হেয়াৰ এণ্ড কেয়াৰ – মাধুৰ্য গগৈ

”সময় বাগৰে৷ নিয়তিৰ ই এক বিধান৷ সময়ৰ লগে লগে সলনি হয় শৰীৰ৷ এটা ভ্ৰূণৰ পৰা আৰম্ভ হৈ স্থুলকায় ৰূপ লয় আৰু এটা সময়ত ই স্থবিৰ হৈ পৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় শৰীৰৰ স্খলন আৰু ই চলি থাকে শেষ সময়লৈকে৷”

”ধেই, বাদ দিয়া হে৷ তোমাৰ পকা চুলিকেইডাল মই আৱিষ্কাৰ কৰিলো বুলিয়েই এইবোৰ ডাইলগ মাৰি থাকিবা নেকি? ” শ্ৰীমতীৰ ভাষ্য এয়া৷ মই কথাখিনি কৈ থাকোঁতে এওঁৰ মুখখন চাবলগীয়া হৈছিল৷ মই এনজয় কৰিব পৰা এওঁৰ এনেকুৱা পৰিস্থিতি খুব কমেই আহে আৰু মই মজা লোৱাৰ সুযোগ কেতিয়াও এৰি নিদিওঁ৷

আজি দুমাহ মানৰ পৰা মোৰ চুলি পকিবলৈ আৰম্ভ হৈছে৷ তাকে দেখি আজি অলপদিনৰ পৰা শ্ৰীমতীৰ ”সাৱধানীৰ মৰণ নাই” পন্থাৰ কুচ-কাৱাজ চলি আছে৷ মানে একেবাৰে সাংঘাতিক কাৰবাৰ৷

”তোমাৰ চুলি পকি থাকক৷ কিন্তু মই হ’লে মোৰ চুলিৰ যত্ন ল’ম৷ ইছ্! মোৰ যে চুলি পকিলে কি হ’ব? ” এই কথাখিনিয়ে মোৰ জীৱ কঁপাই তুলিলে৷ মোৰ অন্তৰাত্মাৰ পৰা আৱাজ আহিল, ”সাৱধান৷ তোৰ দিন-কাল বেয়ালৈ আহিছে৷ ” ভাৱিলোঁ, এইবাৰ আকৌ নতুন কিবা? মৰসাহ কৰি সুধিলোঁ, ”হেৰা শুনাচোন৷ ” এওঁ আজিকালি মোৰ কিটিপবোৰ গম পোৱা হৈ আহিছে যেন বোধ হয়৷ মোলৈ সেই বিশেষ মিচিকিয়া হাঁহিটো মাৰি পঠিয়ালে৷ মই সেপ এটা গিলি ক’লো, ”কোনটো ম’ল যাবা? ”

শ্ৰীমতীৰ এই হেয়াৰ কনছিয়াছ হোৱাৰ চিন্তাটো অহাৰ পাছৰে পৰা মোৰ স্বাস্থ্যৰ যে অৱনতি ঘটিব, সেইটো ভালকৈয়ে অনুভৱ কৰিলোঁ৷ আজি বহুতদিনৰ পিছত মোৰ চেহেৰাটো মনোযোগেৰে আইনাত চালো৷

চুলিখিনিয়ে বগা ৰংটোৰ প্ৰেমত পৰিছে৷ চকুৰ পতাৰ তলত বলিৰেখা পৰিছে৷ দেহত মেদ জমা হ’বলৈতো বহুবছৰ আগতেই আৰম্ভ হৈ গৈছিল৷ মইহে বেছি গুৰুত্ব দিয়া নাছিলো৷ ভাবিলো, অলপ হেলথ কনছিয়াছ ময়ো হ’বৰ হ’ল৷ এনেকৈয়ে থাকিলে শ্ৰীমতীৰ লগত ক’তো ওলাই যাবই নোৱাৰিম দেখুন৷ আজি ডাম্বেল দুদাল আনিব লাগিব৷

গুগল বাবাজীৰ কৃপাত এওঁ চুলি নপকাৰ বিধান হিচাপে এখন লিষ্ট বনালে৷ গোটেই লিষ্টখন মনত নাথাকিল যদিও শেষৰ দুটা আইটেমে মোৰ গাৰ নোম শিয়ঁৰাই দিলে৷ জেতুকা পাত-অসম, জৱাফুলৰ পাত-অসম৷ বুজিলো এইকেইটা মানে ইম্প’ৰ্ট হ’ব অসমৰ পৰা আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব থাকিব মোৰ ওপৰত৷
নিৰ্দিষ্ট সময়ৰ আগতেই আজি সেই ৰহস্যময় দোৱাৰখন খুল খালে৷ মই ভেবালাগি চাওঁতেই গ’ল৷ এওঁ ক’লে, ”চুলিৰ কথা আছে, তুমি নুবুজিবা৷ ” মই ভাৱিলোঁ, হয় মইনো কেনেকৈ বুজি পাম? মোৰ চুলি প্ৰায় পকি শেষেই আৰু এওঁৰ হয়তো পকিবলৈ আৰম্ভই হোৱা নাই৷ অৱশ্যে এওঁৰ পকাচুলি মই দেখিলেও নকওঁ৷ ক্ৰেডিট কাৰ্ডৰ বিল বঢ়োৱাৰ মোৰ অকনো ইচ্ছা নাই৷ এইবাৰ মই তৰা-নৰাকৈ ৰেডী হ’লো৷

বহুতদিনেই হ’ল শ্ৰীমতীৰ লগত শ্ব’পিং ম’ললৈ নোযোৱা৷ মানে শ্ৰীমতীৰ শ্ব’পিঙৰ লগৰী দুগৰাকীমান আছে৷ তেওঁলোকৰ লগতেই যায়৷ মই সেই সময়বোৰত ড্ৰাইভাৰৰ ভূমিকা পালন কৰিয়েই সুখী হওঁ৷ এনেয়েও চাৰি-পাঁচঘণ্টা দোকানে বজাৰে ঘূৰি ফুৰাৰ সময় আৰু ধৈৰ্য্য, দুয়োটাই মোৰ নাই৷ মই এওঁক সুধিলোঁ, ”আজি তোমাৰ বান্ধৱীহঁত নাই নেকি? ” এওঁৰ চিধাচিধি উত্তৰ, ”মই হেয়াৰ কেয়াৰৰ এইবোৰ বস্তু কিনিবলৈ সিহঁতৰ লগত গ’লে মোৰ চুলি পকা বুলি নাভাৱিব নেকি? ” মোৰ মেলখাই যোৱা মুখ বন্ধ হ’বই নুখুজিলে৷ ভাৱিলো, ”ৱাহ, মোৰ শ্ৰীমতী ইমান বুধিয়ক! ”

শ্ব’পিং মলৰ নামবোৰ আৰু সিহঁতৰ অৱস্থিতি, শ্ৰীমতীৰ নখদৰ্পনত৷ এইবাৰ এওঁৰ নিৰ্দেশমতে এটাৰ সন্মুখত ৰ’লোহি৷ শ্ৰীমতীৰ মুখৰ উজ্জ্বলতাই মোক আগন্তুক সময়খিনিৰ নিষ্ঠুৰতাৰ আগজাননী দি দিলে৷

সাধাৰণতে শ্ব’পিং মললৈ মই নাহোঁৱেই৷ কেতিয়াবা আহিলেও বহিবলৈ ঠাই থকা ম’লকেইটাকহে প্ৰাধান্য দিওঁ৷ দূৰৈৰ পৰাই খালী হৈ থকা বেঞ্চকেইখন দেখি কিবা এক প্ৰশান্তি লভিলোঁ৷ এওঁৰ লিষ্টখন চাবলৈ এক অদম্য হেপাহ জাগিল৷ ”তোমাৰ লিষ্টখন চাওঁ৷ ” শব্দকেইটা যেনেতেনে বাহিৰলৈ ওলাল৷ এওঁ হাঁহি এটা মাৰি মোবাইলটো দিলে৷ মুম্বাইত থকা মোৰ শ্ৰীমতীয়ে স্মাৰ্টফোনৰ যে সদব্যৱহাৰ কৰিছে, সেয়া আজি মই বুজিলোঁ৷ লিষ্টখন ঠিক এনেধৰণৰ৷

১) চেম্প’ উইথ লেছ কেমিকেল
২) কন্দিশ্যনাৰ
৩) চিৰাম অইল
৪) হেনা
৫) বাদাম অইল
৬) ক’কনাট অইল
৭) ফেচ ৱাছ
৮) কাজল
৯) লাইনাৰ
১০) ফাউণ্ডেচন ছেট
১১) ফেছ ক্ৰীম
১২) নেইল পলিছ
১৩) ৰিম’ভাৰ
১৪) হেয়াৰ স্প্ৰে
১৫) লিপষ্টিক
১৬), ১৭), ১৮) মই নুবুজিলোঁ৷
১৯) কুৰ্তা ২টা
২০) মই নুবুজিলোঁ৷
২১) হেয়াৰ ক্লিপ
২২) পিজ্জা
২৩) মেহিন্দী পট্টা-আছাম
২৪) জৱা পট্টা-আছাম

মোৰ চকুকেইটা আৰু অলপ ডাঙৰকৈ মেলখোৱা যেন লাগিল৷ এইবাৰ অলপ ডাঙৰকৈয়ে সুধিলোঁ, ”হেৰা, প্ৰথম পাচঁটামান বুজিলো বাৰু৷ কিন্তুু পিছৰ কেইটাও চুলিত ইউজ কৰে নেকি? ” এওঁৰ উত্তৰ, ”অনলি হেয়াৰ কেয়াৰ লৈ, ফেচ কেয়াৰ নল’লে কেনেকুৱা লাগিব? আফটাৰ অল ধুনীয়া চুলিৰ লগত ফেচ মেটছ্ কৰিব লাগিব তো৷ ” মই ভাৱিলোঁ, হয়তো কথাটো৷ মইহে এইবোৰ জানো কিয় বুজি নাপাওঁ৷ কুৰ্তা আৰু সেই বুজি নোপোৱা আইটেমকেইটাৰ কথা সুধিম বুলিও নুসুধিলোঁ৷ এওঁ সুধিলে, ”তোমাক কিবা লাগিব নেকি? লাগিলে লিষ্টত এদ কৰি দিয়া৷ ” মই লাহেকৈ লিষ্টখনৰ শেষত এড্ কৰিলোঁ৷

২৫) দাম্বেল-২ দাল৷

প্ৰায় চাৰিঘণ্টা বিৰামহীন বিচৰণৰ পিছত এবাৰ শ্ৰীমতীয়ে মোবাইলটো বেগত ভৰালে৷ ঠেলি থকা ট্ৰলীখন ৰখাই মই ভাৱিলোঁ, ”উস: ৰক্ষা৷ এইবাৰ মোৰ দাম্বেল ল’লেই হ’লে আৰু৷ ” পিছে শ্ৰীমতীৰ মুখলৈ চাই গম পালো, এওঁ যেন মই দাম্বেল লোৱা কথাটো হজম কৰিব পৰা নাই৷ অগত্যা দাম্বেলৰ চিন্তা বাদ দি চেক্ আউট কৰিবলৈ বুলি কেছ কাউণ্টাৰৰ লাইনত লাগিলোঁ৷ এইবাৰ এটা কথা মোৰ চকুত পৰিল৷ ট্ৰলী ঠেলি থকা আৰু লাইনত লাগি থকা সকলোৱেই চোন পুৰুষ৷ এনেকুৱা সময়ত মোৰ হুমুনিয়াহ এটা আপোনা-আপুনি ওলাই আহে৷

বিল পৰিশোধ কৰিবলৈ লোৱাৰ আগতে দেখিলোঁ, শ্ৰীমতীৰ মনটো মৰা৷ এইবাৰ মোৰ জীৱ নকঁপিল৷ শ্বপিঙৰ পিছত আচলতে ভয় কৰিবলগীয়া একো নাথাকে৷ মই সুধিলো, ”কি হ’ল? ” এওঁ মোলৈ চাই দাঁতকেইটা চেপি হাঁহি মাৰিলে৷ এইবাৰ কিন্তু মোৰ চিৰিংকৈ গ’ল৷ মগজুৰ মাজেৰে এক শীতল তেজৰ সোঁত এটা বৈ যোৱাযেন লাগিল৷ এইটোৱেই সেই গুপ্ত হাঁহিটো, যিটোৱে মোক আগতেও বহু লটি-ঘটি কৰি থৈছে৷ মানে এই হাঁহিৰ অৰ্থ হ’ল শ্ৰীমতীৰ কিছুমান বস্তু লোৱাৰ পাছত পছ্ন্দ নাই হোৱা৷ বেলেগ ম’লত ইয়াতকৈ ভাল অপচন আছে৷ এয়া শ্ৰীমতী আৰু এওঁৰ নিছিনা একেই মাৰ্কাৰ আন এগৰাকী মহিলাৰ মাজৰ কথোপকথনৰ পৰা বুজিলো৷ এতিয়া এওঁ হাঁহি মাৰি বস্তুবোৰ মই ট্ৰলীৰ পৰা নমাই থোৱাটো বিচাৰিছে৷

এইবোৰ কাৰণতেই মোৰ বন্ধুসকলে মোক ”পত্নীব্ৰতা” উপাধি দি থৈছে৷ অৱশ্যে শান্তিপ্ৰিয় নিমাখিত জীৱটোৰ বেলেগ কিবা উপায়ো নাই৷ মই সময় নষ্ট নকৰি বস্তুবোৰ নমাই থাকোঁতে দেখিলো, আন এজনেও একে কামকেই কৰি আছে৷ বুজিলো, মই অকলশৰীয়া নহয়৷ এইবাৰ শ্ৰীমতীয়ে সুদা হাতে ঘূৰি যাবলৈ বেয়া পাই, কেইবিধমানৰ বিল পৰিশোধ কৰিবলগীয়া হ’ল৷ বিলখন পৰিশোধ কৰাৰ পিছত শ্ৰীমতীৰ লিষ্টখনলৈ মনত পৰিল৷ এতিয়া লিষ্টখনৰ সাৰাংশ এনে হ’ল৷

১) কুৰ্তা ২টা (ঘৰত পিন্ধিবলৈ হ’ব)
২) লিপষ্টিক ১টা (কালাৰটো ভাল)
৩) কাজল ১ডাল (আগৰডাল শেষ হৈছিল)
৪) কক’নাট অইল ১বটল (মই ঘঁহিব পাৰিম)

মোৰ গোমা হৈ থকা মুখখনলৈ চাই এওঁ ঘৰলৈ আহি থাকোঁতে মাত্ৰ এষাৰেই ক’লে, ”পিজ্জাটো পাৰ্চেলেই লৈ যাম নহ’লে৷ “■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments