ৰং–জীৱনৰ বোল – শ্ৰীমন্ত শৰ্মা

বিচনাৰ পৰা উঠিয়েই আজি ৰাহুলৰ আচৰিত হোৱাৰ পাল৷ বিচনাৰ কাষৰ টেবুলখনত সজাই থৈ দিয়া ফাকুৰ টোপোলাকেইটা লিৰিকি-বিদাৰি সাতবছৰীয়া ল’ৰাটো আনন্দতে কিৰিলি পাৰি উঠিল৷ মাকে তাৰ পচন্দৰ আটাইকেইটা ৰঙেই আনিছে৷ দেউতাকে কিন্তু যোৱাবছৰ তাৰ ফৰমাইচ মতে আটাইকেইটা ৰঙৰ ফাকু আনি দিয়া নাছিল৷ চাকৰি কৰা দেউতাকে যিটো কাম কৰিব পৰা নাছিল, পেঞ্চন পোৱা মাকে সেই একেটা কামকে কৰিবলৈ ইমানবোৰ টকা ক’ত পালে বাৰু!
ৰাহুলৰ দেউতাক ৰঞ্জন ভাৰতীয় সৈন্য বাহিনীৰ এজন সাধাৰণ সৈনিক আছিল৷ যোৱাবছৰ অক্টোবৰ মাহত কাশ্মীৰত সন্ত্ৰাসবাদীৰ এটা ভয়ংকৰ আক্ৰমণত তেওঁ শ্বহীদ হ’ল৷ তিনিদিনৰ পিছত জাতীয় পতাকাৰে ঢকা এটা কফিনৰ ভিতৰত ফুলেৰে সু-সজ্জিত হৈ তেওঁ ঘৰ পালেহি৷ গঞা ৰাইজৰ জয়ধ্বনি আৰু সামৰিক কায়দাৰ অভিবাদনৰ মাজতে তেওঁ চিতাৰ জুইত নিঃচিহ্ন হৈ গ’ল৷ লগত লৈ গ’ল বিমলাৰ জীৱনৰ ৰংবোৰ৷ স্বামীৰ অবৰ্তমানত চৌখিন বিমলাই এযোৰ বগা সাজৰ মাজতে নিজৰ দেহ-মন লুকুৱাই থলে৷
যোৱা তিনিদিনমানৰ পৰাই ৰাহুল মনমৰা হৈ আছে৷ যোৱা দুবছৰ ফাকুৱাৰ সময়তে দেউতাক ছুটি লৈ ঘৰলৈ আহিছিল আৰু ব’হাগৰ বিহুৰ পিছতহে কামলৈ ঘূৰি গৈছিল৷ ৰাহুলৰ সেইকেইদিন বৰ ফুৰ্তি৷ ইটো-সিটো বস্তু বিচাৰি সি বাপেকক থিৰেৰে থাকিবলৈ দিয়া নাছিল৷ বছৰেকত এবাৰ পুতেকক কাষতে পোৱা বাপেকেও তাৰ ফৰমাইচবোৰ পূৰাবলৈ যথাসম্ভৱ চেষ্টা কৰি গৈছিল৷ কেৱল ফাকু কিনোতেহে ৰাহুলে কোৱা সকলোবোৰ ৰঙেই কিনি অনা নাছিল৷
“আমি ভাৰতীয় মানুহ, বুজিছ৷” ৰঞ্জনে ৰাহুলক কৈছিল, “আমাৰ প্ৰতিটো উৎসৱতে দেশৰ কথা ভাবি কাম কৰিব লাগিব৷ ফাকুৱাত আমি গেৰুৱা, বগা আৰু সেউজীয়া ৰংহে কিনিম দেই৷”
“কিয় দেউতা? মোৰ ৰঙা ৰংটো ইমান ভাল লাগে আক’৷” ৰাহুলে কৈছিল৷
“ভাল লাগিলেও দেশৰ কাৰণেই আমি সকলো কাম কৰা উচিত নহয়৷ মই যিকেইটা ৰং অনাৰ কথা কৈছোঁ, সেইকেইটা সানি দিলে মানুহৰ মুখবোৰ জাতীয় পতাকাখনৰ দৰে হৈ পৰিব৷ তেতিয়া কিমান যে ভাল লাগিব, ভাবচোন!”
সিমানবোৰ কথা ভাবিব পৰাকৈ ৰাহুল ডাঙৰ হোৱা নাছিল৷ সি মুখখন ওফোন্দাই পেলাইছিল৷
ৰাতি তাৰ টোপনি অহা বুলি ভাবি বিমলাই ৰঞ্জনক সুধিছিল, “তাৰ পচন্দমতে আৰু দুটা ৰং বেছিকৈ আনি দিলেনো কি হয়?” ৰঞ্জনে এহাতেৰে ৰাহুলৰ চুলিত হাত ফুৰাই আৰু আনটো হাতেৰে বিমলাক বুকুৰ কাষলৈ চপাই আনি কৈছিল, “আচলতে হাতত সিমান পইচা-পাতি নাই অ’৷ তাতে দুদিন পিছতে বছৰেকৰ বিহুটো আহি আছে, তাক কাপোৰ এসাজো দিব লাগিব নহয়৷ তোমাকো বহুতদিন একো দিয়া হোৱা নাই৷ আৰু তাক দেশৰ কথা ভাবিবলৈকো শিকাব লাগে, বুজিছা৷…………” ৰঞ্জনৰ কথাবোৰ শেষ হোৱাৰ আগতেই ৰাহুল শুই পৰিছিল৷
পিছদিনা কিন্তু তাৰ ফাকুৱা বৰ আনন্দেৰেই পাৰ হৈছিল৷ তিনিটা ৰং কেনেকৈ লগালে জাতীয় পতাকাৰ দৰে দেখাব, বাপেকে দেখুৱাই দিছিল৷ সিও সেইমতে তাৰ মাক-দেউতাক, লগৰীয়াকেইটা, ককাক-আইতাক, চুবুৰীয়া বন্তি পেহীয়েক, আনকি অচিনাকি বাটৰুৱাজনৰ মুখতো জাতীয় পতাকা আঁকি দিছিল৷
কিন্তু এইবাৰ তাৰ দেউতাক নাই৷ বুঢ়া ককাকেও চকুৰে ভালকৈ নেদেখে কাৰণে ঘৰতে সোমাই থাকে৷ আইতাক মানুহজনী আকৌ বিষত ৰুগীয়া, বিচনাৰ পৰা উঠিবলৈকে টান পায়৷ মাকজনীয়ে পুৱাৰ পৰা গধূলিলৈকে টাকুৰীৰ দৰে ঘূৰি পেঞ্চনৰ পইচাকেইটাৰেই অসুখ-অভাৱৰ সংসাৰখনৰ কোনোমতে টানি আছে৷ ৰাহুলৰ আব্দাৰ মতে তাক কিবা এটা দিব পৰাকৈ যে মাক স্বচ্ছল নহয়, সেইকথাটো সি কিবাকৈ বুজি পেলাইছে৷ তেনেস্থলত এইবাৰ ফাঁকু কিনা যে নহ’ব, সেইটো সি ইতিমধ্যেই ধৰি লৈছিল৷ তাক আচৰিত কৰি বিমলাই যে সি ভাল পোৱা আটাইবোৰ ৰঙৰ টোপোলা আনি দিব, সেইকথা সি সপোনতো ভবা নাছিল৷
” মা, ৰং আনিবলৈ টকা ক’ৰ পৰা পালা?” চোতাল সাৰি থকা মাকক পিছফালৰ পৰা সাৱটি ধৰি সি সুধিলে৷”
” চাওঁ, গুচ৷ কামৰ সময়ত আমনি নকৰিবি৷ মুখখন ধুই ল গৈ৷”
ফুৰ্তি মনেৰে ৰাহুলে ব্ৰাচত টুথপেষ্ট অকণমান লগাই আইতাকৰ বিচনা পালেগৈ৷ আইতাকৰ সৈতে আনন্দবোৰ ভগাই নোলোৱালৈকে তাৰ মনটো ভালেই নালাগে৷
” আইতা! জানা, মাই ইমানবোৰ ৰং আনিছে! আজি কিন্তু তোমাক একেবাৰে পখৰা কৰি দিম৷” ৰাহুলে চুপতি আৰম্ভ কৰিলে৷
” তই মাৰক এইবাৰ ৰং নাসানিবি দেই৷” আইতাকে গহীনকৈ ক’লে৷
“কিয়? মই সানিমেই৷”
” এহ্, নাসানিবি বুলি কৈছো নহয়৷ নাপায় অ’ সোণটো৷”
“কিন্তু কিয়?”
” চা সোণ, দেউতাৰ নোহোৱা হোৱা এবছৰ হোৱাই নাই৷ গতিকে মাৰে ফাঁকু খেলিব নাপায়৷ তই অঁকৰামিখন নকৰচোন৷”
ৰাহুলৰ মনটো জঁই পৰি গ’ল৷ তাৰমানে সি এইবাৰ মাক-দেউতাক কাকোৱেই ৰং সানিব নোৱাৰে! তেন্তে মাকে ৰংবোৰ কিয় কিনি আনিলে? সি আমন-জিমনকৈ মুখ ধুবলৈ বুলি দমকলৰ পাৰ পালেগৈ৷
“মা, এইবাৰ মই কাকো ৰং নাসানো৷” গাখীৰৰ কাপটো আগত আনি থওঁতে সি মাকক ক’লে৷
” কিয়?” মাক আচৰিত হ’ল৷
” তুমি ৰং নেখেলা যেতিয়া মইনো কিয় খেলিম?”
বিমলাৰ চকুহাল চলচলীয়া হৈ পৰিল৷ ততাতৈয়াকৈ ৰাহুলৰ কাষৰ পৰা আঁতৰি গ’ল তেওঁ৷ যোৱাবাৰ পুৱা কিবা এটা খাই উঠিয়েই ৰাহুলে দেউতাকৰ সৈতে ৰং খেলিবলৈ আৰম্ভ কৰিছিল৷ আজি কিন্তু সি বিস্কুট দুটাৰ সৈতে গাখীৰকণ খাই পঢ়াৰ টেবুলতহে বহিলগৈ৷
“ৰাহুল, এইফালে আহচোন৷” মাকৰ মাত শুনি ওলাই গৈ ৰাহুল আকৌ এবাৰ আচৰিত হ’ল৷
“কি চাই আছ তেনেকৈ? আহচোন, দেউতাৰক জাতীয় পতাকাৰ নিচিনাকৈ ৰং লগাই দেহি৷ তাৰ পিছত আমাকো দিবি দেই৷” আগতে ফাকুৱাৰ দিনা পিন্ধাৰ দৰেই ৰঙীন শাড়ী এখন পিন্ধি থকা মাকৰ মুখেৰে ওলাই অহা কথাকেইটা ৰাহুলৰ বিশ্বাস কৰিবলৈকে টান লাগিল৷
“আহ, আকৌ৷” বিমলাই আকৌ মাতিলে৷ চুচুক-চামাককৈ আগুৱাই আহি ৰাহুলে আঙুলিৰ আগেৰে গেৰুৱা, বগা আৰু সেউজীয়া অলপ দেউতাকৰ ফটোখনত সানি দিলে৷ লগে-লগে মাকে ৰঙা ৰং এমুঠিৰে তাৰ গালদুখন একেবাৰে ৰঙা কৰি পেলালে৷ অকণমান সময় ৰৈ থাকি সি এইবাৰ মাকৰ গালত জাতীয় পতাকা আঁকিবলৈ ধৰিলে৷ পিছমুহূৰ্ততে ৰঙৰ টোপোলাকেইটা লৈ সি ককাক-আইতাকৰ কোঠালৈ বুলি ঢাপলি মেলিলে৷
জীৱনৰ বোল লাগি আজি ছমাহে মৰি মৰি জী থকা প্ৰাণীকেইটাই যেন আকৌ এবাৰ প্ৰাণ পাই উঠিল৷


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments