২০০৩- ৰি ইউনাইটেড ( অমিতাভ মহন্ত )

2003 Reunited_Amitabh Mahanta

 

 

 

 

“2003”….

অফিচৰ মিটিঙত বহি আছিল অমিত৷ হঠাৎ ফোনটোৰ পৰা পপকৰ্ণ ফুটাৰ দৰে শব্দ ওলাবলৈ ধৰিলে৷ বছৰ ঘোপা চাৱনি দেখি লগে লগে মোবাইলটো অফ কৰি দিলে অমিতে৷

দুপৰীয়া মিটিঙৰ মাজত বছে এটা চুট্টা ব্ৰেক দিলে৷ তললৈ নামি আহিল অমিতহঁত৷ “2003”…… কি বা জিলিকি উঠিছিল তেতিয়া ফোনটোত৷ এবাৰ অন কৰি চোৱা ভাল হ’ব৷

ভগৱান!!! নতুন কিবা হোৱাটচ এপ গ্ৰুপ৷ ইতিমধ্যে ৪২৩টা মেচেজ আহিছেই৷ খুলি চালে অমিতে৷ কৃষ্ণ, শাৰীয়ে শাৰীয়ে অশ্লীলতাৰ পয়োভৰ৷ কাষত থিয় হৈ থকা ৰশ্মিজনীয়ে কিবা দেখিলেই নেকি৷ চেহ…

ব্ৰেক শেষ৷ লৰালৰিকৈ ফোন চাইলেণ্ট মোডত কৰি আকৌ মিটিঙত বহিল অমিত৷ মিটিঙত মন দিবলৈ চেষ্টা কৰিলে অমিতে৷ “2003“, কি বা গ্ৰুপ ওলাল এইটো৷ নম্বৰো যিকেইটা দেখিলো চিনাকী নহয়৷ গ্ৰুপবোৰৰ উৎপাতত হোৱাটচ এপটো কোনোবাদিনা উৰাবহে লাগিব৷

এছ এম এছ এটা অহা সংকেত স্ক্ৰীণত জিলিকি উঠিল৷ মাইকেলৰ মেছেজ৷

“আব্বে চন, হোৱাটচ এপত উমনি দি থাক নেকি? আহি যা গ্ৰুপত৷ 2003 জিন্দাবাদ **৷”

আৰৰৰে!  “2003”….. এতিয়াহে বুজিলে অমিতে.. কলেজ কলেজ৷ মালকেইটা কোন ক’ত আছে খবৰেই নাই৷ ইয়াত পালেহে জমিব এইবাৰ৷ লাহেকৈ নেটটো অন কৰিলে অমিতে৷ ২৬৮টা নতুন মেছেজ৷ ৰাইজে জমাই আছে যেন পাইছো৷ মাইকেল এডমিন, কি হ’ব বুজা গৈছে আৰু৷ বেছিভাগ নম্বৰ ধৰিব পৰা নাই৷ টইলেটলৈ যোৱাৰ বাহানা কৰি অমিতে বাহিৰলৈ আহি গ্ৰুপটো খুলিলে৷

মজ্জা, মজ্জা! ! বাতি, আন্ধাৰ, জালিম লোচন, ভালুক, গুটি, টিকা জেঠী, খৰি…… গোটেইবোৰক গোটাইছে মাইকেলে৷ গাৰ্লছ নট এলাউড্! মেছেজৰ ঢং দেখিয়েই বুজিলে অমিতে৷ লাহেকৈ অফিছিয়েল এণ্ট্ৰি মাৰিলে অমিতে,

– ক’ৰ পৰা ওলালি গোটেইবোৰ? মজ্জা৷ এইবাৰহে জমিব৷

লগে লগে মেছেজৰ বৰষুণ৷

– পেটলা, এতিয়া সময় পালি?

– চাৰৰ লেবেল হৈছে বে চন৷ মাইকেলে মেছেজ দিহে মাতি আনিছে৷

– আব্বে দুছ, তই এতিয়াওঁ মৰাই নাই৷

– বিয়াত নামাতিলি **৷

– তই গুৱাহাটীত নেকি বে? গমেই নাপাওঁ৷ ৰাতি বহো ব’ল আজি৷ ভালুক, খৰি আৰু মই কিটচেন বাৰত বহিম ৰাতি৷

এইকেইটাৰ লগত লাগিলে আজি মিটিং হৈছে আৰু৷

– অই ৰাতি ভালকৈ আহি আছো গ্ৰুপত৷ মিটিঙত আছো বে৷

লগে লগে অশ্ৰাব্য গালিৰ বৰষুণ৷ উপায় নাই৷ লাহেকৈ নেট কানেকচনটো অফ কৰি দিলে অমিতে৷

*********

“মায়াবানী ৰাতিৰ পোহৰ, দেখা পালো তোমাৰ ছবি“……

অত্যন্ত ভাগৰুৱা অমিত৷ ৰাতি এঘাৰটাত মিটিং শেষ কৰি অমিত ঘৰমূৱা৷ গাড়ীত অমিতৰ সঙ্গী জুবিনৰ মায়াবিনী৷ আকৌ জাগিছে “2003”৷ এইবাৰ ৰূপ বেলেগ৷ মাতালৰ আড্ডা৷ হৈছে আৰু আজি৷ ৰাতি ভাৰ্চুৱেলী বহিব লাগিল আজি৷ গাড়ীৰ স্পীড বঢ়াই দিলে অমিতে৷

কনমানিজনী ৰৈ আছিল তালৈ৷ গা পা ধুই তাইৰ লগত অলপ খেলি বিছনাত পৰোতে প্ৰায় এটা বাজিল৷ কাইলৈ অফিচ বন্ধ৷ হ’ব চিন্তা নাই৷ অমিত সোমাই পৰিল “2003“ত৷

বাসৱী, মৃণালিনী, অপৰ্না কাৰ কাৰ কথা যে ওলোৱা নাই৷ মোডীয়ে ৯০ দিনলৈ মেছেজ ডিলিট কৰিব মানা কৰিছে৷ বাসৱীৰ ডি এচ পি গিৰিয়েকে দেখিলে এটা এটাকৈ গুলীয়াব৷

পুৰণা স্মৃতি ৰোমন্থন, অনুৰাধাৰ শুক্ৰবাৰৰ চিনেমা, আবুৰ দোকানৰ গজা, চহৰীয়াৰ আড্ডা……… আস! ! কলেজ লাইফ! ! ! উই আৰ বেক এগেইন৷

*****

পূজাভাগৰ আয়োজন মাইকেলে কৰিছে৷ খৰচ পাতি ভালুকৰ৷ আচলতে কাইলৈ কৌশিকৰ ফাৰ্ম হাউচত ভালুকৰ বেচেলৰ পাৰ্টী, লগতে ৰি ইউনিয়ন “2003“ৰ৷ সেই উপলক্ষেই আগদিনাই পাৰ্টীৰ যোগাৰৰ লগতে পূজাভাগৰ আয়োজন কৰিছে মাইকেলে৷

পিছদিনা মোটামুটি এঘাৰটা মানত “2003“ৰ বত্ৰিশটা মেম্বাৰ ফাৰ্ম হাউচত হাজিৰ হ’ল৷ বাকী বাহিৰত থকাবোৰৰ বাবে হোৱাটপ এপ আৰু ফেচবুকত টেগোৱা ফটোবোৰেই গতি৷

ভালুকক পুখুৰীৰ পাৰত বহোৱাই লৈছে মাইকেলে৷ মাইকেলৰ ফান্দা, পূজা-পাতলত একবস্ত্ৰ পৰিধান কৰিব লাগে৷ গতিকেই ভালুক বহি আছে “ৰূপা- য়ে আৰাম কা মামলা হে“টো পিন্ধি৷ অৱশ্যে ভালুকৰ নোমবোৰৰ বাবে একবস্ত্ৰৰ প্ৰপাৰ ফিলটো অহা নাই৷ চিগাৰেটত বাবা ফিট কৰি লৈ মাইকেল পূজাৰী সাঁজু৷

চিগাৰেটৰ ভস্মৰে ভালুকক ফোঁট এটা দিয়া হ’ল৷ পূজা আৰম্ভ! ! কলেজীয়া জীৱনত পৰা গোটেইবোৰ অশ্লীল গালিৰে এটা খিচিৰি মন্ত্ৰ তৈয়াৰ কৰি লৈছে মাইকেলে৷ মাইকেলৰ হেল্পাৰ খৰিয়ে তেতিয়াৰ পৰা অহৰহ “নাম্বাৰ ৱান“ শান্তিপানী চটিয়াই গৈছে ভালুকৰ গাত৷ জালিম লোচনে ’চিকেন লেগ পিচ’ এদোখৰ টেষ্ট কৰি আহি আছিল৷ পূজাৰীয়ে সেইডাল থাপ মাৰি লৈ ভালুকৰ কাণত ফিট কৰি দিলে৷ সেয়াই মাইকেলৰ নিৰ্মালি৷

আন্ধাৰে ভালুকৰ তপিনাত দিয়া এটা প্ৰচণ্ড গোৰেৰে পূজা সমাপ্ত হ’ল৷

ভাতৰ লগত খাবলৈ অনা মুৰ্গীৰ মাংস কেতিয়াবাই চাকনাৰ লগতে হজম কৰি দিলে বকাসুৰ কেইটাই৷ আকৌ মাংস আনিবলৈ গৈ সমৰ আৰু পঙ্কজৰ তেতিয়াৰ পৰা খবৰ নাই৷ খা খবৰ নাপায় সমৰক ফোন লগালে অমিতে৷

– ভাই গৈ আছো ৰহ৷ ভালুকৰ কাৰণে বঢ়িয়া বিয়াৰ গিফ্ট এটা পাইছো৷ তাকেই ট্ৰায়েল দি আছো৷

– কি ট্ৰায়েল? সোনকালে আহ৷ সোনকালে ৰান্ধিব লাগে৷

– আৰে নকবি ভাই৷ ইয়াত মজ্জা মেচিন এটা দেখিছো মুৰ্গীৰ দোকানত৷ চিধা মুৰ্গীটো মেচিনত ভৰায় গৰম পানী ঢালি দি মেচিন চলায় দে, এক মিনিটত ফুল ৱেক্সিং মুৰ্গী ৰেডী৷

– কি হ’ল তাতে?

– আৰে ভাই, আমি ভালুককো বিয়াৰ আগে আগে তাতে সুমুৱাই দিম৷ একদম অনিল কাপুৰৰ পৰা টাইগাৰ শ্ৰফ বনি যাব ভালুক৷ খাটাং, ভালুকক বিয়াত এই মেচিন ৰাইড এটাই গিফ্ট দিম৷

– ধেইই ফটুৱা, জল্ডি আহ৷ দেৰি হৈছে বহুত৷

********

বিয়াঘৰৰ দুৱাৰমূখত সাঁপ৷ ভালুক দৰাৰ ৰুপত, মুখত ৰুমাল লৈ থিয় হৈ আছে৷ দৰাৰ সাজত সাঁপ খেদিবলৈ যোৱা সম্ভৱ নহয়৷ সাঁপকেইডালৰ পিছে পিছে লাহে লাহে বৰযাত্ৰীৰ দল আগবাঢ়িছে৷ এইফালে তিনিদাল সাঁপ ক্ৰমে ঈশান, গুটি আৰু মাইকেল নাগিন নৃত্যত মগ্ন৷ আনকালে বিয়া বাৰুত এইকেইটাক চম্ভালা তাপস আজি ব্যস্ত বীণ বজোৱাত৷ ভালুকে আশা এৰি দিলে৷ আত্মীয় স্বজনৰ মাজত সন্মান যাবলৈ বাকী নাই৷ সৰুতে ভালুকে ক’ৰবাত শুনিছিল সাঁপৰ মুখ মেলি চাধা খুৱাই দিলে বোলে সাঁপ পাগল হয়৷ নৃত্যৰত মাইকেলে পকেটৰ পৰা ৰাজা চাধা ওলোৱা দেখি বুকু কপি উঠিল ভালুকৰ৷ হয়, ঠিকেই শুনিছিল ভালুকে৷ চাধাপালি মুখত ভৰাই মাইকেল হৈ পৰিল চুপাৰ একটিভ৷ পোণে পোণে খুটিবলৈ খেদি গ’ল দৰাক আদৰিবলৈ ৰৈ থকা কইনাৰ দেউতাকক৷ ত’ত ধৰিব পৰাৰ আগতেই সাপৰ দংশনত উজুটি খাই বাগৰি পৰিল দেউতাক৷

হুৱা দুৱা লাগি গ’ল বিয়াঘৰত৷ অমিতহঁতে মাইকেলক টানি পিছফালে আনিবলৈ চেষ্টা কৰি থাকোতেই ভিতৰৰপৰা কইনাঘৰীয়া সুঠাম ডেকা এজন ওলাই আহিল৷

হীৰক? ? ইয়াত? ? কেনেকৈ? ?

– আৰে তহঁত দেখোন? কৰপৰা? ইম্মান বছৰৰ মুৰত?

– দৰা ভালুক! !

দোৰোল খোৱা জিভাৰে কোনোমতে উত্তৰটো দি বাগৰি পৰিল মাইকেল৷

বিয়াৰ মাঙ্গলিক কাৰ্য্য চলি আছে৷ নিচা কেতিয়াবাই ফাটিছে গোটেইবোৰৰ৷ নেমু খাই নহয়, হীৰকক দেখি৷ গোটেই ৰাতি বিয়াত থাকিবলৈ সাঁজু হৈ অহা মাইকেল, খৰিহঁত কেতিয়াবাই পলাল৷ উপায় নাপায় অমিত, বনজিতহঁত বহি আছে৷ হীৰকে কিবা কিবি সুধি আছে, বাকীবোৰে উত্তৰ দি আছে৷ কিন্তু কোনো সহজ হ’ব পৰা নাই৷ কেৱল হীৰক ব্যতিক্ৰম! সেই একেই কলেজৰ হীৰক….

***

“2001“

বৰষুণত তিতি বুৰি হীৰক ৰৈ আছে উষা কোৰ্টৰ সন্মুখত৷ ওচৰে পাঁজৰে জেকাবলৈ গোটেইবোৰ৷ নিধি টিউচনৰ পৰা ওলাবৰ সময় হৈছেই৷ হীৰকৰ হাতত বনজিতে পানবজাৰৰ পৰা কিনি আনি দিয়া গোলাপটো৷ কোৱালিটী বৰ ভাল নহয়, তথাপি চলি যাব৷ এবাৰ দিব পাৰিলেই হ’ল৷

নিধি ওলাইছে৷ হীৰক সাঁজু৷ শ্বাহৰুখৰ আত্মা ইতিমধ্যে হীৰকৰ মাজত সোমাই গৈছে৷ গলিৰ মুখত হীৰক, সন্মুখত হীৰক৷ একাঠুত ভেজা দি “আই লাভ ইউ“ ক’বলৈ গৈ তাৰ মুখেৰে মাত নোলায়হে নোলায়৷ সাঁহসৰ যে অভাৱ সেয়া হ’বই নোৱাৰে৷ শ্বাহৰুখৰ আত্মা সোমাই আছে আফটাৰ অল৷ কিন্তু এই বনজিত! ! ! জহনীত যোৱাটোৱে পাঁচ টকা বচাবলৈ গৈ ইমান থাৰ্ড ক্লাছ গোলাপ আনিব বুলি কোনে জানে৷ আনোতেই অৱস্থা তথৈবচ, এতিয়া দেখোন বৰষুণত ফুলটো তিতি হীৰকৰ হাতত কেৱল গোলাপৰ ঠাৰিডাল! !

মেট্ৰিক্স ৰেষ্টুৰেণ্ট, মালিক নিতিন জৈন৷ গধূলি এঘণ্টাৰ কাৰণে দেউতাক ঘৰলৈ যায় বাবে নিধি প্ৰায়েই কাউণ্টাৰত বহে৷ এই ইনফৰ্মেচনটো ৰাতুলৰ৷ পকেটত যথেষ্ট টকা লৈ হীৰক গৈ মেট্ৰিক্সত হাজিৰ৷ কাউণ্টাৰত নিধিৰ সৈতে বহি আছে দেউতাক নিতিন তপা৷ আজি ৰাতি ৰাতুল মেমেৰা মৰিল৷ কিন্তু বৰ্তমান হীৰকে কৰে কি? উপায় নাপায় নিতিন তপাৰ চকচকীয়া তালুখনকেই আইনা হিচাপে ব্যৱহাৰ কৰি হীৰকে নিজৰ চুলিকেইদাল ঠিক কৰি তাপপৰা ওলাই আহিল৷

পিছৰটো ৰবিবাৰে হীৰক আৰু নিধিক দেখা গ’ল “ইউ টাৰ্ণ ৰেষ্টুৰেণ্ট“ত৷ বাঘে মৰি গ’লেওঁ ঘাঁহ নাখায় বুলি ডাইলগ মৰা হীৰক ব্যস্ত ভেজ ৰোল খোৱাত৷ এইফালে হোষ্টেলত খৰি, আন্ধাৰ আৰু গুটি ব্যস্ত গাহৰি বইল কৰাত৷ ৰাতিলৈ হীৰকৰ পাৰ্টি৷

পিছৰখিনি আশা কৰাৰ দৰেই এখন হিন্দী চিনেমা৷ ল’ৰা অসমীয়া, ছোৱালী মাৰোৱাৰী৷ ঘৰত নামানে৷ হীৰক এইফালে হিৰো হৈ আছে৷ টিংকুৰ দোকানৰ পৰা চিডি আনি ’মেইনে প্যাৰ কিয়া’খন আকৌ চাই আছে এইকেইদিন৷

সেইদিনা আছিল পাৰ্ট ৱানৰ শেষ পৰীক্ষা৷ সদায় যোৱাৰ দৰে হীৰক চান্দমাৰীলৈ আগুৱাই গ’ল, নিধিক বাছত উঠাই দিবলৈ৷ ঘূৰি আহি চিধাই হোষ্টেল৷

ৰাতি বাৰটা বাজিছে৷ ৰুম নম্বৰ এঘাৰ৷ তিনি পাট্টী চলি আছে৷ হঠাৎ ৱাৰ্ডেনৰ লগত এদল পুলিছ সোমাই আহিল৷ নিধি দুপৰীয়াৰে পৰা ঘৰ পোৱা নাই৷ শেষবাৰৰ বাবে তাইক হীৰকৰ লগত দেখা গৈছিল৷ নিতিন তপাই হীৰকৰ ওপৰত কেচ দিছে৷

হীৰক লকআপত৷ লগত আছে আন্ধাৰ আৰু খৰি৷ হোষ্টেললৈ অহা পুলিচৰ গাত হাত তোলা বাবে সিহঁতো লকআপত৷

মাহ বাগৰিল৷ কোনো খবৰ পোৱা নগ’ল নিধিৰ৷ বাতৰি কাকতৰ গৰম খবৰ হৈ পৰিল নিধি আৰু হীৰক৷ প্ৰতি মাহে চান্দমাৰী থানাত হাজিৰা দি আহিব লাগে৷ কোৰ্টৰ পৰা গুৱাহাটী এৰিব নোৱাৰা আদেশ পালে হীৰকে৷ যেতিয়াই তেতিয়াই হীৰকৰ ওপৰত মানসিক আতিশয্য৷ হীৰকৰ বাবেই দেউতাকৰো গা বেয়া হ’বলৈ ধৰিলে, তাৰ লগত কথা পতা সম্পূৰ্ণৰুপে বন্ধ কৰি দিলে৷ ভাঙি পৰিল হীৰক৷ হয়তো লগ বন্ধুবোৰ নাথাকিলে সি কিবা অঘটনেই ঘটালেহেতেন৷

****

– তই হীৰকৰ লগত ফুৰাচকা বন্ধ কৰ৷

– কিন্তু মা! !

– কোনো কিন্তু নাই৷ দেখা নাই কি কি লিখি আছে তাৰ কথা পেপাৰত৷ তাৰ বন্ধু হৈ কাইলৈ তয়ো এইবোৰহে কৰিবি৷ এইবাৰ তাৰ লগ লাগিলে কি কৰো চাই থাক৷

চান্দমাৰী অভাৰব্ৰীজত গোটেইকেইটা বহি আছে৷ গোটেইকেইটাৰে মুখ শুকান৷

– মায়ে বৰ কামোৰ দিছে অঁ৷

– মোকটো দেউতাই কিলাবহে বাকী৷

– মোক তেনেকৈ একো কোৱা নাই, কিন্তু দিনে ৰাতিয়ে কাট মাৰি আছে টপিকটো লৈ৷

– মই পাত্তাই দিয়া নাই৷ যি কয় কৈ থাকক৷ দোস্ত হয় বে হীৰক আমাৰ৷ দে চিগাৰেট এক পাফ দে৷

মনবোৰ কাৰো মুকলি নহয়৷ অমিতহঁতৰ উৎপাতত পাৰ হ’ব নোৱাৰা ছোৱালীকেইজনীয়ে আজি ওলোটাই সিহঁতকহে ঘূৰি চাইছে৷

*****

থানাত মাতি পঠিয়াইছে গোটেইবোৰক৷ নিধি সম্পৰ্কীয় কিবা সোধ পোচৰ বাবে৷ অমিতৰ দেউতাকৰ পুলিচত হাত দীঘল৷ গতিকে কৈ মেলি তাক আৰু লগতে বনজিতক যাব নলগা ব্যৱস্থা কৰি দিলে৷ প্ৰকাশ নকৰিলেওঁ স্বস্তিৰ নিশ্বাস এৰিলে দুয়ো৷

পাৰ্ট টুৰ পৰীক্ষা আহি একেবাৰে ওচৰ পালে৷ সকলো পঢ়াত ব্যস্ত৷ সকলো পঢ়াত ব্যস্ত৷ পৰীক্ষাৰ পিছত কেট, মেট পৰীক্ষা দি বাহিৰলৈ যোৱাৰ পৰিকল্পনা সাঁজু৷ হীৰক আজিকালি এইবোৰ আলোচনাৰ পৰা দুৰত থাকে৷ কেচ নিচিগালৈ সি বাহিৰলৈ যাম বুলিলেই যাব নোৱাৰে৷

ক’ত বা হেৰাই গ’ল নিধি৷ কিমান বিছাৰিলে গোটেইবোৰে৷ কতো নাই তাই৷ প্ৰতি মাহতে সি থানাত হাজিৰা দিবলৈ যাব লাগে৷ লগত কোনোবা দুটামান যাবই৷ অন্তত: বন্ধুবোৰে তাৰ লগ এৰা নাই৷ সেয়াই তাৰ শান্তি৷

২১ মাৰ্চত আকৌ থানালৈ মাতিছে তাক৷ পিছদিনা মেজৰৰ পৰীক্ষা৷ সকলো পঢ়াত ব্যস্ত৷ ৰাতিপুৱা অলপ সময় ইফালে সিফালে চাই অকলেই থানালৈ ওলাই গ’ল হীৰক…..প্ৰথমবাৰৰ বাবে৷

হিৰণ্যৰ প্ৰিপাৰেচন একেবাৰে বেয়া৷ হীৰকৰ পৰা ’বেলেঞ্চ শ্বীট’খন কপি মাৰিব পাৰিলেহে যদি এইখন পেপাৰত পাচ মাৰ্ককেইটা আহে৷ ফাইনেল বেল পৰিল, হীৰক নাহিল…..

দিল্লীত এম বি এ পঢ়িবলৈ আহিল অমিত৷ অলসভাৱে বিছনাত বাগৰি পুৰণি ম’বাইলটোৰ পৰা নতুনকৈ কিনা ম’বাইলটোত নম্বৰবোৰ চেভ কৰি আছিল সি৷

দিগন্ত, ধন মামা, ধ্ৰুব, হৰি……. হীৰক৷ ৰৈ গ’ল অমিত৷ সেই পৰীক্ষা নিদি হোষ্টেল এৰাৰ পৰা এবাৰেই ফোন কৰিলে তাক৷ নম্বৰ মিলাবলৈ গৈ ৰৈ গ’ল সি, কিবা ভাবিলে৷ পুৰণি মোবাইলটোত তললৈ যোৱা বুটামটো টিপি চেভ কৰিলে….. ‘হিৰণ্য’৷

*****

– বৰ আনইজি লাগি আছে ভাই৷

– মোৰো৷

– তহঁতৰ যেন তেন৷ মোৰ কথা ভাবচোন৷ নিশা হীৰকৰ কাজিন৷ মইটো লগ পায়েই থাকিম তাক এতিয়া৷

– ……………..

– ……………..

কিছু সময় নীৰৱতা৷ অলপ পিছত খৰিৰ মেছেজ আহিল৷

– বৰ ফটুৱা কাম কৰিলো অঁ আমি৷

– তেনেকৈ কিয় কৈছ৷ ঘৰৰ প্ৰেছাৰ নহ’লে আমি চাগে!

– এ বাদ দে ঘৰৰ প্ৰেছাৰ৷ সেইবোৰ গৈ বেলেগক কবি৷ সঁচা ক’বলৈ গ’লে নিজৰ কেৰিয়াৰ বনাবলৈ গৈ, নিজকে ক্লীন ৰাখিবলৈ গৈ আমি কাটি খালো৷ আমি পাহৰিছিলোৱেই হীৰক কোন৷ কালি বিয়াত দেখা বুলিহে…

– এৰা৷

– অই ভালুক, হীৰকে কি কৰে অঁ আজিকালি৷ মোৰ কালি সুধিবলৈ সাহস নহ’ল৷

– নাজানো৷ হীৰকৰ কথা ওলালে নিশাক গোটেইবোৰ বৰ লাগিব৷ কিমান ফটুৱা আছিলো আমি সেই সকলো কব লাগিব৷

– ………………

– ………………

– গেট টুগেদাৰত তাক মাতিবিনে?

– পগলা হৈছ? মাতি কি কবি তাক? তাৰ আগত থিয় হ’বলৈ লাজ নালাগিব?

– বাদ দে ভাই৷ তাৰ সন্মুখত গৈ ক্ষমা খোজো৷ দুটা চৰ মাৰিবলৈ কওঁ৷ বৰ মন গৈছে ভাই তাৰ লগত কমাৰ্চৰ আড্ডাত বহিবলৈ, বাবা টানিবলৈ৷

– কোৱা সহজ৷ কৰি দেখুৱাছোন৷

– নিধিৰ কিবা খবৰ?

– নাজানো৷ দিল্লী যোৱাৰ পিছত খবৰ নললোৱেই৷ বাচি নাই চাগে৷

– মই কিছুদিন খবৰ লৈ আছিলো৷ নাপালে তাইক৷ ক’ত যে হেৰাই গ’ল৷ হীৰকৰ কেচটো এতিয়া চিঙিছে পিছে৷

– হমমমম্৷

“2003“ হোৱাটচ এপ গ্ৰুপত হাঁহি তামচা নাই৷ সকলো অনুশোচনাত দগ্ধ৷

*****

মাজৰাতি কণমানিজনীয়ে আমনি কৰি আছিল৷ অমিতৰ টোপনি ভাঙি গ’ল৷ এনেই থকাতকৈ ম’বাইলটো খুচৰিবলৈ লওঁতেই দেখিলে “2003“ত দিগন্তৰ মেছেজ৷

দিগন্ত! ! অমিতহঁতৰ গ্ৰুপত শান্ত-শিষ্ট বুলিবলৈ এজনেই আছিল, দিগন্ত৷ গ্ৰুপ খোলাৰ পৰা সি নামতহে গ্ৰুপত আছিল, আজিলৈ তাৰ এটা মেছেজো দেখা অমিতৰ মনত নপৰে দেখোন৷

“নিধিৰ দৰে ছোৱালী এজনী মই জয়পুৰৰ হোটেল ৰামাডাত দেখিছিলো৷ তাইৰ দৰে মানে সেইজনী তায়েই আছিল, ৯৯% চিউৰ“৷

সময়ৰ খেয়াল নাছিল অমিতৰ৷ লগে লগে দিগন্তলৈ ফোন লগালে৷

– হেল্লো দিগন্ত! !

– অঁ৷

– মেছেজটো যে দিছ? সঁচাকৈয়ে?

– মই চিউৰ৷ হীৰকৰ খবৰো লৈছিলো৷ পিছে তাক বিছাৰি নাপালো৷ তাতে তাইকো চকামকাকৈ দেখিছো৷

– অহহ, কিবাকৈ খবৰ উলিয়াব নোৱাৰিনে?

– তাই হোটেলৰ ষ্টাফ যেন লাগিল৷ ইউনিফৰ্মত আছিল৷

পিছদিনা গোটেই দিন গ্ৰুপত অসংখ্য মেছেজৰ আদান প্ৰদান৷ গধূলিলৈ অমিত আৰু মাইকেলে জয়পুৰলৈ যোৱা টিকেট কৰিলে৷ দিগন্ত দিল্লীৰ পৰা আগতীয়াকৈ গৈ হাজিৰ হ’ব৷

তিনি বন্ধু গৈ ৰামাডাত বাহৰ পাতিলে৷ তৃতীয় দিনা তিনিওকে দেখা গ’ল জয়পুৰ এয়াৰপোৰ্টৰ বাহিৰত৷ সময় দুই বাজি ত্ৰিশ মিনিট৷ হেণ্ডবেগ এটা লৈ বাহিৰলৈ ওলাই আহিল হীৰক!

ৰুম নম্বৰ ১০৭৷ নিধিয়ে কেৱল কান্দিছে…. হীৰকৰ বুকুৰ মাজত৷ দেউতাকে তাইক সেইদিনা জোৰকৈ জয়পুৰত থকা মোমায়েকহঁতৰ ঘৰত থৈ যোৱাৰ পিছত তাই কিমান চেষ্টা কৰিছিল হীৰকক যোগাযোগ কৰাৰ৷ পিছে তাই ঘূৰি যোৱাৰ, কোনোবাৰ লগত যোগাযোগ কৰাৰ কোনো সুৰুঙাই ৰখা নাছিল ঘৰৰ মানুহবোৰে৷ যেতিয়া দহ বছৰ পিছত সুৰুঙা পালে তেতিয়ালৈ হীৰক কৰবাত হেৰাই গৈছিল৷

*****

ৰাতি এক বাজিছে৷ লেবেজান হৈ অমিত পৰি আছে বিছনাত৷ হীৰকৰ বেচেলৰ পাৰ্টীত কম উৎপাত কৰিলেনে গোটেইবোৰে আজি৷ এতিয়া বৈদ্য হেং মাৰি আছে৷ কাইলৈ অফিচত কেনেকৈ প্ৰেজেনটেচন দিব ভগৱানেহে জানে৷

হোৱাটচ এপত মেছেজ অহাৰ শব্দত ফোনটো তুলি ল’লে অমিতে৷

– Micheal added Heerak to “2003“..

– Heerak changed name of the group to “2003 Reunited“..

কণমানিজনীক জোৰৰে সাৱটি শান্তিৰ নিদ্ৰাত ঢলি পৰিল অমিত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments