হেৰুৱা ঘড়ীটো (অঞ্জল বৰা)

এদিন এজন খেতিয়কে তেওঁৰ হাতঘড়ীটো শস্যৰ পথাৰত হেৰুৱালে। এইটো এটা সাধাৰণ ঘড়ী নাছিল। ঘড়ীটোৰ লগত তেওঁৰ বহুতো স্মৃতি জড়িত হৈ আছিল। সেয়ে বহু সময় তেওঁ চাৰিওফালে থকা শুকান ঘাঁহ-বনবিলাকৰ মাজত ঘড়ীটো বিচাৰিলে। কিন্তু অশেষ কষ্টৰ পিছতো বিচাৰি নোপোৱা দেখি কাষত খেলি থকা সৰু ল’ৰা-ছোৱালীবিলাকৰ সহায় লোৱাৰ কথাকে ভাবিলে।

তেওঁ ল’ৰা-ছোৱালীবিলাকক ক’লে যে যিয়েই ঘড়ীটো বিচাৰি দিব পাৰিব তেওঁকে কিবা ভাল বস্তু পুৰস্কাৰ দিব।

এই কথা শুনি ল’ৰা-ছোৱালীবিলাকে পথাৰখনৰ চাৰিওফালে চলাথ কৰিলে। কিন্তু ঘড়ীটো বিচাৰি নাপালে। খেতিয়কজনে নিজৰ ঘড়ীটো হেৰুৱাৰ বিষয়ে ভাবি থকাৰ সময়তে এজন ল’ৰা তেওঁৰ কাষলৈ আহি আৰু এটা সুযোগ তেওঁক দিবলৈ অনুৰোধ কৰিলে।

ল’ৰাজনে নিজেই আগবাঢ়ি আহি সুযোগটো বিচৰাৰ কাৰণে খেতিয়কজনেও ঘড়ীটো পোৱাৰ আশাত আৰু এটা সুযোগ দিয়াৰ কথা ভাবিলে।

খেতিয়কজনে ল’ৰাজনক পুনৰ পথাৰখনলৈ পঠিয়াই দিলে। কিছু সময়ৰ পিছত সৰু ল’ৰাটোৱে হাতত ঘড়ীটো লৈ আনন্দ মনেৰে তেওঁৰ কাষলৈ আহিল। খেতিয়কজনো আনন্দিত হ’ল আৰু আচৰিত হৈ তেওঁ ল’ৰাজনক পিছৰবাৰ কেনেকৈ বিচাৰি পালে সুধিলে।

ল’ৰাজনে উত্তৰ দিলে, “মই নতুনকৈ একো কৰা নাই। কেৱল মাত্ৰ পথাৰখনত বহি নীৰৱভাৱে শুনিবলৈ চেষ্টা কৰিলোঁ। মই ঘড়ীটোৰ টিক্ টিক্ শব্দবোৰ শুনা পালোঁ আৰু সেই শব্দৰ দিশত গৈ ঘড়ীটো উদ্ধাৰ কৰিলোঁ।”

এটা শান্তিপূৰ্ণ মনে বিশৃংখল মনতকৈ অধিক সুস্থিৰভাৱে চিন্তা কৰিব পাৰে। প্ৰত্যেক দিনাই আপোনাৰ মনটোক কিছু সময়ৰ বাবে নীৰৱ হৈ থাকিবলৈ দিয়ক আৰু চাওক, ই কেনেকৈ আপুনি আপোনাৰ জীৱনত সমাধান কৰিব নোৱাৰা সমস্যাসমূহ নিমিষতে সমাধান কৰাত আপোনাক সহায় কৰিছে।

 

(ইণ্টাৰনেটৰ পৰা অনুবাদ কৰা: লেখক অজ্ঞাত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments