হেৰোৱা সুবাস -( ইন্দিৰা দিগন্ত)

হেৰোৱা সুবাস
————
– ইন্দিৰা দিগন্ত৷

পুৱাৰ পৰা তিতা কাপোৰ কেইখনলৈ তাই বাহিৰ ভিতৰ কৰি আছে৷ আজিহে বতৰটোৱে লুকা -ভাকু খেলিবলৈ পালেনে? সদায় স্কুললৈ পিন্ধিযোৱা কটনৰ শাৰীকেইখনত ভালকৈ মাৰ দিম বুলিয়েই আজিৰ বন্ধৰ দিনটো বাচি লৈছিল তাই৷ এতিয়া এই কেইখনকলৈ তাই মহা সমস্যাত পৰিল৷ এজনীয়া হ’ষ্টেলৰ ৰূমটোত ৰছী এডাল বান্ধিবলৈকো উপায় নাই৷ বৰষুণজাকক গালি পাৰি পাৰি তাই ছাদৰ পৰা নামি আহিল৷
নামি আহোঁতে তাই মন কৰিলে টপ ফ্লৰৰ আটাইবোৰ ৰূমত তলা৷ ৰবিবাৰ কাৰণে কিজানি ছোৱালীবোৰ ফুৰিবলৈ ওলাই গৈছে৷ তাই ছেকেণ্ড ফ্লৰৰ নিজৰ ৰূমটোত সোমাই ফেনখন জোৰেৰে চলাই দিলে৷ মাৰ দিয়া শাৰীকেইখনলৈ চকু যোৱাত তাইৰ টিঙিচকৈ খংটো উঠি আহিল৷ কিহে যে পাইছিল তাইক৷ তাতকৈ তাই আজি ঘৰলৈকে যাব পাৰিলে হয়! মেম বাইদেউ! , মেম বাইদেউ! শব্দটোত তাই খকমকৈ সাৰ পালে৷ সেইজনী জৱা বাগানীয়া ছোৱালী৷ স্কুলত কামকৰা কাৰণেই তাইক মেম বাইদেউ বুলি মাতে৷ ক চোন কি হ’ল? দুপৰীয়াৰ ভাত নাখাই নেকি তিনিটা বাজিল৷ আণ্টিয়ে আপুনি আছেনে নাই মোক চাই যাব কৈছিল৷ তাই জৱাক ভাত কেইটা ৰূমলৈকে আনি দিবলৈ ক’লে৷
তাইৰ ভাত খাই হোৱালৈ শাৰীকেইখন লাডু এটা হৈ প্লাষ্টিকৰ চকীখনত পৰি আছিল৷ সেইপিনে চাই তাইৰ নাকটো কোঁচ খাই গ’ল৷ নহ’ব; এই কেইখনৰ লগত তাই নিজৰ আবেলিটো নষ্ট কৰিব নোৱাৰে৷ বাহিৰত বৰষুণজাক তেতিয়াও কিন কিনাই আছিল৷ অলপ ফুৰি অহাই ভাল হ’ব! ক’ত যাব? বন্ধ পালেই আহিবি বুলি মাতি থকা খুৰীয়েকৰ তাত নে পেহীয়েকৰ ঘৰলৈ৷ নোৱাৰি যাব৷ গ’লেই আৰম্ভ কৰিব পুৰণি কথাবোৰ৷ তাতকৈ তাই দুঘণ্টামান চিটিবাছতে এনেই অনাই বনাই গুৱাহাটীখনকে ফুৰিব৷
দুদিনমানৰ পৰা আননউন নম্বৰ এটাৰ পৰা মিচদ কল আহি আছে৷ প্ৰায়েই ফ’নটো বেগৰ পৰা ওলিয়ালেই দেখা পাই সেই নম্বৰটোৰপৰা অহা দহ পোন্ধৰটা মান মিচদ কল৷ এতিয়ালৈ তাই কলবেক কৰা নাই৷ মনতে ভাব যোনেই নহ’ৱ কিয় মোৰ নো কি আহে যায়! ? হ’ষ্টেলৰ পৰা অকণমান আহি ৰেল লাইনটো পাৰ হ’লেই চিটিবাছৰ ষ্টপেজটো তাই তালকৈ বুলি ৰূমৰ তলাটো মাৰি নামি আহিল৷
চিটিবাছত উঠি খিৰিকীৰ কাষৰ চিটটোত তাই ভালদৰে বহি ল’লে৷ বৰষুণৰ দিনবোৰৰ সেই কেচেমা কেচেম জেকা গোন্ধটোৱে তাইক আকৌ আমনি কৰিবলৈ ল’লে৷ দোপাট্টাখনেৰে তাই নাকটো ঢাকি ল’লে৷ বাছখন গুৱাহাটী ক্লাৱ আহি পাই মানে বৰষুণজাক নাইকিয়া হৈছিল৷ পাণবজাৰ ষ্টপেজত নামি তাই শুক্ৰেশ্বৰ মন্দিৰলৈ বুলি খোজ ল’লে৷
ক’ত জানো তাই পঢ়িছিল ইয়াতে বহিবলৈ হ’লে ভিক্ষাৰী এজন কুষ্ঠৰোগত আক্ৰান্ত হোৱাৰ প্ৰমাণ পত্ৰ থাকিব লাগে নহ’লে আনবোৰ ভিক্ষাৰীয়ে অনুমতি নিদিয়ে৷ স্কুললৈ অহা-যোৱা কৰোঁতে তাই সদায় এই ভিক্ষাৰীবোৰৰ আলেখ লেখ পাৰ্যমানে নিৰীক্ষণ কৰে৷ সিহঁতৰ খোৱা কামোৰা, ফুটপাথৰ ওপৰৰ ভগা ইটাৰ চৌকাবোৰ, লজ্জা নিবাৰণৰ কাপোৰৰ টুকুৰা বোৰ৷ জীৱন যুঁজৰ কৰুণতম প্ৰতিছবি৷
নাই; কোনোদিন তাই এই ভিক্ষাৰীবোৰক একো দি পোৱা নাই৷ মনত আশা এটা পুহি ৰাখিছে কেতিয়াবালৈ সিহঁতমখাক এসাজ পেট পূৰাই খুৱাব৷ ফুটপাথৰ দুয়োকাষে বহি থকা ভিক্ষাৰীবোৰৰ মাজেৰে গৈ গৈ তাই মন্দিৰ পালেগৈ৷ গোন্ধটো তেতিয়াওঁ লাগিয়েই আছিল তাইৰ নাকত৷ প্ৰায়েই তাই এই মন্দিৰটোলৈ আহে৷ বিগ্ৰহজনাক আজিলৈকে তাই দৰ্শন কৰা নাই৷ নদীৰ পাৰৰ ছিৰি কেইটাত বহি থাকোঁতে কেতিয়াবা তাই ভুটুংকৈ জাপ মৰা শিহু এটা চকামকাকৈ দেখা পায়৷ অঘৰী শিশু কিছুমানে গা ধুই থাকে, কোনোৱে পিণ্ড উটুৱাব আহে, কোনোৱে তাৰ পৰা পানী তুলি বিগ্ৰহৰ ওপৰত ঢালিবলৈ নিয়ে, দুই এজনে ফটো উঠে, ডুবিবলৈ ধৰা বেলিটোক চাই কোনো উৎফুল্ল হৈ উঠে আৰু তাই আন দিনাৰ দৰেই হেঙুলীয়া বেলিটো, সন্ধ্যাটোক, এটা দুটাকৈ জ্বলি উঠা লাইতেৰে সজ্জিত হৈ উঠা শৰাইঘাটখনক হেঁপাহ পলুৱাই চাই চাই উভতনি যাত্ৰা আৰম্ভ কৰে৷
ক’ব নোৱাৰাকৈয়েই চিটিবাছত সেই সেমেকা গোন্ধটোৱে তাইক আকৌ গ্ৰাস কৰে৷ খপজপকৈ বাছৰ পৰা নামি ব্ৰেড আৰু বাটাৰ কিনি তাই ৰূমলৈ আহে৷ ৰূমটোৰ তলাটো খুলি দিয়াৰ লগে লগে গোন্ধটোৱে খুন্দা মাৰে৷ ততাতয়াকৈ তাই শাৰীৰ লাডুটো লৈ বাথৰূমলৈ সোমাই যায়, চাৰ্ফ গুলি পিন্ধিযোৱা কাপোৰ সাজৰ সৈতে তিয়াই থৈ গা ধুই আহি খিৰিকীখন খুলি দিয়ে, ক’ৰবাৰ পৰা কামিনী কাঞ্চনৰ সুবাস এটি উটি আহি তাইৰ নাকত লাগে৷
এই সুবাসটোৰ লগত তাইৰযে কিমান স্মৃতি জড়িত হৈ আছে৷ প্ৰথমবাৰ যেতিয়া ককায়েকৰ লগত সি তাহাঁতৰ ঘৰলৈ আহিছিল আবেলিৰ ডবাপিটা বৰষুণজাক এৰিছিল৷ আকাশত তৰাবোৰে মিচিকিয়াইছিল৷ পদূলি মূৰৰ কামিনী কাঞ্চনৰ সুবাসত চৌহদটো আমোল মোলাই আছিল৷ ককায়েকৰ মুখত তাৰ কথা শুনি শুনি তাই বহুত আগৰেপৰাই তাৰ প্ৰতি এক টান অনুভৱ কৰিবলৈ লৈছিল৷ সি সিহঁতৰ ঘৰত যি দুদিন আছিল তাই অনুভৱ কৰিছিল, পতিয়ন গৈছিল সিয়েই যে তাইৰ ভালপোৱা৷
ফ’নটোৰ ভাইব্ৰেচনত হোৱা বিকট শব্দটোত তাই বাস্তৱলৈ ঘূৰি আহিল৷ আকৌ সেই মিচদ কলটো৷ মেলিদিয়া হাতখন তাই কোঁচাই আনিলে৷ এইবাৰ ফ’নটো আকৌ বাজি উঠিল দীঘলীয়াকৈ৷ সেই একেটা নাম্বাৰৰ পৰাই আহিছে ফ’নটো৷ তাই ৰিচিভ কৰিলে … সিফালৰ পৰা ভাঁহি আহিল কেনে আছা মল্লিকা? আস! কিমান বছৰৰ পিছত তাই শুনিলে এই মাতটো? নামটো? তাইক মল্লিকা বুলি কেৱল এজনেই মাতে৷ সিফালৰ মাতটোৱে কিবাকিবি কয় আছিল৷ আৰু তাই সেই মাতটোত হেৰাই গৈছিল ক্ৰমান্বয়ে৷

***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments