰীয়া বাবলুক মাকৰ ঘৰলৈ পঠিয়াই দিছে। বৰুৱা পাকঘৰত ব্যস্ত হ’ল।বৰুৱানীয়ে কিবা টেনশ্যনত ফোনটো লৈ ইফালে সিফালে ঘুৰি ফুৰিছে।
‘কি হ’ল হে? তেনেকৈ ঘৰ বিচাৰি নোপোৱা গৰুৰ দৰে ঘুৰি ফুৰিছা যে?’
‘এহ নক’বা আৰু, এই ৰেণুজনী একো কামৰ নহয়। কৈছিলোঁ কেইজনমান আশীবছৰ মানৰ বুঢ়ামানুহ যোগাৰ কৰিবলৈ। পাঁচজনকৈ মুক্তি যুঁজাৰুক সম্বৰ্ধনা জনোৱা হয় আমাৰ লেখিকা সংঘৰ মিটিঙত। প্ৰতিজনকে পঁচিশ হাজাৰকৈ দিয়া হয়। ডিচিয়ে কিবা চৰকাৰী ফাণ্ডৰ পৰা পইচাখিনি উলিয়াই দিয়ে। গাঁৱৰ মানুহ। তেওঁলোকক পাঁচ হাজাৰদিলেই সন্তুষ্ট হৈ যায়। আমাৰো ভাল লাভ এটা হয় আৰু। … এইবাৰ ‘লছ’ খাম যেন লাগিছে। নহ’লে এটা কাম কৰিব লাগিব। তোমাৰ গাঁৱৰ হৰি খুড়াহঁতকে মাতি দিওঁ দিয়া..।’
‘কি ফাল্টু কথা কোৱা হে? তেওঁৰ বয়স সত্তৰৰ ওচৰ চাপিছেহে, স্বাধীনতা সংগ্ৰামী বুলি কেনেকৈ ক’বা..?’
‘একো নহয় হে, কোনেনো বয়সৰ চাৰ্টিফিকেট চাবলৈ যাব?অলপ মাত্ৰ কথা শিকাই বুজাই আনিলে হ’ল। যোৱাবাৰ আকৌ এজনে কওঁতে কওঁতে ইমান বেছিকৈ ক’লে যে শেষত মহাত্মা গান্ধী আৰু তৰুণ গগৈৰ লগত একলগে জেইল খটা বুলি কৈছিল, ভাগ্যে কথাটো কোনেও সিমান মন নকৰিলে।’
বৰুৱাৰ চকু কঁপালত উঠিল। বৰুৱানীয়ে এইবাৰ কেলকুলেটৰ লৈ কিবা হিচাপ কৰাত লাগিল।
‘এইবাৰ স্মৰণিকাখনত ভাল লাভ হ’ব বুজিছা’। বৰুৱা ফুলকবি কটাত ব্যস্ত।
বৰুৱানীয়ে হাঁহি হাঁহি কৈ গ’ল -‘এম.এল.এৰ শুভেচ্ছা বাণী এটা আনিছিলোঁ নহয়, পচিশ হাজাৰ টকা দিলে ছপোৱাৰ কামত লগাবলৈ। ইফালে আমাৰ এচ.পি.ৰ ঘৈণীয়েকে আৰু নতুনকৈ কবিতা লিখা আৰম্ভ কৰিছে। তেওঁৰ কবিতা এটি ফাৰ্ষ্টতে উঠাম – ‘মই কনকলতাৰ দৰে হ’ম’ জাতীয় কবিতা। এচ.পি খুচ। তেওঁ প্ৰেছ এটাৰ লগত কথা পাতিছ পোৱাটো ফ্ৰি কৰি দিলে। ইফালে মাৰোৱাৰীৰ দোকানবোৰৰ এডভাৰ্টাইজমেন্টৰ পইচাবোৰ আছেই। মুঠতে এই স্মৰণিকা উলিওৱাটো বৰ বঢ়িয়া ইনকাম দেই!’ বৰুৱাইএকো নামাতিলে। কেৰাহীত তেল ঢালিছে লাহে লাহে।

স্বাধীনতা দিৱসৰদিনা খুব ৰাতিপুৱাই উঠি বৰুৱানীয়ে ‘জন গন মন’টোৰ ৰিভাইচ এটা দিলে, ২৬ জানুৱাৰীতে লাষ্ট মাতা। ‘কাপোৰযোৰেৰে মোক কেনেকুৱা লাগিছে?’ পুৱাৰপৰা কমেও বিছবাৰ বৰুৱাই পত্নীৰ প্ৰশ্নটোৰ উত্তৰ দিব লগা হ’ল। বৰুৱানী ড্ৰাইভাৰজনক লৈওলাই গ’ল। বৰুৱাই জানে আজি শ্ৰীমতী সন্ধিয়াৰ আগত ঘৰ আহি নাপায়। ফ্ৰিজটো খুলিলে তেওঁ। ফ্ৰিজত আপেল আৰু কল ঠাহ খাই আছে। কালি ফলমূলৰ বেপাৰীটোৱে পাঁচকিলো মান আপেল আৰু কিছু কল ঘৰত দি থৈ গৈছিল। বৰুৱানীহঁতে হ’স্পিটেল আৰু জেলত বিলাবলৈ তেওঁৰ পৰা যথেষ্ট ফলমূল কিনে প্ৰতিবাৰ। তেওঁ কৃতজ্ঞতাৰ চিন হিচাপে অলপ ফলমূল বৰুৱাৰ ঘৰত দিবলৈ নাপাহৰে কেতিয়াও।
ফ্ৰিজৰপৰা ঠাণ্ডাপানীৰ বটলটো উলিয়ালে বৰুৱাই। অ’ফিচলৈ নিয়া বেগটো খুলি হুইস্কীৰ বটলটো উলিয়াই এটা পেগ বনালে। কিমান দিন যে ঘৰত মুকলিকৈ তেওঁ ড্ৰিংকচ লোৱা নাই! চোফাখনত ভৰি উঠাই বহি তেওঁ টিভিটো অ’ন কৰিলে। ভাল চিনেমা এখন বহুদিন চোৱা নাই। তেওঁ ভাল চিনেমাৰ সন্ধানত চেনেলবোৰ সলনি কৰি গৈ থাকিল। ভাত ৰান্ধিবলৈ মন নগ’ল বৰুৱাৰ। বাহিৰৰ পৰা অৰ্ডাৰ দি আনিলে চিকেন বিৰিয়ানী। নিজকে খুব স্বাধীন যেন লাগিল বৰুৱাৰ। কিয় লাগিল, ধৰিব নোৱাৰিলে। এটা সময়ত চোফাখনতে সুখনিদ্ৰাত ঢলি পৰিল তেওঁ।

সন্ধিয়া বৰুৱানী আহিল। মুখত এটি সন্তুষ্টিৰ হাঁহি।
‘খুব ভাল হ’ল জানা দুয়োখন মিটিং…সাতটাৰ নিউজ চাব লাগিব দেই…। এতিয়া মোক একাপ কাঢ়াকৈ চাহ দিয়ানা..প্লিজ!’।
বৰুৱানীয়ে মোবাইলটো উলিয়াই ‘ইণ্ডিপেণ্ডেন্স ডে’ৰ উইছ কৰি তেওঁলৈ অহা মেছেজবোৰৰ ৰিপ্লাই কৰাত লাগিল।
‘ওহ, তোমাক মই উইছ কৰিবলৈ পাহৰিয়ে গৈছিলোঁ নহয়..। হেপী ইণ্ডিপেণ্ডেন্স ডে, ডাৰ্লিং..!’
বৰুৱাই গাখীৰ উলিয়াবলৈ ফ্ৰিজটো খুলিলে। এটা ভেকেটা-ভেকেট গোন্ধ তেওঁৰ নাকতলাগিল। পঁচা আপেলৰ গোন্ধ। ফ্ৰিজত ৰখাৰ পিছতো আপেল কেইটা কিয় পচিবলৈ আৰম্ভ কৰিলে বুজি নাপালে বৰুৱাই।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক