হোমিওপেথিক চিকিৎসা শাস্ত্ৰৰ দৃষ্টিৰে – প্ৰতিজন অপৰাধীয়েই মানসিক ৰোগী(- যুগল চন্দ্ৰ বৰা)

 

লক্ষণ সমষ্টি বা ইন্দ্ৰিয়গ্ৰাহ্য শাৰীৰিক আৰু মানসিক বিকৃতি বিলাকৰ সমষ্টিয়েই বেমাৰ ৷ এই শাৰীৰিক আৰু মানসিক বিকৃতি বিলাক আতঁৰাই দিয়াই চিকিৎসকৰ প্ৰয়োজনীয় কৰ্তব্য আৰু তাৰ দ্বাৰই বেমাৰ আৰোগ্য কৰা যায়৷ ইয়াৰ বাবে ৰোগৰ উত্তেজক কাৰণ আৰু প্ৰধান কাৰণ নিৰ্ধাৰণ কৰাটো হ’ল প্ৰথম কাম ৷ হোমিওপেথিক চিকিৎসা শাস্ত্ৰ মতে এদিনীয়া বা চিৰকলীয়া বেমাৰৰ উত্তেজক কাৰণ আৰু ঘাই কাৰণ নিৰ্দ্ধাৰণ কৰি ৰোগীৰ পাৰিপাৰ্শ্বিক বা আনুষঙ্গিক অৱস্থাৰ ফালে লক্ষ্য ৰাখি আৰোগ্য বিধানৰ ব্যৱস্থা কৰিব লাগে৷ চিকিৎসাৰ দ্বাৰা শাৰীৰিক আৰু মানসিক লক্ষণবোৰ দূৰ কৰি দিব পাৰিলে বেমাৰটোও বহিঃ আৰু আভ্যন্তৰীণভাৱে আতঁৰি যায় ৷ ইয়াৰ বাবে চিকিৎসকে বেমাৰীৰ লক্ষণসমূহৰ সাদৃশ বা সম লক্ষণৰ দৰৱ নিৰ্বাচন কৰি ৰোগীক দিব৷ ঔষধ বিলাকৰ আৰোগ্যকাৰী শক্তি, সিহঁতৰ লক্ষণবিলাকৰ সৈতে ৰোগৰ লক্ষণ বিলাকৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰশীল ৷

হোমিওপেথিক চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে কম বেছি পৰমাণে প্ৰায় সকলোবোৰ হোমিওপেথিক ঔষধৰে কিছুমান মানসিক লক্ষণ আছে ৷ সেয়েহে মানসিক ৰোগীৰ বাবে ৰোগীৰ শাৰীৰিক তথা মানসিক লক্ষণৰ সাদৃশ লক্ষণযুক্ত ঔষধ সু-নিৰ্বাচিত কৰি ৰোগীক দিলে ৰোগ আৰোগ্য হয় ৷ কিছুমান ৰোগীয়ে মানসিক অৱস্থাৰ বলি হৈ এনে কাম কৰি দিয়ে-যিটো সমাজৰ বাবে গ্ৰহণীয় নহয় আৰু আইনে তাক অপৰাধ গন্য কৰে৷ আমি তেনে ধৰণৰ প্ৰচণ্ড মানসিক লক্ষণযুক্ত ঔষধৰ বিষয়ে আলোচনা কৰিব পাৰোঁ ৷
প্ৰথমেই বেলেডোনা Belladona) নামৰ ঔষধটোৰ মানসিক লক্ষণসমূহৰ বিষয়ে আলোচনা কৰা যাওক ৷ এই ঔষধৰ মানসিক লক্ষণ অতি বিচিত্ৰ ৷ ইয়াৰ ৰোগী সময়ে সময়ে অতি প্ৰচণ্ড হৈ উঠে ৷ খঙাল হৈ পৰি মানুহৰ মুখত থুৱাই দিয়ে, মানুহক কামুৰিবলৈ যায়, মাৰিবলৈ বিচাৰে, বিছনাৰ পৰা জাপ মাৰি উঠি যায়,কাপোৰ কানি আৰু বিছনা ফালিবলৈ ধৰে ৷ ৰোগীয়ে খোৱা বস্তু দলিয়াই পেলাই দিয়ে ,সমুখত যি পায় সেইবোৰ খঙতে ভাঙি পেলায় ৷ এনে আচৰণবোৰ হঠাৎ কমে আৰু হঠাৎ বাঢ়ে ৷ ৰোগৰ আক্ৰমণৰ প্ৰচণ্ডতা সহিব নোৱাৰি বেলেডোনাৰ ৰোগীয়ে কৰা কামৰ বাবে অপৰাধী হিচাপে অভিযুক্ত হ’বও পাৰে ৷ এনে ঘটাৰ পূৰ্বে বেলেডোনা খাবলৈ দি চিকিৎসা আৰম্ভ কৰিলে ৰোগী আৰোগ্যৰ পথলৈ আহিলেহেতেন ৷ সন্দেহ আৰু ঈৰ্ষাপৰায়ণতা ৰোগীৰ চৰিত্ৰত ফুটি উঠে ৷ এগাৰি,সাইমেক্স,কুপ্ৰাম মেট , ষ্টামো ,টাৰেন্ট হিস আৰু ভিৰেট এল্ব আদি ঔষধৰ ৰোগীয়েও বয় বস্তু ভাঙি পেলাব খোজে ৷

হায়োসাবেমাস(Hyoscyamus) নামৰ ঔষধৰ ৰোগীয়ে মনত ধাৰণা কৰি লয় যে কোনো আসুৰিক শক্তিয়ে তেওঁৰ মস্তিষ্কক অভিভূত কৰি ৰাখিছে আৰু তাৰ কাম ব্যাহত কৰি দিছে ৷ ৰোগী নিৰ্লজ্জ আৰু অতিপাত কামোন্মাদ হৈ পৰে, অশ্লীল গান গায় , অশ্লীল কথা কয় আৰু কেতিয়াবা জননেন্দ্ৰিয় উন্মুক্ত কৰে ৷ কামোন্মত্ততা লক্ষণ আৰু বহুতো ঔষধতে আছে ৷ যেনে-এম্ব্ৰা,এপিস,ব্যাৰা মিউ ইত্যাদি ইত্যাদি ৷

কেলকেৰিয়া কাৰ্বনিকা (Calcarea Ccrbonica) নামৰ ঔষধটিৰো মানিক লক্ষণত উগ্ৰতা দেখা যায়, এই ঔষধৰ ৰোগী, যিজন নেকি অতি সৰল আৰু ভদ্ৰ আছিল তেওঁ হঠাৎ সলনি গৈ মানুহক  মাৰপিট,গালি-গালাজ কৰিবলৈ ধৰে৷ দৌৰি দৌৰি এবাৰ চিৰিয়েদি ওপৰলৈ উঠে , এবাৰ তললৈ নামে আৰু মনত ধাৰণা কৰে তেঔঁ এনে ধৰণে বিকটভাৱে চিঞঁৰিব লাগিব ৷ তেওঁ সদায় হত্যাকাণ্ড, অগ্নিকাণ্ড আৰু নিগনিৰ কথা কয় ৷

হোমিওপেথিক চিকিৎসকৰ বাবে অতি প্ৰয়োজনীয় ঔষধ নাক্স ভমিকা(Nux Vomica)ৰ মানসিক লক্ষণসমূহ আতি চমৎকাৰ ৷ ইয়াৰ ৰোগী অতি খঙাল প্ৰকৃতিৰ, আকোঁৰগোজ আৰু স্পৰ্শকাতৰ ৷ ৰোগী সকলো অৱস্থাতে শাৰীৰিক আৰু মানসিক অসহিষ্ণু হৈ থাকে ৷ ৰোগীৰ অলপতে খং উঠে,তেওঁ অতি খিংখিঙিয়া প্ৰকৃতিৰ, হিংসুক, দন্দুৰা আৰু সাৱধানী ৷ ৰোগী দেখাত প্ৰায় শীৰ্ণকায় ৷ ৰোগী এনে আকোঁৰগোজ প্ৰকৃতিৰ যে তেওঁক কোনোৱাই ভাল পৰামৰ্শ দিলেও নামানে অথচ তেওঁৰ কোনো কামত বাধা দিলেও হিতাহিত জ্ঞান হেৰুৱাই এনে ধৰণৰ কাম কিছুমান কৰিব যে , যিটো তেওঁৰ নিজৰ কাৰণেই ক্ষতিকাৰক ৷ এনেকুৱাও ঘটে – ৰাতি একেখন বিছনাতে স্বামী স্ত্ৰী শুই আছে অকষ্মাৎ স্ত্ৰীয়ে তেওঁৰ গিৰিয়েকক হত্যা কৰিবৰ বাবে বুকুৰ ওপৰত বহি ডিঙিত চেপা মাৰি ধৰি ধৰিছে, আকৌ কোনো পিতাকে খঙৰ ভমকত ল’ৰাটোক মূৰৰ ওপৰত তুলি মাটিত দলিয়াই পেলাই দিছে ৷ ভদ্ৰ ব্যৱহাৰ ৰোগীৰ মাজত আশা কৰা নাযায় ৷ আৰ্সেনিক,চায়না,মাৰ্ক আৰু প্লাটি আদি ঔষধতো প্ৰিয়জনক হত্যা কৰিব খোজা লক্ষণ বিৰাজমান ৷

মফিন, ওপি, ভিৰেট এল্ব আদি লক্ষণযুক্ত ৰোগীয়ে মিছা কথা কয় ৷ একোনাইট, ব্ৰয়োনিয়া, কান্থাৰিছ, ক্ৰোকাস আৰু নাইট্ৰিক এচিদ আদি ঔষধৰ লক্ষণতো ৰোগী উগ্ৰ আৰু অমানুহ হৈ পৰে৷ ইয়াৰ ওপৰিও হোমিওপেথিকত বহুতো ঔষধ আছে যিবোৰৰ ইচ্ছাশক্তি আৰু নৈতিক শক্তি লোপৰ লক্ষণ আছে ৷ সেইবোৰ হৈছে-কোকা,কোকেইন , কালি ব্ৰোম ইত্যাদি ৷

কিছুমান ঔষধৰ লক্ষণত ৰোগীৰ মনত আত্মহত্যা কৰাৰ চিন্তা থকা দেখা যায় ৷ উদাহৰণ স্বৰূপে, হিপাৰ সালফিউৰিস ক্যাল্কেৰিয়াম(Hepar Sulphuris Calcareum) নামৰ ঔষধৰ ৰোগীৰ মনলৈ সন্ধ্যা আৰু ৰাতি দু:সহ মনস্তাপ আহে আৰু লগতে আহে আত্মহত্যাৰ চিন্তা ৷ ৰোগী সামান্য কথাতে ক্ষিপ্ত হৈ উঠে আৰু হিংস্ৰ হৈ পৰে ৷ এলো,এনাকাৰ্ডিয়াম, এন্টিম কুড, আৰ্সেনিক , অৰাম আদি বহুতো ঔষধতে ৰোগী আত্মহত্যা ইচ্ছাযুক্ত হৈ পৰা লক্ষণ আছে ৷

দেখা যায় যে ৰোগীৰ কিছুমান ৰোগ মানসিক কাৰণতো সৃষ্টি হয়৷ সপোনৰ দ্বাৰা, কুসংস্কৰাৰ দ্বাৰা , কাৰোবাৰ কোনো মন্তব্যৰ দ্বাৰা,কোনো দিন বা কোনো সময়ত মৃত্যু হ’ব বুলি ৰোগীৰ ধাৰণা হ’লে সঁচাকৈয়ে ঠিক সেই সময়তেই মৃত্যুৰ লক্ষণ বিলাকো প্ৰকাশ পায় ৷ সেই ভাৱেই চতুৰালীৰ দ্বাৰা যদি তেওঁৰ কোনো কাৰণতেই মৃত্যু হ’ব নোৱাৰে বুলি ধাৰণাৰ সৃষ্টি কৰিব পৰা যায় তেনেহলে উপস্থিত মৃত্যুৰ বাহ্যিক আৰু আভ্যন্তৰিক বিকৃতিবিলাকো আঁতৰি যায় ৷ এনেদৰে মানসিক অৱস্থাৰ বাবে সৃষ্ট ৰোগৰ প্ৰচণ্ড তথা অপৰামূলক কামত উদগনি দিয়া লক্ষণবোৰো যথোপযুক্ত নৈতিক শিক্ষাৰ দ্বাৰা বা অন্য যিকোনো উপায়ে নোহোৰা কৰিব পাৰিলেই সমাজত অপৰাধ প্ৰবণতা দূৰ হ’ব পাৰে ৷ দৈহিক ৰোগৰ বাবে সৃষ্ট মানসিক লক্ষণ দূৰ কৰিবলৈ ঔষধৰ প্ৰয়োজন৷ এতিকে বিকৃত মানসিক অৱস্থা প্ৰত্যক্ষ কৰিলে ততালিকে চিকিৎসকৰ কাষ চপা উচিত ৷

মোখনিতক’ব পাৰি যে মানিসিক অৱস্থা বেয়া হ’লেহে , অন্য কথাত, মানসিক ৰোগ হ’লেহে এজন লোকে অপৰাধত লিপ্ত হয় ৷ এতেকে সকলো অপৰাধীয়েই মানসিক ৰোগী, যাৰ চিকিৎসাৰ প্ৰয়োজন আছে ৷

০০০০০০০০০০০০০০০০০

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক