১+১=২- কুল শইকীয়া

‘নামজাদা বহুত পণ্ডিত, বিজ্ঞানীক সোধা হ’ল প্ৰশ্নটো- অংকৰ কোনটো সূত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আবিষ্কাৰ- আৰু শেষত ১+১=২ এইটো সূত্ৰই বিবেচিত হ’ল পৃথিৱীৰ এক প্ৰাথমিক আৰু জৰুৰী অংকৰ সূত্ৰ বুলি, আৰু এই একে একে দুই হোৱাৰ সম্পৰ্কই চেৰ পেলাই থৈ গ’ল আইনষ্টাইন, অয়লাৰ আদিৰ ডাঙৰ ডাঙৰ সূত্ৰসমূহ! এক সাধাৰণ কথা- তোৰ দুহাতৰ তৰ্জনী আঙুলি দুটা ওচৰ চপাই আনি চকুৰ আগত দাঙি ধৰ, প্ৰমাণ হৈ গ’ল এটা এটা লগ লাগি হৈ পৰিল দুটা আঙুলি – বাঃ!’

কুশলৰ কথা শেষ হ’বলৈ নিদি ক’লো, ’চা, কথাষাৰ ইমান সহজ নহয়৷ শুকান ৰুটী বনাবলৈ তই আটাৰ দুটা লাড়ু বনালি, দুয়োটাকে লগ লগাই মিলাই দিলি, হৈ পৰিল এটা ডাঙৰ লাড়ু, অৰ্থাৎ তই এক এক দুই নেপালি, পালি দুইতকৈ কম, হাঃ হাঃ অৰ্থাৎ একে একে দুই নহ’ল-’

কুশলৰ চকুত কোনো বিস্ময়ৰ ভাব দেখা নগ’ল আজি অতবছৰ অংকৰ শিক্ষক হিচাপে সি ঠাণ্ডা মস্তিস্কৰে বুজাই দিলে- ’এক যোগ এক দুইৰ সমান হ’বলৈ হ’লে আমি মনত ৰাখিব লাগিব যে দুয়োটা ’এক’ স্বতন্ত্ৰভাৱে স্থিতি ল’ব লাগিব, দুয়োটা ’অংশ’ৰে স্বতন্তৰীয়া স্থিতি নাথাকিলে – ঠিক ইটোৱে সিটোৰ স’তে মিলি পৰা আটাৰ লাড়ু দুটাৰ দৰে- আমি একে একে দুই বা দুয়ে দুয়ে চাৰি পাব নোৱাৰো, সৰুতে পঢ়া নেওতাৰ পৃষ্ঠা-’

ইমান সময় গৰম জিলাপীৰ ৰস চুহি থকা গণেশে অসহ্যৰ ভাবেৰে কৈ উঠিল, ’অংক বাদ দি কিবা অন্য কথা, ধৰ দেশৰ কথা, জাতিটোৰ কথা- এইবোৰ আলোচনা কৰ, কাৰণ এনেদৰে বজাৰৰ চাহৰ দোকানত দেশৰ কথা পতাৰ কিছু মজা অলগ অলগ, বেলেগ ধৰণৰ-’

গণেশৰ এছএমএছৰ শাৰী যেন লগা কথাষাৰে নিশ্চয় হঠাৎ উত্তেজিত কৰিলে কুশলক, সি তপামূৰৰ সঁচলৈ থোৱা চুলিকেইডাল আঙুলিৰে ঠিক কৰি লৈ কৈ উঠিল, ’অকল অংক বুলিয়ে নধৰিবি, এইবোৰ অংকৰ সূত্ৰ-সন্দৰ্ভত তই চাব পাৰ আমাৰ ৰাজ্যখনক, ইয়াৰ ৰাইজখিনিক-’

কুশলে চাহৰ গৰম কাপত চুমুক দি কৈ গ’ল, ’এক যোগ এক দুই মানেই হ’ল যে অংশৰ সমষ্টিয়ে সমূহক বুজায়, অৰ্থাৎ এক এক দুটা অংশ লগ লাগিল, আৰু তই পালি সমসমষ্টি- দুই৷ কিন্তু আমাৰ ইয়াত সেয়া নহ’বও পাৰে৷ ধৰ, এখন আঁচনিৰ নামত বাৰ্ষিক খৰচ হ’ল এশ কোটি কৈ আৰু দুবছৰত হ’ব লাগিছিল এশ কোটি যোগ এশ কোটি অৰ্থাৎ দুশ কোটিৰ কাম৷ কিন্তু আচলতে তই দেখিলি কাম হ’ল দুশ কোটিৰ বহু কম, অৰ্থাৎ এক যোগ এক হৈ পৰিল দুইতকৈ কম৷’

কুশলৰ কথাত গণেশ নিশ্চয়কৈ সন্তুষ্ট নহ’ল, তাৰ মিঠাই ভৰা মুখৰ পৰা ওলোৱা কথাষাৰৰ সাৰাংশ এনে হ’ল যে তেনেদৰে চালে এক যোগ একৰ সমষ্টি দুইতকৈ বেছি হোৱাৰো নিদৰ্শন দেখা যাব পাৰে- তাৰ মুখৰ কথাষাৰে নিশ্চয় কুশলক আমোদ দিলে, সি উৎসাহেৰে ক’লে, ’হাঁ, নিশ্চয়, অৰ্থাৎ আমি ক’ব পাৰো যে সমষ্টি কেতিয়াবা অংশৰ সমহাৰতকৈ বেছি হ’ব পাৰে, ধৰ দেৱালীৰ সময়ত তই দেখা টিপ্‌টিপ্‌কৈ পোহৰ দিয়া লাইটৰ মালাধাৰিৰ কথা ক’ব পাৰ৷’ সৰু সৰু লাইটবোৰ ব্যক্তিগতভাৱে এই জ্বলিছে, এই নুমাইছে, সিহঁত নিজৰ ঠাইতে আছে, অথচ তই সিহঁতৰ সমষ্টিগত এফেক্ট দেখিছ যে চলন্ত লাইটৰ দৰে সিহঁত মালাৰ ৰূপত দৌৰি ফুৰিছে- অৰ্থাৎ The sum of parts is more than the whole- ব্যক্তিৰ সমাহাৰ সমষ্টিৰ ফলতকৈ বেছি হ’ল৷’

মই আৰু গণেশে বুজা নাই তাৰ কথা, কুশলে গম পালে, আৰু ক’লে, ’চা, এই যে আমাৰ লগৰ তৰণী দত্তই যিমানখিনি চৰকাৰী দৰমহা পায় আৰু তাৰ পত্নীয়ে কাগজে-কলমে দেখুওৱা মুৰ্গীৰ ফাৰ্মখনৰ পৰা হোৱা আৰ্জনে যিখিনি আয় সিহঁতক দিয়ে- এই সকলোবোৰ মিলিও যিমান আয় হয় তাৰে সাজিব পৰা ঘৰতকৈ বহু বেছি টকাৰ বিল্ডিং সাজি তৰণীয়ে দেখুৱাইছে যে একে একে যোগ কৰিলে দুইতকৈ বেছি পোৱা যায়!’-

গণেশৰ মুখৰ জিলাপীখিনি ডিঙিলৈ গ’ল, সি ক’লে- ’অসমৰ বাহিৰৰ পৰা অহা কণী-মুৰ্গী, শাক-পাচলি, দাইল-চাউলৰ উৎপাদন খৰচ, কৰ-কাটল, লাভ আদি যোগ কৰি যিখিনি দামত সেইবোৰ গ্ৰাহকে পাব লাগিছিল, সেই দৰতকৈ বহু বেছি দামত কিনিবলগীয়া হয়, ইয়াৰ ব্যাখ্যাও তই এক যোগ এক দুইতকৈ বেছি ধৰণৰ কায়দাৰে দিবি নেকি!’ তাৰ কথাৰ মাজৰ প্ৰশ্নটো জটিল যেন বোধ হ’ল, ’হাঁ, একেই কথা বুলি ল’ব পাৰ- আচল কথা হ’ল এই যে ৰাস্তা-ঘাটে এইবোৰ বস্তুৱে নেদেখাকৈ টকা-পইচা দি পাৰ হৈ আহিছে, গুণ্ডা-গৰ্দি, ধমকি-হুমকিত এই দ্ৰব্যৰ টোপোলাই বহু অদৃশ্য ’কৰ-কাটল’ দি আহিছে, এইবোৰতো তই যোগ কৰিব লাগিব- তেতিয়াহে আচল দামৰ সমষ্টি পাবি- আৰু গম পাবি কিয় এক যোগ এক দুইতকৈ বেছি-’ এনেধৰণৰ ব্যাখ্যা এটা কুশলৰ মুখৰ পৰা ওলাব বুলি ভাবি থাকোতে গণেশে কুশলক ক’লে, ’তই তলে তলে খবৰ কাকতৰ সংবাদদাতাৰ কাম কৰ, খবৰবোৰো কেতিয়াবা একে একে দুইতকৈ সৰু বা একে একে দুইতকৈ ডাঙৰ- অৰ্থাৎ যিটো আচল খবৰ সেইটো কেতিয়াবা ক্ষুদ্ৰ পৰিসৰত, কেতিয়াবা লগাতকৈ ডাঙৰ হিচাপে ওলায়- তোৰ কথা হ’ল কাৰোবাক সন্তুষ্ট ৰখাৰ বা কাৰোবাক খোচা মাৰি-’, চাহ দিয়া ল’ৰাটোৱে খালী কাপকেইটা আঁতৰাই লৈ গ’ল, অতএব গণেশৰ কথাত যদি পৰিল৷ – ’তই শিক্ষকতাও কৰ, মানে ধৰ মন গ’লে শ্ৰেণীলৈ পঢ়ুৱাবলৈ গ’লি, নহ’লে টিভিৰ ছিৰিয়েল বনালি, বাতৰিৰ সংবাদদাতা হ’লি, অ’ত-ত’ত দুই-এক সৰু-সুৰা ব্যৱসায়, ঠিকাৰ টেণ্ডাৰ- মুঠ কথাত একে একে দুইতকৈ -’ মই ভাবিলো এনেদৰে কৈ গণেশে কুশলক জোকাই নোলোৱাই ভাল হ’ব আৰু কুশলেও নিশ্চয় এনেদৰে নকয় যে আমাৰ ৰাজ্যত মানুহৰ মূল্য ’এক এক যোগ হৈ দুইতকৈ কম’ ধৰণৰ-

সন্মুখত দি যোৱা চাহৰ বিলখনলৈ চালো৷ আমি তিনিওজনে দহ টকাকৈ দিলে চলি যাব- মনৰ ভিতৰত মই অংকটো কৰি চালো, আৰু ভাল লাগিল যে অন্ততঃ এইটো অংকত আমি একে একে দুই সূত্ৰটো প্ৰমাণ কৰি পেলাম-

ত্ৰিশ টকা হোৱাকৈ তিনিখন দহটকীয়া নোট আমি তিনিও কাণভগা থালখনত থৈ মালিকলৈ আগবঢ়ালো, ক’লো- এই লওক দহ দহ দহ – মুঠ ত্ৰিশ টকা!

■■■

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিপুল
3 years ago

বৰ ভাল লাগিল ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক