হোষ্টেলৰ দিনবোৰ: দি ফটোশ্বপ ট্ৰেজেদি (ফাৰুক আজিজ)

কৰ্ণাটকত ইঞ্জীনিয়াৰিং পঢ়ি থকা সময়ৰে কথা। প্ৰথম ছেমিষ্টাৰৰ পৰীক্ষা পাৰ হৈ গৈছিল যদিও আমাৰ চিনিয়ৰবোৰৰ ফ্ৰেচাৰ্ছৰ বাবে কোনো আগ্ৰহ দেখা পোৱা নাছিলোঁ। অৰ্থাৎ বুজিবতো পাৰিছেই চাগে আমাৰ ৰেগিং পিৰিয়ড তেতিয়াও শেষ হোৱা নাছিল। আমাৰ চিনিয়ৰবোৰ আকৌ কিবা বেলেগ ধাতুৰে গঢ়া আছিল। যোৱা ছয়-সাতমাহত কি কি যে নেদেখিলোঁ। কেইদিনমান দেখোলোঁ পুৰা কাড়া নীতি-নিয়ম: বিনা অনুমতিত বাহিৰ ওলোৱা নিষেধ, দিনটোৰ ১৫ ঘন্টামান দ্ৰেছকোটত থাকিব লাগে, চুলিৰ জিৰ’ কাট (মানে হাতেৰে মুঠি মাৰিলে ধৰিব নোৱাৰা হ’ব লাগে), সপ্তাহত কোনোবা দিন বা জাতীয় সঙ্গীত গাব লাগে, ৰাতি তিনি বজাত ফোনেৰে চিনিয়ৰক বিহু গাই শুনোৱা ইত্যাদি। আকৌ কেইদিনমান দেখিম আমাৰ ওপৰত থকা বাধ্য-বাধকতা সকলো উঠাই দিছে: নাই মানে একোৱে নাই, কোনেও কাকো একোতে বাধা নিদিয়ে। মন গ’লেই আমি ৰাতি ২/৩ বজাতো হোষ্টেলৰ বাহিৰলৈ ফুৰিবলৈ যাব পাৰিছিলোঁ, কাৰোবাৰ সেইবিধ ধৰিবলৈ মন গ’লেও ধৰিব পাৰে, মন গ’লেই আমি গৈ কল্প ছাৰৰ (কলেজৰ নিয়ম অনুসাৰি আমি চিনিয়ৰক ছাৰ বুলিব লাগিছিল) কোঠালৈ গৈ হাঁহিব বিচাৰিলেও হাঁহি নুঠা জকবোৰ শুনিব পাৰিছিলোঁ বা ইমৰাণ ছাৰৰ নতুন ৰেচিপিৰ সোৱাদ ল’ব পাৰিছিলোঁ। মুঠতে ক’ব গ’লে আমাৰ ভাল দিন চলি আছিল।

তেনে কিছুমান ভাল দিনৰ কথা। আমিও চিনিয়ৰবোৰক আৰু ভয় নকৰা হ’লো। কথা নাই বতৰা নাই দম দি থাকিলেও যে গোটেইগাল যে একো একোটা ধপ আমিও গম পোৱা হ’লো। জুনিয়ৰ হোষ্টেলৰ আমাৰ কোঠাটো প্ৰায়ে এটা ঘটনা বহুল কোঠা আছিল। ভুত ওলাই মাজে মাজে, কেতিয়াবা গানৰ মজলিছ আৰু কেতিয়াবা বা আকৌ পাৰ্থ দাৰ কবিতা- কঁপা নেকি শীতৰ নিশা তুমিও মোৰ দৰে থৰক থৰক থৰক আকৌ কেতিয়াবা আনিচুৰৰ চাকিৰা দেঞ্চ। আমাৰ কোঠাত হোৱা এই সকলোবোৰ কাৰ্য্যক্ৰমণিকাৰ আয়োজন কৰিছিল আমাৰ ৰূমমেট জাহ্নু ডেকাই। ইফটিকাৰ আৰু মই প্ৰথম বৰ্ষত বিৰাট চিৰিয়াছ আছিলোঁ পঢ়া-শুনাত (পাছলৈ বাৰু ইয়াৰ সম্পূৰ্ণ ওলোটা হৈছিলোগৈ) আৰু জাহ্নু পুৰা বিপৰীত আছিল। ইফটিকাৰে মাজে মাজে বুজাই, “চা জাহ্নু, আমি ঘৰৰ পৰা ইমান দূৰলৈ আহিছোঁ। আমি ভালকৈ মন দি পঢ়িব লাগে, এইবোৰ কৰি থাকিলে নহ’ব নহয়।” জাহ্নুয়ে মন দি একান্ত বাধ্য ছাত্ৰৰ দৰে কথাবোৰ শুনে আৰু মোবাইলত ডাঙৰকৈ গান লগাই শুই যায়। তাকে লৈ কেইদিনমান আকৌ সিহঁতৰ মাজত দুৰ্বাদল কাজিয়া। ৰাতি গান লগাই নুশুলে জাহ্নুৰ টোপনি নাহে আৰু গান লাগি থাকিলে ইফটিকাৰৰ টোপনি নাহে। আকৌ কেতিয়াবা মোৰ লগত কাজিয়া কোঠাৰ লাইট নুমুৱাৰ বাবে। এবাৰ জাহ্নুয়ে ইফটিকাৰৰ ঘৰৰ পৰা আনা এক টেমা লাড়ু হোষ্টেলৰ সকলোকে বিলাই দিছিলেগৈ। তাৰ বাবেও দুদিন মান কুৰুক্ষেত্ৰ হ’ল আমাৰ কোঠাত। দিনবোৰ এনেদৰেই পাৰ হৈ আছিল আৰু।
কিছুদিনৰ পাছত আমি মন কৰিছিলোঁ। জাহ্নুক বিচাৰি দিনটোত প্ৰায় ৫০-৬০ জন মান ল’ৰা আহিবলৈ ধৰিছিল। কেইজনমান আহে পেন দ্ৰাইভ লৈ। কেইজনমানে আকৌ তাক পঢ়াবলৈ আহিছিল। কিমানে যে তাক বিচাৰি আহে হিচাপ আহে। মাজতে দেখিলোঁ কেইটামানে আহি কয়, “জাহ্নু তয়ে মোৰ ভগৱান। তই নহ’লে মোৰ কামটো কেতিয়াও নহ’ল হয়।” জাহ্নুয়ে কয়, “যা ৰাজুৰ কেন্টিনৰ পৰা জুছ লৈ আহগৈ।” জুছ আহি হাজিৰ। আমাক দেখুৱাই খায়। কেতিয়াবা আকৌ কোনোটোৱে অম্লেট এটা লৈ আহে, “মোৰ কামটো কৰি দে আৰু।” জাহ্নুয়ে গহীন হৈ কয়, “তোৰ কামটোত অলপ প্ৰব্লেম আছে। পইচা খৰচ কৰিব পাৰিবি।” “পাৰিম। সেইবোৰ চিন্তাই নকৰিবি।” “হৈ যাব যা তোৰ কাম। ক’লড্ৰিংছ এটা লৈ আহ।” ক’লড্ৰিংছ আহি হাজিৰ। আমাক দেখুৱাই খায়। আমি জানিব বিচাৰো কি হৈ আছে নো? কুটিল হাঁহি এটা মাৰি সি উত্তৰ দিয়ে, “তহঁতে পঢ়া-পাতি কৰি থাক। এইবোৰ নলগা জেঙত কিয় লাগি আছ?”
কেতিয়াবা আকৌ আব্দুল আহি তাক কয়হি, “জাহ্নু দা, তই ইমান ভাল। মোৰ কামতো কেতিয়া কৰি দিবি?” জাহ্নুয়ে কয়,“মোৰ মূৰতো ইমান বিষাই আছে। অলপ মালিচ কৰচোন।” আব্দুল লাগি যায় কামত। এনেতে বুবুল আহি পায়হি, “অ’ই জাহ্নু, তই এমান ধৌকেবাজ বুলি ভাবা নাইচ্লো। তই মৃদুলক কৰি দিলি, আনকি পাৰ্থ দাকো কৰি দিলি, মোক কৰি নেইদ্লি (কৰি নিদিলি)। তোক কিমান খুৱালো; চব এনাই গেছি মোৰ”, “তই কি খুৱাইছ, তিনি টকাৰ নিম্বু পানী, পাঁচ টকাৰ আলু ভাত। হা হা। ইয়াৰে একো কাম নহ’ব।” বুবুলে আকৌ কয়,“এনে নকৰিবি। তই মোৰ এমান ভাল বন্ধু। মোৰ কাৰণে এইখিনি কামো কইৰবা নৰা নেকি?” “যা হ’ব যা। তোৰ কাম হৈ যাব। খালি (বুবুলৰ মুখখনলৈ চাই) তই অলপ কষ্ট কৰিব লাগিব।”
জাহ্নুয়েনো কি এনে ডাঙৰ কাম কৰি দিলে আমি দুটাই বুজিব নোৱাৰিলোঁ। কিন্তু কিছুদিন পাছত বুবুলে আহি জাহ্নুক আহি, “তইয়ে মোৰ গুৰু” বুলি যিখনহে কৰিলে, আমাৰ বুজিবলৈ বাকী নাথাকিল যে বুবুলৰ কামটোও হৈ গ’ল। কিন্তু কামতো নো কি আছিল?
পাছদিনাখন বুবুলে কলেজৰ পৰা আহি ঘোষণা কৰি দিলে, “মেৰে চাথ কৌন জায়েগা মুভি দেখনে? আনা জানা চব ফ্ৰী।” বুবুলে আচলতে খুব আনন্দত থাকিলে হিন্দী কয়। মই আৰু কুঞ্জল ওলালোঁ বুবুলৰ লগত বিদাৰলৈ বুলি। কুঞ্জলে এবাৰ চিনিয়ৰৈ ফোন কৰি অনুমতি ল’বলৈ বিচাৰিছিল, মই বুলো “বাদ দে, ইমান চিনিয়ৰ ভক্ত হৈ থাকি লাভ নাই।” মাৰ্চ মাহৰ উৎকট গৰম। দূৰৈৰ পথাৰবোৰৰ পৰা কিবা ধোঁৱা ওলাই থকা যেন লাগে। ৰাস্তাই পদূলিয়ে ক’তো দৰৱত দিবলৈও এটাও মানুহ নাই। কিন্তু আমি তিনিওটা ক্ৰুইজাৰ গাড়ীত উঠিছোঁ বিদাৰলৈ বুলি। উদ্দেশ্য চইফ আলী খানৰ নতুনকৈ মুক্তি পোৱা কথাছবি ‘ৰেচ।’ ‘পেহলী নজৰ মে…’ গাই গাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ।
বিদাৰ পোৱাৰ পাছত আমাৰ গন্তব্যস্থান ‘চপ্না চিনেমা হ’ল’ যোৱাৰ পৰিৱৰ্তে বুবুল গৈ এটা ষ্টুডিওত সোমাল আৰু পকেটৰ পৰা বগা কাগজৰে মেৰিয়াই থোৱা অৱস্থাত এখন ফটো দোকানীক দিলে, “ইচকো একদম চিকনা বনা দৌ ফটোশ্বপ মে। একদম শ্বাহৰুখ খান কি তৰহ বনা দৌ। হমলোগ দৌ ঘন্টে মে আ ৰাহা হু” মই ফটোখন চালোঁ। সেইখন বুবুলৰে ফটো হয়। এটা টিকটিকিয়া কমলা ৰঙৰ টি ছাৰ্ট, মূৰত এখন ৰূমাল, চকুত চান গ্লাছ। দোকানীজনৰ মুখত ভাহি অহা কুটিল হাঁহিটো দেখি বুজিলোঁ বৰ বেছি ‘চিকনা’ বনাব নোৱাৰিব। কুঞ্জল আৰু মই আচৰিত, আচলতে কি হৈ আছে। ফটোশ্বপত বুবুলৰ ফটো কিয় এদিট কৰিব লগীয়া হ’ল। এনেতে বুবুল ফোনত ব্যস্ত হৈ পৰিল, “অ’ ফটোখন ৱাছ কৰিব দিছোঁ। হ’লেই পঠিয়াই দিম তোমালৈ। এসপ্তাহৰ ভিতৰত পাই যাবাগৈ। এইকেইদিন অপেক্ষা কৰা আৰু। ঠিকনাতো শুদ্ধকৈ দিছা নহয়?” লেনিয়াই লেনিয়াই কোৱা কথাখিনিত আমি দুয়ো আচৰিত ২৪ঘন্টাই খাতি নলবৰীয়াত কথা কোৱা বুবুলৰ জিভা পাকেই খাব নুখুজে। আমিও লাহে লাহে সকলো বুজি পালোঁ। বুবুলৰ ফটোখনৰ ৰহস্য, লগতে জাহ্নুৰ নতুনকৈ আৰম্ভ কৰা সমাজসেৱা। বুবুল দেখিবলৈ হেণ্ডছামেই হয়, খালি অলপ আন্ধাৰ বৰণৰ। এদিত নকৰা হ’লেও চলি গ’ল হৈ। কিন্তু তথাপি চাগে ৰিক্স ল’ব নুখুজিলে; প্ৰথম প্ৰেমটো, তাকো জাহ্নুৰ কৃপাত হোৱা; এই প্ৰেম অতুলনীয়। গোটেই ৰাস্তাতো বুবুলে ম’বাইলতে কথা পাতি থাকিল আৰু কুঞ্জলে ৱাকমেনত গান শুনি শুনি আহি থাকিল। ময়ো দুয়োটাৰ পাছে পাছে খোজ ল’লো, ‘স্বপ্না চিনেমাহ’ল’লৈ।
চিনেমা শেষ হোৱাৰ পাছত আমি তিনিও আকৌ ষ্টুডিওটোলৈ আহিলোঁ। ফটোখন চাই বুবুলে ক’লে, “ইচকো ঔৰ চিকনা বনাওঁ।” আমাৰ ফালে চাই ক’লে, “চলৌ তবতক হমলোগ জুছ পিকে আতে হ্যে।” মই বুবুলক ক’লো, “দেৰি হৈ গ’লে হোষ্টেল সোমাওতে অসুবিধা হ’ব নেকি?” বুবুলৰ উত্তৰ, “এমান টেনশ্বন ক্যা লৈছা। মে হু না।” আমি বাহিৰতে ঘূৰা পকা কৰি থাকিলোঁ। এবাৰ জুছ খালোঁ, এবাৰ ডিভিডি দোকানত সোমাই দিস্ক চালোঁ। সময় নাযায় হে নাযায়। বুবুলে ষ্টুডিওটোলৈ আহি কেইবাবাৰো আকৌ এদিট কৰোৱালৈ। শেষত দোকানীজনে ক’লে, “ভায়্যা, ইচছে চিকনাতো হম নেহি বনা চকতে। আপ কিচিজে ভি পুছ লিজিয়ে।” বুবুলে তৰ্ক কৰিব ধৰিলে। ইফালে সন্ধিয়া হৈ আহিছিল। আমি কোৱাত সি ফটোখন ল’লে আৰু ক’লে, “চাউথৰ মানুহ না নাজনে কাম কইৰবা। আমাৰ নলবাৰীৰ ‘কল্পনা ষ্টুডিও’ত হোৱা হ’লি ইত্যে বনে দিলাক হৈ।”
এনেতে মোৰ ম’বাইলটো বাজি উঠিল। জাহ্নুয়ে ফোন কৰিছিল। এটা দু সংবাদ। চিনিয়ৰবোৰে আমাৰ ৰেগিং পিৰিয়ড আকৌ আৰম্ভ কৰি দিলে। মানে এতিয়াৰ পৰা গেটৰ কোনোবা নহয় কোনোবা এজন থাকিব। আমাৰ জিউ ধক ধকাবলৈ ধৰিলে। আজি কেইদিনমান আগতে খোৱা ইমৰাণ ছাৰৰ চৰকেইটাৰ গৰম গৰম ভাৱ এতিয়াও মোৰ গালত লাগিয়েই আছিল। ইফালে বুবুলতো মন্দিৰৰ টিলিঙা যেনেই আছিল; যাৰ যেতিয়াই মন যায় বজায় থৈ যায়। মোৰ বুবুলৰ ওপৰত প্ৰচণ্ড খং উঠিবলৈ ধৰিলে। তাৰ অদৰকাৰী ফটোশ্বপৰ কাৰণেই আজি আমাৰ এনে দশা হ’ল। বুবুলৰো অলপ চিন্তা হ’ল, কিন্তু সি এনেকুৱা দেখুৱালে যেন তাৰ একো চিন্তাই হোৱা নাই, “এমান ভয় কৰা নেকি? একো ন’হে।” ইফালে কুঞ্জলে একো গমেই নাপায়। হাতেৰে অঙ্গী-ভঙ্গী কৰি ৱাকমেনত গান শুনাত মছগুল। মাজে মাজে কেতিয়াবা চিঞঁৰে “সুৰাত মগন।” তাৰ আশা বাদ দি আমি দুটাই কিবা এটা পৰিকল্পনা কৰিব ধৰিলোঁ। ইতিমধ্যেই সাত বাজি গ’ল। আমি ভাবিলোঁ যদি এতিয়াই যাওঁ, আঠমান বজাত হোষ্টেল পামগৈ। তেতিয়া সকলো চিনিয়ৰ বাহিৰতে থাকিব আৰু আমি ধৰা পৰি যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে আমি অলপ দেৰিকৈ যোৱাতো থিক কৰিলোঁ। ভাত খোৱাৰ সময়ত গ’লে মেচত বহুত ভিৰ থাকিব আৰু আমি ভিৰৰ মাজতে সোমাই দিম। কিছুসময় টাউনতে ঘূৰি –মেলি থিক আঠ বজাৰ লগে লগে আমি বিদাৰ আই এচ বি টি লৈ আহিলোঁ। সকলো থিকেই আছিল তেতিয়ালৈ। কিন্তু শাৰী শাৰী বাছবোৰৰ মাজত ভাল্কী যোৱা বাছ এখনো নাচিল। আমি খবৰ লৈ গম দহ বজাৰ আগত আৰু এখনো বাছ নাই। আমাৰ ভয়ত অন্ঠ-কন্ঠ শুকাই গ’ল। ইফালে দহ বজাত আমাৰ হোষ্টেলৰ গেট বন্ধ হৈ যায়। আমি কি কৰিম কি নকৰিম ভাৱি একো উপায় পোৱা নাছিলোঁ। বুবুলকে উধাই মুধাই গালি পাৰিব ধৰিলোঁ। ইফালে কুঞ্জলৰ কোনো চিন্তাই নাই, সি এখন চকীত ভালদৰে বহি লৈ কেছেট ৰি কৰাত ব্যস্ত। মাজে মাজে চিঞঁৰি উঠে, “মই আন্ধাৰৰ ৰজা, হা হা।” বুবুলে দৌৰি গৈ গৈ সকলো বাছৰ ড্ৰাইভাৰকে ক’লৈ যাব সুধিবলৈ ধৰিলে। বাছবোৰৰ গন্তব্যস্থান কানাড়া বা তেলুগুত লিখা থাকে। মই অলপ-চলপ চিনি পাইছিলোঁ আখৰবোৰ। বুবুলক কওঁ এইখন নাযায়। কিন্তু নিজৰ বাহিৰে কাৰোৰে কথা বিশ্বাস নকৰা তাৰ এটা অভ্যাস আছে। সি কোনোবা এখন নতুন বাছ অহা দেখা পালেই দৌৰি গৈ শুধি আহেগৈ। মই কুঞ্জলক ক’ব ধৰিলোঁ, “অ’ই কিবা এটা ভাব। এনেকৈ গান শুনি থাকিলে কি হ’ব?” কথাখিনি শেষ হোৱাৰ পাছত সি কাণৰ হেডফোনটো গুচাই সুধিলে, “কিবা কৈ আছিলি?” মোৰ খং উঠিল, “নাই কোৱা। গান শুনি থাক।” সি আকৌ গান শুনাত লাগিল, “চন্দ্ৰ তৰা থাপ মাৰি আনি।” বুবুলে ফোন কৰি কৰি আহি আছিল। চিনয়ৰে ফোন কৰা বুলি মই ওচৰ চাপি গ’লো, “কোৱা। মোক তুমি কিমান ভাল পোৱা।” মই হাঁহিম নে কান্দিমেই ধৰিব পৰা নাছিলোঁ। মই চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলোঁ,“সকলো মানুহৰ ধ্বংসৰ মূলতে এগৰাকী নাৰীৰ হাত থাকে বুলি শুনিছিলোঁ; আজি কিন্তু পুৰা বিশ্বাস হৈ গ’ল। ফোন থলি নে? এতিয়া আজি হোষ্টেল কেনেকৈ সোমাবি সেইটো চিন্তা কৰ।” সি ফোনটো কাটি দিলে, “এনাই ক্যা কচ্ছা? মানুহে পাগ্লা বুলি ভাব্য।” এনেতে বুবুলে জাহ্নুলৈ ফোন লগালে, “অ’ই তহঁতৰ ৰূমৰ খিড়িকীৰ ৰ’দ কাটি থবি।” মোৰ ফালে চাই আকৌ ক’লে, “একডাল কাইটলি নহ্ব, তিনডাল মান কাটবা লাগব। ৱৰ্কশ্বপৰ পৰা মাৰি আনা দুখান মান ব্লেড আছে তাকেদি আৰম্ভ কৰ কাম।” মোৰ চিন্তা হ’ল এইবিধ কামহে বাকী আছিল নে মোৰ? এইবাৰ মানে চোৰৰ দৰে নিজৰ হোষ্টেলত সোমাব লাগিব। মোৰ চিন্তা হ’ল জাহ্নুয়ে সঁচাকৈ কাটিছে নে? মোৰ তাৰ কথাবোৰত অলপো বিশ্বাস নহয়। গতিকে মই ইফটিকাৰক ফোন কৰিলোঁ, “ৰ’দ কাটি আছে নে?” (ৰ’দ কাটাৰ কৰক-কৰক শব্দ শুনা পালোঁ) “তিনিডাল কাটিছে। সোমাব পাৰিবা সহজতে।” মোৰ মনত কিবা বেবিৰাংবাং চিন্তা আহিব ধৰিলে। ৱৰ্কশ্বপৰ ছাৰে শিকোৱা কথা মনত পৰিব ধৰিলে। সিহঁতে বা ব্লেডখন ৯০° কোণ কৰি লৈছে নে নাই? নহ’লে ব্লেডখন ভাঙি থাকিব পাৰে। এনেতে কুঞ্জলে দৌৰি আহি আমাক সুধিলে, “আমি ইয়াত কিয় ৰৈ আছোঁ? হোষ্টেলৰ গেট বন্ধ কৰিব চোন?” বুবুলে এনেকৈ ধমকি দিলে, ইয়াত লিখিব নোৱাৰি। গালি খাই উঠা কুঞ্জলৰ কৰুণ মুখখন দেখি মোৰ কিবা দুখ লাগিল। এনেতে বাছ এখন অহাত আমি তিনিটাই জাপ মাৰি উঠিলোঁ।
এঘাৰ মান বজাত আমি তিনিও আহি হোষ্টেল পালোহি। কেম্পাছৰ গেটত কোনো নাছিল। আমি ভয়ে ভয়ে সোমালো কেম্পাছত। কেইবাজনো চিনিয়ৰে বাহিৰত ৰৈ ফোনত কথা পাতি আহিছিল। আমি প্ৰায় দৌৰি অহাদি পাৰ হৈ আহিলোঁ। জুনিয়ৰ হোষ্টেলৰ গেটত জিলিকি থকা মস্ত তলাটোৱে খিড়িকীৰে সোমোৱাৰ বাহিৰে আমাৰ যে গত্যান্তৰ নাই তাকেই বুজালে। ভাগ্যভাল আছিল এজনো চিকিউৰিটি গাৰ্ড তেতিয়া বাহিৰত নাছিল। আমিও আন্ধাৰে আন্ধাৰে গৈ আমাৰ কোঠাটোৰ সম্মুখ পালোগৈ। তলৰ পৰা গোটেই কোঠাবোৰ দেখিলোঁ। প্ৰায়ভাগৰে খিড়িকী খোলা আছিল। সৰহসংখ্যকে পঢ়ি আছিল। কিছুমান কোঠাতহে আড্ডা চলি আছিল। ল’ৰাবোৰে পঢ়ি থকা দেখি দেউতাই আহিবৰ সময়ত কোৱা কথাষাৰ মনত পৰিছিল, “ইমান দূৰলৈ যাবি যেতিয়া ভালদৰে পঢ়া-শুনা কৰিবি। অবাবত সময় নষ্ট নকৰিবি।” কথাষাৰ মনত পৰি মোৰ কিবা বুকুখন গধুৰ গধুৰ লাগিল। বুবুলক ক’লো, “অ’ই বুবুল চা সকলো ল’ৰাই পঢ়ি আছে। আমি কাইলৈৰ পৰা ভালদৰে পঢ়িম দে।” বুবুলৰ খং উঠিল, “পঢ়িবি দে কালিৰ পৰা। আগে কেন্কে সুমাবি তাৰ কথা চিন্তা কৰ।” এনেতে জাহ্নুয়ে লাহেকৈ খিড়িকীখন খুলি দিলে। আমাৰ অসম সমাজৰ প্ৰায় গোটেই গাল তীব্ৰ উৎকন্ঠাৰে কোঠাৰ ভিতৰতে ৰৈ থকা দেখি মনত সাহস বাঢ়িল। সৰু পাইপ এডালত ভৰ দি প্ৰথমতে কুঞ্জল উঠি গ’ল। বিনয় আৰু জাহ্নুয়ে হাতত ধৰি তাক উঠি যোৱাত সহায় কৰিলে। তাৰ পাছত বুবুল গ’ল। তেতিয়ালৈ সকলো থিকেই আছিল। মই উঠোতে হে কেনা লাগিল। মোৰ হাতত কেইটামান টোপোলা আছিল। তাৰে এটা ঔষধৰ টোপোলা। কেতিয়াবা কোনোবা চিনিয়ৰে লগ পাব বুলি লগত ৰাখো। ডক্তৰৰ ওচৰলৈ গৈছিলোঁ বুলি ক’বলৈ সুবিধা হয়। টোপোলা কেইটা দিওঁতে এটা সৰি পৰিল তলত। শব্দ শুনি কোনোবা এজন চিকিউৰিটি গাৰ্ডে চিঞঁৰিলে, “কৌন হ্যে ৱাহা পে?” মই তৎক্ষণাত বহি লুকাই দিলোঁ। কোনোবা এজনে খিড়িকীখন জপাই দিলে। মই আন্ধাৰে-মুন্ধাৰে বহি থাকিলোঁ তলত। বহু সময় তেনেদৰেই থাকিলোঁ। কিবা এটা চেপা উত্তেজনাই বিৰাজ কৰিছিল, কোঠাটোৰ ভিতৰতো। সকলো নিস্তব্ধ। কাৰো ক’তো সাৰ-সুৰ নাই। এই ৰৈ থকা সময়খিনি মোৰ কাৰণে কিবা এটা যুগ যেন লাগিল। মাতিবও নোৱাৰা হ’লো কাকো। বহু দেৰি মূৰত কোনোবা এজনে খিড়িকীখন আকৌ খুলি দিলে আৰু সৰু সৰুকৈ মোক মাতিব ধৰিলে, “ফাৰুক, অ’ই ফাৰুক, ক’ত গ’লি?” মই থিয় হৈ পাইপ ডালত ভৰ দি উঠিবলৈ চেষ্টা কৰিলোঁ। কোনোবা এজনে হাত এখন আগবঢ়াই দিছিল। মই ধৰিব বিচাৰোতে মেচেক কৈ এটা শব্দ হ’ল আৰু পাইপডাল ভাঙি তলত পৰিলোঁ। এনেতে চাৰিওফালৰ পৰা চিঞঁৰ বাখৰ শুনিবলৈ ধৰিলোঁ। দূৰৈৰ পৰা কেইবাটাও টৰ্চ লাইটৰ পোহৰ মোৰ গাত পৰিল। পাছফালৰ হেলজেন লাইটটোও জ্বলাই দিলে। ‘চৌৰ চৌৰ’ বুলি চিঞঁৰা মোৰ কানত পৰিল। কেইবাজনো চকীদাৰে মোক হেঁচা মাৰি ধৰিলে। হোষ্টেলৰ নৈশ চকীদাৰ বুঢ়া মামুয়ে মোৰ মুখলৈ টচ মাৰি দি কাৰোবাক ফোনত ক’বলৈ ধৰিলে, “হা চাৰ পকৰ লিয়া। আচাম কা লড়কা হ্যে। নিচ্চে ৰেহটা হ্যে। আপ জল্দি আ জাইয়ে।” দুজনে মোৰ দুখন হাতত ধৰিলে। এজনে খামুছি ধৰা দেখিলোঁ। দুদিনমান আগতে মই ধমকি দিয়া গাৰ্ডজনেই হ’ব বুলি নোচোৱাকৈয়ে গম পালোঁ। দাগী অপৰাধীক আদালতলৈ অনাৰ দৰে মোকো আনি চুপাৰ ছাৰৰ আগত থিয় কৰোৱা হ’ল। হিমাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া চুপাৰ ছাৰে এখন টেবুল আগত লৈ বহি আছিল। ৰাজকীয় ভঙ্গীৰে সুধিলে, “ইনকে ওপৰ এলিগেশ্বন ক্যা ক্যা হে?” মই কিবা কোৱাৰ আগতে এজন গাৰ্ডে কেনেকৈ মোক পালে তাকে ক’বলৈ ধৰিলে। মই ওপৰৰ ফালে এবাৰ চাই দেখিলোঁ গোটেই কেইটা মহলাৰে পৰা হোষ্টেলৰ সকলোৱে মোকে চাই আছে। মই বুজিলোঁ, আজি চুপাৰ ছাৰে মোৰ ওপৰত বীৰত্ব দেখুৱাই গোটেই হোষ্টেলত ত্ৰাসৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এনেও চুপাৰ ছাৰক কোনেও ভয় নকৰে। হোষ্টেলততো কোনেও পাট্টা নিদিয়ে। ইতিমধ্যে হাংগাৰগী, মাথাপট্টি, কদগে আদি কেইবাজনো শিক্ষক আহি বিচাৰত ভাগ লৈছিলহি। আমাৰ অসম সমাজৰো গোটেইগাল ওচৰতে থিয় হৈছিলহি। এজনে মই ক’ত গৈছিলোঁ সুধাত ডক্তৰৰ ওচৰলৈ গৈছিলোঁ বুলি ক’লোঁ। মই পকেটত হাত ভৰাই দৰৱৰ টোপোলাটো দেখুৱাব বিচাৰোতে মনত পৰিল, সেইটো খিড়িকীৰে পাৰ কৰি দিছিলোঁ। এনেতে জাহ্নুক দেখিলোঁ, সি হাতত টোপোলাটো লৈয়ে আছিল। সেইটো দেখুৱাই দিওঁতে অলপ বিশ্বাস কৰা যেন পালোঁ। কিন্তু চুপাৰ ছাৰৰ কথা অলপ বেলেগ আছিল। মোক ক’বলৈ ধৰিলে, “তুম দাৰু ঔৰ গাঞ্জাকে এলাবা ঔৰ ক্যা ক্যা চাপ্লাই কৰতে হো হোষ্টেল মে।” মোৰ মূৰটো কিবা ঘূৰোৱা যেন পালোঁ। চুপাৰ ছাৰৰ ওপৰত বিৰাট খং উঠিবলৈ ধৰিলে। চিকিউৰিটি গাৰ্ডজনে আহি ক’ব ধৰিলে, “ পিছলে মহিনে ফেন ঔৰ টেব্ল জৌ গায়ব হুৱা। য়েহি কৰ চাকটা হ্যে।” চুপাৰ একদম আনন্দিত হৈ, “হা হা। ম্যে ভুল গয়া থা। য়ে চব কে বাৰে মে তুমে ক্যা মালুম হ্যে।” মোৰ খং উঠি আহিছিল, ইফালে ভয়ো লাগি আহিছিল। মই একো নাজানো আৰু আজি ডক্তৰৰ ওচৰলৈ গৈছিলোঁ বুলি ক’লোঁ। নাই কোনো পধ্যেই বিশ্বাস নকৰে। “আজ তুমহাৰে চাথ ঔৰ কৌন কৌন থা?” মই ওচৰতে ৰৈ থকা বুবুল আৰু কুঞ্জললৈ চালোঁ। কুঞ্জলে যেন আত্মসমৰ্পণ কৰিবলৈ সাজু হৈ আছিল; কিন্তু বুবুলে এনেকৈ থিয় হৈ আছিল যেন সি একো গমেই নাপায়। দুয়োটাকে দেখি ভাবিলোঁ, মইতো নিজে ফচি আছোঁয়ে আৰু ইহঁত দুটাকনো কিয় ফচাওঁ। মই কাৰো নাম নললোঁ। এনেতে হাংগাৰগী ছাৰে হাতত এডাল ডাঙৰ লাঠী লৈ আগবাঢ়ি আহিল। চুপাৰ ছাৰে গাৰ্ড এটাক মোৰ বস্তু-বাহিনী সকলো বাহিৰলৈ দলিয়াই দিব ক’লে। মই বোলো কথা বিষম। ইফালে চুপাৰ ছাৰ অলপ বেছি উত্তেজিত হৈ গ’ল, “তুম কাল চুবহ আচাম কা ট্ৰেণ পকৰোগে।” মই বাকী শিক্ষকসকলক মোৰ কথা শুনিবলৈ কৈ আছিলোঁ। ইতিমধ্যে হোষ্টেলৰ পৰা কেইবাজনো মোৰ সহপাঠীয়ে আহি মোৰ হৈ যুক্তি দিবলৈ আৰম্ভ কৰিছিল। কৰ্ণাটকৰ মোৰ সহপাঠীকেইজনেও কানাড়া ভাষাতে মোৰ হৈ ক’বলৈ আৰম্ভ কৰিছিল।
কথা লাহে লাহে বেয়াৰ ফাললৈ গতি কৰিছিল। মই ভাবিলোঁ এতিয়া কান্দাৰ বাহিৰে উপায় নাই। কান্দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ভয় খায় আছোঁ কাৰণেই নেকি কান্দিবও পৰা নাছিলোঁ। চাৰিওফালে তৰ্কা- তৰ্কি। কোনেও কাৰো কথা নুশুনে। মই কান্দিবলৈ বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছিলোঁ। মই মাৰ মুখখন মনত পেলালোঁ। মই ভাবিবলৈ ধৰিলোঁ- মোক কলেজৰ পৰা উলিয়াই দিছে। পিঠিত বেগটো লৈ মই গোলাঘাটৰ নিজৰ ঘৰলৈ উভতি গৈছোঁ। ওচৰ-পাজৰৰ মানুহে মোলৈ ঘূৰি চাইছে। মাই বাৰান্দাৰ খূটাতে ধৰি কান্দি আছে। ভন্টীয়ে দুৱাৰমুখতে বহি কৰূণ দৃষ্টিৰে একো নুবুজাকৈ মোলৈ চাই আছে। দেউতাই খঙতে মোলৈ চোৱা নাই। বাটৰুৱাই কথা পাতিছে, “ৰহমানৰ ল’ৰাজনক বোলে কলেজৰ পৰা উলিয়াই দিলে।”
মোৰ চকুৰে ধাৰাসাৰে লোটক ববলৈ ধৰিলে। মই চিঞঁৰি চিঞঁৰি কান্দিবলৈ ধৰিলোঁ। মই কান্দি কান্দিয়ে মোৰ কথাবোৰ ক’বলৈ ধৰিলে। এতিয়া সকলোৱে মোৰ কথাবোৰ শুনিবলৈ ধৰিলে। মোৰ আগতে বিশ্বাস নকৰা কথাবোৰো বিশ্বাস কৰিবলৈ ধৰিলে। চুপাৰে মাজতে আহি আকৌ ক’বলৈ ধৰিলে, “তুম কাল কলেজ চে ৰেষ্ট্ৰিকেট কিয়া জায়েগা।” বাকী দুজনমান শিক্ষকে আহি চুপাৰক বাধা দিলে আৰু মোক কোঠাত গৈ শুই থাকিব দিলে। পাছদিনা ৰাতিপুৱা এই বিষয়ে আলোচনা হ’ব বুলি ক’লে। মই দৌৰি গৈ কোঠাত সোমালো। সিদিনাখন ৰাতি বহু দেৰিলৈ শিক্ষকসকল হোষ্টেলত থাকিল আৰু মই পিছদিনা কলেজ এৰি যাব লাগিব বুলি সকলোকে ক’লে। সিদিনা ৰাতি মোৰ ভালদৰে টোপনি নাহিলেই।
পিছদিনা ৰাতিপুৱা ভয়ে ভয়ে কলেজ যাবলৈ ওলালোঁ। ৰাতিৰ কথাবোৰ কিবা সপোন সপোন লাগি আছিল। ইফটিকাৰে ৰ’দ কাটি থোৱা খিড়িকীখনত গামোচা এখন দি থৈছিল। ভয়ে ভয়ে সিদিনা দিনটো পাৰ হ’ল। চিনিয়ৰসকলেও আহি বাৰে বাৰে খবৰ লৈ গৈছিলহি। সিদিনা একো নহ’ল আৰু কিবা হ’ব হ’ব বুলি ভাবি থাকোতেই ঘটনাটোও লাহে লাহে পুৰণি হ’ল। মই দুদিনমান চুপাৰ ছাৰক দেখিলেই পলাইছিলোঁ। কিন্তু লাহে লাহে চাৰেও বিৰাট মৰমত মাতিব আৰম্ভ কৰিলে।
সিদিনাখনৰ এই ট্ৰেজেদিৰ এনেকৈয়ে মধুৰ সমাপ্তি ঘটিছিল। কেতিয়াবা মনত পৰিলে বিৰাট হাঁহি উঠে আৰু নভৱা নিচিন্তাকৈ কৰা কামবোৰৰ বাবে নিজৰ ওপৰত খঙো উঠে। আজিলৈ এৰিছোঁ। অ’ আৰু এটা কথা বুবুলৰ কাহিনীটো ৰৈ গ’ল নহয়, বুবুলৰ ফটোখনৰ কি হ’ল? প্ৰেম কাহিনীটোৰ পৰিণতি কি হ’লগৈ? সেইবোৰ আৰু বহু দীঘল কাহিনী। বেলেগ এদিন ক’ম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments