৩০ অক্টোবৰ, গণেশগুৰি আৰু পিঠা-চাহ বিক্ৰী কৰা মানুহজনৰ কথাৰে..(ধ্ৰুৱজ্যোতি শৰ্মা)

৩০ অক্টোবৰ, গণেশগুৰি আৰু পিঠা-চাহ বিক্ৰী কৰা মানুহজনৰ কথাৰে..

৩০ অক্টোবৰ, ২০০৮ ইং চন। অসমৰ ইতিহাসত কোনেও পাহৰিব নোৱাৰা এটি দিন। এটি অভিশপ্ত দিন। শতাধিক পৰিয়ালৰ বুকু সুদা কৰি নিয়া এটি দিন।

আগদিনাখন দিপাৱলী শেষ কৰি ৰাতিপুৱাই অফিচলৈ ওলাই গৈছিলোঁ। সেইবাৰ দিপাৱলীৰ মাদকতাই যেন বেলেগ আছিল। সকলোৱে মুকলি মনেৰে ফূৰ্তি কৰিছিল। সেই তামচা-ফূৰ্তি, হৰিধ্বনিবোৰ শেষ কৰি অফিচ যাবলৈ অলপ বেয়া লাগিছিল যদিও উপায়ন্তৰ হৈ অলপ দেৰিকৈ ওলাই গৈছিলোঁ। খৰধৰ হোৱা বাবে ৰিক্সা এখন লৈ কোনোমতে গণেশগুৰি পাইছিলোঁগৈ। গণেশগুৰি পাই হেঙেৰাবাৰীলৈ যোৱা ৰাস্তাৰ ঠিক পোনে পোনে ফ্লাই অভাৰৰ তলত থকা অট’ষ্টেণ্ডৰ কাষত টেবুল এখন পাৰি পিঠা চাহ বিক্ৰী কৰা দোকানীজনৰ কাষ যেতিয়া পাইছিলোঁগৈ, তেতিয়ালৈ দেৰিয়েই হৈছিল। সময় পালেই তেওঁৰ দোকানত একাপ গৰম ৰঙা চাহ টেকেলী পিঠা এটিৰে খোৱা মোৰ অভ্যাস যদিও সিদিনা দৌৰাদোৰিৰ বাবে খোৱা নহ’ল। দোকানখনৰ কাষেৰে ৰাস্তাৰ সিটো মূৰেৰে আহিব লগা বাছখন ধৰিবৰ বাবে তড়িৎ গতিৰে পাৰ হ’ব খোজোঁতেই দোকানীজনে মাত লগালে – “ভাইটি, আজি চাহ নোখোৱা?”

– “দাদা, আজি নহ’ব দিয়ক। খুব লৰালৰি” বুলি মই দৌৰি গৈ ইতিমধ্যে সেইখিনি ঠাই আহি পোৱা

বাছখন কোনোমতে ধৰিলোঁগৈ।

দুপৰীয়া সময়। হঠাতে দীপাংকৰে ফোন কৰি ক’লে – “অ’ই, গণেশগুৰিত ব’ম্ব ব্লাষ্ট। বহুত মানুহ মৰিছে। মই লাকীলি বাচিলোঁ।” মই উচপ খাই উঠিলোঁ – “গণেশগুৰিত? কোনখিনিত?” সি ক’লে, ঠিক ব্ৰীজৰ তলতে। অট’ ষ্টেণ্ডতে। চব অট’ জ্বলি গৈছে। ভাৰাক্ৰান্ত হৈ পৰিলোঁ। যিখিনি সময়ত ব্লাষ্ট হৈছে সেইখিনি সময় মানুহ কামলৈ অথবা বজাৰলৈ ওলাই অহাৰ সময়। এনেয়ে গণেশগুৰি মানুহেৰে সদায় গিজগিজাই থাকে। দুঃশ্চিন্তাত পৰি গ’লোঁ। কথাবোৰ ভাৱি থাকোঁতেই অৰূপে ফোন কৰিলে যে কাছাৰীতো ব্লাষ্ট। ক’ৰ্টত ব’ম্ব দিছে হেনো, কেজুৱেলিটি বহুত। মই বহাৰ পৰা জঁপিয়াই উঠিলোঁ – “ক্কি ? এইমাত্ৰ গণেশগুৰিতো ব্লাষ্ট হেনো !” চৌদিশে হাহাকাৰ লাগি গ’ল। আৰম্ভ হৈ গ’ল ফোনৰ ধুমধাম। আৰু যেতিয়ালৈ ফোনৰ লাইন বিচ্ছিন্ন হৈ পৰিছিল তেতিয়ালৈকে খবৰবোৰ আহি পাইছিলেই। খবৰ আহিল, ধাৰাবাহিক বিস্ফোৰণৰ কবলত অসম। গুৱাহাটী, বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত মিলি মুঠ দহটা বিস্ফোৰণ সংঘটিত কৰা হৈছে। বহুতো নীৰিহৰ প্ৰাণ উৰি গৈছে। শতাধিক ঘূণীয়া হৈছে, চাৰিশতকৈও অধিক আঘাতপ্ৰাপ্ত হৈছে। খবৰ আহিল এই ঘটনাৰ ৰাজনীতিকৰণৰ, প্ৰতিবাদৰ। গণেশগুৰিত জ্বলাই দিয়া হ’ল এম্বুলেন্স, চৰকাৰী বাহন। টিভি কেমেৰাত বন্দী হৈ ৰ’ল সেই বিভীষিকা। আঘাতপ্ৰাপ্ত মূৰ হাতেৰে সাৱটি ধৰি হাস্পতাললৈ দৌৰা দৃশ্য, লৰা-ধপৰা আৰু টিভি কেমেৰাই ঢুকি নোপোৱা দৃশ্য কিছুমান বন্দী হৈ ৰ’ল চেঙেলীয়া ল’ৰাৰ ম’বাইলৰ কেমেৰাত। সকলো খবৰ সময়মতেই আহিল। মৃত্যু…..মৃত্যু….. চৌদিশে মাথোঁ মৃত্যুৰ খবৰ। আহিল সান্ধ্য আইনৰ খবৰ। নিৰ্ধাৰিত সময়তকৈ আগতে আমাক অফিচৰ পৰা ছুটি দিয়া হ’ল। উদ্দেশ্য বাধা বিঘিনি নোপোৱাকৈ যাতে ঘৰ পাবগৈ পাৰোঁ। পালোঁও। সন্ধিতা ৫:৩০ বজাত যেতিয়া গণেশগুৰিত নামিলোঁ, গণেশগুৰি তেতিয়া অন্ধকাৰত আছন্ন। ষ্ট্ৰীট লাইটবোৰ নুমাই দিয়া হৈছে। ক্লে অভেনৰ সন্মুখত পৰি আছে আধা পোৰা এম্বুলেন্স। লখিমী আৰু সিদ্ধাৰ্থ ফাৰ্মাচীৰ সন্মুখত ৰাজপথতে পৰি আছে দুখন পূৰ্ণদগ্ধ গাড়ী। সাধাৰণতে মানুহেৰে গিজগিজাই থকা গণেশগুৰিৰ পদপথ জনপ্ৰাণীহীন, অন্ধকাৰাচ্ছন্ন। নয়নপুৰৰ ৰাস্তাত ভিতৰফালে দুই-এটা সৰু জুম, তাকো আৰক্ষীয়ে খেদি দি আছে। তাৰ বাহিৰে ক’তো একো দেখিবলৈ নাই। গোটেই পথছোৱা ছাইৰে আবৰা। ক’লা হৈ পৰিছে গোটেই পথছোৱা। পদপথত অসামৰিক জোৱানসকলে পিয়াপি দি ফুৰিছে। ভয়ে ভয়ে খৰ খোজেৰে আগুৱাই গৈ থাকিলোঁ। চৌদিশ অন্ধকাৰ। প্ৰাৰ্থনা চুইটচ আৰু হংসবাহিনীৰ সন্মুখত ভঙা কাঁচৰ দম। ভয়ে ভয়ে এবাৰ অট’ষ্টেণ্ডলৈ চালোঁ। ঠিক সেইখিনিতে, যিফালেৰে আমি ফ্লাই অভাৰ পাৰ হওঁ, তাতেই পৰি আছে চিঙি যোৱা আধা পোৰা হাতৰ পতা এখন। মই আৰু চাব নোৱাৰিলোঁ। চকু ঘূৰাবলৈ লৈছোঁ, দেখিলোঁ ৰাস্তাৰ সিটো চুকত থকা হেল’জেন প’ষ্টৰ ওচৰতে পৰি আছে আঠুৰ পৰা চিঙি যোৱা ভৰি এখন। ফ্লাই অভাৰৰ তলত পুৰি ছাই হৈ যোৱা অট’ৰিক্সা, গাড়ীৰ দম। ভীতিগ্ৰস্ত হৈ যেতিয়া ঘৰ সোমাইছিলোঁগৈ, বুজিবলৈ তেতিয়া একো বাকী নাছিল। ক’তো এখনো দোকান খোলা নাছিল, ৰূমত নাছিল এটাও চাউল। খোৱাৰ ইচ্ছাও নাছিল। বাৰে বাৰে মনলৈ আহি আছিল পিঠা চাহ বিক্ৰী কৰা মানুহজনৰ মুখখন আৰু দেহৰ পৰা বিচ্ছিন্ন হৈ পৰা আধাপোৰা হাত-ভৰি দুখন। মনলৈ আহি আছিল গোটেই দিনটোৰ কথা। পিঠা-চাহ বিক্ৰী কৰা দোকানীজনৰ প্ৰশ্নটি, তেওঁৰ ওচৰত বহা তামোল-পাণ বিক্ৰী কৰা তিৰোতাগৰাকী আৰু তেওঁৰ সৰু সন্তানটিৰ মুখাৱয়ব মোৰ চকুত বোলছবিৰ পৰ্দাৰ দৃশ্যৰ দৰে ভাঁহি আছিলহি। সকলো খবৰেই পাইছিলোঁ। দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এই নাৰকীয় খেলত হাৰি গৈছিল নাম নজনা, দেখি দেখি চিনাকি হৈ পৰা বহুকেইটা খাটি খোৱা জীৱন। খবৰবোৰ ইকাণে-সিকাণে পাইছিলোঁ। গণেশগুৰিৰ সকলোৰে পৰিচিত পগলাজনক জোকাই গালি খোৱা অথবা কেতিয়াবা শিলগুটি, ইটা আদিৰ দলি খোৱা মিঠা বৰণীয়া হাঁহিমুখীয়া মানুহজন পগলাজনক জোকাবলৈ আৰু ইহ সংসাৰত নাছিল। ধ্বংসলীলাৰ লেলিহান শিখাই নিঃশেষ কৰি পেলাইছিল তেনে বহুকেইখন চিনাকি মুখ। তামোল-পাণ বিক্ৰী কৰা তিৰোতাগৰাকীয়ে পিন্ধা শাৰীখনৰ টুকুৰা এটাৰে সৈতে আধাপোৰা মাংসপিণ্ড এটিৰ শ্মশানযাত্ৰা হৈছিল। ভাগ্যক্ৰমে সৰু ল’ৰাজন বাছি গৈছিল জীৱনৰ দুৰ্দশা ভুগিবলৈ। এই সকলোবোৰ খবৰেই পৰ্য্যায়ক্ৰমে পাইছিলোঁ। কিন্তু চাহ-পিঠা বিক্ৰী কৰা মানুহজনৰ খবৰ পোৱা নাছিলোঁ। চিনাকি কোনেও তেওঁৰ খবৰ পোৱা নাছিল। তেওঁ দোকান পতা টেবুলখন হেনো ২০-৩০ মিটাৰমান আঁতৰত ওফৰি পৰি ৰোৱা দুজনমানে দেখিছিল। সেয়াই আছিল মাথোঁ তেওঁৰ খবৰ।

প্ৰতি ৩০ অক্টোবৰতেই আমি এনেবোৰ খবৰ পাওঁ। কেতিয়াবা সংবাদ মাধ্যমৰ পৰা, কেতিয়াবা মানুহৰ মুখৰপৰা। বিষ্ফোৰণৰ পিছত কাঁটাৰ তাৰৰ বেৰেৰে ঢাকি পেলোৱা হ’ল গোটেই অঞ্চলটো। ডেক’ৰেটিভ লাইট, প্ৰতীকি চিহ্নইদি সজাই তোলা হ’ল ঠাইখিনি। তাৰে মাজতে কিন্তু চলি থাকিল বহুতো হৃদয়বিদাৰক কাহিনী।

এফালে শ শ মানুহে যেতিয়া নাম-কীৰ্তন অথবা বন্তিৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ ৩০ অক্টোবৰত সোমায়হি সেই ঠাইটুকুৰালৈ, মই আজিও চাই ৰওঁ সেই বিশেষ ঠাই টুকুৰালৈ, যত সেই টেবুলখন আছিল, যিখন টেবুলৰ ওপৰত সজোৱা হৈছিল মোৰ বিশেষ জলপান, পিঠা-চাহ। আজিও যেন বাৰে বাৰে মোৰ কাণৰ কাষত বাজি উঠে সেই বিশেষ প্ৰশ্নষাৰি – “ভাইটি, আজি চাহ নোখোৱা?”

সেই একেই সময়তে কিন্তু কেই মিটাৰমান দূৰতে চলি থাকে ৩০ অক্টোবৰৰ উদযাপন। টিভি চেনেলৰ বিভিন্ন আলোচনা চক্ৰই, বিভিন্ন ফিতাহি মৰা কথাই গৰম কৰি ৰাখে মিডিয়াৰ বজাৰ। হাজাৰজন এনে হত্যাকাৰীয়েই টিভিৰ পৰ্দাত জোৰে জোৰে ক’য় এয়া সংগ্ৰাম, মুক্তিৰ বাবে আন্দোলন, মুক্তিযুঁজৰ সেনানী তেওঁলোক। মুক্তিযুঁজৰ অংশ এয়া। আইনো তেওঁলোকৰ বাবে হৈ পৰে হাতৰ পুতলা। অথচ আমাৰ কাৰোৰে দুৰ্ভগীয়াসকলৰ প্ৰতি নাথাকে কোনো আন্তৰিক সহানুভূতি অথবা বেদনা। কোনেও জানিব নিবিচাৰে চাহ-পিঠা বিক্ৰী কৰা মানুহজনৰ দৰে নোহোৱা হৈ যোৱা দুৰ্ভগীয়াসকলৰ পৰিয়ালৰ সংবাদ। কাৰো হয়তো প্ৰয়োজনো নাথাকে। প্ৰয়োজন থাকে মাথোঁ এটি ৩০ অক্টোবৰৰ যাতে ইতিহাস সুঁৱৰাৰ নামত উদযাপন কৰি যাব পাৰি ৰং বিৰঙী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবোৰ। এয়াই আমাৰ আন্তৰিকতা, এয়াই আমাৰ সচেতনতা, এয়াই আমাৰ মহানুভৱতা, এয়াই আমাৰ শ্ৰদ্ধাৰ চানেকি।

ধন্য অসম।

ধন্য অসমীয়া।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক