ৰংবং তেৰাঙৰ চুটিগল্পত কাৰবি সমাজ-জীৱনৰ চিত্ৰ- মৃদুল মৰাণ

০.০০ আৰম্ভণিঃ
সাম্প্ৰতিক সময়ৰ অসমীয়া চুটিগল্পকাৰসকলৰ ভিতৰত ৰংবং তেৰাং অন্যতম৷ তেওঁৰ গল্পৰ গাঁথনি সৰল৷ কিন্তু সেই সৰলতাৰ মাজতে আছে তেওঁৰ গল্পৰ মূল আবেদন৷ ৰংবং তেৰাঙৰ প্ৰথম গল্প সংকলন হ’ল ‘বন ফৰিঙৰ গীত’৷ ‘লাংছ’লিএতৰ কাক্ৰুং’ নামৰ আন এখন গল্প পুথিও প্ৰকাশ পাইছে৷ ৰংবং তেৰাঙৰ চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল কাৰবি সমাজ-জীৱনৰ প্ৰতিফলন৷ কাৰবি সমাজ-জীৱনৰ চিত্ৰই তেওঁৰ গল্পক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
কাৰবি সমাজৰ প্ৰতি গল্পকাৰৰ এক স্বাভাৱিক আকৰ্ষণ আছে৷ গল্পকাৰে তেওঁৰ গল্পৰ কাহিনী আৰু চৰিত্ৰ বিচাৰি বাহিৰলৈ যোৱা নাই৷ নিজৰ কাৰবি সমাজখনৰ পৰাই তেওঁৰ গল্পৰ প্ৰয়োজনীয় কাহিনী আৰু চৰিত্ৰসমূহ গ্ৰহণ কৰিছে৷ তেওঁৰ গল্পৰ পটভূমিসমূহ হ’ল ডিফু, শিলঘাট, লাংছ’লিএত, ৰংকিমি, লাংমিলি আদি কাৰবি পাহাৰৰ বিভিন্ন অঞ্চল আৰু গাঁও৷ ৰংবং তেৰাঙৰ চুটিগল্পত কাৰবি সমাজ-জীৱন আৰু তাৰ লগত সম্পৰ্ক জড়িতভাৱে বিভিন্ন দিশৰ প্ৰতিফলন কিদৰে হৈছে তাক এই প্ৰবন্ধত আলোচনা কৰিবৰ যত্ন কৰা হ’ব৷

১.০০ ৰংবং তেৰাঙৰ চুটিগল্পত কাৰবি সমাজ-জীৱনঃ

ৰংবং তেৰাঙৰ চুটিগল্পত কাৰবি সমাজ আৰু তাক কেন্দ্ৰ কৰি প্ৰতিফলিত হোৱা বিভিন্ন দিশবোৰ এনেদৰে নিৰ্দেশ কৰিব পাৰি

১.০১ কাৰবি লোক-সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলনঃ

ৰংবং তেৰাঙৰ চুটিগল্পত কাৰবি লোক-সংস্কৃতিৰ বিভিন্ন দিশৰ সজীৱ চিত্ৰ কিছুমান পোৱা যায়৷ কাৰবি লোক-বিশ্বাস অনুসৰি বহুতো দেৱ-দেৱী আছে আৰু এই দেৱ-দেৱীসমূহ তেওঁলোকৰ জীৱনচৰ্যাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে৷ গৃহদেৱতা ‘হেমফু’ৰ পূজাৰ কথা আছে ‘দুশ্চিন্তা’ গল্পত৷ কাৰবি কিংবদন্তিৰ এগৰাকী বয়ন-শিল্পৰ দেৱী ‘ছেৰদিহুন’ৰ উল্লেখ আছে ‘তিছ’লংজনৰ গাভৰু’ নামৰ গল্পত৷ কাৰবিসকলৰ জন-বিশ্বাসত পৰ্বতৰ এক প্ৰধান স্থান আছে৷ তেওঁলোকৰ বহুতো দেৱতাৰ নাম পৰ্বতৰ নামৰ সৈতে একে৷ যেনে- কংজুকছাৰপ’ আৰু মেকবিছাৰপ’ পাহাৰ আৰু দেৱতা(বিপ্লৱৰ সুৰ)৷ ‘কংজুক’ পাহাৰ আৰু দেৱতাৰ নামৰো উল্লেখ আছে ‘বিপ্লৱৰ সুৰ’ গল্পত৷ কাৰবি জন-বিশ্বাসত বৰাইল পৰ্বতৰো স্থান আছে৷ কাৰবি ভাষাত এই পৰ্বতৰ নাম হ’ল ‘মুকিন্দ’ আংলং’৷ ‘গাজাউডিছাৰ সন্ধানত’ নামৰ গল্পত কোৱা হৈছে- “জন-বিশ্বাসৰ মতে ‘মুকিন্দ’ আংলং’ হ’ল- স্বৰ্গ যাত্ৰাৰ সিংহ দুৱাৰ৷ ইমান ওখ পাহাৰ অতিক্ৰম কৰি ‘চম আৰাং’ অৰ্থাৎ যমপুৰীত আত্মাই আশ্ৰয় ল’ব পৰাটো এক প্ৰকাৰ ‘মুক্তি’ বুলি কাৰবি সমাজে বিশ্বাস কৰে৷ … এই মায়াময় পৰ্বতৰ বিৱৰণ কাৰবিসকলৰ মৃত্যুৰ পাছত আত্মাৰ মুক্তিৰ পথৰ পথ নিৰ্দেশনা গীতত ‘ওচেপী’য়ে গায় আৰু আত্মাক পৃথিৱীৰ পৰা স্বৰ্গপথেৰে যমপুৰীলৈ লৈ যোৱাৰ পথ নিৰ্দেশ কৰে৷”(গল্প সমগ্ৰঃ ৰংবং তেৰাং, ২০১২, পৃষ্ঠা- ১৩)
কাৰবি সমাজৰ বিশ্বাস অনুসৰি ‘ইংলংকিৰি’ দেৱতাৰ লগত বৰষুণৰ সম্পৰ্ক আছে৷ তাৰ প্ৰকাশ ‘শিপাৰ সন্ধানত’ গল্পটোত এনেদৰে আছে- “ডিফু-লুম্বাজং অঞ্চলটো ৰেইন-শ্বেড’ অঞ্চল৷ বৰষুণ আনিলেও পঞ্জিকাৰ বৃষ্টিকৰণ এই ভূখণ্ডত সম্ভৱ নহয়৷ স্থানীয় কাৰবিসকলে সেয়া ইংলংকিৰি দেৱতাৰেই মায়া বুলি বিশ্বাস কৰে৷ তামোল-পাণৰ বঁটাৰে সেৱা আগনবঢ়ালে ইংলংকিৰি দেৱতাই বৰষুণ ননমাই হেনো৷” (পৃষ্ঠা- ১১৯) কাৰবি লোক-বিশ্বাস মতে গাগিনী ফৰিং(লং পককাং) অহাটো ভাল৷ তেওঁলোকে বিশ্বাস কৰে যে ই হেনো ধান-চাউলৰ খবৰ লৈ আহে৷ (অহেতুক)
‘প্ৰেতাত্মা’ নামৰ গল্পটোত যোৰহাটৰ জয়ন্ত বৰুৱাই খনিজ সম্পদৰ অনুসন্ধান কৰিবলৈ মিকিৰ পাহাৰলৈ গৈছে৷ বাট-পথ দেখুৱাই দিবৰ বাবে ৰংপি গাঁৱৰ লংবি টেৰণক তেওঁ লগত লৈছে৷ লংবি টেৰণহঁতে পাহাৰৰ পৰা কয়লা বুটলিবলৈ ভয় কৰে৷ কাৰণ তেওঁলোকে ভাবে- “বাবু, ইজাত থাকা দেওটো বৰ কাৰা আছে৷ এই কালা মাটি ঘৰতে নিলে, আমাৰ কলিজাভি কালা হ’ব৷ হেই নিমিত্তে আমাৰ বস্তি মানুহে ইজাতে আৰা খেতি নকৰে৷ মই হ’লে বৰ ভয় লাগে দেই বাবু৷ ”(পৃষ্ঠা- ১৩)
এই সংসাৰত কিছুমান অদৃশ্য গাঁও আছে বুলি কাৰবিসকলে বিশ্বাস কৰে৷ এই কথা ‘বিপ্লৱৰ সুৰ’ নামৰ গল্পটোত পোৱা যায়৷ কাৰবি ভাষাত অদৃশ্য গাঁৱক ‘ৰংবিন’ বুলি কোৱা হয়৷ আকস্মিকভাৱে মৃত্যু হোৱা মানুহৰ শ ‘কাখ্ৰে’ৰদ্বাৰা শুধি কৰিহে স্পৰ্শ কৰিব পাৰি বা সৎকাৰ কৰিব পাৰি সেই কথা ‘দুশ্চিন্তা’ নামৰ গল্পটোত আছে৷ কাৰবি সমাজত অনুষ্ঠিত কৰা বিভিন্ন পূজা-পাতালত ৰঙা কুকুৰাৰ প্ৰয়োজন হয়৷ ‘শিপাৰ সন্ধানত’ নামৰ গল্পত আছে- “সৌটো ৰঙা কুকুৰা হ’ব৷ ভালদৰে তাক চাব লাগিব৷ খৰালি কালত ৰাহি পূজা কৰাবলৈ ভাল হ’ব৷ ”(পৃষ্ঠা-১২৫)
কাৰবি সমাজৰ বিভিন্ন ধৰ্মীয় কাৰ্যত মদৰ ব্যৱহাৰ আছে৷ শ দাহ কৰাৰ সময়তো মদ আৰু তামোল যচা হয়৷ চ’মাংকান উৎসৱ, চ’জুন পূজা আদিতো মদৰ প্ৰয়োজন হয়৷ ৰংবং তেৰাঙৰ বিভিন্ন গল্পত ইয়াৰ নিদৰ্শন পোৱা যায়৷
সহজ-সৰল কাৰবি মানুহখিনিৰ মনত দেৱতাৰ উপস্থিতি সজীৱ৷ সেয়ে বিপদ-অমংগলৰ সময়ত অদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই কিবা এটা আশা কৰে৷ প্ৰাচীন মূল্যবোধৰ পৰিৱৰ্তনৰ ছবি দেখিও তেওঁলোকে ভাবে দেৱতাই এইবোৰ কিয় সহি আছে? গ্ৰাম্য কাৰবি লোকসকলৰ এনে সৰল মানসিকতাৰ চিত্ৰ ৰংবং তেৰাঙৰ বহুবোৰ গল্পৰ মাজত দেখা যায়৷ এই ক্ষেত্ৰত ‘বিপ্লৱৰ সুৰ’, ‘পাহাৰৰ উচুপনি’ আদি গল্পৰ কথা ক’ব পাৰি৷

১.০২ ধৰ্মান্তৰকৰণৰ কৌশলী জালত কাৰবি লোক-সমাজঃ
খ্ৰীষ্টান মিছনেৰীসকলে আৰম্ভণিৰে পৰা অসমৰ বিভিন্ন জনজাতীয় লোকসকলক খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰিবৰ প্ৰয়াস কৰি আহিছে৷ বৰ্তমান অসমৰ কাৰবি লোক-সমাজখনো ধৰ্মান্তৰকৰণৰ কৌশলী আগ্ৰাসনৰ কবলত পৰিছে৷ ৰংবং তেৰাঙৰ গল্পত এই দিশটোৰ প্ৰতিও সচেতনতা ফুটি উঠিছে৷ তেওঁ অনুভৱ কৰিছে যে ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াই কাৰবি মানুহ এখিনিক শিপাৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে৷ তেওঁলোকৰ নিজা সাংস্কৃতিক পৰিচয় লুপ্ত হৈ গৈছে৷ সংস্কৃতিৰ মূল শিপাডালেই যদি চেতনাৰ জগতত নাথাকে, তেন্তে তেনে মানুহৰ নিজা কোনো পৰিচয় থাকিব নোৱাৰে- তেনে চিন্তা-মানসিকতা ৰংবং তেৰাঙৰ গল্পত প্ৰকট৷ ‘অচিন গছৰ গুটি’ নামৰ গল্পত ৰংকমি গাঁৱৰ লংজুত টেৰণক পুতেকে মৃত্যুৰ পাছত কবৰ দিছে৷ “কাঠৰ বাকচত ভৰাই গজাল মাৰি দিলে, লংজুতৰ পাৰ্থিৱ দেহটোক৷”কংজুক ইংতিয়ে লংজুতৰ শ সৎকাৰৰ সময়ত দিবৰ বাবে মদ দুবটল লৈ গৈছিল, সেয়া তেওঁৰ মোনাৰ ভিতৰতে থাকিল৷ কংজুকে ভাবিছে- “পুতেক লাংনিমটোৱে বাপেকৰ ইহকাল-পৰকাল সঁচাকৈয়ে নষ্ট কৰি পেলালে৷ দাহ নকৰা দেহটো এতিয়া গেলি-পচি যাবই, সিফালে জীৱটোও মুক্তি নাপাই ভূতহে হ’ব৷ ছিঃ ছিঃ৷ পুতেক হৈ বাপেকৰ ইমান অহিত চিন্তিব পাৰিলে৷ উস! ধৰ্মই মানুহক ইমান অন্ধ কৰিব পাৰেনে? ”(পৃষ্ঠা-৭৩) সামাজিক পৰিৱৰ্তনে কাৰবি সমাজত পেলোৱা প্ৰভাৱৰ প্ৰতি গল্পকাৰ সচেতন৷

১.০৩ কাৰবি সমাজ আৰু সন্ত্ৰাসবাদঃ
সাম্প্ৰদায়িক সংঘৰ্ষই জীৱন থান-বান কৰা মানুহৰ কথাও আছে ৰংবং তেৰাঙৰ গল্পত৷ ‘টামহিদিৰ অশ্ৰু’ গল্পত কাৰবি পাহাৰৰ চাৰচিমত সংঘটিত হোৱা কাৰবি-ডিমাচাৰ সংঘৰ্ষই আশ্ৰয়হীনা কৰা টামহিদিৰ কৰুণ কাহিনী বৰ্ণিত হৈছে৷ ‘পাহাৰৰ উচুপনি’ নামৰ গল্পটো ৰচিত হৈছে কাৰবি পাহাৰৰ মাটিত সন্ত্ৰাস সৃষ্টি কৰা কে এন এল এফৰ আত্ম-সমৰ্পণক লৈ৷ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলে সমাজৰ দৰিদ্ৰসকলৰ পৰাও ধন দাবী কৰি হাৰাশাস্তি কৰা দেখা যায়৷ ‘বিপ্লৱৰ সুৰ’ গল্পত লাংবিৰি গাঁৱৰ পংগু আৰু অতি দৰিদ্ৰ ঠেংক্লং ইংতিৰ পৰা বিদ্ৰোহী সংগঠনৰ সদস্যই ধন দাবী কৰিছে৷ দাবী কৰা ধন ঠেংক্লঙে কেতিয়াও দিব নোৱাৰে৷ সেয়ে সি মৃত্যুহে কামনা কৰিছে- “ৰংবিনৰ ল’ৰাহঁত আজি আহিব৷ ফটা চোলাটোকে সাৰথি কৰি ময়ো অপেক্ষা কৰিম৷ ফটা চোলাৰ ফাঁকেৰে গুলী সৰকে যদি ভালেই হ’ব৷ এই কোঙা ভৰিৰে মই আৰু জীয়াই থাকিব নিবিচাৰোঁ৷ অন্ততঃ কংজুক দেৱতাই শুনিব ৰংবিনৰ ডেকাহঁতৰ গুলীৰ শব্দ! ”(পৃষ্ঠা- ১৯৬)
গোষ্ঠী সংঘৰ্ষৰ পৰিণতি স্বৰূপে জীৱনৰ প্ৰতিটো মুহূৰ্ততে যে এক ভয়ে আৱৰি থাকে তাৰ প্ৰকাশ ঘটিছে ‘সেই নোদোকা গাহৰিটো’ নামৰ গল্পটোত৷ সিংহাসন, খনবামন, দিলাই পৰ্বতত জ্বলি উঠা গোষ্ঠী সংঘৰ্ষৰ জুয়ে লাংমিলি গাঁওখনকো ছানি ধৰিছিল৷ মানুহে মানুহক হত্যা কৰিছিল, এটা দুটাকৈ মানুহৰ ঘৰবোৰ জ্বলি উঠিছিল৷ চ’জুন দেৱতালৈ বুলি আগ কৰি থোৱা গাহৰিটোকো দুৰ্বৃত্তবোৰে মাৰি লৈ গৈছিল৷ সন্ত্ৰাসৰ সেই দিনবোৰে দহ বছৰ অতিক্ৰম কৰিলে যদিও মেকৃ ইংতিপীৰ মনত আজিও ভয়ৰ বাহ৷ সেয়ে- “বলি থকা ফাগুনী বতাহজাকে ঠনৰকৈ শুকান ডাল এটা ভাঙি বাৰীৰ চুকত পেলাই দিলে৷ শব্দটো শুনি মেকৃয়ে ভয় খায় উঠিল, জানোচা কোনোবা দুৰ্বৃত্ত আহিল, এই ভাবি৷ ”(পৃষ্ঠা- ৯৬)

১.০৪ কাৰবি সমাজখনলৈ অহা নানা পৰিৱৰ্তনৰ ছবিঃ
কাৰবি সমাজখনলৈ অহা নানা পৰিৱৰ্তনৰ প্ৰতি গল্পকাৰৰ এক সচেতনতা পৰিলক্ষিত হয়৷ সহজ-সৰল কাৰবি সমাজখনলৈ অহা নানা পৰিৱৰ্তন আৰু তাৰ প্ৰভাৱত সলনি হোৱা মানুহৰ মন-মানসিকতা তথা মূল্যবোধে গল্পকাৰৰ মনত এক বিষাদবোধৰ জন্ম দিছে৷ ৰংবং তেৰাঙৰ গল্পত প্ৰকাশিত বিষাদবোধৰ প্ৰসংগত অৰিন্দম বৰকটকীয়ে লিখিছে- “বহিঃবিশ্বৰ সৈতে জনজাতীয় জীৱনৰ সংযোগে আনি দিয়া জটিলতাই সৃষ্টি কৰা বিষাদবোধে এইগৰাকী লেখকৰ সৰল লেখকসত্তাক প্ৰভাৱিত কৰি আহিছে বুলি ‘ৰংমিলিৰ হাঁহি’ৰ পৰা তেখেতৰ শেহতীয়া গল্পসমূহলৈ লক্ষ্য কৰিলে ভাব হয়৷” ‘সংঘাত’, ‘অন্তৰ্বিপ্লৱ’ আদি গল্পত তাৰ ছবি পোৱা যায়৷ ‘সংঘাত’ গল্পটোত আছে- “দেশৰ পৰিৱৰ্তনে মানুহৰ মনবোৰকো পৰিৱৰ্তন কৰিব পাৰে যেন পাইছোঁ৷ ” (পৃষ্ঠা- ২১) আকৌ “আমাৰ আৰলেং মানুহৰ মনতো বেয়া দস্তুৰ সোমাই গ’ল৷ ”(পৃষ্ঠা- ২৩)
ৰাজনীতিয়ে কাৰবি সমাজখনলৈ আনি দিয়া জটিলতা আৰু সংঘাতক কেন্দ্ৰ কৰি ‘আক্ৰান্ত’ নামৰ গল্পটো ৰচিত হৈছে৷ স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত কাৰবি আংলঙৰ ৰাজনীতিয়ে এক হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ কাৰবি মানুহখিনিৰ মাজতেই আছিল মতৰ পাৰ্থক্য৷ ৰাজনীতিৰ জটিলতাত মানুহৰ মূল্যবোধ কিদৰে সলনি হৈ যায় সেয়া গল্পটোত স্পষ্ট৷ “সন্দেহ, অবিশ্বাসৰ ছায়ামূৰ্তিয়ে ডিলাইবাসীৰ মন সদায় সন্ত্ৰস্ত কৰি তুলিছে৷ গাঁৱে-গাঁৱে আজি সকলোৱে দলীয় সংঘৰ্ষৰ আতংকৰে আতংকিত৷ ঘৰে ঘৰে আজি মত বিৰোধৰ বিভাজন৷ ”(পৃষ্ঠা- ১৭৩) আনহাতে ‘অন্তৰ্বিপ্লৱ’ নামৰ গল্পটোত কাৰবিসকলৰ মাজত হোৱা খোৱা-কামোৰাৰ কথা আছে৷ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সিংহ দুৱাৰত স্থাপন কৰা কাৰবিসকলৰ জাতীয় বীৰ থং-নকবেৰ প্ৰতিমূৰ্তিটো কাৰবি ডেকা কিছুমানেই বগৰাই পেলাইছে৷ এচাম মানুহে থং-নকবেক লৈ স্বাৰ্থ পূৰণৰ ৰাজনীতি খেলিছে৷
এইবোৰৰ উপৰি কাৰবি আংলঙৰ বিভিন্ন পাহাৰৰ সৌন্দৰ্যৰ ছবি তেওঁৰ গল্পত প্ৰকাশিত হৈছে৷ পাহাৰৰ সৌন্দৰ্য কাৰবিলোকসকলৰ জীৱনৰ লগত নিবিড়ভাৱে সাঙোৰ খাই আছে৷ ‘কেঁকোৰাৰ ডায়েৰী’ গল্পত আছে- “লাংহিন-ডকমকা অঞ্চলৰ প্ৰায়বোৰ পথাৰেই সঁজাল ধৰিব ধৰিছে৷ কজলা ৰঙৰ পাহাৰবোৰৰ দাঁতিলৈকে কেৱল ধাননিৰ সেউজ ৰং৷ বিস্তীৰ্ণ পথাৰবোৰে যেন কঢ়িয়াই আনিছে সেউজ ৰঙৰ বিঢৌত বান! ”(পৃষ্ঠা- ৯৯) ইয়াৰ লগতে দাৰিদ্ৰপীড়িত গ্ৰাম্য কাৰবি জীৱনৰ স্বৰূপ ৰংবং তেৰাঙৰ বহু গল্পত প্ৰকাশিত হৈছে৷ ‘উন্মুক্ত খিৰিকী’ নামৰ গল্পটোত কাৰবি তিৰোতাই পিঠিত খাং লৈ বনৰীয়া শাক-পাচলি মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰাৰ কথা উল্লেখ কৰা হৈছে৷ “কাৰবি আংলঙৰ এয়া নতুন দৃশ্য৷ বনৰীয়া শাকেৰে এখন সংসাৰ চলোৱা, এয়া এক ভাবিব নোৱাৰা কথা৷ ”(পৃষ্ঠা- ২৩১)

২.০০ সামৰণি আৰু সিদ্ধান্তঃ
ৰংবং তেৰাং যিহেতু কাৰবি সমাজখনৰে এজন সদস্য, গতিকে তেওঁৰ গল্পত থকা কাৰবি চৰিত্ৰসমূহ তেজ-মহঙৰ মানুহ হিচাপে জিলিকি উঠিছে৷ নিজৰ সমাজ, নিজৰ জাতিৰ প্ৰতি গল্পকাৰৰ সঁচা ভালপোৱা আছে৷ কাৰবি সমাজ আৰু কাৰবি মানুহৰ জীৱনৰ ছবি দাঙি ধৰাই তেওঁৰ গল্পৰ ঘাই উদ্দেশ্য৷ কাৰবি সমাজ-জীৱনৰ বিভিন্ন বীৰ-বীৰাঙ্গনা, দেৱ-দেৱী, উৎসৱ-পাৰ্বণ, পূজা-পাতল, ৰীতি-নীতিৰ প্ৰসংগ তেওঁৰ গল্পত বৰ্তমান৷ কাৰবি সমাজ-জীৱনলৈ আগমন ঘটা পৰিৱৰ্তনৰাজিৰ প্ৰতিও গল্পকাৰ সচেতন৷
নাগৰিক জীৱনৰ মূল্যবোধহীনতা আৰু যান্ত্ৰিকতাৰ সলনি গ্ৰাম্য সৰলতাৰ প্ৰতিহে গল্পকাৰৰ বিশেষ আস্থা৷ এনে ধৰণৰ দৃষ্টিভংগীৰ জৰিয়তে গল্পকাৰে কাৰবি সমাজ-জীৱনৰ স্বতন্ত্ৰ বৈশিষ্ট্য তথা সাংস্কৃতিক মূলৰ অস্তিত্ব জীয়াই থকাৰ পোষকতা কৰিছে৷
জনজাতীয় জীৱন আৰু সমাজক আধাৰ কৰি তথা জনজাতীয় সমাজ-জীৱনৰ পৰা বিভিন্ন উপাদান সংগ্ৰহ কৰি অনন্য সুন্দৰ সৃষ্টিশীল সাহিত্য ৰচিত হ’ব পাৰে৷ ৰংবং তেৰাঙৰ গল্পসমূহ তাৰেই এক উৎকৃষ্ট নিদৰ্শন৷ এই ক্ষেত্ৰত আমি স্বৰ্ণ বৰাৰ ৰচনাৰাজিৰ কথাও ক’ব পাৰোঁ৷ অসমৰ সকলোবোৰ জনজাতীয় লোকৰ ব্যক্তি আৰু সমাজ-জীৱন সাহিত্যৰ মাজত এনেদৰে প্ৰকাশিত হৈ উঠিলে আমাৰ অসমীয়া সাহিত্য এক স্বতন্ত্ৰ বৈশিষ্ট্যৰে সমুজ্জ্বল হৈ উঠিব বুলি মত প্ৰকাশ কৰিব পাৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক