হেৰা- (মানবেন্দ্ৰ কুমাৰ শৰ্মা)

“হেৰা, হেৰা, ক’ত আছাহে? শুনাছোন শুনা৷”
নাই, কাৰো মাত নাই ৷ একেবাৰে নিমাওমাও পৰিৱেশ৷
“হেৰা?”
মই ভিতৰত সোমালোঁ৷ হয়, মই ভবাটোৱে হয়৷
শ্ৰীমতী শৱাসনত!
এইবাবেই তেওঁক মোৰ ভাল লাগে৷ সকলোৱে আচলতে এনেদৰে সময়ৰ সৎব্যৱহাৰ শিকিব লাগে৷ কাম নোহোৱা মানুহৰ শৰীৰতহে চয়তানে ঘৰ সাজিব পাৰে৷ ইহঁতক স্কুললৈ পঠোৱাৰ পিছত শ্ৰীমতীৰ হাততো অফুৰন্ত সময়!
সচৰাচৰ এই সময়ত ময়ো অফিচতে থাকোঁ৷ পিছে আজিৰ কথা বেলেগ৷
“হেৰা?”, একেবাৰে তেওঁৰ কাষলৈ গৈয়ে মাত লগালোঁ৷ মাতটোও প্ৰয়োজনতকৈ ডাঙৰকৈ ওলাল৷
নাই তথাপিও তেওঁৰ সঁহাৰি নাই৷
মোৰ কেনে লাগিল নিজেই নাজানিলো৷ নে ভালকৈ শৱাসনতে পৰিল!! অৱশ্যে ৰক্তপাতৰ চিন মোকাম নাই৷
দিনকালো বেয়া৷ মই ফচিব নালাগিলেই হ’ল! কিবা এটা উপায় চিন্তিব লাগিল৷
“চেহ আজিহে মাও আহিব লাগেনে?”, ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে লাহেকৈ ওলাল৷
যেন ফেঁটী সাপৰ কঁকালতহে গচকটো দিলোঁ৷ তেওঁ ফেঁট তুলি উঠিল৷ তেওঁৰ সেই ঢঙত চকুৰ পতাত তেওঁ লৈ থকা তিয়ঁহ এপিচ আহি মোৰ মেলা মুখতেই সোমাল৷
“দেখা নাই? মাতটো যে উলিয়াব খুজিছা মোৰ বলিৰেখা আৰু স্পষ্ট হ’ব লাগে নহয়নে? আৰু কি ক’লা? কোন আহিব? সেইজনী আহিলে মই কিন্তু চিধাই মাৰ ঘৰলৈহে যাম৷ এইখিনিয়ে চম্ভালিব নোৱাৰো আৰু সেইবোৰৰ আলপৈচান ধৰাত নাই৷ তুমি জানানে নাই মোৰ লগৰ বহুতৰে যে এতিয়াও বিয়া হোৱা নাই? আৰু মই? মই এতিয়াই সন্তানৰ মাক হ’ব লগা হ’ল৷ এনে জানিলে কেতিয়াও এই বিয়াত নবহিলোহেঁতেন৷ সৱৰে আলপৈচান ধৰোঁতে নিজৰ ফালে সময়ে নাপাও৷ স্কিন গৈ ভেকুলীৰ গা হ’ল৷”
মই প্ৰথমদিনা ভূতুনিৰ মুখ বুলি চক খাইছিলোঁ৷ এতিয়া নাখাও৷ এনেদৰে চন্দন নাসানিলেও অৱশ্যে মোৰ মানুহজনী ধুনীয়াই৷ আগতে একেলগে ওলালে নিজৰে ভাল লাগিছিল৷ আজিকালি সংকোচ ভাৱটো আহে৷ কোনোবাই “কোন” বুলি সুধি দিয়ে যেন লাগে৷ এজনেতো এদিন মোৰ ছোৱালী বুলিয়েই ভাবিছিল৷ এই কথা মনলৈ আহিলে তেওঁৰ দৰে মোৰো চন্দন-তন্দন এসোপা সানি তেনেদৰে শৱাসনত থাকিবলৈ মন যায়৷ পিছে কামৰ হেঁচাই পাহৰাই ৰাখে৷
দুপাট তাল বজাব মন নাই৷ তাতেই শান্তিপ্ৰিয় বুলিও মোৰ নেগুৰ এডাল আছে৷ সেয়ে পাৰ্যমানে নেজ পেলাই লেনিয়াই লেনিয়াই ক’লোঁ” কি কৰিবা অলপ শান্ত হোৱা৷ কাষৰ মানুহে শুনিলে আমাৰ মান-ইজ্জৎ ক’ত থাকিব?”
“অ’ মইহে এতিয়া মান-ইজ্জৎ ৰক্ষাৰ ঠিকাদাৰ হ’ব লগা হ’ল! কিয় তোমাৰ দুজন ককায়েৰা নাই? তেওঁলোকে কি বুঢ়ীক ৰাখিব নোৱাৰে? আমি ভাৰাঘৰত থকা মানুহ৷ চহৰত এজনৰ খোৱা-বোৱাৰ খৰচ কিমান? গাঁৱৰ জীৱনে আমুৱালেই, বৰ একেবাৰে নগৰীয়া হোৱাৰ মন৷ নহ’বদেই, নহ’ব মোৰ লগত সেইবোৰ৷ মইও বেলেগ ধাতুৰে গঢ়া৷”
মই মনে মনে থাকিলোঁ৷
শ্ৰীমতীয়ে ঘপা-ঘপ টেপৰ তললৈ গৈ মুখৰ সেই আৱৰণ গুচালে৷ পিছে টেপৰ পানীৰ সমানে তেওৰ মুখখনো চলি থাকিল, “মই ওলামদেই এতিয়া৷ মাৰ ঘৰলৈ যাম৷ মোৰ কথা যিহেতু অলপো নাভাবা তোমাৰ লগতো আৰু থাকিব নোৱাৰোঁ৷ নহ’লে তুমি আহিব নালাগে বুলি এতিয়াই ফোন কৰা৷”
মোৰ দৰে মায়াপাশত আৱদ্ধ ভোলানাথৰ বাবে এনে পৰিস্থিতি চম্ভালা খুবেই মস্কিল৷ কাকো এৰিব নোৱাৰোঁ৷ কি কৰোঁ? মহাদেৱেও বোলে পাৰ্বতীৰ সেই উগ্ৰ ৰূপ দেখি ভয় খাইছিল৷
তেওঁ বেগত কাপোৰ ভৰালে৷
শেষবাৰৰ বাবে সানুনয়ে ক’লোঁ, “শান্ত হোৱাচোন দেৱী, শান্ত হোৱা আৰু ধীৰে-সুস্থিৰে শুনা৷ আচলতে কিবা এটা লাগিল বোলে, ডাঙৰ দাই মাক দুটামান লপা-থপাও দিলে৷ মোক কাষৰ এজনেহে ফোন কৰিছিল৷ সিমান বেছি নহয়, কিন্তু মূৰতো অলপ দুখ পাইছে৷ সিমান গভীৰ নহয় বুলি কৈছে৷ তেজো অলপহে গৈছে৷ সেই ফোন কৰাজনকে গাড়ী এখন ভাৰা কৰি ইয়ালৈ আনিব কৈছোঁ৷ ডাক্তৰকো দেখুৱাব লাগিব৷”
যেন জ্বলা জুইত ঘিউহে পৰিল৷ কালীমাই এইবাৰ হাতত দাখৰ ল’বলৈহে বাকী৷ পাৰিলে যেন এতিয়া মোৰ মুণ্ডৰেই নৰমালাৰ অভাৱ পূৰাব৷
“হা হা বঢ়িয়া৷ একেবাৰে কি চাবা বংশৰো গৰিমা! মোক সেই বয়সতে তেনেদৰে নফচোৱা হ’লে এনে বংশলৈ কেতিয়াও নাহোঁ৷”
মই মনে মনে থাকিলোঁ৷ কথা বঢ়াই লাভ নাই৷
“আৰু সিদিনা গোল্ড ফেচিয়েলৰ কথা কওঁতে যে পইচা নাই বুলি কৈছিলা এতিয়া গাড়ী ভাৰা দিবলৈ ক’ৰপৰা পইচা ওলাল? নাথাকো৷ আৰু এক মুহূৰ্তও ইয়াত নাথাকোঁ মই৷”
শ্ৰীমতী বেগ লৈ ওলাল৷ মোৰো উগুল-থুগুল লাগিল৷
“মই ইহঁতকো স্কুলৰ পৰা লৈ যাম৷ সময়ৰ পইচা সময়ত পঠিয়াবা কিন্তু৷ ইহঁতক তাতেই স্কুলত নাম লগাই দিম৷”
“হেৰা, ছোৱালীজনীক দুদিনমানৰ বাবে এৰি যোৱাহে৷ আইতাকৰ অলপ হাত ধৰিব পাৰিব৷ মোৰো ডাক্তৰে-চাক্তৰে দেখুওৱাত সহায় হ’ব৷”
“কি ক’লা? কি ক’লা? মই সিহঁতৰ মূৰ খাব লাগে? হেৰা ইয়াত থাকিলে সিহঁতে বংশৰ এই গৰিমা বঢ়োৱাত বাদে আৰু কি শিকিব? এজনেতো মূৰ ফালিলেই, বাকী থকাখিনি ইহঁতে সম্পূৰ্ণ কৰিব পাৰিব৷” মোৰ সমুখত আঙুলি জোকাৰি জোকাৰি তেওঁ ক’লে৷ মই মূৰটো অলপ আঁতৰাই দিলোঁ বুলিহে সেই আঙুলি মোৰ চকুত নালাগিল৷
তেওঁ গেটখন খুলিলে৷ মোৰো বেয়া লাগিল৷
“হেৰা মোৰ নহয় তোমাৰ মাৰ কথাহে কৈ আছোঁ কিন্তু৷”
শ্ৰীমতী আহি সাউৎকৈ ঘৰত সোমাল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক