৩১৪ ফুটৰ পৰা ১৮৩৮০ ফুটলৈ ( প্ৰদ্যুত জ্যোতি শইকীয়া )

( লিখাটো ভ্ৰমণ কাহিনী বুলি লিখা হোৱা নাই৷ মোৰ ডায়েৰীৰ কেইখিলামান পাতহে৷ কিছু অভিজ্ঞতাৰ সমষ্টি মাথোঁ৷ হিমালয়ৰ বুকুত মটৰ চাইকেল চলোৱাৰ হেপাঁহৰ ফলশ্ৰুতি এয়া৷ বহুতেই হিমালয়ৰ বুকুলৈ মটৰ চাইকেলেৰে গৈছে আৰু আহিছে৷ আৰু বহুতৰ হয়তো ইচ্ছা আছে৷ হিমালয়ৰ বুকুত ‘বাইক’ চলোৱাৰ হেপাঁহ পুহি ৰখা সকলক মোৰ এই অভিজ্ঞতাই উপকৃত ও অনুপ্ৰাণিত কৰাৰ আশাৰে এই ক্ষুদ্ৰ চেষ্টা৷ ৷ )

 অসম ৰাজ্যিক পৰিবহণ আস্থান (শিৱসাগৰ), সন্ধ্যা ৭ বাজি ১৬ মিনিট ১৫ জুন/২০১৬

যোৰহাট, যোৰহাট, যোৰহাট৷ যোৰহাট অভিমুখী সান্ধ্য বাছবোৰৰ হেন্দিমেনৰ চিঞৰবোৰ আহি কানত পৰিছেহি৷ ইতিমধ্যে কিছুমান বাছে গতি কৰিছে৷ মোৰ বাছ আছে ৮ বাজি ৩০ মিনিটত৷ হাতত প্ৰায় এঘণ্টা দহ মিনিট সময় আছে৷ গতিকে ডায়েৰীখনকে উলিয়াই ল’লো৷ পাঁচ বজাতেই আহি পাইছিলোহি বাচ আস্থান৷ টিকট কৰি ৬ বজাৰ নিৰ্দিষ্ট বাচখনো ‘বুক’ কৰিছিলো৷ কিন্তু বাছত উঠাৰ পাচতহে গম পালো যে কোচবিহাৰ অভিমুখে গতি কৰিবলগীয়া বাছখনৰ ক্ষমতা অনুপাতে আসন সংখ্যা বেছি কৰি তৈয়াৰ কৰা আছে৷ যাৰ বাবে ভৰি মেলিবলৈও ঠাইৰ অভাৱ৷ নামি আহিলো৷ টিকট কটা মানুহজনৰ ওচৰলৈ আহি পোন্দোৱাকৈ চাৱনি এটা মাৰোঁতেই বপুৰাই ঘটনা ক’ত গম পালে৷ ততাতৈয়াকৈ ৫১০০ নম্বৰৰ বাছখনত এটি টিকটৰ যোগাৰ কৰি দিলে৷ এইবাৰ সময় ৮: ৩০৷ সেয়ে আস্থানৰ ভিতৰতে কিছু ঘূৰি পকি আহি লোৰে তৈয়াৰ কৰি থোৱা চকীকেইখনত দেহাটো এৰি দিছোহি৷ লগতে ডায়েৰীখন৷ হেন্দিমেনৰ টেটুফলা চিঞৰত গম পালো যে ইতিমধ্যে যোৰহাট অভিমুখী শেষ বাছখনে গতি লৈছে৷ ইয়াত বহি থকাৰ উদ্দেশ্য হ’ল গুৱাহাটীলৈ যোৱা৷ তাৰ পাছত কালিলৈ গুৱাহাটীৰ পৰা দিল্লীলৈ “এয়াৰ এচিয়া”ৰ বিমানেৰে৷ দিল্লীৰ পৰা হিমাচল, তাৰ পাছত শেষ গন্তব্যস্থান লাডাখ৷ অলপ দীঘলীয়া যাত্ৰা৷ এই দীঘলীয়া যাত্ৰাৰ প্ৰাৰম্ভিকৰ বাবে কিছু পিছুৱাই যাব লাগিব…..

চাইক’৷ চাইক’ মানে মোৰ লগৰ অভিনৱক আমি চাইক ’ বুলি মাতোঁ৷ আচল নাম অভিনৱ বৰপাত্ৰ গোঁহাই৷ চাইক’ বুলি মতাৰ কোনো নিদিষ্ট কাৰণ নাই যদিও দুই এটা তেনে কাম নকৰা নহয় সি৷ সেয়ে এই কলেজীয়া নাম৷ এপ্ৰিলৰ কোনোবা এটা দিনতে ফোন কৰিছিল সি, “ঐ বাইক লৈ মানালিৰ পৰা লাডাখ যাওঁ ব’ল”৷ উত্সাহী কথা তাৰ৷ ময়ো ঘূৰি ফুৰি ভালপোৱা ধৰণৰ মানুহ৷ সদ্য কেইবছৰৰ মানৰপৰা প্ৰকোপটো অলপ বেছি হৈছে৷ বিশেষকৈ চাকৰিত সোমাই টকা কেইটামান পোৱাৰে পৰা৷ মনৰ কোনোবা এটা কোণত পুহিও ৰাখিছিলো খীনকৈ আশা এটা৷ এদিন লাডাখলৈ ‘বাইক’ চলাই যাম৷ হাততে সৰগ ঢুকি পোৱাৰ দৰে হ’ল৷ মনৰ ফুৰ্তি অৱদমিত কৰি তাক সুধিলো, “ মোকেই কিয় লগ ধৰিছ? ” তত্ক্ষণাত উত্তৰ দিলে সি, “ বোপাই, তোৰ দৰে পাগল এটা ল’লেহে জমিব৷ তই দুই এঠাই ঘূৰিছও দেচোন”৷ বেচি কথাৰ পাতনি নেমেলি মান্তি হ’লো৷ মাত্ৰ এটা স্বৰ্তত৷ পইচা পাতি টিকটৰ ঝামেলা সি চম্ভালিব৷ যথাসময়ত সকলো নথি পত্ৰ টিকট আদি জমা কৰি সি এই যাত্ৰাটো সম্ভৱ কৰি তুলিলে৷ সকলো শেষ কৰিহে ঘৰৰ হেড মাষ্টৰ, মানে আই মাতৄৰ কৰ্ণ কোহৰত কথাষাৰ পেলালো৷ লগতে জ্যেষ্ঠ সহোদৰ কানটো কথাষাৰ পৰিল৷ আশা কৰাধৰণেই ঘৰ গুচি বিধানসভা-লোকসভা হ’ল৷ আইৰ আস্ফালন, “ নেলাগে বোপাই উনৈশত বা বলাই লাডাখৰ শূন্য ডিগ্ৰীত জেওৰা খুটি হেন দেহাটি দান দিবলৈ”৷ ককাইটিৰ এটাই অজুহাত, “ হাপানী আছে তোৰ.. উচ্চ উচ্চতাত উশাস নাপাই মৰি থাকিবি৷ মই লাচ আনিবলৈও নাযাওঁ এই ঠাণ্ডাত”৷ হে হৰি কপালত পানী দিবলগীয়া অৱস্থা হ’ল মোৰ৷ বহুত চিঞৰ বাখৰ, মুখৰ অলপ – দেহৰ অলপ শক্তি ক্ষয় কৰাৰ পাছত ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলোঁ, “টিকট কৰা হৈ গ’ল”৷ এইবাৰহে আইৰ লগতে ককাইও অলপ ঠাণ্ডা হ’ল৷ সেই আপাহতে ‘বাইক’ অকণমানো হিমালয়ৰ বুকুত চলাম বুলি ক’বলৈ পালোহে, আকৌ আইৰ চকু অমৰাগুটি হেন হ’ল৷ মুখৰ মাজতে বিৰ বিৰালে “ কি খাই যে এইটোক জনম দিছিলো নহয়! ”৷ পিছে ব্ৰহ্মাস্ত্ৰই কামত দিলে৷ ডাঁৰৰ বাতৰি ডাঁৰে দিয়াৰ প্ৰতিজ্ঞাবদ্ধ হৈ অনুমতি আদায় কৰিলো ঘৰৰ পৰা৷ আচলতে মোৰ এনেইও এটা আগৰে পৰা সুনাম আছে ঘৰৰ কোনো খবৰ নলওঁ বুলি৷ এইবাৰ সংকল্পবদ্ধ হৈ ল’লো আইৰ আগত৷ খবৰ দিবই লাগিব৷ মনতে ভাবিলোঁ, “জম্মু-কাশ্মীৰত বাহিৰৰ প্ৰিপেইদ কানেকচন নচলে৷ পোষ্টপেইদ কানেকচন কেৱল বি এচ এন এল, আইডিয়া আৰু ভোদাফোন চলে৷ গতিকে কিবা উপায় কৰিব লাগিব৷ ” ১৪ তাৰিখে বিভাগীয় ছুটীৰ কাম শেষ কৰি ল’লো৷ বৰ চাহাবে হাঁহি মুখেৰেই ছুটী মঞ্জুৰ কৰিলে৷ মঞ্জুৰ কৰিবই লাগিব, কৰ্তব্যত আজিলৈকে অকনো হেলা কৰা নাই (এই সুযোগতে নিজৰ ঢোলটো কোবোৱাত আপত্তি কিহৰ? )

শিৱসাগৰ ৩০ ডিগ্ৰী-> গুৱাহাটী প্ৰায় ৩৪ -> দিল্লী নিশ্চয় ৪০ৰ ওপৰ হ’ব -> মানালি (নিশ্চয় কম হ’ব) -> লাডাখ (শূন্যলৈও নামিব পাৰে কেতিয়াবা)৷ বতৰৰ এই ধৰণৰ ধাৰণা এটা কৰি ‘পেকিং’ আৰম্ভ কৰিলোঁ৷ বাইক চলোৱাৰো কথা এটা আছেই৷ মূৰকত দেখিলো অলপ ঠাণ্ডাৰ কাপোৰ কম পৰিল৷ ৰেইন কোট, মটৰ চাইকেল চলাবৰ বাবে প্ৰয়োজনীয় জেকেট আদি নাই৷ মানালিত গৈ মুৰ ঘমাম বুলি এৰি দিলো৷ ককাইদেৱে গাড়ীৰে এটুকুৰা আগবঢ়াই দিলে৷ এটুকুৰা মেজিকত টলং ভটং খাই তাৰ পাছত ঠেং মেলিব নোৱাৰা বাছত পাঁচ মিনিট কটাই আকৌ টিকট সলনি কৰি শিৱসাগৰ বাছ আস্থানত বোন্দা ম’হৰ কামোৰ খাই ডায়েৰীত কথাবোৰ লিপিবদ্ধ কৰিছোঁ৷ তাতে ইয়াত আকৌ এটা বিশ্ৰামালয় বা প্ৰতীক্ষালয়ো নাই৷ কিন্তু আস্থানৰ মানুহ কেইজন যথেষ্ট বিনয়ী৷ যাত্ৰী অনুপাতে বাচৰ সংখ্যাও কিছু কম দেখিলো৷ সন্ধ্যা অলপ দেৰিকৈ আহিলে টিকটেই পোৱা নাযায়৷ যাই হওক, অঞ্জন দত্ত ডাঙৰীয়াৰ কৄপাত এইকণকে যে পালো শিৱসাগৰীয়া হিচাবে৷ শুনিছোঁ বোলে তেখেত আই চি ইউত৷ মনতে তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ৷ ইতিমধ্যে অভিনৱ চাবুৱাৰ পৰা বাছত উঠিছে৷ পি জে শইকীয়া, ৫১০০ৰ পাঁচ নম্বৰ চিটৰজন আছেনে? হেন্দিমেনৰ চিঞৰত লিখা সামৰিবলৈ বাধ্য হ’লো৷ ডায়েৰী সামৰিলো৷ এইখিনিলৈকে ঠিকেই চলি আছে৷ শিৱসাগৰ ঠাইখন সাগৰ পৄষ্টৰ পৰা ৩১৪ ফুট ওপৰত আছে হেনো (? )৷ যাত্ৰা আৰম্ভ কৰিলো ৩১৪ ফুটৰ পৰা হিমালয়ৰ বুকুলৈ, নাজানো তাত কিমান বা ওপৰলৈ উঠোঁ৷ তাকো দুচকীয়াত৷ এক অন্যধৰণৰ শিহৰণে জোকাৰিলে মনটো …….

ক্ৰমশ: ….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments