ৰংমিলিৰ হাঁহি’ : এক মূল্যায়নভিত্তিক অৱলোকন ( আব্দুছ ছাজিদ )

Rongmilir

 

‘ৰংমিলিৰ হাঁহি’ (১৯৮১ চন) পশ্চিম কাৰ্বি আংলঙৰ কা্ৰ্বি লাংপিৰ পাৰৰ এখন সৰু গাঁও ৰংমিলিৰ জীৱনৰ আধাৰত ৰচিত এখনি কাল্পনিক উপন্যাস৷ ৰংবং তেৰাঙৰ জীৱনৰ প্ৰথম আৰু সাৰ্থকৰূপে স্বীকৃত সাহিত্য-কৃতি ‘ৰংমিলিৰ হাঁহি’৷ কাৰ্বি পাহাৰৰ নৈসৰ্গিক প্ৰকৃতিৰ প্ৰাণময় পটভূমিত সাংস্কৃতিক মৰ্যাদাশীল কাৰ্বি জনজাতিৰ সমাজ-বুৰঞ্জী তথা জনজীৱনৰ সুখ-দুখ আৰু আশা-আকাংক্ষাৰ বৰ্ণাঢ্য অথচ অৱক্ষয়মান ছবিবোৰৰ দক্ষ হাতেৰে সফলতাৰে অংকিত উজ্জ্বল, সংমিশ্ৰিত ৰূপ৷

স্ৰষ্টাৰ নিজৰ কথাৰে : অসমীয়া সাহিত্যৰ ভঁৰালত অসমৰ কাৰ্বি সমাজ সম্বলিত কাহিনীমূলক সাহিত্যৰ অভাৱ অনুভৱৰ বেদনাৰ গভীৰতা, ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’ (১৯৬০চন) আৰু লুম্মেৰ দাইৰ ‘পৃথিৱীৰ হাঁহি’ (১৯৬৩চন)ত প্ৰকাশিত জনজীৱনৰ কাহিনী, অসমৰ সমসাময়িক পৰিস্থিতিৰ লগতে অসমৰ পাহাৰ-ভৈয়াম সম্প্ৰীতিক সাহিত্য-সংস্কৃতিয়ে ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ দৰেই একেটা ৰূপত প্ৰৱাহিত কৰি ৰাখিব পাৰে -এই শাশ্বত সত্যৰ উপলব্ধিয়ে সঞ্চাৰ কৰা প্ৰেৰণাতে সৃষ্টি হৈছিল ‘ৰংমিলিৰ হাঁহি’৷ (অসম সাহিত্য সভা পত্ৰিকা, চত্বাৰিংশৎ বছৰ, প্ৰথম সংখ্যা)

‘ৰংমিলিৰ হাঁহি’ প্ৰাক্-স্বাধীনতা যুগৰ কাৰ্বি আংলং জিলাৰ পটভূমিত ৰচিত কাৰ্বি জীৱন-ধাৰাৰ এক মূল্যৱান দলিল৷ কাৰ্বি সমাজৰ পৰম্পৰাগত বিভিন্ন দিশ যেনে- তেওঁলোকৰ আৰ্থ-সামাজিক গাঁথনি, ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক জীৱন-ধাৰা, শৈক্ষিক-সামাজিক দিশ, গীত-মাত-কিম্বদন্তি আদি আৰু নানা ব্যৱহাৰিক উপাদানে ‘ৰংমিলিৰ হাঁহি’ক এক মহাকাব্যিক আয়তন দান কৰিছে৷ (ৰংমিলিৰ হাঁহি, অসম প্ৰকাশন পৰিষদ, ১৯৮১চন)

ৰংবং তেৰাঙৰ প্ৰথম উপন্যাস ‘ৰংমিলিৰ হাঁহি’ অসমীয়া উপন্যাস সাহিত্যলৈ এক নতুন সংযোজন বুলিব পাৰি৷ (নাহেন্দ্ৰ পাদুন, অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙণি, পৃষ্ঠা ৮৯, অসম সাহিত্য সভা, ১৯৮৮চন)

এহাতে পৰম্পৰাগত পুৰণি মূল্যবোধ, আনহাতে নতুন ধৰ্মীয়, শৈক্ষিক, আৰ্থ-সামাজিক আৰু নৈতিক মূল্যবোধ আৰু তাৰ মাজতে সোমোৱা কানি আৰু দুৰ্নীতি -এই তিনিকোণীয়া দ্বন্দ্বৰ মাজত নতুনকৈ সাৰ পাই উঠিব খোজা কাৰ্বি জীৱনৰ নতুন ভৱিষ্যতৰ সম্ভাৱনাৰ প্ৰতি অবিমিশ্ৰ আদৰণি -এয়ে হ’ল অধ্যাপক ৰংবং তেৰাঙৰ প্ৰথম সাৰ্থক উপন্যাস ‘ৰংমিলিৰ হাঁহি’ৰ উপজীব্য৷ সামাজিক আৰু সামূহিক প্ৰয়োজনৰ ওচৰত ব্যক্তিগত প্ৰয়োজনক সমৰ্পণ কৰি এখন স্বাস্থ্যৱান কাৰ্বি সমাজ গঢ়ি তোলাৰ আকাংক্ষাই হ’ল উপন্যাসখনৰ শেষ পৰ্যন্ত প্ৰকাশিত মূল বাণী৷ ঔপন্যাসিক ৰংবং তেৰাঙে প্ৰাক্‌ স্বাধীনতা কালৰ কাৰ্বি জীৱনৰ বৰ্ণাঢ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিচ্ছবি দক্ষতাৰে ‘ৰংমিলিৰ হাঁহি’ত তুলি ধৰিছে৷ লেখকে এই উপন্যাসৰ মাজেদি যিখিনি দাঙি ধৰিছে তাৰ মাজত কাৰ্বি জীৱনৰ অন্তৰ আৰু বাহিৰৰ প্ৰতিটো দিশৰ লগত লেখকৰ নিবিড়তম আত্মিক সম্পৰ্ক আৰু পৰিচয় জিলিকি উঠিছে৷ এই বিশিষ্টতাই উপন্যাসখনক কাৰ্বি জীৱনৰ মহাকাব্যধৰ্মী উপন্যাসৰ অনেক লক্ষণ দান কৰিছে৷ উপন্যাসখনৰ প্ৰধান বিশিষ্টতাই হ’ল পটভূমিৰ প্ৰশস্ততা৷ নৈসৰ্গিক প্ৰকৃতি আৰু মানৱ প্ৰকৃতিৰ সূক্ষ্ম আৰু ব্যঞ্জনাধৰ্মী বিৱৰণে উপন্যাসখনক কাব্যগুণেৰে সমৃদ্ধিশালী কৰি তুলিছে৷ সমগ্ৰ উপন্যাসখনিত কাৰ্বি জীৱনৰ এটি পূৰ্ণাংগ, নিটোল ৰূপৰেখা জীৱন্ত আৰু সতেজ হৈ ফুটি উঠিছে৷ প্ৰত্যেকটো চৰিত্ৰই নিজা চাৰিত্ৰিক বৈশিষ্ট্যৰে জীৱন লাভ কৰিছে৷ কাহিনী বিন্যাসতো এটি পৰিণত সংযম সহজে অনুমান কৰিব পাৰি৷ ‘ৰংমিলিৰ হাঁহি’ প্ৰশান্ত উজ্জ্বলতাৰে প্ৰতিভাত হ’ব পাৰিছে৷ ‘ৰংমিলিৰ হাঁহি’ৰ ভেটি মানৱীয় সমস্যাতকৈও সামাজিক সমস্যাহে৷ পুথিখনিৰ আন এটি ডাঙৰ সম্পদ হ’ল- ভাষা৷ (ডক্টৰ নগেন শইকীয়া, সমন্বয়ৰ ৰূপকাৰ, পৃষ্ঠা ৬৯-৭৩, ডিহুন, ২০০৯চন)

ফাগুনৰ ধূসৰ সন্ধিয়াটিৰ পৰা ৰংমিলিৰ ছাৰথেলৈকে, স্বকীয় প্ৰকাশভংগী আৰু সাৱলীলতাৰে পুষ্ট ‘ৰংমিলিৰ হাঁহি’য়ে ইতিমধ্যে অসংখ্য পাঠকক অভিভূত কৰিছে৷ পাঠকৰ অন্তৰত গভীৰভাৱে সাঁচ বহুৱাব পৰাটো ভাল সাহিত্যৰ লক্ষণ৷ সেয়ে হয়তো সচেতন আৰু চিন্তাশীল পাঠকে উপন্যাসখনিৰ আৰ্হি, বিষয়-বস্তু, ভাষা, ৰচনা-শৈলী -সকলোতে গুণমুগ্ধ হৈ মন্তব্য কৰিছে : ‘ৰংমিলিৰ হাঁহি’ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ (১৮৯৪চন)ৰ দৰেই ক্লাছিক৷ (মহিম বৰা, দৈনিক অসম)

ৰংবং তেৰাঙৰ জনজাতীয় জীৱনৰ উপন্যাস ‘ৰংমিলিৰ হাঁহি’ এক তীব্ৰ সমাজ সচেতক উপন্যাস৷ আদিৰ পৰা অন্তলৈ ই কলাগত দিশত এনে চহকী যে সমাজ চেতনাই ইয়াৰ কলাগত আনন্দদান ক্ষমতা ক’তোৱেই ব্যাহত কৰা নাই৷ কাৰ্বি আংলঙৰ এখন ভিতৰুৱা গাঁৱৰ এটি প্ৰেমৰ কাহিনীৰ মাজেদি ইয়াত কাৰ্বি সমাজৰ ৰীতি-নীতি, বিশ্বাস-অবিশ্বাস আদি অতি সৰলভাৱে অথচ সুন্দৰকৈ তুলি ধৰা হৈছে৷ সেই পিনৰ পৰা ই এক সামাজিক নথিধৰ্মী (Social documentary) উপন্যাস৷ কিন্তু তাৰ লগতে ঊনবিংশ শতাব্দীৰ শেষত ৰেভাৰেণ্ড পি. ই. মূৰৰ সৈতে তেওঁৰ সহকৰ্মী খ্ৰীষ্টান মিশ্যনাৰীসকল কেনেকৈ এই পাহাৰীয়া অঞ্চলটোলৈ আহি টিকা পাহাৰত মিশ্যন পাতি কাৰ্বিসকলৰ বহুতকে শিক্ষিত কৰি সভ্যতাৰ পোহৰ দেখুৱালে তাৰ ইতিহাসো কলাসন্মত ৰূপতেই ইয়াত দাঙি ধৰা হৈছে৷ ক্রমে ক্রমে কাৰ্বিসকলে কেনেকৈ ভাৰতীয় ৰাজনীতিত আৰু ইপিনে চৰকাৰী চাকৰিত যোগ দি জিলাখনৰ অধিবাসীসকলৰ সেৱাত লাগিব পৰা হ’ল, তাৰো ছবি ইয়াত অংকিত হৈছে কাৰ্বি সমাজৰ প্ৰথম অৱস্থাৰ কেইগৰাকীমান শিক্ষিত আৰু মহানুভৱ সঁচা কাৰ্বি লোকৰ সঁচা ভূমিকাক উপন্যাসখনৰ কাহিনীত স্থান দি৷ এই কাহিনীৰ এই সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক আঁতবোৰ কলাসুলভভাৱে এক হৈ সি কাৰ্বি সমাজ তথা বৃহত্তৰ অসমৰ বাবে এক তাৎপৰ্যপূৰ্ণ বাণী বহন কৰিছে৷ (ড০ গোবিন্দ প্ৰসাদ শৰ্মা, আলোচনা-চক্ৰৰ উদ্বোধকৰ ভাষণ, অসম সাহিত্য সভাৰ ৬৪তম হাওৰাঘাট অধিৱেশন, ১৯৯৮চন)

অসমীয়া উপন্যাস সাহিত্যলৈ কাৰ্বি আংলঙৰ অৱদানৰ সাৰ্থক ৰূপ প্ৰকাশ পাইছে অধ্যাপক ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসত৷ শ্ৰীতেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাস-কলাৰ সকলোখিনি বৈশিষ্ট্য লৈ কাৰ্বি সমাজ-বুৰঞ্জীৰ এটি বিশেষ স্তৰ-প্ৰকাশক গ্ৰন্থ৷ কাৰ্বি গীত-মাত, কিম্বদন্তি, পূজা-উৎসৱ আদিৰ চিত্ৰই কাহিনীৰ প্ৰকাশত সোণত সুৱগা চৰাইছে৷ অসমীয়া উপন্যাস সাহিত্যত ই এক বহুমূলীয়া সংযোজন৷ (কেশৱ শৰ্মা, ৱ’জাৰূ আহিৰ, পৃষ্ঠা ১৬৩, অসম সাহিত্য সভাৰ ডিফু অধিৱেশনৰ স্মৃতিগ্ৰন্থ, ১৯৮২চন)

মিচিং সমাজক লৈ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’, নগা টাংখুল সমাজক লৈ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’; কৈলাশ শৰ্মাৰ ‘অনামী নাগিনী’, ‘ডালিমীৰ স্বপ্ন’, অৰুণাচলৰ আদি সমাজক লৈ লুম্মেৰ দাইৰ ‘পৃথিৱীৰ হাঁহি’, ‘পাহাৰৰ শিলে শিলে’ আদিৰ দৰে কাৰ্বি সমাজক লৈ ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ জনগোষ্ঠীয় সমাজ-জীৱনক প্ৰতিফলিত কৰা শ্ৰেষ্ঠ সাহিত্য-কৰ্ম৷ সেয়েহে কৈছে : ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ত কাৰ্বি উপজাতি জীৱন্ত হৈ উঠিছে৷ (সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা ৩২৮, অসম প্ৰকাশন পৰিষদ, ১৯৮৭চন)

বৈচিত্ৰ্যময় অসমীয়া সাহিত্যৰ নিজকে এজন সাধাৰণ সেৱক বুলি গণ্য কৰা সৰলচিতীয়া, প্ৰচাৰবিমুখ, শীৰ্ষস্থানীয় জনজাতীয় ঔপন্যাসিকগৰাকীৰ প্ৰৱাহমান কলং-কপিলীৰ পলসেৰে গঢ় লোৱা কাৰ্বি জনগোষ্ঠীৰ জীৱন-চেতনাৰ ইতিহাসক অসমৰ মূল সুঁতিৰ সৈতে পৰিচয় কৰোৱাৰ যি দীৰ্ঘদিনীয়া বিনম্ৰ প্ৰয়াস সি সফল হোৱাৰ স্পষ্ট আভাস এয়া৷ লেখকৰ কথাৰে : কাৰ্বি আংলঙৰ মাটি আৰু মানুহক বহিৰ্জগতৰ সৈতে পৰিচয় ঘটোৱাৰ সপোন তাহানিখনৰেই৷ সেই সপোন বাস্তৱ ৰূপান্তৰ ঘটোৱাৰ মাধ্যমেই ‘ৰংমিলিৰ হাঁহি’৷

‘ৰংমিলিৰ হাঁহি’ৰ মাজেদি ৰংবং তেৰাং প্ৰতিভাত হৈছে সাহিত্যপ্ৰেমীৰ হৃদয়ত, অন্তৰৰ নিভৃত কোণত৷ ‘ৰংমিলিৰ হাঁহি’ পঢ়ি উঠি ‘প্ৰকাশ’ আলোচনীৰ পাতত সুৰুচিৱান পাঠকে আক্ষেপৰ সুৰত কৰা মন্তব্য : হেমাইক ডাঙৰ নকৰাকৈ উপন্যাসখন শেষ হ’ব বুলি ভবা নাছিলোঁ… -সাহিত্যৰ জৰিয়তে লেখক-পাঠকৰ মাজত ঘটা আত্মিক সংযোগৰ প্ৰতিধ্বনি এয়া৷ ‘দেশ’ আলোচনীৰ পাততো পাঠকে কৈ গৈছে : একটি রসোত্তীৰ্ণ নিটোল উপন্যাস লিখেছেন কারবি আংলং জেলার রংমিলি গ্ৰামকে কেন্দ্ৰ করে৷ এখানে আসামের পাৰ্বত্য জেলাটির প্ৰাক্-স্বাধীনতা যুগের জনজীৱনে সুখ-দুঃখ, আশা-আকাংক্ষা, প্ৰেম-বিষণ্ণতা মূৰ্ত হয়ে উঠেছে৷ (ৰংবং তেৰাং, সমন্বয় প্ৰৱাহ, পৃষ্ঠা ৬২, বং-এ পাব্লিকেছন, ১৯৮৯চন)

‘ৰংমিলিৰ হাঁহি’য়ে অগণন পঢ়ুৱৈৰ হৃদয় পৰশিবলৈ সক্ষম হৈছে, তাত সন্দেহ নাই৷ বিশ্ববিশ্ৰুত গায়ক ড০ ভূপেন হাজৰিকাই ১৯৮২চনতেই গাইছিল- ‘ৰংবঙে সোঁৱৰাই কাৰ্বিৰে দান, ৰংমিলিৰ হাঁহি হৈলা চিৰজ্যোতিস্মান……’৷ (ৰাংছিনাৰ সুৰ, পৃষ্ঠা ৩২, অসম সাহিত্য সভা, ১৯৮৮চন)

অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ সমন্বয় সাধনৰ উচ্চ আদৰ্শ প্ৰতিফলন কৰা মৌলিক গ্ৰন্থৰ গ্ৰন্থকাৰক প্ৰতি বছৰে কলাগুৰু বিষুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰিবলৈ সীতানাথ ব্ৰহ্মচৌধুৰীৰ তৎপৰতাত ১৯৮১চনত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ১৯৮২চনত ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনিক শ্ৰেষ্ঠ বিবেচনা কৰি ৰংবং তেৰাঙক তেখেতৰ কৃতি সাহিত্য সৃষ্টিৰ বাবে বঁটা প্ৰাপক ঠাৱৰ কৰে৷ ৰামধেনুৰ পৰৱৰ্তী যুগত কাৰ্বি জনজাতিৰ ওপৰত ওলোৱা তেৰাঙৰ এইখন উপাদেয় উপন্যাস যিখনে তেওঁলৈ প্ৰকাশন পৰিষদ আৰু সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা কঢ়িয়াই আনিছিল৷ (বীৰেন বৰকটকী, অসমীয়া প্ৰবন্ধ চয়ন, পৃষ্ঠা ৭৮, অসম সাহিত্য সভা, ১৯৮৫চন) এনে দুৰ্লভ সাহিত্য স্বীকৃতিৰে প্ৰদান কৰা সন্মান লেখকৰ নিজৰ ভাষাত : মোৰ জীৱন কালৰ এক অবিশ্বাস্য ঘটনা৷ (ৰংবং তেৰাং, সমন্বয় প্ৰৱাহ, পৃষ্ঠা ৬০, বং-এ পাব্লিকেছন, ১৯৮৯চন)

কিতাপৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনসাধাৰণৰ মাজত অধ্যয়নস্পৃহা বৃদ্ধি কৰাৰ লক্ষ্যৰে ১৯৫৭চনত প্ৰতিষ্ঠা লভা নেশ্যনেল বুক ট্ৰাষ্টে ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনিৰ হিন্দী অনুবাদ প্ৰকাশ কৰি উলিয়াইছে৷ ‘ৰংমিলি কী মুস্কান’ নামৰ এই হিন্দী সংস্কৰণটিৰ অনুবাদক নবাৰুণ শৰ্মা৷ অসম সাহিত্য সভাই স্বীকৃতি দিয়া মহৎ গ্ৰন্থখনিৰ অমৃতময় বাণী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ অন্তৰলৈ বৈ নিবলৈ এন.বি.টিয়ে লোৱা প্ৰচেষ্টা প্ৰশংসনীয়৷

ৰংবং তেৰাঙৰ জনপ্ৰিয় উপন্যাস ‘ৰংমিলিৰ হাঁহি’ৰ কাহিনীভাগক ১৩টা খণ্ডত সামৰি গোৰেশ্বৰৰ আৰ. কে. ডি. ফিল্ম প্ৰডাকশ্যনে একে নামৰে গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিক এখন প্ৰস্তুত কৰি সম্প্ৰচাৰণো সম্পন্ন কৰিছে ২২মে’ ২০০০ তাৰিখৰ পৰা৷ ‘ৰংমিলিৰ হাঁহি’য়ে ‘ৰংমিলি কী মুস্কান’ হৈ হিন্দীভাষী পাঠকৰ হৃদয় স্পৰ্শিবলৈ সক্ষম হোৱাৰ লগতে জাতীয় সংহতি গঢ়াত সহায়ক হৈছে৷ লুইতৰ মাজেদিহে আমি মহাসাগৰৰ সান্নিধ্য লাভ কৰিব পাৰিম বুলি লেখকৰ মনৰ দৃঢ় বিশ্বাস সত্যত পৰিণত হৈছে৷ ‘ৰংমিলিৰ হাঁহি’ ইংৰাজী ভাষালৈ অনূদিত হোৱাটোও অপৰিহাৰ্য কথা৷ অসমীয়া সাহিত্যৰ মাধ্যমেৰে বিশাল মানৱ আয়তনলৈ উত্তৰণ ঘটোৱাৰ ৰংবং তেৰাঙৰ যি আশা সেই আশা এনেকৈয়ে বাস্তৱায়িত হৈছে৷

অধ্যাপক ৰংবং তেৰাঙক ঔপন্যাসিক হিচাপে ‘ৰংমিলিৰ হাঁহি’য়ে দান কৰিছে এটি বিশিষ্ট পৰিচয় আৰু অসমীয়া সাহিত্যক দান কৰিছে এটি মূল্যৱান বৰঙণি৷ ‘ৰংমিলিৰ হাঁহি’ বিংশ শতিকাৰ নৱম দশকৰ অসমীয়া ভাষাৰ এটি উল্লেখযোগ্য সাহিত্য-কৃতি৷ (ডক্টৰ নগেন শইকীয়া, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা, পৃষ্ঠা ১৪৯, বনলতা, ১৯৯৩চন)

In the days to come, when other people will write the social history of the Karbi people, they shall not miss this novel, which offers us an authentic vision of Karbi life as a Karbi writer sees it. (Chandra Prasad Saikia, The Assam Tribune, April 24, 1982)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments