ৰংদেউ ছিৰিজঃ ভোগালীত কূট-পৰীৰ আগমন (ৰিদিপ কুমাৰ নাথ)

ৰংদেউ ছিৰিজঃ ভোগালীত কূট-পৰীৰ আগমন (ৰিদিপ কুমাৰ নাথ)

“কোন সেই জধামূৰ্খ? কাৰ ইমান সাহস কূটাসুৰৰ লগত ’পাঙ্গা’ ল’বলৈ?”
“উম্‌ম্‌ম্‍……ৰংদেউ….হয় ’আকা’ ৰংদেউ, ৰংদেউ বুলিয়েই কৈছিল নামটো | দেখিবলৈ গঁড়ৰ নিচিনা।”—শেহাই শেহাই ক’লে বানাসুৰে |
“ৰংদেউ? হুম্‌ম্‌ম্‌!!! মোৰ কাৰ্য্যত বাধা দি তই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি ল’লি ৰংদেউ।  তোৰ গাঁৱত এতিয়া কেৱল কূটেই ৰাজ কৰিব। মোৰ আগন্তুক অস্ত্ৰৰ বাবে সাজু হ ৰংদেউ!”—কূটাসুৰৰ মুখত বেকেটামুৱা হাঁহি ।
ৰংদেউৱে গৰুৰ খাদ্য দিয়া পাত্ৰটোত আৱদ্ধ বানাসুৰক বিস্ফোৰণ কৰি উৰুৱাই দিয়াৰ পিছত বাষ্প হৈ যোৱা বানাসুৰৰ দেহৰ টুকুৰাসমূহৰ কোনো কোনো অংশ বতাহৰ গতিৰ সহায়ত যোৰা লগাই কোনোমতে গৈ আকাৰ ওচৰ পাইছিল বানাসুৰ | বানাসুৰৰ বিফলতাত ক্ৰোধত জ্বলি-পকি উঠিল কূটাসুৰ |
“ব্যৰ্থতা কূটাসুৰৰ কাম্য নহয় | বিফল হোৱা যিকোনো প্ৰাণীয়ে কূটাসুৰৰ বাবে কাম কৰাৰ অধিকাৰ হেৰুৱাই পেলায় |”—কূটাসুৰৰ কথাত শংকিত হৈ পৰিল বানাসুৰ |
“ক্ষমা কৰক ’আকা’…মোক আকৌ এবাৰ সুযোগ দিয়ক | এইবাৰ ৰংদেউৰ জীৱনৰ সমগ্ৰ ৰং কাঢ়ি আপোনাৰ চৰণত অৰ্পণ কৰিম | মাত্ৰ এটা সুযোগ ’আকা’ |”
“সুযোগ !! হাঃ হাঃ….সুযোগ লাগে ? সুযোগ এটা নিশ্চয় দিম তোক”—কূটাসুৰে পিন্ধি থকা সেউজীয়া চশমাযোৰ খুলি চকুৰে বানাসুৰৰ দেহৰ কণিকাসমূহত কূট-বাণ মাৰি ক’লে, “এয়া ল, নৰকলৈ যোৱাৰ সুযোগ |”
বানাসুৰৰ দেহৰ প্ৰত্যেকটো কণাত কূট-বাণৰ প্ৰভাৱত কূটৰ সঞ্চাৰ হ’ল | এটা কণাই আনটোৰ পৰা আঁতৰি যাবলৈ ধৰিলে | বাষ্প হৈ থকা প্ৰত্যেকটো কণিকা এটা আনটোৰ পৰা বহু দূৰলৈ আঁতৰি গ’ল | ডাঙৰ চিঞৰ এটাৰে বানাসুৰ বতাহত বিলীন হৈ গ’ল |
“পুউউউউউউউউউউউ………..” মহৰ শিঙৰ পেঁপাৰ মাত শুনি শোৱাপাটিৰ পৰা জপিয়াই উঠিল ৰংমন | মেজত থকা ঘড়ীটোলৈ চাই দেখিলে যে তেতিয়া ৫ বাজিবলৈ ৩ মিনিট বাকী | বাটলৈ ওলাই গৈ দেখে যে তপন, অমৰ, বুবুল, মন্টু, কিশোৰ, অংকুৰহঁত ইতিমধ্যে গোট খাইছে |
“চাওঁ মোক দে | বজাবলৈয়ে নাজান তহঁতে | ইমান সৰুকৈ বজালে কোনেনো সাৰ পাব ঐ?”– মন্টুৰ হাতৰ পৰা পেঁপাটো কাঢ়ি ল’লে সি | মুখখন পেঁপাৰ মুখত লগাই গাল দুখত টেকেলি পিঠাৰ দৰে ফুলাই  দেহৰ সমষ্ট শক্তি প্ৰয়োগ কৰি বজাবলৈ চেষ্টা কৰিলে |
“পুউউউফুউউউপুউউফুউফুফুফুউউউউউউফু…..” তাৰ পেঁপাৰ পৰা ওলোৱা মাত শুনি আটাইকেইজনে গিৰ্জনি মাৰি হাঁহিবলৈ আৰম্ভ কৰিলে | সিহঁতকেইটাৰ ভিতৰত পেঁপা বজোৱাত মন্টু আটাইটকৈ ভাল | সিহঁতকেইটাই তেনেকৈ হঁহা দেখি লাজ পালে বেচেৰা ৰংমনে |
“হ’ব হ’ব | হাঁহিব নালাগে | মুখখন শুকান হৈ আছে বুলিহে | নহ’লে দেখিলিহেঁতেন পেঁপাৰ মাত কাক কয় |”
“ঐ, এতিয়া ধেমালিয়েই কৰি থাকিবিবিনে পথাৰলৈও যাবি ? আজি কাম শেষ কৰিবই লাগিব|”—ৰংমনৰ কথাৰ মাজতে মাত দি তপনে ক’লে |
“বাকীবোৰ অহাই নাই দেখোন !”— কিশোৰে ক’লে |
“আমি গৈ আৰম্ভ কৰি দিওগৈচোন ব’ল | বাকীবোৰ আহি থাকিব লাহে লাহে |“
তপনৰ কথামতে আটাইকেইজন পথাৰলৈ বুলি ৰাওনা হ’ল | যাওতে বাটে বাটে মন্টুৱে পেঁপাটো বজাই বজাই গ’ল | উপেন জেঠাইহঁতৰ বাৰীৰ মাজেৰে সিহঁতে পিছফালে থকা পথাৰখনৰ পিনে আগবাঢ়িল | যাওতে ৰংমনে জেঠাইহঁতৰ বাৰীত থকা বাঁহনিডৰাৰ পৰা এডাল বাঁহৰ কুঁমলীয়া চেকনি চিঙি ল’লে দাঁত ঘঁহিবলৈ | ভেলাঘৰৰ নৰা কাটিবলৈ আহোতে সাধাৰণতে সিহঁত কোনেও দাঁত ঘহিবলৈ ৰৈ নাথাকে | বিচনাৰ পৰা উঠিয়েই পথাৰলৈ ৰাওনা হয় |
ৰংপুৰৰ এইটো পুৰণি নিয়ম | ম’হৰ শিঙৰ পেঁপাটো বজালেই গাৱৰ ডেকা ল’ৰাবোৰে গম পাই যায় যে ভেলাঘৰৰ নৰা কাটিবলৈ যাবৰ সময় হৈছে | ডেকাচামৰ মাজত আন এটা নিয়ম যোৱা কেইবছৰমানৰ পৰা চলি আহিছে | বিহুৰ দিনাখন ভেলাঘৰ পুৱাই অহাৰ পিছত  এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় | সাধাৰণতে চাকৰি নাইবা উচ্চ-শিক্ষা সংক্ৰান্তত গাওঁৰ পৰা আঁতৰত থাকিবলগীয়া হোৱা ল’ৰাবোৰ মাঘ বিহুৰ সময়ত ঘৰত উপস্থিত হয় | বৰ্তমান খেলি থকা ল’ৰাবোৰৰ দলটো আৰু আগতে খেলা বৰ্তমান বাহিৰত থকা এই ল’ৰাবোৰৰ মাজত হয় প্ৰীতি খেলখন | যিটো দলেই হাৰে সেইটো দলৰ খেলুৱৈসমূহে খেলৰ শেষত কলপাতত খোৱা তৰকাৰীৰ খৰচ বহন কৰিব লাগে | এই খেলখনক লৈ গাওঁখনৰ সকলো ডেকাৰ খুব উৎসাহ পৰিলক্ষিত হয় |
নৰা কটা কাম প্ৰায় সম্পূৰ্ণ হৈছেই | ঘৰে ঘৰে গৈ বাঁহ তুলি আজি গধূলিলৈকে সম্পূৰ্ণ কৰিব লগিব লগিব ভেলাঘৰ সজা কাম |  এজন-দুজনকৈ আটাইবোৰ গোট খোৱাৰ পিছত সিহঁত আটায়ে মিলি এঘন্টাৰ ভিতৰতে নৰা কটা কাম সম্পূৰ্ণ কৰিলে | তাৰ পিছত দুটা দলত ভাগ হৈ গাঁৱৰ দুয়োপিনৰ পৰা বাঁহ তুলিবলৈ গ’ল | মন্টু, কিশোৰ আৰু অমৰ থাকিল আলুভাজি বনাবলৈ | পথাৰৰ মাজতে চৌকা বনাই নৰাৰে জুই ধৰি ভেলাঘৰৰ কাম কৰা সকলোৱে মিলি আলু ভাজি খোৱাটোও নিয়মতেই পৰিণত হৈছে | ভেলাঘৰ বনাওতে হোৱা এই খৰচবোৰ ৰাইজৰ পৰা উঠোৱা পইচাৰ পৰাই লোৱা হয় যদিও ৰজনী বুঢ়াৰ নতুনকৈ লহপহকৈ বাঢ়ি অহা খেতিৰ পৰা মনে মনে আলু চুৰ কৰি আনি খাই সিহঁতে বেছি মনোৰঞ্জন পায় | ৰজনী বুঢ়া গাওঁখনত ’কেঙো কাইটি’ নামেৰে প্ৰসিদ্ধ | কোনে, কি কাৰণত এই নামটো বুঢ়াক দিছিল সেই বিষয়ে সিহঁত অজ্ঞাত | বুঢ়াৰ খং উঠিলে চাবলৈ বৰ ভাল | যেতিয়া ৰজনী বুঢ়াই কথাটো গম পাই চৈধ্য পুৰুষ উজাৰি গালি পাৰিবলৈ আৰম্ভ কৰে তেতিয়া সিহঁতে মুখ টিপি হাঁহে | গাঁৱৰ বয়স্ক মানুহবোৰৰ পৰাও কম কথা শুনেনে সিহঁতে ! হ’লেও এইটো মজা লবলৈ অকনো কৃপণালি নকৰে |
“এই কেঙো কাইটিৰ ঘৰত জুই লাগিব কেতিয়াবা | সমাজৰ কামত বস্তু এটা দিবলৈও ইমান কৃপণালি কৰে |”—-ফোঁপাই-জোপাই একান্ধত বাঁহ এডাল লৈ অহা বুবুলৰ মাতত মন্টুহঁতে মূৰ তুলি চালে |
“এনেই কেঙো কাইটি নাম পোৱা নাই চাগে ! কাৰ বাবে বা সাঁচি ৰাখিছে ইমান সম্পত্তি ! বুঢ়া-বুঢ়ী সিপুৰী পোৱাৰ পিছত ঘৰত খাবলৈও কোনো নাথাকিব | নিগমে মৰিব চাল্লা  বুঢ়া |”—বাঁহডালৰ সিটো মূৰ কান্ধত লৈ থকা তপনে ক’লে | —-“ঐ ইয়াতেই থ |”
“ঐ বাদ দে না কেঙো কাইটিৰ কথা | সি তেনেকুৱাই | প্ৰত্যেকবাৰে তেনেকুৱা কৰে | এতিয়া বাদ দে সেইবোৰ | আলুভাজিত নিমখ হৈছেনে চাচোন |” — মন্টুৱে অলপ আলুভাজি লৈ বুবুল আৰু তপনক দিলে |
বাকীবোৰ বাঁহ সংগ্ৰহ আৰু আলু ভজাত ব্যস্ত থকাৰ সময়ত ৰংমনৰ কান্ধত লাইতৰু অনাৰ দায়িত্ব পৰিছিল | উপেন জেঠাইহঁতৰ বাৰীৰ পিছপিনে লাইতৰু পোৱা যায় | প্ৰত্যেকবাৰেই তাৰ পৰাই লাইতৰু অনা হয় | কিন্তু এইবাৰ গৈ সি দেখিলে যে লাইতৰু এডালো নাই | বোধহয় বাৰীৰ জংঘল চাফা কৰোতে কোনোবাই ভুলক্ৰমে কাটি পেলালে |
“ছেঃ কি কৰা যায় এতিয়া ? যমৰ হাবিতো লাইতৰু পোৱা যায় | তাৰপৰাই লৈ আহোগৈ নেকি !”—যমৰ হাবিৰ পিনে ৰাওনা হ’ল ৰংমন |
বিচাৰি বিচাৰি ৰংমনে লাইতৰু এজোপা পালে | কিন্তু জংঘলৰ ভিতৰত বৰ বেয়াকৈ পাক খাই আছে | হ’লেও নিবতো লাগিবই | দাখন ককালত খুছি লৈ জংঘল ফালি সোমাই গ’ল সি | তাৰ পৰা লাইতৰু কাটি অনালৈকে বহু পৰ লাগিল |
“আজিৰ পোৱালী হৈ তহঁতৰ ইমান সাহস মোৰ বিষয়ে বেয়াকৈ ক’বলৈ ? শগুণে খোৱাহঁত ঐ…..মোৰ সংসাৰক লৈ তহঁতে কথা কৱ ! শেষ কৰি দিম আজি চবকে | চবতে জুই লগাই দিম বাপ্পেকে |”—দিশাচলাইৰ বাকচ এটা লৈ কাঁটি থোৱা নৰাবোৰৰ ফালে চোঁচা লোৱা ৰজনী বুঢ়াক দহ-বাৰজন পাহুৱাল ডেকায়ো ৰাখিব পৰা নাই | ক’ত পালে বুঢ়াই আজি ইমান শক্তি !! বুঢ়াই আগতেও খং উঠিলে চৈধ্য পুৰুষ উজাৰি গালি পাৰে যদিও, সমাজৰ কামত টকা খৰচ কৰিবলৈ টান পায় যদিও এনেকুৱা সমাজৰ অহিতকাৰী কাম কোনোদিনে কৰিবলৈ আগবাঢ়ি অহা নাই |
মন্টুক জানো অকস্মাত কিহে পাইছিল দৌৰি গৈ ৰজনী বুঢ়াক লগাই দিবলৈ | সিতো আগে-পিছে কাজিয়া লাগিলে ভাঙিবলৈহে আগবাঢ়ি যায় | অকস্মাত কি জানো হ’ল, তপন আৰু বুবুলক নিমখ হৈছেনে চাবলৈ আলুভাজিখিনি হাতত দিয়েই সি লৰ দিলে ৰজনী বুঢ়াৰ ঘৰলৈ আৰু ৰজনী বুঢ়াক কি কথা জানো ইমানকৈ লগালে যে অস্বাভাৱিকভাৱে উগ্ৰ-মূৰ্তি ধৰি দৌৰি আহিল ! কোনেও বুজিব পৰা নাই এই অস্বাভাৱিকতাৰ কাৰণ |
নাই, কোনেও ৰখাব পৰা নাই | এজন ৬৫ বছৰীয়া বুঢ়া এজনৰ লগত যুঁজি যুঁজি অৱশেষত ভাগৰি পৰিল দহ-বাৰজন চফল ডেকা | ইমানদিন কষ্ট কৰি কটা সমগ্ৰ নৰা চকুৰ পচাৰতে জ্বলি শেষ হৈ যোৱা আৰু প্ৰথমবাৰৰ বাবে ৰাজহুৱা ভেলাঘৰ পুৱাব নোপোৱাৰ কাল্পনিক বেজাৰত ম্ৰিয়মান হৈ পৰিল সকলো | ৰজনী বুঢ়াই দিয়াশলাৰ কাঠি এডাল উলিয়াই জুইৰ সঞ্চাৰ কৰি গোটাই থোৱা নৰাৰ দমৰ পিনে দলিয়াই দিলে | দুখ-ভাগৰত জৰ্জৰিত ল’ৰাবোৰে চকু মুদি দিলে বেজাৰত |
কাঠিডাল বায়ুমণ্ডলত ঘূৰি ঘূৰি উৰি গৈ নৰাৰ দমত পৰাৰ ঠিক আগৰ এক মুহূৰ্ত…
এখন মটীয়া হাতৰ পতা আহি নৰাৰ ওপৰত ভাঁহি উঠিল | মটীয়া হাতৰ মুঠিৰ ভিতৰত জুইৰ কাঠি নুমাই গ’ল | অমৰহঁতে ৰংদেউক দেখি আনন্দত কিৰীলি পাৰিবলৈ ধৰিলে | ৰজনী বুঢ়াই আন এডাল কাঁঠিত জুইৰ সঞ্চাৰ কৰিবলৈ উদ্যত হ’ল | দ্ৰুত গতিৰে ৰংদেউ দৌৰি আহিল বুঢ়াৰ পিনে, বুঢ়াক ধৰি লৈ আঁতৰাই নিয়াৰ উদ্দেশ্যে | কিন্তু ধৰিবলৈ পোৱাৰ আগতেই বুঢ়াৰ প্ৰচণ্ড ঘোঁচা এটাত বহু দূৰলৈ চিটিকি পৰিল ৰংদেউ | ৰংদেউৰ এইবাৰ আচৰিত হোৱাৰ পাল | ইমান শক্তি ক’ত পালে বুঢ়াই ! ভাবি থাকোতেই ৰজনী বুঢ়াই পুনৰবাৰ দিয়াচলাইৰ কাঠি এডাল জ্বলাই ললে | নৰাৰ দমলৈ মাৰি পঠিয়াবলৈ লওতেই কথা বিষম দেখি ৰংদেউৱে গামোচা-ৰচী মাৰি পঠিয়াই বুঢ়াৰ হাতখন টানি আনিলে | জ্বলা কাঠি নৰাৰ ওপৰত নপৰি আন এঠাইত পৰিল | তাৰ পিছত ৰজনী বুঢ়াৰ সৈতে ৰংদেউৰ তুমুল যুদ্ধ লাগিল | ৰংদেউ সম্পূৰ্ণ প্ৰয়াস কৰিও বুঢ়াক বশ কৰিব পৰাই নাই | “ভূত-গুৰি” মৰাৰো উপায় নাই, কাৰণ তেতিয়া বুঢ়াৰ অনিষ্ট সাধন হ’ব পাৰে | ৰংদেউৰ উদ্দেশ্য ভেলাঘৰ বচোৱাটোহে | কোনো নীৰিহ প্ৰাণীৰ ক্ষতিসাধন নহয় |
হুলস্থুল শুনি ইতিমধ্যে পথাৰত নমিতা, বৰ্ণালী সমন্বিতে গাঁৱৰ ছোৱালীবোৰো উপস্থিত হৈছিল |
“জেঠাই ঐ, ছোৱালীজনী কোন হয় ঐ ? কিয় বোকাত লৈ আছ তাইক ?—-ৰজনী বুঢ়াক উদ্দেশ্যি হঠাত্‍ নমিতাই মৰা চিঞৰটোত আটাইৰে চকু তাইৰ পিনে গ’ল | তাৰ পিছত সকলোৱে ৰজনী বুঢ়াৰ পিনে লক্ষ্য কৰিলে | কিন্তু, তপন, কিশোৰ, বুবুল কোনোৱেই বুঢ়াৰ পিঠিত কাকো নেদেখিলে | আনকি ৰংদেৱেও |
তপনহঁতৰ খং উঠি গ’ল | “ঐ তহঁতে ইয়াত কি ধেমালি কৰিবলৈ আহিছ ? দেখা নাই নেকি কি হৈ আছে ?”—অমৰৰ ধমকি |
“ধেমালি কোনে কৰিছে ঐ ? অন্ধ হ’লি নেকি তহঁত ? দেখা নাই কেনেকৈ  ছোৱালীজনীয়ে জেঠাইৰ পিঠিত সাৱতি বহি আছে ? এই ছোৱালীজনীয়েই চাগে কিবা উল্টা-পুল্টা কৰি আছে !”—বৰ্ণালীয়ে চিঞৰি ক’লে | আটাইবোৰ ছোৱালীয়ে তাইৰ সমৰ্থনত চিঞৰি উঠিল |
“যাবিনে তহঁত ইয়াৰ পৰা ? সোনকালে আঁতৰ হ |”—তপনে দাবী মাৰি আটাইবোৰ ছোৱালীক তাৰ পৰা খেদাৰ যো-জা চলালে |
“কিবা নিশ্চয় খেলিমেলি আছে | আটাইবোৰ ছোৱালীয়ে এইটো সময়ত মিছা নামাতে | যোৱা কিছুসময় ধৰি এটাৰ পিছত এটাকৈ ঘটি থকা ঘটনাসমূহৰ আধাৰত ছোৱালীবোৰৰ কথাৰ সত্যতা নুই কৰিব নোৱাৰি | কিন্তু ৰংদেউৱে কাকো দেখা পোৱা নাই কিয় ? আৰু তপনহঁতে ?”—ভাবি থাকোতেই পেটত পৰা গোৰ এটিত ছোৱালীবোৰৰ ওচৰত চিটিকি পৰিল ৰংদেউ | ইতিমধ্যে বুঢ়াৰ প্ৰহাৰত থক-সৰকা হৈ পৰিছিল ৰংদেউ |
“ৰংদেউ, আমি মিছা কোৱা নাই | চোৱাছোন চোৱা, সেয়া বুঢ়াৰ পিঠিত থকা ছোৱালীজনীয়ে কেনেকৈ হাঁহি আছে |”—ল’ৰাবোৰৰ পৰা ধমকি খাই ছোৱালীবোৰে ৰংদেউক বুজাবলৈ চেষ্টা কৰিলে |
“কোন হয় তই ? এই সহজ-সৰল মানুহবোৰৰ মাজত বেমেজালিৰ সৃষ্টি কৰিবলৈ কিয় আহিছ ? সাহস আছে যদি সম্মুখলৈ আহ | চোৰৰ নিচিনাকৈ লুকাই লুকাই কি খেল খেলি আছ ? যদি কাপুৰুষ নহয় সম্মুখলৈ আহি দেখুৱা |”—ৰংদেউৱে খঙেৰে ক’লে |
“হিঃ হিঃ হিঃ…….”…হঠাত্‌ নাৰীকন্ঠৰ বিকট হাঁহি এটাত আটায়ে চক খাই উঠিল আৰু ক’ব নোৱাৰাকৈয়ে সকলোৰে ভৰি এখোজকৈ পিছুৱাই গ’ল |
“কোন তই ?”…ৰংদেউৱে আশ্বৰ্য্যৰে সুধিলে |
“হিঃ হিঃ হিঃ ৰংদেউ…বানাসুৰক বাধা দি যে তই ডাঙৰ ভুল এটা কৰি থৈছ পাহৰিলি নেকি ? বানাসুৰৰ ’আকা’ কূটাসুৰৰ জীয়াৰী মই, কূট-পৰী | মতা মানুহৰ পিঠিত বহি মই তাৰ শক্তি বহুগুণ বঢ়াই দিব পাৰোঁ | মনত বিভ্ৰাট জগাই দিব পাৰোঁ | কূটেৰে ভৰি পৰে তাৰ মন | কোনো ল’ৰাই মোক দেখা নাপায় | হিঃ হিঃ হিঃ…..দেউতাৰ খং উঠাই লৈ যি মূৰ্খামী কৰিলি তাৰেই ফল এয়া | ৰংপুৰৰ লগতে দেউতাৰ লক্ষ্য এতিয়া তয়ো, মহামুৰ্খ ৰংদেউ | তহঁত কাকো শান্তিৰে থাকিবলৈ নিদিয়ে দেউতাই |”
“ওহ হয় নেকি ??? মহামুৰ্খ মই নে নিজৰ জীয়াৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া তোৰ বাপেৰ কূটাসুৰহে বুজিবলৈ তোৰ বেছি সময় নালাগিব |”—ৰংদেউৱে ভুত-গুৰি মাৰিবলৈ উদ্যত হৈও থমকি ৰ’ল | প্ৰহাৰ কৰিব কিদৰে ! যাক দেখাই পোৱা নাই, কেনেকৈনো প্ৰহাৰ কৰে সি ? মহা সমস্যাত পৰিল ৰংদেউ |
“হিঃ হিঃ হিঃ…বেচেৰা ৰংদেউ !! তিল তিলকৈ তোৰ মৰমৰ গাঁওখনৰ মানুহবোৰৰ আগতেই তোৰ মৃত্যু হ’ব আজি | আনকি তোৰ মৃত্যুদাত্ৰীৰ মুখখনো তই চাবলৈ নাপাবি | ইচ্‌ বেচেৰাটো !!! দুখেই লাগিছে পাই ! হিঃ হিঃ হিঃ হিঃ !”
ৰজনী বুঢ়াৰ জৰিয়তে প্ৰহাৰৰ ওপৰত প্ৰহাৰ কৰিব ধৰিলে কূট-পৰীয়ে ৰংদেউৰ ওপৰত | কূট-পৰীকতো দেখাই নাপায়, আৰু বুঢ়াৰ ওপৰত প্ৰহাৰ কৰিও একো লাভ নাই | অনুমানতে বুঢ়াৰ পিঠিৰ পিনে প্ৰহাৰ কৰিবলৈ ৰংদেউৱে বাৰম্বাৰ চেষ্টা কৰিছিল যদিও লগে লগে কূট-পৰীয়ে স্থান সলনি কৰি দিয়ে | নমিতা, বৰ্ণালীহঁতে চিঞৰি চিঞৰি ৰংদেউক কূঁট-পৰীৰ স্থানৰ বিষয়ে কৈ আছিল যদিও ৰংদেউৱে প্ৰহাৰ কৰালৈকে তাই বেলেগ এটা স্থান লৈ লয় | বুঢ়াৰ উপৰ্যুপৰি প্ৰহাৰত ৰংদেউৰ নাকে-মুখে তেজ ওলাই আহিল |
হঠাতে ৰংদেউৰ কথা এটা মনত পৰিল | জুই পবিত্ৰ বস্তু আৰু পবিত্ৰ বস্তুৰ ওচৰত কোনো বেয়া বস্তুৰ প্ৰভাৱ বৰ্তিব নোৱাৰে | ৰংদেউৱে ভেলাঘৰকেইটাৰ পৰা আঁতৰৰ ঠাই এটুকুৰালৈ দৌৰি গ’ল | ৰংদেউৱে ভয় খোৱা বুলি ভাবি উল্লাসত হিঃ হিঃ কৈ অট্টহাস্য মাৰি বুঢ়াৰ পিঠিত উঠি কূট-পৰীয়ে খেদি গ’ল | তাৰ পিছত পুনৰ ৰংদেউৰ ওপৰত প্ৰহাৰ কৰিবলৈ ধৰিলে | ৰংদেউৱে আত্মসমৰ্পণ কৰাৰ দৰে নিজকে এৰি দিলে | ৰংদেউৱে হাৰ মনা যেন দেখি ভালকৈ বুঢ়াৰ পিঠিত বহি লৈ কূট-পৰীয়ে প্ৰৱল শক্তিৰে বুঢ়াৰ সহায়ত ৰংদেউৰ মুখত গোৰ মৰাৰ লক্ষ্যৰে খেদি গ’ল | ৰংদেউ তেতিয়া লেবেজান হৈ আঠু কাঢ়ি বহি আছিল | বুঢ়াৰ গোৰ পৰাৰ ঠিক আগৰ মুহূৰ্তত ৰংদেউৱে তীব্ৰ গতিত আঁতৰি দি প্ৰচণ্ড জুই সৃষ্টি হোৱাকৈ কিন্তু বুঢ়াৰ পিঠি ঢুকি নোপোৱাকৈ ভুত-গুৰি মাৰি পঠিয়ালে | ভুত-গুৰিৰ সামান্য অংশ এটা কূঁট-পৰীৰ পিঠিত লাগিল | অলপ আগলৈকে থকা “হিঃ হিঃ হিঃ” শব্দকেইটা “আই ঔ মৰিলোঁ ঐ”লৈ ৰূপান্তৰিত হ’ল |
এই সুযোগতে ৰংদেউৱে নিজকে চম্ভালি লোৱাৰ প্ৰয়াস কৰিলে | ঠিয় হৈ নিজকে চম্ভালিবলৈ পাইছিলহে মাথো, এনেতে পুনৰ তীব্ৰ ঘোঁচা এটিত বাগৰি পৰিল সি | খঙত জ্বলি পকি মৰা এই ঘোঁচাটোত ক্ষন্তেক সময়ৰ বাবে ৰংদেউৰ মূৰ আচন্দ্ৰাই কৰিলে | মূৰ তুলি চাই কিন্তু এইবাৰ ৰংদেউৰ মুখত হাঁহি বিৰিঙিল | কূট-পৰীৰ জুয়ে পোৰা পিঠিৰ সামান্য অংশটো ৰংদেউৱে দেখা পালে | সেই অংশটোত অদৃশ্যতাৰ প্ৰভাৱ নোহোৱা হ’ল | অলপো পলম নকৰি ৰংদেউৱে লগে  লগে গামোচা ৰচী মাৰি পঠিয়াই কূঁট-পৰীক বান্ধি লৈ ৰজনী বুঢ়াৰ পিঠিৰ পৰা পৃথক কৰিলে | তাৰ পিছত ভূত-গুৰিৰ প্ৰচণ্ড জুই মাৰি পঠিয়ালে |
“বচাআআআ….বচাআআআঅ….আই ঔ মৰিলোঁ ঐ…কোনোবাই মোক বচা ঐইইইইইইইই”—গগণ ফলা চিঞৰত আটায়ে কাণত হাতেৰে সোপা দিবলৈ বাধ্য হ’ল | হঠাতে কূট-পৰীৰ পিঠিৰ পৰা পাখী দুখন ওলাল আৰু সেই পাখীৰ সহায়ত উৰি নিমিষতে তাই  অন্তৰ্ধান হ’ল | সকলোৱে মুখ মেলি চাই থাকিল |
ৰংদেউৰ কথামতে ভাগৰত ঢলি পৰা ৰজনী বুঢ়াক চিকিৎসালয়লৈ নিয়াৰ যো-জা কৰিলে তপনহঁতে |
“ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ দেই ৰাইজ”—এই বুলি কৈ ৰংদেউও গঁড়ৰ ৰূপ ধাৰণ কৰি যমৰ হাবিৰ পিনে দৌৰি চকুৰ পলকতে অন্তৰ্ধান হ’ল |

“ধন্যবাদ ধন্যবাদ ধন্যবাদ | তোমালৈও থাকিল দেই …..”—সমস্বৰে চিঞৰিলে নমিতাহঁতে | সিহঁতৰ চকুত ৰংদেউ এতিয়া সপোন-কোঁৱৰ | ৰংদেউ যোৱাৰ বহু দেৰিলৈকে সিহঁতে ৰংদেউৰ কথাই পাতি থাকিল | ইমান সময় ৰংমনৰ অনুপস্থিতিৰ কথা গাঁৱৰ কোনেও মনেই নকৰিলে | ছোৱালীৰ জাকটো ৰংদেউৰ প্ৰশংসাত ইমানেই মগ্ন হৈ আছিল যে কেতিয়া আহি ৰংমন সিহঁতৰ পিছত থিয় হ’ল গমেই নাপালে |
“সঁচাকৈ, ৰংদেউ যে ইমাআআন ভাল !”—নমিতাৰ হাঁহিমুখীয়া মুখত কল্পনাৰ প্ৰলেপ  ফুটি উঠিছে |
“ধন্যবাআআঅদ |”—কাণৰ ওচৰত ৰংমনৰ চিঞৰত চক খাই জপিয়াই উঠিল নমিতা |
“ধেইট মূৰ্খ !! তোৰ কথা কোৱা নাই অ’ | ভাগ ইয়াৰ পৰা”—ইমান ধুনীয়াকৈ ৰংদেউৰ কথা কল্পনা কৰি আছিল | হঠাতে ৰংমনৰ চিঞৰটোত বাস্তৱলৈ উভতি আহি খং উঠি গ’ল নমিতাৰ |
“ক’ৰবাৰ পৰা ৰংদেউ এটা ওলালতো…ক’ত পাত্তা দিবি আৰু আমাক এতিয়া !”—জ্বলা জুইত ঘিউ ঢলাৰ উদ্দেশ্যেৰে ক’লে ৰংমনে | নমিতাৰ খং তাৰ ভাল লাগে |
“ঐ গাধ, যাবিনে ত‍ই ইয়াৰ পৰা ?”—ছেণ্ডেল এপাত খুলি হাতত লৈ খেদি গ’ল নমিতাই |
“মৰিলোঁ ঔ…….” —হাঁহি হাঁহি দৌৰ মাৰিলে ৰংমনে |

ক্ৰমশঃ……

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments