হোষ্টেল (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

 

 

বহুতৰ দৰে মোৰো জীৱনৰ আটাইতকৈ ভাল লগা সময়বোৰৰ লগত সদায়েই হোষ্টেলত কটোৱা সময়ছোৱা সংলগ্ন হৈ আছে। এইচি হোষ্টেলৰ চাৰিবছৰৰ প্ৰতিটো পল জীৱনৰ আঁহে আঁহে কেনেকৈ বিজড়িত হৈ আছে, সেই কথা হোষ্টেলৰ পৰা ওলোৱাৰ পিছত আমি বেছিকৈ অনুভৱ কৰিছোঁ।
হোষ্টেলত থাকোঁতে দুদিন বুকু ভেদি কান্দোনৰ ঢল বৈ আহে। ঘৰ এৰি অহাৰ দুখত প্ৰথম হোষ্টেলত সোমোৱাৰ দিনা আৰু চিৰদিনৰ বাবে হোষ্টেল এৰি ঘৰলৈ যোৱাৰ দিনা। শেষৰ দিনা হয়তো দুখৰ মাত্ৰাটোও অধিক হয়। বেগ-বাকচ কান্ধত ওলোমাই নিজৰ ৰুমটোক বিদায় জনাই ওলোৱাৰ মুহূৰ্তত বেৰত ওলমি থকা মেডোনা অথবা মধুবালায়ো সেমেকা হাঁহিৰে যেন কৈ উঠে- ‘অলবিদা’! গাৰ্লছ হোষ্টেলৰ ধুনীয়া ছোৱালীজনী বা ক’ম্বাইন ষ্টাডীৰ পৰা আৰম্ভ কৰি দেৱদাসলৈকে মজিয়াত সিচঁৰিত হৈ পৰি থাকে আড্ডাৰ টুকুৰাবোৰ। কমন ৰুমত থকা কেৰম বোৰ্ড বা টিটি টেবুলখনৰো যেন সেইদিনা অভিমান হয়। পৰি ৰয় এচুকত নীৰৱ হৈ!

বাথৰুমত টাইলছ্ নাই,

মকৰাজালেৰে ভৰি আছে ৰুম, কথা নাই।

খিড়িকীৰ দুই-চাৰিখন গ্লাছ ভগা, চিন্তা নাই…

ফিজিক্স বা কেমিষ্ট্ৰিৰ প্ৰেক্টিকেলৰ বহী দুখন আঁৰি দিম, নুসুমাই বতাহ!

ৰাতিপুৱা ব্ৰেডৰ টুকুৰাত বাটাৰ নাথাকিলেও কথা নাই, চিঞৰি ক’বলৈ নাযাওঁ ঠাকুৰ কাইক

বাটিত চিকেন এটুকুৰা কমকৈ পৰিল,

ভাগত পৰা মাছৰ টুকুৰাটো ইমান সৰু! নাই, খং নকৰোঁ।

ডাইনিং হলত বহিবলৈ চকী-বেঞ্চ নাপালেওঁ নাই

লেতেৰা হাতেৰে দিছে ভাত,

‘ইমান আনহাইজেনিক..’, না: কমপ্লেইন নকৰোঁ।

মাৰ্লব’ৰ’ লাইটছ্ নাপালেও কথা নাই, চাৰমিনাৰৰ ধোঁৱাতেই উৰিব সুগন্ধি!

নালাগে ব্লেক ড’গ লগত চিকেন ল’লিপপ,

সস্তীয়াৰেই চলাই দিম, লগত জলকীয়া-নিমখ!

কলেজ বাছত ঠেলি-হেঁচি সোমাবলৈ নাযাওঁ, নেদেখিলেও কথা নাই ফাৰ্ষ্ট ছেম’ৰ ছোৱালী,

ফিজিক্স লেব’ৰ কাষৰ অন্ধকাৰত প্ৰেম কৰাৰ আশা ভাগিলেও ভাগক

‘তড়প তড়প কে ইছ দিল ছে’ – নাফালোঁ ৰাতি ট্ৰে’জেডী!

আকৌ এবাৰ ঘূৰাই পোৱা হ’লে হোষ্টেলৰ জীৱন,

দুখ-কষ্ট পাহৰি জীয়ালোহেঁতেন মধুৰতম সময়!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments