হৈ পৰিছিলো মৃণ্ময় বুকুত ৰাগ-অনুৰাগ — মৃণাল কুমাৰ বৰা


মৃণ্ময় বুকুত কি বিচাৰি হাহাকাৰ কৰে

সেই কথা অকল মইহে বুজো

আৰু বুজো ইয়াৰ ৰূপান্তৰ ৰূপৰ খিলখিলনি

কিয় অনুজ্জ্বল নহৈছিল আলতীয়া মাটিৰ লেপন

গোপন ৰহস্যত সোমাই পৰোতে

মই হৈ পৰিলো পথাৰবৰণীয়া ৰূপ

কঢ়িয়াই লৈ ফুৰা অলেখ ভাবনাত

গুণগুণনি তুলি সৰলতাৰ বীণত সৃষ্টি হৈছিল

ধ্ৰুপদীয় সুৰ

সেই সুৰে সাবটি লৈছিল সৰল মন কিম্বা 

অনুভূতিৰ তীব্ৰতা

নিজক নিচেই ওচৰৰ পৰা সমৰ্থন কৰি

ভাল পাইছিলো শিহৰিত উদ্দীপনা

কেতিয়াবা ঘিটমিটিয়া আন্ধাৰ হৈ থকা

মনৰ ভিতৰখন পোহৰাই

বুকুৱেদি বৈ আহিছিল কোনোৱে নেদেখা এটি বাট

য’ত ৰৈ ৰৈ শুনিছিলো

পৃথিৱীৰ অজস্ৰ গান

ক্ৰমশঃ

মই হৈ পৰিছিলো মৃণ্ময় বুকুত ৰাগ-অনুৰাগ

লুতুৰি-পুতুৰি হৈ

ক’ব নোৱাৰাকৈয়ে মিলি গৈছিল অজস্ৰ ৰং

আনকি প্ৰিয় ঠিকনা এটি হৈ

ন-ৰূপত ৰ’দ পৰিছিল নিতৌ তাতেই

উমাল হৈ নাভিৰ দত সাঁ‌চি থৈছিলো

মোৰ আলসুৱা সপোন

সঁ‌চা কথাৰ দৰে সেয়েহে কোনো আক্ষেপ নকৰাকৈ

হেঁ‌পাহ পলুৱাই কপালত আঁ‌কিলো ৰঙাকৈ বেলি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments