হোলী – দিবাকৰ শৰ্মা

হোলী শব্দৰ সৈতে এটি পুৰণি কাহিনী জড়িত আছে। এসময়ত হিৰণ্যকশিপু নামৰ অসুৰ ৰজাই ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল। তেওঁ অতি দুৰ্দান্ত প্ৰকৃতিৰ আৰু নাস্তিক আছিল। আনহাতে তেওঁৰ পুত্ৰ প্ৰহ্লাদ বিষ্ণু ভক্ত আছিল। পিতা-পুত্ৰৰ বিৰোধ তেওঁক অসন্তুষ্ট কৰিছিল। পুত্ৰক বধ কৰিবলৈ চেষ্টা কৰি বিফল হৈ হতাশ হৈ পৰিছিল। দৈত্যৰাজ হিৰণ্যকশিপুৰ ভনীয়েক হোলিকাই অগ্নিদেৱতাৰ পৰা বৰদান পাইছিল যে- হোলিকাক অগ্নিয়ে দহন কৰিব নোৱাৰে। এই সুবিধাৰ সুযোগ গ্ৰহণ কৰি হিৰণ্যকশিপু ৰজাই প্ৰহলাদক হোলিকাৰ কোলাত তুলি দি অগ্নিত দাহ কৰাৰ পৰিকল্পনা কৰিলে। হিৰণ্যকশিপুৰ পৰিকল্পনা অনুসৰি প্ৰহ্লাদক কোলাত লৈ হোলিকাই অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে যদিও হোলিকাহে অগ্নিত জাহ গ’ল। প্ৰহ্লাদৰ কোনো ক্ষতি নহ’ল। এনেধৰণৰ কথাৰ ওপৰত ভিত্তি কৰি হোলীৰ আগদিনা জনমানসত হোলিকাদাহন পালন কৰাৰ নিয়ম প্ৰচলিত হ’ল। হোলিকা অসৎ আৰু প্ৰহ্লাদ হ’ল সততাৰ পৰিচায়ক। হোলিকাদাহন অশুভ শক্তিৰ পৰাজয় আৰু সততাৰ জয়ৰ প্ৰতীক।
উৎসৱৰ ভাৱাদৰ্শতকৈ সত্ৰ, নামঘৰ বা দেৱালয়ৰ পৰিবেশ আৰু বিধি-বিধানৰ ভিত্তিত প্ৰচলিত সত্ৰীয়া দৌলৰ নান্দনিক তাৎপাৰ্য কিছু বেলেগ হোৱাই স্বাভাৱিক। দৌল অসমৰ মাটি-পানীৰ গোন্ধ লৈ বৰ্ত্তি থকা মহাপুৰুষীয়া ধৰ্ম তথা মহাপুৰুষীয়া সংস্কৃতি। দৌলৰ বৈশিষ্ট্য আৰু আচৰণ-বিধিসমূহে সত্ৰীয়া সংস্কৃতিৰ এটি নতুন যাত্ৰা, নতুন বাৰ্তা বহন কৰি আহিছে। কোৱা হয়- হিন্দী ‘দেৱল’ আৰু বঙালী ‘দেউল’ শব্দৰ পৰাই অসমীয়া ‘দৌল’ বা দ’ল শব্দটো আহিছে।
দৌল উৎসৱৰ প্ৰথম দিনা শ্ৰীকৃষ্ণই লক্ষ্মী আইৰ দৌল এৰি ভকত-ভকতনীৰ সৈতে দোলাত উঠি পৰমানন্দে ইন্দ্ৰদ্যুম্ন ৰজাৰ জীয়ৰী ঘুনুচাৰ ঘৰলৈ/ দৌললৈ যায়। ঘুনুচাৰ ঘৰত শ্ৰীকৃষ্ণ ৫দিন থকাৰ পিছত লক্ষ্মী আইৰ অনুৰোধ ক্ৰমে ঘুনুচাৰ ঘৰ এৰিবলৈ সাজু হ’ল। অৰ্থাৎ আকৌ আনন্দমুখৰ দৌল যাত্ৰা আৰম্ভ হ’ল।
ঘুনুচা কীৰ্ত্তন অসমত সৰ্বজনপ্ৰিয়।সেই অনুসৰি ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল উদযাপন কৰা হয়। ফাগুন মাহত পতা দৌলক ‘ডেকা দৌল’ বুলি কোৱা হয় আৰু ইয়াক ৫দিনীয়াকৈ পালন হয়। পিছৰ বছৰত চন্দ্ৰৰ অৱস্থান অনুসৰি দৌল চ’ত মাহত হ’লে সেই দৌলক ‘বুঢ়া দৌল’ বোলা হয় আৰু এই দৌল তিনিদিনীয়া হয়।
নানান ৰং বা ফাকুৰে খেলা এয়া কেৱল সাধাৰণ ৰং-ধেমালি নহয়। ইয়াৰ অন্তৰালত সোমাই থকা তত্বগধুৰ কথাখিনি হৃদয়ঙ্গম কৰি জীৱনৰ বাবে, সমাজৰ বাবে কল্যাণকাৰী ভাৱনাৰে ৰঙেৰে নিজক অলংকৃত কৰাটোত এই উৎসৱৰ আচল সাৰ্থকতা। আনন্দৰ আচল কেন্দ্ৰ পৱিত্ৰ আৰু দিব্য ৰস। ভগবানৰ সৈতে মিলি পৰস্পৰ বিৰোধ ভাৱ বাদ দি এক দিব্য অভীষ্ট লৈ জীৱনৰ আনন্দ উপভোগ কৰাৰ বাবেই সৃষ্টি কৰা হৈছে। সেয়াই হৈছে পৰমাৰ্থিক অভীষ্টৰ উচ্চস্তৰ আৰু একত্বৰ স্বৰ্গৰূপ। ভগবান শ্ৰীকৃষ্ণৰ প্ৰতি সৰল অন্তৰৰ প্ৰেমময় ভকতিয়ে হ’ল দৌল উৎসৱৰ প্ৰতিপাদ্য বিষয়। ভগবানৰ প্ৰতি জাগা প্ৰেম বা আনন্দই আচল ৰস, আচল ৰং।
এতিয়ালৈকে দেখা দৌল উৎসৱবোৰৰ ভিতৰত বৰপেটা চহৰৰ নামঘৰ, বৰপেটা ৰোডৰ নামঘৰ আৰু মোৰ নিজৰ গাঁওৰ নামঘৰত হোৱা দৌল উৎসৱ প্ৰত্যক্ষ কৰিছোঁ। দেখা পোৱা অনুসৰি ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিৰ অন্তিম মুহূৰ্তৰ কিছু আগৰ পৰা ভগবানৰ বিগ্ৰহ আৰু শালগ্ৰাম ভক্তিভাবে নামঘৰৰ পৰা সেৱা-সৎকাৰ কৰি আসনৰ পৰা উলিয়াই আনি সুসজ্জিত দোলাত সভক্তিৰে তুলি লোৱা হয়। দোলাবাহী দুজন বা চাৰিজনে ভক্তিভাৱে সেৱা জনাই কান্ধত তুলি দৌল মণ্ডপলৈ যাত্ৰা কৰে। ভক্তসকলে উচ্চস্বৰে হৰিধ্বনি কৰি প্ৰভুৰ দোলাক অনুসৰণ কৰি শোভাযাত্ৰা কৰে। নাম-কীৰ্ত্তন আৰু হোলী গীতৰ মধুৰ ধ্বনিয়ে বাট পথ মুখৰিত কৰে। ঘণ্টা, বৰকাঁহ, খোল, শঙ্খৰ মাতে শোভাযাত্ৰা দৃষ্টিনন্দন কৰি তোলে। হিলৈ, ফুলজাৰি, ফানুচ, টোপ আদিৰ শব্দই মুখৰিত কৰে। নানা তৰহৰ গন্ধ দ্ৰব্যৰ সুগন্ধৰে যাত্ৰা পথ আমোদিত হৈ পৰে। ইয়াক দৌলৰ ‘গোন্ধ’ যাত্ৰা বোলা হয়। দৌলমণ্ডপৰ ওচৰ পোৱাৰ পিছত শোভাযাত্ৰাৰ সামৰণি পৰে। দোলা স্থাপনৰ পিছতে বৈদিক মন্ত্ৰবিধি অনুসৰি পূজা আৰম্ভ হয়।
পিছদিনা প্ৰভুৰ বিগ্ৰহক জাগৰণী মন্ত্ৰৰে জগাই তোলা হয়। মন্ত্ৰৰ সহায়ত স্নিগ্ধ পৱিত্ৰ জলেৰে বিগ্ৰহক স্নান কৰায় আৰু পূজা আৰম্ভ কৰে। পূজাৰ অন্তিম অৱস্থাত হোম যজ্ঞ কৰি পূৰ্ণাহুতি দান কৰে আৰু আনুস্থানিকভাবে পূজাৰ সামৰণি ঘটে।
পিছ দিনা সুৱেৰী উৎসৱেৰে দৌল উৎসৱৰ সামৰণি কৰা হয়।
সুৱেৰী উৎসৱত প্ৰাণঢালি গোৱা হোলী গীতৰ ধ্বনিত আনন্দৰ ঢৌৱে পাৰ্থিব সীমা ভেদ কৰি অন্তৰীক্ষত জোঁৱাৰৰ সৃষ্টি কৰে। এই মুহূৰ্তত সকলো ভক্তই নিজৰ বাস্তৱ জগতৰ সকলো জ্বালা যন্ত্ৰনা পাহৰি গৈ এক অপাৰ্থিব স্বৰ্গীয় আনন্দৰ অনুভূতি লাভ কৰে।
এই উৎসৱে অশুভ শক্তিক নাশ কৰি, মনৰ বিভেদ ত্যাগ কৰি সমাজত সুখ শান্তিৰ বাণী প্ৰচাৰ কৰি ঐক্যবদ্ধ জীৱনৰ প্ৰতি আকুল আগ্ৰহ জন্মায়। এয়ে দৌল উৎসৱৰ তাৎপৰ্য।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক