হেলিটচিচ (ডা০ ভূপেন শইকীয়া)

হেলিটচিচ

ডাঃ ভূপেন শইকীয়া

লিখনিটোৰ আৰম্ভণিতে সহৃদয় পাঠকসকলক এটি ৰসাল কাহিনী জনাব খুজিছোঁ৷ এজন সুঠাম ডেকা মানুহে চিকিৎসকৰ ওচৰলৈ গৈ কৈছে : মোৰ অসুখটো চাওকচোন৷ খোৱা-লোৱা মোৰ ঠিকেই আছে৷ কিন্তু পুৱা শুই উঠিবৰ মন নাযায়, কাম-বন একো কৰিবৰো মন নাযায়৷ চিকিৎসকে ডেকাজনক মূৰৰ পৰা ভৰিলৈ পিটিকি, টুকুৰিয়াই, স্থেথস্কোপ লগাই চাই কলে – তোমাৰ শৰীৰ ঠিকেই আছে৷ এলাহহে হৈছে৷ তেতিয়া ডেকাজনে চিকিৎসকক কলে – মোক এইটোকেই ডাক্তৰী ভাষাত ক’ব লাগে, কাৰণ ঘৰত মই বেমাৰটোৰ নাম সকলোকে জনাব লাগিব!

একেদৰে মই আজি আলোচনা কৰিব লোৱা বিষয়টোৰ নাম ডাক্তৰী ভাষাত – ‘হেলিটচিচ’৷ গ্ৰীক আৰু লেটিন ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা এই শব্দটোৰ অৰ্থ হ’ল – মুখৰ দুৰ্গন্ধ৷ বিশ্বৰ প্ৰায় ২৫শতাংশ লোকৰ কম বেচি পৰিমাণে ‘হেলিটচিচ’ ৰোগ আছে৷ ইয়াৰে ৯০শতাংশই সঠিক চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি৷ আকৌ ৮০শতাংশ এই ৰোগৰ উৎপত্তিৰ স্থল হ’ল মুখমণ্ডল৷ অধ্যয়নৰ পৰা জনা যায় খৃষ্টপূৰ্ব ১৫৫০চনৰ পৰাই মুখৰদুৰ্গন্ধআঁতৰাবলৈ বনৌষধিৰ সৈতে গৃহ নিৰ্মিত মদিৰা ব্যৱহাৰ কৰা হৈছিল৷ কেনেডাৰ এটি দলে ডেকা বয়সতে মৃত্যু হোৱা ২১০০বছৰ পুৰণি ইজিপ্তৰ মামীৰ শৰীৰৰ অধ্যয়ন কৰি এই নিস্কৰ্ষত আহিছে পোকে খোৱা দাঁতৰ গুৰুতৰ ৰোগৰ ফলতেই সেই যুৱকজনৰ মৃত্যু ঘটিছিল৷ হয়তো আজিৰ আধুনিক চিকিৎসা পোৱা হলে অল্পায়ুতে মৰণ নহ’লহেতেন৷ ৰোমান, গ্ৰীক,ইছলামিক সাহিত্যত আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বৰ পৰা মানুহৰ মুখৰ স্বাস্থ্যৰ সচেতনতাৰ বিষয়ে লিখনি পঢ়িবলৈ পোৱা যায়৷ জনা যায় কি দৰে দেশ ভেদে বেলেগ বেলেগ সামগ্ৰী মুখৰদুৰ্গন্ধআঁতৰাবলৈ ব্যৱহাৰ কৰিছিল৷ ভূমধ্য সাগৰৰ দাঁতিকাষৰীয়া দেশসমূহত পিষ্টাচিয়ালেন্টিকাচ গছৰ দাঁতোন, ভাৰতত নীম গছৰ দাঁতোন, থাইলেণ্ডত মধুৰী আমৰ দাঁতোন, চীন দেশত কণীৰ বাকলি,ইৰাকত লং আৰু ইটালীতধনীয়া পাত ব্যৱহাৰ কৰিছিল৷ ১৯২০ চনৰ পৰা ব্যৱসায় আৰম্ভ কৰা ‘লিষ্টাৰিন’ মাউথৱাচৰ বিষয়ে আমাৰ পাঠকসকল নিশ্চয় অৱগত৷ যদিও ই মুখৰ দুৰ্গন্ধিৰ মাত্ৰ সাময়িক উপশম ঘটাব পাৰে – ইয়াৰ উদ্ভাৱনে মানুহৰ এই দিশত সচেতনতাৰ কথাকে সূচায়৷

মুখৰ দুৰ্গন্ধ হব পাৰে অস্থায়ী বা দীৰ্ঘ দিনীয়া (ক্ৰ’নিক৷ কাৰোবাৰ বাবে ই এক দু:স্বপ্নৰ দৰে আতংকৰ বিষয় হৈ পৰে, আকৌ কোনোজন নিজৰ দুৰৱস্থাৰ বিষয়ে মুঠেও অৱগত নহ’বও পাৰে৷ মুখৰদুৰ্গন্ধ বেচি হোৱা ব্যক্তিজনে নিজে মুখত মেটিলিক,অম্লজাতীয়, গেলা কণীৰ দৰে বা আন বেয়া স্বাদ অনুভৱ কৰিব পাৰে৷ আপোনাৰ নিজৰ মুখৰ পৰা দুৰ্গন্ধ ওলাইছে নেকি তাক জনাৰ দুটা উপায় আছে৷আপোনাৰ পৰিয়ালৰ সদস্য বা বিশ্বাসী বন্ধুৰ দ্বাৰা সেয়া জানিব পাৰে৷ নহ’লে নিজে এইদৰে পৰীক্ষা কৰি চাব পাৰে – সোঁহাতৰ মণিবন্ধত ভিতৰৰ ফাললৈ চেলেকক৷ ৩/৪ মিনিট চেলেকা ঠাইখিনি শুকুৱালৈ প্ৰতীক্ষা কৰক৷ শুকুৱাৰ পিছত আপোনাৰ যদি চৰ্দি লাগি থকা নাই নিজে ঘ্ৰাণলৈ পৰীক্ষা কৰি চাওক কেনে গোন্ধাইছে৷ ডেন্টিষ্টৰ ওচৰত গলে ‘হেলিমিটাৰ’ নামৰ পৰ্টেবল চালফাইড মনিটৰৰ সহায়ত মুখৰদুৰ্গন্ধৰ পৰিমাণ জুখিও চাব পাৰে৷
যদি খোৱাৰ পিছত মুখখন আপুনি ভালকৈ নোধোৱে, তেতিয়া মুখমণ্ডলৰ ভিতৰৰ দাঁত,আলু,তালু, জিভা আৰু টনচিলত থকা বেক্টেৰীয়াসমূহে খাদ্যৰ অৱশিষ্টকপচাব ধৰে আৰু সিহঁতি নিজাববীয়াকৈ হাইড্ৰ’জেনচাইফাইড, ডাইমিথাইলচাইফাইড, এলাইলমিথাইলচাইফাইড, মিথাইলমাৰকাপ্তান, এমোনিয়া আৰু কাৰ্বোনেট জাতীয় ভলেটাইল ৰাসায়নিক তত্ব উৎপাদন কৰে – যাৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়৷ মুখৰদুৰ্গন্ধ উৎপত্তি কৰা বেক্টেৰীয়াসমূহ প্ৰায়বিলাকেই হ’ল এন-এৰ’বিক বেক্টেৰীয়া৷ শুনি আচৰিত নহ’ব আমাৰ মুখৰ ভিতৰখন কমেও ৬০০বিধ বেক্টেৰীয়াৰ আশ্ৰয়স্থলী৷ এইবিলাক হ’ল ‘কমেনচেল’ অৰ্থাৎ সুবিধাবাদী, হলা গছত বাগী কুঠাৰ মাৰিবলৈ সুযোগৰ অপেক্ষাত থাকে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যাক ‘ইমিউনিটি’ বোলা হয়, তাৰ হীন-দেড়ি ঘটিলেই আমাক ৰোগাক্ৰান্ত কৰিবলৈ যথেষ্ট৷ চাইনাচৰ অসুখ আৰু নাকৰ বিভিন্ন এলাৰ্জিত নাকৰ পৰা বেচিকৈ নিৰ্গত হোৱা সেঙুন জাতীয় মিউকাচেমুখৰচেলাইভাৰ লগ লাগি বিঘটন ঘটাই দুৰ্গন্ধ উৎপাদন কৰে৷
অন্যান্য দুৰ্গন্ধ ওপজাব পৰা ৰোগসমূহ হ’ল – চাইন’চাটিচ আৰু নেজেল এলাৰ্জি, ডায়েবেটিজ, লিভাৰৰ বিকাৰ, কিডনিৰ অসুখ যেনে ইউৰেমিয়া, বিভিন্ন কেঞ্চাৰ, খাদ্যনলীৰ ৰোগ,পাকস্থলীৰ উগাৰ অহা ৰোগ, বদহজম ইত্যাদি৷ ধূম্ৰ পাণ, মদ্যপান, বেচিকৈ কেঁচা পিঁয়াজ-নহৰু সেৱন কৰা, বেচিকৈ গাখীৰৰপৰাতৈয়াৰহোৱাবস্তু খোৱাও মুখৰদুৰ্গন্ধৰ কাৰক হব পাৰে৷ জিৰ’ষ্টমিয়া নামৰ মুখ শুকাই থকা ৰোগত, লঘোনীয়া অৱস্থাত শৰীৰৰ চৰ্বিক্ষয় হৈ কিট’ন নিৰ্গত হলে দুৰ্গন্ধ ওলায়৷ দন্ত্য চিকিৎসকৰ মতে হেলিটচিচৰ এক প্ৰধান কাৰণ হৈছে মুখত জমা হোৱা খাদ্যৰ কোমল অৱশেষ৷ এই কোমল অৱশেষবোৰেই সময় যোৱাৰ লগে লগে বিভিন্ন খনিজ লৱণৰ প্ৰভাৱত টান হৈ পাথৰ বা কেলকুলাচৰ ৰূপ লয়৷ ইয়াত আঁতৰ কৰিবলৈ দন্ত্য চিকিৎসকৰ সহায় ল’ব লাগে৷ দুৰ্গন্ধ ওপজোৱা মুখৰ ৰোগসমূহ হ’ল: মুখৰ, জিভাৰ ঘাঁ, দাঁতৰ আলুৰ জিঞ্জিভাইটিচ, ,দাঁত পোকে খোৱা আৰু দাঁতৰ আন আন অসুখ, চেলাইভেৰীগ্লেণ্ডৰ অসুখ, টনচিল আৰু ফেৰিংছৰ অসুখ৷লঘোনত, ডি-হাইড্ৰেচনত বা জিৰ’ষ্টমিয়া ৰোগত মূখ শুকাই থাকিলে চেলাইভাৰ অভাৱত বেক্টেৰীয়াসমূহে জমা হ’বলৈ সুযোগ পায়৷ গতিকে দেখা যায় মুখৰ থুই বা চেলাইভাই আমাক বেক্টেৰীয়াৰ বিৰুদ্ধে সুৰক্ষা দি থাকে৷ তদুপৰি মুখৰ পৰা ওলোৱা এই ৰসে পাচন ক্ৰিয়াতো সহায় কৰে৷ যাৰমুখ সঘনাই শুকাই যায় তেনেলোকে চুগাৰফ্ৰিচুইংগাম ব্যৱহাৰ কৰাটো বাঞ্ছনীয়৷ কিছুমান ঔষধেও মুখৰদুৰ্গন্ধৰসৃষ্টি কৰিব পাৰে৷ সেইবিলাকৰ কিছুমান হ’ল : এঞ্জাইনাত ব্যৱহাৰ কৰা নাইট্ৰাইট, ফেনাৰগান জাতীয় ট্ৰেন্কুইলাইজাৰ, কেঞ্চাৰ কেম’থিৰাপিৰ দৰৱ আদি৷
এইখিনিতে পাঠকসকলক আন এটি দুৰ্লভ অসুখৰ কথা জনাব খুজিছোঁ – এই ৰোগত কেৱল মুখেই নহয়, শৰীৰ ঘাম আৰু প্ৰস্ৰাবো মাছ-মাছ গোন্ধায়৷খাদ্যৰ হজম কৰা এবিধ এনজাইমৰ অভাৱত এই ৰোগ হয় যাক ‘ট্ৰায়মিথাইলএমিনুৰিয়া’ নামেৰে জনা যায়৷ আকৌ প্ৰায় এক শতাংশ লোক হেলিটফোবিয়াতভোগে৷ অতি সচেতন এনে লোকসকল মুখৰদুৰ্গন্ধৰ চিকাৰ বুলি অবাবতে চিন্তা গ্ৰস্ত হৈ থাকে৷

এতিয়া প্ৰতিবিধানৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ৷

সৰুতে স্কুলীয়া পাঠ্যপুথিত ”দাঁত” নামৰ এটি চমু প্ৰৱন্ধত পঢ়া মনত পৰে – দাঁতৰ ব্যৱহাৰ ‘বালেক পালেক খালেক’ নহৈ ‘বালেক পালেক চোবালেকখালেক’ হ’ব লাগে৷ অৰ্থাৎ বালকসকল তোমালোকে ভালদ’ৰে (পাৰিলে ৩২বাৰ) চোবাইহে খাদ্য খাব লাগে৷ সেই একেদৰে সকলো চিকিৎসকে মুখব্ৰাছ কৰাৰ বিষয়ে একমত হৈ ক’ব যে আপোনালোকে দাঁত-মুখ ৪০৷৪৫ চেকেণ্ড ব্ৰাছ কৰিয়েই পৰ্বটো সামৰি নথ’ব৷ দাঁতৰ চুকে-কোনে, ভিতৰে-বাহিৰে আৰু জিভাখন ভালদৰে ব্ৰাছ কৰক৷ ইয়াৰ বাবে হয়তো ৪৷৫ মিনিট সময় খৰচ হব৷ দাঁতৰ ফাঁকত সোমোৱা খাদ্য পদাৰ্থৰ আঁহ থাকিলে তাক সাৱধানেৰে ডেন্টেলফ্লচৰ সহায়ত উলিয়াই বাহিৰ কৰক৷ ডেন্টেলফ্লচহ’ল নাইলন বা টেফলন জাতীয় প্লাষ্টিকৰে বনোৱা পাতল সূতাৰ দৰে সঁজুলি৷ ডেন্টিষ্টৰ ওচৰত নহ’লে চাৰ্জিকেলমাৰ্টত কিনিবলৈ পাব৷ পৰাপক্ষত খৰিকা ব্যৱহাৰ নকৰিব৷ বেছিকৈ খৰিকা ব্যৱহাৰ কৰিলে সেইয়া অভ্যাস হৈ পৰে আৰু দাঁতৰ আলুত লাগি তেজ ওলাব পাৰে৷ ডেণ্টেল ফ্লচে দুই দাঁতৰ মাজৰ ব্ৰাচ বা খৰিকাই ঢুকি নোপোৱা ঠাইখিনি সহজে চাফা কৰিব পাৰে ।

লিখনিটোত দুটা কথা আৰু যোগ দিওঁ৷ আমি সকলোৱে বছৰত পৰাপক্ষত দুবাৰ দাঁত পৰীক্ষা কৰোৱাটো ভাল৷ প্ৰয়োজন সাপেক্ষে দাঁতত জমা হোৱা টান মলিৰ লেয়াৰ(টাৰটাৰ বা কেলকুলাচ) আতৰাবলৈডেন্টিষ্টৰ দ্বাৰা স্কেলিং কৰাই পৰিষ্কাৰ কৰাব লাগে৷ দুৰ্গন্ধ ওপজোৱা ৰাগিয়াল দ্ৰব্য সমূহৰ সংগ পৰিত্যাগ কৰি স্বাস্থ্যসন্মত জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যবিধি মানি চলক৷ মেদবহুলতাকআঁতৰাবলৈ যত্নপৰ হওক৷ লজেঞ্চ পৰিত্যাগ কৰক৷ গাখীৰৰপৰাতৈয়াৰহোৱা খাদ্য যেনে চীজ সীমিত পৰিমাণতহে গ্ৰহণ কৰিব৷অতি কাঢ়াকৈ কফি খোৱাও বেয়া৷ চ’ডা,ক’ক কোলা, মিৰিণ্ডা, পেপচীজাতীয় দন্তক্ষয় কৰা শীতল পানীয়ৰ সংগএৰক৷ নিতৌ পৰ্যাপ্ত পৰিমাণৰ ৪৷৫লিটাৰ পানী খাওক৷ডায়েটিং কৰিলে জুলীয়া বা লাগতিয়াল পানীয় বেচিকৈ গ্ৰহণ কৰিব৷ কোনো খাদ্য খোৱাৰ পিছত মুখখন আৰু ডিঙিটো ভালকৈ কুলকুলি কৰক৷ দিনে অন্তত: দুবাৰ ব্ৰাছ কৰক৷জিভাখন ভালদৰে ব্ৰাছ কৰি পৰিষ্কাৰ কৰিবলৈ কেতিয়াও নাপাহৰিব৷টুথপেষ্টৰ পৰিমাণ এটা কাবুলি বুটমাহৰ সমান হলেই যথেষ্ট,বাকীখিনি লোকচানহে হয়৷দাঁতৰ এনামেলৰ সুৰক্ষাৰ বাবে হাৰ্ডব্ৰাছৰ সলনি চফ্ট বা মিডিয়ামব্ৰাছহে ব্যৱহাৰ কৰক৷টুথপেষ্ট আপোনাৰ পচন্দ অনুসৰি যি কোনোৱেই ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু সেয়া ফ্লৰাইডযুক্ত হ’লে ভাল৷ আকৌ বেচিদাঁতৰ শিৰশিৰনি অনুভৱ কৰা সকলে অন্তত: এবাৰ চেঞ্চ’ডাইনযুক্তপেষ্ট মিহলাই ব্ৰাছ কৰিব লাগে৷কৃত্ৰিম দাঁত ব্যৱহাৰ কৰিলে তাক ব্যৱহাৰ কৰাৰ আগতে মুখ আৰু জিভাখন ভালকৈ পৰিষ্কাৰ কৰি ল’ব৷ আগতে উল্লেখ কৰা ‘লিষ্টাৰিন’ৰ বাহিৰেও ক্লৰ’হেস্কিডিন আৰু জিংক গ্লুকনেটযুক্তবহুবোৰমাউথৱাচ আজিকালি বজাৰত উপলব্ধ৷মনত ৰাখিব এইবিলাকে সাময়িক উপশমহে দিব পাৰে৷

এইখিনিতে আপোনালোকক জনাব খোজোঁ যে মূল কাৰণ উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰিলে নব্বৈ শতাংশ হেলিটচিচ ৰোগীয়েই সম্পূৰ্ণ সুস্থ হয়৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত প্ৰবায়োটিক ঔষধৰ ব্যৱহাৰত সুফল পোৱা গৈছে৷
এতিয়া অলপ ঘৰুৱা উপচাৰৰ কথা আলোচনা কৰিম৷ গছপাতত থকা সেউজীয়া উপাদন’ক্ল’ৰফিল’ হেলিটচিচ দূৰ কৰাত প্ৰমাণিত সিদ্ধ হৈছে৷ গতিকে আপুনি ধনীয়া,পদীনা,পালেং আৰু সেউজীয়া শাক-পাচলিৰ সৈতে আত্মীয়তা গঢ়ি তোলক৷ তিঁয়হ, গাজৰ,কল, আপেল,ডালিম আদি চোবাই খালে কেৱল মুখমণ্ডলৰ ব্যায়াম হোৱাই নহয়-আপুনি অনেক ৰোগ প্ৰতিৰোধকাৰীএন্টিঅস্কিডেন্টৰ সহায় লাভ কৰিব৷ পানমছলা, জৰ্দা, নানাবিধচাদা, ৰজনীগন্ধা আদিৰ সলনি লং,ইলাচি, চফ,ডালচেনি ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰক৷ আমাৰ অসমীয়া তামোল পাণৰ সীমিত ব্যৱহাৰে মুখৰদুৰ্গন্ধ দূৰ কৰাটো নিৰ্ঘাত সত্য৷কিন্তু তামোল-পাণত চূণ মিহলালে সেই মিশ্ৰণ কাৰচিন’জেনিক হৈ পৰে৷
দৰাচলতে বিভিন্ন অসুখ দেখুৱাবলৈ অহা এক বুজন সংখ্যক ৰোগীৰ মাজত আমি চিকিৎসকসকলে হেলিটচিচ লক্ষ্য কৰোঁ৷ তাৰে খুব তাকৰীয়া জনহে সেই বিষয়ে জ্ঞাত৷ দোষটো হ’ল ব্যক্তিগত পৰিচ্ছন্নতাৰ অভাৱ৷ জ্বৰ বা আন অসুখত বিচনাত পৰিলেই বহুতে গা ধুব বাদ দিয়ে৷ মুখখনো পাল মাৰিহে ধোৱে৷ সাধাৰণ সচেতনতা আৰু স্বাস্থ্যৰ ৰক্ষাৰ বিধিৰ পালনে বহুতবোৰ ৰোগক চিৰিয়াচ পৰ্যায়লৈ যাব নিদিয়াকৈ ৰাখিব পাৰে৷
শেষত দুটি তেনেই সহজ আৰু সুলভ উপচাৰ এটি পাঠক সকললৈ আগবঢ়াই মোৰ লিখনি সামৰিম : -অলপ আদাৰ ৰসৰ সৈতে এচামুচ নেমুৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই দিনে ২৷৩বাৰ মুখ আৰু ডিঙিৰ কুলকুলি কৰক – মুখৰ দুৰ্গন্ধকেইদিন মানতে আতৰ হব৷ ৰুচি অনুসৰি সামান্য লোণ মিহলাই এই মিশ্ৰণটো আপুনি খোৱাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে৷ আনটো বিধি হ’ল : পকা কলৰ বাকলিৰ ভিতৰফালেদি দাঁত আৰু আলুক ঘঁহি ৩৷ ৪ মিনিট সময় ৰ’ব৷ তাৰ পিছত নিমখেৰে মাজি মুখখন ভালদৰে কুলকুলি কৰক৷ এসপ্তাহ দিনে দুবাৰ নিয়মীয়াকৈ এইদৰে কৰাৰ পিছত মাজে মাজে কৰিলেও হ’ব৷এনে কৰিলে মুখৰদুৰ্গন্ধআঁতৰোৱাত সহায় হোৱাৰ উপৰিও আপুনি এক সজীৱতা অনুভৱ কৰিব৷

কোনোবাই যদি এই ৰচনা খন পঢ়ি উপকৃত হয় মই নথৈ সুখী হ’ম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments