৩১ ডিচেম্বৰ’ৰ সন্ধিয়া ( দিগন্ত ভট্টাচাৰ্য )

31st december

৩১ ডিচেম্বৰ’ৰ দিনা আবেলিতে অ’ফিচৰ পৰা ওলালোঁ। ৰিকুৱে কুটুৰি আছিল, নিশা বাৰবজাৰ লগে লগে হেনো কে’ক এটি কাটিব। আজি বায়েক মাইনু এস্কাৰ্চন’লৈ গৈছে। তাৰ মনটো বেয়া। অভিমান আমাৰ ওপৰতো অলপ। সি কৈছে এক জানুৱাৰীৰ পৰা হেনো আন চিন্তা-ভাবনা বাদ, অকল পঢ়া। আজিয়েই লগৰ দুজনমানক ঘৰলৈ মাতি ফূৰ্ত্তি কৰি ল’ব। মেট্ৰিক দিব সি। মাজত মাথোন দুটা মাহহে।
মাইনুলৈ ফোন লগালোঁ। ছুইটচ্ অ’ফ। এতিয়া মানে শিলিগুড়ি পাইছে চাগে সিহঁতে। সিহঁতৰ ডিপাৰ্টমেন্টৰ পঁচিশজনমান ষ্টুডেন্ট গৈছে একেলগে। ছিকিমলৈ। প্ৰথমবাৰ অকলে ঘৰৰপৰা ফুৰিবলৈ গৈছে। মই মানা কৰিছিলোঁ। শংকা হয়, পাৰিব জানো তাই! ‘দেতা, তুমিও যে মানুহ আৰু। মই এতিয়া বিএছচি পঢ়োঁ। থোড়ি না বাচ্ছা ছোৱালী!’ -মোৰ শংকাকলৈ তাই ধেমালি কৰে। লাজ পায়।

ৰাতিপুৱাতে অৰ্ডাৰ কৰি থোৱা কে’কটো পাণবজাৰৰ কে’ক শ্ব’পৰ পৰা লৈ সন্ধিয়া ছয়মান বজাত ঘৰৰ গে’ইটৰ কাষ পাওতেই খবৰটো শুনিলোঁ। কিছুসময় মূক হৈ ৰ’লোঁ মই। নাই, এয়া অসম্ভৱ! নিশ্চয়কৈ এক উৰাবাতৰি। দৌৰাদৌৰিকৈ ঘৰৰ ভিতৰ সোমালোঁ।
বিচনাত পৰিবাৰ শুই আছে। ওচৰৰ বৰ্মনৰ বোৱাৰীয়েকে তেওঁৰ কপাল আৰু চুলিত হাত বুলাই আছে। উখহা দুচকুৰ তল। কাষত পুত্ৰ ৰিকু বহি আছে। ড্ৰয়িং ৰুমৰ টিভিটোত ওচৰ-চুবুৰীয়া দুই-এজন। কলিতাই অসমীয়া বাতৰিৰ চেনেলবোৰ সলনি কৰি আছে। হয়তো শেহতীয়া আপডেটৰ সন্ধান।
‘কেতিয়া পাইছে খবৰটো?’- থোকাথুকিকৈ ওলাল মোৰ মাতটো।
‘প্ৰথমতে কলেজৰ প্ৰ’ফেছৰ এজনে পালে খবৰটো। তাৰ পিছত মাইনুৰ লগৰ এগৰাকীৰ দেউতাকে ফোন কৰি জনালে। আধাঘন্টা মান হ’ল। শিলিগুড়ি পোৱাৰ ঠিক আগতেই হেনো….এতিয়া অসমীয়া বাতৰিতো আহিছে..পিছে আপুনি চিন্তা নকৰিব। বেছি মেজৰ এক্সিডেন্ট নহ’বও পাৰে’-কলিতাই কৈ গ’ল।
মোৰ হাত-ভৰি কঁপি উঠিল। নিউজ ফ্লেছত আহিয়েই আছে খবৰটো। কেনেকৈ মই চিন্তা নকৰাকৈ থাকো? মাইনুহঁতৰ ট্ৰেইনখনৰ তিনিটা ডবা ডি-ৰেইলড…লাইনচ্যুত হৈছে। কেইবাগৰ মান খোৱাৰ এটি এচি’ৰ কোচ্চত জুই লাগিছে। তাইতো এচি’তেই গৈছিল।
মই চিঞৰিলোঁ পৰিবাৰলৈ চাই -‘মইতো যাবলৈ মানাই কৰিছিলোঁ। তুমি হে বৰকৈ উৎসাহ দেখুৱাইছিলা…কিবা বিপদৰ গোন্ধ যেন আগতেই পাইছিলোঁ মই’। সমস্যা-বিপদ আদি আহিলে কিয় জানো দোষৰ মূল দায়িত্বটো আনৰ ফালে ল’বলৈ ঠেলি দি নিজকেই নিজে সমবেদনা জনাবলৈ চেষ্টা কৰোঁ! পৰিবাৰৰ দুগালেৰে চকুপানী বৈ আহিল। মৰা মাছৰ চকুৰ দৰে নিস্তেজ হৈ পৰিছে দুচকু।
নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ মই। বাতৰিত দিছে ডবা দুটাৰ প্ৰায় বিশজন মান যাত্ৰী আহত। দুজনমানৰ অৱস্থা গুৰুতৰ। নিহতৰ কথা কোৱা নাই। প্ৰেকক্টিকেলি কথাবোৰ ভাবিবলৈ যত্ন কৰিলোঁ মই। ডবাটো দুই-তিনিবাগৰ খোৱাৰ সময়ত যদি মাইনু ভিতৰতে আছিল। যদি প্ৰথমতেই তাই ক’ৰবাত খামুচি ধৰিছিল। তেতিয়া কিজানিবা একোৱেই হোৱা নাই তাইৰ। সৰুতে তাইক কোলাত ল’লে পৰিব বুলি সদায় তাই মোৰ ছাৰ্টৰ ক’লাৰটোত খামোচ মাৰি ধৰিছিল। আৰু অতৰ্কিতে হোৱা বাবে তাই কিজানি সময়েই নাপালে..অ’ত ত’ত খুন্দা খাই এটা সময়ত স্থৱিৰ হৈছিল চাগে তাই। হয়তো মূৰ-ভৰিত সামান্য আঘাট। আৰু যদি বেছি হয়…! এবাৰ তাইক চাইকেল চলাবলৈ শিকাওতে বাগৰি পৰি শিল এটিত খুন্দা খাইছিল। আঁঠুৰ পৰা তেজ ওলাইছিল। কান্দিছিল তাই। তাইৰ চকুপানী আৰু তেজ দেখি বিব্ৰত হৈ পৰিছিলোঁ মই। সৰ্বশৰীৰ কঁপিছিল মোৰ। মই আৰু ভাবিব নোৱাৰিলোঁ…….এক গোমা পৰিৱেশৰ মাজলৈ পুনৰ লৈ আহিলোঁ নিজকে।

সৱিশেষ জানিবলৈ ওচৰ-চুবুৰীয়াসকলে ৰেলৱে’ৰ ভিন্ন ইমাৰ্জেন্সী নম্বৰবোৰলৈ ফোন কৰি খবৰ লৈ থাকিল।
আঠমান বজাত অচিনাকী নম্বৰ এটাৰ ফোন আহিল। শিলিগুড়িৰ ওচৰৰ হ’স্পিটেল এখনৰ পৰা ফোন। ‘ফাদাৰ অৱ মাইনু বৰা?…ডেথ…হেণ্ডবেগ’- এই শব্দবোৰ কাণত বাজি থাকিল বহু দেৰি উচ্চস্বৰত! মাইনুৰ ডে’ডব’ডী হস্পিটেলত আছে। সন্মুখৰ ফালে ছেভেন্টি পাৰ্চেন্ট জ্বলি গৈছে। তাইৰ কান্ধৰ বে’গটোৰ নোটবুকৰ মোৰ নাম-নম্বৰ পাইছে। তাইৰ আইডেন্টিটি কাৰ্ড-মোবাইল সকলো বে’গতে আছিল। মুহুৰ্তৰ ভিতৰতে যেন সকলো শেষ হৈ গ’ল। চিৎকাৰ কৰি উঠিলোঁ মই। মুহুৰ্তৰ ভিতৰতে যেন সকলো শেষ হৈ গ’ল। স্তব্ধ হৈ গ’ল সময়..স্থৱিৰ হৈ ৰ’ল পৃথিৱী।
কিমান দেৰি বহি ৰ’লো তেনেকৈ মনত নাই। ‘মাইনু বা!!’-হঠাতে ৰিকুৰ চিঞৰত উচপ খাই উঠিলোঁ। সি মোলৈ মোবাইলটো আগবঢ়াই দিলে।
‘দেতা…মই ঠিকেই আছোঁ..একদম মাইনৰ ইঞ্জিউৰি..চেলাইন দিছে…কাইলৈকে ঘৰলৈ যাবলৈ দিব…চিন্তা নকৰিবা….হ’স্পিটেলৰ মানুহৰ ভুল হৈছিল…আচলতে..’ -মাইনুৱে আৰু কিবাকিবি কৈ গ’ল। তাইৰ এবছৰ বয়সত মুখত ‘দেতা’ শব্দটো শুনি মোৰ দুচকু চলচলীয়া হৈছিল। আজি হিয়া খুলি কান্দিলোঁ। সুখৰ চকুপানী হয়তো!
ক্ষন্তেকতে ঘৰৰ পৰিৱেশ সলনি হৈ গ’ল। পৰিবাৰে উঠি গৈ গোসাই-ঘৰত চাকি জ্বলালে। মোৰ ওচৰলৈ আহি হাতত হাতখন থৈ ক’লে-‘এই দেওবাৰে বৰনৈৰ ওচৰৰ মন্দিৰটোত পঠা ছাগলী এটি আগবঢ়াম..তুমি না নক’বা।’ মই তেওঁৰ দুচকুত বিৰিঙি উঠা শেষ দুটোপাল চকুলো আঙুলিৰে মঁচি দিলোঁ। বনকৰা ছোৱালীজনীয়ে কৰা চাহ-মিঠাই খাই ওচৰ-চুবুৰীয়া আটায়ে যাবলৈ ওলাল। ৰিকুৱে কে’কটো ডাঙি নি ফ্ৰিজৰ ভিতৰত ৰাখিলে। ফোনেৰে লগৰ কেইজনক হয়তো ৰাতিৰ কাৰণে পুনৰ মাতিলে।
‘দেতা, আজি কিন্তু গাহৰি খাম হা! সদায় চিকেন খাই ব’ৰ হৈ গৈছোঁ…এতিয়া যে নালাগে বুলি নক’বাই আৰু…!’ মই হাঁহিলোঁ। হৰেণ ড্ৰাইভাৰক টকা দুহেজাৰ উলিয়াই ৰাতিৰ পাৰ্টিৰ ব্যৱস্থা কৰিবলৈ ক’লোঁ।

নিশা ন’ বাজিল। হুইস্কীৰ পেগটোত চাৰিটামান আইচ-কিউব পেলালোঁ। আজি এক পাহৰিব নোৱাৰা একত্ৰিশ ডিচেম্বৰ হ’ব জীৱনত। পৰিবাৰে আপেল কেইটুকুৰামান আৰু ভেজ-পকোড়া কেইটিমান আনি টেবুলৰ প্লেটখনৰ ওপৰত থলে।
‘আজি একো নকওঁ..যিমান মন যায় খোৱা। কিন্তু কন্ট্ৰ’লত হা..’-মিচিকিয়ালে তেওঁ।

অলপপৰ পাছত ৰিকুৱে কৈ গ’ল মানুহ এগৰাকী আহিছে মোক লগ কৰিবলৈ। ড্ৰয়িং ৰুমতে আছে বহি। মই পেগটো লৈয়েই ওলাই গ’লোঁ। মোক তেনেকৈ দেখি তেওঁক কিয় জানো অলপ অপ্ৰস্তুত হোৱা যেন লাগিল।
‘মোৰ নাম অৰুণ দত্ত, ভৰলুমুখত ঘৰ..মোৰ ছোৱালীজনীও আপোনালোকৰ মাইনুৰ লগতে পঢ়ে। মাইনুৰ খবৰটো শুনি কি কওঁ ভাবি পোৱা নাই…’-তেওঁ মোৰ হাতদুখনত ধৰিলে। দুচকুত সান্ত্বনাৰ সেমেকা দৃষ্টি।
মই হাঁহিলোঁ-‘নাই, খবৰটো সত্য নাছিল। কিবা ভুল হৈছিল তেওঁলোকৰ। তাই ঠিকেই আছে। কথা পাতিলোঁ অলপ আগতে’।
উজ্জ্বল হৈ পৰিল তেওঁৰ দুচকু। মুখত বিৰিঙি উঠিল এক গভীৰ সঁকাহৰ হাঁহি।
‘বৰ ভাল পালোঁ শুনি। আচলতে, দুপৰীয়াৰে পৰা মোৰ ফোনটো ছুইটচ অফ। একো খবৰেই পোৱা নাছিলোঁ। পৰিবাৰো মাকৰ ঘৰলৈ গৈছে। অ’ফিচৰ পৰা আহি থাকোতে চিটিবাছতেই খবৰটো দিছে ক’লেজৰ চিনাকী পিয়’ন এজনে। তেৱেই আপোনাৰ এড্ৰেছটোও দিলে। মই বাহিৰে বাহিৰে আহিলোঁ।…আমাৰ ছোৱালী শ্ৰাৱণীও সেই গ্ৰুপটোতে আছিল। এতিয়া ফোন কৰি খবৰ ল’ব লাগিব।…আপোনাৰ ঘৰত মোৰ মোবাইলটো চাৰ্জ কৰিব পাৰিম নে পাঁচমিনিট?’
মাইনুৱে কৈ গৈছিল মোক-‘শ্ৰাৱণী দত্ত নামৰ লগৰ এজনীয়ে মোৰ বেগটো লৈ ফুৰিছিল..সেয়ে খেলিমেলি হ’ল..’। নিজৰ বুকুৰ আপোন মাইনু নিৰাপদ-বিপদমুক্ত বুলি কঢ়িয়াই অনা বাতৰিটোৱে সৃষ্টি কৰা আনন্দ-উন্মাদনাৰ ঢৌত মই ভাবিবলৈ পাহৰি থাকিলোঁ যে শ্ৰাৱণী দত্তৰো মোৰ দৰে এগৰাকী পিতৃ আছিল, যাৰ দুচকুও শ্ৰাৱণীৰ প্ৰতি টোপাল চকুলোৱে সিক্ত কৰিছিল। শ্ৰাৱণীৰ খবৰটো শুনি তেওঁৰ বাবেও গোটেই পৃথিৱীখন হৈ পৰিব নিথৰ, যিখন পৃথিৱী এতিয়া মোৰ বাবে হৈ উঠিছে চঞ্চল-চলন্ত।

মই অৰুণ দত্তৰ মুখলৈ চালোঁ। দুই ওঁঠৰ সকাহৰ হাঁহিটো মাৰ যোৱা নাই তেতিয়াও। মই বেছি দেৰি চাই থাকিব নোৱাৰিলোঁ। তল মূৰ কৰিলোঁ মই। হাতৰ গিলাচটোত ওপঙি থকা বৰফ কেইটুকুৰা গলি ৰঙীণ পানীয়খিনিৰ মাজত বিলীন হ’বলৈ ধৰিছে ধীৰে ধীৰে, নিশব্দে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক