ৰং নাম্বাৰ-গল্পৰ দৰে এটা সত্য ঘটনা (দীপ জ্যোতি নাথ)

ৰং নাম্বাৰৰপৰা অহা সকলো ফোন কল ৰং নাম্বাৰভাৱে নাহে। কিছুমান অতি উৎসাহী আৰু অসাধু মানুহ আছে, যিয়ে ইচ্ছা কৰিয়েই বিভিন্ন নাম্বাৰ লগাই কল কৰি ফুৰে। তেওঁলোক প্ৰকৃততে এজন সুবিধাবাদী! কোনো পুৰুষে ৰিচিভ কৰিলে কথা যিমান পাৰে সামৰে, কিন্তু ছোৱালী বা মহিলাই ৰিচিভ কৰে তেন্তে কথাৰ মৌৰস বৰশাই দিয়ে। ৰং নাম্বাৰে স্বামী-স্ত্ৰীৰ মাজত বিভেদ সৃষ্টি কৰে, বিশ্বাস ভাঙি পেলায়। বন্ধুত্বত ফাঁট মেলে। কেতিয়াবা আকৌ মানুহৰ মৃত্যুৰ কাৰণো হৈ পৰে এই ৰং নাম্বাৰৰ ফলতেই!

মৌচুমী নামৰ ছোৱালীজনীৰ মোবাইলত ৰং নাম্বাৰৰ এটা কল আহে। তাইৰ মোবাইলত অপৰিচিত নম্বৰৰ পৰা অহা এইটোৱেই আছিল সৰ্বপ্ৰথম কল। কলকৰ্ত্তাৰ সৈতে দিঘলীয়া কথা-বতৰা চলিল মৌচুমীৰ। পৰিচয় হ’ল।
 
কলকৰ্ত্তাৰ ‘গলা’ৰ স্বৰ ৰসগোল্লাৰ ৰসৰ দৰে মিঠা। মিঠা মিঠা কথাত তাৰ প্ৰতি মৌচুমী আৱেগাপ্লুত হৈ পৰে। দিনক-দিনে কথা পতাৰ আগ্ৰহ বাঢ়ে। দিনে আঠ-দহবাৰ ফোনৰদ্বাৰাই এজনে আনজনৰ ভাল-বেয়া, খোৱা-বোৱা খবৰ-খাটি লয়। এনেদৰেই কিছুদিন সিহঁতৰ সম্পৰ্ক চলি থাকিল।
 
কলকৰ্ত্তা ল’ৰাটোৰ ঘৰ গুৱাহাটীৰ নুনমাটিত, পেছাত ব্যৱসায়ী। বহুকেইটা সৰু সৰু ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক। গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ সমাপ্ত কৰি দেউতাকৰ ব্যৱসায় চোৱা-চিতা কৰিবলৈ আৰম্ভ কৰিছে। নিজৰ ব্যক্তিগত গাড়ী আছে, নিজেই ড্ৰাইভ কৰে। মেঘালয়ত সিহঁতৰ দুটা ঘৰ, মাজে-সময়ে মেঘালয়লৈ যায়। নাম প্ৰিন্স প্ৰাঞ্জল। সকলোৱে প্ৰিন্স বুলিয়েই মাতে। মা-দেউতাৰ একমাত্ৰ আদৰৰ সন্তান প্ৰিন্স। ভাই-ভনী নাই। সুশীল জীৱন-যাপন। দেহৰ ৰং মিহিবৰণীয়া, মিডিয়াম ফিগাৰ। পছন্দৰ ৰং বগা।
 
ফ’নত প্ৰিন্সৰ এইধৰণৰ নিজা বিৱৰণ শুনি তাৰ প্ৰতি মৌচুমীৰ আকৰ্ষণ বাঢ়ি থাকে। প্ৰিন্সৰ সৈতে দেখা কৰিবলৈ ইচ্ছা জাগি থাকে। মৌচুমীৰ এনেকুৱা আগ্ৰহ দেখি প্ৰিন্সে তাইক বিয়াৰ প্ৰস্তাৱ দিয়ে।
 
বিয়াৰ প্ৰস্তাৱ শুনি মৌচুমীয়ে ভয় কৰে, কাৰণ তাই বিবাহিতা। সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী বোৱাৰী মৌচুমী। প্ৰিন্সৰ বাবে নিজৰ সংসাৰ আৰু সন্মান এৰি অহা অসম্ভৱ। তথাপিও বন্ধুত্বৰ সম্পৰ্ক চলাই নিয়াতহে ৰাজী তাই।
 
প্ৰিন্সক কথাখিনি জনালে তাই। ইফালে প্ৰিন্স নাচোৰবোন্দা। যিকোনো মূল্যত মৌচুমীক নিজৰ কৰিব বিচাৰে। ফলত মৌচুমী পৰিল মহাবিপাঙত। শেষত এটা বুদ্ধি বাহিৰ কৰিলে তাই, মৌচুমীৰ ভনীয়েক ৰশ্মিক বিয়া কৰাবলৈ প্ৰস্তাৱ দিয়ে প্ৰিন্সক। ৰশ্মি হ’ল দশম মানৰ ছাত্ৰী। ৰশ্মিক প্ৰিন্সৰ লগত বিয়া দিলে নিজেও প্ৰিন্সৰ সান্নিধ্য পাব, এয়াই তাইৰ কৌশল।
 
ৰশ্মিৰ সৌন্দৰ্য বৰ্ণনা শুনি ৰশ্মিক পাবৰ কাৰণে প্ৰিন্সে মৌচুমীক বিভিন্ন ধৰণৰ প্ৰলোভন দেখায়। মোটা অংকৰ ধন, সোণৰ গহনাসহ আৰু বহুত কিছু দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মৌচুমীৰপৰা ৰশ্মিৰ ফ’ন নম্বৰ সংগ্ৰহ কৰিলে প্ৰিন্সে। আৰম্ভ হ’ল আৰু এটা নতুন সম্পৰ্ক।
 
গাঁওৰ সহজ-সৰল ছোৱালী ৰশ্মি, জীৱনৰ সৰ্বপ্ৰথম পুৰুষৰ এনে প্ৰেমৰ মধুৰ কণ্ঠ শুনি প্ৰিন্সৰ প্ৰেমত পৰি যায় তাই। দিন-ৰাতি সমাধি কৰি চলিল সিহঁতৰ ফোনালাপ। এইবাৰ আৰু দেৰী নকৰি কালিয়েই দেখা কৰিব বিচাৰে প্ৰিন্সে ৰশ্মিক।
 
মৌচুমীৰ ঘৰ নগাঁও জিলাত, নগাঁওৰ বামুণবড়ীত। নগাঁওৰ মূল চহৰৰ পৰা এক ঘন্টাৰ ৰাস্তা। নগাঁওত মৰিগাঁওৰ বাছষ্টেণ্ডত মৌচুমী আৰু ৰশ্মিক দেখা কৰাৰ প্ৰস্তাৱ দিয়ে প্ৰিন্সে। এক কথাত দুয়ো বাই-ভনী ৰাজী হৈ যায়। সকলোবোৰ তাৰ সিদ্ধান্তমতেই হৈ গ’ল। কিন্তু অলপ বাধা আহি পৰিল মৌচুমীৰ। হঠাৎ মৌচুমীৰ স্বামী ঘৰ আহি পালেহি, দুদিনৰ ছুটি পাই ঘৈণীয়েকক নিবলৈ শহুৰ ঘৰত হাজিৰ।
 
প্ৰিন্সৰ সৈতে দেখা কৰিবলৈ সম্ভৱ নহয় মৌচুমীৰ। ফলত ৰশ্মি অকলেই যাবলগীয়াত পৰিল। সাধাৰণতে ৰশ্মি স্কুলৰ বাহিৰে কোনোদিনা আন ক’তো গৈ পোৱা নাই। আৰু সেয়ে ইমান দূৰ তাই অকলে অকলে যোৱাটো তাইৰ বাবে বহুত কষ্টকৰ হ’ব। হেৰাই যোৱাৰো সম্ভাৱনা আছে। প্ৰিন্স আৰু মৌচুমীয়ে তাইক বিশ্বাস দিয়ে যে প্ৰতি দহমিনিটৰ পাছতেই তাইলৈ ফ’ন কৰা হ’ব। গতিকে অসুবিধা নাই।
 
পিছৰ দিনা আছিল দেওবাৰ, স্কুল বন্ধ। বান্ধৱীৰ ঘৰত যোৱাৰ কথা কৈ ৰাওনা হ’ল ৰশ্মি। প্ৰিন্সৰ গাড়ীখন হঠাৎ কিবা সমস্যা দেখা দিয়াৰ বাবে সি তাইক নগাঁওৰ ক’ৰ্টৰ মুখলৈ আহিব দিলে। তাইৰ ঘৰৰপৰা নগাঁওলৈ এঘণ্টাৰ ৰাস্তা। প্ৰিন্সৰ সাৰ্বক্ষণিক ফ’নৰ সহযোগিতাত গন্তব্য স্থান পালেগৈ ৰশ্মি। দুয়োজনে প্ৰায় একে সময়তেই দেখা-দেখি হয় নগাঁওত। মৌচুমীয়ে দিয়া বৰ্ণনামতে ৰশ্মিক দেখা পায়েই প্ৰিন্সে চিনি পেলালে। সেয়ে সি পিছফালৰপৰা তাইৰ হাতত ধৰি মাত লগালে, ”হেল্ল মেডাম!”
 
ৰশ্মিয়ে তৎক্ষণাত ভয় খাই… ”কোন আপুনি?”
 
— মই প্ৰিন্স… তোমাৰ ভালপোৱা-প্ৰেমৰ প্ৰিন্স।
— কি? আপুনি প্ৰিন্স? আপুনি প্ৰিন্স নহয়…! প্ৰিন্সতো দেখিবলৈ বহুত ধুনীয়া, হেণ্ডচাম ল’ৰা! প্ৰিন্সৰ গাৰ পোছাক আৰু উন্নতমানত হোৱাৰ কথা! কিন্তু আপোনাৰ ইমান লেতেৰা অৱস্থা, জধলা! মূৰত কাপোৰ মৰা, বহুত দিন বোধহয় চুলি আঁচোৰা নাই। ভৰিৰ জোতা এপাত চিঙা!
 
— লৰালৰিকৈ কৰি বাছৰপৰা বাহিৰ হওঁতেই এনে অৱস্থা হৈছে। ব’লা, গৈ গৈ সকলো কথা তোমাক জনাম।
 
কিংকৰ্তব্যবিমূঢ় অৱস্থা। কি কৰিব ৰশ্মিয়ে ঠিক বুজি লোৱাৰ আগতেই প্ৰিন্সে ৰশ্মিৰ ম’বাইলটো কাঢ়ি লয়। ইয়াৰ পাছত ৰশ্মিৰ হাতত ধৰি গুৱাহাটীগামী বাছৰ ফালে লৈ যায়।
 
বাছষ্টপ পৰ্যন্তলৈকে ৰশ্মিৰ মন উচ-পিচ লাগি থাকিল। তাই উভতি যাব বিচাৰিলে। কিন্তু নিৰুপায়। তাই উভতি যাবলৈ পৰ্যাপ্ত পৰিমাণৰ টকাও নাই। ম’বাইলটোও লৈ ৰাখিছে প্ৰিন্সে। বহুসময় মনে মনে ৰৈ থাকিল তাই। বাছ এৰিছে। প্ৰায় তিনি ঘন্টাৰ সময়ৰ এটা যাত্ৰা। ‘ক্যা এহি প্যাৰ হ্যে’ নামৰ হিন্দী চিনেমাৰ কাহিনীৰপৰা আৰম্ভ কৰি পৃথিৱীত যিমানধৰণৰ নিঃস্বাৰ্থ ভালপোৱাৰ কাহিনী আছে, সকলোবোৰ ৰশ্মিক শুনাই গৈছে।
 
সন্ধিয়া সময়ত ঘৰ আহি পালেহি সিহঁত। প্ৰিন্সৰ ঘৰৰ অৱস্থা দেখি ৰশ্মিৰ অৱস্থা আৰু শোচনীয় হৈ পৰিল! সৰু এটা ভঙা-চিঙা ঘৰত ভাড়া থাকে প্ৰিন্স। পেছাত বাছৰ কনডাক্টৰ। মা-দেউতা কোনো নাই। আচল নাম ধ্ৰুৱজ্যোতি। ঘৰৰ কাষতেই জাৱৰৰ স্তুপ। গেলা জাৱৰৰ দুৰ্গন্ধত ৰশ্মিৰ বমি ওলাই আহিল।

ইফালে মৌচুমীয়ে বাৰে-বাৰে ফোন কৰিও ৰশ্মি আৰু প্ৰিন্সৰ যোগাযোগ কৰিব পৰা নাই। ম’বাইল দুয়োটাই বন্ধ। ৰশ্মিৰ মাক-দেউতাক কন্দা-কটা কৰি গাঁওৰ মানুহক সোধ-পোছ কৰি থাকে। কিন্তু কোনোৱে তাইক দেখা নাছিল। মাক-দেউতাকে তাইৰ সকলো বান্ধৱীৰ ঘৰত বিচাৰিও কোনো খবৰ নাপালে।
 
আৰু আনফালে গুৱাহাটীলৈ অহাৰ কথা মৌচুমীৰ বাহিৰে আন কোনোৱে নাজানে। তেনেকৈ সময় গৈ থাকিল।
 
দিঘলীয়া এমাহৰ পাছত ৰশ্মিক ৰহাত নমাই এৰি থৈ যায় ধ্ৰুৱজ্যোতি ওৰফে প্ৰিন্সে, লগতে তাইৰ ম’বাইলটোও সক্ৰিয় কৰি দিয়ে। ম’বাইল সক্ৰিয় হোৱাৰ লগে-লগেই মৌচুমীৰ কল আহে। ফোনত মৌচুমীৰ মাত শুনা লগে-লগেই চিঞৰি-চিঞৰি কন্দা-কটা আৰম্ভ কৰি দিয়ে ৰশ্মিয়ে।
 
সেইদিনা ৰহাত বুধবৰীয়া বজাৰ আছিল, হঠাৎ তাইৰ গগণবিদাৰী কান্দোনৰ শব্দত বজাৰৰ মানুহবোৰ জুম বান্ধি আগুৰি ধৰিলেহি। তাইৰ কান্দোনৰ ৰহস্য জানিবলৈ বজাৰৰ সকলো মানুহ কৌতুহলী হৈ পৰিছিল। মইও সেইদিনা ৰহাত বজাৰ কৰি ঘৰলৈ উভতিছিলোঁ। আমৰ ঘৰৰপৰা ৰহালৈ ৫ কিমিঃ দূৰ। অটো ষ্টেণ্ডৰ কাষত এনেদৰে মানুহবোৰ জুম বান্ধি থকা দেখি মইও উৎসুক জনতাৰ দৰে ৰৈ কাণ্ড-কাৰখানা চাই আছিলোঁ।
 
প্ৰায় এঘন্টা সময় পাৰ হৈ গ’ল। সকলোৱে মাত্ৰ ছোৱালীজনীৰ দুখৰ কথা শুনি ইচ-ইচ, আচ-আচ কৰি গুচি গৈছে, কিন্তু কোনোৱে তাইক সহায় কৰিবলৈ আগুৱাই অহা নাই। মই বজাৰৰ মোনাটো চিনাকী পাণদোকান এখনতে ৰাখি মনতে ভাবিলোঁ, এই ছোৱালীজনীক ময়ে ঘৰত থৈ আহিমগৈ!
 
ছোৱালীজনীৰ ম’বাইলৰপৰা ফোন লগালোঁ মই মৌচুমীলৈ। মৌচুমী আহিব বিচাৰিছিল, কিন্তু মই মানা কৰিলোঁ আৰু ক’লোঁ, ”অহাৰ প্ৰয়োজন নাই, মই লৈ যাম, ঠিকনাটো ভালকৈ জনাওঁক।”
 
মই মৌচুমীৰপৰা বিস্তাৰিতভাৱে ঠিকনা লৈ অটো এখন ভাড়া কৰি ৰাওনা হ’লোঁ। ৰহা-মঠৰবড়ী-গান্ধীবড়ী-বামুণবড়ীলৈ এটা চমু গাঁৱলীয়া ৰাস্তাৰে অটোত ৰশ্মিক উঠালোঁ!
 
খুউব কম সময়ৰ ভিতৰতে ৰশ্মিৰ ঘৰ পালোঁগৈ। ৰশ্মিক দেখাৰ লগে লগেই তাইৰ মাক কান্দি কান্দি অজ্ঞান হৈ পৰিল। মই ৰশ্মিক সুধিলোঁ, ”মৌচুমী কোনজনী?”
 
তাই বায়েকৰফালে আঙুলিয়াই দেখুৱাই দিলে। মৌচুমীৰ লগত মই কথা পাতি সকলো ঘটনা জানিলোঁ আৰু শুনি আচৰিত হ’লোঁ, কাৰণ এনে লোমহৰ্ষক ঘটনা আগত কেতিয়াও শুনা নাছিলোঁ। আজি নিজ চকুৰে দেখিলোঁ, বিশ্বাস কৰিবই টান পাইছিলোঁ।
 
মৌচুমীয়ে ৰশ্মিক অনুৰোধ কৰিলে যাতে কাৰোৰ সৈতে এই ঘটনা শ্বেয়াৰ নকৰে। কাৰণ মানুহে জনা-জানি হ’লে ৰশ্মিৰ ভৱিষ্যতত আউল লাগিব, বিয়াৰ ক্ষেত্ৰত অসুবিধা হ’ব। দেউতাকে সমাজত মুখ দেখাব নোৱাৰিব। এনেদৰে বিভিন্নভাৱে বুজালে তাইক… ”কোনোবাই সুধিলে ক’বা যে কিবা বেলেগ বাহিৰা বস্তুৰে ধৰিছিল। টোপনীৰ পৰা ডাঙি লৈ গৈছিল আৰু ঘৰৰ সন্মুখত ওভোতাই দি গৈছে। ক’বা যে মই একোৱেই নাজানো।”
 
মৌচুমীৰ কথাত মান্তি হ’ল ৰশ্মি। সাধাৰণতে গ্ৰাম্য অঞ্চলত ভুত-প্ৰেটৰ কথা সকলোৱে বিশ্বাস কৰে। ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবিয়েই ময়ো তাকে সমৰ্থন কৰিলোঁ, ইয়াৰ বাহিৰে অন্য কোনো উপায় নাছিল।
 
সন্ধ্যা গৈ ৰাতি হৈ আহিল। ৰশ্মিৰ পৰিয়ালৰ আন সদস্য কাৰোৰ স’তে দেখা-দেখি নকৰাকৈয়ে গুচি আহিলোঁ। অহাৰ সময়ত ৰশ্মিক মাতি সৰুকৈ এটা কথাই ক’লোঁ, “মৌচুমীক কেতিয়াও ক্ষমা নকৰিবা”।
 
[স্বীকাৰোক্তি – এই কাহিনীটোত চৰিত্ৰ আৰু ঠাইসমূহ সম্পূৰ্ণ বেলেগ। ইয়াত মোৰ চৰিত্ৰটোত সোমাই আছে সেইজন ব্যক্তি যিজনে গোটেই কাহিনীটো মোক কৈছিল। মই মাথোঁ সামান্য পঠনযোগ্য কৰি লিখিত ৰূপত প্ৰকাশ কৰিছোঁ।]
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

ধন্যবাদ…