ৰক্তপিপাসু ৪ (প্ৰত্যাৱৰ্তন): জ্যোতি প্ৰকাশ নাথ

ৰক্তপিপাসু ৪ (প্ৰত্যাৱৰ্তন)

জ্যোতি প্ৰকাশ নাথ

খবৰটোৱে চহৰখনত এটা সৰু সুৰা চাঞ্চল্যৰ সৃষ্টি কৰিলে। অৱশ্যে ইয়াত বৈদ্যুতিন মাধ্যমৰ অৱদানো একেবাৰে কম বুলিব নোৱাৰি। আজিৰ ব্যস্ততাৰ যুগত কাৰনো সময় আছে তিনিআলিৰ চুকত কথাৰ মহলা মাৰি থাকিবলৈ। সকলোতে চলিছে আগুৱাই যোৱাৰ প্ৰতিযোগিতা। চাকৰিয়ালে চাকৰি কৰিছে, ব্যৱসায়ীয়ে ব্যৱসায়, মুঠতে উপাৰ্জন কৰিব লাগে। আগৰ মতে হোৱা হ’লে এনেকুৱা এটা খবৰে মানুহৰ মুখ বাগৰিয়ে এঘণ্টাৰ ভিতৰত চহৰৰ সিটো মূৰ পালেহেঁতেন। কিন্তু এতিয়াৰ কথা সুকীয়া। ৰাইজে কামৰ পৰা ঘুৰি আহি সন্ধিয়া দুৰদৰ্শনৰ আগত বহিহে দেশৰ বা-বাতৰি লয়। ৰাতিপুৱা বাতৰি কাকত পঢ়া মানুহ দিনক দিনে কমি আহিছে। কথাটো হয়ো, একেটা খবৰকে আজি ৰাতি টিভিত চোৱাৰ পিছত আকৌ কিয়নো পুৱাই পুৱাই পঢ়ি সময় নষ্ট কৰিব লাগিছে। লছালিক ধুৱাই মেলি আজৰি কৰি স্কুলত থৈ অহাৰ পৰা নিজে কামলৈ ওলোৱালৈ দৌৰাদৌৰি কৰোতেই দেখোন ৰাতিপুৱা কেনি পাৰ হয় গমেই পোৱা নাযায়। ক’তনো আৰু বাতৰি কাকত পঢ়িবলৈ সময় থাকে। অৱশ্যে কাম বন নাইকীয়া এলেহুৱা কিছুমানক এতিয়াও ঘৰৰ বাৰাণ্ডাত বহি পঢ়ি বাতৰি কাকত পঢ়ি থকা দেখা যায়। নিৰুদিষ্ট আৰক্ষী বিষয়া ইন্সপেক্টৰ অপূৰ্ব কলিতা কালি কাহিলীপুৱাতেই সোঁশৰীৰে আহি থানাত উপষ্ঠিত হয়হি। জিলাখনৰ সকলো কেইখন আৰক্ষী চকী আৰু প্ৰশাসনিক কাৰ্য্যালয় সমূহত দুপৰীয়ালৈকে খবৰটো বিয়পি যায়। পিছলৈ ব্যক্তিগত টিভি চেনেল কেইটাই সন্ধিয়াৰ বিশেষ বাতৰিত খবৰটো প্ৰচাৰ কৰাত চহৰখনৰ লগতে সমগ্ৰ অসমে খবৰটো পাবলৈ সক্ষম হয়। সততে এটা অভিযোগ উত্থাপিত হয় যে নিউজ চেনেল কেইটাই ৰাজধানী চহৰ গুৱাহাটীৰ বাহিৰে অসমৰ বাকী ঠাইবোৰৰ বা-বাতৰিত বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু এই খৱৰটোৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম দেখা পোৱা গ’ল। প্ৰায় আটাইকেটা চেনেলেই বিশেষ গুৰুত্ব সহকাৰে বাতৰিটো পৰিবেশন কৰিলে। পৰ্দাত অপূৰ্ব কলিতাক সাংবাদিকে ঘেৰি ধৰি বিভিন্ন প্ৰশ্ন সোধা দেখা গ’ল। কলিতাই বাকীবোৰ প্ৰশ্নক আওকাণ কৰি ক’লে-

: সেইদিনাৰ ঘটনাটোৰে পৰা যোৱা দুমাহ ধৰি মই ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চৰত কেইজনমান সহৃদয় মাছমৰীয়াৰ লগত আছিলোঁ। তেওঁলোকে মোক অজ্ঞান অৱস্থাত পানীত ওপঙি থকাৰ পৰা উদ্ধাৰ কৰি শুশ্ৰূষা কৰিছিল যদিও জ্ঞান ঘূৰাই পোৱাৰ পিছৰে পৰা মোৰ আগৰ কথা অলপো মনত নাছিল। আনকি মই কোন তাকো মই কব পৰা নাছিলোঁ। কালি ৰাতি হঠাতে মোৰ সকলো মনত পৰাত তেওঁলোকক তাতে এৰি থৈ নিজৰ ভাৰাঘৰলৈ ঘূৰি আহোঁ।

সাংবাদিকে উপৰ্যুপৰি প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিয়ে আছে! “আপুনি বিচাৰি যোৱা অঞ্জন শৰ্মা নামৰ মানুহজনো এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে, এই বিষয়ে আপুনি কি কয়?”…….. “আপুনি সেইদিনা মি: শৰ্মাক কিয় বিচাৰি গৈছিল?”…….. “আপুনি কি সূত্ৰৰ ভিত্তিত কছাৰীবস্তিৰ ছোৱালীজনীৰ ঘটনাটোৰ লগত অঞ্জন শৰ্মাক সাঙোৰ খুৱাব বিচাৰিছিল?”…….. “ইন্সপেক্টৰ অপূৰ্ব কলিতা আপোনাৰ জীৱন ৰক্ষা কৰা সেই সহৃদয় মাছমৰীয়া কেইজন ক’ত আছে, কেমেৰাৰ সন্মুখলৈ আহিবলৈ কওক।“…….. “এতিয়াতো আপোনাৰ সকলো মনত পৰিছে, এতিয়া কওক অঞ্জন শৰ্মাক আপুনি ক’ত লুকুৱাই ৰাখিছে।“……..”আপুনি যোৱা দুমাহে অসম আৰক্ষীৰ কিবা গোপন অপাৰেচনত লিপ্ত আছিল নেকি?”…….. “অঞ্জন শৰ্মাক আপুনিয়ে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছে নেকি?”…….. অপূৰ্ব কলিতাই বাকী একো প্ৰশ্নৰ উত্তৰ নিদি থানাৰ ভিতৰলৈ সোমাই যোৱা দেখা গ’ল।

ৰাতিলৈ থানাৰ কাষৰ হোটেলখনত সৰু সুৰা খানা এটাৰ আয়োজন হ’ল। হোটেল মানে আচলতে সেইখন চতাই বাহৰ বেৰ দি সজা এখন চাহৰ দোকান। কিন্তু থানাৰ মানুহৰ বিশেষ ‘অৰ্ডাৰ’ পালে সিহতে ভাতৰ ব্যৱস্থা কৰি দিয়ে। মাজে মাজে খানা আদিৰো আয়োজন হয়। কনিষ্টবল তিলক ভূঞা ৰন্ধা বঢ়াত ওস্তাদ। বিশেষকৈ তেওঁ কোমোৰাৰে ৰন্ধা হাঁহৰ মাংসখনৰ সোৱাদৰ কথা অসম আৰক্ষীৰ বহু বিশেষ বিশেষ মানুহেও কৈ থাকে। আজিও হাঁহৰ মাংস আৰু ভকুৱা মাছেৰে খানাৰ আয়োজন চলিছে। থানা খনলৈ বহু মানুহৰ আগমন হৈছে এতিয়ালৈকে। অপূৰ্ব কলিতা এজন সৎ আৰু নিকা ভাৱমূৰ্তিৰ আৰক্ষী বিষয়া বুলি সমগ্ৰ জিলাখনতে বিখ্যাত। সেয়েহে চহৰখনৰ আটাইকেইজন দুই নম্বৰী ব্যৱসায়ীৰ কাৰণে কলিতা চকুৰ কূটা, দাঁতৰ শাল। আজি তিনি বছৰে কলিতা এইখন থানালৈ হৈ অহাৰেপৰা ভালেকেইবাৰ তেওঁক বদলি কৰি আন ঠাইলৈ পঠোৱাৰ চেষ্টা কৰিছে সিহঁতে। বদলি কৰিব নোৱাৰি হত্যা কৰাৰ আঁচনিও লৈছিল ভালেকেইবাৰ, কিন্তু সফল হ’ব পৰানাই কেতিয়াও। মূঠতে ইন্সপেক্টৰ অপূৰ্ব কলিতা লাহে লাহে এক সন্ত্ৰাস হৈ উঠিছিল এই ক’লা ব্যৱসায়ী সকলৰ বাবে। কিন্তু হঠাতে ঘটা এই অঘটনৰ পিছৰ পৰা কলিতা নিৰুদ্দেশ হোৱাত বৰ সকাহ পাইছিল সিহতে। পিছে আজি আকৌ ক’ৰবাৰ আবিৰ্ভাৱ হোৱাৰ খবটো পাই ৰাতিলৈ আৰক্ষীৰ লগত সঘন যোগাযোগ থকা প্ৰায় আটাইখিনি ব্যক্তিয়ে থানাত আহি উপষ্ঠিত হৈছেহি। তাৰ ভিতৰত প্ৰখ্যাত ভূ-মাফিয়া ৰাণাদেৱ অধিকাৰীও আছে। ৰাণাই কথমপিহে এবাৰ কলিতাৰ ৰিভলভাৰৰ গুলিৰ পৰা বাছি থৈছে। নিশা অকলশৰে পাই তেওঁ কলিতাক এবাৰ বাট আগছি ধৰি ধমকি দিছিল। তৰ্কাতৰ্কি বেছি হৈ শেষত হতিয়াহতি হৈছিল আৰু শেষত ৰাণাই বন্দুক উলিওৱাত উপায়হীন হৈ আত্মৰক্ষাৰ বাবে কলিতাই গুলি চলাবলগীয়া হৈছিল। ৰাতিৰ আন্ধাৰত লক্ষ্যভ্ৰষ্ট নহোৱা হ’লে সেইদিনাই কানৰ লতি চুই নগৈ ৰাণাৰ লাওখোলা উৰি গ’লহেঁতেন।

অপূৰ্ব কলিতাই অৱশ্যে থানাত সকলোৰে লগত সৌহাদ্যপূৰ্ণ ব্যৱহাৰ কৰায়ে দেখা গ’ল। মানুহজন আচৰিত ধৰণে শান্ত হৈ আছে আজি। যদিও সকলোৰে কেন্দ্ৰবিন্দু তেৱেঁই হয় তথাপিও তেওঁ ভদ্ৰভাৱেই সকলোৰে পৰা আঁতৰে আঁতৰে আছে। দুই এটা কথা পাতিছে আৰু ফালৰি কাটিছে। মাজতে অলপ ভাৰাঘৰৰ পৰা আহো বুলি কৈ এঘন্টামান পিছত আহিছে। সকলোৰে এটায়ে প্ৰশ্ন আপোনাৰ একোৱে মনত নাইনে সেইদিনা কি হৈছিল। আপুনি অতি সোনকালে এজন ডাক্তৰৰ ওচৰত পৰীক্ষা কৰাই লোৱা ভাল হ’ব বুলি বহুতে ক’লে। ডাক্তৰৰ কথা ওলাওঁতেই কলিতাই অলপ জোৰকৈয়ে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰি কলে যে নাৱত মাছমৰীয়াকেইজনে তেওঁৰ খুউব ভাল শুশ্ৰূষা কৰিছিল আৰু এতিয়া তেওঁ যথেষ্ট সতেজ আৰু সবল অনুভৱ কৰিছে। গতিকে মিছমিছি ডাক্তৰৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই।

: কিন্তু ছাৰ সেইদিনা আপোনাৰ লগত আচলতে কি হৈছিল সেয়া ডাক্টৰৰ ওচৰলৈ গ’লেহে আমাৰ জনাত বেছি সুবিধা হ’ব। আৰু চিকিত্সা কৰিলে কথাবিলাক আপোনাৰ মনতো পৰিব পাৰে।
চাব-ইন্সপেক্টৰ বৰ্মনে অলপ ভয় ভয়কৈ ক’লে।

: হ’ব বৰ্মন, আপুনি সম্প্ৰতি বন্ধ কৰি থোৱা কছাৰীবস্তিৰ ছোৱালীজনীৰ কেছটো মই আকৌ খুলিম আৰু মোৰ লগত হোৱা ঘটনাৰ ৰহস্যও অতি সোনকালে ভেদ কৰিম। কাইলৈৰ পৰাই মই কামত লাগি যাম। আপুনি কেৱল মোৰ লগত থাকিব। বাকী মোৰ স্বাস্থ্যৰ কথা আপোনালোকে ইমান চিন্তা কৰিব নালাগে।

ইতিমধ্যে ভাত খাব পৰাকৈ সাজু বুলি তিলক ভূঞাই ঘোষণা কৰিলে। সকলোৰে লগত কলিতাও পাতত বহিল যদিও খাদ্যৰ প্ৰতি তেওঁৰ অকনো লোভ নালাগিল। এনেয়ে তেওঁ মানুহজন ভোজনৰসিক নহয় যদিও আগে-পিছে ভূঞাৰ হাতৰ হাঁহৰ মাংস বুলিলে দুগৰাহ ভাত বেছিকৈ খায়। আজি কিন্তু কোনোমতেহে দুগৰাহ ভাত খালে তেওঁ। মাছৰ টুকুৰাটোৰ পৰা অলপ মাছ চিঙি মুখত ভৰাই দিওতে ওকালি আহিব খুজিছিল। কোনোমতেহে সম্বৰণ কৰি জোৰকৈ গিলিথলে। কিমান দিন হ’ল ভাত এসাঁজ নোখোৱা তেওঁৰ কিন্তু পেটত অলপো ভোক অনুভৱ নাই কৰা কলিতাই। কিন্তু মাজে মাজে ডিঙিটো শুকান হৈ যোৱা যেন লাগে আৰু তেতিয়াই ওচৰতে থকাজনৰ গলধনত কামুৰি তাৰ দেহৰ তেজখিনি শুহি পেলাবলৈ মন যায়। অতি কষ্টেৰে নিজকে সংযত কৰি ৰাখিলে কলিতাই। ভাতৰ থালখনত ভাত আঞ্জা বিলাক এনেয়ে সানি-পিটিকি থাকি অলপ পিছত উঠি আহিল তেওঁ। কলিতাৰ এনেকুৱা কাণ্ড কাৰখানাবোৰ আৰম্ভণিৰে পৰা লক্ষ্য কৰি আছিল ষ্টেট বেংকৰ মেনেজাৰ মুকুট দাসে। মুকুট দাসো আহিছে কলিতাৰ খবৰ এটা ল’বলৈ। আদহীয়া মানুহজনক আগৰে পৰাই তেওঁ অলপ সমীহ কৰি চলে। বৰ মৰমীয়াল আৰু পৰোপকাৰী মানুহ বুলি সমাজত তেওঁৰ এটা নাম আছে। বৃত্তিগত ভাৱে বেংকৰ চাকৰিয়াল যদিও মানুহজন ভালেকেইটা সমাজসেৱী সংস্থাৰ লগত জড়িত। সেই সূত্ৰেই কলিতাৰ লগত তেওঁৰ সম্পৰ্ক। কাম-বনৰ পৰা আজৰি পালে কলিতাই মাজে মাজে তেওঁৰ ঘৰত বহি আড্ডা দিয়ে। বিভিন্ন ধৰণৰ কথাৰ আলোচনা হয়। চৰকাৰি আমোলাৰ দুৰ্নীতিৰ পৰা আৰম্ভ কৰি আধ্যাত্মবাদলৈকে একো বিষয় বাদ নপৰে তেওঁলোকৰ আলোচনাৰ পৰা। মানুহজনৰ জ্ঞানৰ পৰিসৰ অনুমান কৰা টান। ইফালে তেওঁ অবিবাহিত। ঘৰত মাত্ৰ এজন কাম কৰা ল’ৰা থাকে। ৰন্ধবঢ়াৰ পৰা আদি কৰি ঘৰ মচালৈকে সকলো কাম সিয়ে কৰে। সেয়ে দাসৰ ঘৰটো আড্ডা মৰাৰ সুন্দৰ ঠাই। তাৰোপৰি তেওঁৰ ঘৰত থকা প্ৰকাণ্ড কিতাপৰ আলমাৰী কেইটা কলিতাৰ বিশেষ আকৰ্ষণৰ বস্তু। জ্ঞানৰ এক অমূল্য ভাণ্ডাৰ এই আলমাৰী কেইটা। অপূৰ্ব কলিতাৰ কিতাপ পঢ়াৰ নিছা আছিল। বৰ বৰ কলেবৰৰ একোখন কিতাপ এদিনতে পঢ়ি শেষ কৰি কলেজীয়া জীৱনত তেওঁ বহুতৰে বাহ বাহ লৈছিল। কিন্তু পুলিচৰ চাকৰিত সোমোৱাৰ পৰা কিতাপ পঢ়াতো তেওঁৰ কাৰণে পৰ্বতত কাছকণী বিছৰাৰ লেখীয়া হৈছেগৈ। তথাপিও কিন্তু নিচা তেওঁৰ আঁতৰানাই। সেয়ে পঢ়িব নোৱাৰিলেও অন্তত: কিতাপৰ কথাবিলাক শুনিবলৈকে তেওঁ দাসৰ ঘৰলৈ মাজে মাজে যায়। মুকুট দাসে যে তেওঁক লক্ষ্য কৰি আছে সেই কথা কলিতাই নাজানা নহয়। কিবা এটা চিন্তা কৰি তেওঁ কলিতাৰ পিনে আগবাঢ়ি গৈ মাত লগালে

: কলিতা দা কাইলৈ সন্ধিয়া সময় পালে আপোনাৰ ওচৰলৈ যাম মই, কিছু কথা পাতিবলগীয়া আছে আপোনাৰ লগত।

: নিশ্চয় নিশ্চয় আপুনি আহিব যেতিয়াই সময় পায়। মোৰ ঘৰৰ দুৱাৰ আপোনাৰ বাবে সদায়ে খোলা আছে।

বুলি কৈ দাসে অকনমান আগলৈ হাওলি আহি কলিতাক ফুচফুচাই কোৱাৰ দৰে ক’লে-

: আপুনি আৰু আগৰ সেই ইন্সপেক্টৰ কলিতা হৈ থকানাই যে তাত মই নিশ্চিত। আপুনি বিচাৰিলে মই আপোনাক অকলশৰীয়াকৈ অধ্যয়ন কৰিব বিচাৰোঁ। আপুনি মুঠতে মোৰ ঘৰলৈ অহাৰ আগতে এবাৰ ফোন কৰি খবৰ দি আহিব।

লাহে লাহে মানুহবোৰ যাবলৈ আৰম্ভ কৰিলে। বাৰ মান বজালৈকে থানাখন প্ৰায় শূণ্য হৈ আহিল। ৰাতিৰ কৰ্তব্যত চাব-ইন্সপেক্টৰ নিতুল শইকীয়াক ৰাখি বৰ্মনো যাবলৈ ওলাল। খৰিকাৰে দাঁত খৰকি খৰকি তেওঁ শাইকীয়ক কলে

: কলিতা ছাৰ বোধহয় আৰু অলপ সময় থানাতে বহি থাকিব। আপুনি থাকক মই আহোঁগৈ। কাইলৈ আকৌ থানালৈ অহাৰ আগতে এওঁক মাকৰ ঘৰত থৈ আহিবগৈ লাগিব। গতিকে সোনকালে শুওগৈ। ছাৰে ঘৰলৈ গ’লে দ্ৰাইভাৰৰ সৈতে জীপছীখন দি পঠাব।

:হ’ব ছাৰ।

বৰ্মণ শইকীয়াৰ সমপৰ্য্যায়ৰ বিষয়া যদিও জেষ্ঠ্য হিচাপে শইকীয়াই তেওঁক ছাৰ বুলি মাতে। খিৰিকিবিলাক বন্ধ কৰিবলৈ এজনক নিৰ্দেশ দি তেওঁ কলিতা বহি থকা কোঠাটোৰ পিনে আগবাঢ়িল। কলিতাই হাতত ফাইল এখন লৈ খুব মনোযোগেৰে পঢ়ি থকা দেখা গ’ল।

: কি পঢ়িছে ছাৰ?

: নাই হে শইকীয়া, বৰ্মনে মোৰ কেছটোৰ ওপৰত তৈয়াৰ কৰা প্ৰতিবেদনটোত অলপ চকু ফুৰাই লৈছো। কাইলৈৰ পৰা তদন্ত আৰম্ভ কৰিম বুলি ভাবিছোঁ। বাৰু আপুনি খোৱা-বোৱা কৰিলে নে? ৰাতি বোধহয় আপোনাৰে ডিউটি পৰিছে।

: হয় ছাৰ। আপুনি যোৱাৰ পৰা ৰাতিৰ ডিউটি প্ৰায়ে ময়ে কৰি আছোঁ।

: কিয় বৰ্মনে নকৰে নেকি?

: এহ, কি ক’ম আৰু চাৰ, তেওঁ কয় তেওঁৰ বোলে বয়স হৈছে, ৰাতি টোপনি খতি কৰিব নোৱাৰে। ৰক্তচাপ বাঢ়ে। গতিকে ময়ে কৰোঁ আৰু।

: কিন্তু সদায় এনেকৈ ৰাতি টোপনি খতি কৰি থাকিলে আপোনাৰ কষ্ট নহয় নেকি? কাইলৈৰ পৰা এসপ্তাহ বৰ্মনে ৰতিৰ ডিউটি কৰিব বুলি কৈ দিব। আৰু অ’ এটা কথা, জীপছী খনত তেল ভৰাই থোৱা আছে নহয়! চাবিপাত মোক দিয়ক।

: গাড়ী আপুনি চলাব নেকি চাৰ?

: অ’ কিয়? মই গাড়ী চলাবলৈ পাহৰা নাই নহয়।

: নহয় মানে বৰ্মন চাৰে কোনোবা এজনক আপোনাৰ লগত পঠিয়াই দিবলৈ কৈছিল, মানে ড্ৰাইভাৰ এজনৰ লগত আপোনাক পঠিয়াই দিব কৈছিল।

: কাকো মোৰ লগত পঠিয়াব নালাগে, চাবিপাত দিয়ক।
কথা আগ নবঢ়াই জীপছীৰ চাবিপাত তেওঁ কলিতাক দি চালাম এটা মাৰিলে। মুখেৰে একো নামাতাকৈ কলিতা গৈ গাড়ীত বহিল। থানাৰ পৰা ওলাই কলিতাই অঞ্জন শৰ্মাৰ ঘৰৰ পিনে বাট পোনালে।

মন্দিৰটোৰ ওচৰৰ পৰাই কলিতাই গাড়ীৰ হেডলাইট অফ কৰি দিলে। আন্ধাৰতো তেওঁ এতিয়া ভালকৈয়ে দেখা পায়। অঞ্জন শৰ্মাৰ ঘৰৰ সন্মুখত থকা লোহাৰ গেটখনত প্ৰকাণ্ড তলা এটা ওলোমাই চীল কৰি থৈ দিয়া আছে। সম্ভৱত কোৰ্টৰ অৰ্ডাৰত পুলিচেই এনেকৈ থৈ দিছে। গাড়ীখন গেটৰ ঠিক মুখতে ৰাখি কলিতাই একেজাপে গাড়ীত ওপৰত পৰিলগৈ। তেওঁৰ দেহৰ ভৰ যেন এতিয়া প্ৰায় শূণ্য হৈ গৈছে। গাড়ীতকৈ গেটখন আৰু ওখ। তথাপিও তেওঁ গাড়ীৰ ওপৰৰ পৰা ঘৰৰ চৌহদলৈ বুলি প্ৰকাণ্ড জাপ এটা মাৰিলে। উৰি অহাৰ দৰে আহি অকনো শব্দ নহোৱাকৈ তেওঁ মাটিত পৰিলহি। ঘৰটো সম্পূৰ্ণ অন্ধকাৰত ডুব গৈ আছে। লাহে লাহে ঘৰটোৰ পিনে আগবাঢ়িল তেওঁ। কিন্তু এয়া কি? ঘৰৰ আগফালে হঠাতে তিনিটা ছায়ামূৰ্ত্তিৰ আবিৰ্ভাৱ হ’ল। আটাইকেইটাৰে শৰীৰবিলাক দীঘল দীঘল অভাৰকোট আৰু মুখবিলাক ক’লা কপোৰেৰে ধকা। আগুৱাব খুজিও থমকি ৰ’ল ইন্সপেক্টৰ অপূৰ্ব কলিতা।

(ক্ৰমশ:)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments