২৭২/২৭, জেন’ফবিয়া আৰু অন্যান্য (ৰক্তিম গোস্বামী)

“একো নাই, সকলো উৰাবাতৰি”                                                                          
“কোনে নিজেই দেখিছে”
“মই হ’লে নামানো”
“নাই হবও পাৰে”
“মোৰ মতে কিবা এটা কেচ আছে”
“নিউজ চেনেল কেইটা বন্ধ কৰিব লাগে”
“নেতাবোৰে সকলো শেষ কৰিলে”
“অসমীয়া জাতি অমুক, অসমীয়া জাতি তমুক….”

একেলগে হাজাৰখন মুখত হাজাৰটা পাকৈত মন্তব্যৰে উথলি উঠিছে চৌদিশ। বৰ্তমানৰ পৰিস্থিতিটোৰ ওপৰতএতিয়া সকলো বিশেষজ্ঞ স্বৰূপ (মোক সাঁমৰি)। বৰ্তমানৰ পৰিস্থিতিটোৰ শংকাৰ বীজ জানো আমাৰ মগজুত প্রকৃততে আগৰপৰাই নাছিল? বেমাৰ জানো ২৭ বছৰ পুৰণি নহয়? নহয় জানো এই পৰিস্থিতিৰ কাৰক ২৭২কিল’মিটাৰৰ এডাল ভূ-ৰেখা? আজি ঘটনা মানি ল’লো এক ভুৱা বাতৰি কিন্তু ভুৱা বাতৰি বুলি জানিও কিআশংকাত সকলো পেটৰ ভাত মুঠি এৰি, গাঁঠিৰ ধন ভাঙি উভতিছে ঘৰলৈ? যি সকল আছে তেখেত সকলেমানক বা নামানক কম বেছি পৰিমানে জেন’ফবিয়াত আক্রান্ত। সঁচাকৈ এটা এচ-এম-এচ বা এম-এম-এচৰইমান শকতিনে?

ইফালে ৰজাই ক’ব মোৰ দেশত শান্তি , আনফালে ক’ব শান্তি এৰি যাব বিচৰা সকলৰ বাবে উচিত ব্যবস্থা কৰা হৈছে।
ৰজাই ক’ব একো হোৱা নাই আনফালে ৪ৰ্থ স্তম্ভই ক’ব “যোৱাকালি ৮ জন উত্তৰ-পূৱৰ লোক প্রহৃত”। এফালেৰজাই ক’ব উৰাবাতৰি আনফালে উৰাবাতৰিৰ অপপ্রচাৰৰ এজনো নায়কৰ অতদিনে চিন-চাব নাই। কোন সঁচা,কোন মিছা গুনা-গঁঠা কৰি থাকিলে কিজানি দেৰি হৈ যায়? প্রথমে মই তেজ-মঙহৰ মানুহ। তাৰ পাছত মই অসমীয়া, হিন্দু বা মুছলিম।

“দাদা, জান থাকিলে পইছা আহি থাকিব। চৰকাৰেটো মোৰ পাছফালে ৩টা চিকিউৰিটি নলগাই। বিপদৰ আগজাননী পালে আগতিয়াকৈ বিপদৰ পৰা আতৰি আহিব লাগে। এনে সময়ত বৰকথা কোৱাবোৰ নিৰাপদ দূৰত্বত আছে, আপোনাক এৰি যাবলৈ বেয়া লাগিছে”- কথাষাৰকৈ যোৱাকালি গোপাল ঘৰমুখী হৈছিল। শেষ সিদ্ধান্ত তাৰ আছিল আৰু সি নিশ্চিত আছিল কিবা এটা হ’ব। মই জানিছিলো এই শংকাৰ গুৰি ২৭২/২৭ ৰ সমীকৰণটোতে আছিল।উগ্র ৰূপ এটা তাৰ মনত বাঁহ লোৱাৰ উমান পাই তাক কৈছিলো ” কাকো খং নকৰিবা, দিন ভাল হোৱা যেন লাগিলে আহি কামত লাগিবা।”

মিডিয়াত অসম প্রথম হ’ল।

অসম জ্বলিল গোষ্ঠী সংঘৰ্ষত। ইতিহাসৰ নিয়ম অনুযায়ী দুয়োপক্ষ হতাহত হ’ল।
হঠাৎ বাৰ্মাক সাঙুৰী উত্তৰ-পূবত “ইছলাম বিৰোধী” জঘণ্য অপৰাধ হোৱা বুলি অপ-প্রচাৰ চলোৱা হ’ল।

মুম্বাই-পুণে-চেন্নাই-বেংগেলৰ-হাইদৰাবাদ-লক্ষ্নৌ-কেৰেলাকঁপিল উত্তৰ-পূব বিৰোধী শ্ল-গানেৰে। চৰকাৰে হেল্প লাইন খুলিলে। গেৰুৱা বাহিনীয়ে খিচিৰি বিলাই গণতন্ত্রৰ ভেঁটি সবল(??) কৰাত উঠি-পৰি লাগিল।

অসমৰ পৰা মিডিয়াৰ ফ’কাচ অসমীয়ালৈ গ’ল।

হঠাৎ খবৰ ওলাল তেখেতে পদত্যাগ কৰিব। ছাৰে ক’লে “অ’কে”। কেন্দ্রক ক’লে “অসমীয়াক সুৰক্ষা দিয়া”।

এজনে সুৰক্ষাবেষ্টনি এৰি মুকলিকৈ ঘূৰিলে:

“চাঁও বাপ্পেকে এতিয়া স্বৰ্গদেৱে কেনেকৈ মেনেজ কৰে”
নে

“এইবোৰ মোৰ পদত্যাগৰ পিছৰ ঘটনা…”

নে

ৰাইজৰ প্রতিক্রিয়া আৰু স্বৰ্গদেৱৰ কেপাচিটি টেষ্টিংৰ টেকনিক।

যিয়ে নহঁওক আজিৰ তাৰিখত এটা লেতেৰা ৰাজনৈতিক মনোভাৱ। ভয় হয় কোনোবা ‘মল’-মুত্রৰ কবলত পৰিক্ষমতাৰ লোভত অসমে সৰ্বকালৰ বাবে ভোগাকৈ এটা সৰ্বনাশী আৰু লজ্জাজনক ঘটনা কৰি পেলাই বুলি।

২৭২/২৭….আৰু কিমান দিন? আৰু কিমান জেন’ফবিয়াত আক্রান্ত হৈ কৰ্মহীন হ’ব? সিহঁতটো এলেহুৱা নাছিল।নাছিল ভয়াতুৰ। আঁহতৰ তলত কেৰম খেলি বছৰৰ পাছত বছৰ পাৰ নকৰি কাম কৰিম বুলিয়েটো ওলাই আহিছিল। গড়ে ১৬-১৮ ঘন্টাকৈ ৰখীয়া হৈছিল একো একোটা নামজ্বলা দেশী-বিদেশী বা অন্যান্য ক’ম্পেনীৰ। কোনোৱে দোকান দিছিল, কোনো আছিল কুক । ফেৰ মাৰিছিল নিষ্ঠা আৰু সাহসেৰে স্থানীয় লোকৰ লগত। পিছে এতিয়া ??? জগৰ কেৱল এটা উৰাবাতৰিৰ নে? উৰাবাতৰিৰ আগতে আমাৰ সঁচাকৈ কোনো শংকা নাছিল? কালিলৈ এই চাম ক্ষোভিত যুবকক কোনো দুষ্ট চক্রই যদি কোনো ভয়ানক অপকৰ্মত লিপ্ত কৰাই তেতিয়া কি হ’ব পাৰে ভাবিব পাৰিছেনে? আজিৰ শংকা কালিৰ বৰ্ত্তমান নহঁওক।

আমি সৰ্বশ্রেষ্ঠ জাতি নহয়, নহও সৰ্বনিম্নও। আমি এটা গৌৰব কৰিব পৰা জাতিৰঅণু-পৰমাণু। দোষ-গুণ সকলো জাতিৰ এৰাব নোৱাৰা অংগ।সেইবোৰ খুঁচি-কাটি, বাচ-বিচাৰ কৰি কোনোবাই আমাৰ জাতিৰ স্বৰূপ পৰিবৰ্ত্তন কৰিব পাৰিছে বুলি ক’তোপোৱা নাই।মহান জনাই কৰ্মৰ দ্বাৰা নিশ্চিতই উজলাই আহিছে অসমীয়াৰ মান।
ভাই-ককাইৰ মনোমালিন্য ঘৰৰ বাহিৰৰ তৃতীয় জনাই সমাধান কৰিবলগীয়াহ’লেই বিপদ আসন্ন। আমি অসমক ভালপোৱাৰ লগতে অসমীয়াকো সমানে ভাল পাব পৰা হ’লে ????

এইটো ২৭২/২৭ বেমাৰ। ২৭ বছৰে অসমীয়াৰ ডিঙিত উলমি থকা এখন ২৭২ কি.মি. দীঘল দা। এই (মিছা) ‘উৰাবাতৰি’ টোৱে কব বিচৰা কথাখিনি মন দি শুনক ৷বুজক ৷বাতৰি উৰিব পৰা বতাহ সদায় নবলে ৷পাব লগীয়া খবৰ সদায় সময় নাপাবও পাৰে ৷

“কোনোবাই দুৱাৰত টোকৰ দিছে মাজ নিশা
সপোন বুলি ভুল নকৰিবি,
মই সাৰে আছো…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক