হেমন্তত বসন্তৰ গান — বৰ্ণালী পাঠক

ৰান্ধনিশালৰ পৰা অহা পঠা মাংসৰ জোলৰ ফুৰফুৰীয়া গোন্ধ এটা ভাঁহি ফুৰিছে বগা কাপোৰেৰে সজোৱা ৰভাতলীত।
ৰন্ধা-বঢ়া প্ৰায় শেষ হৈছেই, অকল ফ্ৰাইখিনিহে বাকী আছে। গৰমে গৰমে দিবলৈ মন মুখ্য ৰান্ধনিৰ। মৃতকৰ ভাতসাঁজ দিলেই ভোজৰ প্ৰথম বেটছ খাবলৈ বহাবই আৰু।
কোনোবাই নীলিমক সুধিছে মৃতকৰ খোৱা বস্তু ৰেডী হ’লনে। নীলিমে আহি পত্নী গৰিমাক সুধিছে।
গৰিমাই কৰি থকা কামটো বাদ দি পাগঘৰলৈ বাট বুলিছে। তাতেই ৰান্ধি আছে ৰূপালীয়ে মৃতকৰ কাৰণে ভাতসাঁজ।
পাগঘৰৰ দুৱাৰমুখত ৰৈ ৰ লাগি চাই ৰ’ল গৰিমাই শাহুৱেক ৰূপালীলৈ।
উকা কপালখনেৰে ইমান যে বেলেগ লাগিছে এইকেইদিন মানুহজনীক। শেঁতা পৰা মুখ, সজল চকুত ভাৱলেশহীন দৃষ্টি।
কপালৰ বেলিটি হেৰুৱাই যোৱাৰে পৰা মানুহজনীয়ে ভালকৈ খোৱা-লোৱাও কৰা নাই। কথাও খুব কম কৈছে। অৱশ্যে বেছি কথা নকয়েই তেওঁ আগৰেই পৰা। কপালৰ বেলিটিৰ লগতে যেন নিজৰ আকাশখনেই হেৰুৱাই পেলাইছে মানুহগৰাকীয়ে।
এই কেইদিনতে দুৰ্বলো হৈছে তেওঁ। সেয়ে মৃতকৰ ভাতসাঁজ গৰিমাইয়ে ৰান্ধিম বুলি গা পাতি ল’ব খুজিছিল। কিন্তু শাহুৱেকে বৰকৈ আগ্ৰহ কৰা বাবে জোৰ নকৰিলে। নীলিমেও মাকৰ ইচ্ছাক মানা নকৰিলে।
গৰিমাইও বুজি পাইছে শাহুৱেকৰ মনৰ ভাৱ। ইমানদিন যত্ন লৈ অহা মানুহজনৰ শেষ সাঁজ ভাত কেনেকৈ বেলেগক বনাবলৈ দায়িত্ব দিব?
গৰিমাই যিমানদিন দেখিছে, ৰূপালী সদায় ঘৰখন আৰু গিৰিয়েক বৰুৱাৰ কাৰণেই ব্যস্ত। বৰুৱাৰ প্ৰতিটো কথা বেদবাক্য বুলি মানে ৰূপালীয়ে। বৰুৱাৰ প্ৰতিটো প্ৰয়োজনেই সুচাৰুকৈ যতনাই যায়।
আজিও ঢেঁকীয়া শাকত নেমু চেপি ভাঙোন মাছৰ জোল, তিলেৰে কাৱৈ মাছ, পাৰৰ জালুকীয়া আঞ্জাখন বৰ যতনকৈ ৰান্ধি থৈছে ৰূপালীয়ে। সদ্যহতে তিতা কেৰেলা নহৰু ফুটাই মচমচীয়াকৈ ভাজি আছে।
মানুহজনৰ বৰ পছন্দৰ বস্তু এইবোৰ। সেয়ে ৰূপালীয়ে এইখিনি নিজেই যতনকৈ বৰুৱাই ভাল পোৱা ধৰণে বনাবলৈ গা পাতি লৈছে। ৰূপালীতকৈ বেছি ভালকৈ কোনে জানিব যাদৱ বৰুৱাৰ পছন্দ?
গোটেই জীৱনটো বৰুৱাৰ পছন্দ-অপছন্দৰ হিচাপ কৰোঁতেই গ’ল ৰূপালীৰ। আজি তেওঁৰ বাবে অন্তিম সাঁজটোও অশ্ৰুসিক্ত নয়নেৰে হ’লেও পৰম আগ্ৰহেৰে ৰান্ধিছে।
দুসপ্তাহ হ’ল আজি যাদৱ বৰুৱাই এই সংসাৰ এৰি যোৱাৰ। বহুদিন ধৰি শ্বাস-নিশ্বাসৰ বেমাৰত ভুগী আছিল। বয়সো বহুত হ’ল। হস্পিটালত দুৰাতি থাকি যোৱা দহতাৰিখে গ’লগৈ তেওঁ।
তেওঁৰেই আজি মৎস্যস্পৰ্শ।
শ্ৰাদ্ধ-ভোজত একো কৃপণালি কৰা নাই পুতেক নীলিম আৰু বোৱাৰী গৰিমাই। সিহঁত দুয়ো চাকৰিসূত্ৰে মুম্বাইৰ বাসিন্দা। দেউতাকৰ গা বেয়া বুলি ছুটী লৈ আহিছিল, এতিয়া ছুটী বঢ়াই লৈছে। এমহীয়া সকামৰ পিছতহে ঘূৰি যাব দুয়ো।
ভোজভাত খাই আজৰি হোৱালৈ আবেলি পাৰেই হ’ল। নিকট আত্মীয়বোৰে চাহৰ জুতি লৈ ঘৰুৱা কথাৰ মহলা মাৰিছে। ৰূপালী এতিয়া কেনেকৈ অকলে থাকিব সেই কথাটোৱে প্ৰাধান্য পাইছে আলোচনাত।
হয়ো অৱশ্যে…এই প্ৰকাণ্ড ঘৰখনত এতিয়া একেবাৰে অকলশৰীয়া হ’ব ৰূপালী।
যাদৱ বৰুৱা আৰু ৰূপালীৰ ল’ৰা-ছোৱালী এহাল। বয়সত ডাঙৰ ৰশ্মিৰ বিয়া হোৱা দহবছৰেই হ’ল। এহাল ল’ৰাৰে তাইৰ পূৰ্ণ সংসাৰ, কিন্তু গিৰিয়েকৰ চাকৰিসূত্ৰে সিহঁত দুলীয়াজানত থাকে। জোঁৱায়েক গৌৰৱ অইলৰ ইঞ্জিনিয়াৰ। ৰশ্মিহঁতো ঘূৰি যাবগৈ কাইলৈয়ে। গৌৰৱৰো ছুটী নাই, তাতে ল’ৰা দুটাৰ পৰা ৰশ্মিয়ে আহৰিয়ে নাপায়। শ্ৰাদ্ধৰ কামবোৰতো মন থাকিও ভাইবোৱাৰীয়েকক বেছি লাগি দিব পৰা নাই। ডাঙৰটো অলপ বুজা হৈছে যদিও সৰুটোৱে বৰকৈ মাকক বিচাৰি আমনি কৰি থাকে।
বাকী থাকিল নীলিম, তাৰ আৰু গৰিমাৰো বিয়া হোৱা দুবছৰ হ’ল।
গৰিমা আৰু নীলিমৰ প্ৰেমবিবাহ, একে কলেজতে পঢ়া দুয়ো। প্ৰেমবিবাহ যদিও বহুত ভয়ে ভয়ে এইখন ঘৰত ভৰি থৈছিল গৰিমাই।
কাৰণ?
কাৰণ যাদৱ বৰুৱা।
ওহো…বেয়া বা অত্যাচাৰী মানুহ নাছিল যাদৱ বৰুৱা। কিন্তু বৰ অনুশাসন মানি চলিছিল যাদৱ বৰুৱা গোটেই জীৱন।
আত্মীয় তথা চিনাকি সকলোৰে চৰ্চাৰ বিষয় আছিল যাদৱ বৰুৱাৰ ঘৰৰ অনুশাসন।
অনুশাসন মানে ভয়ানক অনুশাসন। পুৱা পাঁচবজাত উঠিবই লাগিব সকলো। পুৱাৰ চাহ চাৰে পাঁচবজাত আৰু ব্ৰেকফাষ্ট আঠ বজাত সকলোৱে একেলগেই খাবই লাগিব। কিবা কাৰণত কোনোবা পলম হ’লে পিছত আৰু গেছ জ্বলোৱাৰ নিয়ম নাই।
ঠিক তেনেদৰেই বাকী খোৱাবোৰৰো সময় বন্ধা থাকে। কাৰো কাৰণে নিয়মৰ হেৰফেৰ নহয় বৰুৱাৰ ঘৰত। চিনাকি সকলোৱে কথাটো জানে বাবেই আলহী-অতিথিও খুব কম আহে বৰুৱাৰ ঘৰত।
অকল খোৱা বুলিয়েই নহয়, প্ৰতিটো কথাতে নিয়ম মানি চলিছিল বৰুৱাই আৰু বাকীবোৰে বৰুৱাক। অলপ খেলিমেলি হ’লেই খঙতে টিঙিৰিতুলা হৈ পৰিছিল বৰুৱা।
ৰাতি দহ বজাৰ পিছত লাইট জ্বলি থকা কোনেও আজিলৈ দেখা নাই বৰুৱাৰ ঘৰত।
সেয়ে বুকু কঁপিছিল গৰিমাৰ, নীলিমৰ মুখত বিয়াৰ আগতেই কথাবোৰ শুনি। অৱশ্যে বিয়াৰ পিছত বেছিদিন থাকিব লগীয়া নহ’ল দুয়ো ঘৰত। বিয়াৰ এসপ্তাহ পিছতে দুয়ো মুম্বাইলৈ গুচি গৈছিল। ইচ্ছা কৰিয়েই নীলিমে বেছিদিনৰ ছুটী লোৱা নাছিল। সি আৰু বায়েকে হিটলাৰ নাম দিয়াৰ দেউতাকৰ অনুশাসনৰ তলত গৰিমাক বেছিদিন ৰখাৰ তাৰ অলপো ইচ্ছা নাছিল।
পূজাই-বিহুৱে আহে দুয়ো, দুদিনমান থাকি আকৌ উভতি যায়। এইবাৰহে বহুত দিন থাকি পাইছে গৰিমাই।
ঘৰখনৰ আওভাও ভালকৈ বুজাই হোৱা নহ’ল গৰিমাৰ যদিও বিয়া হোৱা দুবছৰ হ’ল। তথাপিও যিমান পাৰে কামবোৰ নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰি গৈছে।
আত্মীয়-কুটুম্বৰে ভৰি থকা ঘৰখন ভোজৰ পিছদিনাই খালী হ’ল।
ৰশ্মিহতো পুৱাই দুলীয়াজানলৈ ঘূৰি গ’ল। বাকী অঙহী-বঙহীবোৰো নিজৰ নিজৰ ঘৰলৈ উভতিল।
প্ৰকাণ্ড ঘৰখনত এতিয়া মাথোঁ ৰূপালী, নীলিম আৰু গৰিমা।
ৰাতি বিছনাখনত উঠি ভাগৰুৱা দেহাটো এৰি দিলে ৰূপালীয়ে। আজিহে খালী খালী লাগিছে ৰুমটো। যোৱা দুসপ্তাহে ৰশ্মিৰ ডাঙৰ ল’ৰা পিকু শুইছিল তেওঁৰ লগত। আজি সিহঁত গুচি যোৱাৰ পিছত বৰ খালী খালী লাগিছে ৰুমটো। ভাগৰতো টোপনি অহা নাই ৰূপালীৰ। ৰুমতে সজাই থোৱা যাদৱ বৰুৱাৰ ফটোখনলৈ চাই ৰ’ল তাই।
কিমান নো বয়স আছিল বৰুৱালৈ বিয়া সোমাই আহোঁতে? ওঠৰ বছৰ ভৰি ঊনৈশত সোমাইছিল হে!
হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট নোলাওতেই বিয়া ঠিক কৰিলে দেউতাকে, তাইতকৈ ঊনৈশ বছৰে ডাঙৰ বৰুৱাৰ লগত। তাইক এবাৰ সোধাও নাছিল ইচ্ছা-অনিচ্ছাৰ কথা।
পঢ়িবলৈ মন থকা সত্ত্বেও উপায় নাপাই বিয়াত বহিছিল তাই। দেউতাকৰ আদেশ অমান্য কৰাৰ সাহস নাছিল ৰূপালীৰ।
বিয়াৰ পিছতো বৰুৱাক দেউতাকৰ অন্য এটা ৰূপতহে পালে যেন। ইমান বছৰে একেলগে থাকিও বৰুৱাক স্বামীতকৈ বেছি অভিভাৱক যেন হে লাগিল ৰূপালীৰ।
না মৰমৰ বৰষুণ না অৱহেলা…একোৱেতো নিদিলে বৰুৱাই ৰূপালীক।
তেনেকৈয়ে আজি চৌত্ৰিশ বছৰ পাৰ কৰি দিলে। আৰু আজি ৰূপালী যেন অভিভাৱকহীন হৈ পৰিল।
টোপনি অহা নাই কোনোমতে, ৰুমতে খোজকাঢ়িছে ৰূপালীয়ে এন্ধাৰতে। ইমান ৰাতিলৈ ৰাতি লাইট জ্বলাই ৰখাৰ নিয়ম যে নাই এইখন ঘৰত! টোপনি নাহিলেও দহ বজাত বিছনাত উঠিয়েই কটাই দিলে ইমান বছৰ।
বিয়াৰ পিছতেই এবাৰ ৰাতি টিভিত ৰাজেশ খান্নাৰ চিনেমা চাই থাকোঁতে দেৰি হোৱাই বৰুৱাই যি তৰ্জন-গৰ্জন দিছিল…আজিও পাহৰা নাই ৰূপালীয়ে।
ৰাতি গাৰু তিয়াই উচুপিছিল তাই সেইদিনা। কাষতে নাক বজাই শুই পৰিছিল বৰুৱাই একো এষাৰ নোকোৱাকৈ।
ৰাজেশ খান্নাৰ চিনেমা চাই ভাল পোৱা ৰূপালীয়ে তাৰ পিছত আজিলৈ নিজৰ ইচ্ছামতে চিনেমা চাই পোৱা নাই। এইখন ঘৰ টিভিত কি প্ৰোগ্ৰেম চাব সেয়াও বৰুৱাইহে ঠিক কৰিছিল। বৰুৱাৰ ওপৰত কোনেও মাত মাতি পোৱা নাই আজিলৈ।
তেনেকৈয়ে চলিলে ইমান বছৰ ৰূপালী।
ভয় নে শ্ৰদ্ধা বুজিবলৈ নিজেও টান পাইছিল ৰূপালীয়ে। মুঠৰ ওপৰত নিজৰ মন থাকিলেও বৰুৱাৰ খং উঠিব বুলি বহুত বস্তু এৰাই চলিবলৈ শিকিছিল ৰূপালীয়ে।
বিয়াৰ সময়তে মাকে শিকাই পঠিওৱা “পতি পৰম গুৰু“ বাক্যষাৰ শিৰোধাৰ্য্য কৰিয়েই কটাই দিলে ইমান বছৰ।
প্ৰথম প্ৰথম দুখ লাগিছিল বহুত। সহজতো নাছিল হঠাতেই নিজকে সলনি কৰা?
লগৰবোৰৰ লগত খিলখিলাই হাঁহি ভাল পোৱা ছোৱালীজনী গহীন হ’বলৈ শিকিছিল। ভাল নাপায় বৰুৱাই চঞ্চল হাঁহি, শোভা নাপায় বোৱাৰী এজনীৰ মুখত।
আবেলি সময়ত বৰকৈ জ্বলকীয়া সানি বতৰৰ টেঙা খাবলৈ ভাল পোৱা ছোৱালীজনীয়ে টেঙা খোৱা বাদ দিছিল। বৰুৱাৰ মতে অস্বাস্থ্যকৰ এইবোৰ।
দুখ লাগিলেও বাদ দিছিল ৰূপালীয়ে। কিন্তু সকলোতকৈ বেছি কষ্ট পাইছিল তাইক প্ৰিয় গীতৰ সুৰ গুণগুণাই থকা শুনি বৰুৱাই গালি দিওঁতে। এৰি দিছিল নিজৰ অতিকৈ প্ৰিয় কামটোও।
আপত্তি কৰাৰ কথা সপোনতো ভাবিব পৰা নাছিল ৰূপালীয়ে।
বৰুৱা ৰূপালীৰ কাৰণে শ্ৰদ্ধা আৰু ভক্তিৰ গৰাকী। বৰুৱাক অৱমাননা কৰাতো ৰূপালীৰ সাধ্যাতীত।
সেয়ে আজি বৰুৱাৰ অবৰ্তমানতো টোপনি নাহিলেও লাইট জ্বলাবও সাহস কৰা নাই ৰূপালীয়ে।
দুৱাৰত টুকুৰিয়াইছে কোনোবাই,
ৰূপালীয়ে সুধিছে,
: কোন?
: মা…মইহে।
গৰিমাৰ মাত বাহিৰত, খুলি দিলে দৰজাখন ৰূপালীয়ে।
: আপুনি শোৱা নাই মা? মই পানী নিবলৈ আহোঁতে শব্দ শুনিলো!
: টোপনি ধৰা নাই গৰিমা।
: অ…মোৰো জানে, আচলতে বেছি ভাগৰ লাগিলে টোপনি কমেই আহে। তাতে ইমান সোনকালে শোৱাৰ অভ্যাসো নাই যে আমাৰ।
: অ…গম পাওঁ …নীলিমে কৈছিল এবাৰ তোমালোকৰ চাকৰিৰ পৰা আহোঁতেই দেৰি হোৱাৰ কথা।
: মা …বলক অলপ গান শুনো!
: এই ৰাতিখন?
চকু কপালত উঠিছে ৰূপালীৰ গৰিমাৰ প্ৰস্তাৱ শুনি।
: দহটা বাজিছেহে! আমি শোৱাৰ আগতে সদায় গান শুনো। বলক দ্ৰয়িংৰুমত বহি ৰেডিঅ শুনোগৈ, ৰাতি বৰ ধুনীয়া পুৰনি গানবোৰ দিয়ে।
মানা কৰিব নোৱাৰিলে ৰূপালীয়ে গৰিমাৰ আগ্ৰহক। দুয়ো বহেগৈ ৰেডিঅৰ সন্মুখত, নীলিমো ওলাই আহে।
হেমন্ত মুখাৰ্জীৰ গান দি আছিল, অনুপমা চিনেমা খনৰ পৰা।
“কুছ দিল নে কহা…কুছ ভি নহী….“
একেলগেই কৈ উঠে ৰূপালী আৰু গৰিমাই,
: মোৰ পছন্দৰ গান..
হাঁহি বাগৰি যায় দুয়োৰে ওঁঠেৰে। ৰূপালীয়ে নুসুধি নোৱাৰে,
: তুমিও ভাল পোৱা? এইটোতো বহুত পুৰণি চিনেমাৰ গান।
: ওঁ…কিন্তু মই পুৰণি গান বোৰেই বেছি ভাল পাওঁ। আনকি নীলিমেও ভাল পোৱা হৈছে মোৰ লগত পৰি। মই চিনেমাখনো চাইছোঁ, আপুনি চাইছেনে মা?
: ওহো….গানবোৰহে শুনিছোঁ ৰেডিঅত।
: মা ….আপোনাৰ ফেভাৰিট চিনেমা কি?
: ফেভাৰিট চিনেমা? মোৰ? মই চায়েই পোৱা নাই কিমান বছৰ..
: কি কয় মা? মই যে খুব ভাল পাওঁ চিনেমা চাই…অৱশ্যে সব নহয়। আমি একেলগে চাব পাৰিলো হয়…কিন্তু টিভিডালো ইমান জিলমিলাই থাকে…
হলহলাই মুখ চলাই যায় গৰিমাই, ৰূপালীয়ে শুনি যায়।
সেয়াই যি আৰম্ভণি…আজিকালি সদায় ৰূপালীয়ে নীলিমহঁতৰ লগত বহি অলপ ৰেডিঅ শুনে, কেতিয়াবা টিভিও চাই। অৱশ্যে টিভিটো পুৰণি কাৰণে বেছিভাগ সময় ৰেডিঅই শুনে। মাজে মাজে গৰিমাই সিহঁতৰ আইপেডত চিনেমাও দেখুৱাই ৰূপালীক।
নীলিম কিবা কামত ব্যস্ত থাকিলেও ৰূপালী আৰু গৰিমাই অলপ হ’লেও সময় উলিয়াই বহিবই। এইখিনি সময়তে দুয়ো বহু কথাও পাতে। বহুখিনি জনা হৈছে গৰিমাই ৰূপালীক এইকেইদিনতে।
ৰূপালীৰ মুখত বৰুৱাৰ কথাবোৰ মন দি শুনে তাই। মাজে মাজে অবিশ্বাস্য যেন লাগে কথাবোৰ তাইৰ।
চকু ডাঙৰ কৰি শাহুৱেকক কয়,
: আপুনি কেনেকৈ দেউতাৰ লগত ইমান বছৰ সহ্য কৰিলে মা?
: তেনেকৈ নক’বা গৰিমা…দেউতাৰা বেয়া নাছিল অ। অ অনুশাসন খুব মানিছিল, কিন্তু কেতিয়াও মোক দুখ দিয়া নাছিল নহয়। না চিগাৰেট না মদ…একোতো বেয়া স্বভাৱো নাছিল তেওঁৰ।
: ময়ো নকও দেউতা বেয়া আছিল বুলি মা। তথাপিও ..আপোনাৰোতো নিজৰ কিবা ইচ্ছা আছিল চাগে! নিজকে পাহৰি আপুনিচোন গোটেই জীৱন দেউতাৰ মতেই চলিলে। ভাগ্যভাল নীলিম দেউতাৰ নিচিনা নহয়। মইতো নিজক পাহৰি কেতিয়াও জীয়াব নোৱাৰিলো হয়! বেয়া নাপাব হা মা, এনেকৈ দেউতাৰ কথা কোৱাৰ বাবে। আচলতে মই মনৰ কথা দবাই ৰাখিব নোৱাৰো।
বেয়া পোৱা নাছিল ৰূপালীয়ে গৰিমাৰ অকপট স্বীকাৰোক্তি।
কিন্তু ৰূপালীৰ অপৰাধবোধ হৈছিল এনেকৈ ৰাতি দেৰিলৈ সময় কটাবলৈ। বৰুৱাই বান্ধি দিয়া নিয়মবোৰ তেওঁ গুচি যোৱাৰ পিছত ভাঙি নিজকে অপৰাধী অনুভৱ কৰিছিল।
পাপ লাগিব নেকি বাৰু?
বৰুৱাৰ আত্মাই দুখ পাব নেকি বাৰু?
গৰিমাই আস্বস্ত কৰিছিল ৰূপালীক,
: মা…আপুনিতো একো বেয়া কাম কৰা নাই। গোটেই জীৱন আপুনি দেউতাৰ সুখদুখৰে চিন্তা কৰি কটালে। অলপ নিজৰ কাৰণেওতো জীয়াব লাগে ন?
আজি মোৰ আইপেডত ৰাজেশ খান্নাৰ চিনেমা চাম দিয়ক আমি! মই ডাউনলোড কৰি থৈছোৱেই। মোৰ মাৰো বিৰাট ফেভাৰিট ৰাজেশ খান্না।
অভ্যাস হৈ পৰিছে এই কেইদিনতে ৰূপালীৰ গৰিমাক সকলো কথা কোৱাতো। ইমান বছৰে মন খুলি কথা পাতিব পৰা নাছিল যে!
আগতে ৰশ্মি থাকোঁতে তাইৰ লগতে অলপ পাতিছিল, তাইৰো পঢ়া শেষ হোৱাৰ লগেলগেই বিয়াই হৈ গ’ল। নীলিমেতো হায়াৰ চেকেণ্ডাৰীৰ পিছত হোষ্টেলতে জীৱন কটালে।
বাকী থাকিল বৰুৱা…
ওহো..মনততো নপৰে ৰূপালীৰ কোনোবা দিনা তেওঁৰ লগত বহি মনৰ কথা পতাৰ। বজাৰৰ লিষ্ট আৰু দৰকাৰী কথাৰ বাহিৰে কিনো কথা পাতিলে ইমান বছৰে?
তাকো বজাৰৰ লিষ্টখনো বৰুৱাৰ পছন্দৰ।
যাদৱ বৰুৱাৰ চৌহদটো যথেষ্ট ডাঙৰ, সন্মুখত বহুত ঠাই আছে।
কিমান যে মন আছিল ৰূপালীৰ আগফালে ফুলনি এখন কৰিবলৈ। ওচৰতে পোৱা ফুলবোৰ লগাইছিল, খুব যত্নও লৈছিল। বৰুৱাই হকাবধা কৰা নাছিল যদিও কিন্তু নাৰ্ছাৰীৰ পৰা বেলেগ ফুল আনি দিবলৈ বৰুৱা অমান্তি। তেওঁৰ মতে অদৰকাৰী ফুলবোৰ লগোৱাতকৈ পাচলিৰ খেতি কৰাহে ভাল। সেয়ে ঘৰৰ কাষতে ফুলগছ কেইজোপামান লগাই বাকী মাটিত বৰুৱাৰ পছন্দৰ পাচলিয়ে লগাইছিল ৰূপালীয়ে।
বেলেগৰ ঘৰৰ পৰা নতুন ফুল আনিবলৈও অহা যোৱাওতো কৰি পোৱা নাই ক’তো ৰূপালীয়ে।
যিবোৰ নিমন্ত্ৰণত অগত্যা নগ’লে নহয় তেনেবোৰতহে গৈছিল বৰুৱা। তাকো প্ৰায়ভাগেই অকলেই গৈছিল, ঘৰুৱা চিনাকি হ’লেহে ৰূপালীক লৈ গৈছিল।
আজিলৈ অকলে ক’তো ওলাই পোৱা নাই ৰূপালীয়ে।
শুনি চকু বহল হৈ যায় গৰিমাৰ!
ছমাহ আগতে গৰিমা লগৰ দুজনীৰ লগত চিংগাপুৰ ফুৰি আহিল। অল গাৰ্লছ ট্ৰিপ, আটাইকেইজনী বিয়া হোৱা। গিৰিয়েকবোৰক এৰি পাঁচদিন নিজৰ মতে এনজয় কৰি আহিছিল।
শাহুৱেকক কৈছিল তাই চিংগাপুৰৰ কথাবোৰ উৎসাহেৰে।
ৰূপালীৰ মনত পৰিছিল বৰুৱাই গৰিমাই বিয়াৰ পিছত নীলিমক এৰি লগৰ লগত চিংগাপুৰ যোৱা বুলি শুনিয়েই খং কৰিছিল। গৰিমাক একো কোৱা নাছিল যদিও ফোনত নীলিমকে বকিছিল। গৰিমাক চাগে এইবিষয়ে একো জনোৱা নাই নীলিমে। ৰূপালীয়েও একো জনোৱা নাছিল গৰিমাক তেতিয়াও আৰু এতিয়াও একো নক’লে। মিছাকৈ তাইৰ মনটোহে বেয়া লাগিব, বৰুৱাৰ প্ৰতি বিৰূপ ভাৱ জাগিব।
একো নকয় ৰূপালীয়ে, বচ্ আগ্ৰহেৰে গৰিমাৰ অভিজ্ঞতাবোৰ শুনি যায়। ভাল লগে গৰিমাৰ কথাবোৰ শুনি ৰূপালীৰ।
গৰিমাইও কামৰ আঁৰে আঁৰে ৰূপালীকে চাই থাকে। ঠাণ্ডা মানুহজনী দিনৰ দিনটো ঘৰখনৰ কামবোৰ লৈয়ে ব্যস্ত। একো ওজৰ আপত্তি নাই, একো আশা-আকাংক্ষা নাই।
পাৰিলেহয় নে তাই নিজে?
ওহো…এদিনো নোৱাৰিলে হয় চাগে। কেনেকৈ যে শাহুৱেকে ইমান বছৰ মূৰ তল আৰু মুখ বন্ধ কৰি চলিলে।
ৰূপালীৰ বুকুৰ গোপন স্থানত সোমাই থকা ইচ্ছাবোৰ কুৰুকি খান্দি উলিয়াই তাই। সাৰ-পানী যোগান ধৰে। শাহুতকৈ বেছি এজনী নিমাখিত বান্ধৱী যেনহে লাগে ৰূপালীক গৰিমাৰ।
দিনবোৰ পটককৈ পাৰ হৈ যায়। মাহেকীয়া সকামো হৈ গ’ল কালি। ডাঙৰ ল’ৰাৰ পৰীক্ষা থকাৰ বাবে ৰশ্মিহঁত কালি সকামৰ পিছতেই ঘূৰি গ’লগৈ।
সকামৰ কামকাজ শেষ হোৱাৰ পিছত আজি নিজৰ নিজৰ ঘৰলৈ যোৱাৰ আগতে ঘৰৰ ডাঙৰবোৰ আকৌ বহিছে সেই একেই প্ৰশ্নটো লৈ।
ৰূপালী কাৰ লগত থাকিব এই ডাঙৰ ঘৰখনত?
সবেই নিজৰ পৰামৰ্শ দিছে।
কোনোবাৰ মতে নীলিমহতৰ লগতেই গুচি যোৱা ভাল হ’ব ঘৰটো আধাফাল ভাড়া দি।
কোনোবাৰ মতে নীলিমে ইয়াতেই চাকৰিৰ ট্ৰান্সফাৰ বিচাৰক।
গাঁৱৰ ঘৰত থকা খুড়াকৰ মতে তেওঁ আৰু ঘৈণীয়েক আহি থাকিবলৈ সাজু যদি নীলিমহতে বিচাৰে। সিহঁতৰ ল’ৰা দুয়োৰে বিয়া হৈছে আৰু শাহুৱেক-শহুৰেকৰ লগত মন নিমিলে কাৰণে বেলেগেই খাই আছে। ইয়াত বৌয়েকৰ লগ হ’ব পাৰিব।
ডাঙৰৰ সন্মুখত নামাতিলেও গৰিমাৰ খুড়া শহুৰৰ প্ৰস্তাৱটো পছন্দ হোৱা নাই। শ্ৰাদ্ধৰ সময়তে গম পাই গৈছে তেওঁলোকৰ স্বভাৱ। মুখদুখন বৰ চোকা দুয়োৰে, অনবৰতে বোৱাৰীয়েক দুজনীৰ বদনাম। এনে লোকৰ লগত থাকি শান্তি পাব জানো শাহুৱেকে?
তলমূৰ কৰি শুনি গৈছে নীলিমে সকলোৰে দিহাবোৰ। এপাকত উঠি গৈ ভিতৰত কামত ব্যস্ত থকা মাকক আনি বহাইছে সকলোৰে মাজত।
মাকৰ হাতত ধৰি সুধিছে,
: মা..সকলোৱে উপায় দিছে তোমাৰ থকাৰ কি ব্যৱস্থা কৰাৰ বিষয়ে। কিন্তু তুমিহে ভালকৈ জানিবা তুমি কি বিচাৰা! তুমি কোৱা মা..কি বিচাৰা তুমি। মই আৰু গৰিমাই তুমি যি কোৱা তাকেই মানিম। লাগিলে চাকৰি এৰি গুচি আহিম বা তোমাক ভালকৈ আমাৰ লগত ৰাখিম। কোৱা মা..
গাটো কঁপি উঠিল ৰূপালীৰ। আজিলৈ বাৱন্ন বছৰ গৰকা ৰূপালীক কোনেও সোধা নাই এই প্ৰশ্নটো। নিজৰ জীৱনৰ কোনো সিদ্ধান্তই লৈ পোৱা নাই ৰূপালীয়ে আজিলৈ।
কোনেও নুসুধিলেই কেতিয়াও…না দেউতাকে না বৰুৱাই।
নহ’লেনো নিজতকৈ ঊনেশ বছৰে ডাঙৰে গহীন আৰু খঙাল মানুহ এজনৰ পত্নী হ’বলৈ ৰাজী হ’ল হয় জানো?
গান শুনি-গুণগুণাই, নাচি ভাল পোৱা ওঠৰ বছৰীয়া ছোৱালীজনী এৰাতিতে গম্ভীৰ বোৱাৰী হ’বলৈ বাধ্য হ’ল হয় জানো?
নামত নিজৰ ঘৰখনত এটা বস্তুও নিজৰ পছন্দমতে কৰিবলৈ নাপাই নিজৰ অসন্তুষ্টি নজনালেহেঁতেন জানো?
ৰূপালীৰ মনত নাই জীৱনত কোনটো সিদ্ধান্ত নিজে লৈছিল।
অ…এটা সিদ্ধান্ত লৈছিল অৱশ্যে তাই। লগৰ শেৱালিৰ হাতত কলেজৰ সহপাঠী তপনে দিয়া চিঠিখন হাতত নোলোৱাৰ সিদ্ধান্ত। দেউতাকে যে কেতিয়াও নামানিব সেই জানিয়েই চিঠিখন নপঢ়াৰ সিদ্ধান্ত লোৱাটোৱে নিজাববীয়াকৈ লোৱা সিদ্ধান্ত আছিল চাগে।
: মা…কি ভাবি আছে? কওক আপুনি কি বিচাৰে?
গৰিমাৰ মাতত তন্দ্ৰা ভাঙিছে ৰূপালীৰ। গৰিমাই আহি তাইৰ কাষত থিয় দিয়া গমেই পোৱা নাছিল ৰূপালীয়ে।
: মই..মই কি বিচাৰো…
নিজৰ হাতৰ মুঠিত গৰিমাৰ হাতখন ভৰাই লৈছে ৰূপালীয়ে। নিজৰ স্বভাৱ সুলভ শান্ত মাতেৰে কৈছে,
: মই অকলেই থাকিম ইয়াত, নিজৰ ঘৰত। নিজৰ ঘৰ এৰি কলৈকো নাযাও বা কোনেও আহি ৰখি দিব নালাগে মোক। পাৰিম মই নিজকে চম্ভালিব। নীলিম-গৰিমাইও ইমান কষ্টৰ বলত পোৱা চাকৰি এৰি মোক ৰখিবলৈ অহাৰ কোনো যুক্তি নাই। মইতো আলৰ বুঢ়ী নহও..
নীলিমৰ খুড়ীয়েকে টপককৈ মাত দিছে,
: কিন্তু বৌ তুমিচোন বজাৰ-সমাৰ কৰা, বিল দিয়া এইবোৰৰ একো আওভাওৱে নোপোৱা। আমি লগত থাকিলে তুমি নিশ্চিন্ত হৈ থাকিব পাৰিবা। তোমাৰ চিন্তা কৰিহে কৈছো আমি…নহ’লেনো আমাৰ কি গৰজ পৰিছে!
: বুজি পাইছোঁ কিৰণ, তোমালোকে কি ভাবি কৈছা। কিন্তু কিমান আৰু বেলেগৰ ওপৰত বোজা হ’ম? দেৰিকৈ হ’লেও নিজেই নিজৰ দায়িত্ব ল’বলৈ শিকিব খুজিছো।
: ইমান সহজে পাৰিবা এই বয়সত?
ৰূপালীয়ে উত্তৰ দিয়াৰ আগতেই গৰিমাই মাত মাতিছে,
: কিয় নোৱাৰিব খুড়ী? মই থাকিম নহয়, মই অফিচৰ পৰা তিনিমাহৰ চাবাটিকেল লিভ এপ্লাই কৰিছো। অকল নীলিমহে ঘূৰিব, মই নাযাও এইবাৰ। মা আৰু মোৰ বহুত প্লেন আছে। মায়ে নিজাকৈ নাৰ্ছাৰী এখন খুলিব ইয়াতেই। ফুলৰ লগতে বতৰৰ পাচলিও লগাম। মোৰ লগৰ জুলিয়ে কাম কৰা “এডিবল গ্ৰীনছ“ নামৰ ষ্টাৰ্ট আপ কোম্পানিটোৱে অৰ্গেনিক ফাৰ্মিং শিকাই। সিহঁতে আহি শিকোৱাৰ লগতে ফাৰ্মখনৰ কামত সহায়ো কৰি দিয়ে। মই কথা পাতিছো তাইৰ লগত, দৰকাৰী কামবোৰত সহায় কৰি দিবহি সিহঁতে। আৰু তিনিমাহতো মই আছোৱেই।
: আৰু তুমি গুচি যোৱাৰ পিছত ৰাতি বিয়লি অকলশৰীয়া নহ’ব জানো বৌ?
খুড়াকে তথাপিও হতি যোৱা নাই, হাঁহি এটা মাৰি কৈছে গৰিমাই,
: তাৰো ব্যৱস্থা ভাবি ৰাখিছো খুড়া। এই শ্ৰাদ্ধৰ কামত যে লাগি আছে আহিনী বাই, তেওঁ থাকিব মাৰ লগত। আহিনী বাইৰো কেওকিছু নাই। আৰু নাৰ্ছাৰী ভালকৈ চলাৰ পিছত এজন-দুজন সহায়কাৰীও ৰাখিম ভাবিছো।
: বাহ..বোৱাৰী, তলে তলে বহুত পৰিকল্পনা কৰি থৈছা শাহুৱেৰাক অকলে এৰাৰ।
: ঠিকেই কৈছে খুড়ী বহুত পৰিকল্পনা কৰি থৈছো। কিন্তু মাক অকলে এৰাৰ নহয়, নিজৰ মতে জীয়াবলৈ দিয়াৰ। গোটেই জীৱন মায়ে বেলেগৰ মতে জীয়াইছে, এতিয়াতো নিজৰ মতে চলক।
: ক’ত নিজৰ মতে বোৱাৰী? পৰিকল্পনাবোৰ তোমাৰহে..
খুড়াকে ফেপেৰি পাতি ধৰিছে, ধৈৰ্য্য ধৰি নিজকে শান্ত ৰাখিয়েই স্পষ্ট সুৰত উত্তৰ দিছে গৰিমাই,
: ভুল বুজিলে খুড়া…শব্দবোৰ মোৰ কিন্তু অনুভৱখিনি মাৰ। মাৰ লগত এইকেইদিন নিবিড় ভাৱে থাকি মাৰ প্ৰতিটো আশাই বুজি পোৱা হৈছো মই।
একো নামাতিলে আৰু কোনোৱে। চাহ-জলপান খাই নিজৰ গন্তব্য স্থানলৈ ৰাওনা হোৱাই ভাল ভাবিলে সকলোৱে।
আবেলিলৈ গেটত অটোভেন এখন আহি ৰ’ল। গেটৰ পৰা ল’ৰাটোৱে ফোন কৰোঁতে গৰিমাৰ মুখখন উজ্জ্বল হৈ পৰিছে,
: মা…আহিল…
: কি আহিল গৰিমা?
আচৰিত হৈ সুধিছে ৰূপালীয়ে, গৰিমাই নীলিমৰ চকুলৈ সন্তুষ্টিৰ হাঁহি এটা উপহাৰ দি কৈছে,
: মা …আপোনাৰ কাৰণে নতুন টিভি অৰ্দাৰ দিছিলো। ছনী ব্ৰাভিয়া…ফিফটি ইঞ্চিৰ।
: কিয় গৰিমা? নহ’লেওতো চলিল হয়…কিয় ইমান খৰচ কৰিলা?
: ইস…কিয় নকৰিম? পিছে বেছি খৰচ কৰা নাই, ফাইনান্স কাৰ্ডেৰে লৈছো জিৰো পাৰ্ছেণ্ট ইণ্টাৰেষ্টত। আজি আপোনাৰ লগত বহি ৰাজেশ খান্নাৰ চিনেমা চাম। সৰু স্ক্ৰীনত চিনেমা চোৱাৰ শান্তি নাই। কি চাব কওক…মই ডাউনলোড কৰো।
অলপ দেৰি থৰ হৈ থকা ৰূপালীক আকৌ সুধিছে গৰিমাই,
: মা …কওকচোন কি চাব?
: আৰাধনা…আৰাধনা চাম দিয়া আজি। গানবোৰ যে কি ধুনীয়া আছিল চিনেমাখনৰ।
: সঁচা কৈছে মা, ময়ো ভাল পাওঁ আৰাধনাৰ গানবোৰ।
গৰিমাই গুণগুণাবলৈ আৰম্ভই কৰিয়েই দিয়ে,
“কোৰা কাগজ থা য়েহ মন মেৰা…“
নীলিমে তাইলৈ চাই পূৰা কৰে পিছৰ শাৰী,
“বচ গয়া প্যাৰ ইস মে তেৰা“
সপ্ৰতিভ ছোৱালীজনীৰ গালখন ৰঙা হৈ উঠে। চকুৰেই মিহি ধমক দিয়ে তাই নীলিমক।
ৰূপালীৰ চকুৰ পৰা সাৰি নাযায় সিহঁতৰ কাৰ্যকলাপ।
মুখখন উজ্জ্বল হৈ উঠে ৰূপালীৰো।
সমাপ্ত

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 months ago

গল্পটোত মোৰ শাহু ক দেখিলো

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক