১৪,৮৩৩ জন বায়নৰ অনন্য কীৰ্তি আৰু অসমীয়াৰ বিশ্বাভিলেখ (অঞ্জন সাধনিদাৰ)

(১৪,৮৩৩ গৰাকী বায়ন শিল্পী আছিল কান্ধত খোল লৈ৷ সাজু সকলো ৷ আহি পাইছিল পৰ্যবেক্ষকসকল৷ সমন্বয় ক্ষেত্ৰৰ চৌপাশ লোকে লোকাৰণ্য ৷ হালধীয়া পতাকাখন লৈ সাজু আছিল সংঘৰ প্ৰধান সম্পাদক৷ হাতত অনুভাষণ যন্ত্ৰ লৈ ৰৈ আছিল সংস্কৃতি শাখাৰ সম্পাদক পবিত্ৰ প্ৰাণ বৰা ৷ ঠিক ১ বাজি ০৫ মিনিট হোৱাৰ লগে লগে পৰ্যবেক্ষকৰ সংকেত৷ প্ৰধান সম্পাদক বাপে জোকাৰি দিলে হালধীয়া পতাকাখন ৷ হৰিধ্বনিত কঁপি উঠিল সমন্বয় ক্ষেত্ৰ ৷ একেলগে বাজি উঠিল ১৪,৮৩৩ জন বায়নৰ খোল ৷ অনুভৱ হ’ল যেন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নিজে আহি খোলত বোল দিছে৷ )

এখন নীলা আকাশ ৷ মাজে মাজে ডাৱৰ ৷ সন্মুখত যেন শুভ্ৰ বগা দলিছা ৷ চৌপাশে মাথোঁ বগা আৰু বগা ৷ মনত উৎকন্ঠা ৷ উশাহত উত্তেজনা ৷ মুখত সকলোৰে বিদ্যুত প্ৰবাহিত সংলাপ৷ কি হ’ব ! পূৰণ হ’বনে সপোন ? সাৰ্থক হ’বনে কষ্ট ? ইমান বিশাল আয়োজন ? স্বীকৃত হ’বনে গুৰু জনাৰ সৃষ্টি ৷ ভকতৰ আশা ? মনৰ কল্পনা ৷ সময় আগবাঢিছিল শামুকীয়া গতিৰে ৷ আৰু অৱশেষত দবা বাজিল ৷ হৰি ধ্বনি, আই সকলৰ উৰুলী আৰু ত্ৰিশ সহস্ৰাধিক ভকতৰ আশিস শিৰত লৈ অসমৰ সহস্ৰজন বায়নশিল্পীৰ কান্ধত থকা খোলে একে লগে কৈ উঠিল—
ধেই দাও দাও … তা ধে ই খিত ….
শঙ্কৰী গায়ন প্ৰণালীৰ উঠাচাহিনীৰ প্ৰথম অংশ ঠিক ১৫ মিনিট বাজি উঠাৰ লগে লগে প্ৰধান সম্পাদক বাপে হালধীয়া পতাকা জোকাৰি সংকেত দিলে আৰু নিৰিক্ষক অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰে ৫০ সহস্ৰাধিক ভকত বৈষ্ণৱ, সংবাদ সেৱীৰ আগত ঘোষণা দিলে—‘আপোনালোক অধিকাৰী হ’ল অভিলেখৰ। গৌৰৱান্বিত হ’ল সকলো ৷ আৱেগিক হৈ পৰিল ৷ চকুৰ পানীৰে বাট নেদেখা হ’ল সকলো ৷ হৰিধ্বনিৰে মুখৰিত হ’ল তিতাবৰ সমন্বয় ক্ষেত্ৰ ৷ এক বিৰল ক্ষণৰ, অসমীয়াৰ অনবদ্য কৃতিৰ সাক্ষী হৈ ৰ’ল আকাশ বতাহ ৷ গুৰু বাদ্য সংযোজিত হ’ল বিশ্ব অভিলেখত ৷
সাৰ্থক হ’ল শ্ৰম ৷ ধন্য হ’ল জীৱন ৷ সেৱকৰ জীৱন সাৰ্থক হ’ল ৷
সপোনটো দেখিছিল সংস্কৃতি শাখাৰ সম্পাদক পবিত্ৰপ্ৰাণ বৰা বাপে ৷ সপোন দেখুৱাইছিল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘক ৷ ভকতৰ হৃদয়ত গুৰু সেৱাৰ বীজ ৰোপণ কৰিছিল ৷ শদিয়াৰ পৰা ধুবুৰীপৰ্যন্ত যাত্ৰা কৰিছিল সংঘৰ বিষয়ববীয়াসকলে৷
অসমীয়া সমাজত এক জাগৰণৰ সৃষ্টি হৈছিল ৷ লক্ষ্য সকলোৰে এক হৈ পৰিছিল ৷ খোলৰ মাতত কঁপি উঠিছিল নগৰ চহৰ ৷ ৮ বছৰৰ কণমানিটোৰ পৰা ৮০ বছৰীয়া বৃদ্ধজনলৈকে, কান্ধত খোল লৈ আৰম্ভ কৰিছিল—‘ধেই দাও দাও…….. তা ধেই খিত।’
বিৰামহীন প্ৰশিক্ষণ ৷ ভঁৰালৰ গাধৈত ঠাই পোৱা খোলৰ খোলাই মুচিয়াৰৰ কাষ পাইছিল ৷
জিলা সমিতিৰ সম্পাদকসকলৰ তত্‌ হেৰাইছিল ৷ খোলৰ পৰা গাড়ীলৈ কিমান যে কাম। কিন্তু কোনো ভাগৰি পৰা নাছিল ৷ পথৰ পৰা বিচলিত হোৱা নাছিল ৷ সকলোৰে মাত্ৰ দৃষ্টি আছিল তিতাবৰ সমন্বয় ক্ষেত্ৰ ৷ নতুন বছৰৰ ৬ জানুৱাৰী আৰু আকুল প্ৰতীক্ষা ৷ অৱশেষত কাংক্ষিত ক্ষণটো আহি পালে ৷
আমি উপস্থিত হৈছিলো দুদিন আগত ৷ দিনক ৰাতি কৰি কাম কৰিছিল সংস্কৃতি শাখাৰ সম্পাদক বৰা বাপে ৷ নেদেখিলে বুজাব নোৱাৰি ৷
৫ জানুৱাৰীৰ পুৱাৰে পৰা দুৰণিবটীয়া গাড়ীসমূহত অহা ভকতে সমন্বয়ক্ষেত্ৰ মুখৰিত কৰি তুলিছিল ৷ হাজাৰ হাজাৰ বায়ন শিল্পীৰ পদাৰ্পনে তিতাবৰ চহৰক বৈকুণ্ঠপুৰীত পৰিণত কৰি ধন্য কৰি তুলিছিল ৷ স্কুল, মহাবিদ্যালয় সকলোতে মাথোঁ ভক্তৰ সমাবেশ। সকলোতে শিবিৰ পাতি দিছিল আদৰণি সমিতিয়ে। আবেলিলৈ এক আনন্দমুখৰ পৰিবেশ ৷ হাতে হাতে খোল লৈ ওলাই আহিছিল সকলোৱে৷ মুখত মাথোঁ ‘কৃষ্ণ কৃষ্ণ’ ধ্বনি ৷
৬ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰাই ভকতৰ স্ৰোত বৈছিল। লানি নিচিগা শাৰী৷ খোৱাৰ চিন্তা নাছিল ৷ নিৰ্দিষ্ট স্থানত উপস্থিত হৈছিল সকলো ৷ দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খোলত চাপৰ মাৰি আৰম্ভ কৰিছিল বিশ্বঅভিলেখৰ প্ৰথমটো খোজ। ১৪,৮৩৩ গৰাকী বায়ন শিল্পী আছিল কান্ধত খোল লৈ৷ সাজু সকলো ৷ আহি পাইছিল পৰ্যবেক্ষকসকল৷ সমন্বয় ক্ষেত্ৰৰ চৌপাশ লোকে লোকাৰণ্য ৷ হালধীয়া পতাকাখন লৈ সাজু আছিল সংঘৰ প্ৰধান সম্পাদক৷ হাতত অনুভাষণ যন্ত্ৰ লৈ ৰৈ আছিল সংস্কৃতি শাখাৰ সম্পাদক পবিত্ৰ প্ৰাণ বৰা ৷ ঠিক ১ বাজি ০৫ মিনিট হোৱাৰ লগে লগে পৰ্যবেক্ষকৰ সংকেত৷ প্ৰধান সম্পাদক বাপে জোকাৰি দিলে হালধীয়া পতাকাখন ৷ হৰিধ্বনিত কঁপি উঠিল সমন্বয় ক্ষেত্ৰ ৷ একেলগে বাজি উঠিল ১৪,৮৩৩ জন বায়নৰ খোল ৷ অনুভৱ হ’ল যেন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নিজে আহি খোলত বোল দিছে৷
১৫ মিনিট একেৰাহে বজোৱাৰ পাছত গৌৰৱেৰে ঘোষিত হ’ল—‘আপোনালোক অভিলেখৰ অধিকাৰী হ’ল৷’ গৌৰৱান্বিত হ’ল অসম বাসী৷ সৰ্বতোকালৰ সৰ্ব্বোত্তম শ্রেষ্ঠ অসমীয়া জগত গুৰু শঙ্কৰদেৱৰ অনুপম সৃষ্টি খোল বাদ্যক জগত সভাত প্ৰতিষ্ঠা কৰাৰ সপোন দিঠকত পৰিণত হ’ল ৷ বিশ্বৰ সংস্কৃতি পথাৰখনত এক অনন্য চিনাকিৰে সগৌৰৱে থিয় হ’ব পাৰিলো ৷
এতিয়া মাথোঁ প্ৰতীক্ষা আনুষ্ঠানিক ঘোষণালৈ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments