২০১৩ বৰ্ষক আদৰাৰ মুহূৰ্তত…কিছু ব্যক্তিগত অনুভৱ: নিবেদিতা হাজৰিকা

(নতুন বছৰৰ আৰম্ভণিতে আহক সকলোৱে সংকল্পবদ্ধ হওঁ, সমাজৰ অপশক্তিবোৰৰ বিৰুদ্ধে ঠিয় দিয়াটো প্ৰত্যাহ্বান হিচাপে লওঁ আৰু নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৱে একগোট হৈ আগবাঢ়ি যাওঁ। এনে এটি পৰিবেশ ঘূৰাই আনিবলৈ যত্নপৰ হওঁ, য’ত আমি সকলোৱে একোজন ব্যক্তি হিচাপে নিৰ্ভয়ে নিজৰ কৰ্মত আত্মনিয়োগ কৰিব পাৰিম)

এই মাহৰ সাহিত্য ডট অৰ্গৰ সম্পাদকৰ পৰা আহিছিল লেখা এটিৰ আহ্বান। ব্যক্তিগত বাৰ্তাযোগে তেখেতে কৈছিল—এইবাৰ অলপ বেলেগ ধৰণৰ কিবা এটি লিখক।’ তেখেতলৈ সন্মান জনাই চেষ্টা কৰি চাম বুলি সন্মতি প্ৰদান কৰিলোঁ যদিও আজিলৈকে ভাবি উলিয়াব নোৱাৰিলোঁ কি লিখিম! বিভিন্ন ধৰণৰ ভাববোৰ আহি খলকনি লগাই থাকিলেও লিখিবলৈ ল’লেচোন একোৱেই নোলোৱা হয়। বহুতো সমস্যা, বহুতো ভাবনা যেতিয়া একেলগে মনলৈ আহে, তেতিয়া যেন প্ৰকাশৰ বাবে উপযুক্ত শব্দ বিচাৰি পোৱা কঠিন হৈ পৰে। সেয়েহে কিছুদিন বহি থাকিলোঁ কলম সামৰি। কিন্তু একো এটা লিখিব নোৱাৰি মনটো বেয়াও লাগি আছে। সেয়ে আজি আকৌ কলমটো তুলি লৈ ভাবিছোঁ, মনলৈ এই মুহূৰ্তত যি আহে তাকেই লিখি যাওঁ। ইয়াৰ পৰা পাঠকে কিবা পাব নে নাই নাজানো অন্ততঃ নিজৰ মনৰ বোজাটো অলপ হ’লেও পাতল হ’ব।

চাওতে চাওতে আৰু এটা বছৰ গুচি গ’ল আমাৰ জীৱনৰ পৰা। বছৰটোত কি পালোঁ, কি নাপালোঁ হিচাপ কৰিবলৈ মন নাই; কিয়নো পোৱাতকৈ হেৰুওৱাৰ সংখ্যাই বেছি হ’ব বুলি জানো। বিগত বছৰত বহু বৰেণ্য ব্যক্তি তথা সমাজ জীৱনৰ বিভিন্ন দিশৰ পথ প্ৰদৰ্শকক হেৰুৱাই আমি যেন বহু নিঃস্ব হৈ পৰিলোঁ। শোকাকুল অন্তৰেৰে তেওঁলোক বিদায় দিয়াৰ মুহূৰ্তত আমি বহু কথাই ভাবোঁ, বহু অংগীকাৰ কৰোঁ সকলোৱে; কিন্তু কাৰ্যতঃ সেইবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ গতি যেন অতি মন্থৰ। ইমান লেহেমীয়া গতিৰে আগবাঢ়িলে আমাৰ লক্ষ্যস্থান পোৱাটো জানো ইমান সহজ হ’ব ?

অসমৰ সমস্যাৰ অন্ত নাই, এটা সমস্যাৰ কোনো সমাধান নৌহওঁতেই আহি পৰে আন এটা সমস্যা; এই কথা আমাৰ সকলোৰে জ্ঞাত। কিন্তু প্ৰায়ে দেখা যায় আমি কিছু চিঞৰ-বাখৰ কৰোঁ আৰু তাৰ পিচত চৰকাৰ বা প্ৰশাসনৰ ওপৰত সকলো দোষ জাপি দি হাত সাবটি বহি থাকোঁ। আমি ক’ব বিচৰা নাই যে চৰকাৰ বা প্ৰশাসনৰ গাত কোনো দোষ নাই; কিন্তু দেশৰ একোজন দায়িত্বশীল ব্যক্তি হিচাপে আমাৰো জানো কিছু কৰণীয় নাই? আমাৰ দেশখনৰ প্ৰতি, জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি, সমাজখনৰ প্ৰতি, আমাৰ জানো কোনো দায়িত্ব নাই ? কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায়, আমি কেৱল সমালোচনা কৰোঁ। সমস্যাটোৰ উৎস বা প্ৰতিকাৰৰ উপায় বিচাৰিব নোখোজোঁ। আমি এজনে আনজনক দোষ দি থাকিলে নহ’ব। সংকীৰ্ণ মনোভাৱ এৰি আমি আমাৰ মানসিকতা কিছু উন্নত কৰিব লাগিব। ব্যক্তিগত লাভালাভ,ৰাজনীতিৰ মেৰপেচ আদিৰ পৰা ওলাই আহি কথাবোৰ ভাবিব লাগিব। চৰকাৰ, বিৰোধী পক্ষ আৰু সৰ্বসাধাৰণ নাগৰিক এক হৈ সেই সমস্যাৰ সমাধানৰ উপায় উলিয়াবলৈ যত্নপৰ হ’ব লাগিব। সমস্যাৰ প্ৰকৃত উৎস বিচাৰি উলিয়াই সুস্থ আলোচনাৰ মাধ্যমেৰে ইয়াক গুৰিতে নিৰ্মূল কৰাৰ ব্যৱস্থা ল’বলৈ চেষ্টা কৰিব লাগিব সকলোৱে মিলি। তেতিয়াহে হয়তো আমাৰ সমস্যাবোৰ সমাধানৰ কিছু হ’লেও পথ বিচাৰি পাম আৰু শান্তিৰে উশাহ ল’ব পাৰিব সাধাৰণভাৱে জীয়াই থকা মানুহখিনিয়ে।

শেহতীয়াকৈ দেখা গৈছে ধাৰাবাহিকভাৱে হৈ থকা বিক্ষিপ্ত ঘটনাসমূহে অনুভূতিপ্ৰৱণ সকলো মানুহকে কঁপাই গৈছে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ঘটি থকা  ঘটনাবোৰে যেন এক অসহনীয় যন্ত্ৰণা হৈ সমাজখনৰ লগতে আমাৰ মনবোৰো পংগু কৰি পেলাইছে। এদল মানৱৰূপী দানৱৰ নৃশংসতাৰ বলি হোৱা দামিনীৰ মৃত্যুৱে যেন আকৌ এবাৰ বহু প্ৰশ্ন ঠিয় কৰাই থৈ গ’ল আমাৰ সমুখত! ভাবিবলৈ বাধ্য কৰাই থৈ গ’ল-সঁচাকৈয়ে সভ্যতাৰ গতি কোন দিশে! মই ব্যক্তিগতভাৱে কেতিয়াও নাৰীবাদী নহয়। সকলো কথাই ব্যক্তি হিচাপে বা মানুহ হিচাপে ভাবি ভাল পাওঁ। কিন্তু এনেধৰণৰ ঘটনাবোৰে মনত বৰ কষ্ট দিয়ে আৰু তেতিয়াই নাৰী হিচাপে কিছুমান কথা ভাবিবলৈ বাধ্য হৈ পৰোঁ। বৈদিক যুগৰ পৰা বৰ্ত্তমানলৈকে সমাজলৈ আগবঢ়োৱা নাৰীৰ অৱদান কোনেও নুই কৰিব নোৱাৰে; ঘৰখনৰ লগতে সমাজখনৰ প্ৰতি থকা দায়িত্বই সকলো সচেতন নাৰীকে নিজৰ কৰ্তব্যবোধ সোঁৱৰাই থাকে আৰু তেওঁলোকে যিয়ে যেনেদৰে পাৰে পৰিয়ালৰ লগতে সমাজৰ প্ৰতিও অৱদান আগবঢ়াই আহিছে এগৰাকী ব্যক্তি হিচাপে। তথাপিও কিয় এই প্ৰশ্ন আজিও আমাৰ মনলৈ আহিব লগা হ’ল! কিয় আজিও নাৰীয়ে এচাম কামাসক্ত অক্টোপাছৰ ভয়ত জীৱন কটাবলগীয়া হৈছে ? কিয় আজিও বাতৰিৰ শিৰোনাম দখল কৰা নাৰী নিৰ্যাতনৰ ঘটনাই আমাক বিব্ৰত কৰি তোলে ? তাতকৈও আমি বিব্ৰত হৈ পৰোঁ তেতিয়া, যেতিয়া কিছুদিন পিছত সকলো প্ৰতিবাদ, সকলো আশ্বাস নীৰৱ-নিষ্প্ৰভ হৈ পৰে; আইনৰ সুৰুঙাৰে সাৰি যায় প্ৰকৃত দোষী।

যি কি নহওক, ইমানৰ পিচতো কিন্তু আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ কিছু কথা। কেৱল নাৰী হিচাপে নহয়, এজন মানুহ হিচাপে আমাৰ চিনাকি আৰু এজন সচেতন ব্যক্তি হিচাপে সমাজৰ প্ৰতি আমাৰো দায়িত্ব আছে। সেই দায়িত্ব পালনৰ কৰ্তব্য আমি প্ৰথমে আমাৰ ঘৰখনৰ পৰাই আৰম্ভ কৰা উচিত। আমাৰ সন্তানক আমি কেৱল পুথিগত বিদ্যাৰে ডাঙৰ কৰিলে নহ’ব; লগতে নৈতিক শিক্ষা আৰু আনুগত্যৰ শিক্ষাও দিব লাগিব। তেওঁলোকক আমি ডাঙৰ মানুহ হ’বলৈ নহয়, প্ৰকৃত মানুহ হ’বলৈ উদগনি দিব লাগিব। কেৱল চৰকাৰী আইন-কানুনেৰে কোনো সমস্যা সম্পূৰ্ণৰূপে সমাধান নহয়, সেয়া আমি সকলোৱে প্ৰত্যক্ষ্য কৰি আহিছোঁ। যেতিয়ালৈকে আমি সংকীৰ্ণ মনোভাৱ এৰি নিজৰ নিজৰ মানসিকতা উন্নত কৰিব নোৱাৰো, তেতিয়ালৈকে এই সামাজিক সমস্যাবোৰৰো কোনো সমাধান হয়তো বিচাৰি উলিয়াব নোৱাৰিম। সুখৰ বিষয় যে শেহতীয়াকৈ হৈ থকা ঘটনাবোৰৰ পিচত এতিয়া বহু ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীয়ে একগোট হৈ ওলাই আহিছে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ। সংকটৰ মুহূৰ্তত নিজক বচাবলৈ, নিজৰ অস্তিত্ব নিজে ৰক্ষা কৰিবলৈ সংকল্পবদ্ধ হৈছে তেওঁলোক। সেয়েহে ভাবো বিজ্ঞজনে তেওঁলোকক সমালোচনা নকৰি তেওঁলোকৰ কাষত ঠিয় দি শুদ্ধপথৰ সন্ধান দিয়া উচিত ।

নতুন বছৰৰ আৰম্ভণিতে আহক সকলোৱে সংকল্পবদ্ধ হওঁ, সমাজৰ অপশক্তিবোৰৰ বিৰুদ্ধে ঠিয় দিয়াটো প্ৰত্যাহ্বান হিচাপে লওঁ আৰু নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৱে একগোট হৈ আগবাঢ়ি যাওঁ। এনে এটি পৰিবেশ ঘূৰাই আনিবলৈ যত্নপৰ হওঁ, য’ত আমি সকলোৱে একোজন ব্যক্তি হিচাপে নিৰ্ভয়ে নিজৰ কৰ্মত আত্মনিয়োগ কৰিব পাৰিম।

শেষত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments