হেমলেট [মূল : বৰিছ পাস্তেৰনাক] অনুবাদ : হৰেকৃষ্ণ ডেকা

কোলাহল স্তব্ধ হ’ল৷ মঞ্চত নামিছোঁ মই৷
দুৱাৰ-মুখত ৰৈ কৰোঁ চেষ্টা শুনিবলে’
দূৰৰ ধ্বনিয়ে মোৰ
বাকী থকা জীৱনৰ কি পৰিচয় আনে৷

ৰাতিৰ সমগ্ৰ গাঢ় অন্ধকাৰ
অপেৰা-কাঁচৰপৰা কেন্দ্ৰীভূত হয় মোৰ ওপৰতে৷
হে পিতৃ, আব্বা, যদিহে সম্ভৱ হয়
হাতৰ পিয়লা মোৰ নিয়া আঁতৰাই৷

তোমাৰ কঠোৰ লীলা প্ৰিয় মোৰ৷
সুখী মই মোৰ নিজৰ চৰিত্ৰাংশ লৈ৷
কিন্তু, ভিন্ন যি নাটক মঞ্চত উঠিছে এইবাৰ
মোক মুক্তি দিয়া তাত অংশ গ্ৰহণৰপৰা৷

তথাপি, পূৰ্বেই নিৰ্দিষ্ট কৰা আছে কাৰ্যক্ৰম,
আৰু তাৰ সমাপ্তিও নিৰ্ধাৰিত৷
মই যে নিঃসঙ্গ৷ শঠ, মিথ্যাচাৰীসকলৰ সময় এতিয়া৷
জীৱন নহয় সহজ পথাৰত খোজ কাঢ়ি যোৱা৷
=======================
মূল: Hamlet, Dr. Zivago, অনুবাদ কাল – ১৯৭৫
☆★☆
BORIS PASTERNAK, বৰিছ পাস্তেৰনাক (১৮৯০-১৯৬০)
============================================
১৮৯০ চনত মস্কোত জন্ম গ্ৰহণ কৰা কবি ঔপন্যাসিক আৰু অনুবাদক বৰিছ পাস্তোৰনাকে ১৮ বছৰ বয়সলৈকে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল৷ কিন্তু পাছত তেওঁ কবিতাৰ প্ৰতি আকৃষ্ট হয় আৰু ৰিলকে, আলেকজেণ্ডাৰ ব্লক, আঁদ্ৰে বেলি প্ৰভৃতিৰ প্ৰভাৱত কবিতা লিখিবলৈ লয়৷ ১৯১২ চনত দৰ্শনৰ অধ্যয়নৰ বাবে পাস্তেৰনাকে জাৰ্মানীৰ মাৰবুৰ্গলৈ যায় আৰু তাৰপৰা ৰাছিয়ালৈ উভটি আহি ফিউচাৰিষ্ট কাব্য-আন্দোলনৰ সৈতে জড়িত হৈ পৰে৷ ১৯১৪ চনত তেওঁৰ প্ৰথমখন সংকলন ‘A Twin in the Clouds’ প্ৰকাশিত হয়৷ ১৯১৭ চনত প্ৰকাশিত My Sister’s Life নামৰ সংকলনটিৰ কলাগত অভিনৱত্বই সেই সময়ৰ তৰুণ কাব্যপ্ৰেমীসকলক বিস্ময় আৰু বিমুগ্ধ কৰিছিল৷ ইয়াৰ পাছতো Themes and Variation ৰ পৰা আৰম্ভ কৰি ষাঠীৰ দশকৰ Poems লৈকে তেওঁৰ কেইবাখনো সংকলন ওলায় আৰু সেইবোৰে তেওঁক এগৰাকী স্বতন্ত্ৰ ধাৰাৰ কবি হিচাপে পৰিচিতি দিয়ে৷ পাস্তোৰনাকক সমগ্ৰ বিশ্বতে যিখন গ্ৰন্থই খ্যাতি আৰু প্ৰতিষ্ঠা দিয়ে সেইখন হ’ল ডাঃ ঝিভাগো শীৰ্ষক উপন্যাসখন; য’ত প্ৰাক-বিপ্লৱ আৰু বিপ্লৱ-উত্তৰ ৰাছিয়াৰ বৌদ্ধিক-সামাজিক পৰিৱেশৰ খণ্ডচিত্ৰ মহাকাব্যিক ভঙ্গীত চিত্ৰিত হৈছে৷ কবিতা আৰু উপন্যাসৰ উপৰি তেওঁ ছোভিয়েট ৰাছিয়াত এগৰাকী অনুবাদক হিচাপেও খ্যাতি অৰ্জন কৰিছিল৷ ইউৰোপীয়ান সাহিত্যৰ ভালেখিনি সম্পদ, বিশেষকৈ শ্বেইক্সপীয়েৰ আৰু গ্যেটেৰ ৰচনাৰাজিৰ এটা অংশ তেৱেই ৰাছিয়ান ভাষালৈ দক্ষতাৰে অনুবাদ কৰিছিল৷

পাস্তেৰনাকৰ কলা সম্পৰ্কে এক স্বকীয় ধাৰণা আছিল৷ প্ৰসঙ্গ আৰু শৈলী(form)ৰ ঐক্যইহে সাৰ্থক কলাকৃতিৰ জন্ম দিয়ে বুলি তেওঁ ভাবিছিল৷ অভিধানৰ কোৰ্হালৰ মাজত কবিতাই প্ৰকৃতিৰ বুজা যায় যে তেওঁ কবিতাত ছন্দ, ধ্বনি আৰু সাঙ্গীতিক মাধুৰ্যৰ পোষকতা কৰিছিল৷ তেওঁৰ মতে ভাষা আবেগ নিৰ্ভৰ (passion); এই আবেগৰ লগত প্ৰকৃতি আৰু জীৱনেও সহযোগ কৰে৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক