হেৰুৱা হেঁপাহৰ গান — নমি গগৈ


(১)

“কাঞ্চনী, কাঞ্চনী খৰকৈ নাযাবি, ধান পাতে কাটিব গা৷“ তাৰ নাটকীয় কথাত শব্দ কৰি হাঁহি উঠিলো মই৷ “তই এটা মস্ত পাগল৷“ “পাগল বাবেইতো জীয়াই আছোঁ৷ “ “মই মৰিলো মানে? তই এতিয়া ভুতুনীৰ লগত স্লাইড বনাই আছ? “ মাইক্ৰ’স্কপটো একাষৰীয়া কৰি মই সুধিলো৷ “তই মৰা জীয়া সমানেই৷ “ মুখৰ ভিতৰতে সি কথাষাৰ ক’লে৷ হ’লেও শুনিলোঁ মই৷ ফেপেৰি পতাতকৈ মই মোৰ স্লাইডখন নিখুঁত হোৱাত গুৰুত্ব দিলোঁ৷ স্লাইড ভাল নহ’লে সব ‘তাই তাই ফিছ’! মই মনে মনে থকাটো নে কামত মনোযোগ দিয়াটো তাৰ হজম নহ’ল নাজানো৷ সি আকৌ আৰম্ভ কৰিলে৷ “অই ক’চোন, ভালপোৱা কাক বোলে? “ মোৰ খং উঠিল৷ শান্তিৰে একো এটা কাম কৰিব নোৱাৰোঁ৷ জ্বলাই খায়৷ খালি পেক পেক৷ যা তা কথা৷ এটাৰ লগত আন এটা কথাৰ কোনো সম্পৰ্ক নাই৷ মুখেৰে কিবা এটা বকি থাকিব পাৰিলেই হ’ল৷ “মুখ বায়ন ক’ৰবাৰ! “ ভোৰভোৰাই উঠিলো মই৷ এইবাৰ সি হাঁহিলে৷ মোৰ দৰে জোৰকৈ নহয়, মিচিকিয়াই৷ মই বুজিলোঁ – আকৌ এবাৰ ডাকোৱাল হ’ব লাগিব৷ লাহে লাহে আন্ধাৰ নামিছিল৷ কলেজ চৌহদৰ বেল গছবোৰে কজলা ওৰণিৰে মুখ ঢাকিছিল৷ আমি বনোৱা স্লাইডবোৰ শুকাবৰ বাবে লেবৰ আলমাৰিত নিজৰ নিজৰ নাম লিখি থৈ আহিছিলোঁ৷ হোষ্টেলৰ মুখত এৰা এৰি হওঁতে সি আকৌ সুধিলে – “ক’চোন কাক বোলে ভালপোৱা?“ খিৰিকীৰে হোষ্টেল চুপাৰে ভূমুকিয়ালে৷ মই খৰধৰকৈ ভিতৰ সোমালোঁ৷ নিজক নিজে সুধিলোঁ “কাক বোলে ভালপোৱা? ভালপোৱা কি? “ এহ! হয় কিবা এটা৷ এইবোৰত মাথা মৰাৰ মোৰ কি দৰকাৰ? ( ২ ) “কালি সোধা কথাটো মনত আছেনে তোৰ? ” উফঃ কি কামোৰ! একো নক’লো মই৷ হনহনাই তাক চেৰাই ক্লাছত সোমালোগৈ৷ মেজৰৰ ক্লাছ৷ তাকো হেডৰ৷ মিছ কৰিলে থ’ব মোক৷ মোৰ পিছে পিছে সিয়ো সোমালগৈ৷ হেডৰ গাটো বৰ ভাল নহয়৷ নিজাববীয়াকৈ কৰা প্ৰজেক্টৰ ওপৰিও উমৈহতীয়া প্ৰজেক্টৰ বাবে কৰিবলগীয়া ফিল্ড ষ্টাডিৰ কথা কৈ তেওঁ গ’লগৈ৷ এটা অফ পিৰিয়ডৰ পাছতেই ব’টানিৰ ক্লাছ৷ ডিপাৰ্টমেণ্টৰ সমুখৰ চিৰিতেই বহিলোঁ৷ “তই কি প্ৰজেক্ট কৰিবি?” আকৌ সি! “ইনচেক্ট এণ্ডক্ৰাইন’লজি৷” “হুমমমমম! ” “হুমুনিয়াহ কাঢ়িলি যে?! ” পেন্দোৱাকৈ চালো তাক৷ মই যিয়ে প্ৰজেক্ট নকৰো তোৰ কি? ভাবিলোঁহে৷ নক’লোঁ৷ তাক কিবা কোৱা মানে হৈ গ’ল আৰু! “ভালপোৱা ইজ অল এবাউট এণ্ডক্ৰাইন’লজি! ডু ইউ ন’ ডেট? ” মই যেন আকাশৰ পৰাহে সৰি পৰিলোঁ৷ ক’ৰ কথা ক’ত লগ লগাইছেহি৷ ই পাগলেই হ’ল হ’বলা! “হেই নৈঋত! লেটছ গ’ ফৰ ৱাণ্ডাৰিং!” মোৰ মেল খাই থকা মুখখন বাওঁহাতেৰে জপাই দি সি গ’লগৈ৷ জানো মই কিহৰ ৱণ্ডাৰিং৷ সি অহাৰ পাছত কেনেকৈ তাৰ মুখ বন্ধ কৰিম তাকে ভাবি ভাবি ব’টানিৰ আগৰ ক্লাছৰ নোটবোৰ চাবলৈ ধৰিলোঁ৷ “নৈঋত ক’লৈ গ’ল? সি ব’টানিৰ ক্লাছ কৰিব নে?” এইজনী কুৰংগনয়নী৷ নৈঋতৰ ডিঙিতে পাৰিলে ওলমিব৷ মই নৈঋতৰ পি এ? ক’বলৈ মন গৈছিল৷ নক’লোঁ৷ বেলেগ কিবা এটা কোৱাৰ আগতেই তাই উঠি গ’ল৷ ভালেই পালোঁ৷ ৰূপালী মেমে প্ৰেক্টিকেল নকৰায়৷ কেমিষ্ট্ৰিৰ ক্লাছলৈ দেৰি আছে৷ হোষ্টেললৈ খোজ আগবঢ়ালোঁ৷ “আজি ব’টানি ক্লাছৰ নোটখিনি দেচোন!” ঘূৰি দেখিলোঁ সি৷ নৈঋত৷ কামোৰ খোৱাৰ আগতেই বহীখন তালৈ দলিয়াই দিয়াৰ দৰে দি মই পলালোঁ৷ “অথনি মোৰ কথাটো আধা হ’ল নহয়৷” আকৌ আৰম্ভ! হোষ্টেললৈ পোনোৱা মোৰ খোজ কেইটা থমাই দিলোঁ৷ “ঋত তই বলিয়াই হ’লি বুজিছ৷ কি কালিৰে পৰা ভালপোৱা ভালপোৱা কৰি আছ? কিবা গৱেষণা কৰিছ যদি এতিয়ালৈ থ’ক নেকি? নিজৰ ক্লাছ কেইটা কৰিব নোৱাৰ৷ ভালপোৱা ভালপোৱা কৰি আছ৷” মোৰ খং উঠিছে৷ “তোৰ কি অনুভূতি আছে৷ তই মৰা জীয়া সমান বুজিছ৷” মোক খোঁচ মাৰি থৈ সি গ’ল৷ খঙত উতলি মই হোষ্টেললৈ বাট ল’লোঁ৷ আকৌ কেমিষ্ট্ৰিৰ ক্লাছত তাক লগ পামেই নহয়! কি আপদ! এৰাব খুজিও নোৱাৰি৷ ( ৩ ) আজি দেওবাৰ৷ হোষ্টেলৰ ভিজিটিং ডে’৷ ভিজিটৰছ ৰূমলৈ অহা-যোৱা চলি থাকে ভিজিটৰৰ৷ পুৱা দহ বজাৰ পৰাই আৰম্ভ সেই ব্যস্ততাৰ৷ সমানে ব্যস্ত হোষ্টেলৰ আবাসীসকল৷ দেওবাৰটো যে আউটিঙৰো দিন৷ হেঁপাহৰ দিন৷ ছয়দিনীয়া দীঘল প্ৰতীক্ষাৰ অন্তত অহা আড়ম্বৰৰ এটা দিন৷ মোৰ বাবে দেওবাৰবোৰ এক বিলাস৷ মোৰ কোনো ভিজিটৰ নাহে৷ আউটিঙত মই কমকৈ যাওঁ৷ হোষ্টেলৰ এক নম্বৰ ৰূমৰ খিৰিকীৰ কাষত বহি মই চাই থাকোঁ মোৰ হোষ্টেলমেটবোৰৰ ব্যস্ততা৷ ভিজিটৰৰ অহা-যোৱা৷ ভাবি থাকো “প্ৰতি দেওবাৰে খবৰ ল’বলৈ মোৰ দেউতা অহাহ’লে!” জানো, বুজোঁ, মই বিচৰাবোৰৰ অপাৰগতা ক’ত! অহেতুক আকাংক্ষা মোৰ নাছিল, নাই৷ হয়তো নহ’বও৷ নিম্ন মধ্যবিত্ত পৰিয়ালৰ জ্যেষ্ঠা কন্যা মই৷ আশাই সম্বল চেৰাই যোৱাৰ আগতেই কথাবোৰ বুজি পাওঁ৷ সেইটোৱে যে অত্যন্ত দৰকাৰী কথা৷ মোৰ উদ্দেশ্য আৰু একমাত্ৰ লক্ষ্য- মোৰ মাৰ্কশ্বিটখন নম্বৰৰ ভৰত লৰচৰ কৰিব নোৱাৰা হ’ব লাগে৷ খিৰিকীৰ কাষৰ পৰা উঠি আহি মেজৰৰ প্ৰেক্টিকেলৰ ছবি আঁকিবলৈ আৰম্ভ কৰোঁ লাহে লাহে৷ কেতিয়াবা ভাবিলে আচৰিত লাগে -কেনেকৈ যে বান্ধি ৰাখোঁ মোৰ মন! যি বিষয় বস্তুত ধ্যান দিব খোজো তাতেই দিব পাৰোঁ৷ মোৰ মনটোৰ কোনো বিদ্ৰোহ নাই৷ বিবেকৰ একান্তই অনুগত মোৰ মন৷ হ’বই লাগিব৷ তাৰ বাহিৰে গত্যন্তৰ নাই৷ প্ৰেক্টিকেলৰ ছবি অঁকাটো, মালৈ; পত্ৰবন্ধুলৈ চিঠি লিখা; এয়াই মোৰ দেওবৰীয়া বিলাস৷ ছবি অঁকা শেষ কৰি নোটবুক এখন উলিয়াই ললো৷ ইয়াতেই গল্প, কবিতা বুলি মনলৈ অহা ভাববোৰ লিখি ৰাখো মই৷ হোষ্টেলৰ প্ৰাচীৰ পত্ৰিকা, কলেজৰ প্ৰাচীৰ পত্ৰিকা, ডিপাৰ্টমেণ্টৰ প্ৰাচীৰ পত্ৰিকা, কলেজৰ আলোচনী সকলোতে মোৰ লিখাবোৰে ঠাই পায়৷ মই সুখী হওঁ৷ “তৰংগিনী, তৰংগিনীঈইইইই” এয়া দেৱলতাৰ মাত৷ লিখিবলৈ কলমটো লৈছিলোঁহে৷ চৰম বিৰক্তিত মুখখন কোঁচ খাই গ’ল৷ কিয়বা চিঞৰিছে মোক! উঠি গ’লো৷ ভিজিটৰ! মোৰ? ! কোন আহিল? দেউতাতো নাহে৷ আহিবলৈ আৰুতো কোনো নাই৷ চুটি ফ্ৰকটো সলাই চুৰিদাৰ এযোৰ পিন্ধিলো৷ ওলাই নগ’লেনো কেনেকৈ জানিম “কোন! ” আশ্চৰ্য্যত ফাটি পৰিলো মই৷ নৈঋত! মোৰ ভিজিটৰ? কিয়বা আহিল ই? লগত আকৌ প্ৰাঞ্জয়! মোৰ ফুটা কপাল! মই কিবা সুধিবলৈ পোৱাৰ আগতেই ব’টানিৰ নোটবুকখন নৈঋতে মোৰ হাতত তুলি দিলে৷ মই জানিবা কালিলৈ কলেজলৈ নাযামহে! হুঁহ! হোষ্টেললৈ আহিবলৈ চেলু লাগে তাক৷ কটা চেনি! নোটবুকখন লৈয়ে ৰূমৰ ফালে মুখ কৰিলো৷ “কালিলৈ কলেজলৈ আহিবি আক’৷ তোৰ লগত এটা বিৰাট ডাঙৰ কথা আছে৷ ” একো নোকোৱাকৈ ৰূমত সোমালোহি৷ ঢেৰ কাম ৰৈ যাব৷ দেওবাৰটোক অথলে যাবলৈ দিব নোৱাৰি৷ ( ৪ ) নৈঋতহঁত যোৱাৰ পাছত লিখিবলৈ বহিলোঁ৷ কিন্তু একো লিখা নহ’ল৷ মোৰ দেওবাৰটো মোৰ হৈ নাথাকিল৷ “ক্কি কৰিছ্ছা তৰংগিনী? ” লোপামুদ্ৰা৷ লেনিয়াই কথা কোৱা, অলপ বেছি জোৰ দি কোৱা এয়া তাইৰ বৈশিষ্ট্য৷ মনে মনে মই তাইক ডাবল লেয়াৰ বুলি কওঁ৷ অলপ খং উঠিল৷ হ’লেও হাঁহিটো ফুটালোঁ৷ জোৰ কৰি৷ কলমটোৰ সাঁফৰখন লগাই থলোঁ৷ দেওবাৰটো হাতৰ পৰা গ’ল মোৰ৷ ভালদৰেই বুজিলোঁ৷ “আজ্জি নৈঋত আহিছিল? ” অঅঅ, কথাৰ গুৰি ক’ৰবাত৷ কাণখন সোপাই দিওঁ নেকি! ? “আহিছিল৷ মোৰ বহী এখন দিবলৈ৷” এষাৰতে মোখনি মাৰিবলৈ চালোঁ৷ “নৈঋত ইম্মান হেণ্ডছুওওওও ন’? মোৰ জান্না তাক যে বৰ ভাল লাগে৷ ” এইবাৰহে এইবাৰ! কোনে বা কাক নচুৱায়? মই প্ৰশ্নবোধক দৃষ্টি দিলো তাইলৈ৷ “কেমিষ্ট্ৰিৰ ক্লাছ কৰি থাকোঁতে তালৈ মই মনে মনে চাওঁ জান্না৷ কেইবাদিনো তাৰ চকুৱে চকুৱে পৰিছ্ছো, বুজিছ্ছা! ? সিয়ো মোক্কেই চায়৷” বাঃ, বেটি ফুল কনফিডেঞ্চত আছা মানে৷ সি নৈঋত! সাৱধান! কেইজনী এতিয়ালৈ এৰিলে মোক সোধা৷ ভাবিলোহে৷ তাইক নক’লো৷ নিজেই গম পাই যাব৷ “তৰংগিনী, তুমি প্ৰাঞ্জয়ক ইয়েছ্ছ কৈ নিদিয়া কিয়? ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা সি তোমাক প্ৰপ’জ কৰি আছে৷ তোমাৰ বাহিৰে সি কাৰো কত্থাই নাভাবে৷ তুমি নাজ্জানাতো কথাবোৰ৷ মোৰ মেজৰমেটক ইম্মান কিয় নেগলেক্ট কৰিছ্ছা?” দেওবাৰটোত আজি দেও লাগিল৷ মোৰ মূৰটো গৰম উঠি গ’ল৷ ভিতৰি ভিতৰি নিজকে চম্ভালিবলৈ অহৰহ চেষ্টা কৰি আছো৷ নকওঁ৷ কাকো বেয়াকৈ নকওঁ৷ কোৱা নাই আজিলৈ৷ তৰংগিনী চাৰিঙীয়া ফুকনৰ সংস্কাৰ এয়া৷ লোপামুদ্ৰাই আৰু কিবা কোৱাৰ আগতে মই কথাবোৰ ঘুৰোৱাৰ চেষ্টা কৰিলো৷ আলোচনা গৈ যোৱা বছৰৰ কলেজ ফ্ৰেচাৰ্ছ পালেগৈ৷ মই স্বস্তিৰ নিশ্বাস পেলালো৷ ভাত খোৱাৰ সময় হ’ল৷ লোপামুদ্ৰা ওলাই গ’ল৷ ময়ো মোৰ কাঁহীখন সাজু কৰিলো৷ ৰূমমেট দুয়োজনী আউটিঙত৷ সিহঁতৰ বাবেও ভাত ৰাখিব লাগিব৷ ভাতৰ কাঁহীবোৰ আনি ঢাকি ৰাখিলো৷ সিহঁত আহিলেহে ময়ো খাম৷ অকলে ভাত খাবলৈ বেয়া লাগে৷ বিশেষকৈ দেওবাৰে৷ হোষ্টেলৰ দুপৰীয়াবোৰ বৰ নিজান৷ কেতিয়াবাহে ব্যতিক্ৰম৷ দেওবৰীয়া দুপৰীয়াবোৰ বেছি নিজান৷ এই নিৰ্জনতাৰ ভাগ প্ৰায় মই অকলেই পাওঁ৷ ৰান্ধনি বাইদেউহঁতো ভাত দি আজৰি হৈ প্ৰত্যেক দেওবাৰে ওলাই যায়৷ নিমাওমাও পৰিৱেশটোক উপভোগ কৰি কৰি মই টিভি ৰূমলৈ খোজ দিলো৷ এসোপা সৰিয়হ গুটিয়ে জিলমিলাই উঠিল টিভি স্ক্ৰিণ৷ টিভিটো অফ কৰি খিৰিকীৰে বাটৰ ব্যস্ততাৰ আলেখলেখ ল’ব ধৰিলো৷ মনলৈ বিভিন্ন কথা ভূমুকি মাৰিব খুজিলে৷ ঘৰলৈ মনত পৰিল৷ পূজাতেই যাম ঘৰলৈ৷ ভাইটিও আহিব তেতিয়াই৷ হোষ্টেল এৰিবৰ হ’ব আৰু লাহেকৈ৷ কথাটো মনলৈ আহিলত কিবা এটা বেয়া লাগিল৷ ইমান আপোন হৈ পৰিছিলো আমিবোৰ৷ ক’ত বা থাকিমগৈ পাছত৷ লগ পামনে বাৰু আকৌ! ? কেনেকুৱা যে লাগে ভাবিলে৷ কেতিয়া আহিছিলো বাৰু মই৷? সৌ সিদিনাৰ যেন হৈ আছে কথাবোৰ! মই অহাৰ দিনা হোষ্টেল প্ৰায় খালি কৰি ছোৱালীবোৰে চিনেমা চাবলৈ গৈছিল৷ চুচুক-চামাক কৰি হল্ডলটো চোঁচৰাই সোমাই আহিছিলো মই৷ ডিগ্ৰী চেকেণ্ড ইয়েৰৰ মোৰ ৰূমমেট ৰৈ গৈছিল অকলে৷ চিনেমা চাবলৈ যোৱা নাছিল তাই৷ গাখীৰত সেন্দূৰ মিহলালে হোৱা ৰং বাজনীৰ৷ ইমান ধুনীয়া৷ পলক নেপেলোৱাকৈ চাইছিলোঁ৷ তাই কৈছিল “ধেৎ! এনেকৈ নাচাবা৷ ” (৫) ধুনীয়া বাজনী আৰু মই, দুয়ো মিলি চোঁচৰাই আনিছিলোঁ মোৰ কিতাপৰ গধুৰ ট্ৰাংঙ্কটো৷ সৰু সৰু বেগ দুটা ময়ে ডাঙি আনিছিলোঁ৷ দেউতা যাবৰ সময় হৈছিল৷ “মই জানো, তোক নতুনকৈ একো শিকাবলগীয়া নাই৷ ভালকৈ থাকিবি৷ ঘৰৰ কথা বেছিকৈ নাভাবিবি৷ লক্ষ্মী ছোৱালী তই৷ ” দেউতাই আৰু কিবাকিবি কৈছিল৷ মোৰ মনটো গধুৰ হৈ পৰিছিল৷ ইয়াৰ আগতেওতো ঘৰৰ পৰা বাহিৰত আছিলোঁ৷ তেতিয়া কিন্তু এনেকুৱা লগা নাছিল৷ তেতিয়া পিছে ভাৰাঘৰত আছিলো৷ লগত আছিল মোৰ প্ৰিয় বান্ধৱী৷ দেউতাক পঠিয়াই দি নিজকে অকলশৰীয়া লাগিছিল৷ লাহে লাহে সকলো ঠিক হৈ গ’ল৷ কি কৰোৱাইছিল বাৰু মোক চিনাকিপৰ্বত?! মনত পৰিছে, মই গান গাইছিলোঁ আৰু বিহু নাচিছিলোঁ৷ হোষ্টেল ফ্ৰেচাৰ্ছত নাচটো আধাতে পাহৰি জিভা উলিয়াই দিছিলোঁ লাজত৷ সকলোৱে উকি মাৰি দিছিল৷ মিছ হোষ্টেল হৈছিলো মই৷ বৰ ভাল লগা অনুভূতি এয়া৷ সময়বোৰ বৰ খৰকৈ পাৰ হৈ গ’ল৷ “য়েছেং বাআআআআআআ”৷ ৰূমমেট দুজনী আহিল৷ সিহঁতে মোক ঘৰত মতা নামটোৰে মাতে৷ মই তললৈ নামি আহিলোঁ৷ “আজি হেনো কোনোবা আহিছিল, জাননে অত্ৰেয়ী?” খবৰ পালে তাৰমানে ইহঁতে৷ আজি মোক কামুৰি থাকিব৷ কলৈ যে পলাওঁ? মই নন্দিনীলৈ ঘোপাকৈ চালোঁ৷ তাই মনে মনে ভাতৰ কাঁহীকেইখন তললৈ নমালে৷ আমি ভাতৰ পাতত বহিলোঁ৷ “আজি চাদলৈ যাবা নেকি য়েছেং বা? ” অত্ৰেয়ীৰ প্ৰশ্ন৷ “চাদত গৈ কি কৰিবা? ” “মিছল চোবাই চোবাই ল’ৰা জোকাম৷” দুয়োজনী সমস্বৰে হাঁহি উঠিল৷ দেওবাৰটোত দেও নহয়, শনিও লাগিল৷ ঠিক বুজিলো মই৷ কথাটো ইহঁতে উলিয়ালে যেতিয়া মোক চোঁচৰাই হ’লেও নিব৷ দেওবাৰটো অথলে যোৱা যেন পাই মই একমিনিট মৌন প্ৰাৰ্থনাই কৰি পেলালোঁ৷ বৰ দিগদাৰী৷ উপায় নাই! “একো নহয় দিয়া৷ বেছি সময় নবহোঁ৷ ” মোক আশ্বস্ত কৰাৰ চেষ্টা দুয়োৰে৷ “যাম বাৰু৷ অলপ বাগৰ দি লওঁ দেই৷” “তুমি বাগৰা৷ আমি তোমাক জগাই দিমহি৷” দুয়ো ওলাই গ’ল৷ মই বিছনাত পৰিলোঁ৷ বিশেষ একো কাম নহ’ল আজি৷ নৈঋতৰ ওপৰতে খং উঠিল৷ এৰাব খুজিও এৰাব নোৱাৰি তাক৷ মোৰ একমাত্ৰ মেজৰমেট সি৷ অহৌবলিয়া ক’ৰবাৰ! “হাই! আম নৈঋত৷ ” ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ মেজৰ ক্লাছত নিজৰ নাম কৈ হাত এখন আগবঢ়াই দিছিল ল’ৰাটোৱে৷ ক্লাছ আৰম্ভ হোৱাৰ কেইদিনমান পিছতহে ওলাইছিলহি ল’ৰাটো৷ “আই এম তৰংগিনী চাৰিঙীয়া ফুকন৷” মই নমস্কাৰ দিছিলোঁ মোৰ সংস্কাৰ মতে৷ আগবঢ়াই দিয়া হাতখন বিশেষ কায়দাৰে চুলিত বোলাই সি ক’লে “থৰংগিনী৷ নাইচ নেইম৷ ” “ইটছ তৰংগিনী৷ টি ত তৰংগিনী৷ নট থৰংগিনী৷ ” মই শুধৰালোঁ৷ তেনেকুৱাতে ঋষি দাস চাৰ সোমালহি৷ ৰোল কল আৰম্ভ কৰোঁতেই চাৰৰ কলমৰ ৰিফিল শেষ৷ “থৰংগিনী, ডু ইউ হেভ এন এক্সট্ৰা পেন? ” চাৰলৈ কলম এটা আগবঢ়াই দিলোঁ৷ ক্লাছৰ শেষত নৈঋতে মোক ক’লে “চাৰকো তোমাৰ নামটো শুদ্ধকৈ শিকাই নিদিলা কিয়? ” এইডাল মহা কামোৰ মানে৷ তেতিয়াই গম পাইছিলোঁ৷ মেজৰৰ ষ্টুডেণ্ট আছিলো আঠটা৷ তিনিজনী ছোৱালী৷ পাঁচটা ল’ৰা৷ ছমাহমান ক্লাছ কৰি দুজনী ছোৱালী নহা হ’ল৷ ছোৱালীৰ নামত থাকিলোঁগৈ মই৷ পাৰ্ট ওৱান দিয়াৰ পাছত দুটা ল’ৰাই মেজৰ এৰিলে আৰু দুটাই মাইক্ৰ’বায়’লজি পঢ়িবলৈ গ’ল৷ থাকিল নৈঋত৷ এতিয়া মোৰ উপায় নাই৷ কুৱেশ্বন পেপাৰৰ পৰা আদি কৰি নোটলৈকে মই তাক ভাগ দিব লাগে৷ কিবোৰ যে মনলৈ আহিছে৷ মই টোপনি যাবলৈ চেষ্টা কৰিলোঁ৷ “য়েছেং বা উঠা৷ ” অত্ৰেয়ী আৰু নন্দিনীয়ে মোৰ গাত জোকাৰি আছে৷ লাহেকৈ উঠি বহিলোঁ৷ “সোনকাল কৰা আক’৷ চানাৱালাটো আহিলেই৷ অলপ পিছত আন্ধাৰেই হ’ব৷” চাদলৈ যোৱাৰ কথাটো পাহৰিছিলোঁৱে৷ ইহঁতেও পাহৰাহ’লে! মুখখন ধুই চাবে বহিলোঁগৈ৷ অত্ৰেয়ীয়ে মিছল কিনি আনিলে৷ “সৌটো প্ৰাঞ্জয় দা৷” অত্ৰেয়ীৰ মাতত ইফালে-সিফালে চালোঁ৷ প্ৰাঞ্জয় আকৌ কিয় আহিল?! নাই৷ হোষ্টেললৈ অহা নাই৷ হোষ্টেলৰ কাষেদি ক’ৰবালৈ গৈছে৷ নন্দিনীয়ে চিঞৰিছিলেই৷ মই তাইৰ মুখত সোপা মাৰি ধৰিলোঁ৷ “মই নামি যাম এতিয়াই৷” “নাযাবাচোন৷!” অত্ৰেয়ীয়ে লেনিয়ালে৷ উপাই নাই ইহঁতৰ পৰা৷ বহি থাকিলোঁ৷ নন্দিনীক গান এটা গাবলৈ ক’লোঁ৷ তাই গালে “পুৰাণী জীনছ অঔৰ গিটাৰ৷” মোৰ প্ৰিয় গান৷ সন্ধ্যা নামিল৷ প্ৰাৰ্থনাৰ সময় হ’ল৷ নমি আৰু তাইৰ জুনিয়ৰ গেংটোৱে প্ৰেয়াৰ গ্ৰাউণ্ডত কেলকেলাই আছে৷ বৰ বিন্দাছ এই ছোৱালীজনী৷ তাইৰ দৰে মই হ’ব পৰা হ’লে৷ বহু কথা বেলেগ ধৰণৰ হ’লহেঁতেন তেতিয়া৷ “তোমাক দুটামান কথা সুধিম দেই য়েছেং বা৷ ” ৰাতি ভাত খাই থাকোঁতে নন্দিনীয়ে ক’লে৷ মই সন্মতিসূচকভাৱে তাইলৈ চালোঁ৷ বাচন ধুই থাকোঁতে ৰুণজুন আৰু ধৰিত্ৰীক পালোঁ৷ “আজি কোনোবা আহিছিল বোলে৷ “ কথাষাৰ কৈ সিহঁত দুয়োজনীয়ে মোলৈ চালে৷ মই একো নক’লোঁ৷ ক’লে চাগে নমিয়েই ইহঁত দুয়োজনীকে৷ নমিৰ জুনিয়ৰ গেঙৰ অন্যতম সদস্যা ইহঁত৷ আজি মানে প্ৰাঞ্জয় অহাটো হট নিউজ হৈ আছে৷ নৈঋতৰ ওপৰত মোৰ আকৌ খং উঠিল৷ মই সদায় সোনকালে শুওঁ আৰু সোনকালে উঠোঁ৷ বাচন ধুই গৈয়ে ৰূমত বিছনা ঠিক ঠাক কৰিবলৈ ল’লোঁ৷ নন্দিনী কাষ চাপি আহিল৷ “ন, য়েছেং বা৷ তুমি প্ৰাঞ্জয় দাক ইমান কিয় বেয়া পোৱা? ” তাইৰ সুধিবলগীয়া কথাটো এইটোৱেই তাৰমানে! কিবোৰ যে হৈ আছে আজি?! আঁঠুৱাখন আধা তৰাকৈ মই বিছনাতে বহিলো৷ “তুমি তাক ভাল নাপাওঁঁঁ বুলি কৈ নিদিয়া কিয়?” অত্ৰেয়ী কাষ চাপি আহিল৷ মই একো নক’লোঁ৷ ক’বলৈ মন নগ’ল৷ মোৰ হেঁপাহৰ দেওবাৰটোৱে আজি মোক টেঙা লগাই দিলে৷ খৰধৰকৈ আঁঠুৱা তৰিলোঁ৷ আঁঠুৱাৰ ওপৰত কাপোৰ এখন দি মই আঁঠুৱাৰ ভিতৰত সোমালোঁ৷ ইহঁত দুজনীয়ে সদায় দেৰিলৈকে পঢ়ে৷ সেয়ে মই আঁঠুৱাৰ ওপৰত কাপোৰ এখন দি লওঁ৷ পোহৰৰ তীব্ৰতা কমাবৰ বাবে৷ বিছনাত পৰিলোঁহে৷ টোপনি নাহেহে নাহে৷ প্ৰাঞ্জয়ৰ কথাই ভাবিলোঁ৷ কিয় লাগি আছে ইমানকৈ মোৰ পাছত? ইমান ধৈৰ্য্য নে? বাৰে বাৰে না কৰাৰ পাছত কিহৰ অপেক্ষাত আছে সি? নৈঋতৰ হাততেই সি মোলৈ প্ৰথমবাৰ প্ৰস্তাৱ দিছিল৷ এসোপা চকলেট আৰু এপাহ ৰঙা গোলাপ৷ মই হাতেৰে সেইবোৰ চুই চোৱা দূৰ কথাখিনিও ভালদৰে নুশুনিলোঁ৷ খঙত কঁপিছিলোঁ সিদিনা মই৷ কলেজৰ পৰা আহি বহুসময় গা ধুই আছিলোঁ৷ খং কমক বুলি৷ কেমিষ্ট্ৰি ক্লাছ এটাৰ শেষত এদিন নৈঋতেই তাৰ সতে চিনাকি কৰাই দিছিল৷ সৌজন্যৰ খাতিৰত মই মাত্ৰ নমস্কাৰটোহে দিছিলোঁ৷ তাৰ পাছত কলেজত সিয়ে আগতে মাতে৷ চিনাকি হোৱাৰ এমাহ নৌহওঁতেই প্ৰেমৰ প্ৰস্তাৱ৷ আচৰিত লাগে মোৰ, এনেকুৱাও হ’ব পাৰে নে? ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা একেটা প্ৰস্তাৱৰ উত্তৰ দি দি আমনি লাগিছে মোৰ৷ আমনি লগা নাই প্ৰাঞ্জয়ৰহে৷ কথাবোৰ বেছি বাঢ়ি গৈছে নেকি বাৰু মই নজনাকৈ! কিবা এটা ভয় ভয় লাগিল৷ প্ৰাঞ্জয়ে আজিলৈ মোক মুখা-মুখিকৈ প্ৰস্তাৱ দিয়া নাই৷ সদায় আনৰ হাততহে আহে প্ৰেমৰ প্ৰস্তাৱ৷ ময়ো তেনেকৈয়ে না কৈ পঠিয়াওঁ৷ তাক ভালদৰে কথাবোৰ বুজাই দিব লাগিব৷ বুজাই দিয়াটো দৰকাৰ৷ কথাবোৰ বতাহ৷ উৰি উৰি ক’ত বা পায়গৈ কোনে জানে? ! দেউতাৰ মুখখন মনত পেলাই মই শুবলৈ চেষ্টা চলালোঁ৷ (৬) “তৰংগিনী, সহায় এটা লাগিছিল৷“ কলেজৰ গেটত ভৈৰৱক পালোঁ৷ আমাৰ ফালৰে ল’ৰা৷ প্ৰাথমিক পৰ্য্যায়ৰ পৰা হায়াৰ চেকেণ্ডাৰীলৈ আমি একেলগে পঢ়িছিলোঁ৷ হায়াৰ চেকেণ্ডাৰীত সি কলাৰ আছিল৷ এতিয়া ইংলিছ মেজৰ৷ অহা মাহৰ পোন্ধৰ তাৰিখে শিক্ষক সোঁৱৰণি বক্তৃতানুষ্ঠান৷ সি কবিতা আবৃত্তি কৰিব৷ মই ভায়’লিনেৰে সংগত কৰিব লাগে৷ “চাওঁচোন! মই বহুদিন বজোৱাই নাই নহয়৷ ঘৰলৈ গ’লেহে সেইখনত ধৰোঁ৷ ঘৰতেই আছে৷” “পাৰিবি দে৷ তইতো ভাল বজাৱ৷ কিয়নো এৰিছ? নেৰিবি৷ তোৰ হেঁপাহৰ নহয়জানো ভায়’লিনখন? লগত ৰখা নাই যে?!” ভৈৰৱৰ চকুত বিস্ময়৷ “ভাবি চাওঁ ৰ’৷” তাক এৰি আগবাঢ়িলোঁ৷ “চাওঁ নহয়৷ বজাবি৷ সোনকালেই প্ৰেকটিছ আৰম্ভ কৰিব লাগিব৷” সি চিঞৰিলে৷ ঘূৰি চাই ইংগিতেৰে তাক মনে মনে থাকিবলৈ ক’লোঁ৷ কোনেও নাজানে ইয়াত মই যে ভায়’লিন বজাব জানো৷ প্ৰসংগও অহা নাই৷ ময়ো কোৱা নাই৷ ভায়’লিনখন বৰ মৰমৰ মোৰ৷ এপাক বজাই চাবলৈ তীব্ৰ হেঁপাহ জন্মিল৷ “তোৰ লগত এটা বিৰৰৰাট ডাঙৰ কথা আছে৷ ” “লোপামুদ্ৰাৰ? ” “তই কেনেকৈ জানিলি? ” নৈঋত উঠি গৈ ব্লেকবৰ্ডখনৰ ওচৰ পালেগৈ৷ “তাই তোৰ কথা সুধিছিল৷” “বিদ্যা? ! ” নৈঋতে ইয়েই বুলি চিঞৰ এটা মাৰি শ্বাহৰুখৰ ষ্টাইলত হাতদুখন মেলি দিওঁতেই সোমাই অহা ঋষি দাস চাৰৰ গাতে লাগিল৷ ক্লাছ কৰি ওলাই গৈছিলহে চাৰ৷ ! আকৌ বা কিয় আহিল! “ৱাটছ গইং অন থৰংগিনী? ” চাৰে মোকে সুধিলে৷ “নাথিং চাৰ৷ নৈঋত ইজ জাষ্ট ট্ৰাইং টু চিং এ চং৷ ” “ইজ ডেট এ লাভ চং? ! হমমমম! দিছ ইজ দা হাই টাইম টু চিং লাভ চংচ৷ বাট৷ ডণ্ট ফৰগেট ইয়ৰ ডিউটি৷ ইয়ৰ প্ৰায়’ৰিটি৷ আই ৱিল কাম লেটাৰ৷” পাক লগোৱা হাঁহি এটা মাৰি চাৰ ওলাই গ’ল৷ “অই পাগল! চাৰে কি কৈ গ’ল? তই মোৰ ইমেজ বেয়া কৰিছ৷” “বাদ দে৷ এইটো পেকেটটো ল’৷” “কিয় দিলি? ” “তোক দিয়া নাই যাহ! লোপামুদ্ৰাক দিবি৷” “তই যে ঘনাই গাৰ্লফ্ৰেণ্ড সলাৱ আৰু পিয়ন যে মই হ’ব লাগে কিয়? ” “তই বৰ নিমাখিত৷ তই কথাবোৰ কৈ নুফুৰ৷ আৰু তই সহজে না ক’ব নোৱাৰো কাকো৷ কিন্তু প্ৰাঞ্জয়কহে তই …..৷ ” তাৰ কথাটো শেষ হোৱাৰ আগতেই মই খঙত ওলাই আহিলোঁ৷ খঙত চকুপানী ওলাই আহিল মোৰ৷ অফ পিৰিয়ডত কমন ৰূমৰ বাথৰূম এটাতে সোমাই থাকিলোঁ৷ “ছৰী৷“ ব’টানিৰ ক্লাছৰ পাছত এয়া নৈঋত৷ মই তাৰ সতে একো কথা নাপাতিলোঁ৷ মেজৰ প্ৰেক্টিকেলত ক্ৰেবৰ নাৰ্ভাছ চিষ্টেম উলিয়াব নোৱাৰি যুঁজি থাকিলোঁ বহুপৰ৷ হ’লেও তাক নামাতিলোঁ৷ সি নিজৰ স্বভাৱজাত ভাৱে কিবাকিবি কৈ থাকিল৷ কথাবোৰ মোৰ মূৰৰ ওপৰেদি গ’লগৈ৷ “কি ভাবিলি?” ভৈৰৱ গেটৰ মুখতে ৰৈ আছিল৷ “কালিলৈ ক’ম৷” “বজাম বুলি ক’বি দেই আই৷” ভৈৰৱক তাতে এৰি মই আগবাঢ়িলো হোষ্টেল অভিমুখে৷ মোৰ খং কমাবলৈ মই মূৰ গা ভালকৈ ধুব লাগিব৷ মোৰ ব্যক্তিগত আৱেগ অনুভূতিবোৰ আনৰ আগত প্ৰকাশ পোৱাটো মই মুঠেও পচন্দ নকৰোঁ৷ এনেকৈয়ে গঢ়িছোঁ মই মোক৷ (৭) এইকেইদিন মই একদম নীৰৱতা অৱলম্বন কৰিছোঁ৷ নৈঋতে মোৰ সতে সহজ হ’বলৈ চেষ্টা চলাই আছে৷ মই কেৱল যি সোধে তাৰহে উত্তৰ দিছোঁ৷ অফ পিৰিয়ডত আগৰদৰে কলেজত নাথাকোঁ৷ চিধাই হোষ্টেল৷ মেজৰ ক্লাছৰ পাছত ব’টানিৰ ক্লাছ৷ মাজত অফ৷ ব’টানি ক্লাছৰ পাছত কেমিষ্ট্ৰিৰ ক্লাছ৷ গম পালোঁ আজি ব’টানিৰ ক্লাছো নহয়৷ মই হোষ্টেললৈ যাবলৈ ওলালোঁ৷ “এইফালে আহ৷” নৈঋতে আগভেটি ধৰিলে৷ মই তাক গুৰুত্ব নিদিলোঁ৷ “আহ বুলি কৈছোনে!” মোৰ হাতত ধৰি টানি নিয়াৰ দৰে নিলে সি৷ কোনোবাই দেখিছে বুলি ভয় লাগিল মোৰ৷ মেজৰৰ ক্লাছৰূমৰ বেঞ্চ এখনত ঠেকেচ মাৰি বহুৱাই দিলে মোক৷ “তোৰ আচলতে হৈছে কি তৰংগ? ” “একো হোৱা নাই৷” মই যাবলৈ উঠিলো৷ “তই কি বুলি ভাব হাঁ নিজকে?” নৈঋতৰ মাতত মই ৰৈ গ’লো৷ “তই এজনী জেদী, অহংকাৰী আৰু আত্মকেন্দ্ৰিক ছোৱালী৷ তই কেৱল নিজক চিনি পাৱ৷ আনৰ আৱেগ অনুভূতিৰ কোনো মূল্য নাই তোৰ ওচৰত৷ ভালপোৱা কি বুজিব পৰাকৈ তোৰ কোনো অনুভূতি নাই৷ তই মৰা বা জীয়া একে কথা৷” এনেকৈ কথাৰে আঘাত কৰা যায় নে কাৰোবাক? খঙত মই একো নাই হৈ পৰিলোঁ৷ নৈঋত যাব খুজিছিল৷ এইবাৰ মই বাট ভেটি ধৰিলোঁ৷ “কি ক’লি তই? মই আত্মকেন্দ্ৰিক৷ কিবা এটা কৰাৰ আগতে দহবাৰ ভাবিলে, মোৰ মা-দেউতাৰ কথা ভাবিলেই যদি মই আত্মকেন্দ্ৰিক হৈ পৰোঁ, তেন্তে হয় মই আত্মকেন্দ্ৰিক৷ মোৰ লক্ষ্য স্থিৰ কৰি একোতে বিচলিত নোহোৱাটো যদি জেদ হয় তেন্তে, হয় মই জেদী৷ ভীষণ জেদী৷ কোনোৱাই দিয়া ভালপোৱাৰ প্ৰস্তাৱ নাকচ কৰিলেই যদি মোক অহংকাৰী বোল তেন্তে হয় মই অহংকাৰী৷ মই তোৰ দৰে ফৰ হুইলাৰ চলাই কলেজলৈ নাহো৷ মোৰ কলেজৰ খৰচ যোগাবলৈ মা দেউতাৰ কিমান কষ্ট হয় সেয়া মই বুজোঁ৷ সোণৰ চামুচ মুখত লৈ মই জন্ম লোৱা নাই৷ মোৰ হাতত এটাই অপশ্বন, মই পঢ়িব লাগিব, পঢ়িবই লাগিব৷ মোৰ মাৰ্কশ্বিট গধুৰ হ’বই লাগিব৷ কি কৈছিলি তই? লাভ ইজ অল এবাউত এণ্ডক্ৰাইন’লজি৷ ইয়েছ, ইট ইজ অল এবাউট হ’ৰমন৷ এণ্ড মাই অভেৰিজ আৰ নট চিক্ৰিটিং এষ্ট্ৰজেন ফ’ৰ ডিছ৷ মাই আদাৰ এণ্ডক্ৰাইন গ্লেণ্ডজ আৰ নট চিক্ৰিটিং এড্ৰিনেলিন, ড’পামিন, চিৰ’টনিন ফ’ৰ প্ৰাঞ্জয়৷ ৱাট টু ডু ডেন? শ্বুড আই গ’ ফ’ৰ এ ফেইক ৰিলেশ্বনশ্বিপ? আই হেভ গুড কণ্ট্ৰল অন মাই এণ্ডক্ৰাইনজ৷ ডেটছ ইট৷ নেভাৰ এভাৰ ট্ৰাই টু কনকুৱেৰ মি ৱিথ ইউৰ ৱৰ্ডজ৷ ৱাট এভাৰ আই এম, আই এম হেপ্পী ৱিথ মাই এক্সিছটেঞ্চ৷” “আৰু শুন৷ দেউতাৰ হাড়ক মাটি আৰু তেজক পানী কৰা শ্ৰমবোৰ মোৰ বাবে ভালপোৱা৷ মোক দেখিলে উজ্জ্বলি উঠা ভাইটিৰ মুখখন মোৰ বাবে ভালপোৱা৷ মোৰ সুখত সুখী, মোৰ দুখত দুখী মা মোৰ ভালপোৱা৷ মা -দেউতাই মোৰ ওপৰত কৰা আশাবোৰ মোৰ বাবে ভালপোৱা৷ মোৰ প্ৰতিটো ৰিজাল্টৰ পাছত দেউতাই কৰা গৰ্ববোৰ মোৰ ভালপোৱা৷ তাৰ পাছতো কোনোবাই মোক আত্মকেন্দ্ৰিক বুলিলে বোলক৷ টকা বেছি নাথাকিলেও একোৰে অভাৱ নোহোৱাকৈ সুখত আছো৷ মা-দেউতাৰ ব্ন্ধুসুলভ ব্যৱহাৰ পাইছোঁ, সেয়াই মোৰ অহংকাৰ৷ যিকোনো পৰিস্থিতিতেই ঘৰখন ঘৰ কৰি ৰাখিম, এয়া মোৰ জেদ৷ কিবা বুজি পালি নে নৈঋত বৰপাত্ৰ গোঁহাই? নাই পোৱা যদি ঘৰত মোৰ কথাবোৰ অকলে ভাবিবিগৈ৷ নহ’লে তোৰ বন্ধু প্ৰাঞ্জয়ক সুধিবিগৈ৷ কথাৰে নোকোবাবি মোক৷” দুচকু ডাঙৰ কৰি নৈঋতে চাই আছিল মোক৷ এনেকৈ ৰিপ্লাই পাম বুলি সি চাগে ভবা নাছিল৷ একেলেথাৰিয়ে কথাবোৰ কৈ মোৰ ফোঁপনি উঠিল৷ আজিলৈ কাকো এনেকৈ কোৱা নাছিলোঁ৷ ক’ব লগা হোৱাত বেয়া লাগিছে৷ কিন্তু কোৱাটো প্ৰয়োজন আছিল৷ মই কেমিষ্ট্ৰি ক্লাছলৈ বুলি উঠিলোঁ৷ বেঞ্চত লাগি চূৰ্ণিখনৰ পিন এটা খোল খালে৷ নৈঋতে ক’লে -“পিনটো লগাই ল’৷ মানুহে বেলেগ বুলি ভাবিব৷” অহৌবলিয়াটো ক’ৰবাৰ! দুৱাৰমুখত প্ৰাঞ্জয়৷ সি শুনিলে চাগে কথাবোৰ৷ শুনাটোৱে ভাল৷ হনহনাই ক্লাছ ৰূমত বহিলোঁগৈ৷ আজিলৈ আৰু একো ক্লাছ নাই৷ যাবলৈ লৈ দেখিলোঁ বাৰাণ্ডাৰচিৰিত ভৈৰৱ৷ “কি ভাবিলি তই? ” “বজাম৷ কিন্তু ভায়’লিন? ” একেআষাৰে ক’লো মই৷ “তোৰখনকে লৈ আহিম৷ কালিলৈ মই ঘৰলৈ যাম৷” “বঢ়িয়া৷ প্ৰেকটিছ?” “গৌতমৰ ঘৰত৷ সি কীবৰ্ড বজাব৷ তোৰ কাৰণে হোষ্টেল চুপাৰৰ পাৰমিশ্বন লোৱা হৈ গ’ল৷ আবেলি আবেলি৷ ডান? ” “অকে ডান৷ কিন্তু তই এতিয়াই কথাটো কাকো ক’ব নোৱাৰিবি৷ ইয়াত তোৰ বাহিৰে মই ভায়’লিন বজোৱাৰ কথা কোনো নাজানে৷ আৰু কেমিষ্ট্ৰিৰ টিউশ্বন থকাৰ দিনা মই নোৱাৰিম৷ বুজিলি৷! ” “তেনেহ’লে অল্টাৰনেট ডে? ঠিক আছে৷” ভৈৰৱক তাতে এৰি মই আগবাঢ়িলোঁ৷ বৰষুণ দি আছে৷ আজি ছাতিও নানিলোঁ৷ ৰওঁ নে যাওঁ? নৈঋত আহি ওচৰতে ৰ’লহি৷ তাৰ ফালে নোচোৱাকৈ মই বৰষুণৰ মাজেদি আহি হোষ্টেল পালোঁহি৷ বেগটো বাৰাণ্ডাতে থৈ মই অলপ সময় বৰষুণত তিতি থাকিলোঁ৷ খং আৰু দুখ মোৰ মনত একাকাৰ হৈ ভৰ কৰি আছিল৷ ধুৱাই নিয়ক বৰষুণে সকলো৷ হঠাৎ অহা বৰষুণজাকত তিতাৰ বাবেই চাগে ৰাতিলৈ মোৰ জ্বৰ উঠিল৷ কাকো একো নোকোৱাকৈ টেবলেট এটা খাই মই শুই পৰিলো৷ অৰ্দ্ধ চেতন অৱস্থাত দেখিলোঁ -দেউতাই মোলৈ চাই হাঁহিছে৷ মই ক’লো –“মোক ভুল নুবুজিবা দেউতা৷ মই বিচলিত হোৱা নাই৷ বিচলিত নহওঁ৷” অত্ৰেয়ীয়ে গাত ধৰি জোকাৰি দিলে৷ সপোন দেখিলোঁ বুলি কৈ মই শুই পৰিলোঁ৷ (৮) জ্বৰ গাত আছেই৷ হ’লেও কলেজলৈ ওলালোঁ৷ নন্দিনীহঁতে মানা কৰিছিল৷ মই ক’লো “একো নহয় দিয়া৷ কিবা হ’লে তোমালোক আছাই নহয়৷” ফাৰ্ষ্ট ক্লাছটোৱে মেজৰৰ প্ৰেক্টিকেল৷ ফৰ্মেলডিহাইডৰ গোন্ধ পাই মোৰ পেটৰ নাড়ী ভুৰু সোপাকে ডাং খাই আহিল৷ তাতে ৰাতি মোৰ ভালদৰে খোৱাও হোৱা নাছিল৷ বেচিনত মুখ পাতি মই ওকলিয়াবলৈ ধৰিলোঁ৷ নৈঋত কাষ চাপি আহিব ধৰোঁতে মই ইংগিতেৰে বাধা দিলোঁ৷ মুখখন ধুই অলপ পানী খালোঁ৷ “তোৰ গাটো বেয়া চাগে৷ চকুহাল ইমান ৰঙা হৈ আছে৷ তই যাগৈ নহ’লে৷ মই মেমক কওঁ ৰ’৷ ক্লাছ কেন্‌ছেল কৰক৷” “মই ভালে আছোঁ৷” নৈঋতে মোলৈ চালে৷ একো নক’লে৷ তাৰ পাছত মোৰ গা বেয়া লগাটো আনে গম নাপাবলৈ মই যৎপৰোনাস্তি চেষ্টা চলালোঁ৷ ক্লাছ কি কৰিলোঁ মোৰ কিন্তু একো মনত নাই৷ মেজৰ প্ৰেক্টিকেল কৰি ওলোৱাৰ পাছত নৈঋত মোৰ ওচৰে পাজৰে থাকিল৷ মোৰ আৰু তাৰ মাজত কিন্তু এটা বাক্যৰো বিনিময় নহ’ল৷ হোষ্টেললৈ আহোঁতেও সি মোক দূৰৰ পৰা চাই থাকিল, বাটত পৰি যাম বুলি চাগে! ভৈৰৱ আজি ঘৰলৈ গৈছে৷ বহুদিনৰ মূৰত মোৰ হেঁপাহটোক আটোলটোলকৈ বুকুৰ মাজত ল’ম৷ মাৰ এখন চিঠিও পাম৷ দেহ আৰু মনৰ হাজাৰ কষ্টৰ মাজতো মই সুখী হৈ উঠিলোঁ ক্ষণিকতে৷ ৰাতিলৈ গা ভাল হ’ল মোৰ৷ জোৰকৈ ভাত দুটামানো খালোঁ৷ মোৰ হেঁপাহৰ ভায়’লিনখন বজাবলৈ মই ভালে থাকিবই লাগিব৷ “য়েছেং বা, তোমালোকে কি কবিতা আবৃত্তি কৰিবা নো? ” “নাজানো অত্ৰেয়ী৷ ভৈৰৱেহে থিৰাং কৰিব৷ মই সংগ দিম আৰু৷” কোৱা নাই ইহঁতক৷ নকৈ বেয়াও লাগিছে৷ হ’ব৷ গম পাবই নহয়৷ মই বিছনাত উঠিলোঁ৷ নিজকে ক’লোঁ “মই ভালে থাকিবই লাগিব৷ মই ভালে আছোঁ৷ ভালে থাকিম৷” বহুদিনৰ মূৰত এখন মঞ্চত ভায়’লিন বজোৱাৰ সুখটোৱে এটা সুন্দৰ টোপনি আনি দিলে৷ “এয়া ল’৷ ”কলেজৰ গেটত ভৈৰৱৰপৰা পেকেট এটা হাত পাতি ল’লো৷ “ঘৰত ভাল নে আটাইৰে? আৰু তহঁতৰ ঘৰত? ” “ভাল সকলোৰে ভাল৷ তহঁতৰ ঘৰতো আৰু আমাৰ ঘৰতো৷ শুন, ভায়’লিনখন গৌতমৰ ঘৰত থ’লো৷ ” “ভালেই কৰিলি৷ পিছে, গৌতমে কাকো কৈ নিদিয়েতো৷ ? ” “নকয়, নকয়৷ তই চিন্তা নকৰিবি৷ মই তাক বুজাই দিছোঁতো৷ তয়ো কিন্তু বৰ আচৰিত দেই৷ ইয়াৰপৰা যাবৰে হ’ল অথচ তোৰ হেষ্টেলমেটবোৰেই নাজানে তই যে ভায়’লিন বজাৱ৷ তই বি মিউজ কৰি থৈছ বুলি মই কৈ দিম নি সবকে? ” “নক’বি৷” মই ভৈৰৱক চকু পকাই ধৰিলোঁ৷ “হ’লোঁ আৰু কিবাকৈ বি মিউজ৷ সিইবুলি সবকে কোৱাৰ প্ৰয়োজন ক’ত৷ ? হেঁপাহ আছিল দেউতাৰ৷ মই পূৰালো৷ কিনো ডাঙৰ কথা৷ আৰু নিজৰ বিষয়ে কৈ ফুৰা মানুহ নহয় দে মই৷” “জাআআআনো তই কি? তইহে জান৷” তাৰ কথাত মই একো নক’লোঁ৷ “কালিলৈ তোৰ কেমিষ্ট্ৰিৰ টিউশ্বন আছে নে? ” “নাই৷” “বঢ়িয়া৷ কাইলৈৰ পৰা প্ৰেকটিছ৷ কাইলৈ আবেলি পাঁচ বজাত পোৱাকৈ গৌতমৰ ঘৰলৈ যাম৷ তোলৈ কলেজ গেটতে ৰ’ম মই৷ ডান৷” “ডান৷” কিবা এটা ভাল লগাই মোৰ খোজবোৰ মাটিত পৰিবলৈকে নিদিলে৷ খৰধৰকৈ আহি ইউনিফৰ্ম নসলোৱাকৈয়ে পেকেটটো খুলিলো৷ মাৰ চিঠিখন পাইহে শান্তি৷ মায়ে এযোৰ কাপোৰো দি পঠিয়াইছে৷ মায়ে নিজহাতে বোৱা হালধীয়াত সেউজীয়া আৰু বেঙুনীয়া ফুল বচা মেখেলা চাদৰ যোৰ৷ মোৰ মনটো ভাল লাগি গ’ল৷ মায়ে কেনেকৈ জানিলে মোক এযোৰ মেখেলা চাদৰ প্ৰয়োজন হ’ব পাৰে বুলি৷ মাৰ চিঠিখন মেলিলোঁ৷ শুঙি চালো৷ মা মা গোন্ধ এটা পোৱা যেন লাগিল৷ মই মিচিকিয়ালোঁ৷ ক্লাছ, প্ৰেক্টিকেল সকলো ঠিকেই চলি আছে৷ আগৰ দৰেই৷ ঠিকে নাই মোৰ আৰু নৈঋতৰ মাজৰ সম্পৰ্ক৷ তাৰ লগতে ক্লাছ কৰোঁ, কিন্তু নিতান্তই প্ৰয়োজন নহ’লে এটা বাক্যৰো বিনিময় নহয় আমাৰ৷ নৈঋতে সেইদিনাৰ ঘটনাৰ পাছত মোক ছৰী ক’ব বুলি ভাবিছিলোঁ৷ কোৱা নাই৷ সি মোৰ মুখলৈও প্ৰায় নাচায়৷ অনুশোচনা হৈছে নে লাজ পাইছে নাজানো৷ মোৰ মনত নৈঋতৰ প্ৰতি থকা খং, ক্ষোভ কমা নাই৷ সি ছৰী ক’লেই মই পিছে তাক সততে ক্ষমা কৰিব নোৱাৰিম৷ আজি চৈধ্য তাৰিখ৷ আজি আমাৰ ফাইনেল ৰিহাৰ্ছেল৷ আবেলি পাঁচ বজাৰ লগেই লগেই আমি গৌতমৰ ঘৰত হাজিৰ৷ আজিৰ ৰিহাৰ্ছেলটো গৌতমৰ খুৰাকৰ ষ্টুডিঅ’ত৷ তেওঁ হেনো ৰেকৰ্ডিং কৰিব৷ আমি আৰম্ভ কৰিলো৷ ভৈৰৱে উদাস্তুকণ্ঠে আবৃত্তি কৰি গ’ল কাঞ্চনজংঘাৰ বুৰঞ্জী৷ ভৈৰৱৰ কণ্ঠৰ সমুখত মোৰ ভায়’লিন বাদন তেনেই তুচ্ছ যেন অনুভৱ হ’ল! ৰেকৰ্ডিং শুনি খুৰাই ক’লে “বাঃ অপূৰ্ব!” মোৰ মনটো ভাল লাগি গ’ল৷ মনটো উগুল থুগুল লাগি আছে৷ যদিওবা ভায়’লিন মই প্ৰথমবাৰৰ বাবে বজাবলৈ লোৱা নাই তথাপি মোৰ বুকুখন ঢুকঢুকাই উঠিছে৷ পুৱা দহ বজাৰ পৰা অনুষ্ঠানৰ শুভাৰম্ভ৷ মই ন বজাৰ পৰাই কাপোৰ পিন্ধা আৰম্ভ কৰিলো৷ বহুদিন পিন্ধা নাইযে! বহু সময় যুঁজি যুঁজি মনে বিচৰাৰ দৰে কাপোৰযোৰ পিন্ধা হ’ল৷ হোষ্টেলৰ বাকীসকলে ইউনিফৰ্ম পিন্ধিছে৷ “কিবা এটা কম কম লাগিছে৷ ” মোলৈ চাই নন্দিনীয়ে মাত লগালে৷ “বুজিলোঁ৷ ” অত্ৰেয়ীয়ে টান মাৰি বিছনাত বহুৱাই ল’লে৷ “লৰচৰ নকৰি বহি থাকা৷ তোমাৰ দুচকুত কাজল বোলাই দিওঁ৷ অত্ৰেয়ীয়ে নিজৰ মেক আপ বক্স উলিয়ালে৷ মই মৰিলোঁ৷ আঁকি বাকি শেষ কৰিব ইহঁতে মোক৷ দুবাৰ মান উঠিবলৈ চেষ্টা কৰি মই বিফল হ’লোঁ৷ “অকণমান কাজলহে কেৱল৷ তাতকৈ বেছি একো নকৰিবা৷ মই বেয়া পাওঁ৷” সিহঁতক ৰিমাইণ্ডাৰ দিলোঁ৷ মই কোৱাৰ দৰে পাতলকৈ আইলাইনাৰ আৰু সামান্য লিপষ্টিক লগাই সিহঁতে মোক এৰি দিলে৷ মোৰ কিবা অসহজ লাগিল৷ কোনো দিন কৰি পোৱা নাই এইবোৰ৷ আজিনো কি পখৰা ধুন লাগিল বুলি ভাবে যদি কোনোবাই৷ “তথাপি কিবা এটা কমি আছে৷” মই অত্ৰেয়ীলৈ চালোঁ৷ “তোমাৰ চুলিখিনি য়েছেং বা৷ মাশ্বৰুম কাট নহৈ দীঘলীয়া বেণী এডাল হোৱা হ’লে৷! ” “এতিয়া কিন্তু তুমি টাৰ্ছেল লগাই দিওঁ নুবুলিবা৷ ” মোৰ কথাত সিহঁতে হাঁহিলে৷ আটাইবোৰ হোষ্টেলমেট একেলগে বক্তৃতা শুনিবলৈ ওলালোঁ৷ ক্ৰমশঃ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক