১০০ এক মিনিটৰ গল্প – ৰক্তাভ জ্যোতি বৰা (দেৱব্ৰত বৰা)

১০০ এক মিনিটৰ গল্প – ৰক্তাভ জ্যোতি বৰা

দেৱব্ৰত বৰা

“১০০ এক মিনিটৰ গল্প” নামেৰে ৰক্তাভ জ্যোতি বৰাৰ দ্বাৰা পৰিকল্পিত আৰু সংকলিত এখন কিতাপ ২০১০ চনত প্ৰকাশ হৈছিল। কিতাপখনত ১০০ টা তেনেই চুটি গল্প সংকলিত কৰা হৈছে। সংকলিত গল্পসমূহক যদিও ‘এক মিনিটৰ গল্প’ বুলি কো‌ৱা হৈছে এইবিলাক পঢ়োতে এক মিনিটৰ বেছি সময় লাগে। তথাপিও সচৰাচৰ গল্পতকৈ এই গল্পখিনি চুটি। পঢ়োতে একৰ পৰা তিনি মিনিটমান লাগিবগৈ পাৰে। কিতাপখনত চুটি চুটি গল্প সম্পৰ্কে এটি টোকা লিখিছে সাহিত্যিক-প্ৰবক্তা ড: সত্যজিৎ ভূঞা ডাঙৰীয়াই।

এই কিতাপখনত মই এনে গল্পসমূহৰ দুটা নাম পালো। সংকলকৰ মতে এনে গল্পক বিদেশী সাহিত্যত Short Short Story (চুটি চুটি গল্প)বোলা হয়। আৰু ছাদাট হাছান মান্টোৰ  দৰে লিখনিবোৰক পে’ন-স্কেচ্ছ বোলা হয়।

ড: সত্যজিৎ ভূঞা ডাঙৰীয়াৰ টোকাটোৰ পৰা কিছু কথা: “আধুনিক জী‌ৱনযাত্ৰা যিমানে জটিল হৈছে সিমানে ব্যক্তিৰ ব্যস্ততা বাঢ়িছে। পঢ়ি আমোদ লভিবলৈ বা চাই আনন্দ লভিবলৈও মানুহৰ সময়ৰ নাটনি হৈছে। দীঘল গল্প পঢ়ি তাৰ আমোদ-আনন্দ লাভ কৰিবলৈ, তাৰ সাহিত্যিক মূল্য বুজি গদ গদ হৈ পৰিবলৈও মানুহৰ সময়ৰ নিতান্তই অভা‌ৱ। কাজেই মানুহে বিচাৰে কম সময়ত আৰু একে আপাহতে পঢ়ি শেষ কৰিব পৰা গল্প। মানুহৰ এই মানসিক আ‌‌ৱেদনৰ প্ৰতি লক্ষ্য কৰিয়েই বোধহয় গল্পকাৰসকলেও বিশেষভা‌ৱে চুটি চুটি গল্প কিছুমানৰ জন্ম দিবলৈ ধৰিলে। চুঠিগল্পৰ সকলো গুণেৰে সু-সমন্বিত গল্প লিখা কামটো‌ৱেই যথেষ্ট জটিল কাম। তাতে তাৰ সংক্ষিপ্তকৰণ – যিটো আৰু কষ্টসাধ্য। হাতী মাৰি ভুৰুকাত ভৰো‌ৱাৰ দৰেই। কোন অংশ এৰিব লাগিব, কোন অংশ ধৰিব লাগিব? ছবিখন স্পষ্ট হ’বনে, ভা‌বটোহে স্পষ্ট হ’ব?

মুঠতে নানা প্ৰশ্ন-প্ৰতিপ্ৰশ্ন। অতবোৰ প্ৰশ্ন-প্ৰতিপ্ৰশ্নৰ উদয় আৰু অন্ত হৈ থকাৰ মাজতে গল্পকাৰসকলে পৰীক্ষামূলকভা‌ৱে নানা তৰহৰ হ্ৰস্ব পৰিসৰৰ গল্প লিখা কামটো কৰিয়েই আছে। আনহে নালাগে বিশ্ব সাহিত্যত খলকনি তোলা সাহিত্যিক ফ্ৰেঞ্জ কাফকা, লু-চুন, চাকি আদিয়েও বহুসংখ্যক এনেধৰণৰ চুটিগল্প লিখি থৈ গৈছে।“

ড: ভূঞা ডাঙৰীয়াই কাষৰীয়া বাংলা সাহিত্যত এই ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰা ‘বনফুল’ মহোদয়ৰ কথাও উল্লেখ কৰিছে। জৰ্জিয়াত ১৯০৩ চনত জন্মগ্ৰহণ কৰি পাছত চুটিগল্পকাৰৰূপে বিক্যাত হো‌ৱা আৰ্চকিন ক’ড‌ৱালৰ দৰে সাহিত্যিকাও সীমিত পৰিসৰত ক্ষুদ্ৰ গল্প লিখি পাঠকক মুগ্ধ কৰি গৈছে। After Enghty Years, The Light আদি তেওঁৰ বিখ্যাত ক্ষুদ্ৰ পৰিসৰৰ গল্প। অসমীয়া ভাষাতো ড: পদ্মপাণি ডাঙৰীয়াই ‘অগল্প’ নামেৰে ক্ষুদ্ৰ পৰিসৰৰ গল্প লিখি সা‌ৱলীলভা‌ৱে পৰিবেশন কৰি পাঠকক বিমুগ্ধ কৰিছিল।

টোকাটোত কেইটামান এনে ক্ষুদ্ৰ গল্পৰ উদাহৰণো দিয়া হৈছে। তাৰে দুটা ইয়াতে উল্লেখ কৰিলোঁ।

প‌ৱিত্ৰ পুথি (কমলা দাস):

কিতাপৰ দোকানত বিক্ৰীদাৰৰ কাম কৰা ল’ৰাটোৰ হাতৰ পৰা প‌ৱিত্ৰ কোৰাণখন মাটিত সৰি পৰিল। মালিকে চিঞৰি উঠিল –‘হেই পাষণ্ড, কিতাপখন মাটিত পেলালি। তোৰ সাহস কম নহয়।“

‘মহাশয়, আজি পু‌ৱাৰে পৰা মই পানী এগিলাচো খো‌ৱা নাই। মই বৰ ভোকত আছোঁ। দুৰ্বল হৈ থকাৰ বাবেই হাতৰ পৰা কিতাপখন পিছলি পৰিল।‘

‘তোৰ এইবোৰ কৈফিয়ৎ ভগ‌ৱানক শুনাবি। মই তোৰ পৰা এনে কথা শুনি থাকিব নো‌ৱাৰোঁ।‘ সেইবুলি মালিকে সৰু কটাৰীখনেৰে ল’ৰাটোৰ বুকুত কোব মাৰি দিলে।

‘O God. Glory be unto You!’

ভুল (ছাদাট হাছান মান্টো):

পেটৰ ঠিক সোঁমাজেৰে ছুৰীখন চলাই নিলে মানুহটো‌ৱে। একেবাৰে নিখুঁতভা‌ৱে। তাৰ পিছত দ্ৰুত গতিৰে সেইখনে কাটি নিলে পায়জামাৰ ৰছী; যিডালে ধৰি ৰাখে পায়জামা – মানুহৰ লজ্জা নিবাৰণ কৰি।

অস্ত্ৰধাৰী হত্যাকাৰীয়ে এইবাৰ এপলক তেওঁলৈ চালে। নিমিষতে আশ্চৰ্য কঠিন কন্ঠেৰে স্বীকাৰ কৰিলে নিজৰ ত্ৰুতি। অহ্ নহয়। ভুল হৈ গ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments