হৈ যায় এনেকুৱা কেতিয়াবা (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

আমাৰ এওঁৰ এগৰাকী কলেজীয়া দিনৰ বান্ধৱী আছে। আমাৰ ঘৰৰ কাষতে থাকে। মই তেওঁক সিমান এটা ভাল নাপাওঁ। নোপোৱাৰ কাৰণ আছে। লণ্ডন গৈছে ফুৰিবলৈ, ফ’টো উঠি শ্ৰীমতীক টেগ কৰে ফে’চবুকত। গিৰীয়েকে হীৰাৰ আঙুঠি দিছে বিবাহ-বাৰ্ষিকীত, আঙুলিৰে সৈতে আঙুঠিটোৰ ফ’টো উঠাই শ্ৰীমতীলৈ পঠায় ‘হোৱাটচ্ এপ’ত। বেয়া নোপোৱাৰ কাৰণহে মই বিচাৰি নাপাওঁ। আজি ৰাতিপুৱাই মোলৈ ফোন কৰিলে। ক’লে- আজি হেনো সপৰিয়ালে তেওঁলোক আহিব ‘ডিনাৰ’ৰ কাৰণে আমাৰ ঘৰলৈ। শ্ৰীমতীৰ ফোনটোত নাপাই মোকেই জনালে। অশান্তিয়ে আৱৰি ধৰিলে মোৰ গোটেই গা-মন। তেওঁলোকক ‘লাইভ’ চাবলৈ মই সিমান এটা ভাল নাপাওঁ। অ’ফিচত থকা বাবে শ্ৰীমতীলৈ মেছেজ এটা লিখিলোঁ। তোমাৰ সেই ‘হেৰি’জনী আজি বোলে সন্ধিয়া আহিব আমাৰ ঘৰলৈ। ‘হেৰি’ৰ ঠাইত বেলেগ শব্দ এটা ব্যৱহাৰ কৰিছিলোঁ। মেছেজ পঠোৱাৰ লগে লগে মোৰ অনুভৱ হ’ল যে আচলতে মেছেজটো শ্ৰীমতীক নহয় স্বয়ং সেই বান্ধৱীজনীলৈহে পঠাই দিলোঁ ভুলতে। ‘মেছেজ ছেন্দিং’ হৈ আছে, মোৰ এনে লাগিল- প্ৰভূ, এই মূহুৰ্ততে বন্ধ কৰি দিয়া যেন মোবাইল সেৱা, হওঁক মোৰ ‘মেছেজ ছেন্দিং ফেইল’। নাই, ‘মেছেজ ছেন্ট’! কি কৰা যায়!? ছেহ: হৈ যায় এনেকুৱা কেতিয়াবা!!

আন এটি ঘটনা…অ’ফিচত আমাৰ কাষৰে টিমটোত নতুনকৈ যুৱতী এগৰাকীয়ে ‘জইন’ কৰিছে কিছুদিন আগতে। একেবাৰে দীপলিপ যুৱতী, কিন্তু বিৰাট গহীন। কাৰো লগত মাত-বোল নকৰে। আমাৰ লগৰ অবিবাহিত যুৱকসকলৰ মাজত এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে, কোনে প্ৰথমে তাইক মাতিব পাৰে বা কোনে তাইৰ পৰা মিচিকিয়া হাঁহি এটি পাব পাৰে। কিন্তু গহীনজনীয়ে এতিয়ালৈ কাকো ‘পাত্তা’ দিয়া নাই।
সিদিনা সন্ধিয়া ঘৰলৈ যাবলৈ ওলালোঁ। ষষ্ঠ মহলাৰ ‘লিফ্ট’ত উঠিলোঁ। এনেতে দেখিলোঁ সেই যুৱতীগৰাকী আহি আছে। দৌৰা-দৌৰিকৈ ৰখালোঁ লিফ্টখন। মোলৈ চালে তাই। বেগটোত কিবা বিচাৰি তললৈ মূৰ কৰিয়েই ক’লে তাই-‘হেল্লো’। আস: লিফ্টত অকল মই, তাই মোকেই মাতিছে!
ময়ো মিহিকৈ ক’লোঁ- ‘হাই’।

এইবাৰ তাই ইংৰাজীতে সুধিলে-‘অ’ফিচৰ পৰা ওলালা?’ কি মনোমোহা তাইৰ কন্ঠ!
‘হয়, হয়, ঘৰ যাবলৈ ওলাইছো’- মই উত্তৰ দিলোঁ। মই ভগৱানক খাতিলোঁ লিফ্টখন গ্ৰাউণ্ড ফ্ল’ৰলৈ আজি যেন দুইমিনিট দেৰিকৈ লৈ যোৱা।

‘বাহিৰত ‘ট্ৰেফিক জেম’ আছে নেকি বিৰাট?’- আকৌ তাইৰ প্ৰশ্ন। তাই বেগত কিবাকিবি বিচাৰিয়েই আছে।
‘নাই ক’ব নোৱাৰিম…আপুনি ক’লৈ যাব?’

‘হেল্লো…হেল্লো’- তাই আকৌ ক’লে।

ময়ো ক’লোঁ- ‘হাই-হেল্লো…কওকচোন’।
‘হেল্লো…শুনা মই লিফ্টত আছোঁ। নেটৱৰ্কৰ প্ৰ’ব্লেম ইয়াত। তুমি অ’ফিচৰ পৰা ওলায়েই মোক নিবলৈ আহা। ট্ৰেফিক জেম নাই যদি নিশ্চয় দহমিনিটতে পাবা।’

এইবাৰ তাই মোৰ ফালে চাই ‘ব্লু-টুথ’টো কাণৰপৰা উলিয়ালে। লিফ্ট আহি ৰ’ল। মই জ্বৰে ঘমা দি কি কৰোঁ, কি নকৰোঁ কৈ ‘বাটি ভৰাই চিৰা খাবি’ গুণগুণাই লিফ্টৰ পৰা ওলালোঁ দৌৰা-দৌৰিকৈ। ছেহ: হৈ যায় এনেকুৱা কেতিয়াবা!!

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সুৰজিত বৰুৱা
6 years ago

সকলোৰে জীৱনত কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় । তথাপিও আপুনি এনেকুৱাবোৰ আমালৈ আগবঢ়াই আমাক আমোদ দিয়াৰ বাবে ধন্যবাদ । আশা কৰিছো আগলৈও আপোনাৰ পৰা এনেকুৱা ৰস পাই থাকিম ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক