হেৰাইছে নেকি আধ্যাত্মিকতা? যদি হেৰাইছে কাৰ বাবে হেৰাইছে? (-মল্লিকা কলিতা)

কাৰ্ল মাৰ্ক্সে কৈছিল-‘পৃথিৱীত চিৰন্তন সত্য বুলি কোনো কথা নাই । পৃথিৱীত চিৰন্তন সত্য বুলি বিবেচিত হৈছে একমাত্ৰ পৰিৱৰ্তন’ । হয়, সমাজ পৰিবৰ্তনমুখী, সমাজক পৰিবৰ্তন লাগিবই । কিন্তু গাম্ভীৰ্যতা, সাত্বিকতা বাদ দি সৰস্বতী পূজাৰ দিনাখন সৌন্দৰ্য্যৰ আলোচনা প্ৰাসংগিক নে? মিডিয়া নাইবা প্ৰচাৰ মাধ্যমৰ প্ৰভাবত আমি আজি পাহৰি গৈছোঁ সৰস্বতী দেৱী, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক । পূজাৰ দিনাখন নিজকে আনৰ আগত দেখুওৱাৰ মানসিকতাহে গা কৰি উঠা দেখা যায় । এচাম যুৱতী ‘ব’ডী কঞ্চিয়াচনেচ’ত ভুগিছে, ই এক সামাজিক ব্যাধি ৰূপে বিবেচিত হৈছে । সৌন্দৰ্য্য মানে বাহ্যিক অৱয়ব হ’ব নোৱাৰে । ই দৈহিক সৌন্দৰ্য্যক কেবল প্ৰতিনিধিত্ব কৰিব নোৱাৰে নিশ্চয়কৈ । সৌন্দৰ্য্যই এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্বক সূচায়, খোজ-কাটল, কথা কোৱাৰ ভাৱ-ভংগিমা আদি সকলো ইয়াৰ অন্তৰ্ভুক্ত । কিছুবছৰ আগলৈ এই পূজালৈ আছিল শিক্ষাৰ্থীসকলৰ আধ্যাত্মিক মনোভাৱ, কোনো বাহ্যিকতাবিহীন । সেইদিনাখন কিতাপ-বহী, পঢ়া মেজ চফা কৰি ধূপ-চাকি জ্বলাই দি সেৱা লোৱা হৈছিল । আৰু আজিকালি দেহা পৰিষ্কাৰ কৰা হয় । তেতিয়া আছিল স্কুল কলেজলৈ সোনকালে গৈ পাব লাগে নিৰ্মালি ল’বলৈ ; আৰু আজি গ্লেমাৰাছ হোৱাৰ তাড়নাত প্ৰদৰ্শনৰ কুচ-কাৱাজ ।


ইয়াৰদ্বাৰা আমি আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীবোৰক এক অঘোষিত প্ৰতিযোগিতাত নমাইছোঁ । মানসিক কষ্ট দিয়াইছো । হয়, সৰস্বতী পূজাৰ যোগাত্মক দিশ বিচাৰিলে পোৱা যাব যে সেইদিনাখন অন্ততঃ অসমীয়া সাজযোৰ পিন্ধাৰ তাগিদা অনুভৱ কৰা যায় । কিন্তু ভাল পোচাক এযোৰ কিনিবলৈ সকলোৰে সামৰ্থ নাথাকে । ফলত অভাৱগ্ৰস্তখিনি হীনমান্যতাত ভুগে ।
বজাৰ অৰ্থনীতিৰ প্ৰভাৱ আমাৰ জীৱনত বাৰুকৈয়ে শিপাইছে । চিন্তা-চৰ্চা কৰিবলৈ, বিশ্লেষণ কৰিবলৈ আমাৰ আজি আহৰি নাই । আমি পাহৰি যোৱা অনুচিত যে প্ৰচাৰ মাধ্যম, দৃশ্য-শ্ৰাব্য মাধ্যমৰ মূল লক্ষ্য হ’ল মানসিক খোৰাক যোগোৱা । আমাক মানসিক খাদ্য খোৱাই দিছে আৰু আমি খাইছোঁ । আধুনিকীকৰণ আৰু বাণিজ্যিকৰণৰ দোহাই দি আমি উটি-ভাঁহি যোৱা জানো সমীচিন হ’ব! ধাৰাৱাহিক, মানে ডেইলি চ’প অপেৰা(Soap Opera)ৰ অৱদান আজি মধ্যবিত্ত চামৰ বাবে অবিশ্বাস্য । প্ৰতিৱেশীতকৈ আমি উৎকন্ঠিত অক্ষৰা-গোপীহঁতৰ সংসাৰকলৈ ।
আমাৰ এক পৰিপক্ক মন থাকিব লাগিবযাতে আমি প্ৰচাৰ মাধ্যমৰ যোগাত্মক দিশটোহে চালি-জাৰি লওঁ । অন্যথাই অসমীয়া জাতিয়ে স্বকীয়তা হেৰুৱাব লাগিব । ইতিমধ্যে ‘ভেজাল অসমীয়া’ ভাষা আমি আকোঁৱালি লৈছোঁহক । এটা অসমীয়া বাক্যত ইংৰাজী, হিন্দী শব্দ প্ৰয়োগ কৰি কথা ক’লেহে আমাৰ আধুনিক স্বৰূপ প্ৰকট হয় । কেৰোণটো পিছে আমাৰ মানসিকতা । আমি বছৰ বছৰ ধৰি বাস কৰি অহা এই অসমৰ মাৰোৱাৰীখিনিৰ সৈতে হিন্দীতহে কথা পাতোঁ, তেওঁলোকে অসমীয়া ভালদৰে বুজি পোৱা বুলি জানিও!!
আজিকালি প্ৰায়ে মাকে দেউতাকে কোৱা শুনা যায় শিশুটিৰ মাত দেৰিকৈ ফুটাৰ কথা । কিয় হৈছে এনেকুৱা? কাৰণ টিভিত হিন্দী চলে, মাক-দেউতাকে ইংৰাজীত কথা পাতে ; ফলত শিশুটি বিবুদ্ধিত পৰে । সেয়ে ডাক্তৰে পৰামৰ্শ আগবঢ়ায় যে ঘৰত মাতৃভাষাত কথা পাতিলে শিশুৰ সোনকালে মাত ফুটিব । শিপা মজবুত হ’লেহে ডালবোৰ শক্তিশালী হয় ।
এইবাৰ বৈদ্যুতিন মাধ্যমৰ কৃপাত মাঘবিহু নে ৰঙালী বিহু ধৰিবলৈ টান হৈ পৰিছিল । পুহমাহ আৰম্ভ হোৱাৰ ভালেমান দিন আগৰ পৰাই ঢোলৰ চাপৰ শুনিবলৈ পোৱা গৈছিল ব্যক্তিগত চেনেলৰ কৃপাত । মনতকৈ শক্তিশালী কোনো বস্তু নাই । চেনেলৰ কেমেৰা ওচৰ চাপি আহিল বুলিয়ে, আমিও এপাক নচাৰ লোভ সামৰিবৰ হ’ল আৰু ।
সৰস্বতী পূজাৰ দিনাখন শ্ৰেষ্ঠ গল্পকাৰ, শ্ৰেষ্ঠ কবিতা আদি নিৰ্বাচন নাইবা আকস্মিক বক্তৃতা অনুষ্ঠিত আমি কৰিব নোৱাৰো নেকি? আমি বাৰু খনিকৰজনলৈ দৃষ্টি দিছোঁনে যাৰ হাতত প্ৰাণ পাই উঠে দেৱী প্ৰতিমা? আমি যদি দেৱীৰ মৃন্ময় মূৰ্তিৰ খনিকৰ জনৰ দক্ষতাৰ শলাগ লওঁ, সেই খনিকৰ জনক আনুষ্ঠানিক স্বীকৃতি দিওঁ সেয়া সামাজিক গঠনমূলক কাম হিচাপে বিবেচিত হ’ব ।
অসমীয়া জাতিয়ে স্বকীয়তা হেৰুৱাইছোঁ বুলি চিঞৰি-বাখৰি খৱৰ কাগজ ভৰালেই নহ’ব । ৰাতিৰ পিছত পোহৰ আহিবই । যাৰ নিজ জাতি, মাটি, ভাষা, ভেটিৰ চিন্তা অহৰহ প্ৰবাহিত , জাতিৰ প্ৰতি দায়বদ্ধতা আছে সি বিপথে নাযায় । আমি পাহৰি গ’লে নহ’ব যে স্বপৰিৱৰ্তনেই বিশ্বপৰিৱৰ্তন । দাৰিদ্ৰতাই গ্ৰাস কৰা প্ৰদেশখনক সৌন্দৰ্য্য আৰু কাপোৰৰ প্ৰতিযোগিতাৰ আয়োজনেৰে আৰু এটি উৎসৱৰ সোঁতত প্ৰবাহমান নহবলৈ দৃঢ় মনোবল বন্ধাৰ আৱশ্যক ।।
সকলো বস্তুৰে যোগাত্মক আৰু বিয়োগাত্মক দিশ থাকে । আমি যোগাত্মক দিশটোক গ্ৰহণ কৰি নিজ ঘৰখনৰ পৰাই আৰম্ভণি কৰিব লাগিব । প্ৰত্যেক গৰাকী নাগৰিক সজাগ হ’ব লাগিব, তেহে এটি সুস্থ বাতাৱৰণ তৈয়াৰ হ’ব ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments