হেপী নিউ ইয়েৰ (ৰঞ্জু শৰ্মা)

চৰকাৰী উচ্চপদস্থ বিষয়া হাজৰিকা চাহাবৰ কার্য্যালয়ৰ এটি ব্যক্তিগত কোঠা। ভিতৰত কার্য্যালয়ৰ বৰমুৰীয়া হাজৰিকাদেৱৰ সতে তেওৰ তলতে এটি সৰু পদৱীত কাম কৰা কর্মচাৰী বৰুৱা…..
“বৰুৱা, আপুনি মোক অকণমান সহায় কৰি দিব লাগিব। আপোনাক আজি অফিচৰ কামৰ পৰা ৰেহাই দিয়া হ’ল। বাকী কাক কি ক’ব লাগে মই চাই ল’ম। আপুনি তাৰ চিন্তা নকৰিব। আজি আপোনাৰ ডিউটি মোৰ বাংলোত বুজিছে”।…… এইবুলি বৰুৱাৰ মুখলৈ চাই হাজৰিকাই এটি অর্থপুর্ণ হাহি মাৰিলে। এনে লাগিল বৰুৱাইও যেন সেই হাহিটোৰ মর্ম অনুধাৱণ কৰিব পাৰিলে। হাজৰিকাদেৱৰ সেইটো পুৰণি হাহি আৰু তেওৰ বাংলোত বৰুৱাৰ ডিউটি লগাতো ও পুৰণি অভ্যাস। বিশেষকৈ এনেকুৱা নিউ ইয়েৰ, খ্রিষ্টমাছ, ভেলেইনটাইন ডে জাতীয় ‘গ্লেমাৰাছ’ দিনসমুহত হাজৰিকাৰ বাংলোত বেচেৰা বৰুৱাবাপুৰ বিশেষ ডিউটি লগাতো খাটাং।

অলপপৰ আগলৈকে কিবা এটা কথাত ভাল লাগি থকা বৰুৱাৰ মুখখন হঠাৎ যেন ফুচকৈ পাম এৰি দিয়া বেলুনটোৰ নিচিনা হল….তথাপি সেহাই সেহাই কোনোমতে গললৈ মাততো আনি কথাতো হাজৰিকাক এবাৰ কৈ চাও বুলি ভাবিলে…
“চাৰ মানে মই আকৌ আচলতে আপোনাৰ ওচৰত বেলেগ এটা কথা লৈহে আহিছিলো। আজি মানে মোক ‘হাফ ডে’ৰ চুটি এটাৰ প্রয়োজন আছিল। ভাৱিছিলো আজি কামৰ প্রেচাৰ ও বেছি নাই আৰু লগতে মোৰ একেবাৰে আর্জেন্ট কাম এটা আছিল…সেইবুলিহে…”…কম বুলি ভাবি থকা আৰু কিছু কথা মুখৰ ভিতৰতে থৈ বৰুৱাই হাজৰিকাৰ মুখলৈ চাই পঠিয়ালে।
“ কি হে বৰুৱা আজি আপোনাৰ ঘৰতো নিউ ইয়েৰৰ পার্টি-চার্টীৰ আয়োজন নেকি?….নে আন কিবা?..ভাল ভাল বৰুৱা ভাল কথা।..মাজে মাজে আপোনালোকেও এনেকুৱা এনজ’য়মেন্টবোৰ কৰিব লাগে।” হাজৰিকাৰ ওঠজুৰিৰ ওপৰেৰে এটি কুটিল বেকা হাহি বাগৰি গল…

“ নাই নাই চাৰ আমাৰনো কি নিউ ইয়েৰ, কি অ’ল্ড ইয়েৰ। আমাৰ বাবে সময় সদায় স্থবিৰ। বছৰৰ মুৰত যিকেইটি দৰমহা বাঢ়ে চাউল দালিৰ বেপাৰীকেইটাই তাতকৈ দুগুণ উলিয়াই লৈ যায়। মাছ মাংসৰ কেইটিলৈ তো চাবলৈকে ভয়। চাৰিচকীয়াৰ কথাটো বাদেই আজিকালি স্কুটাৰ থৈ চাইকেল লৈ আহো অ’ফিচলৈ। নাই চাৰ আমাৰ বাবে ঘন্টা, দিন, মাহ বছৰ ইত্যাদি সময়ৰ কোনো পৰিবর্তন নাই আমাৰ বাবে সময় সদায় সেই একেই।…..অ’ আপোনালোক ডাঙৰ মানুহবোৰৰ কথাবোৰ অৱশ্যে বেলেগ”..।

কথাখিনি প্রায় একে উশাহতে কোৱা বৰুৱাৰ মুখখনলৈ একেথৰে চাই থকা হাজৰিকালৈ চাই বৰুৱাই যেন কিবা এটা অস্বস্তি অনুভৱ কৰিলে। মনে মনে ভাবি থাকিল “এহ অলপ বেছিকৈয়ে কলো নেকি বাৰু? যা ক’লো ক’লো… পকা ঘা খুচৰিলে পুজ ওলাবই..। চৰকাৰেও আকৌ পার্টি কৰা পার্মিটখন তহতসোপাকহে দিছে..। আমাৰ নিচিনা নিছলাবোৰে আকৌ পার্টিৰ বাবে অইনটো বাদেই আজিকালি দালিখিনি কিনা ও টান, তাতে আকৌ সিহতৰ খোছা বিন্ধা কথা নুশুনিবা কি…”।
নকলে নহব বুলি ভাবি এইবাৰ বৰুৱাই হাজৰিকা চাৰক প্রকৃত কথাটো ক’লে। “ মানে চাৰ যোৱামাহত বিয়া দিয়া খুলশালীজনী জোৱাইটোৰ সতে আজি এপাক আমাৰ তালৈ অহাৰ কথা। বিয়াৰ পিছত জোৱাইটো প্রথমবাৰৰ বাবে আহিব যেতিয়া সৰুকৈ যোগাৰ অলপ কৰো বুলিহে সময় অলপ লাগিছিল। সেয়েহে বোলো যদি ‘হাফডে’ এটা পাও অলপ সুবিধা হয়”। আশাসনা চাৱনি এটা লৈ বৰুৱাই হাজৰিকাৰ চকুলৈ চাই পঠিয়ালে।
“হৈ যাব বৰুৱা,,,,,চিন্তা নকৰিব। আজিটো এনেও আপোনাক অফিচৰ কামৰ পৰা ছুটি দিলোৱেই। এতিয়া প্রথমতে আপুনি মোৰ ঘৰলৈ যাওক, বাইদেৱে কি কি কৰিব লাগে আপোনাক সকলো বুজাই ক’ব। আৰু আপুনিটো আমাৰ পুৰণি বন্ধু মানুহ আপোনাক নতুনকৈ বুজাবলগীয়া নাই…বচ বাইদেউৰ কামখিনি কৰি দি আপুনি বাহিৰে বহিৰে ঘৰলৈ গুচি যাব। …এইবোৰ ‘হাফডে’ ‘চাফডে’ এপ্লাই ক’ৰি থকাৰ কি দৰকাৰ। মিলামিচাৰ ভিতৰত সকলোৰে কাম সিজিব লাগে বুজিছে।…যাওক যাওক বৰুৱা আপুনি সোনকালে যাওক। ইতিমধ্যে মিচেছে পাচবাৰমান ফোন কৰিলেই…জানেই নহয় তেও আকৌ আপোনাৰ বাহিৰে এইবোৰত আন কাকোৱেই বিস্বাস নকৰে.. অ বৰুৱা আপোনাকটো আজি চাগে আকৌ মই ল’গ নাপাম….এনিৱে মোৰ ফালৰ পৰা আপোনাক এতিয়াই ‘হেপী নিউ ইয়েৰ’ দেই…”। ..কথাখিনি কৈ হাজৰিকা এখন হাতেৰে ফাইলটো আৰু আনখনেৰে ফোনটো উলিয়াই লৈ কামত ব্যস্ত হৈ পৰিল…..
বিষন্ন মন এটা লৈ বৰুৱা কোঠাৰ পৰা ওলাই আহিল।
…..“তাতকৈ আজি গোটেই দিনটো অ’ফিছৰ কাম ক’ৰা হলেও ঘৰলৈ গৈ আলহী সোধাৰ যোগাৰ কৰিবলৈ সুবিধা হ’লহেতেন।…হাজৰিকাৰ বাংলোৰ কাম মোৰ ভালকৈ জনা আছে। চহৰৰ নামী (বা বেনামী) তথাকথিত ভদ্রলোক সকলৰ পিছদিনা দোকমোকালিলৈ পার্টি চলিব। পার্টিনো কি য’ত সৱ ব্যভিচাৰ।.. চোৱাটো দুৰৈৰ কথা ভাবিবলৈও ভয় লগা ধৰণৰ দৃশ্য কিছুমান অনিচ্ছাস্বত্বেও চাই থাকিবলগীয়া হব….আৰু ৰাতিপুৱা আন্ধাৰে পোহৰে প্রায় বেহুচ ‘ডাঙৰ মানুহ’ সকলক অ’ৰ ত’ৰ পৰা উঠাই আনি নিজৰ নিজৰ ঘৰত থোৱাব লাগিব। চিহ্ যোৱা পাচ ছ’টা বছৰে হাজৰিকাৰ ঘৰৰ সেই বিশেষ পার্টিৰ আয়োজন কৰি কৰি সেই ডাঙৰ মানুহবোৰৰ প্রতি ঘিন লাগি যোৱা হৈছে আৰু…চাল্লা শগুণৰ জাত যতসৱ…..”।
উপায়বিহীন বৰুৱাই কথাবোৰ মনৰ ভিতৰতে ভোৰভোৰালে। এতিয়া হাফ ডেৰ আশা বাদ দি কালি ৰাতিপুৱালৈ যে হাজৰিকাৰ ঘৰত বৰুৱাৰ ডিউটি লাগিল সেইটো ধূৰুপ।….
…………………………………………………………………………………………………………….
চহৰৰ পৰা অকনমান ফালৰি কাটি আহি এটা সৰু চ’ক।…তাৰ পৰা দুটা নে তিনিটা ঘৰ এৰিয়েই বৰুৱাৰ আসাম টাইপৰ সৰু ঘৰটো…।বৰুৱাৰ পত্নী মালতীয়ে খুৱ উদগ্রীৱ হৈ যেন এবাৰ ঘড়ীটোলে এবাৰ বাটটোলে চাই আছে…
“বাবা আকৌ এবাৰ দেউতাৰক ফোন ল’গাই চাচোন।…‘হাফডে’ লৈ আহিম বুলি কোৱা মানুহটোৱে ইমান দেৰী কৰেনে বাৰু?..ফুল ডে অ’ফিচ কৰা হলেও চোন এতিয়ালৈ আহি পাব লাগিছিল..জানো ক’ত আছে?..ফোন ও টোও বন্ধ ক’ৰি থৈছে….আলহী আহি পাবৰে হ’ল এতিয়া। ভাতলৈটো বাদেই এতিয়া চাহলৈও একো এটা যোগাৰ হোৱা নাই। হায় হৰি কি যে কৰো… আহক আজি মানুহটো..আলহীৰ আগতে বিহু দেখুৱাম বাপ্পেকে।”
পুতেক বাবলুৱে বুজি উঠিছে ৰাতিলৈ আজি পুণৰ এক নাটকৰ আখৰা চলিব।..খং, আভিমান,.. আবেগ …অনুযোগ… কৈফিয়ৎ, ইত্যাদি ইত্যাদিৰ কুছ-কাৱাজৰ ফলস্বৰুপে দুদিনমানলৈ সি মাক-দেউতাকৰ মাজত বাক্য আদান-প্রদানৰ মাধ্যম বনিব লাগিব।..আৰু তাৰ পাছত এদিন পুণৰ মাক দেউতাক একেলগে স্কুটাৰত উঠি বজাৰলৈ যাব..। সি জানে সিহতৰ নিচিনা সৰু সৰু মানুহৰ জীৱণ বৃত্তৰ সিমানেই পৰিসৰ..।,…
ঘড়ীয়ে ন’টা বজাৰ সংকেট দিলে। আলহীয়ে ইতিমধ্যে বাবলুৱে চ’কৰ পৰা অনা নিমকী আৰু জীলেপীৰেই চাহ খাই উঠিল। খং আৰু অভিমানতেই নে কান্দি কান্দিয়েই ঠিক ধৰিব পৰা নাই কিন্তু মালতীৰ চকুদুটি আঙঠাহেন ৰঙা। ভনীয়েক আৰু ভনীজোৱায়েক দুয়ো মিলি তেওক পাৰে মানে সান্তনা দিয়াৰ চেষ্টা কৰিছে।..
এনেতে বাহিৰত বৰুৱাৰ ভৰিৰ শব্দ।.. মনত যেন তেওৰ বহুত অংকই খেলি মেলি ক’ৰি আছে।..
“ বজাৰৰ বেগটো যিমান ভৰি আহিব বুলি আশা কৰিছিলো সিমান ভৰি অহা নাই। তথাপি অৱস্থাটো ঠিক নিৰাশাজনকো নহয় । আহোতে আহোতে বজাৰ প্রায় শেষেই।..বেপাৰীৰ ৰোৱা থোৱাৰ পৰা যিমাখিনি বাছি আনিব পাৰি আনিছো।..তাতকৈ বেছি আনিবলৈ তেওৰ উপায় ক’ত। অলপ সময়ৰ বাবে মহন্ত হাজৰিকাৰ ঘৰত থাকি দিম বুলি কৈ সহায় নকৰা হলে এই সময়তো তেও ওলাই অহাতো অসম্ভৱ আছিল। কোনোমতে ঘৰৰ যোগাৰটো কৰি দি হাজৰিকাই গম পোৱাৰ আগতে তেওৰ বাংলো ওলাব পাৰিলেই ৰক্ষা। অৱশ্যে গম পাবলৈ হুচ থাকিবওতো লাগিব বৰচাহাব সকলৰ।”….
কথাবোৰ ভাবি ভাবি বেগটো লৈ পিছফালৰ বাৰান্দাইদি কোৱাকুবিকৈ বৰুৱা পাকঘৰলৈ সোমাল।..তেও জানে মালতীৰ পৰা এতিয়া কোনোধৰণৰ সহযোগিতাৰ আশা কৰি লাভ নাই। মাত্র এটাই আশা আলহীৰ আগত আজি ভগৱানে নাকটো বচাই নিলেই হ’ল। সেয়েহে পুতেক বাবলুক মাতি আনি বৰুৱাই লাহেকৈ কলে ..
..“বাবা ইয়াত পাছলি দুটামান আৰু ব্রইলাৰৰ মাংস অক’নমান আছে, মাৰক সদ্যহতে এইয়াৰে আৰম্ভ কৰিবলৈ ক’বি। মিঠাই কেইটা ভাত খোৱাৰ পিছতো খাব পাৰিব। মাছ গোটেই বজাৰখনতেই শেষ। তথাপি মই এঠাইত যোগাৰ লগাই থৈ আহিছো। ..এতিয়া আলহীৰ ভাগ্যই ভাগ্য আৰু…।”
এইবুলি চাইকেলখন লৈ বেগাবেগীকৈ বৰুৱা এফালে ওলাই গ’ল….
………………………………………………………………………………………………..
চ’কটোৰ পৰা কেইকিলোমিটাৰমান ভিতৰলৈ সোমাই এখন সৰু গাও। তাৰে এটা আধামৰা জুপুৰীৰ ভিতৰফালে কেৰ’চিন চাকি এটা ঢিপঢিপাই জ্বলি আছে।…চাকিটোৰ চাৰিওফালে তিনিটা পেন্দুকণা ল’ৰা-ছোৱালী । সিহতে ও জানে চাৰিওফালে মানুহবোৰে আজি নিউ ইয়েৰৰ পার্টি কৰিছে। পার্টীত মানুহে কি কি খায়, কি কি কৰে সকলোবিলাক সিহতে নুবুজে…কিন্তু এটা কথা ভাৱি ভাৱি সিহত আটাইকেইটিয়ে কিৰিলি পাৰি আছে।…আজি সিহতৰ বাবাক ঘাটৰ পৰা মাছ বেছি আহিলে সিহতেও পার্টি কৰিব পাৰিব।… ৰাতিপুৱা বাবাক নৈলে যাবলৈ ওলোৱাত সিহতে মাকক কথাখিনি ক’ই থকা শুনিছিল …..

“হেৰি আজি অলপ গোটাকৈ মাছ ঘৰলৈকেও বচাই আনিবচোন।,,,কিমানদিনযে হ’ল ইহতে মাছপুঠি এটা খাই পোৱা নাই।…দিনটো দেহা মাৰি মাৰি যিকন মাছ পায় আটাইখিনিকে মহলদাৰে সাঙুৰি লৈ যায়। কেতিয়াবা ৰৈ যোৱা পেটু-পেটালীকণৰ বাহিৰে বাকী মাছৰ সোৱাদ পাহৰাৰ নিচিনাই হল। ..আজি বছৰটোৰ শেষ দিন। চাৰিওফালে ইমান হৈ হাল্লা কৰি মানুহে মাছে মঙহে খাব।…ল’ৰা-ছোৱালীকেইটিৰ পাতত অকনমান মাছ দিব পৰিলে মোৰ মনটো ও অলপ শাত পৰিব ”..।

সিদিনা কনপাইয়ে বহু কষ্ট কৰি সৰু ৰৌ পোৱালী এটি মহলদাৰৰ নজৰৰ পৰা কোনোমতে বচাই ঘৰলৈকে আনিছে। কনপাইৰ ঘৈনীয়েকে দিনতে পালেং এমুঠি গোটাই কুটি বাচি তৈয়াৰ কৰি থৈছে যাতে ৰাতি গিৰীয়েক অহা মাত্রকে মাছখিনি বনাই দিব পাৰে। বেচেৰা ল’ৰা-ছোৱালী কেইটিয়ে বৰ আশা কৰি আছে। মাছখিনি ধুই থকা ঘৈনীয়েকৰ পিনে চাই চাই কনপাইয়ে কৈ গ’ল ..“ মাছটো সিহতকেইটাই ভাল পোৱা গতেই বনাই পেলা..। কোনোমতেহে মাছটো সৰকাব পাৰিছো দেও মহলদাৰৰ নজৰৰ পৰা…..কোনোৱে বোলো পঞ্চাছ টকা, কোনোৱে বোলো এশ টকা বেছিকৈ দিয়ে, মই বোলো নাই আজি এইটো মই নেবেচো মানে নেবেচো। হ’ল বাৰু অলপ লোকচান। এহ হ’ওকদে কালি অলপ সোনকালে নৈলে যাম। অলপ বেলেগ ফাললৈ পানী খেদেলিলে এটা মাছ বেছিকৈ পাম”…। কনপাইৰ ঘৈনীয়েকৰ মুখত এটি সন্তুষ্টিৰ হাহি।

এনেতে কনপাইৰ ঘৰৰ চোতাললৈ বৰুৱা সোমাই আহিল হেফাই ফোপাই।..কনপাই আৰু ঘৈনীয়েক দুয়ো বহি থকাৰ পৰা চকখাই উঠিল। ঘৈনীয়েকৰ হাতত তেতিয়াও আধাধোৱা মাছৰ কাহীখন।….
“কনপাই, মই এটা সাংঘাটিক বিপদত পৰি এই ৰাতিখন ঠান্ডাই ঠান্ডাই অ’তদুৰ চাইকেল চলাই তোৰ ঘৰ ওলাইছো। আজি তই নবচালে মোক বচাওতা নাই ও।”….. এইবুলি বৰুৱাই প্রায় হাতজোৰ কৰি কনপাইৰ সন্মুখত ঠিয় দি থাকিল। ঘটনাৰ এনেহেন আকস্মিকতাত কনপাই আৰু ঘৈনীয়েকৰ যেন থৰকাছুটি হেৰোৱাৰ উপক্রম হ’ল।
কনপাই য়ে কি হ’ল বুলি সুধিবলৈ মুখ মেলিব ধৰোতেই বৰুৱাই আকৌ আৰম্ভ কৰিলে …..“ ঘৰলৈ হঠাৎ আলহী আহিছে, তাকো ন-জোৱাই প্রথমবাৰৰ বাবে আহিছে। মোৰ আকৌ আজি অফিছৰ পৰা আহোতে অলপ পলম হ’ল। বজাৰ গোটেইখন ঘুৰি চলাথ কৰিলো। পিছে আজি আৰু ক’ত কি পাৱ। সকলোৰে বহা উদঙ। পুঠি খলিহনা এটাও কতো নাই। এনেতে তোৰ লগৰ কেৰপাক লগ পালো। সি হে ক’লে বোলো তোৰ ওচৰত হেনো মাছ এটা আছে। সেইটোকে আশা ক’ৰি এই ৰাতিখন ধপলিয়াই আহিছো জান’ কনপাই।…আজি তোক যি দাম লাগে তাকে দিম..দুগুণ তিনিগুন যি লাগে ৰাখ, প্রয়োজন হলে মুৰটো আৰু ফিছাডোখৰো তোলৈ ৰাখি থ’, মই তথাপিও তোক পুৰা পইছা দিবলৈ সাজু। মোক মাথো মাছটো দে। নহলে আজি মোৰ নাকটো কটা গ’ল আৰু কনপাই”..। মুখত কৰুণ অনুনয়ৰ চাৱনি এটা লৈ বৰুৱা কনপাইৰ মুখলৈ চাই ৰ’ল।

কনপাইৰ কি কৰো কি নকৰো অৱস্থা… উপায়হীন হৈ সি ঘৈনীয়েকলৈ চালে। ঘৈনীয়েকে লগে লগে ভিতৰৰ পৰা প’লিথিন এটা আনি, মুৰডোখৰ নিজলৈ ৰাখি বাকীখিনি মাছ ভালকৈ বান্ধি বৰুৱাৰ হাতত গুজি দিলে।…বৰুৱাৰ বুকুলৈ যেন তেতিয়াহে জীৱটো ঘুৰি আহিল।..

“কনপাই এতিয়া এইখিনিকে ল’ কালিলৈ তোৰ বাকীখিনি পইছা দি আহিম। ভাই আজি তই ভাল বচালি দেই। কি বুলি যে তোক ধন্যবাদ দিম মই ভাবি পোৱা নাই। মাছখিনিযে পালো আজি আলহীৰে ভাগ্য যেন পাইছো।…. বাৰু এতিয়া বেগেতে যাব লাগে। অ’ কনপাই তহতলৈও ‘হেপী নিউ ইয়েৰ’ থাকিল দেই ”….। এইবুলি বৰুৱা তীব্রবেগে চাইকেল চলাই ঘৰমুৱা হল।

মুৰটোৰ সতে কাহীখন হাতত লৈ কনপাই আৰু ঘৈনিয়েক দুয়ো একেথৰে বৰুৱা যোৱাৰ পিনে চাই কিছুপৰ থিয় হৈ থাকিল..। বতাহত বহু দুৰৈৰ পৰা উচ্চ স্বৰত বাজি থকা গান-বাজনাৰ লগতে হৈ হাল্লা কিছুমান ভাহি আহিছে….ক’ৰবাত চাগে নিউ ইয়েৰৰ পার্টী চলিছে পুৰাদমে…। নিশা বাঢ়ি অহাৰ লগে লগে সেই চিঞৰ বাখৰবোৰ ও কোলাহল হৈ বাঢ়ি আহিব..। অলপপৰ পিছত কনপাইৰ ঘৈনীয়েক ভিতৰলৈ সোমাই গ’ল।.. বোধহয় শাকখিনিৰ লগত মাছৰ মুৰটোৰ কি বনাব তাৰেই চিন্তা কৰিব ।….
……………………………………………………………
হাজৰিকাৰ ঘৰত নিউ ইয়েৰ পার্টী পুৰাদমে চলি আছে…আহিবলগীয়া আলহীসকলো ইতিমধ্যে আহি পাইছে।…দেশী বিদেশী পানীয়ৰ লগত বিধে বিধে থকা মাছ মঙহেৰে শীতৰ ৰাতিটো লাহে লাহে উমাল হৈ আহিছে।… ৰাতি দোভাগলৈ পার্টিটো আৰু অলপ বেছি জমি আহিব।….লাহে লাহে মানুহবোৰেও এখন এখনকৈ ভদ্রলোকৰ মুখাবোৰ খুলি খুলি নিজৰ প্রকৃত স্বৰুপবোৰ দাঙি ধৰা আৰম্ভ কৰিব..। পিছে কোনো কথা নাই তেতিয়ালৈকে বৰুৱা আহি পাই যাব আৰু বেলি ধলফাট দিও কি নিদিওতেই তেওলোকক চম্ভালি লৈ আলফুলে নিজৰ নিজৰ বাংলোবোৰত থৈ আহিবগৈ…..মুঠতে নিউ ইয়েৰটো হেপী হব’ই লাগিব…..।

পাতল কুৱলী ফালি চাইকেলখন চলাই চলাই বৰুৱা ঘৰলৈ আহি আছে..। চকুৱে মুখে যেন এক পৰম সন্তুষ্টিৰ (নে বিজয়ৰ)হাহি বৈ পৰিছে।….পলমকৈ হলেও তেও ঘৈনীয়েকক আটাইকেইটি বস্তু যোগাৰ কৰি দিব পাৰিলে।..হব, হাজৰিকা চাৰে কোৱাৰ নিচিনাকৈ বৰুৱাৰ মতেও নিউ ইয়েৰটো হেপীয়েই হব যেন লাগিছে।…

মনটো অলপ সেমেকা যদিও কনপাইৰ ঘৈনীয়েকে আজি মাছৰ মুৰটোৰ সতে শাকৰ জোলখন খুব ধুনীয়াকৈ ৰান্ধিছে। লগত পেটুভাজিখিনিতো আছেই। তাতে মাছটোৰ দামো পালে দুগুন.. থাওক, ল’ৰা ছোৱালী কেইটাই পিছে পৰেও কেতিয়াবা মাছ খাব পাৰিব…। মুঠতে বৰুৱাই কোৱাৰ নিচিনাকৈ সিহতৰ বাবেও নিউ ইয়েৰটো হেপীয়েই হব চাগে..।
হেপীনেছৰ সংজ্ঞা, সমীকৰণ পৃথক হ’ব পাৰে, উৎস পৃথক হ’ব পাৰে ,প্রয়োজনীয়তাত পার্থক্য থাকিব পাৰে কিন্তু আমাৰ সকলোৰে মতে এইবাৰ নিউ ইয়েৰটো হেপী হেপী হ’ব’ই…।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments