হোষ্টেল (উচ্চজিত কলিতা)


আবেলিৰ আকাশত ৰামধেনুৰ ৰং নাই
জোৱাৰৰ বাবে সাগৰ নাই
আজি যে হোষ্টেল বন্ধ ।
ক’লেজীয়া সপোনবোৰ হাইৱেৰ বুকুৰে
দলং পাৰ হৈ গুচি যায়,
জেপত বা বেগত লৈ যায়
একোখন হৃদয়ৰ পাছ-পোৰ্ট ।
হোষ্টেলত লগ হয় অচিনাকি গাঁও আৰু চহৰ
সিহঁতৰ একেখন চিনাকি আকাশ,
মিতালি সন্ধিয়াত জিলমিলাই থাকে
জোনাক জোনাক জিলমিলনিত
ন-পুৰণি তৰাৰ আলাপ ।
হোষ্টেলত থাকিলে পখিলাৰ দৰে উৰিবৰ মন যায়
হোষ্টেলত থাকিলে নাৰ্চিচাছ হ’বলৈ মন যায়
হোষ্টেল যে মাথোঁ দিয়াৰ নাম
ইয়াত লোৱাৰ প্ৰতিশ্ৰুতি নাই ।
হোষ্টেলৰ হাঁহিবোৰ এখন নিশঙ্ক বননিত ডুব যায় ।
হোষ্টেললৈ আহিলে প্ৰেমত পৰিবৰ মন যায়,
ইয়াৰ বুকুত বাহ লয় কিমানযে কবিতা !
প্ৰতিটো শাওণতে ইয়াত নৱ-সৃষ্টিৰ বন্যা,
ইয়াত ভিৰ কৰেহি কিছুমান দূৰণিবটীয়া সপোন
ইয়াৰ আকাশ জোৱাৰৰ প্ৰেম আৰু গতিৰে মহান ।
হোষ্টেল মাথোঁ শিল-ইটাৰ কম্বিনেশ্বন নহয়,
ইযে নহয় পৰীক্ষা পাছ কৰা মাথোঁ মেজৰৰ নোট ।
এই আকাশ, এই জোনাক
তাতোকৈ বহুত বিশাল,
কিছুমান কেঁচা হাঁহিৰ ৰামধেনু
জীৱন আৰু স্বপ্নক লগ লগোৱা ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments