য়ে দোস্তী ..-নয়নমনি হালৈ

তেতিয়া শৰীৰত ভৰ যৌৱন৷ দাঢ়ি-মোছ চিনিব পৰা হৈছে৷ টিকাত দুইপোৱা মাংস নাথাকিব পাৰে, তেজত কিন্তু ৰণুৱা ঘোৰা দৌৰে৷ মনত যেন এশটা হাতীৰ বল৷ কথাতে কয়, ‘মনৰ বলেই আচল বল, হাজাৰ বন্দুক হুলাবাৰীৰ তল’৷ বন্ধু বুলি ক’লে জান-প্ৰান দি পৰা সময় তেতিয়া৷ তেজ দিয়া সৰু কথা, প্ৰয়োজনত কিডনি লিভাৰ সকলো দিম বন্ধুৰ বাবে, সেই সময়ৰ কথা৷

খবৰ আহিল, ভাস্কৰ আৰু মোহিতক পুলিচে থানাৰ লক-আপত ভৰাই থৈছে৷ কোন পুলিচ বে! আমি থাকোতে আমাৰ লগৰ ভাস্কৰ, মোহিতক লকআপত ভৰাই থয়! বাইকখনত দিলো এটা গোৰ মাৰি, ওলাই গ’ল ধোৱা৷ ইচ বৰ বেয়া গোন্ধাইছে৷ মবিল পুৰি শেষ হৈ গৈছে৷ ব্লকটোৰ একেবাৰে কাম নাইকিয়া হৈ গৈছে৷ মবিল ভৰোৱা, ব্লক ৰিপিয়াৰিং কৰাৰ নামত ‘পিতা স্বৰ্গ পিতা ধৰ্ম’ৰ পৰা দুহেজাৰ মান টকা ইতিমধ্যে ‘পেৰাডাইজ ধাবা’ আৰু মন্তুৰ গুমটিত ধোৱা হৈ উৰি গৈছে৷ এইখিনি সময়তে মোৰ ন-ঢলা বজাৰত নিগনি-চিকা মৰা ঔষধ বিক্ৰী কৰি ফুৰা ‘কলা মোহন’লৈ খঙটো উঠি আহে৷ সি …ৰ বাচ্চাই যি পইছাকিটা গণি লৈ গ’ল, আৰু দেখাদেখি নাই৷ তেল-তুল ঘহি চিকচিকিয়া কৰি মোৰ ওচৰত থাৰ্ডহেণ্ড বাইকখন বিক্ৰী কৰিলে, পিছতহে গম পালো সি আচলতে মোক বাইকৰ খোলাটোহে বেচিলে৷ ভিতৰখনত মাল-বস্তু বুলিবলৈ একোৱে নাই৷ হাৱা যায় থকা বাবে দুই কিল’মিটাৰ ঠেলি বাতিবলৈ লৈ গলো এদিন৷ গেৰেজৰ মেকানিটোৱে মোক টিউবটো দেখুৱাই সুধিলে ‘কেইটা ফুটা বাতো’! কেইটা ফুটা মানে! দেখিলো, টিউবটোত নতুনকৈ বাতিবৰ ঠাই আৰু নাই৷ ছেকেণ্ড হেণ্ড টিউব এটা লগাই কিবাকৈ ঘৰ পালো সিদিনা৷ সিদিনাৰ পৰাই জ্বলি আছো, কলা মোহনক পালে চিকা মৰা গোটেইকেইটা পেকেট তাৰ মুখত ঢালি দিম, চিনি পোৱা নাই বাপেকক৷
কিন্তু এতিয়া আৰু উপায় নাই, থানা গৈ পাব লাগে৷ বাটতে লগ পালো ভাস্কৰৰ মাকক৷ বেচেৰী খুড়ীজনী কান্দি-কাটি আকুল৷ একমাত্ৰ পুত্ৰ ভাস্কৰ কাৰাগাৰৰ লৌহ কুঠৰীত, কোনসতে সহে বাৰু!
: খুড়ী আপুনি চিন্তাই নকৰিব৷ থানাত মোৰ চিনাকি আছে৷
: হলেও বোপা পইছা পাতি নিদিলে আজিকালি একো কাম নহয়৷ এই তিনিশ টকা লৈ যোৱা৷ যেনেকৈয়ে নহওক তাক উলিয়াই আনা৷ সি এক্কেবাৰে চাধা-চিধা ল’ৰা৷ এই মোহিতটোৱে তাৰ মূৰ খালে বুজিছা৷
: হে নালাগে নালাগে- মুখেৰে অন্তৰ শাত পৰা হাঁহিটো মাৰিলেও পইছাখিনি চিলনীৰ জীয়েকক ঠাপ মাৰি অনাদিহে আনিলো৷ হওক, কাৰোবাক দুই-এশ খুৱাব লাগে যদি খুৱাম, মুঠতে সিহঁত দুইটাক মোকলাই আনিব লাগে৷ সিহঁতেইতো মোৰ প্ৰাণৰ বন্ধু৷ কিন্তু চিনাকি গাড়ীৰ গেৰেজটোৰ সন্মুখ পোৱাৰ লগে-লগে মনটো লক-লকাই উঠিল৷ মবিলটো ভৰায়েই লও নেকি! যিহে ধোৱা মাৰি আছে আৰু যিটোহে আৱাজ বাহিৰ কৰিছে, মানুহ নালাগে ৰাস্তাৰ কুকুৰেও আজি মোক ৰাস্তা এৰি দিছে৷ যেনেকৈয়ে নহওক, হাতলৈ ধন আহিছে মানে লক্ষ্মী আহিছে৷ আৰু স্বয়ং ধনলক্ষ্মী হাতত থাকোতেই যদি মবিলটো ভৰাই নলও, তেন্তে অন্যায় হব৷ কিন্তু ভাস্কৰ, মোহিত ..! যাঃ যি হয় হব৷ ভবিষ্যতৰ কথা ভাবি বৰ্তমানটো নষ্ট কৰিব নোৱাৰি৷
: ঐ ভৰাই দে মবিল – গেৰেজৰ চিনাকি মেকানিকজনলৈ চাই চিঞৰি দিলোঁ৷
বাঃ, এতিয়া অলপ মিহি হৈছে৷ ধোৱাও কমকৈ ওলাইছে৷ ব্লকটো চাফা কৰি দিলে এইখন থাৰ্ড হেণ্ড বুলি আৰু কোনেও কব নোৱাৰিব৷ কলা মোহনলৈ অলপ মৰম ভাব আহিল৷ ইমান কম দামত জানো বাইক এখন পোৱা যায়! এতিয়া থানা গৈ পোৱাহে কথা৷
থানা পাও পাও হৈছো, মনত ভাব হ’ল; বাইকখন ভাল হ’ল যেতিয়া মই দেখোন বন্দনাকে এবাৰ লগ কৰি আহিব পাৰো! আজি ধুই ইস্ত্ৰি কৰি থোৱা চোলা এটাও পিন্ধি আহিছো! কিন্তু ভাস্কৰ, মোহিত! যাঃ যি হয় হব৷ ভবামতেই কাম৷ ঘূৰাই দিলো৷ এপাকতে বাইকখন ঘূৰাই ছোৱালী কলেজৰ সন্মুখত হিৰো ষ্টাইলত ব্ৰেক মাৰি দিলো৷ কলেজৰ সন্মুখত যেন ফুলৰ মেলা বহিছে৷ কোনপাহ চাম, কোনপাহ নেচাম! কোনোপাহ যদি ফুলো ফুলো হৈ থকা নাৰ্জী, কোনোপাহ আকৌ লাজৰ ওৰণি গুচাই হাঁহি মৰা ৰক্তজবা পাহি৷ আঃ দেখিলেই মন ভৰি যায়৷
: অজয়দা অজয়দা .., হঠাত্‍ পিছফালৰ পৰা মাত এটা ভাহি আহিল৷
আঃ ইমান মিঠা মাতেৰে কোনোবাই মোকেই মাতিছে নে! ঘূৰি চালো৷ দেখিয়েই এনে লাগিল যেন কলেজৰ সন্মুখৰ গেলা পানীৰ ৰাস্তাটো হঠাত্‍ স্বৰ্গলৈ যোৱা সেন্দূৰীয়া পথ ৰৈ পৰিছে আৰু গেলাপানীবোৰ হৈ পৰিছে স্বৰ্গৰ মন্দাকিনী নদী৷ চাৰিওফালে যেন অকাল বসন্ত, পখীৰ কলকল শব্দ ভাহি আহিছে৷ এইজনী আমাৰ চুবুৰীৰে, অৰ্পিতা৷ এইজনীৰ বাবেই আজি মোৰ চুবুৰীটো জিলাখনৰ ভিতৰতে সান্ধ্যভ্ৰমণৰ বাবে এক আদৰ্শ স্থলী হৈ পৰিছে৷ মোৰ চুবুৰীটো বাদেই, ওচৰ-পাজৰৰ চুবুৰীকেইটাৰ পৰাও বহু ডেকাই অৰ্পিতাহঁতৰ পদূলীয়েদি যোৱা বাটটোক সান্ধ্যভ্ৰমণৰ বাবে বাচি লৈছে৷ সেইজনী অৰ্পিতা আগবাঢ়ি আহিছে মোৰ পিণে! মই থৰ লাগিলো৷ : “অজয়দা, মোক অলপ আগবঢ়াই দিবা নেকি? ” কি? মই ঠিকেই শুনিছো নে বাৰু? মই হা কবলৈ মুখ মেলিছিলোহে মাত্ৰ, অৰ্পিতা আহি মোৰ পিছপিণে লিপিট খাই পৰিলেই৷ ধুনু ছোৱালী এজনীক মোৰ থাৰ্ডহেণ্ড বাইকখনত উঠোৱাৰ কিমান যে হাবিয়াস আছিল মোৰ! অৱশেষত আজি কণা বিধাতাই মূৰ দাঙি চালে৷ কেৱল বিধাতাই নহয়, ৰাস্তাৰ কাষত ৰোমিঅ বোৰেও আজি মোৰ পিণে চকু থিয় কৰি চাইছে৷ ইচ, আজি যদি ভাস্কৰ আৰু মোহিতে এই দৃশ্য দেখিলেহেঁতেন, দুয়ো নিৰ্ঘাত জ্বলি-পুৰি ছাই হৈ গ’লহেতেন৷ লকআপত সোমাই থকা দুয়োটাৰে মুখদুখন মনত পৰি ক্ষন্তেকৰ বাবে মোৰ মুখখন মোলান পৰি গ’ল যদিও অৰ্পিতাৰ শৰীৰৰ পৰা অহা ‘ফাৰ্ষ্ট লাভ’ চেইণ্টৰ গোন্ধে যেন বৰষুণৰ পিচত ওলাই অহা ৰামধেনুৰ দৰে মোৰ মুখখন ক্ষণিকতে পোহৰাই তুলিলে৷
যেন মেঘৰ মাজে-মাজে কোনোবা ৰাজকন্যাক লৈ পুষ্পক ৰথতহে ঘূৰি ফুৰিছোঁ! এই পুষ্পক ৰথত যেন কেতিয়াও ব্ৰেক মাৰিব লগা নহয়, হে দয়াময় তুমি চাবা আৰু৷
: ৰখোৱা ৰখোৱা – হঠাত্‍ যেন মেঘবোৰ উৰি গুচি গ’ল৷ দয়াময়ৰ দয়াত মই কিবাকৈহে বেৰেক মাৰি বাহনখন ৰখালোঁ৷ ইতিমধ্যে চহৰখন পাৰ হৈ আমি এখন সুদৃশ্য ৰেষ্টুৰেণ্টৰ সন্মুখ পাইছিলোঁ৷ এনেতে দেখিলো মক্কেল এটা অৰ্পিতাৰ ফালে আগবাঢ়ি আহি তাইৰ হাতত ধৰিছে৷
: অজয়দা, এইজন মোৰ মানে এইজন মোৰ মানে এইজন মোৰ ..
: হব বুজিছো, এইজন মানে তোমাৰ হে হে হে – হাঁহিছো যদিও মোৰ মাতটো মৰিব ওলোৱা বেমাৰীৰ মাতৰ দৰেহে শুনা গ’ল৷
: অজয়দা, বেয়া নাপাবা হা, তোমাক অলপ ডিষ্টাৰ্ব দিলো – বুলি কৈয়ে মৰতীয়ে সেইজনৰ লগত ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই গ’ল৷ বুকুখন যেন বিষাই উঠিল৷ এইমাত্ৰ সপোন এটা দেখিছিলোহে! গজমূৰীয়ে মোক প্ৰেমিক বনাব দূৰ, ড্ৰাইভাৰহে বনাই থৈ গ’ল৷ সঁচাকৈ কোনদিনা যে সপোনবোৰ পূৰণ হ’ব! কোনদিনা এনেদৰে এজনী গাভৰুৱে মোক ক’ব- অজয়দা আই লাভ ইউ৷
‘লাভ ইউ’ বুলি কোৱাৰ লগে-লগে মোৰ মনত পৰি গ’ল ‘বন্দনা’লৈ৷ চেঃ মই আচলতে বন্দনাকহে চাবলৈ আহিছিলোঁ৷ এই কুলক্ষণীয়ে মোৰ সৱ খিলিমিলি লগাই দিলে৷ বন্দনাই মোৰ সচা প্ৰেম৷ তাই যে কিমান কৈ থাকে মোক ‘আই লাভ ইউ’ বুলি! আৰু সেই সচা প্ৰেম পাহৰি মই কোনোবা মায়াবিনী নাৰীৰ মোহত বন্দী হব গৈছিলো৷ নিজৰ চঞ্চল মনটোৰ ওপৰতেই মোৰ ধিক্কাৰ আহিল৷ ‘হে বাবা বিশ্বকৰ্মা, বন্দনাত বাহিৰে আৰু কোনো ছোৱালীক মই পিছফালে নবহাও’- বাইকৰ তেলৰ টেংকীটোতে হাতখনেৰে চুই সেৱা কৰাৰ দৰে দুবাৰমান কপালত লগাই নিজকে নিজে ক’লো৷ গাড়ী আকৌ ঘূৰাই দিলো; এইবাৰ মোৰ লক্ষ্য বন্দনা৷
বন্দনাক যেতিয়া মই দেখিলোঁ, তেতিয়াই গম পালো যে গুৰুতৰ কিবা এটা ঘটনা ঘটিছে৷ নহলে তাই এনে ৰণচণ্ডী মূৰ্তি ধৰি মোৰ ফালে আগুৱাই নাহে৷ কিন্তু ই কি! মোৰ সন্মুখত আঙুলি টোৱাই তাই কবলৈ ধৰিছে- ‘ননচেন্স, অভদ্ৰ, মোৰ লগত প্ৰেমৰ নাটক কৰি বেলেগৰ লগত ঘূৰি ফুৰ হা! চুবুৰীৰ সেইজনীৰ লগত যে তোমাৰ কিবা এটা আছে, সেই কথা মই আগতেই জানিছিলোঁ৷ কিন্তু আজি দেখদেখকৈ প্ৰমাণ পালোঁ৷ এইমাত্ৰ তুমি তাইৰ লগত ৰেষ্টুৰেণ্টত যোৱা নাই! আজিৰ পৰা মোৰ তোমাৰ লগত সকলো ৰিস্তা শেষ৷
: ৰবাচোন ৰবা৷ বন্দনা পিলিজ ৰবাচোন ৰবা৷ – নাই, বন্দনা আৰু নৰল৷ অগ্নিমূৰ্তি ধৰিয়ে তাই গো-গোৱাই গুচি গ’ল৷
কাৰ মুখ চাই যে ওলাইছিলোঁ আজি মই! আৰু এই প্ৰেম-পিৰিতি বোলা বস্তুটো কোনে উলিয়াইছিল নো বাৰু! ইমান টেনচন এই প্ৰেম-পিৰিতিত! প্ৰেমৰ ওপৰত যেন গভীৰ দাৰ্শনিক উপলব্ধি আহি গ’ল মোৰ৷ সঁচাকৈ এই প্ৰেম-পিৰিতিবোৰ বৰ লেতেৰা বস্তু৷ প্ৰেমৰ মজা কেতিয়াও বন্ধুৰ দৰে হব নোৱাৰে৷ প্ৰেম মদৰ নিচাৰ দৰে, নিচা ফাটিলেই সকলো শেষ৷ কিন্তু বন্ধু? বন্ধু যেন জন্ম-জন্মান্তৰৰ সাধনাৰ ফল৷ এই বন্দনা, অৰ্পিতাৰ পাল্লাত পৰাতকৈ কলা মোহন, ভাস্কৰ, মোহিতহতেই বহুত ভাল৷ সিহঁতৰ পৰা না কিবা টেনচন, না কিবা দুখ-দুৰ্গতি! এতিয়া বা ভাস্কৰ, মোহিতহঁত ক’ত আছে!
ভাস্কৰ, মোহিতৰ কথা মনত পৰাৰ লগে-লগে মই উচপ খাই উঠিলোঁ৷ ইচ ৰাম, মই সিহঁতকেইটাক উদ্ধাৰ কৰিবলৈহে আহিছিলোঁ! লকআপত বেচেৰা দুটাৰ বা এতিয়া কি অৱস্থা হৈ আছে! কেনে বন্ধু মই, লড়কী মিল গয়া তো দোস্ত কো ভুল গয়া! সিহঁত লকআপত সোমাই আছে আৰু মই ছোৱালীৰ পিচত লাগি আছোঁ৷ নাই আৰু নহব, বাইকত গোৰ এটা মাৰিয়ে মই থানাৰ পিনে ধূলি উৰুৱাই দিলো৷ থানাৰ সন্মুখৰ চেলুন এখনত চুলি কেইডাল অলপ ঠিক কৰি ললো আৰু বীৰদৰ্পে থানাৰ ভিতৰলৈ সোমাই গ’লো৷
দেখিলো টেবিল দুখনমানত খাকী পোচাকধাৰী দুজনমানে কিবা লিখা-লিখি কৰি আছে৷ লকআপৰ ভিতৰত পকেটমাৰ, সিন্ধি দিয়া চোৰ দুটামানৰ লগত ভিতৰৰ কোণ এটাত চুকভেকুলীৰ দৰে ভাস্কৰ আৰু মোহিত বহি আছে৷ সিহঁতৰ অপৰাধ কি বাৰু, লাইচেন্স নহোৱাকৈ গাড়ী চলাই বুঢ়ী এজনীক খুন্দিয়ালে৷ কিন্তু সেইটো অপৰাধৰ বাবে লকআপত ভৰাত থব! এইখন কোন দেশৰ আইন! বুঢ়ী অলপ ইনজিউৰদ হ’ল যদি হল, মৰা নাই নহয়৷ মনতে ভাব আজি পুলিচক থানাৰ ভিতৰতে জাৰি দিম৷ আইন আমিও জানো৷ মই ভাস্কৰ, মোহিতলৈ চকুৰ থিয়াৰেৰে চাই বুজাই দিলো যে ‘দোস্ত, চিন্তা নকৰিবি, মই আহি গলো৷ ’ মই চকীকেইখনত বহি থকা পুলিচকেইজনৰ লগত কথা পাতো বুলি সন্মুখত বহো, সিহঁতে কেৱল কয় ‘চাৰ আহি আছে, যি কয় চাৰৰ আগত কব’৷ হব বাৰু, চাৰকে চাই লও আজি৷
প্ৰায় দহ-পোন্ধৰ মিনিট পিচত গিৰিপ-গাৰাপকৈ অফিচাৰ এজন সোমাই আহিল৷ সোমাই অহাৰ লগে-লগে বহী থকা কেইজনে ‘চাৰ’ বুলি চেলাম একোটা মাৰি দিলে৷ ‘চাৰ’জন ওখই চাৰে ছয় ফুটমান হব, পথালিয়েও দেৰফুটমান৷ মোচকোচা দেখি মোৰ চিধাই ভাওনাৰ ৰাৱনলৈ মনত পৰি গ’ল৷ হঠাত্‍ দেখোন চাৰে মোৰ পিণে চাই ‘ঐ তই কেনেকৈ বাহিৰলৈ ওলালি’ বুলি চিঞৰি দিলে৷ মই বোলো চাৰৰ কিবা এটা ভুল হ’ল আজি৷ মই সেমেনা-সেমেনি কৰি কিবা কবলৈ মুখখন মেলোতেই চাৰে আকৌ চিঞৰিলে, ‘শইকীয়া, শইকীয়া ই কেনেকৈ বাহিৰলৈ ওলাল’৷
: চাৰ মই আচলতে বাহিৰৰে মানুহ..
: চুপ কথা নকবি৷ তয়েই মেইন কালপ্ৰীত৷ পুলিচৰ গাত হাত উঠাৱ৷ আজি ভৰিৰ হাড় ভাঙি দিম তহতৰ৷ ঐ শইকীয়া ইয়াক ভৰাই থ৷ ’ মই বোলো আজি মোক স্বয়ং নাৰায়নেও ৰক্ষা কৰিব নোৱাৰে৷ এই পুলিচ অফিচাৰটোৰ গাত কৰবাৰ ভুত লম্ভি আহিছে৷ তথাপিও প্ৰাণপনে মই শেষ চেষ্টা কৰি চালোঁ, ‘নহয় চাৰ, আপোনাৰ ভুল হৈছে, মই আচলতে মই আচলতে..
: চুপ আৰু এট্টা কথা নকবি তই৷ শইকীয়া..৷ এনেতে শইকীয়া বোলা এটাই আহি মোক জপটিয়াই ধৰিলেই৷
: চাৰ ইয়াৰ চুলি চাওকচোন, একেবাৰে ‘তেৰে নাম’ কৰি দিছে.. শইকীয়া বোলাটোই এপাকত চুলিকোচাত ধৰি ঘোটালি দিলে৷ মই ঈশ্বৰ, আল্লা, গড যিমান আছে সকলোকে স্তুতি আৰম্ভ কৰি দিলো৷ কিন্তু কোনেও আহি মোক এই মানৱ ৰূপী দানৱৰ হাতৰ পৰা ৰক্ষা নকৰিলে৷ দোষ কৰিলেও বেলেগ কথা, বিনাদোষে পূতিগন্ধময় লকআপটোৰ ভিতৰলৈ শইকীয়াই মোক ঠেলি-হেচি সুমুৱাই দিলে৷
সেই এটা নিশা মোক যিমান মহে খালে, সিমান মহৰ কামোৰ খোৱাতকৈ শইকীয়াৰ হাতৰ টাকোনৰ দুটা কোব খালেও মই শান্তি পালো হয়৷ অৱশ্যে মোহিতে মোৰ পিঠিখন মাজে-মাজে খুজুৱাই দিছিল৷ মোহিতৰ ককায়েকেই পিছদিনা পুৱা আহি আমাক তিনিওটাকে তিনিটা কানতলীয়া সোধাই মুকলি কৰি লৈ গ’লহি৷ প্ৰিয় পাঠক, অৰ্পিতা আৰু বন্দনাৰ কি হ’ল মই গম নাপাও৷ দুয়োটা জীয়াই আছে নে মৰিছে সেয়াও মই নাজানো৷ কিন্তু ভাস্কৰ আৰু মোহিতৰ লগত ‘দোস্তী’ এতিয়াও অক্ষুণ্ণ আছে৷ আৰু বিশ্বাস কৰক, সেই তেতিয়াৰ পৰা আজিলৈ মই থানাৰ চোতাল আৰু গচকি পোৱা নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক