হে মাতৃভাষা, বিদায়! –বিশ্বজি‌‌ৎ বৰুৱা

জাৰ্মানী আৰু ফ্ৰান্সৰ মাজৰ যুদ্ধৰ সময়ৰ কথা৷ জাৰ্মানীয়ে ফ্ৰান্সৰ এটা অংশ অধিকাৰ কৰিলে আৰু অধিকৃত অঞ্চলসমূহৰ স্কুলবিলাকত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা পঢ়ুৱাবলৈ নিৰ্দেশ দিলে৷
মই যিটো দিনৰ কথা লেখিছোঁ সেই বিশেষ দিনটোত জাৰ্মান অধিকৃত ফ্ৰান্সৰ অঞ্চলসমূহৰ স্কুলবিলাকত শেষবাৰৰ বাবে ফৰাচী পঢ়ুওৱা হ’ব, পিছদিনাৰ পৰা তাৰ পৰিৱৰ্তে আৰম্ভ হ’ব জাৰ্মান ভাষাৰ শিক্ষা৷
এখন স্কুলৰ ফৰাচী ভাষাৰ শিক্ষক এজনে জীৱনত শেষবাৰৰ বাবে ফৰাচী ভাষাৰ পাঠদান কৰিবলৈ শ্ৰেণীকোঠাত সোমাই দেখিলে– কোঠাটো কেৱল ছাত্ৰই নহয়, বৰঞ্চ গাঁওখনৰ অগণন ডেকা, আবাল-বৃদ্ধ-বনিতাৰে ঠাহ খাই আছে৷ সকলোৰে চকুত চকুপানী৷ উচুপি উচুপি কান্দিছে সকলোৱে৷ কোনেও সহ্য কৰিব পৰা নাই এই বেদনা৷
নিজৰ মাতৃক চিৰ বিদায় দিব লগা হোৱা এই বেদনা৷
সকলোৰে অন্তৰত বাৰম্বাৰ খুন্দা মাৰিছেহি এটা কথাই যি মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত আজি অতদিনে সকলোৱে গাফিলতি প্ৰকাশ কৰিছিল সেই মাতৃভাষাক আজি চিৰবিদায় জনাব লগা হৈছে এই একেখিনি মানুহে৷
জাৰ্মান অধিকৃত ফ্ৰান্সত ফৰাচী ভাষা পঢ়ুৱাতো সমূলঞ্চে বন্ধ কৰি দিয়া হৈছে৷
জাৰ্মান শাসকৰ কাঢ়া নিৰ্দেশ৷ কোনোবাই আপত্তি কৰিলে জেইল খাটিব লাগিব৷ সেই সময়ত সকলোৱে অনুভৱ কৰিবলৈ ধৰিছে: এৰা, কিমান শুৱলা, কিমান সুৱদী আছিল আমাৰ এই মাতৃভাষা!
সকলোৱে উচুপি উচুপি কান্দিছিল৷ কেৱল ছাত্ৰই নহয়৷ ছাত্ৰ, শিক্ষক, ডেকা, বৃদ্ধ সকলোৱে৷ সময়বোৰ যেন থমকি ৰৈছিল মুহূৰ্তৰ বাবে৷
এজন বৃদ্ধই কান্দি কান্দি চিঞৰি উঠিছিল- সময়, তুমি ৰৈ যোৱা৷
শিক্ষকজনে শেষবাৰৰ বাবে বৰ্ডখনত এটি ফৰাচী কবিতা লিখিলে আৰু বৰ্ডখনৰ ঠিক কবিতাটিৰ ওপৰত মূৰ থৈ উচুপি উচুপি কান্দিলে আৰু হাতেৰে সকলোকে ইংগিত দিলে শ্ৰেণীকোঠাৰ পৰা ওলাই যাবলৈ৷
মোৰ বন্ধু ড০ প্ৰশান্ত শইকীয়া অলপতে পেৰিচ ঘূৰি আহিলগৈ৷ পেৰিচৰ কি সম্পদ চাই তেওঁ সুখী হ’ল বুলি সোধাত তেওঁ যি উত্তৰ দিলে সেই উত্তৰে মোৰো মন পুলকিত কৰিলে৷ এই সম্পৰ্কত মই আগেয়েই লিখিছিলোঁ যদিও প্ৰসঙ্গক্ৰমে পুনৰ উল্লেখ কৰিব লগা হ’ল৷ তেওঁ পেৰিচৰ উপকণ্ঠ অঞ্চল এটালৈ ফুৰিবলৈ যাওঁতে দেখা পালে এটা সৰু আটোমটোকাৰি ঘৰৰ আগত স্থানীয় পৌৰ নিগমে এখন ৰঙা ফলক আঁৰি দিছে; য’ত লিখা আছে- গাড়ীৰ হৰ্ণ বজাই হাই-উৰুমি নকৰিব, লেখকে লেখি আছে৷ ড০ শইকীয়াই আচৰিত হোৱাত গাইডে ক’লে, এই ঘৰটোত ছয়জন লেখক থাকে৷ ফৰাচীসকলে লেখক শিল্পীসকলকেই আটাইতকৈ সন্মান কৰে৷ এই সন্মানৰ বাবে কোনো ব্যক্তি নবেল প্ৰাইজৰ দ্বাৰা পুৰষ্কৃত নহ’লেও হ’ব৷ হাতত কলম-তুলিকা লোৱা সকলো লোককেই ফৰাচীসকলে লেখাৰ বাবে সকলো সা-সুবিধা কৰি দিয়ে৷ কিয়নো আমি জানো আমি হয়তো এদিন নাথাকিবও পাৰোঁ, ফৰাচী জাতি নাথাকিব পাৰে, কিন্তু আমাৰ সাহিত্য থাকি যাব৷ আমাৰ শিল্প থাকি যাব৷ আমাৰ সংস্কৃতি থাকি যাব৷
এইখিনিতে বিশিষ্ট লেখক ঐশ্বৰ্য কাকতিয়ে ক্ৰুৱেচিয়াত লাভ কৰা এটা অভিজ্ঞতাৰ বিষয়েও উনুকিয়াই থওঁ৷ এখন সভাত যোগদান কৰিবলৈ গৈ সভা আৰম্ভ হ’বলৈ কিছু সময় থকাৰ বাবে ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখৰ উদ্যানত বহি মানুহৰ আহ-যাহ লক্ষ্য কৰিছিল৷ তেওঁ বহি থকা সময়ত দেখিছিল সেইফালেদি অহা-যোৱা কৰা সকলোৱে উদ্যানৰ এচুকত থকা এটা প্ৰস্তৰ মূৰ্তিক সেৱা জনাই, কোনোৱে সেৱা জনাই আকৌ আবেগিক হৈ কিছুসময় চকুপানী টুকি গুচি গৈছে৷ বহু সময় ধৰি লক্ষ্য কৰাৰ পিছত কাকতিয়ে তেওঁৰ দোভাষী হিচাবে থকা স্থানীয় উকীলজনক সেই মূৰ্তিটো ক্ৰুৱেচিয়াৰ কোনোবা বিশিষ্ট ৰাজনীতিবিদৰ নেকি বুলি প্ৰশ্ন কৰাত দোভাষী উকীলজনে আচৰিত কথা এটা শুনাৰ দৰে ভংগী কৰি ক’লে- আমাৰ দেশত কোনো ৰাজনীতিকৰ মূৰ্তি প্ৰতিষ্ঠা কৰা নহয়; আপুনি যি মূৰ্তি দেখিছে সেয়া আমাৰ ক্ৰুৱেচিয়াবাসীৰ অতি মৰমৰ এজন কবিৰ৷
ফ্ৰান্স বা বিদেশৰ পৰা আমাৰ মাতৃভূমি অসমলৈ ঘূৰি আহি অসমত বৰ্তমান প্ৰেক্ষাপটৰ কথা চিন্তা কৰি আপোনাৰ আচৰিত যেন লগা নাইনে? এক প্ৰচণ্ড নষ্টালজিয়াই আপোনাক বিমূঢ় কৰি তোলা নাইনে? শৈশৱৰ দিনবোৰলৈ আপোনাৰ ঘূৰি যাবলৈ মন যোৱা নাইনে? বৰ্ডত অসমীয়া কবিতা লিখি পানী পানীকৈ বুজোৱাৰ চেষ্টা কৰা সেই শিক্ষাগুৰুজনৰ প্ৰতিচ্ছবি আপোনাৰ মনৰ দাপোণত ভূমুকি মৰাহি নাইনে? মনত পৰা নাইনে শীতকালৰ লেপৰ তলত লুকুৱাই লুকুৱাই উপন্যাস পঢ়াৰ সেই দিনকেইটালৈ? উগ্ৰপন্থীৰ স্বয়ংক্ৰিয় অস্ত্ৰৰ গুলীয়ে থকা-সৰকা কৰা সাংবাদিক লেখকৰ ছটফটাই থকা মৃতদেহৰ কাষত থিয় হৈ বাৰু কল্পনা কৰিব পৰা যায়নে সেই দিনকেইটাৰ কথা?
মই জানো আপোনাৰ পত্নীয়ে গৌৰৱ কৰে: কিয়নো আপোনাৰ পোনাটিয়ে আজি অসমীয়া পঢ়িব নাজানে৷ আপোনাৰ আৰু পত্নীৰ গৌৰৱৰ সীমা নাই, কিয়নো ইংৰাজী মাধ্যমত পঢ়া আপোনাৰ ল’ৰা-ছোৱালী দুটাই ফৰিংফুটা শব্দৰে ইংৰাজী ক’ব পাৰে, কিন্তু অসমীয়া কওঁতে আলহীৰ আগতে সিহঁত প্ৰায়ে অপ্ৰস্তুত হয়, কিয়নো সিহঁতে যে অসমীয়া ভাষা ভালকৈ বুজিয়ে নাপায়৷ ক’ব পাৰে, কিন্তু লিখিব নোৱাৰে৷
সেয়েহে হয়তো আঘোন মাহৰ পথাৰৰ সোণালী ধানৰ ওপৰেদি বলা চেঁচা বতাহজাকে তোমাৰ শৰীৰত শিঁহৰণ তোলেনে বুলি প্ৰশ্ন কৰিলে সিহঁতে হা কৰি মুখ মেলি ৰয়৷ আঘোনমহীয়া ধূলিয়ৰি বাটেদি যোৱা কৃষকৰ কান্ধৰ ধানৰ মুঠাৰ ঝিৰ ঝিৰ শব্দই তোমাৰ হৃদয় আলোড়িত কৰেনে বুলি সুধিলে আজিৰ যুগৰ ল’ৰা-ছোৱালীয়ে হয়তো মোক হাঁহিব উন্মাদ বুলি৷ গহীন বননিৰ চৰাইৰ মাত অথবা হাবিৰ মাজেদি অকাই পকাই আগবঢ়া ৰাংঢালী জুৰিটিৰ সংগীতৰ ধ্বনিয়ে তোমাৰ হৃদয় আলোড়িত কৰেনে বুলি সুধিলে সিহঁত হয়তো হাঁহিত ৰ’ব নোৱাৰা হ’ব৷
অথচ আপুনিও বিচাৰে আপোনাৰ সন্তানটি মানুহ হওক৷ তাক যদি কেৱল আপুনি আজিৰ প্ৰতিযোগিতাৰ দৌৰত ভাগ ল’বলৈ এক যন্ত্ৰৰূপে গঢ়ি তোলাটোৱেই বিচাৰে – তেন্তে সেয়া সুকীয়া কথা৷ যদি ভৱিষ্যতে তাৰ উপাৰ্জন, তাৰ খ্যাতিৰ ওপৰতে বহি ঠেঙৰ ওপৰত ঠেং তুলি খাব বুলি আপুনি অলীক সপোন ৰচি বহি আছে তেন্তে আপোনাৰ ভাৱনাই নিৰ্ঘাত চৰম প্ৰতাৰণা কৰিব আপোনাক৷ আমেৰিকাৰ নিচিনা সকলো দিশতে জয়জয় ময়ময় দেশতো পিতৃ-মাতৃৰ এটাই দুখ– কুৰি বছৰৰ পাছত তেওঁলোকৰ সন্তান আৰু তেওঁলোকৰ হৈ নাথাকে৷ প্ৰতিযোগিতাৰ দৌৰত ভাগ ল’বলৈ সৰুৰে পৰা সাজু কৰি তোলা তেওঁলোকৰ সন্তানে প্ৰতিযোগিতাৰ ট্ৰেকত সোমোৱাৰ পাছত সমস্ত মনুষ্যত্ব হেৰুৱাই পেলায়৷ সিহঁত পৰিৱৰ্তিত হয় যন্ত্ৰলৈ- ৰবটলৈ, য’ত পিতৃ-মাতৃৰ পৰিচয়, মমতা সকলো ধূলিসাৎ হৈ ৰয় প্ৰতিযোগিতাৰ দৌৰৰ ট্ৰেকত৷
আপোনাৰ সন্তানক যদি মানুহ হিচাপে গঢ়ি তুলিব বিচাৰিছে তেন্তে তাক শিকাব লাগিব আকাশ, বতাহ, পানী ভাল পাবলৈ৷ সিহঁতে উপভোগ কৰিব পাৰিব লাগিব প্ৰকৃতিৰ বিনন্দীয়া ৰূপ৷ পাহাৰীয়া জুৰিটিৰ মধুৰ শব্দই তাৰো হৃদয়ত তুলিব লাগিব মধুৰ ঝংকাৰ, আঘোনমহীয়া ধূলিয়ৰি কোনো অনামী কৃষকৰ কান্ধৰ ধানৰ মেটমৰা বোজাৰ ঝিৰ ঝিৰ শব্দই তাৰ হৃদয়ত তুলিব লাগিব সংগীতৰ মূৰ্চ্ছনা, চেঁচা বতাহজাকে তুলিব লাগিব মিঠা শিঁহৰণ, যিদৰে শৈশৱ কালৰ স্মৃতিয়ে আজিও আপোনাক কৰি তোলে আনমনা৷ আপোনাৰ সন্তান আপোনাৰ দৰে হোৱাটো আপুনিও নিবিচাৰে জানো? নে সিয়ো হৈ পৰক কেৱল প্ৰতিযোগিতাৰ দৌৰৰ ট্ৰেকৰ ভিতৰত মনুষ্যত্ব বিসৰ্জন দিয়া এক যন্ত্ৰ দানৱ, যাৰ পৰিচয় কেৱল ৰৈ যাব – গাড়ী, বাৰী আৰু নাৰী, এই তিনিটা শব্দৰ মালিক হিচাবে? কিন্তু সেয়া আজি চিন্তা কৰিবলৈ পিতৃ-মাতৃ আৰু অভিভাৱকৰ সময় নাই৷
সেয়েহে কোনোবা ভদ্ৰ ঘৰৰ উতনুৱা কিশোৰে মদ খাই মাতলামী কৰি লপা-থপা খোৱাৰ পাছত স্বয়ং মাকেই প্ৰতিৰক্ষা দিবলৈ যায় মোৰ ল’ৰাই মদ খোৱা নাই, বিয়েৰহে খাইছে বুলি৷ এনে পিতৃ-মাতৃৰ কোনোবা যন্ত্ৰ সদৃশ সন্তানে আপোনজনৰ মৃতদেহ পথৰ কাষৰ নৰ্দমাত পৰি থকা দেখিলেও হয়তো নাক কোঁচাই আঁতৰি যাব কিম্বা উগ্ৰপন্থীৰ গুলীত ৰাজপথতে তেজৰ ডোঙাৰ মাজত পৰি থকা নিমাখিত নিৰস্ত্ৰ ব্যক্তিজনৰ অথবা ধৰ্ষণৰ বলি হোৱা গাভৰুজনীৰ জীৱনৰ কৰুণ কাহিনীয়ে তেওঁলোকৰ অন্তৰখন যদি সামান্য পৰিমাণে হ’লেও কঁপাবলৈ সক্ষম নহয়, তেন্তে তেনে সন্তানৰ পৰা নিজ পিতৃ-মাতৃয়ে কি আশা কৰিব পাৰে? সমাজ জীৱনলৈ আপোনাৰ সন্তানৰ যদি কোনো অৰিহনা নাথাকে তেন্তে সেইসকলক সমাজে সম্পদ বুলিব নে বোজা বুলিব, সেয়া এবাৰ চিন্তা কৰি চাবনে? মোৰ নিজৰ ওকালতি জীৱনতে দেখিছোঁ আজি কেইবছৰমানৰ আগলৈকে পিতৃ-মাতৃ অধিবক্তাৰ ওচৰলৈ আহিছিল কাকতে-পত্ৰে সন্তানৰ বয়স কমাবলৈ দিহা-পৰামৰ্শ বিচাৰি৷
কিন্তু এতিয়া সময় সলনি হৈছে৷ চাৰি বছৰীয়া ল’ৰাটোক ছবছৰীয়া বুলি ভুৱা এফিডেফিট দিবলৈ বহু পিতৃ-মাতৃ আহে যাতে তাক সোনকালেই স্কুলত ভৰ্তি কৰি তাৰ মনোমোহা শৈশৱৰ পৰা বঞ্চিত কৰা যায়৷ কিয়নো আজিৰ শিশুক মনোমোহা শৈশৱ-কৈশোৰ নালাগে, লাগে কেৱল প্ৰতিযোগিতাৰ দৌৰত ভাগ লোৱাৰ প্ৰস্তুতিহে! কেৱল আত্ম-প্ৰতিষ্ঠাৰ বাবে প্ৰতিযোগিতাৰ দৌৰত ভাগ ল’বলৈ সাজু কৰি তোলা এইসকল সন্তানৰ পৰা অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিয়ে কি অৰিহণা বাৰু আশা কৰিব পাৰে- সেই চিন্তা আপোনাৰ নহয়নে?


(লিখকৰ টোকা: এই ৰচনাখন মই আজিৰ পৰা বহু বছৰৰ আগেয়ে তিনিদিনীয়া অগ্ৰদূতৰ বাবে লিখিছিলোঁ৷ মোৰ শ্ৰদ্ধাৰ সম্পাদক কনকসেন ডেকা ডাঙৰীয়াই গুৰুত্বসহকাৰে এবাৰ তিনিদিনীয়াখনত, এবাৰ দৈনিকখনত প্ৰকাশ কৰিছিল৷ মোৰ ৰচনা পঢ়ি ভাল পোৱা কেইবাজনেও ’চল পাল্টাই’ৰ পটভূমিত লিখনিটি আকৌ পঢ়ি চাব খোজাত প্ৰকাশৰ বাবে জনপ্ৰিয় ‘অকব’লৈ প্ৰেৰণ কৰিলোঁ৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক