ৰক্তপিপাসু ২ (জ্যোতিপ্ৰকাশ নাথ)

জীৱন্মৃতৰ জন্ম

নাওখন পাৰত লগাই জাপ মাৰি নামিল ময়িদুল আৰু কোবাকুবিকৈ গৈ পাৰত বেঁকাকৈ পুতি থোৱা বাঁহৰ খুটিটোত নাৰিকলৰ ৰছীদাল তিনিপাক দি বান্ধিলে। তাৰ পিছত প্ৰকাণ্ড মাছধৰা জালখন সাৱধানে টানি টানি নমাই জাল শুকোৱা খুটিটোৰ পিনে আগবাঢ়িল। ব্ৰহ্মপুত্ৰৰ পানী শুকাই ওলাই পৰা বালিময় সৰু চাপৰিটোৰ পাৰটো আলতীয়া বোকাময় হৈ পৰিছে। বালিচঁহীয়া বোকাবিলাক ইমানেই কোমল যে তাৰ ভৰিদুখন প্ৰায় কলাফুললৈকে সোমাই গ’ল। যোৱা এমাহৰ পৰা ময়িদুলে নদীৰ এই অংশটোত মাছ ধৰিবলৈ ঠিক কৰি সৰু চাপৰিটোত আশ্ৰয় লৈ আছে। জালখন শুকাবলৈ মেলি দি গাটো তিয়াই লৈ নাওখনতে তাৰ সৰু ছৈখনৰ তলত কেৰাচিনৰ ষ্ট’ভটোত চাউল অলপ দুটা আলুৰে সৈতে সিজিবলৈ দি সি সন্ধিয়া মৰা মাছখিনি উলিয়াই লয়। বিভিন্ন ধৰণৰ মাছবিলাক বেলেগে বেলেগে টিনৰ টৌবোৰত ৰখালৈকে তাৰ ভাতৰ মাৰ কাঢ়িবৰ হৈ যায়। মাৰখিনি কাঢ়ি তাৰ ওপৰত কেঁচা জলকীয়া কেইটামান থৈ সি চচপেনটোৰ ঢাকনি মাৰি দিয়ে। তাৰ পিছত ষ্ট’ভৰ জুইতে দুটা বা তিনিটা সৰু মাছ পুৰি লৈ আধা সিজা জলকীয়া আৰু আলু পিটিকাৰ লগত পৰম তৃপ্তিত ভাত কেইটা খাই নাৱতেই শুই পৰে। ৰতিপুৱা চাৰি বাজিবলৈ নৌপাওঁতেই ঘাটলৈ মাছ বেচিবলৈ যায় যদিও কেতিয়াবা মাজনিশাও বেপাৰী আহি তাক জগাই মাছ লৈ গুচি যায়। প্ৰকাণ্ড জালখন কেঁকো-জেঁকোকৈ দাঙি লুঙি কোঁচাই গৈ থাকোঁতে কিহবাত উজুটি মাৰি মুখথেকেচা খাই ময়িদুল পৰি গ’ল। সি পৰা ঠাইটুকুৰাতে থকা বাঁহৰ গোঁজ এটাত লাগি দাঁত এটা ভাগি মুখেৰে তেজ ওলাই আহিল। প্ৰচণ্ড যন্ত্ৰনাত ৰ’ব নোৱাৰি সি চিঞৰি উঠিল “আল্লাৰে……..মল্লাম গো, মুখটা ফইট্টা গেছেগা……..”।

নিজকে চম্ভালি লৈ কিহতনো উজুতি খালে তাকে চাওঁ বুলি পিছফালে ঘুৰোঁতেই সি উচপ খাই উঠিল। বোকাত আধা পোত খাই ওপৰমুখকৈ পৰি থকা সেইটো এটা নাঙঠ মানুহ দেখোন। বেলি ডুবিছিল যদিও জোনৰ পোহৰ বালিত প্ৰতিফলিত হৈ চাপৰিটো উদ্ভাসিত হৈ আছিল। লৰালৰিকৈ মৃতদেহটোৰ মুখৰ ওচৰত কাণখন দি চালে সি, নাই উশাহ লোৱাৰ কোনো লক্ষণ নেদেখিলে। কাণখন এইবাৰ বুকুত লগাই চাওঁতেই ময়িদুলৰ গাটো সিৰসিৰাই গ’ল। বৰফৰ দৰে চেঁচা পৰি আছে বুকুখন। জীয়াই থকাৰ কোনো লক্ষণ নাই। কি কৰোঁ কি নকৰোঁ লাগিল তাৰ। যদি ৰাতি মাছ বিচাৰি বেপাৰী আহি কিবাকৈ এই মৰাশটো দেখিবলৈ পায় তেন্তে সিয়েই মাৰি পেলাই থোৱা বুলি ভাৱিব। অলপ সময় চিন্তা কৰি সি মৰাশটো বালিত পুতি থোৱাই ভাল হ’ব বুলি ভাবিলে। এক প্ৰকাৰ কবৰ দি অন্তিম সংস্কাৰো কৰা হ’ব। এইবুলি সি মৰাশটো চাপৰিৰ মাজৰ পিনে টানি লৈ গ’ল। প্ৰায় পঞ্চাশ ফুটমান টনাৰ পিছত ভাগৰ লগাত সি বহি পৰিল। এনেয়েও গোটেই চাপৰিটো দুশ ফুটমানহে বহল হ’ব, গতিকে এইখিনিতে কবৰ দিলেও কোনেও কেতিয়াও বিচাৰি নাপায়। বাৰিষা বাকী থকাখিনি নৈয়ে উটাই লৈ যাব আৰু মাছে খাই পেলাব। অতীতত এনেকৈ দুই এটা মৰাশ পোতা কাম সি কৰি পাইছে। মৰাশটো তাতে ৰাখি ময়িদুলে নাৱত থকা বালি উঠোৱা বেলছাখন আনিবলৈ গ’ল। মনতে ভাবিলে “আল্লাৰে আজকে সকালবেলা নামাজ পঢ়ল্লাম না তাৰ জন্য এৰকম সাস্তি দিছেন আমাকে, কালকেৰ থেকে আমি ৰেগুলাৰ নামাজ পঢ়বো ৰে বাবা আমাকে ছাইড়া দেন।“

প্ৰচণ্ড বুকুৰ বিষত ৰব নোৱাৰি কেঁকাই উঠিল ইন্সপেক্টৰ অপূৰ্ব কলিতা। বুকুখনৰ ভিতৰত যেন একো নাইকিয়া হৈ গৈছে তেওঁৰ। জোৰকৈ উশাহ টানিবলৈ চেষ্টা কৰিলে তেওঁ, কিন্তু বতাহবিলাক নাকেৰে ভিতৰলৈ গৈ যেন বুকুৰ ভিতৰত নোহোৱা হৈ থাকিল। নিশাহ এৰোঁতে অকণো বতাহ ওলাই অহা যেন নালাগিল তেওঁৰ। শুই আছে নে সাৰে আছে নে সপোন দেখি আছে একো ধৰিব নোৱাৰিলে তেওঁ। কৃষ্ণকায় অতল গহ্বৰ এটাৰ তলত কিবা ক’লা আলতীয়া পদাৰ্থৰ ওপৰত ওপঙি থকা যেন অনুভৱ কৰিলে তেওঁ। সেই পদাৰ্থবিলাক যেন তেওঁৰ দেহৰ চাৰিওপিনে কিলবিলাই ফুৰিছে আৰু নাকে মুখে সোমাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ কৰি দিছে। হঠাৎ যেন গহ্বৰটো কোনোবাই গোৰ মাৰি দূৰলৈ চিটিকাই দিলে। প্ৰচণ্ড বেগত তললৈ মূৰ কৰি কলিতা পৰিবলৈ ধৰিল। চকু মেলি চাবলৈ চেষ্টা কৰিলে তেওঁ। একো দেখিবলৈ নাপালে কিন্তু তেওঁ আহি থাকিল আৰু আহিয়েই থাকিল তললৈ।(এইটো সলাই দিলোঁ অলপ) কিমানপৰ তেনেদৰে তললৈ আহি আছিল তেওঁ অনুমান কৰিব নোৱাৰিলে, কিন্তু হঠাতে তেওঁ ৰৈ গ’ল আৰু কাষতে ধপকৈ কিবা এটা পৰা স্পষ্টকৈ শুনিবলৈ পালে। এইবাৰ তেওঁ নিজৰ হাত ভৰি বোৰৰ অস্তিত্ব থকা যেন পালে আৰু পানীত পৰা মানুহে হাততে পোৱা যিকোনো বস্তু খামুচি ধৰিবলৈ চেষ্টা কৰাৰ দৰে দুয়োহাতে কিহবাত খামুচি ধৰিলে। তেওঁ অনুভৱ কৰিলে তেওঁ যেন দুয়ো হাতেৰে দুমুঠি বালি খামুচি ধৰিছে কিন্তু ধৰি ৰাখিবলৈ শক্তি নাপাই বালিখিনি এৰি দিলে। তেওঁ যেন বালিৰ দলিছা এখনত শুই আছে। চকুৰেও এইবাৰ অলপ অলপ কৈ দেখা পোৱা যেন লাগিল তেওঁৰ। কিন্তু ডিঙিৰ তলৰ পৰা দেহৰ বাকীঅংশ যেন শুকাই গৈছে। লৰচৰ কৰিবলৈ অলপো শক্তি নাই। প্ৰচণ্ড ভোক আৰু পিয়াহ লগা বুলি তেওঁ অনুভৱ কৰিলে আৰু উঠি বহিবলৈ চেষ্টা কৰিলে।

বেলছা লৈ ঘুৰি আহি ময়িদুল চক খাই গ’ল। আগৰ ঠাইত দেখোন মৰাশটো নাই। ঠাইখিনি ভুল হ’ল নেকি বাৰু। আঠুকাঢ়ি লৈ ভালকৈ পৰীক্ষা কৰি চালে সি। নাই নহয় ভুল নাই হোৱা। সঠিক ঠাইলৈকে আহিছে সি। মৰাশটো চোঁচৰাই অনাৰ চিন স্পষ্ট হৈ আছে তেতিয়াও বালিত। কিন্তু গ’ল কলৈ বাৰু। কিবা এটা সন্দেহ কৰি বালিখিনি জুপি চাই পৰীক্ষা কৰিলে। তাৰ সন্দেহ সঁচা হ’ল। বালিত পাতলীয়াকৈ পৰা খোজৰ চিন এটা দুটাকৈ নদীৰ পিনে আগবাঢ়ি গৈছে। গাটো সিৰসিৰাই গ’ল ময়িদুলৰ। আল্লাক স্মৰণ কৰি এখোজ দুখোজকৈ সিও খোজবিলাক অনুসৰণ কৰি আগবাঢ়িব ধৰিলে। কিন্তু ই কি পাঁচফুট মান যোৱাৰ পিছত দেখোন খোজবোৰ নোহোৱা হ’ল। ক’লৈ গল? এইবাৰ সঁচাকৈয়ে ভয় খালে সি। ফেব্ৰুৱাৰী মাহ আছিল যদিও নদীৰ মাজৰ চাপৰি এটাত ঠাণ্ডা ভালেই পৰিছিল। সেই ঠাণ্ডাতো ময়িদুল সম্পূৰ্নৰূপে ঘামি উঠিল আৰু ফোঁপাবলৈ ধৰিলে। নিজৰে হৃৎপিণ্ডৰ ধপধপনি স্পষ্টকৈ শুনিবলৈ পালে সি। ভয়তে চিঞৰি উঠিল সি।

: এই …(অশ্লীল) কে ৰে তুই? আমাৰ ছামনে আইছ, বেলছা দিয়া মাইৰা মাঠা ফাইট্টা ফালামু। আমাৰ সঙ্গে খেলা কৰিছ না। আল্লা কছম আমি একটু ভয় পাইছি না।

শূণ্যতে বেলছাখন ইফালে-সিফালে চাৰিপাক মান ঘুৰালে সি। নাই কোনো সাৰসুৰ নাই। আৰু ৰৈ থাকিব নোৱাৰিলে সি। তৰানৰা ছিঙি নাৱলৈ দৌৰ মাৰিলে। বেলছাখন নাৱলৈ দলিয়াই দি প্ৰাণেপণে নাওখন পানীলৈ বুলি ঠেলা মাৰিলে। কিন্তু ই কি নাওখন অলপ লৰচৰ কৰি আৰু আগনবঢ়া হ’ল। ভয়ত তৎ হেৰুৱালে ময়িদুলে। নাৱৰ ছৈৰ ভিতৰত বেটেৰীচালিত কম পোহৰৰ লাইট এটা জ্বলাই থৈছিল সি। সেইটো আনিবলৈ বুলি নাওখনত জাপ মাৰি উঠিল। লাইটৰ লগতে খুকুৰিখন লৈ সি আকৌ ওলাই আহিল অতি সাৱধানে এখোজ দুখোজ কৈ। তললৈ আহি তাৰ মনত পৰিল, লৰালৰিতে নাও বন্ধা ৰছীডাল খুলিবলৈকে পাহৰিলে সি। একেঘাপতে ৰছীডাল কাটি নাৱত জপিয়াই উঠিল আৰু বঠাপাত হাতত লৈ বালিত গাৰ সম্পূৰ্ণ শক্তিৰে ঠেলা মাৰিলে।

একেটা ঠেলাতে নাওখন পানীৰ মাজলৈ ভালেখিনি আগবাঢ়ি গৈছিল। প্ৰচণ্ড ভয় আৰু উৎকণ্ঠাত ময়িদুলে চকু মুখ মেলি চাপৰিটোৰ পিনে অলপ সময় চাই থাকিল। চেঁচা বতাহ এজাক গাত লগাতহে সি সম্বিত ঘুৰাই পালে। নাওখন সি অনুমানতে পাৰলৈ বুলি মুখ কৰি ঘুৰাই ললে। একো চিন্তা কৰিব পৰা শক্তি হোৱা নাই তাৰ এতিয়াও। বহি লৈ সি বঠা মৰাত মনোনিবেশ কৰিলে। খেলিমেলি ভাৱ কিছুমান তাৰ মূৰলৈ আহিল। সেইটোতো মৰাশই আছিল, সি নিজেই উশাহ নিশাহ পৰীক্ষা কৰি চাইছিল আৰু বুকুৰ ধপধপনিও অলপো নাছিল। তেন্তে মৰাশ এটাই কেনেকৈ খোজকাঢ়ি যাব পাৰে। নে এইবিলাক নদীত থকা মাছখোৱা ভুতৰ খেলা। কিমান দেৰি একেৰাহে তেনেকৈ আছিল সি ক’ব নোৱাৰে কিন্তু নাওখনৰ আনটো মূৰে মাছ ৰাখিবলৈ থোৱা খালী টিনৰ টৌ কেইটাৰ ফালে কিবা শব্দ এটা হোৱাত সি চক খাই উঠিল। টৌ এটা ঢাকনিৰে সৈতে জপংকৈ পানীত পৰাৰ শব্দ শুনা গ’ল। বঠা এৰি খপজপকৈ থিয় দিলে সি। পিছ মুহুৰ্ততে চাপৰি কাষতে থকা খুকুৰিখন এহাতে আৰু লাইটটো আনহাতে লৈ ছৈ খনৰ তলেৰে নাওখনৰ আনটো মূৰে সন্তপৰ্ণে কুঁজা হৈ অগ্ৰসৰ হ’ল। সিটো ফালে নাৱৰ আনটো মূৰৰ দৃশ্য দেখি মূৰ ঘুৰাই যোৱাৰ উপক্ৰম হ’ল ময়িদুলৰ। সি দেখিলে দমাই থোৱা মাছবোৰ ছেদেলি ভেদেলি হৈ আছে আৰু সেই নাঙঠ মৰাশটোৱে প্ৰকাণ্ড মাছ এটা কামুৰি কামুৰি আধা খাই পেলাইছে। আচৰিত হৈ চিঞৰি উঠিল সি-
: এই কে ৰে তুই? আমাৰ মাছ খাসছ কেন? আৰ তুই এই নাওতে আইলি কি ৰকম? তুই তো একটা মৰা মানুছ।
: হেই…. নাই নাই মই মাছ নাখাওঁ ম….মই মই পুলিচ, ইন্সপেক্টৰ অপূৰ্ব কলিতা, সেই খুকুৰি খন এতিয়াই পেলাই দে, নহ’লে…. নহ’লে মই গুলিয়াই দিম।

হাঁহি উঠি গ’ল ময়িদুলৰ, কি কয় এই মৰাশটোৱে, সি বোলে পুলিচ। ইয়াক ভালকৈ লাথ দুটামান দিলেহে ঠিক হ’ব যেন লাগিল। এই বুলি সি কলিতাৰ পিনে টোৱাই লাইটটো দাঙি ধৰিলে। কিন্তু দৃশ্য দেখি ময়িদুলৰ তেজ গোট মাৰি যোৱা যেন লাগিল। লাইটৰ ক্ষীণ পোহৰত অপূৰ্ব কলিতাৰ মুখ খন বৰ ভয়ঙ্কৰ দেখা গ’ল। গোটেই মুখ খনতে মাছৰ তেজ লাগি আছে, আনকি হাতত আৰু বুকুতো। তাতোকৈ ডাঙৰ কথা তেওঁৰ দাঁতবিলাক প্ৰয়োজনতেকৈ বেছি ডাঙৰ দেখাইছে আৰু মুখখনো প্ৰায় কুকুৰৰ মুখৰ দৰে ওলাই অহাৰ দৰে হৈছে। টিকটিকীয়া কৈ ৰঙা জিভাখনে সাপৰ জিভাৰ দৰে লিকলিকাই আছে। সেয়া যেন মানুহ নহয়, দুখন ভৰিৰ ওপৰত থিয় হৈ থকা এটা মানুহৰ দৰে জন্তুহে। ময়িদুলে কোনোমতে চিঞৰি উঠিল কিন্তু মাতটো ফুচফুচাই ওলোৱাৰ দৰে লাগিল…….

: এই আমাৰ কাছে আসবি না, এই খুক্ৰি দিয়া কাইট্টা ফালামু।
হঠাৎ অপূৰ্ব কলিতাৰ কি হ’ল তেওঁ ধৰিব নোৱাৰিলে। ময়িদুলৰ গাৰ পৰা অহা গোন্ধে তেওঁক উদ্বাউল কৰি তুলিলে। তাৰ ভঙা দাঁতটোৰে অলপ অলপকৈ তেজ ওলাই আছিল তেতিয়াও। নৰৰক্তৰ গোন্ধ বাৰু ইমান আকৰ্ষণীয় কেনেকৈ হ’ব পাৰে। চকুৰ পচাৰতে উৰি অহাৰ দৰে একে জাপতে আহি তেওঁ ময়িদুলক গবা মাৰি ধৰিলে। কিন্তু ময়িদুলৰ হাতত থকা খুকুৰি খন কলিতাৰ পেটেৰে সোমাই পিঠিৰে ওলাই গ’ল। ময়িদুলে গাৰ সমস্ত শক্তিৰে কলিতাৰ কঁকালত গোৰ এটা সোধাবলৈ চেষ্টা কৰিলে। কিন্তু কলিতাই হেচি ধৰাৰ বাবে সেইটো সম্ভৱ নহল। ইতিমধ্যেই সন্তুলন হেৰুৱাই নাওখনে টুলুঙ ভুটুঙ কৰিবলৈ ধৰিলে। এনেতে এফালৰপৰা ইঞ্জিন চালিত নাও এখন অহা দেখা গ’ল। লগে লগে ময়িদুলে প্ৰাণেপণে চিঞৰিবলৈ ধৰিলে
: বাছাও বাছাও, আমাকে মাইৰা দিলেন, বাছাও বাছাওওওও……….

নাওখনৰ পৰা মৰা টৰ্ছৰ শক্তিশালী পোহৰ দেখা গ’ল। লগতে মানুহৰ হুলস্হুল আৰু ইঞ্জিনৰ শব্দ শুনা গ’ল। সম্বিত ঘুৰাই পোৱা মানুহৰ দৰে কলিতাই ঘপককৈ থিয় দিলে। তেওঁ খুকুৰিখন টান মাৰি পেটৰ পৰা উলিয়াই পানীত দলিয়াই দিলে। টৰ্ছৰ পোহৰত ময়িদুলে স্পষ্টকৈ দেখিলে তাৰ খুকুৰিৰে কাট খোৱা কলিতাৰ দেহৰ মাংসদোখৰ আকৌ লাহে লাহে নিজে নিজে জোৰা লাগিছে। খুকুৰি খন সোমাই গৈছিল সঁচা কিন্তু তাৰপৰা তেজ অকণো ওলোৱা নাছিল। তাৰ মূৰটো ঘুৰাই যোৱা যেন লাগিল, সি অজ্ঞান হৈ পৰিল।

প্ৰায় ওচৰ আহি পোৱা ভাপনাওখনৰ পিনে এবাৰ চাই কলিতাই বিপৰীত পিনে পানীলৈ বুলি প্ৰচণ্ড জাপ এটা মাৰিলে। বিশ ফুটমান দূৰত জপংকৈ পানীত কিবা এটা পৰাৰ শব্দ শুনা গ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments