২০১৬চনৰ সাহিত্য অকাডেমিৰ অনুবাদবঁটা প্ৰাপক গ্ৰন্থকাৰ শ্ৰীযুত তপেশ্বৰ শৰ্মাৰ সৈতে সাক্ষাৎকাৰ– ৰূপজ্যোতি নাথ আৰু প্ৰৱীণ বৰুৱা

তপেশ্বৰ শৰ্মা ভাৰতৰ স্বাধীনতাৰ পূৰ্বে দৰং জিলাৰ অতিকৈ ভিতৰুৱা ঠাই বড়িগাঁৱত জন্ম লাভ কৰে। সৰুতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা শৰ্মা খুড়াদেৱেক ৰমনী শৰ্মাৰ তত্বাৱধানত বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে উচ্চ শিক্ষাৰে শিক্ষিত হয়। অসম প্ৰশাসনিক সেৱাৰ বাবে যোগ্যতা অৰ্জন কৰি তেওঁ অসমৰ চুকে-কোণে বিভিন্ন ঠাইত ৰাজপত্ৰিত বিষয়া হিচাপে দক্ষতাৰে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে। শৰ্মাই প্ৰথমে শ্ৰীমদ্ভাগৱতগীতা সংস্কৃতৰ পৰা অসমীয়ালৈ মূলানুগ পদানুবাদ কৰে। ইয়াৰ পিছত তেওঁ বাৰখন মূল উপনিষদ সংস্কৃতৰ পৰা অসমীয়ালৈ পদ্যানুবাদ কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰে। এই বিৰল সাহিত্যকৰ্মৰ বাবে তেওঁ ২০১৬চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে। তেওঁৰ স’তে হোৱা বাৰ্তালাপৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ।

শ্ৰীযুত তপেশ্বৰ শৰ্মা

সাহিত্য ডট অৰ্গ: প্ৰথমতে সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনালৈ নমস্কাৰ জনাইছোঁ। আমি জনা মতে শৈশৱৰে পৰা আপুনি অতি মেধাসম্পন্ন ছাত্ৰ আছিল। বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজতো আপুনি সাহসেৰে নিজৰ মেধাশক্তিক সদা-জাগ্ৰত কৰি ৰাখি জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনাৰ শৈশৱ আৰু শিক্ষা জীৱনৰ বিষয়ে অলপ জনাব নেকি?
তপেশ্বৰ শৰ্মা: নমস্কাৰ জনাইছোঁ। মোৰ শৈশৱৰ কথা ক’বলৈ গ’লে বৰ স্পৰ্শকাতৰ। ডেৰবছৰীয়া থাকোঁতেই পিতৃক হেৰুৱাইছিলোঁ, তিনিবছৰত আইক। ককাইদেউ এজন আছিল, ৰামেশ্বৰ শৰ্মা। পিছলৈ তেওঁ মুক্তি-যুঁজাৰু হিচাপে পৰিচিত হয়। মোৰ খুড়া ৰমনী শৰ্মা আছিল অতিকৈ জ্ঞানপিপাসু ব্যক্তি। এসাজ লঘোণে থাকিলেও তেওঁ কিন্তু কিতাপ এখন ক্ৰয় কৰিবলৈ কেতিয়াও পিছ হোঁহকা নাছিল। অৱশ্যে আমাৰ ঘৰখন পূৰ্বৰে পৰাই অধ্যয়নৰ প্ৰতি অতি আগ্ৰহী আছিল। মই সৰুতেই বাকচত দম কৰি থোৱা বিভিন্ন পুথি দেখিছিলোঁ। যিবোৰ পিছলৈ মই নিজেও অধ্যয়ন কৰিছিলোঁ। মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় বড়িগাঁও প্ৰাথমিক বিদ্যালয়ত। তাৰ পৰা বৃত্তি লাভ কৰি মঙ্গলদৈ হাইস্কুলত ১৯৪১চনত তৃতীয় শ্ৰেণীত নামভৰ্ত্তি কৰোঁ। ১৯৪২চনত গান্ধীজীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনত মই চতুৰ্থ শ্ৰেণীত আছিলোঁ। সেই আন্দোলনৰ সময়ত বিদ্যালয়ৰ ছাত্ৰসকলেও পঢ়া বাদ দি আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ সকলোৱে অসহযোগ কৰাত ময়ো ঘৰলৈ ওভটি গলোঁ। কেইমাহমান পাছত পুনৰ বিদ্যালয়লৈ ওভটো যদিও ইতিমধ্যে মোৰ বৃত্তি পোৱাটো বন্ধ হৈ পৰিছিল আৰু আৰ্থিক অভাৱৰ হেতু মই পঢ়া এৰিবলগীয়া হৈছিল। ইতিমধ্যে মোৰ দেহত বিভিন্ন বেমাৰেও দেখা দিলে। মাজতে ঔতলাত নকৈ স্থাপিত হোৱা মজলীয়া বিদ্যালয় এখনলৈ গ’লোঁ যদিও ঘৰৰ পৰা যথেষ্ট দূৰ হোৱাৰ বাবে কেইমাহমান গৈয়েই বাদ দিলোঁ। দুবছৰ এনেদৰেই পাৰ হোৱাৰ পিছত খুড়াৰ একান্ত ইচ্ছা অনুযায়ী পুনৰ পাথৰিঘাট মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্ত্তি কৰি প্ৰথম বিভাগত এম.ই পৰীক্ষাত উত্তীৰ্ণ হওঁ। সেইসময়ত এম.ই পাছ কৰিয়েই চৰকাৰী চাকৰি এটা পোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিছিলোঁ যদিও শিক্ষাৰ প্ৰতি থকা অদম্য হেঁপাহ আৰু খুড়াদেউৰ ইচ্ছাক সঁহাৰি জনাই মই পুনৰবাৰ মঙ্গলদৈ হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্ত্তি কৰোঁ। তাৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫১চনত নতুনকৈ প্ৰতিষ্ঠা হোৱা মঙ্গলদৈ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰোঁ। তাৰ পৰা আই.এ পৰীক্ষাত উত্তীৰ্ণ হওঁ। শিক্ষালাভৰ প্ৰতিটো খোজতেই আৰ্থিক অনাটন মোৰ বাবে বাধাৰ প্ৰাচীৰ হৈ থিয় দি আছিল। সেইসময়ত নতুনকৈ স্থাপন হোৱা দেওমৰনৈ হাইস্কুলত মই এবছৰ কাল শিক্ষকতা কৰোঁ। এবছৰ পাছত পুনৰ মই বি.এ পঢ়িবলৈ কটন কলেজত নামভৰ্ত্তি কৰোঁ আৰু অৰ্থনীতি বিভাগত অনাৰ্চ লৈ বি.এ পৰীক্ষাত উত্তীৰ্ণ হওঁ। ইতিমধ্যে মোৰ শিক্ষাৰ খৰচৰ নামত ঘৰৰ মাটি-বাৰী বহুখিনি বন্ধকত গৈছিল। পঢ়াৰ হেঁপাহ থাকিলেও আৰ্থিক অনাটনৰ বাবে সিমানতে পঢ়া সামৰি পুনৰ দেওমৰনৈ হাইস্কুলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰোঁ। তাৰ মাজতে মই অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হওঁ। মাজতে শদিয়া উন্নয়ন খণ্ডত প্ৰগ্ৰেছ এচিষ্টেন্ট হিচাপে আঠমাহকাল কৰ্মৰত হওঁ যদিও প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত হোৱাত মই প্ৰথমে কমলপুৰত চাৰ্কোল অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰোঁ। এনেদৰেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইত কৰ্মৰত হৈ ১৯৯১চনত অসম চৰঅঞ্চল উন্নয়নৰ সঞ্চালক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰোঁ।

বাঁওফালৰ পৰা ক্ৰমে শ্ৰীযুত তপেশ্বৰ শৰ্মা , প্ৰবীণ বৰুৱা, সম্পাদক ৰূপজ্য়োতি নাথ

সাহিত্যডট্অৰ্গ: আপোনাৰ ঘটনাবহুল জীৱনটো সঁচাকৈ বৰ বিচিত্ৰ। আপোনাৰ ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়ী গুণৰ বাবেই আজি এনেদৰে সফল হ’বলৈ সক্ষম হৈছে। আপুনি শ্ৰীমদ্ভাগৱতগীতা আৰু বাৰখন উপনিষদ সংস্কৃতৰ পৰা অসমীয়ালৈ পদ্যানুবাদ কৰিছে। আপোনাৰ মনলৈ এনে ধাৰণা কিয় আহিল বাৰু? মৌলিক সাহিত্যৰ প্ৰতি আকৰ্ষিত নহৈ বিশেষকৈ ধৰ্মীয় গ্ৰন্থক সমল হিচাপে লৈ অনুবাদ সাহিত্যৰ প্ৰতি আগ্ৰহী হোৱাৰ কিবা কাৰণ?
তপেশ্বৰ শৰ্মাঃ মই ইতিমধ্যে কৈছোঁ যে আমাৰ ঘৰখন পূৰ্বৰে পৰাই বৌদ্ধিক দিশত অলপ আগবঢ়া আছিল। সেইসময় বা তাৰো আগত প্ৰকাশিত বিভিন্ন ন-পুৰণি গ্ৰন্থ আমাৰ ঘৰত সংৰক্ষণ হৈ আছিল। মই সৰুতেই ঘৰত বাকচ ভৰ্ত্তি কিতাপৰ বোজা দেখিবলৈ পাইছিলোঁ। হয়তো মোৰ পিতৃ, পিতামহ অথবা পূৰ্বপুৰুষে সেইবোৰ গ্ৰন্থ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি অধ্যয়ন কৰিছিল। ভাৰতত্যাগ আন্দোলনৰ সময়ত যেতিয়া মই দুবছৰ ধৰি বিদ্যালয় এৰি ঘৰতেই থাকিবলগীয়া হৈছিল সেই সময়ছোৱাত মই সকলো গ্ৰন্থ অধ্যয়ন কৰি শেষ কৰিছিলোঁ। সেইবোৰ গ্ৰন্থৰ ভিতৰত ধৰ্মীয় গ্ৰন্থও ভালেখিনি আছিল। মূলতঃ বাংলা আৰু সংস্কৃত ভাষাত লিপিবদ্ধ গ্ৰন্থবোৰ অধ্যয়ন কৰি তেতিয়াই হয়তো মোৰ মনটো ধৰ্মীয় গ্ৰন্থৰ প্ৰতি অলপ দুৰ্বল হৈ পৰিছিল। ইয়াৰোপৰি কলেজত পঢ়া সময়চোৱাত মই সংস্কৃত ভাষাটো এটা বিষয় হিচাপে পঢ়িছিলোঁ। আমি সংস্কৃত গীতাৰ অধ্যায় এটাও পঢ়িব লগা হৈছিল যিটো বুজি পোৱাত যথেষ্ট জটিল আছিল। কিন্তু মূল সংস্কৃত ভাষাৰ পৰা অসমীয়ালৈ হুবহু অনুবাদ কৰা গীতাখন সেই সময়ত মই ক’তো বিচাৰি পোৱা নাছিলোঁ। আচলতে তেনেদৰে অনুবাদ কৰা হোৱাই নাছিল। তেতিয়াই মনতে ভাবিছিলোঁ যদি কেতিয়াবা সুবিধা হয় ভৱিষ্যতে ময়েই সেইখনৰ অনুবাদ কৰিম। ইয়াৰোপৰি উপনিষদৰ চৰ্চা মানুহৰ মাজত অতিকৈ কম। তাতোকৈ ডাঙৰ কথা অসমীয়া ভাষাত উপনিষদ অনুবাদ হোৱাই নাছিল। ভাৰতীয় বিভিন্ন ভাষালৈ উপনিষদ অনুবাদ হৈছে যদিও সেয়া গদ্য ৰূপত। প্ৰথমবাৰলৈ উপনিষদৰ কাব্যানুবাদ অসমীয়া ভাষাতেই হয় আৰু সেয়া আমাৰ দ্বাৰাই হয়।

সাহিত্য ডট্ অৰ্গ: সঁচাকৈ এয়া আপোনাৰ এক অতিকৈ বিৰল আৰু আপুৰুগীয়া সাহিত্য কৰ্ম। অৱশেষত আপোনাৰ সপোনে বাস্তৱ ৰূপ পাবলৈ সক্ষম হ’ল। এইক্ষেত্ৰত আপুনি বাৰু কেনেদৰে আগবাঢ়িছিল?
তপেশ্বৰ শৰ্মা: আচলতে চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত নিজকে ব্যস্ত ৰাখিবলৈ মই নানা সামাজিক কামত নিজকে ব্যস্ত ৰাখিছিলোঁ। মঙ্গলদৈ নাগৰিক সন্থা নামেৰে এটা অনুষ্ঠানো খুলিলোঁ। ইয়াৰ লগতে ব্ৰাহ্মণ সমাজৰ স’তেও জড়িত হৈ বিভিন্ন কাম-কাজ কৰি দহটা বছৰ অতিবাহিত কৰিলোঁ। হঠাতে এদিন মনত পৰিল যে শ্ৰীমদ্ভাগৱতগীতাখন মই অসমীয়ালৈ অনুবাদ কৰিম বুলি ভাবিছিলোঁ। সেইমতে মই বিভিন্ন সহযোগী গ্ৰন্থৰ লগতে মূল সংস্কৃত শ্ৰীমদ্ভাগৱতগীতাখন অধ্যয়ন কৰি হুবহু পদ্যানুবাদ কৰোঁ। এইখন ২০০৫চনত প্ৰথম প্ৰকাশ হয় আৰু ৰাইজৰ মাজত সমাদৰ লাভ কৰে। এয়া মোৰ বাবে এক প্ৰেৰণাৰ উৎস আছিল। ইয়াৰ পিছতেই গীতাৰ পিতৃস্বৰূপ উপনিষদৰ অসমীয়া পদ্যানুবাদ কৰিবলৈ সাহস পাওঁ। বাৰখন মূল উপনিষদ মই প্ৰায় ৭বছৰ কাল ধৰি অনুবাদ কৰি শেষ কৰোঁ। “
আমাৰ অসম” কাকতত ইয়াৰে কেইবাখনো উপনিষদ ধাৰাবাহিকভাৱে প্ৰকাশো পাইছিল। অৱশেষত “বনলতা প্ৰকাশন”-এ মোৰ অনুবাদখিনি “সমগ্ৰ বৈদিক উপনিষদ” নামেৰে এখন গ্ৰন্থৰ আকাৰ দি প্ৰকাশ কৰে আৰু সেইখন গ্ৰন্থৰ বাবেই মই ২০১৬চনত সাহিত্য অকাডেমিৰ অনুবাদবঁটা লাভ কৰোঁ।

সাহিত্য ডট্ অৰ্গ: ভাৰতীয় আধ্যত্মিক দৰ্শনৰ ভেটিস্বৰূপ উপনিষদৰ অসমীয়া পদ্যানুবাদৰ দৰে দূৰূহ কাম এটা দক্ষতাৰে সম্পন্ন কৰাৰ বাবে আপুনি সাহিত্য অকাডেমি বঁটা পোৱাটো অতিকে সৌভাগ্যৰ কথা। এইখিনিতে মনলৈ এটা প্ৰশ্ন আহিছে। আপুনি বাৰু সাহিত্যৰ অন্য দিশবোৰলৈ আকৰ্ষণ অনুভৱ কেতিয়াও কৰা নাছিল নেকি? এইধৰক কবিতা, গল্প ইত্যাদি… ?
তপেশ্বৰ শৰ্মা: তেনেকৈ আকৰ্ষিত নোহোৱা বুলি ক’ব নোৱাৰি। পঢ়ি থকা দিনত বা চাকৰি কালতো মই কবিতা বা দুই এটা অন্য লেখা লিখিছিলোঁ। কিন্তু সেইবোৰৰ চৰ্চা খুউব সীমিত আছিল।

সাহিত্য ডট্ অৰ্গ: নৱপ্ৰজন্মৰ সাহিত্যিকসকলৰ বিষয়ে কি ক’ব আপুনি? তেওঁলোকৰ লেখাবোৰ পঢ়েনে কেতিয়াবা?
তপেশ্বৰ শৰ্মা: নৱপ্ৰজন্মৰ সাহিত্যিকসকলৰ দক্ষতা খুবেই বেছি। আগৰ তুলনাত এতিয়া সাহিত্য চৰ্চা কৰাৰ সুবিধা আৰু পৰিৱেশো বহুত উন্নত আৰু সহজলভ্য। এতিয়া মোৰ বয়সো যথেষ্ট হ’ল। বাতৰি কাকতকেইখন পঢ়োঁ নিয়মিত। ভাল লাগে লেখাবোৰ পঢ়ি। কিন্তু কেতিয়াবা এনে লাগে যেন লেখাবোৰ বৰ জটিলতালৈ গুছি গৈছে।

সাহিত্য ডট্ অৰ্গ: হয়, সাহিত্যত এয়া নিশ্চয় পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰেই প্ৰভাৱ। ইমান পৰে আমাৰ লগত থাকি আপোনাৰ বিষয়ে কেইআষাৰমান কথা পাঠক সমাজলৈ আগবঢ়োৱাৰ বাবে আপোনালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
তপেশ্বৰ শৰ্মা: তোমালোকলৈয়ো বহুত ধন্যবাদ থাকিল। এনেদৰে কোনোবা ওচৰলৈ আহিলে ভাল লাগে। তোমালোকৰ আলোচনীখন জাকত-জিলিকা হওঁক তাৰেই কামনা কৰিলোঁ।

(সাহিত্য ডট্ অৰ্গৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে ৰূপজ্যোতি নাথ আৰু প্ৰৱীণ বৰুৱাই।)

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

ধন্যবাদ সাহিত্য ডট অৰ্গ ।

Helal
1 year ago

ধন্যবাদ সাহিত্য ডট অৰ্গ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক