ৰিদিপ কুমাৰ নাথৰ ৰংদেউ (১)

ৰংদেউৰ জন্ম

 

কথাটোৰ যেতিয়া প্ৰথমবাৰৰ বাবে উমান পাইছিল আশ্চৰ্য্যচকিত হৈ উঠিছিল ৰংমন | প্ৰথমবাৰ তাৰ সপোন যেনেই লাগিছিল, কিন্তু পুনৰবাৰ চেষ্টা কৰি যেতিয়া সফল হৈছিল, আনন্দত আত্মহাৰা হৈ পৰিছিল সি | আচলতে কাঁজলীজনীক বিচাৰিহে সেইদিনা সি হাবিখনলৈ যাবলগীয়া হৈছিল, যিখন হাবি স্থানীয় ৰংপুৰবাসীৰ মাজত “যমৰ হাবি” নামেৰে পৰিচিত | ৰংপুৰ গাঁওৰ কোনো মানুহেই ৰাতিহে নালাগে, দিনতো সেইপিনে মুখ কৰিবলৈ মৰসাহ নকৰে | অত্যন্ত সত্‍ আৰু সাহসী হিচাপে পৰিচিত ৰংমনে বুকুখন ডাঠ কৰি ল’লে | দেৱেশ্বৰৰ পৰাই গম পাইছিল সি, তাৰ মৰমৰ কাঁজলীজনী “যমৰ হাবি”ত সোমোৱা বুলি | দেউতাক ঢুকোৱাৰ পিছৰ পৰাই গৰু চৰোৱা, খৰি লুৰা আদি তাৰ কান্ধত আহি পৰা দায়িত্বসমূহ ইমানদিনে অতি সুকলমেই পালন কৰি আহিছিল সি | কিন্তু আজি তাৰ অলপ অসাৱধানতাৰ ফলতেই গৰুজনী তাত সোমাবলৈ পালে | নিজৰ ওপৰতেও খং উঠি গ’ল ৰংমনৰ | খং কৰিওতো এতিয়া একো লাভ নাই‍, মনতে ভাবিলে সি | হ’ল বুলিতো আৰু এনেকৈ গৰুজনীক এৰি দিবও নোৱাৰি !

মনৰ ভিতৰতে তিনিবাৰ ঈশ্বৰৰ নাম স্মৰণ কৰি ধীৰ গতিৰে হাবিখনলৈ সোমাই গ’ল সি | অস্তাচলত তেতিয়া বেলি ডুবিছিল যদিও পূৰ্ণিমাৰ পোহৰে তাক সাহস যোগাইছিল | কাঁজলীজনীক মাতি মাতি সোমাই গৈ আছে ৰংমন | পূৱ দিশত অলপ দূৰত কাঁজলীৰ হেম্বেলনি শুনিবলৈ পাই মনটো পুলকিত হৈ উঠিল তাৰ | খৰ গতিৰে আগুৱাই গ’ল সি হেম্বেলনি অনুসৰণ কৰি | হঠাতে উত্তৰ দিশৰ পৰা হঠাতে কিবা খচ্‌খচনি এটা শুনি চক্‌ খাই উঠিল সি | গছ এজোপাৰ আঁৰ লৈ জুমি চালে দক্ষিণৰ পিনে | এনেতে খচ্‌খচনিৰ লগতে গোঁজৰণি এটা শুনিবলৈ পাই জিকাৰ খাই উঠিল ৰংমন | বুকুৱে তাৰ ধান বানিবলৈ আৰম্ভ কৰিলে, যেতিয়া সি নিশ্চিত হ’ল যে এয়া বনৰাজৰ বাহিৰে আন একো নহয় | ততাতৈয়াকৈ ওচৰতে থকা জামু এজোপাৰ ওপৰলৈ উঠি গ’ল সি | গোঁজৰণি কাষ চাপিছে | “য’তেই বাঘৰ ভয় তাতেই ৰাতি হয়”-কথাষাৰ ইমানদিনে শুনিহে আহিছিল সি | চাক্ষুস প্ৰমান পালে তেতিয়াহে, যেতিয়া ঘৰ্‌-মৰ্‌কৈ সি উঠি থকা জামুগছৰ ঠানিটো ভাঙি পৰিবলৈ আৰম্ভ কৰিলে | ভয়ৰ প্ৰকোপত গম নোপোৱাকৈয়ে গছজোপাৰ ভালেখিনি ওপৰলৈ উঠি গৈ সৰু ঠানি এটাত উঠিছিলগৈ সি | জামুৰ ঠানিটোৰ লগতে তাৰ শৰীৰটোৱেও মধ্যাকৰ্ষণৰ সূত্ৰ অমান্য নকৰাকৈ হিৰ্‌-হিৰ্‌কৈ তললৈ নামি আহি থাকিল | “ত্ৰাহিমাম ত্ৰাহিমাম” সুঁৱৰি ক’ৰবাত ধৰিবলৈ পোৱাৰ আশাত তীব্ৰ গতিত হাত দুখন ওপৰলৈ মেলি দিলে ৰংমনে | এনেতে হঠাতে তাৰ শৰীৰটো ৰৈ গৈ শূন্যত ডুলিবলৈ আৰম্ভ কৰিলে | ঘটনাৰ আকস্মিকতাত প্ৰথমতে ৰংমনে একোৱেই ধৰিবলৈ সক্ষম হোৱা নাছিল যদিও ওপৰলৈ চা‍ই দেখে যে দুখন দীঘল গামোচা গছৰ ডাল এটাত মেৰ খা‍ই তাৰ হাতৰ সৈতে সাঁঙোৰ খাই আছে | আশ্চৰ্য্যপূৰ্ণ মনটোৰে স’তে ওপৰলৈ উঠিবলৈ চেষ্টা কৰি ৰংমনে দেখে যে সি বিচৰা ধৰণেই গামোচাৰ ৰচী দুডাল চুটি হৈ গৈ আছে | গছডালৰ ডাল এটালৈ উঠি গৈ ওপৰত বহি ল’লে সি | কিবা এটা নতুন আত্মৰহস্যৰ উমান পালে | ডালটোত বহিয়েই সি পুনৰ এবাৰ হাত দুখন আগৰ নিচিনাকৈ আমগছ এজোপাৰ ডাল এটালৈ বুলি উদ্দেশ্য কৰি মেলি পঠিয়ালে | তাৰ হাতৰ পৰা গামোচাৰ দুডাল দীঘল ৰচী ওলাই সি লক্ষ্য কৰা ডালটোত মেৰ খাই গ’ল | আনন্দত উত্ৰাৱল হৈ ইডালৰ পিছত সিডাল গছলৈকে গামোচা-ৰচীৰ সহায়ত ডুলিবলৈ আৰম্ভ কৰিলে ৰংমনে |

আনন্দৰ প্ৰকোপত ডুলি ডুলি পাহৰি গৈছিল সি কাঁজলীৰ কথা | হঠাত্‍ কাঁজলীৰ হেম্বেলনি শুনিবলৈ পা‍ই তললৈ জুমি চালে ৰংমনে | দেখিলে সি উঠি থকা গছডালৰ পিনে কাঁজলীজনি আহি আছে | এনেতে মনত পৰিল তাৰ গছডালৰ তলতে থকা বনৰাজৰ কথা | কিবা এটা উপা‍ই ভাবি উলিওৱাৰ আগতেই ৰংমনে দেখিলে যে তীব্ৰ গতিৰে প্ৰকান্ড বাঘটোৱে কাঁজলীৰ পিনে চোঁচা লৈছে | তাৰ অতি মৰমৰ কাজঁলীৰ এনেকুৱা বিপদ দেখি আগ-পিছ একো নাভাবি ৰংমনে জপিয়াই দিলে বাঘটোৰ পিঠিলৈ বুলি | বনৰাজৰ গলধনত খামুচি ধৰি দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি ৰখাবলৈ চেষ্টা কৰিলে | কিন্তু বনৰাজ আৰু মনুষ্যৰ দেহৰ শক্তিৰ তুলনা ক’ত ! ৰংমনৰ দেহৰ সমস্ত শক্তিক উপেক্ষা কৰি বনৰাজ আগুৱাই গৈ থাকিল | ৰংমনৰ অতি মৰমৰ কাঁজলীৰ দেহত বাঘটোৱে জপিয়াই পৰিবলৈ লওতেই ৰংমনে এখন হাতেৰে বনৰাজৰ ডিঙিত খামুচি আনখন হাতেৰে বিপৰীত দিশত থকা ডাঙৰ আম গছ এডাললৈ বুলি গামোচা-ৰচী মাৰি পঠিয়ালে | গামোচা-ৰচীৰ সহায়ত কোনোমতে সি বনৰাজৰ গতি স্তব্ধ কৰিবলৈ সক্ষম হ’ল যদিও বনৰাজৰ নখৰ আঁচোৰত কাঁজলীৰ গলধনৰ পৰা তেজ নিগৰিবলৈ ধৰিলে | তাৰ অতি মৰমৰ কাঁজলীৰ দেহত তেজ দেখি খঙত জ্ব্লি-পকি কঁপিবলৈ ধৰিলে সি | খঙৰ প্ৰকোপ বাঢ়ি গৈ থাকিল আৰু হঠাতে ৰংমনে তাৰ দেহৰ শক্তি বহুগুণ বৃদ্ধি হোৱা যেন অনুভৱ কৰিলে আৰু কিয় জানো তাৰ নাকটো‍ও দীঘল হোৱা যেন অনূভৱ কৰিলে | বনৰাজৰ লগত ৰংমনৰ তয়াময়া ৰণ লাগিল | ভালেখিনি সময় যুঁজি যুঁজি অৱশেষত ভাগৰি পৰিল ৰংমন | হঠাতে এবাৰ বাঘৰ আঁচোৰত দূৰৈত চিটিকি পৰিল সি | তীব্ৰ গতিত তাৰ পিনে চোঁচা লৈ তাৰ ওপৰত জপিয়াই পৰিব লোৱা দেখি “ত্ৰাহিমাম ত্ৰাহিমাম” সুঁৱৰি চকু দুটা মুদি এটা বিকট চিঞৰ মাৰিলে ৰংমনে | কিন্তু কি আচৰিত ! ক্ষন্তেক পিছত চকু মেলি চা‍ই সি দেখে যে বাঘটো তাৰ গাৰ ওপৰত নপৰি আন এটা দিশত হে গুজৰি-গুমৰি চোঁচা ল’লে | যাওঁতে বাটত কেইবাডাল গছত খুন্দা মাৰি গ’ল |আচৰিত হ’ল ৰংমন |

ভাবি তত্‍ নাপালে প্ৰকৃততে হৈছিলনো কি ! সি এইবাৰ চকুদুটা মেলিয়েই অনুৰূপ আগৰটোৰ দৰে এটা চিঞৰ মাৰি চালে | দেখিলে মুখৰ পৰা তাৰ ভুত-জলকীয়াৰ গুৰি ওলাই ভালেখিনি দূৰলৈ চিটিকি গৈছে, ফল্গোত্‍সৱত ফিচ্‌কাৰি মৰাৰ লেখিয়াকৈ | নাকটোও তাৰ দীঘল হোৱা যেন বোধ হৈছিল | অলপ আঁতৰত গাঁত এটা বৰষুণৰ পানীৰে ভৰি আছিল আৰু জোনটোৰ পোহৰত পানীখিনি জিলিকি আছিল | নিজৰ শৰীৰটো এবাৰ চোৱাৰ প্ৰয়োজনবোধ কৰিলে ৰংমনে | শেহতীয়া কেইটামান মুহূৰ্তত কেইবাটাও আশ্চৰ্য্যৰ সম্মুখীন হৈ আছে সি | পানীখিনিৰ ওচৰলৈ গৈ নিজৰ শৰীৰটো চাওঁ বুলি ভাবি চকু নিক্ষেপ কৰিয়েই থৰ হৈ ৰ’ল ৰংমন | তাৰ নাকটোৱে দেখোন গঁড়ৰ খৰ্গৰ ৰূপ ধাৰণ কৰিছে আৰু হাত-ভৰিবোৰো গঁড়ৰ ঠেঙৰ নিচিনা হৈছে | ইমান পৰে মানুহৰ নিচিনাকৈ দুখন ভৰিৰেই খোজ কাঢ়ি আছিল সি | লাহেকৈ তাৰ হাত দুখন মাতিত থৈ গঁড়ৰ নিচিনাকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰি চালে | লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰিলে | ঊৱা !! সি চোন আগতকৈও ভালেখিনি তীব্ৰ গতিৰে দৌৰিবলৈ সক্ষম হৈছে | দৌৰি থাকোতে হঠাত্‍ কাঁজলীৰ হেম্বেলনি শুনি থমকি ৰ’ল সি আৰু নিজকে সংযত কৰিবলৈ চেষ্টা কৰিলে | মনৰ আনন্দত উত্ৰাৱল হৈ পাহৰিয়েই গৈছিল সি কাঁজলীজনীৰ কথা | লাহে লাহে ৰংমনে তাৰ আগৰ নিজস্ব ৰূপ ঘূৰাই পালে |

তাৰ মৰমৰ কাঁজলীজনীক লৈ ঘৰলৈ ওভতাৰ পথত মনৰ ভিতৰতে এটা সংকল্প ল’লে ৰংমনে | তাৰ এই শক্তি ৰংপুৰৰ লগতে সমগ্ৰ অসমবাসীৰ ৰক্ষাৰ হকে ব্যৱহাৰ কৰিব সি, কিন্তু ৰংমন হিচাপে নহয়, ৰংদেউ হিচাপেহে | ৰংদেউ….ৰংমনৰ নতুন ৰূপটোৰ নাম |

 

ক্ৰমশঃ ………

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Lalita kalita -- champaign, Illinois, USA
9 years ago

লেখাটো খুব ভাল লাগিল ৷ পৰবৰ্ত্তী সন্খ্যালৈ বাট চালো ৷

ৰিদিপ কুমাৰ নাথ
9 years ago

পঢ়ি ভাল পোৱা বুলি জানি সুখী হ’লোঁ | ধন্যবাদ