ৰংবোৰ হেৰাই যোৱাৰ পৰত (অনামিকা বৰুৱা)

: তই কেতিয়াও সলনি নহ’বি নেকি? ঠেলা এটা মাৰি সুধিলে জিন্তিয়ে।
: আৰে কি সুখত মই সলনি হ’বলৈ যাম! এইবোৰ সলনি-চলনি হ’বলৈ নকবি মোক। তাতকৈ মৰি থাকিবলৈ ক—মই চিৰাচৰিত ধৰণেৰেই উত্তৰ দিলোঁ।
মোক মাৰিবলৈ হাত এখন দাঙি ৰৈ গ’ল তাই। দুপৰীয়া টিফিন খাবলৈ নামি আহিছিলোঁ। কেণ্টিনৰ পৰা ওলায়েই তাইক দেখি ডাঙৰকৈ চিঞৰি দিছিলোঁ। দৌৰি গৈ সাৱটি ধৰিলোঁ। বাটৰ মানুহে উভতি চাইছিল। মোক পাগলী বুলিয়েই ভাবিছিল চাগে! তাইৰ হাতত ধৰি অফিচৰ চৌহদৰ ভিতৰলৈ টানি আনিছিলোঁ—
: ক’লৈ আহিছিলি?
: ভাইটিৰ তালৈ। জান্‌তুলৈ কিবা এটা পঠাব লাগে।
: মানে অমৃত দাৰ তালৈ। কাৰ লগত আহিছ?
: অকলে আহিছোঁ।
: অকলে আহিব পাৰিলি?
: ভাইটিৰ তালৈ অকলে আহিব পাৰোঁ দে।
: তিনি বাজিল। যাগৈ তেনে। নহ’লে ঘৰ গৈ নাপাবিগৈ। ক’ৰবাত হেৰাই থাকিবি।
: বেছি নকবিচোন।
: ভালে আছ?
: আছোঁ আৰু! মোৰনো কি! তই ভালে আছ? আৰু ইহঁতকেইটা? বৰুৱা দা?
: আছে দে চবেই ভালে।

ইটো সিটো কথা পাতি বিদায় দিছিলোঁ তাইক। কথা পাতি থাকোঁতে তাইৰ মুখখনলৈ, উকা কপালখনলৈ চাই আছিলোঁ আলেঙে আলেঙে। চকুৰ তলত গভীৰভাৱে ক’লা দাগ পৰিছে। ক্লান্তি আৰু বিষাদত শেঁতা পৰা তাইৰ মুখত উলমি আছে এটা অপ্ৰকাশিত দুখ। অকাল বৈধব্যই আনি দিয়া ভাগৰে জুৰুলা কৰিছে তাইক। বুকুখন মোচৰ খাই উঠিল কোনোবাখিনিত!

….এইজনী জিন্তি। মোৰ জীৱনৰ একমাত্ৰ বান্ধৱী। মোৰ পাঁচবছৰীয়া কলেজীয়া জীৱনৰ প্ৰতিটো ঘটনাৰ সাক্ষী। সেই সময়ৰ মোৰ প্ৰতিটো সুখ-দুখ-মান-অভিমানৰ সমভাগী। কলেজত তাই আছিল কলা শাখাৰ আৰু মই আছিলোঁ বাণিজ্য শাখাৰ। তথাপিও জানো কেনেকৈ আমি লগ হ’লো! ক্লাছ হোৱাৰ সময়ৰ বাহিৰে বাকী সময়চোৱা কলেজ আৰু বয়জ হোষ্টেলৰ মাজত থকা ফিল্ডখনৰ বননিত বহি আমি কথা পাতিছিলোঁ। আমাৰ মাজত আন কোনোবা সোমোৱাৰ সুবিধা নাছিল। আনকি পবিত্ৰৰো। মোৰ বেপৰোৱা আৰু উগ্ৰ স্বভাৱৰ বিপৰীতে শান্ত-শিষ্ট মৰমীয়াল আছিল জিন্তি। মিহি মিহি মাত কথাৰে সহজেই মানুহৰ মন জয় কৰিছিল। এসময়ত গান গাইছিল, কবিতা লিখিছিল, তাঁত বৈছিল, তাঁতত ফুল বাচিছিল, কাপোৰত ফুল তুলিছিল, ঊল গুঠিছিল, টিউচন কৰি ঘৰ চলাইছিল, স্কুলত পঢ়াইছিল, এখন ঘৰ চম্ভালিছিল, মোৰ লগত এন.চি.চি শিকিছিল, তেজপুৰলৈ এন.চি.চিৰ কেম্প কৰিবলৈ গৈছিল….। নীলিমা বাইদেউৰ বিয়াৰ পাছত বহুত কষ্টেৰে গোটেই ঘৰখন সামৰি ৰাখিছিল তাই। লিপিকা, মুনু আৰু বাব্‌লিৰ সকলো দায়িত্ব তাই পালন কৰিছিল। অসুখীয়া দেউতাকো পাৰ মানে সহায় কৰি দিছিল দোকানখন চলাবলৈ। কিন্তু বিয়াৰ পাছতেই অদ্ভুত ধৰণে সলনি হৈ গৈছিল তাই। ডুমডুমাৰ পৰা নিজৰ ওপজা ঘৰখনলৈ মানে কাকপথাৰলৈ অকলে যাব নোৱাৰা হৈছিল। প্ৰত্যেকটো কথাতে তপন দাৰ ওপৰত ভৰষা কৰিছিল। আনকি কেতিয়াবা সময়ৰ অভাৱত তপন দাই যদি শাক-পাচলি বজাৰ কৰি নিদিয়ে তাই ঘৰৰ সন্মুখেদি যোৱা পাচলি বেপাৰীটোৰ পৰাও শাক-পাচলি এটা কিনিব নোৱাৰিছিল। দাইলত আলু দি ভাত ৰান্ধিছিল। তপন দাই হাঁহি হাঁহি যেতিয়া তাইৰ কথাবোৰ আমাৰ আগত কৈছিল মোৰ তাইক ভুকু দুটামান লগাবৰ মন গৈছিল। আঁৰ চকুৰে দেখুৱাইছিলোও তাইক ভুকুটো। দেখি জিভা উলিয়াই সিঁয়াৰি দিছিল তাই। অনবৰতে তপন দাৰ ওপৰত ভৰষা কৰা তাইৰ এই ৰূপ দেখি তপন দাই দ্বিতীয় এটা সন্তানৰ কথা ভবা নাছিল। তাইক কৈছিল দ্বিতীয় সন্তানটো যদি ছোৱালী হয়? নাই নালাগে থাওক। জান্‌তুৱে হ’ব।

….কলেজত পঢ়ি থাকোঁতে য’লৈকে যাওঁ টানি লৈ ফুৰোঁ তাইক। তাইৰ লগতো যাওঁ। ক’ৰবালৈ যোৱাৰ আগতেই তাই মোক সঁকিয়াই দিয়ে আজি ক’তো জেং নকৰিবি। অনমনীয় মই। অন্যায়ভাবে কোনোবাই কিবা ক’লেই ফেপেৰি পাতি ধৰোঁ। এই লৈ তাইৰ বিৰাট আপত্তি। ৰাস্তাৰে পাৰ হৈ যাওঁতে কোনোবা ল’ৰাই কিবা কমেণ্ট দিলেই থমকি ৰৈ বা উভতি গৈ প্ৰত্যুত্তৰ দিয়াটো মোৰ স্বভাৱ আছিল। ভয় কৰে তাই। কেতিয়াবা বিপদত পৰিম বুলি। মোৰ ভয় চয় নাই। ওলোটাই তাইক দম দি কওঁ- আৰে কথা হ’ল নেকি ল’ৰা হ’ল বুলি আমি সিহঁতৰ মনোৰঞ্জনৰ সামগ্ৰী নেকি? মোৰ এই স্বভাৱটোৰ কাৰণেই কলেজত কোনেও মোক ভাল পাওঁ বুলি কৈ নাপালে। ক’বলৈ সাহস নকৰিলে! মাত্ৰ পৰীক্ষা হ’লত মোৰ লেবেলত কোনোবাই লিখি থোৱা পাওঁ I Love You বুলি। কিন্তু কোনে লিখিছে তাক বিচাৰি পোৱাৰ সাধ্য নাই। যিকেইটাৰ লগত মোৰ সম্পৰ্ক ভাল সেইকেইটাই পৰীক্ষাত পৰাপক্ষত মোৰ লগত কেতিয়াও নবহে। মোৰ লগত বহি নকল কৰিব নোৱাৰে। লাজ পায়। আৰু যদি মিটাৰ উঠি ছাৰ-বাইদেউক কৈ দিওঁ সেই ৰিস্ক কোনে ল’ব! ডিগ্ৰী ছেকেণ্ড ইয়েৰত গৈ পবিত্ৰক মই ভালপাওঁ বুলি কৈছিলোঁ। এজন দুজনকৈ লগৰবোৰে গম পাইছিল আমাৰ কথা। তথাপি বহুতৰে সন্দেহ আছিল মোক লৈ। মৃদুপৱন দাৰ দৰে চিনিয়ৰজনেও হেনো পবিত্ৰক কৈছিল –ছোৱালীজনী ভাল কিন্তু বৰ মুডী। এই অপবাদ মোৰ এতিয়াও আছে—মুডী।

….ফাইনেল পৰীক্ষা দিয়াৰ দুমাহমানৰ পাছতেই জিন্তিৰ বিয়া ঠিক হৈছিল তপন দাৰ লগত। খবৰ পাই মই গৈছিলোঁ কাকপথাৰলৈ। কৈছিলোঁ তাইক তপন দাক মই ভালকৈ নাজানো কিন্তি দীপ দাক ভালকৈ জানো। চিনি পাওঁ। মোতকৈ চিনিয়ৰ দীপ দা (ত্ৰিদিপ ডেকা)। বহুকেইখন নাটক কৰিছোঁ আমি একেলগে। কিমানদিন যে কলেজৰ পৰা বাহিৰে বাহিৰে গৈ দীপ দাৰ ভাগৰ ভাত খাইছো তেওঁলোকৰ ঘৰত তাৰ হিচাপ নাই। মাক-দেউতাক আৰু চাৰিজন ককাই-ভাইৰে ভাল লাগে দীপ দাহঁতৰ ঘৰখন। সামাজিক প্ৰতিটো কাম-কাজতেই আগৰণুৱা ঘৰখন। ভাইটি দাকো আগতে পাইছোঁ বিহু ফাংচনত বিহু নাচোঁতে। ৰাজুৰ লগত অৱশ্যে পাছত চিনাকি হৈছিলোঁ। সকলো ফালৰ পৰা ঘৰখন ভাল। খালি তোৰ শাহুজনীহে বৰ চাৰ। একেবাৰে টি.ভি-চিনেমাত ওলোৱা চাৰ শাহুবোৰৰ দৰে। হ’ব দে একো নাই। একলগে চব বিচাৰিবলৈ গ’লে কেনেকৈ হ’ব! বুঢ়ীৰ এনেও হাই-প্ৰেচাৰ আছে বুজিছ। আৰু তোকনো কোনে বেয়া পাব যিহে মাতবোল নোহোৱা নিমাতী কন্যা মোৰ। ধাম-ধুমেৰে বিয়া হৈ গৈছিল ডুমডুমাৰ নিউ কলনিৰ তপন ডেকাৰ লগত। বিয়াৰ পাছত তাইক কৈছিলোঁ অলপ সময় ল’বি জিন্তি, চিধাই গা-গধূৰ কৰি নল’বি। কিন্তু তাই সাৱধান হোৱাৰ আগতেই বছৰটো নুঘূৰোঁতেই জান্‌তু আহিছিল তাইৰ কোলালৈ। জান্‌তু হোৱাৰ পাছতো মোলৈ খবৰ নিদিয়াৰ ঠেহ ধৰিছিলোঁ মই। কাৰোবাৰ মুখত খবৰটো পাই তাইক আৰু সেই দেৱশিশুক চাবলৈ গৈছিলোঁ। জান্‌তুক চাই কোলাত লৈ তাইক এষাৰো নমতাকৈ মনে মনে চাহ খাইছিলোঁ। মাতি মাতি মাত নাপায় তাই গাত ধৰি জোকাৰি দিছিল মোক। এচাৰ মাৰি এৰুৱাই দিছিলোঁ তাইৰ হাতখন। দুখত কান্দিছিল তাই। কেৰাহিকৈ তাইলৈ চাই জান্‌তুক কৈছিলো– বুজিছ সোণ আজি তোক চাবলৈহে আহিছিলোঁ মই। মাক হ’ল, তোৰ মাৰৰ এই কন্দা স্বভাৱটো আৰু নগ’ল। ধমকি লগাইছিলোঁ তাইক –কান্দি নেদেখুৱাবি তই মোক। আজি আহিলোঁ। আজিৰ পাছত আৰু নাহোঁ তোৰ খবৰ ল’বলৈ। তইতো পাহৰিয়ে থাকিলি মোৰ কথা! মই জীয়াই আছোঁনে নাই!
: এনেকৈ নকবিচোন।
কথা কটা-কটি কৰি সেইদিনা গুচি আহিছিলোঁ। তাৰপাছত সঁচাকৈয়ে তাইৰ খবৰ লবলৈ মই যোৱা নাছিলোঁ। আৰ তাৰ মুখত তাইৰ খবৰ পাই থাকোঁ। দুলিয়াজানত টাইপিং আৰু কম্পিউটাৰ হেণ্ডলিং শিকিবলৈ গ’লোঁ। চাকৰি পালোঁ। বিয়া হ’লোঁ। অনিচ্ছাকৃত ভাবেই ব্যস্ত হৈ গ’লোঁ আন এক জীৱনত।

…..কাৰ্‌ এক্সিডেণ্টত নিহত হৈছিল তপন দা। সোতৰ দিন আদিত্য নাৰ্ছিংহোমত থকাৰ পাছত প্ৰথম জানুৱাৰীৰ দিনাই শেষ নিশ্বাস পেলাইছিল তপন দাই। সেই খবৰটো পাইছিলোঁ মই তিনিদিনৰ পাছত অফিচত থাকোঁতে। জথৰ হৈ গৈছিলোঁ খবৰটো পাই। আধাঘণ্টাৰ ভিতৰত এওঁলৈ ফোন কৰি ডুমডুমা পাইছিলোঁগৈ। মোক দেখি দীপ দাই চকুৰে মাতি নিছিল মোক জিন্তিৰ ওচৰলৈ। বগা সাজ পিন্ধি মাটিত পৰা পাটি এখনত বহি আছিল তাই। নীৰৱে গৈ বহিছিলোঁ তাইৰ কাষত। একেথৰে চাইছিলোঁ তাইক। কান্দিব পৰা নাছিলোঁ। এনেও চকুলো উলিয়াই কান্দিব নাজানিছিলোঁ মই। তাইয়ো কন্দা নাছিল মোক দেখি। বহুত সময় মোলৈ চাই থাকি লাহেকৈ কৈছিল মোক—মোৰ কপালখন ভালকৈ চাচোন। ক’ৰবাত লিখা আছিল নেকি মই বিধবা হম বুলি। বুকু ফাটি ওলাই আহিছিল মোৰ কান্দোন। দুয়োজনীয়ে ডিঙিত ধৰি কান্দিছিলোঁ ভাগৰি যোৱাকৈ। কান্দি কান্দিয়েই কৈ গৈছিল তাই কেনেকৈ তপন দাই নিজে চলাই অহা কাৰখনত বিপৰীত ফালৰ পৰা আহি থকা আন এখন গাড়ীয়ে খুন্দা মাৰি দিছিল। কোনে কেনেকৈ তিনিচুকীয়ালৈ নিছিল, তাৰপাছত কেনেকৈ আদিত্যলৈ নিছিল, আদিত্যত ইমানদিন থকাৰ পাছত অলপ ভাললৈ আহিছিল তপন দা। এক জানুৱাৰীৰ দিনা এটা দুটা কথাও পাতিছিল। জানতুৰ লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিছিল। কিন্তু নিশালৈ তপন দালৈ চুপ অকণ সিজাবলৈ যাওঁতেই আই.চি.ইউৰ পৰা ক’ল আহিছিল। উধাতু খাই দৌৰিছিল তাই আৰু দীপ দাই। গৈ নাপালেগৈ। তেতিয়ালৈ সকলো শেষ। তাইৰ শিৰৰ সেন্দুৰ চিৰকাললৈ মচি তপন গুচি গৈছিল কোনোবা অজান দেশলৈ।

…..জান্‌তু পঢ়াত ভাল। যোৱা বছৰ পৰীক্ষা অলপ বেয়া হৈছে যদিও এইবছৰ ৰিজাল্ট ভাল হ’ব তাক জানো মই। সি পঢ়া শেষ কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰিব তাত সন্দেহ নাই। ভাল ল’ৰা সি। তপন দাৰ বিয়োগে তাক আৰু ধীৰ-স্থিৰ কৰি তুলিছে। সি হয়তো তাৰ ভৱিষ্যতলৈ আগুৱাই যাব। কিন্তু জিন্তি! কি লৈ থাকিব তাই? একাকী জীৱন কি কটোৱা যায়? তাইকতু জানো মই। বুকু ভাঙি গ’লেও মুখ ফুটাই কাকো একো নকয় তাই। নমৰালৈকে তেনেকৈয়ে কটাই দিব তাই দিনবোৰ নীৰৱে-নিমাতে অকলশৰে। কিন্তু অকলশৰে জানো মানুহ জীয়াই থাকিব পাৰে? নিজকে আঁচুৰি চালোঁ। মোৰ দেখোন সকলো আছে তথাপিও মোক একাকীত্বই কন্দুৱায়। কি নাম এই যন্ত্ৰণাৰ? তাইৰ মনটোত বাৰু কি আছে? তাইৰো বাৰু কাবোৰাক কাষত পাবলৈ মন নাযায় নে? হ’ব পাৰে তাইৰ আৰু মোৰ মনোজগত সুকীয়া। তথাপি জীয়াই থকাৰ তাড়নাতে মনটোৱে কাৰোবাক পাবলৈ হাবিয়াস নকৰেনে? তায়েই যদি জীয়াই আছে মই কিয় জীয়াই আছো বুলি অনুভৱ নকৰোঁ? কি নাই মোৰ? এটা চাকৰি আছে। এখন সংসাৰ আছে। আৰু কি লাগে? এই প্ৰশ্নটোৰ উত্তৰ নাপাওঁ। নাপালেই বিক্ষিপ্ত হৈ উঠে মনটো। আচলতে মানুহে কাৰ কাৰণে জীয়াই থাকে? নিজৰ কাৰণে জীয়াই থাকে নে আনৰ কাৰণে জীয়াই থাকে? বহুতে বহুত ধৰণে কয়। ময়ো কওঁ ইহঁত দুটা নথকাহ’লে কেতিয়াবাই মৰি থাকিলোঁ হয়। শুনাত কথাষাৰ সন্তোষজনক হ’লেও কথাষাৰ সঁচা নহয়। মানুহে সদায় নিজৰ বাবেই জীয়াই থাকে। সেয়ে জীয়াই থকাৰ দিনবোৰ ক্ষণবোৰ নিজৰ ইচ্ছানুসাৰে উপভোগ কৰিব খোজে। ময়ো মোৰ ভাললগা ধৰণে জীয়াই থাকিব খোজোঁ। খোৱা-পিন্ধাৰ সমস্যাটোৰ উপৰিও মনৰ খাদ্যৰ সন্ধান কৰোঁ। সকলো থাকিলেও বৌদ্ধিক বিকাশৰ ক্ষেত্ৰখনত অভাৱ আছে মোৰ। ক্ৰমশঃ গতানুগতিকতাত ক্ষয় যোৱা দিনবোৰত নতুনত্বৰ অভাৱ আছে মোৰ। ক’লা ৰঙে গ্ৰাস কৰা মনটোত ৰামধেনুৰ পৰশৰ অভাৱ আছে মোৰ। হতাশাই ছানি ধৰা মৌন প্ৰহৰবোৰত অলপ কোলাহলৰ প্ৰয়োজন আছে মোৰ। অন্ধকাৰে আৱৰি ধৰা জয়াল নিশাবোৰত নিৰ্মল জোনাকৰ প্ৰয়োজন আছে মোৰ। নিৰ্জনতাৰ হেঁচাত বোবা হোৱা হৃদয়খনত সংগীতৰ লহৰ তোলাৰ হাবিয়াস আছে মোৰ। অভিমানে প্ৰলয় নমাব খোজা অস্থিৰ সময়খিনিত অলপ পৰিবৰ্তনৰ প্ৰয়োজন আছে মোৰ। কেৱল অভ্যাস বুলিয়েই জীয়াই থাকিব নোখোজোঁ। সঁচা অৰ্থত প্ৰাণৰ স্পন্দন শুনি কলিজাৰ কঁপনি ভেদি তেজৰ শিৰাই শিৰাই উপলব্ধি কৰিব খোজোঁ জীৱনৰ অনুভূতি। অকপট সুন্দৰ আৰু অৰ্থবহ মুহূৰ্তৰে সজাই তুলিব খোজোঁ বাকী থকা দিনবোৰ। কিন্তু নোৱাৰোঁ দেখোন। কোনোবাখিনিত মই বাৰু হাৰি গ’লো নেকি!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক