৪-১৫ৰ ৰেল গাড়ী (প্ৰতিভূ দত্ত)

 

(ভিক্টৰীয়ান যুগৰ এটা ভৌতিক গল্প৷ মূল গল্প Amelia Edwardsৰ Four Fifteen Expressৰ সম্পাদিত অনুবাদ)

 

১৮৫৭ চন ৷
মই পোলেন্ডৰ পৰা বৰদিনৰ বন্ধত ইংলন্ডলৈ আহিছো ৷ বৰদিনৰ বন্ধটো মই মোৰ প্ৰিয় সখী ইছ’বেল আৰু জনাৰ্থন জেল্ফৰ ঘৰত পাৰ কৰিম বুলি তেওঁলোকক আগতেই জনাই থৈছো ৷ তেওঁলোক থাকে ক্লেইব্ৰ’ নামৰ চহৰখনৰ ওচৰৰ ডাম্বেলটন নামৰ গাওঁখনত ৷
ইষ্ট এংলীয়ান ৰেলপথেৰে লন্ডনৰ পৰা ক্ৰেম্পটনলৈ গ’লে বাটতে ক্লেইব্ৰ’ ষ্টেচনটো পোৱা যায় ৷ ৪ ডিচেম্বৰৰ দিনা মই লন্ডন ষ্টেচনত হাজিৰ হ’লো গৈ ক্লেইব্ৰ’ হৈ ডাম্বেলটনলৈ বুলি ৪-১৫ৰ ৰেলগাড়ীখন ধৰিম বুলি ৷ পোলেন্ডত প্ৰায় ৬মাহ কটোৱাৰ অন্তত নিজৰ দেশত ভৰি দি মই যথেষ্ট উৎফুল্লিত ৷ অৱশ্যেই ক’ব লাগিব অৱসাদেও মোক হেচা মাৰি ধৰিছে ৷ গতিকে ৰেলগাড়ীৰ গাৰ্ডজনক অনুৰোধ কৰিলো মোক এটা আচুতীয়া কুপ (কোঠালী) দিবলৈ ৷ গাৰ্ডজনে তেওৰ হাতত থকা আসন সংৰক্ষণৰ তালিকাখন চাই মোক এটা কুপলৈ লৈ গ’ল ৷ মোৰ হাতত এটা চাবি গতাই দি ক’লে,‘‘মহাশয় এই কুপটোত আপুনি ক্লেইব্ৰ’লৈ অকলশৰে যাব পাৰিব ৷ ক্লেইব্ৰ’ত নামি যাওঁতে মাথো চাবিটো আসনৰ তলত থৈ যাব ৷ আপোনাৰ যাত্ৰা শুভ হওঁক ৷’’

ময়ো ভালেই পালো ৷ গাৰ্ডজনক ধন্যবাদ জনাই মই কুপটোৰ দুৱাৰখনৰ তলাটো চাবি পকাই বন্ধ কৰি দিলো ৷ ইমান ভাগৰুৱা দেহা এটা লৈ যাত্ৰাকালত অচিনাকী কাৰোবাৰ সৈতে কথা পাতি যাব লগা হোৱা হ’লে বৰ আমনি পালো হয় ৷ মই মোৰ আসনত শুবলৈ যত্ন কৰোতেই দেখিলো কোনোবা এজন ভদ্ৰলোক মোৰ কুপটোৰ দিশে কোবাকুবি কৈ আহিছে ৷ মোক এক প্ৰকাৰে আচৰিত কৰি মানুহজন আন এপাট চাবিৰে দুৱাৰখন খুলি কুপটোৰ ভিতৰলৈ সোমাই আহিল ৷
মনতে ভাবিলো,‘‘গাৰ্ডজনে দেখোন মোক কৈছিল এই কুপটোত মই অকলেই যাম ৷ এখেত আকৌ কেনেকৈ আহিল ?’’

মানুহজনলৈ মই ভাল কৈ মন কৰি অনুমান কৰিলো তেখেতক ক’ৰবাত লগ পাইছো ৷ তেখেত বেছ ওখ পাখ আৰু মুখায়ৱ যেন দুখেৰে আৱৰি আছে ৷ তেখেতে এটা সৰু বেগ সযতনে আসনৰ তলত থ’লে ৷ বাৰে বাৰে তেওঁ কেটৰ পকেটত হাত দি থকা মন কৰিলো ৷ ‘‘বোধহয় কিবা মূল্যবান সম্পত্তি আছে ৷’’

হঠাতে মনত পৰিলে এখেত জন ডেৰী ৷ পেশাত এজন উকিল আৰু ইছ’বেলৰ সম্বন্ধীয়া ককায়েক ৷ মই মাত লগালো,‘‘আপুনি মি.ডেৰী নহয় জানো ?? মই ইছ’বেল আৰু জনাৰ্থন জেল্ফৰ বন্ধু ৷ কিছুবছৰ আগতে তেখেতসকলৰ ঘৰতে আপোনাক লগ পাইছিলো ৷’’
এটা সেঁতা হাহি মাৰি ডেৰীয়ে উত্তৰ দিলে,‘‘হয় মোৰ নাম জন ডেৰী ৷ মোৰো লাগিছে আপোনাক কৰবাত লগ পাইছিলো ৷ পাছে মই মনত পেলাব পৰা নাই ৷’’
‘‘লেংফোৰ্ড, উলিয়াম লেংফোৰ্ড ৷ মই বৰদিনৰ বন্ধটো এইবাৰ ইছ’বেলহঁতৰ ঘৰতে কটাম ৷ বোধহয় আপুনিও তালৈকে গৈ আছে ৷’’
মোৰ কথা শুনি ডেৰীয়ে বেছ উত্তেজিত হোৱাৰ দৰেই কৈ উঠিল,‘‘নাই নাই ৷ মই যথেষ্ট ব্যস্ত হৈ আছো ৷ বৰদিন-চৰদিন পালন কৰি ফুৰিব নোৱাৰো মই ৷ আমাৰ ৰেল কোম্পানীয়ে ব্লেকৱাটাৰৰ পৰা ষ্টকব্ৰীজলৈ এটা নতুন ৰেল লাইন বহুৱাব ৷ মই তাৰ কামত ব্যস্ত হৈ থাকিম ৷ নাই নাই নোৱাৰো দেই মই তেওঁলোকৰ তালৈ যাবলৈ !’’
মই একো নকৈ মনে মনে বহি ৰ’লো ৷ জন ডেৰীয়ে অনৰ্গল কৈ গ’ল ব্লেকৱাটাৰৰ পৰা ষ্টকব্ৰীজলৈ বহুৱাবলৈ লোৱা নতুন ৰেলপথটোৰ খুটি নাটি ৷ অকনমান সময় শুনাৰ পাছতে টোপানিয়ে মোক হেঁচা মাৰি ধৰিলে ৷ কোন পাকত মোৰ চকুৰ পতা জাপ খাই গ’ল গমকে নাপালো ৷
‘৭৫০০০ পাউন্ড নগদ !’ এই শব্দ কেইটা শুনাৰ পাছত হে মই খপজপ কৈ সাৰ পালো ৷
যিমান পাৰি সিমান আচৰিত হোৱা যেন দেখুৱাই ক’লো,‘‘৭৫০০০ পাউন্ড নগদ !’’
জন ডেৰীয়ে তেওঁৰ কোটৰ পকেটত হাতখন থৈ ক’লে‘‘৭৫০০০ পাউন্ড নগদ !’’
সেই কথা শুনি সঁচাকৈয়ে আচৰিত হৈ মই সুধিলো,‘‘তাৰ মানে আপুনি কৈছে যে কোটৰ পকেটতে আপুনি ‘৭৫০০০ পাউন্ড নগদ ধন লৈ ফুৰিছে ?’’
মোৰ প্ৰশ্ন শুনি ডেৰীৰ বাৰুকৈয়ে খং উঠা যেন লাগিল ৷
তেওঁ যথেষ্ট উষ্মাৰেই ক’লে,‘‘আৰে মই আপোনাক দেখোন কৈছোৱে যে আজি সন্ধিয়া ৮ বজাৰ আগেয়ে এই ধন খিনি মই ষ্টকব্ৰীজত মাটিৰ গৰাকীক দিব লাগিব ৷’’
‘‘কিন্তু আপুনি ব্লেকৱাটাৰৰ পৰা ষ্টকব্ৰীজলৈ কেনেকৈ যাব ? বহু দুৰ বাট দেখোন ?’’
‘‘ষ্টকব্ৰীজ ?’’ জন ডেৰীৰ সুৰ শুনি লাগিল যেন মই বৰ আচহুৱা কথা এটা হে কৈছো ৷ তেওঁ আকৌ দোহাৰিলে,‘‘ষ্টকব্ৰীজ ? মই আকৌ ষ্টকব্ৰীজলৈ কিয় যাম ? ধনখিনি মই মেলিংফোৰ্ডত থকা মাটিৰ গৰাকীৰ উকিলৰ হাতত জমা দিব লাগিব ৷ ব্লেকৱাটাৰৰ পৰা মেলিংফোৰ্ডলৈ মাথো এক মাইল ৷ মই সেই বাট খোজ কাঢ়ি যাম ৷ আপোনাক মই কৈছিলো দেখোন !’’
মই কথাখিনি শুনি অকপটে স্বীকাৰ কৰিলো,‘‘আচলতে মোৰ বৰ ভাগৰ লাগি আছিল আৰু বোধহয় আপুনি কথাখিনি কৈ থাকোতে টোপনি গৈছিলো নেকি জানো !’’
তেওঁ অন্যমনস্কহৈ উত্তৰ দিলে,‘‘হ’ব পাৰে ৷’’

ব্লেকৱাটাৰৰ পৰা ষ্টকব্ৰীজলৈ বহুৱাবলৈ ওলোৱা ৰেলপথৰ পৰবৰ্তী তথ্যৰ পৰা হাত সাৰিবলৈকে মই ক’লো,‘‘ইছ’বেলক মই কিবা ক’ব লাগিব নেকি ?’’
অকনমান চিন্তা কৰি ডেৰীয়ে উত্তৰ দিলে,‘‘তেওঁলোক দুয়োকে বৰদিনৰ শুভেচ্ছা জনাইছো বুলি ক’ব ৷ আৰু…..আৰু ………’’
মই কথাটো সহজ কৰিবলৈকে ক’লো,‘‘আৰু কি ক’ম ?’’
‘‘আৰু ক’ব শোৱা ঘৰত কোনোবা শুই থাকিলে জুই লগাই দিয়াটো বৰ ভাল কথা নহয় ৷’’
মই চিঞৰ মৰাৰ দৰেই ক’লো,‘‘আপুনি শুই থাকোতে তাই আপোনাৰ শোৱা ঘৰত জুই লগাই দিছিলে নেকি ?’’
মোৰ প্ৰশ্নৰ উত্তৰ নিদি তেওঁ মাথো বাহিৰলৈ চাই ক’লে,‘‘সময়বোৰ যে কি দৰে উৰি যায় !’’
তেনেতে মোৰ কুপৰ দুৱাৰত টোকৰ পৰিল ৷ খুলি দেখিলো ৰেলগাড়ীৰ গাৰ্ডজন আহিছে ৷
‘‘টিকেট দেখুৱাক ৷’’
মই টিকেটটো তেখেতৰ হাতত জমা দি ক’লো,‘‘ক্লেইব্ৰ’ লৈ যাম ৷’’
গাৰ্ডজনে টিকেটটো পৰীক্ষা কৰি ক’লে,‘‘সকলো ঠিকে আছে ৷ আপোনাৰ বাকী যাত্ৰা শুভ হওঁক ৷’’
এই বুলি কৈয়ে গাৰ্ডজন মোৰ কুপৰ পৰা ওলাই গ’ল ৷ তেওঁ এনেদৰে ব্যৱহাৰ কৰিলে যেন সেই কুপটোত জন ডেৰী উপস্থিতেই নাছিল ৷
মই সোধো নোসোধোকৈ সুধিলো,‘‘তেওঁ আপোনাৰ টিকট নিবিছাৰিলে যে ?’’
অন্য মনস্ক হৈয়ে জন ডেৰীয়ে উত্তৰ দিলে,‘‘মই এই ৰেল কোম্পানীতে কাম কৰো ৷ গতিকে মই টিকেট কিনাৰ প্ৰয়োজন নাই ৷’’
এনেতে বাহিৰত মাত শুনিলো ‘ব্লেকৱাটাৰ’, ‘ব্লেকৱাটাৰ’ ৷ জন ডেৰী নামিবলৈ সাজু হ’ল ৷ মোক ক’লে,‘‘আপোনাক লগ পাই ভাল লাগিল ৷’’
ময়ো হাহি এটা মাৰি ক’লো,‘‘আপোনাৰ বিষয়ে জানিও ভাল পালো ৷’’
কৰমৰ্দন কৰিবলৈ বুলি মোৰ হাতখন আগবঢ়াই দিলো ৷ জন ডেৰীয়ে পাছে মাথো নিজৰ টুপীটো খুলি অকনমান মুৰটো দোৱাই মোক অভিবাদন জনালে আৰু ৰেলগাড়ী খনৰ পৰা নামি গ’ল ৷

মই নিজৰ আসনত বহি তেখেতৰ কথা ভাবিবলৈ ধৰিলো ৷ এনেতে চকুত পৰিল সন্মুখৰ আসনত এটা সৰু চামৰাৰ মোনা ৷ হাতত লৈ দেখিলো সেইটো জন ডেৰীৰ মোনা ৷ তাত সোনালী আখৰেৰে জন ডেৰীৰ নামটো লিখা আছে ৷ তেখেতক সেইটো দিবলৈ বুলি মই ৰেলখনৰ পৰা নামিবলৈ লওঁতেই গাৰ্ডজনক পালো ৷ খবৰ কৰি গম পালো আৰু মাথো দুই মিনিট পাছতে ৰেলগাড়ীখনে ব্লেকৱাটাৰ এৰিব ৷ মই ইফালে সিফালে চাই ৰেলৰ প্লেটফৰ্মতে কিছু আতৰত দেখা পালো জন ডেৰী আৰু কোনোবা এজনে কথা পাতি আছে ৷ মই সেইফালে দৌৰিবলৈ ধৰিলো ৷ মোৰ আৰু জেৰী মাজত মাথো তেতিয়া কেই হাতমানৰ দুৰত্ব ৷ এনেতে ক’ৰ পৰা জানো মানুহ এজন আহি মোৰ আগত পৰিল আৰু তেওঁৰ গাত খুন্ডা মাৰি মই মাটিত বাগৰি পৰিলো ৷
ততাতৈয়াকৈ উঠি মই যেতিয়া জন ডেৰীৰ ফালে চাই মই সঁচাকৈয়ে আচৰিত হ’লো ৷ এক চেকেন্ডৰ ভিতৰতে দুজনকৈ মানুহ কেনেকৈ নোহোৱা হৈ গ’ল ????????
ক’ত নোহোৱা হৈ গ’ল ???
যিজন মানুহৰ লগত খুন্ডা মাৰিছিলো তেওঁক সুধিলো,‘‘ইয়াত যে ৰৈ আছিল মানুহ দুজন, তেওঁলোক বাৰু কোন ফালে গ’ল ?’’
তেখেতে বৰ আচৰিত হোৱাৰ দৰে ক’লে,‘‘দুজন মানুহ ? ইয়াত ? মোৰ বোধেৰে ইয়াতো কোনো নাছিল ৷’’
ইতিমধ্যে ৰেলগাড়ীয়ে উকি মাৰিলে ৷ ৰেলৰ গাৰ্ডজনেই মোক হাত বাউল দি মাতিবলৈ ধৰিলে ৷ উপায় নাপায় জন ডেৰীৰ চামৰাৰ মোনাটো হাতত লৈ মই উলটি আহিলো মোৰ কুপলৈ বুলি ৷

ব্লেকৱাটাৰৰ পৰা ক্লেইব্ৰ’ৰ মাজৰ ছফৰত মই মুলতঃ শুয়ে আহিলো ৷

মই গৈ পোৱাৰ দিনাখনেই ইছ’বেল আৰু জনাৰ্থনে তেওঁলোকৰ ঘৰতে এক প্ৰতিভোজৰো আয়োজন ণৰিছিল ৷ সেই ভোজলৈ ভাল কেইজনমান সম্ভ্ৰান্তলোকো নিমন্ত্ৰন কৰা হৈছিল ৷ ভোজ চলি থকাৰ মাজতে মই মাত লগালো,‘‘ইছ’বেল, আহি থাকোতে ৰেলগাড়ীত মই তোমাৰ এজন সম্বন্ধীয় লোকক লগ পাইছিলো ৷’’
ইছ’বেলে বেছ আগ্ৰহেৰেই সুধিলে,‘‘হয় নেকি ?? কাক ল’গ পাইছিলা নো ?’’
‘‘জন ডেৰী ৷ তেওঁ তোমালৈ বৰদিন শুভেচ্ছা জনাইছে দেই ৷’’
মোৰ কথা শেষ হ’বলৈকে নাপালে ৷ ইছ’বেলৰ মুখৰ হাহি নোহোৱা হৈ গ’ল ৷ জনাৰ্থনেও বেছ খঙেৰেই মোৰ ফালে চোৱাৰ দৰে লাগিল ৷ মই কি হৈছে একো বুজিব নোৱাৰি কৈ গ’লো,‘‘ডেৰীয়ে আৰু কৈছে যে শোৱা ঘৰত কোনোবা থাকিলে তাত জুই লগাব নাপায় ৷’’
মই কথাখিনি কৈ থাকোতেই অনুমান কৰিলো কিবা এটা গন্ডগোল আছে ৷ প্ৰথমে মাথো ইছ’বেল আৰু জনাৰ্থনেহে মোলৈ খঙেৰে চাইছিল ৷ এতিয়া দেখিছো উপস্থিত প্ৰায় সকলো অতিথিয়েই মোৰ ফালে আচৰিত ধৰনে চাই আছে ৷ মই বৰ লজ্জিত হ’লো ৷

অতিথি সকল যোৱাৰ পাছত মই জনাৰ্থনৰ পৰা জানিব বিচাৰিলো আচলতে নো ঘটনাটো কি ?
কিয় জন ডেৰীৰ নাম লোৱাৰ লগে লগেই সকলোৰে খং উঠিছিল মই বুজিব নোৱাৰিলো ৷ জনাৰ্থনে হুমুনিয়াহ এটা কাঢ়ি ক’লে,‘‘তুমি পোলেন্ডত আছিলা কাৰনে কথাটো গম নোপোৱা ৷ ডেৰীয়ে তেওঁ কাম কৰা ৰেল কোম্পানীৰ ৭৫০০০ পাউন্ড আত্মসাত কৰি এতিয়া ক’ৰবাত লুকাই আছে ৷ তেওঁক পুলিছে বিচাৰি ফুৰিছে ৷ উইলিয়াম মোৰ মতে তুমি ডেৰীক দেখা নাই ৷ কাৰন তেওঁ কোনো কাৰনতেই ব্লেকৱাটাৰ নাহিব ৷ বেলেগ কোনোবাই হ’ব লাগিব ৷’’
মই প্ৰায় প্ৰতিবাদ কৰাৰ দৰেই ক’লো,‘অসম্ভৱ !!! সেইয়া ডেৰীয়ে আছিল ৷’’
জনাৰ্থনে তেতিয়া ক’লে,‘‘শুৱা কোঠাত জুই লগোৱাৰ কথা কোৱাৰ পৰা অনুমান কৰিব পাৰিছো সেইয়া ডেৰীয়ে হ’ব লাগিব ৷ আচলতে এবাৰ ডেৰী আমাৰ ঘৰত আছিল ৷ তেওঁ শুই আছে বুলি আমি গম পোৱা নাছিলো আৰু তেওঁৰ শুৱা কোঠাত বৰকৈ ধোঁৱা দিছিলো ৷ বাৰু কোৱাচোন তেওঁ দেখেত কেনে আছিল ৷ তেওঁৰ আচৰণ কেনে আছিল ৷ ’’
‘‘ডেৰীৰ কাপোৰকানি বেছ জঘলা আছিল ৷ কথা-বতৰা কোৱাৰ ধৰনো বৰ আচৰিত আছিল ৷ কিন্তু তেওঁৰ ফালে চাই মোৰ এবাৰলৈকো ভাব হোৱা নাছিল তেওঁ দোষী ৷ কিন্তু এটা কথা তেওঁ মোৰ লগত কৰমৰ্দন নকৰিলে ৷ কিয় নাজানিলো ৷’’
ইছ’বেলে তেতিয়া সুধিলে,‘‘তুমি মানে নিশ্চিত যে সেইজন মানুহ জন ডেৰীয়ে আছিল ?’’
এনেতে মোৰ মনত পৰিল জন ডেৰীৰ নাম খোদিত চামৰাৰ মোনাটোলৈ ৷ সেইটো আনি ইছ’বেলৰ হাতত দিলো ৷ তেওঁ সেইটো দেখিয়ে ক’লে,‘‘এইটো ডেৰীৰে মোনা ৷ এইটো বহু বছৰ ধৰি তেওঁৰ হাতত আছে ৷’’
জনাৰ্থনে মুৰটো জোকাৰি জোকাৰি মাথো ক’লে,‘‘আচৰিত ঘটনা !! উইলিয়াম কাইলৈ তুমি আৰু মই ব্লেকৱাটাৰলৈ গৈ জন ডেৰীৰ ৰহস্য উদঘাটন কৰিবলৈ যত্ন কৰিম ৷’’

পাছদিনা আমি দুয়ো ব্লেকৱাটাৰৰ ষ্টেচন মাষ্টাৰৰ অফিছত উপস্থিত হ’লো গৈ ৷ ষ্টেচন মাষ্টাৰে কৈ গ’ল, ‘‘মি. ডেৰী আমাৰে কৰ্মচাৰী ৷ সৎ আৰু বিচক্ষণ কৰ্মচাৰী বুলি তেখেতৰ এটা সুনাম আছিল ৷ কিন্তু তিনি মাহমান আগেয়ে তেখেতে কোম্পানীৰ ৭৫০০০ পাউন্ড আত্মসাৎ কৰিলে আৰু তেতিয়াৰে পৰা মি. ডেৰীক কোনেও দেখা নাই ৷’’
‘‘মানে আপুনি ক’বলৈ খুজিছে এই কেইদিনত তেওঁক কোনেও দেখা নাই ? এই কেইদিন মানে ধৰক যোৱা কালি ?’’
‘‘নাই নাই কি কৈছে ডাঙৰীয়া ?? ব্লেকৱাটাৰাত সকলোৱে মি. ডেৰীক চিনি পায় আৰু সকলোৱে জানে মি. ডেৰীয়ে কি কৰি থৈছে ৷ কেনেবাকৈ যদি মি. ডেৰী ব্লেকৱাটাৰ আহে তেখেতক দেখা পোৱাৰ লগে লগেই পুলিছক গতাই দিয়া হ’ব ৷’’
‘‘কিন্তু মহাশয় আপোনাক জনাব খুজিছো যে মোৰ বন্ধু মি. লেংফৰ্ড যোৱা কালি লন্ডনৰ পৰা ৪-১৫ৰ ৰেলগাড়ী খনত আহিছিল আৰু সেই ৰেলখনতে মি. ডেৰীও আহিছিল ৷’’
ষ্টেচন মাষ্টাৰে অকনমান সময় চিন্তা কৰি মাত লগালে,‘‘চাওক আপোনালোক অতি সন্মান সহকাৰে জনাব খুজিছো যে মই আপোনালোকৰ কথা কোনো পধ্যেই বিশ্বাস কৰিব পৰা নাই ৷’’
মই তেতিয়া ষ্টেচন মাষ্টাৰক ক’লো,‘‘মি. ডেৰীক মোৰ বাহিৰেও ৰেলৰ গাৰ্ডজনে দেখা পাইছিল ৷ আপুনি তেখেতক সুধিব পাৰে ৷’’
ষ্টেচন মাষ্টৰে তেখেতৰ ওচৰত থকা কাগজ এখনত চাই ক’লে,‘‘আপুনি যিজন গাৰ্ডক লগ পাইছিল তেখেতৰ নাম বেঞ্জামিন ছ’মাৰ্ছ ৷ ছ’মাৰ্ছ সঁচা অৰ্থত এজন ভদ্ৰলোক আৰু আমাৰ সৌভাগ্য যে তেওঁ এই সময়ত ষ্টেচনতে আছে ৷’’
বেঞ্জামিন ছ’মাৰ্ছ অফিছলৈ আহিল ৷ তেওঁক দেখিয়ে মই চিনি পালো, যোৱা কালি এখেতেই মোৰ টিকট পৰীক্ষা কৰিছিল ৷
ষ্টেচন মাষ্টৰে প্ৰশ্ন কৰিলে,‘‘ ছ’মাৰ্ছ আপুনি বাৰু জন ডেৰীক চিনি পায় নে ?’’
ছ’মাৰ্ছে অলপ আচৰিত হৈয়ে উত্তৰ দিলে, ‘‘সেই পাষন্ড ডেৰীক ?? সি মোৰ টকা, আমাৰ কোম্পানীৰ টকা চুৰ কৰিছে ৷ তাক কিয় চিনি নাপাম ?’’
‘‘জন ডেৰী যোৱা কালি ৪-১৫ৰ ৰেলগাড়ীখনত আছিল নেকি বাৰু ?’’
‘‘৪-১৫ৰ ৰেলগাড়ীখনত ? যোৱা কালি ?? নাই চাৰ সেই ৰেল গাড়ীখনত তেওঁ নাছিল ৷’’
মই প্ৰায় চিঞৰাৰ দৰেই ক’লো, ‘‘কিন্তু মি. ডেৰী আৰু মই একে লগেই দেখোন যাত্ৰা কৰিছিলো !’’
ছ’মাৰ্ছে মোৰ ফালে চাই ক’লে, ‘‘আপুনি কি কৈছে মই বুজা নাই ৷ কিন্তু এটা কথা আপোনাক কওঁ মই যদি কোনোবা দিনা ডেৰীক দেখা পাওঁ তাক পোনে পোনে পুলিছৰ হাতত গতাই দিম ৷’’
ষ্টেচন মাষ্টৰে আমাৰ অসহায় মুখৰ ফালে চাই ক’লে,‘‘চাওক মহাশয়, মই আপোনালোকক বৰ বিশেষ কৰিব নোৱাৰিলো ৷ কিন্তু এটা কথা নিশ্চিত হৈ থাকিব পাৰে মি. ডেৰী ৪-১৫ৰ ৰেলখনত কোনো পধ্যেই নাছিল ৷ আপোনালোকে যদি বেয়া নাপায় মই এতিয়া অন্য কাম কৰো ৷’’

আমি দুয়ো হতাশ হৈ ঘৰলৈ উভটি আহিলো ৷ ব্লেকৱাটাৰৰ ষ্টেচন মাষ্টাৰৰ অফিছত হোৱা কথোপকথনে মোক বাৰুকৈয়ে লজ্জিত কৰিলে ৷ মই চিন্তা কৰি পোৱা নাই কিয় গাৰ্ড ছ’মাৰ্ছে মিছা কথা ক’লে ৷ বহু সময় ভবাৰ অন্তত মোৰ মনলৈ ভাব আহিল গাৰ্ড ছ’মাৰ্ছ বোধহয় জন ডেৰীৰ সৈতে ধন আত্মসাৎ কৰা কাৰ্য্যত জড়িত ৷ মই ততাতৈয়া কৈ ৰেল কোম্পানীৰ ছেয়াৰমেনলৈ এখন চিঠি লিখিলো ৷ সেই চিঠিখনত মই বিশদভাবে সকলো ঘটনা বৰ্ননা কৰিলো আৰু লগতে জনালো মোৰ সন্দেহৰ কথা ৷ মোৰ চিঠিখন পোৱা পাছতেই মোক ষ্টকব্ৰীজত থকা ৰেল কোম্পানীৰ মুখ্য কাৰ্যালয়লৈ আলোচনাৰ বাবে মাতিলে ৷

নিৰ্ধাৰিত সময়ত মই গৈ তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হ’লো গৈ ৷ ৰেল কোম্পানীৰ ছেয়াৰমেনে মোক উপস্থিত বিষয়াসকলৰ সৈতে চিনাকি কৰাই দিলে আৰু মই তেওঁলোকক সাক্ষাৎ কৰিবলৈ যোৱাৰ বাবে ধন্যবাদ জনালে ৷
‘‘লেংফোৰ্ড ডাঙৰীয়া, আমাৰ বাবে জন ডেৰী এক সাথৰত পৰিণত হৈছে ৷’’
‘‘মোৰ বাবেও মি. ডেৰী এক সাথৰত পৰিণত হৈছে ৷’’
চেয়াৰমেনে তেখেতৰ হাতত থকা কাগজ এখনত চাই মোক সুধিলে, ‘‘আপুনি লিখিছে যে ৪ ডিছেম্বৰৰ দিনা ৪-১৫ৰ ৰেলগাড়ীখনত আপুনি মি. ডেৰীক দেখা পাইছিল ৷ কথাষাৰ সত্যনে বাৰু ?’’
‘‘১০০ শতাংশ সত্য ৷ এই মোনাটোও মি. ডেৰীৰ ৷’’ মই মোৰ হাতত থকা জন ডেৰীৰ মোনাটো দেখুৱাই উত্তৰ দিলো ৷
‘‘অবিশ্বাস্য !!! আপুনি বাৰু মি. ডেৰীৰ সৈতে কথা পাতিছিল নে ?’’
‘‘হয় পাতিছিলো ৷ পাছে কথাটো এনেকেও ক’ব পৰা যায় যে তেওঁহে মোৰ সৈতে কথা পাতিছিল ৷’’
‘‘কি বিষয়ৰ ওপৰত মূলতঃ আলোচনা হৈছিল ?’’
‘‘মি. ডেৰীয়ে ব্লেকৱাটাৰৰ পৰা ষ্টকব্ৰীজলৈ বহুৱাবলৈ আৰম্ভ কৰা ৰেলপথটোৰ কথা কৈ আছিল ৷ তেওঁ মোক জনোৱা মনত আছে যে সেই দিনা হেনো কাৰোবাক ৭৫০০০ পাউন্ড দিব যোৱাৰ কথা আছিল ৷’’
‘‘মি. লেংফোৰ্ড আপুনি জানেনে মি. ডেৰীয়ে কোম্পানীৰ ৭৫০০০ পাউন্ড আত্মসাৎ কৰিছে ৷’’
‘‘মই সেই দিনা জনা নাছিলো ৷ পাছত ক্লেইব্ৰ’ত থাকোতে কথাটো গম পালো ৷’’
‘‘মি. লেংফৰ্ড আপুনি কৈছে যে মি. ডেৰীক দেখি আপুনি এখন্তেকৰ বাবেও ভবা নাছিল যে তেওঁ দোষী হ’ব পাৰে ৷’’
‘‘হয় মোৰ তেনে ভাব হোৱা নাছিল ৷’’
সেই অফিছত উপস্থিত থকা বিষয়াসকলৰ সৈতে ছেয়াৰমেন এক গোপন আলোচনাত মিলিত হ’ল ৷ তেওঁলোকক দেখি মোৰ লাগিছে যে মোক তেওঁলোকে মিছলীয়া বুলিয়ে ভাবিছে ৷

কিছু সময়ৰ পাছত এজন বিষয়াই মাত লগালে, ‘‘মি. লেংফৰ্ড আপুনি হয়তো জানে যে আমাৰ কোম্পানীয়ে জন ডেৰীৰ সঠিক তথ্য দিওঁতা জনৰ বাবে ৫০০০ পাউন্ডৰ এটা পুৰস্কাৰ ঘোষণা কৰি থৈছে ৷’’
বিষয়াজনৰ কথা শুনিয়ে মই লাজত থাকিব নোৱাৰা হ’লো ৷
‘‘হে প্ৰভু, তাৰমানে এখেত সকলে ভাবিছে মই পুৰস্কাৰৰ লোভত মিছা কথা কৈছো !’’
মই প্ৰতিবাদ কৰি উঠিলো, ‘‘মই তেনে কোনো পুৰস্কাৰৰ কথা নাজানো ৷’’
‘‘আপুনি কিমান কথা জানে আমাৰ লাহে লাহে সন্দেহ হৈছে ৷ এতিয়া বাৰু সেইবোৰ থাকক ৷ আমি এতিয়া মি. বেঞ্জামিন ছ’মাৰ্ছৰ সৈতে কথা হ’ম ৷’’

অকনমান পাছতে বেঞ্জামিন ছ’মাৰ্ছ কোঠাতোৰ ভিতৰলৈ আহিল ৷
ছেয়াৰমেনে আৰম্ভ কৰিলে, ‘‘মি.ছ’মাৰ্ছ, এখেতৰ নাম মি. লেংফৰ্ড ৷ মোৰ বোধেৰে আপুনি এখেতক আগতে লগ পাইছে ৷ মি. লেংফৰ্ডে দাবী কৰিছে যে ৪ ডিথেম্বৰৰ দিনা ৪-১৫ৰ ৰেলগাড়ীত জন ডেৰীয়ে লন্ডনৰ পৰা ব্লেকৱাটাৰলৈ যাত্ৰা কৰিছিল ৷ মি. লেংফৰ্ডে দাবী কৰিছে যে জন ডেৰীয়ে তেখেতৰ সৈতেই যাত্ৰা কৰিছিল ৷ আনকি মি. লেংফৰ্ডৰ হাতত প্ৰমাণ হিচাবে ডেৰীয়ে এৰি থৈ যোৱা মোনা এটাও আছে ৷ মি. ছ’মাৰ্ছ এতিয়া প্ৰশ্নটো হ’ল আপুনি জন ডেৰীক ৪-১৫ৰ ৰেলখনত দেখিছিল নে ?’’
বেঞ্জামিন ছ’মাৰ্ছৰ চমু উত্তৰ, ‘‘মই নাই দেখা ৷’’
ছেয়াৰমেনে অলপ টানকৈয়ে সুধিলে, ‘‘আপোনাৰ কথা আমি কিয় মানি ল’ব লাগিব ?’’
‘‘মহাশয়, মই এই ৰেল কোম্পানীত ৩০ বছৰৰো অধিক কাল সততাৰে কাম কৰিছো ৷ মই সেই দিনাখনৰ ঘটনা কেইটামান বহলাই ক’ব পাৰো নে ?’’
ছেয়াৰমেনে মুৰ দুপিয়ালে,‘‘কওঁক কওঁক ৷’’
‘‘মহাশয়, ৪ ডিছেম্বৰৰ দিনা মি. লেংফৰ্ড মোৰ ওচৰলৈ আহি ক’লে তেওঁ হেনো বৰ ভাগৰুৱা হৈ আছে আৰু পাৰিলে এটা আচুতীয়া কুপত ছফৰ কৰিবলৈ ইচ্ছা কৰিছে ৷ গতিকে তেওঁক মই এটা আচুতীয়া কুপলৈ লৈ গ’লো আৰু তেওঁৰ হাতত চাবিটো গটাই দিলো ৷’’
‘‘মি. লেংফৰ্ড আপুনি এটা আচুতীয় কুপ পোৱা কথাটো সঁচা নে ?’’
‘‘হয় ৷’’
‘‘মি. লেংফৰ্ড আপুনি এতিয়া কৈছে আপুনি এটা আচুতীয় কুপত যাত্ৰা কৰিছে বুলি ৷ আন হাতে আপুনি দাবী কৰিছে জন ডেৰী আপোনাৰ সৈতে আছিল ৷ কথাটো বিসংগতি পূৰ্ণ নহয়নে বাৰু ?’’
‘‘মানে …..’’
মোক আধাতে ৰখাই ছেয়াৰমেনে ক’লে, ‘‘ছ’মাৰ্ছ আপুনি আৰু কিবা ক’ব খুজিছে নেকি ?’’

ছ’মাৰ্ছে আকৌ আৰম্ভ কৰিলে, ‘‘তাৰ পাছত মই মি. লেংফৰ্ডক আকৌ লগ পালো টিকেট পৰীক্ষা কৰোতে ৷ তেথিয়াও মই জন ডেৰীক দেখা নাই ৷ ব্লেকৱাটাৰ ষ্টেচনৰ প্লেটফৰ্মত মই মন কৰিলো মি. লেংফৰ্ডে বৰ আচৰিত ধৰনে দৌৰি আছিল ৷’’
মই মাত লগালো, ‘‘তেতিয়া মই জন ডেৰীয়ে এৰি থৈ যোৱা তেখেতৰ মোনাটো দিবলৈ চেষ্টা কৰিছিলো ৷’’
‘‘আপুনি তেখেতক প্লেটফৰ্মত দেখা পাইছিল নে ?’’, ছেয়াৰমেনে প্ৰশ্ন কৰিলে ৷
‘‘হয় মই তেওঁক দেখিছিলো ৷ মি. ডেৰীয়ে প্লেটফৰ্মত কাৰোবাৰ সৈতে কথা পাতি আছিল ৷ মই তেওঁলোকৰ ওচৰলৈকে দৌৰিছিলো ৷’’
‘‘মি. ডেৰীয়ে মানুহ এজনৰ সৈতে কথা পাতি আছিল ?? সেইজন দেখাত কেনে আছিল ?’’
‘‘মি. ছেয়াৰমেন, সেই মানুহজন চাপৰ আছিল ৷ গাল দুখন ৰঙা আছিল আৰু বাও চকুৰ গুৰিত এটা কটা দাগ আছিল ৷’’
‘‘আপুনি ইমান ভালকৈ আনজন মানুহক লক্ষ্য কৰিছে মানে বেছ ওচৰৰ পৰা দেখিছিল ?’’
‘‘হয় মোৰ আৰু তেওঁলোকৰ মাজত মাথো ২ বা ৩ হাততৰ ব্যৱধানহে আছিল ৷’’
‘‘তথাপিও আপুনি তেখেতক ছামৰাৰ মোনাটো ঘুৰাই নিদিলে ?’’
‘‘নাই মই নোৱাৰিলো দিব ৷’’
‘‘কিয় নোৱাৰিলে ?’’
‘‘মই তেওঁলোকৰ ওচৰ পাওঁতেই এজন মানুহৰ সৈতে খুন্ডা খাই পৰি গ’লো ৷ তাৰ পাছত মি. ডেৰী আৰু তেওঁৰ লগৰীয়াজনৰ ফালে চাই দেখো যে দুয়ো হঠাতে নোহোৱা হৈ গ’ল ৷ যেন বতাহত হেৰাই গ’ল ৷’’
ছেয়াৰমেনে মোৰ চকুলৈ চাই হুমুণিয়াহ এটা কাঢ়ি ক’লে, ‘‘মি. লেংফৰ্ড মই নাজানো আপুনি কিয় এনে দৰে মনে সজা কাহিনী এটা শুনাবলৈ যত্ন কৰিছে ৷ আমাৰ সকলোৰে সন্দেহ হৈছে আপুনি হয় ৫০০০ পাউন্ডৰ লোভত এনে কাম কৰিছে নহয় আপুনি মি. জন ডেৰীৰ সংগী ৷ এতিয়া আমি পুলিছ মাতিম আৰু আপুনি আপোনাৰ কাহিনী পুলিছৰ আগত শুনাব ৷ তেখেতসকলে আপোনাৰ সৈতে যি কৰে কৰিব ৷ কিন্তু আপোনাৰ সৈতে আমাৰ কোনো সম্বন্ধ নাই ৷’’
মই লাজ, অপমান আৰু ক্ষোভত ফাটি পৰিছো ৷ তল মুৰ কৰি নিজৰ চকীখনত বহি দিলো ৷ তেনেতে হাতত অলপ কাগজ লৈ কোনোবা এজন মানুহ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল ৷ মোৰ মনত পৰা নাই এই মানুহজনক ক’ত দেখা পাইছিলো ৷ তাৰ পাছতে মনত পৰি গ’ল ৷
‘‘মি. ছেয়াৰমেন এইজনেই সেই মানুহজন !! এইজনেই সেই মানুহজন !! এখেতেই সেই দিনা প্লেটফৰ্মত মি. জন ডেৰীৰ সৈতে কথা পাতি আছিল ৷’’
জন ডেৰীৰ নাম শুনাৰ লগে লগে মানুহজন যেন উচপ খাই গ’ল ৷
সকলোৱে মানুহজন ফালে চালে ৷
কোনোবা এজনে কোৱা শুনিলো, ‘‘এইয়া দেখোন আমাৰ কোম্পানীৰ ছিনিয়ৰ ক্লাৰ্ক মি. ৰেক্লী ৷’’
ছেয়াৰমেনে প্ৰশ্ন কৰিলে, ‘‘মি. ৰেক্লী আপুনি ৪ ডিছেম্বৰৰ আবেলি ব্লেকৱাটাৰত মিয় জন ডেৰীক লগ কৰিছিল নেকি ?’’
‘‘৪ ডিছেম্বৰ মানে যোৱা ৪ ডিছেম্বৰ ? অসম্ভৱ ৷’’
‘‘মি. ৰেক্লী, আপোনাৰ চকুৰ আগতেই মি. লেংফৰ্ডে কৈছে যে তেখেত আপোনক মি. ডেৰীৰ সৈতে দেখা পাইছে ৷ আপোনাৰ হাতত কিবা প্ৰমাণ আছে নেকি ?’’
‘‘আপোনালোকে অফিছৰ ৰেজিষ্টাৰ চাব পাৰে ৷ তেতিয়া গম পাব মই ৪ ডিছেম্বৰত অফিছত আছিলো নে ব্লেকৱাটাৰত আছিলো ৷’’
ততাতৈয়াকৈ অফিছৰ ৰেজিষ্টাৰ অনা হ’ল ৷ তাত স্পষ্ট কৈ লিখা আছে ৪ ডিচেম্বৰৰ দিনা মি. ৰেক্লী নিশা ৮ বজালৈকে অফিছতেই আছিল ৷ ইতিমধ্যে পুলিছ আহি উপস্থিত হ’ল ৷ মোক পুলিছে কিবা এটা সোধাৰ আগতেই শুনিলো কোনোবাই হুক-হুকাই কান্দিবলৈ ধৰিছে ৷
‘‘হয় হয় মই সেই দিনা জন ডেৰীৰ সৈতে আছিলো ৷’’

‘‘কিন্তু ৰেজিষ্টাৰত দেখোন লিখা আছে আপুনি অফিছতে আছিল ৷’’
ৰেক্লীয়ে কান্দিবলৈ ধৰিলে, ‘‘ মই ৪ ডিচেম্বৰৰ কথা কোৱা নাই ৷ মই ২ ছেপ্তেম্বৰৰ কথা কৈছো ৷ সেই দিনা জন ডেৰীয়ে ৭৫০০০ পাউন্ড লৈ যাব বুলি মই জানিছিলো ৷ তেওঁ খোজ কাঢ়ি গৈ আছিল ৭৫০০০ পাউন্ড লৈ ৷ মই তেওঁক এটা চমু বাট দেখুৱাই দিম বুলি জংঘলৰ বাটেৰে লৈ গ’লো ৷ তাতেই তেওঁক হত্যা কৰি মই ধনখনি লৈ ঘৰলৈ গুছি আহিলো ৷ এতিয়া মই শান্তিত থাকিব নোৱাৰা হৈছো ৷ সদায় মোৰ ওচৰলৈ আহি আহি ডেৰীয়ে ধনখিনি বিচাৰি থাকে ৷ সেইখিনি হেনো কোম্পানীৰ ধন !!’’

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments