১০২ নট আউট – গীতিকা শইকীয়া

১০২ নট আউটঃ জীয়াই থকাৰ গানেৰে সমৃদ্ধ কবিতা কবিতা লগা এখন চিনেমা 

জীৱন মানেই জীয়াই থকাৰ নাম৷ শৈশৱ, কৈশোৰ, যৌৱন আৰু বৃদ্ধত্ব- এই সকলোবোৰ জীৱনৰে একো একোটা অংগ আৰু প্ৰতিটো ক্ষণ, পল এই অংগবোৰৰ সৰ্বতোপ্ৰকাৰে উপভোগ কৰাৰে নাম জীৱন৷ ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰম্পৰা মতে পৰিয়ালবোৰত এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ ইটোৱে সিটোৰ প্ৰতি দায়বদ্ধ হোৱাটো এটা প্ৰায় নিয়মৰ দৰে কথা৷ কিন্তু জৰুৰী নহয় যে সেইবোৰ নিয়ম সদায়েই চলি থাকিব৷ সময়, পৰিস্থিতিৰ দাবীত, তথা দৃষ্টিভংগীৰ পৰিৱৰ্তনত পৰম্পৰাৰ পৰিৱৰ্তনকো মানি লোৱাটো সময়ৰ দাবী৷ এই সময়ৰ দাবীক অস্বীকাৰ কৰাটোক লৈয়ে পৰিয়ালবোৰত খেলি-মেলিবোৰ চলি থাকে বুলি ভাৱিব পাৰি৷

কৰ্মৰ খাতিৰতে হওক, আন কিবা পাৰিবাৰিক কাৰণতে হওক যৌথ পৰিয়ালবোৰ ভাগ ভাগ হ’বলৈ লৈছে৷ কিন্তু মানসিকতাৰ পৰিৱৰ্তন ইমান সহজো নহয়৷ পঢ়াই-শুনাই তথাকথিত ডাঙৰ মানুহ কৰাৰ পিচত পিতৃ-মাতৃয়ে সন্তানলৈ আশা কৰা দেখা যায়৷ ইয়াত কিবা ভুল আছে বুলিও ক’ব নোৱাৰি৷ সেয়াই নিৰন্তৰ সমাজ ব্যৱস্থাৰ দাবী৷ কিন্তু জৰুৰী নহয় যে সকলো সন্তানেই পিতৃ-মাতৃৰ মনৰ আশা পূৰণ কৰিব৷ তেনেক্ষেত্ৰতেই সমস্যাবোৰে মূৰ দাঙি উঠে৷ আশাবোৰ পূৰণ নোহোৱাৰ দুখতে বহু পিতৃ-মাতৃয়ে অকালতে জীয়াই থকাৰ হেঁপাহবোৰ হেৰুৱাই পেলায়৷ তাৰ ভিতৰত কিছু কম সংখ্যকহে আছে যিয়ে আনলৈ বাট নেচাই নিজৰ জীৱন জীয়াই থকাৰ শেষ বিন্দুলৈকে জী যাব খোজে৷

নিৰ্দেশক উমেশ শুক্লাৰ নিৰ্দেশনাত “১০২ নট আউট” চিনেমাখনতো জীয়াই থকাৰ শেষ মুহূৰ্তলৈকে জীৱনক উপভোগ কৰিব পৰা মানুহৰ কাহিনীক উপস্থাপন কৰা হৈছে৷ প্ৰকৃততে এই ছবিখনক বৰ্তমানৰ সময়ৰ প্ৰতিবিম্ব বুলি ক’লে অটুক্তি কৰা নহ’ব৷ এফালে যদি ক্ষণে ক্ষণে হাঁহিৰ খলকনি উঠে, আনফালে জীৱন জীওৱাৰ হৃদয় পৰশা কথা, চকু সেমেকাই দিয়া কথাৰে মন মুহি নিব পৰাকৈ এখন লেখত ল’বলগীয়া ছবি এই “১০২ নট আউট”৷

ছবিখনত ক’ব খোজা বিশেষ বাৰ্তাটো হ’ল, এইটো জৰুৰী নহয় যে গিলাচত পানী সম্পূৰ্ণকৈ আছে নে আধাহে আছে৷ জৰুৰী কথাটো হ’ল সেই আধা বা সম্পূৰ্ণ পানী গিলাচেৰে পিয়াহত আতুৰৰ পানী পি খোৱাৰ হেঁপাহ পলাব নে নাই! “১০২ নট আউট” ছবিখনতো ভাল-বেয়া যিয়েই নহওক কিয়, জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব যে লাগে তাকেই দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে৷

ছবিখনত দেখুওৱা পত্নীহীন পিতা-পুত্ৰৰ দুয়োজনৰে জীৱনক চোৱাৰ দৃষ্টিভংগী বেলেগ৷ ১০২ বছৰীয়া পিতৃয়ে নিজকে চফল ডেকা বুলি ভাৱে আৰু জীৱনক উপভোগ কৰিব খোঁজে৷ তেওঁৰ বাবে কালিলৈ কি হ’ব সেইটোক লৈ মূৰ ঘমুৱাৰ বিশেষ প্ৰয়োজন নাই৷ কিন্তু ৭৫ বছৰীয়া পুত্ৰৰ জীৱনৰ প্ৰতি কোনো ধৰণৰ মায়া-মোহ, উত্তেজনা নাই৷ দিন-ৰাতি হোৱাৰ দৰে তেওঁ কেৱল জীৱনটো শেষ কৰিবহে বিচাৰে৷ ঠিক যেন মৃত্যুৰ অপেক্ষাত ৰৈ থকা মৃত্যু পথৰ এগৰাকী যাত্ৰী! কিন্তু কাহিনীকাৰ, পৰিচালকে এই কথাটো দেখুৱাবলৈ চেষ্টা কৰিছে যে বয়স হ’ল বুলিয়েই অথবা পুত্ৰই ডাঙৰ মানুহ হৈ পিতৃ-মাতৃক পাহৰি যোৱাৰ বাবেই জীৱনটো অনাহকতে শেষ হ’ল বুলি মৃত্যুলৈ ক্ষণ গণি থকাৰ কোনো অৰ্থ নাই৷

ছবিখনৰ কাহিনীভাগ আৰম্ভ হৈছে মুম্বাইৰ পুৰণি বিল্ডিং, বিশেষ ঠাই কিছুমানক “মণ্টাজ” ৰূপে দেখুৱায়৷ এটা কাহিনী কোৱাৰ প্ৰয়াসতেই ছবিখনৰ আৰম্ভণিটোত পুৰণি দিনৰ কিছু স্মাৰক, ঠাই বিশেষক দেখুৱাই শেষত শান্তিনিবাস নামৰ পুৰণি দিনৰ ঘৰ এটালৈ লৈ যোৱা হয়৷ বৃদ্ধত্ব প্ৰাপ্তিকে জীৱনৰ চৰম সত্য বুলি মানি লৈ জীৱনটো কেৱল চলাই নিয়াৰ, এক অৰ্থত ক’বলৈ গ’লে জীয়াই থকা দিনকেইটা নিয়মমাফিক জী যোৱাৰ চেষ্টা কৰা বাবুলাল ভাখাৰিয়া নামৰ চৰিত্ৰৰে কাহিনীৰ আৰম্ভণি হৈছে৷ বিশিষ্ট অভিনেতা ঋষি কাপুৰ অভিনীত পত্নীহীন বাবুলালৰ চৰিত্ৰৰ মাজত কেৱল নিৰাশাইহে অগা-দেৱা কৰে৷ বাথৰুমৰ পানীৰ টেপ, গিজাৰৰ চুইচ কিমান সময়ৰ ভিতৰত বন্ধ কৰিব লাগে, কিমান সময়, ছেকেণ্ডত গা ধুই আজৰি হ’ব লাগে সেইবোৰৰ দৰে এক একঘেয়ামী নিয়মেৰে জীৱন নিওৱা বাবুলালৰ জীৱন ঘড়ীৰ কাঁটাৰ দিশেৰে নীৰৱচ্ছিন্নভাৱে চলি থাকে৷ বাবুলাল মানেই নিৰাসক্ত, নিৰ্লিপ্ততাৰ অন্য এক নাম৷
এই দৃশ্যৰ পাছতেই অমিতাভ বচ্চন অভিনীত ১০২ বছৰীয়া দত্তাত্ৰেয় ভাখাৰিয়া চৰিত্ৰৰ আগমন ঘটে৷ দত্তাত্ৰেয় হ’ল বাবুলালৰ পিতৃ৷ ১০২ বছৰ বয়সীয়া দত্তাত্ৰেয়ক পিচে কাহিনীকাৰে ১০২ বছৰীয়া চফল ডেকা বুলি অভিহীত কৰিবলৈ পাহৰা নাই৷ কাৰণ ১০২ বছৰীয়া হৈও দত্তাত্ৰেয়ৰ মাজত শিশুসুলভ ধেমালি, আনন্দ কৰিব পৰাৰ মানসিকতা আছে৷ প্ৰকৃততে দত্তাত্ৰেয়ৰ মানসিক পৰিধিৰ পৰিপূৰ্ণ প্ৰকাশেই হৈছে এই ছবিখনৰ কাহিনীৰ মূল আকৰ্ষণ৷

বয়সে বৃদ্ধ কৰিব নোৱাৰা দত্তাত্ৰেয়ৰ বাবে মানুহৰ বয়স কেৱল এটা সংখ্যাহে আৰু তেওঁ জীৱনটো সৰ্বতোপ্ৰকাৰে উপভোগ কৰাত বিশ্বাস কৰে৷ তেনেদৰেহে জীৱনক জয় কৰিব পাৰি৷ কিন্তু পুতেক বাবুলালে সকলো কথাতে দোষ বিচাৰি পাই আৰু সেয়ে জীৱনৰ ভাল ক্ষণবোৰো উপভোগ কৰিব নোৱাৰে৷ এই লৈয়ে পিতা-পুত্ৰৰ মাজত প্ৰায়ে থৈয়া-নথৈয়া লাগি থাকে৷ অৱশ্যে দুয়োৰে মাজত শ্ৰদ্ধা তথা ইজনে সিজনৰ প্ৰতি ভালপোৱাও প্ৰগাঢ়৷

কাহিনীকাৰে যথেষ্ট বুদ্ধিমত্তাৰে দত্তাত্ৰেয় আৰু বাবুলাল নামৰ দুটা দিশত অৱস্থান কৰা চৰিত্ৰ দুটাৰ মাজৰ সুখ-দুখ, হাঁহি কান্দোন আদিক সজাই তুলিবলৈ আন এটি চৰিত্ৰৰ সংযোজন কৰিছে৷ গাঁৱৰ পৰা চহৰলৈ আহি চহৰীয়া হাৱ-ভাৱ দেখি তবধ মানা ধীৰুৰ চৰিত্ৰটিক দত্তাত্ৰেয় আৰু বাবুলালৰ মাজত সংযোগ সূত্ৰৰূপে উপস্থাপন কৰিছে৷ সেয়ে দুয়োজনৰ মাজৰ কথোপকথনৰ দৃশ্যসমূহত অৱধাৰিতভাৱেই ধীৰুৰ ভূমিকা থাকে৷ দত্তাত্ৰেয়ই ধীৰুক সহায়কৰ দৰে আচৰণ কৰাৰ বিপৰীতে কিন্তু বাবুলালে ধীৰুক দৰৱৰ দোকানৰ কৰ্মচাৰী তথা তেওঁলোকৰ ঘৰলৈ ঔষধ আদি আনি দিয়া কাম কৰা মানুহ হিচাবেই গণ্য কৰে৷ ইয়াৰ জৰিয়তে মানুহৰ চিন্তাৰ, মানসিকতাৰ এক বিশেষ ৰূপ দেখুৱাবলৈ কাহিনীকাৰ সফল হৈছে৷ কাহিনীকাৰৰ মতে এইটো জৰুৰী নহয় যে প্ৰজন্মৰ পিছত প্ৰজন্মই একে ধৰণৰ চিন্তা-ধাৰাৰে পুষ্ট হ‘ব পাৰে!

গোটেই কাহিনীটোৰ মাজলৈ সোমোৱাৰ আগতে দেখুওৱা এই দৃশ্যাংশই দৰ্শকক এটা থুলমূল ধাৰণা দিবলৈ সক্ষম হয়৷ তেনেতে এদিনাখন দত্তাত্ৰেয় ভাখাৰীয়াই ঘোষণা কৰে যে তেওঁ বিশ্বৰ আটাইতকৈ বেছি বয়সলৈ জীয়াই থকা ১১৮ বছৰীয়া মানুহজনক হৰুৱাব খোজে৷ কিন্তু সততে নিৰাশাত ভোগা ৭৫ বছৰীয়া পুত্ৰ বাবুলালৰ আচাৰ-ব্যৱহাৰে তেওঁৰ এই চিন্তাধাৰাত বাধা দি থাকিবলৈ লৈছে৷ সেয়েহে সততে হাঁহি-ফূৰ্তিৰে জীয়াই থাকিব খোজা পিতৃয়ে ৭৫ বছৰীয়া পুত্ৰক বৃদ্ধাশ্ৰমলৈ পঠিয়াবৰ সিদ্ধান্ত লয়৷ পিতৃৰ এই সিদ্ধান্তই বাবুলালক চিন্তাম্বিত কৰি তোলে৷ জীৱনৰ গোটেই সময়ছোৱা নিজ গৃহতে থকা বাবুলালৰ বাবে নিত্য-নৈমিত্তক দিন পাৰ কৰাই জীৱন৷ বাবুলালে পৰিৱৰ্তনক স্বীকাৰ কৰিব নোখোঁজে৷ সেয়ে পিতৃ দত্তাত্ৰেয়ই তেওঁক বৃদ্ধাশ্ৰমলৈ পঠিয়াবলৈ বিচৰা কথাটো মানি লব পৰা নাই৷ অথচ পিতৃভক্ত বাবুলালে তাৰ বিৰোধিতাও কৰিব পৰা নাই৷ সেয়ে নিজৰ ঘৰত থাকিবৰ বাবে বাবুলালে পিতৃ দত্তাত্ৰেয়ৰ কেইটামান চৰ্ত পূৰণ কৰিবলৈ সন্মত হয়৷ এই চৰ্তকেইটিৰ জৰিয়তেই পিতৃয়ে জীৱনৰ প্ৰতি নিৰাশাত ভোগা, নিজ পুত্ৰই এৰি থৈ বিদেশলৈ যোৱা বাবুলালক নিজৰ জীৱন হাঁহি-আনন্দেৰে পাৰ কৰাৰ পৰিবেশলৈ আনিবলৈ সক্ষম হয়৷ মূলতে ছবিখনৰ এয়াই কাহিনী৷ কিন্তু এই সৰল কাহিনীটোকে পৰিচালক উমেশ শুক্লাৰ পৰিচালনাত এখনি অপূৰ্ব ছবিৰূপে পৰিগণিত হৈছে৷

১০২ বছৰীয়া দত্তাত্ৰেয়ই যেতিয়া গম পাই যায় যে তেওঁ এই পৃথিৱীত আৰু মাত্ৰ কেইমাহমানৰহে আলহী, তেওঁ জীৱনৰ প্ৰতি মোহহীন নিজ পুত্ৰৰ বাবে চিন্তাত পৰে৷ আমেৰিকা নিবাসী নাতিৰ যে দত্তাত্ৰেয়ৰ পুত্ৰ তথা পিতৃ বাবুলালৰ প্ৰতি কোনো দায়বদ্ধতা নাই সেইটো ইতিমধ্যেই বুজি উঠা ককাক দত্তাত্ৰেয়ই নিজৰ মৃত্যুৰ আগতে পুত্ৰ বাবুলালক জীয়াই থকাৰ ঔষধি মন্ত্ৰ দি যাবলৈ চেষ্টা কৰে৷ দত্তাত্ৰেয়ই বাৰে বাৰে বুজাবলৈ চেষ্টা কৰে যে বাবুলালে নিজ পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল হোৱাটোৱে এইটো নুসূচায় যে বাবুলালৰ পুত্ৰইও সেই দায়িত্ব পালন কৰিব৷ বাস্তৱত বাবুলালৰ পুত্ৰৰ পিতৃ-ককাকৰ কেৱল সম্পত্তিৰ প্ৰতিহে লালসা থকাটো ককাক দত্তাত্ৰেয়ই খুব সোনকালেই বুজি উঠে৷ কিন্তু বাবুলালে সেই সত্যটো দেখিও নুবুজাৰ দৰে থাকে৷ বাবুলালক নিজ পুত্ৰ কিম্বা আন কাৰোলৈকে যে আশা কৰি সেই আশা পূৰ্ণ নহ’লে আশাহত হৈ কেৱল মৃত্যুলৈ অপেক্ষা কৰি জীয়াই থাকিব নালাগে দত্তাত্ৰেয়ৰ জৰিয়তে তাৰেই অহৰহ চেষ্টা চিনেমাখনত দেখা গ’ল৷

ছবিখনৰ কাহিনীটো একে নামৰে এখন গুজৰাটী নাটকৰ পৰা লোৱা হৈছে৷ লিখিছে সৌম্যা জোষীয়ে৷ বৰ্তমান সময়ৰ আটাইতকৈ জ্বলন্ত সমস্যা হৈ পৰিছে যৌথ পৰিয়ালৰ পৰিৱৰ্তে সৃষ্টি হোৱা নিউক্লিয়াৰ ফেমিলিৰ ধাৰণাটো৷ পিতৃ-মাতৃয়ে কষ্ট কৰি পঢ়াই-শুনাই সন্তানক মানুহ কৰি তোলে৷ ভাৰতীয় পৰম্পৰা অনুসৰি সন্তানে ডাঙৰ হৈ পিতৃ-মাতৃৰ দায়িত্ব ল‘ব লাগে৷ সেইখিনিতেই খোকোঁজা লাগি যায়৷ সেয়েহে অৱধাৰিতভাৱেই কাহিনীটোত এটা পৰিয়ালৰ তিনিটা প্ৰজন্মক দেখুওৱা হৈছে৷ প্ৰথম প্ৰজন্ম ককাক, দ্বিতীয় প্ৰজন্ম পিতৃ-মাতৃ তথা নাতি, অৰ্থাত তৃতীয় প্ৰজন্ম৷ প্ৰথম প্ৰজন্ম, ককা দত্তাত্ৰেয় পুত্ৰ বাবুলালৰ লগতেই থাকে৷ বাবুলালে নিজৰ জীৱন কালত পিতৃ-মাতৃৰ পৰা আঁতৰি গৈ থকাৰ চেষ্টা নকৰিলে৷ কিন্তু আকাশলংঘী স্বপ্নেৰে বাবুলালৰ পুত্ৰই পিতৃ-মাতৃ, ককাকক এৰি থৈ সুদূৰ আমেৰিকাত পঢ়িবলৈ গৈ তাতেই থাকি যায়৷ আমেৰিকাত গৈ পঢ়ি থকা সময়ছোৱাত প্ৰতিমুহূৰ্ততে পিতৃৰ পৰা আৰ্থিক সহায় লোৱা পুত্ৰই পিছে পিতৃ-মাতৃৰ ঋণ পৰিশোধ বাদেই নিজৰ বিবাহ, সন্তান জন্মৰ সময়ছোৱাৰ কথাও পিতৃ তথা ককাকক জনোৱাৰ প্ৰয়োজন বোধ নকৰিলে৷ সেইখিনিতেই পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল বাবুলাল, কিন্তু দায়িত্ব দূৰৈৰ কথা সামান্য খবৰ-বাতৰি লোৱাৰ প্ৰয়োজন বোধ নকৰা পুত্ৰক দেখুওৱাৰ প্ৰয়াস কৰা হৈছে৷

কিন্তু কাহিনীকাৰে নতুন প্ৰজন্মৰ সকলো যে স্বাৰ্থপৰ নহয়, সেইটো দেখুৱাবলৈও পাহৰা নহয়৷ ধীৰুৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজতো যে পিতৃ-মাতৃ, জেষ্ঠ জনৰ প্ৰতি মৰম, শ্ৰদ্ধা তথা দায়িত্ব পালন কৰা সন্তান আছে সেইখিনিও বৰ বিচক্ষণতাৰে দেখুওৱা হৈছে৷

অৱশ্যে কাহিনীটোৰ ঋণাত্মক দিশটো হৈছে ছবিখনত দেখুওৱাৰ দৰেই স্মৃতিক আলোড়িত কৰিব পৰা কিছুমান ঘটনাৰে মানুহৰ মনৰ পৰিৱৰ্তন কৰিব পৰাটো সহজসাধ্য নহয়৷ শেষৰ ফালে দত্তাত্ৰেয়ৰ অনুপস্থিতিৰ বাবেই হওক ছবিখনত সামান্যকে কিবা এক শূন্যতাই বিৰাজ কৰা যেন দেখা গ‘ল৷ তাৰ বাহিৰে ছবিখনৰ বেয়া দিশ বুলি কোৱাৰ কিবা অৱকাশ আছে বুলি মনে নধৰে৷ গোটেই ছবিখনতে এটাও তেনে কোনো বেয়া, অথবা বিৰক্তিকৰ মুহূৰ্ত বিচাৰি পোৱা নগ’ল৷ কিন্তু ভাল কি কি দিশ আছে বুলি ভাৱিলে বহুখিনি দিশ দেখা যায়৷

সামগ্ৰিকভাৱে “১০২ নট আউট” ছবিখন চাই থাকোঁতে কোনোবা নহয় কোনোবা ক্ষণত দৰ্শকে হয়তো কিছু পৰিমাণে নিজকে বিচাৰি পাব পাৰে৷ কোনো বিশেষ ক্লাইমেক্স অথবা নাটকিয়তা ননাকৈ খুব সহজ সৰলভাৱে ছবিখনে সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে এটা সুন্দৰ বাৰ্তা দিবলৈ সক্ষম হৈছে৷

আকৰ্ষণীয় কথাটো হ’ল ছবিখনৰ দৈঘ্যতা মাত্ৰ ১০২ মিনিটৰ, মানে এক ঘণ্টা বিৰাল্লিশ মিনিটৰ, কিন্তু এই কম সময়ৰ ভিতৰতে পৰিচালকে মানুহৰ আবেগ, অনুভূতিৰ পূৰ্ণ প্ৰকাশৰ জৰিয়তে জীৱনক সহজভাৱে লোৱাৰ, জীয়াই থকাৰ সৰলীকৰণ প্ৰক্ৰিয়াৰ সফল দৃশ্যয়াণ কৰিবলৈ সক্ষম হৈছে৷ প্ৰকৃততে ছবিখন চাই শেষ হোৱাৰ অন্তত দৰ্শকে কিবা এক প্ৰাপ্তিৰ অনুভৱেৰে ওলাই আহিব পাৰিছে৷

ছবিখনৰ কাহিনীভাগলৈ মন কৰিলে হৃষিকেশ মুখাৰ্জীৰ ছবিসমূহলৈ মনত পৰি যায়৷ ছবিখনত কেৱল পিতা-পুত্ৰৰ কথা-বতৰা, হাঁহি-কান্দোনেই আছে বুলি ক’লে ভুল হ’ব, জীৱন কেনেকৈ হাঁহি-ফূৰ্তিৰে জীয়াব পাৰি তাকে যেন কাহিনীকাৰ আৰু নিৰ্দেশকে ক’ব বিচাৰিছে৷ প্ৰতিটো কথা, বিশেষকৈ দুখ, কান্দোনৰ দৃশ্যৰ মাজতো খুব বিচক্ষণতাৰে হাঁহিব পৰা সমলেৰে পৰিবেশটো সৰল কৰাৰ এক প্ৰয়াস অহৰহ দেখিবলৈ পোৱা গ’ল৷

অভিনয়ৰ কথা বিশেষভাৱে ক’বলৈ গ’লে অমিতাভ বচ্চনৰ কথা ক’বই লাগিব৷ এনেকুৱা লাগিল যেন তেওঁ এজন শতায়ু গৰকা মানুহৰ অন্তৰক বুজিবলৈ চেষ্টা কৰিছে৷ অথবা নিজকে শতায়ু গৰকি যোৱা এজন হিচাবে অনুভৱ কৰি সেই জীৱনটো উপভোগ কৰিবলৈ অহৰহ প্ৰয়াস কৰিছে! দত্তাত্ৰেয়ৰ ৰূপত অমিতাভ বচ্চনৰ সকলো কথাকে সৰলীকৰণ কৰিব পৰা কথাবোৰে দৰ্শকক বহুদেৰিলৈ হাস্যৰসত ডুবাই থব পাৰে৷ ছবিখনৰ কাহিনীভাগ যিহেতু এটা গুজৰাটী পৰিয়ালৰ হিচাবে দেখুওৱা হৈছে, শ্ৰী বচ্চনে তেওঁৰ সংলাপখিনিত গুজৰাটী উচ্চাৰণ আনিবলৈ যতপৰোনাস্তি চেষ্টা কৰিছে৷ এনেকুৱা লাগে যেন দত্তাত্ৰেয় ভাখাৰীয়া নামৰ এই চৰিত্ৰটো কেৱল তেখেতৰ বাবেইহে অংকিত কৰা হৈছে৷

ঋষি কাপুৰেও তেওঁৰ অভিনয়ৰ দ্বাৰা তেওঁ যে অভিনয় ক্ষেত্ৰখনলৈ আৰু বহু অৱদান দিবলগা আছে তাকেই প্ৰতিপন্ন কৰিলে৷ ঋষি কাপুৰে বাবুলালৰ চৰিত্ৰত বৃদ্ধ অৱস্থাতো পিতৃৰ কথা আখৰে আখৰে পালন কৰা নিষ্ঠাৱান অথচ আকলুৱা সন্তানৰ ভূমিকাত অনবদ্য অভিনয় কৰিছে৷

প্ৰকৃততে “১০২ নট আউট” মিলেনিয়ামৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু এসময়ত হিন্দী ছবি জগতৰ একচ্ছত্ৰী ৰোমাণ্টিক নায়ক ঋষি কাপুৰৰ সাৱলীল অভিনয়ৰ জ্বলন্ত প্ৰকাশ৷ ছবিখনৰ যিকোনো এটা দৃশ্যতেই দুয়োজনৰ অভিনয় প্ৰতিভাই আকাশ চুব খোজাৰ দৰে লাগিল৷ আৰু সেয়েহে হয়তো তেওঁলোক দুয়ো হিন্দী চিনেমা জগতৰ একো একোগৰাকী মহীৰূহ হ‘ব পাৰিছে৷ লগতে এই দুয়োজন মহীৰূহে এইটোও প্ৰমাণ কৰিলে যে বয়স কোনো ডাঙৰ সমস্যা নহয়৷

মন কৰিবলগীয়া কথা যে ছবিখনৰ তৃতীয়টো চৰিত্ৰত অভিনয় কৰা জীমীত ত্ৰিবেদীয়েও দুয়োজন বৰ্ষীয়ান অভিনেতাৰ অভিনয়ৰ মাজত নিজকে হেৰুৱাবলৈ নিদিলে৷ ক’বলৈ গ’লে হাস্যৰস আৰু নাটকীয়তাৰ সুন্দৰ সংমিশ্ৰণৰ লগতে ছবিখনত অমিতাভ বচ্চন, ঋষি কাপুৰ আৰু জিমিত ত্ৰিবেদীৰ অনবদ্য অভিনয় ছবিখনৰ সফলতাৰ চাবি-কাঠি৷

ছবি এখনৰ পৰিচালকে ছবি এখন পৰিচালনা কৰোঁতে এখন বলিষ্ঠ চিত্ৰনাট্যৰ প্ৰয়োজন হয়৷ এই ছবিখনৰ কাহিনীৰ চিত্ৰনাট্য পৰিচালকৰ বাবে এখন সুন্দৰ প্লেটত সজাই থোৱা সুস্বাদু আহাৰৰ দৰেই হৈছিল৷ চিনেমাখনৰ প্ৰতিটো সংলাপেই পৰিচালকক এক সুষ্ঠ পৰিবেশ ফুটাই তোলাত যথেষ্ট বৰঙনি যোগাইছে৷ সেয়েহে বিশাল পাটিলৰ বিচক্ষণ চিত্ৰনাট্য ছবিখনৰ তথা পৰিচালকৰ সফলতাৰ আন এক উল্লেখযোগ্য দিশ৷

দৰাচলতে হিন্দী চিনেমাৰ দ্ৰুতগতিত মুক্তি পোৱা বহু চিনেমাৰ মাজত কেতিয়াবাহে “১০২ নট আউট”ৰ লেখীয়া পৰিয়ালৰ সকলোৰে উপভোগ্য চিনেমা এখন চাবলৈ পোৱাৰ সৌভাগ্য হয়৷ ছবিখনৰ কাহিনীটোৰ তথা পৰিচালকে ছবিখনৰ যোগেদি ক’ব বিচৰা কথাখিনি হ’ল, যেতিয়ালৈকে জীয়াই থকা হয়, তেতিয়ালৈকে মৃত্যুৰ কথা ভাৱিব নালাগে৷ জীয়াই থকাৰ প্ৰতিটো ক্ষণ, প্ৰতিটো দিন, যি দুখৰেই হওক বা সুখৰেই হওক জী থাকিবলৈ চেষ্টা কৰিব লাগে৷ জীৱনৰ প্ৰতিটো দিনকেই জীয়াই থকাৰ বাবে উত্সাহজনক কৰি তুলিবলৈ প্ৰয়াস কৰিব লাগে৷

কাৰণ মানুহৰ বয়সৰ কথাটো কেৱল মাত্ৰ এটা নম্বৰহে! চিনেমাখন চাই থাকোঁতে দৰ্শকে এই কথাটো অনুভৱ কৰিব যে ডাঙৰ হৈ গৈ থকাটো অৰ্থাত বয়সৰ সংখ্যা বাঢ়ি গৈ থকাটো জীৱনৰ এটা নিয়ম আৰু বৃদ্ধত্ব প্ৰাপ্তিৰ লগত এই নিয়মৰ বিশেষ কোনো সম্বন্ধ নাই৷ মানুহে এই নিয়মকে সাৱতি আগবাঢ়ি গৈ থাকে, ডাঙৰ হৈ গৈ থাকে, কিন্তু তেনে কৰোঁতে এইটোও লক্ষ্য কৰিব লাগে যাতে মৃত্যুৱে যেন জীৱনক জিনি যাব নোৱাৰে৷ জীৱনৰ সকলো সময়তে এই কথাখিনি মনত ৰখাটো খুবেই যে গুৰুত্বপূৰ্ণ তাকেই সহজ সৰলভাৱে চিনেমাখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে৷

(যোৱা বছৰৰ মে’ মাহতেই মুক্তিপ্ৰাপ্ত এই চিনেমাখনৰ অগতানুগতিক কাহিনীটোৰ বাবেই এইবিষয়ত পৰ্যালোচনা কৰাৰ চেষ্টা কৰিলোঁ৷ ) জীয়াই থকাৰ গানেৰে সমৃদ্ধ কবিতা কবিতা লগা এখন চিনেমা

– গীতিকা শইকীয়া

কাৰণ মানুহৰ বয়সৰ কথাটো কেৱল মাত্ৰ এটা নম্বৰহে! চিনেমাখন চাই থাকোঁতে দৰ্শকে এই কথাটো অনুভৱ কৰিব যে ডাঙৰ হৈ গৈ থকাটো অৰ্থাত বয়সৰ সংখ্যা বাঢ়ি গৈ থকাটো জীৱনৰ এটা নিয়ম আৰু বৃদ্ধত্ব প্ৰাপ্তিৰ লগত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক