ৰক্তপিপাসু ৫ (জ্যোতিপ্ৰকাশ নাথ)

এক নতুন জীৱন

: আহক আহক কলিতা বাবু আমি আপোনাৰ বাবেই ৰৈ আছো!

ছায়ামুৰ্ত্তি তিনিটাৰ মাজৰটোৱে অকণ লৰচৰ কৰি উঠিল।

তাৰমানে এওঁলোকে সকলো জানে, নিশ্চয় অঞ্জন শৰ্মাৰে কোনোবা আত্মীয় হ’ব। ভালেই হ’ল, কথাবোৰ আজিয়ে ডিটেইলছত জানিব পাৰিম বুলি ভাবি কলিতাই মাত লগালে…

: আপোনালোকৰ নিজৰ নিজৰ পৰিচয় দিলে ভাল হয় আৰু লগতে সেই মুখাকেইখনৰ প্ৰয়োজন বোধ নকৰো।

এইবাৰ সোঁফালৰ ছায়ামুৰ্ত্তিটোৰ পৰা এটা গেঙনি শুনা গ’ল। প্ৰচণ্ড খঙত তাক ফোঁপাবলৈ ধৰা যেন লাগিল। সৰু কিন্তু তীক্ষ্ণ মাতেৰে সি কলিতাক হুংকাৰ দিলে…

: এতিয়াই তোৰ কলিজা দুফাল কৰি কুকুৰক খুৱাম অধম নৰমনিচ, অঞ্জনক হত্যা কৰি তই আমাৰ যিমান ক্ষতি কৰিলি তাৰ পূৰণ অকল তোৰ মৃত্যুৱেই কৰিব পাৰে।

বাঁওফালৰ ছায়ামুৰ্ত্তিটোৰ মাত শুনা গ’ল। তাৰ মাতটো আন দুজনতকৈ কিছু গম্ভীৰ…

: ৰবা ধৈৰ্য্য ধৰা, আগতে কলিতাক পৰীক্ষা কৰি ল’ব লাগিব।

আগৰ মতে হোৱা হ’লে ইমান সময়ে কলিতাৰ খঙে চুলিৰ আগ পালেহেঁতেন। তিনিটা মুখা-পিন্ধা ছায়ামুৰ্ত্তিয়ে ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ সন্মুখত এনেদৰে কথা ক’ব পাৰে তাকো এবাৰ সাৱধান কৰি দিয়াৰ পাছত। চাওলিন কুংফুৰ থ্ৰী ডান্ট ব্লেকবেল্ট কলিতাৰ এনেকুৱা কুকুৰক বশ কৰিবলৈ বৰ বেছি সময় নালাগে। মেট্ৰিক পৰীক্ষা দিয়াৰ পাছতে কলিতাই তোফা নামৰ চাওলিন মাষ্টাৰ এজনৰ তলত প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিছিল। তেওঁৰ আচল নাম আছিল তফজ্জুল হুছেইন কিন্তু মানুহৰ মুখে মুখে নাম বাগৰি তফজ্জুল তোফা মাষ্টাৰ হৈ পৰিছিল। কলিতা জনা বুজা হোৱাৰে পৰাই এডভেন্সাৰ প্ৰিয় আছিল। অসমীয়া সাহিত্য জগতৰ প্ৰায়সংখ্যক ৰহস্য আৰু এডভেন্সাৰ জাতীয় গল্প, উপন্যাস তেওঁ মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ আগতেই পঢ়ি শেষ কৰিছিল। দেউতাকৰ মাৰ খোৱাৰ পাছতো প্ৰতি মাহে বিস্ময় আৰু ৰহস্য নামৰ আলোচনী দুখন কিনিবলৈ এৰা নাছিল। গাঁৱৰ সাপ্তাহিক বজাৰখনত থকা একমাত্ৰ কিতাপৰ দোকানখনৰ দোকানী খুৰাৰ লগত কলিতাৰ ভাল সম্পৰ্ক আছিল। মাহেকীয়া আলোচনী আৰু ঘৰলৈ দেউতাকৰ ভয়ত নিব নোৱাৰা কিতাপবোৰ তেওঁ দোকানতে পঢ়ি শেষ কৰিছিল। মেট্ৰিক পৰীক্ষাৰ শেহৰ দিনা দেউতাকক যেতিয়া ভয়ে ভয়ে কৈছিল কুংফু শিকাৰ কথা, দেউতাকে একেষাৰেই কৈছিল

“সেইবোৰ মৰামৰি কটাকটি খেল শিকি পাছত মোকেই মাৰিব আহিবি আৰু এনেও আমি শান্তিপ্ৰিয় মানুহ, আমাৰ তেনেকুৱা কলা কৌশল শিকিবৰ কোনো প্ৰয়োজন নাই।“

আনৰ লগত মৰামৰি নকৰি অকল নিজক বচাবলৈ আৰু দুৰ্বলজনক সহায় কৰিবলৈ হে যে চাওলিনে আচলতে শিক্ষা দিয়ে সেয়া কোনোপধ্যেই তেওঁ দেউতাকক বুজাব পৰা নাছিল। দেউতাকৰ মতে সাধাৰণ অসমীয়া মানুহে কেতিয়াও মৰামৰিৰ সম্পূৰ্ণ শিক্ষা পাব নোৱাৰে আৰু অল্পবিদ্যা ভয়ংকৰী হৈ উঠি মানুহক দকা-হকা দি খোৱা গুণ্ডাত পৰিণত হয়। কলিতাই কিন্তু আশা এৰি দিয়া নাছিল। উপায় এটাও ওলাইছিল। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শিকাৰ কথা আছিল কলিতাৰ। বিজ্ঞানৰ ছাত্ৰবিলাকে মেট্ৰিক পৰীক্ষাৰ পাছতে আগতীয়াকৈ ফিজিক্স, কেমিষ্ট্ৰী আদিৰ যেনেকৈ পাৰে জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে। কলিতাইও বুদ্ধি উলিয়াইছিল। আবেলি সময়ত কাষৰ গাঁৱৰ মনোজ মাষ্টৰৰ ঘৰত বিজ্ঞান শিকিবলৈ যাওঁ বুলি চাইকেল দৌৰাইছিল দহ কিলোমিটাৰ দূৰত থকা তোফা মাষ্টাৰৰ ঘৰলৈ। কিন্তু এতিয়াৰ ইন্সপেক্টৰ অপূৰ্ব কলিতা এজন বেলেগ মানুহ। নিজৰ খঙৰ ওপৰত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আহি পৰিছে।

কলিতাই গম্ভীৰ কণ্ঠেৰে ঘোষণা কৰিলে…

: আপোনালোকে মোৰ কথা নামানিলে মই শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হ’ম।

: হা হা হা তই আৰু আমাৰ ওপৰত শক্তি প্ৰয়োগ কৰিবি? হা হা হা কুকুৰৰ পোৱালি নৰমনিচ তোক এতিয়াই শিক্ষা দি আছো ৰহ।

বাঁওফালৰ ছায়ামুৰ্ত্তিটো শূন্যলৈ জঁপিয়াই সো ভৰিখন সম্পূৰ্ণ এশ আশি ডিগ্ৰী ঘুৰাই কলিতাৰ বাঁও গালত প্ৰচণ্ড গোৰ এটা সোধালে। কলিতাই তৰ্কিবই নাপালে। আজিলৈকে কোনোৱে ইমান বেগত কলিতাক আক্ৰমণ কৰা নাই, নহ’লে তেওঁ সদায়ে আকস্মিক আক্ৰমণৰ বাবে সাজু থাকে। মেছেক কৰি শব্দ এটা উঠিল। ডিঙিটো ভাঙি যোৱা যেন লাগিল আৰু মানুহজন সোঁফালে অকণ হাউলি গ’ল কিন্তু বাগৰি নপৰিল। ছায়ামুৰ্ত্তি আচৰিত হ’ল। কিয়নো যিটো গোৰ তেওঁ কলিতাৰ মুখত সোধালে সেইটো সাধাৰণ মানুহ এজনৰ মুখত পৰিলে দেহৰ পৰা মুৰটো সোলকি পৰিলহেঁতেন। কিন্তু কলিতা দেখোন অকণমান হাউলিয়ে ৰৈ গ’ল। মুৰটো এপাক ঘুৰাই এবাৰ সোঁফালে আৰু এবাৰ বাঁওফালে লৰাই আকৌ চিধা হৈ থিয় হ’ল। দেখাত এনেকুৱা লাগিল যেন একোৱে নাই হোৱা মাত্ৰ অলপ ডিঙিৰ বিষ হৈ থকা কাৰণে লৰচৰ কৰি চালে।

ঘটনাৰ আকস্মিকতাত ছায়ামুৰ্ত্তি বিচলিত হৈ পৰিল যদিও পিছ মুৰ্হূত্বতে ভাবিলে এই কথাই কথা নহয়, ইয়াক এশিকনি ভালকৈ দিব লাগিব। এইবাৰ সি ভৰিৰে কলিতাৰ মুখমণ্ডললৈ টোঁৱাই জাপ এটা মাৰি মাটিৰ সমান্তৰালকৈ উৰি অহাদি আহিল। কলিতাই কিন্তু এইবাৰ সতৰ্ক হ’ল আৰু মুৰ্হূত্বতে অকণমান কাষলৈ আঁতৰি দি থাপ মাৰি ছায়ামুৰ্ত্তিৰ ভৰি দুখনত ধৰি পেলালে। মুখ থেকেচা খাই পৰি ওলোতাকৈ ওলমি ৰ’ল সি কলিতাৰ হাতত। কলিতাই কাপোৰ আছাৰা দি ছায়ামুৰ্ত্তিক আছাৰি পেলালে। এইবাৰ আন এটা ছায়ামুৰ্ত্তি আগুৱাই আহিল। ক্ষন্তেক সময়ৰ ভিতৰতে দুয়োটাৰে মাজত তয়াময়া যুঁজ এখন আৰম্ভ হ’ল। আচলতে তেওঁলোকে হতাহতি হে কৰি আছিল কিন্তু সেয়া সাধাৰণ মানুহৰ হতাহতিৰ দৰে নাছিল। এজনৰ ঘোচা এটা যদি আনজনৰ মুখত লাগি দাঁত এৰাই যায় আনজনৰ গোৰ লাগি সিজনৰ কামিহাড় ভাঙি যায়। অকল ধাপ-ধুপ শব্দ কিছুমান শুনা গ’ল আৰু লগতে এফালে কৰ্ফাল খাই পৰি থকা প্ৰথম ছায়ামুৰ্ত্তিটোৰ গেঙনি। এপাকত ছায়ামুৰ্ত্তিৰ প্ৰচণ্ড লাঠ এটাত কলিতা উফৰি গৈ লোহাৰ গেটখনত পৰিলগৈ। ওপৰলৈ ওলাই থকা জোঙা ৰদ তিনিডাল কলিতাৰ পিঠি ফালি সোমাই গ’ল। চুঁচৰি আহি কলিতা মাটিত পৰিলেহি। ক্ষন্তেক তভক মাৰি থাকি দীঘলকৈ উশাহ এটা লৈ কলিতাই আকৌ ছায়ামুৰ্ত্তিটোৰ পিনে চোঁচা ল’লে। পিঠিৰ ফুটা তিনিটা লাহে লাহে নিজে নিজেই ঠিক হৈ গ’ল। দৌৰি আহি অলপ আতৰৰ পৰা জাপ মাৰি কলিতাই ছায়ামুৰ্ত্তিক সন্মুখৰ পৰা আক্ৰমণ কৰিলে। এইবাৰৰ ঘোচাটোত কলিতাৰ হাতখন ছায়ামুৰ্ত্তিৰ বুকু ভেদ কৰি পিঠিৰে ওলাই গ’ল। আৰ্তনাদ কৰি সি মাটিত পৰি গ’ল। ইমান পৰে গম্ভীৰ কথা কোৱা তিনি নম্বৰ ছায়ামুৰ্ত্তিটোৱে সকলো লক্ষ্য কৰি আছিল। এইবাৰ সি আগুৱাই আহিল, কিন্তু আক্ৰমণাত্মক ভাৱে নহয়। কলিতা অলপ আচৰিত হ’ল।

অতি শান্ত সুৰত ছায়ামুৰ্ত্তিয়ে কলে…

: আমি ঠিকেই অনুমান কৰিছিলোঁ। আপুনি সলনি হৈছে। আপুনি আৰু মানুহ হৈ থকা নাই।

: কি? মানুহ হৈ থকা নাই মানে? কি ক’ব বিচাৰিছে আপুনি? আৰু আপোনালোক কোন? মোক কেনেকৈ চিনি পায় আপোনালোকে?

: সেইবোৰ পাছত হ’ব। বাৰু কওকচোন আপোনাৰ গাত ইমান শক্তি কৰ পৰা আহিল আপুনি কিবা ভাৱিছেনে?

: হয় ভাৱিছোঁ আৰু আচৰিত হৈ আছো, তাৰোপৰি মই আৰু বহু ধৰণৰ পৰিবৰ্তন অনুভৱ কৰিছোঁ মোৰ দেহত।

: শেহতীয়াভাৱে আপোনাৰ নৰ-ৰক্ত পান কৰাৰ বাসনা তীব্ৰ হৈ উঠিছে নহয় জানো?

: হয়। কিন্তু কি হৈছে এইবোৰ মই একো ধৰিব পৰা নাই। আজি প্ৰচণ্ড ভোক লাগি থকা স্বত্বেও মই ভাত খাব পৰা নাই।

: হয়, আপুনি ইমান দিনে গ্ৰহণ কৰি অহা খাদ্য লাহে লাহে আপোনাৰ হজম নোহোৱা হৈ পৰিব আৰু তেজ নোখোৱাকৈ আপুনি জীয়াই থাকিব নোৱাৰিব। অঞ্জন শৰ্মাই আপোনাক দংশন কৰাৰ পাছতো আপোনাৰ মৃত্যু নোহোৱাৰ বাবে আপুনি এতিয়া এজন ভেম্পায়াৰলৈ পৰিবৰ্তন হৈছে। আপোনাক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি এতিয়াৰ পৰা এক অন্য ধৰণৰ জীৱন যাপন কৰিব লাগিব।

আৰু কোনো কথা কোৱাৰ সুবিধা নিদি ছায়ামুৰ্ত্তিটোৱে পৰি থকা আন দুটা ছায়ামুৰ্ত্তিক দুই হাতে উঠাই লৈ অঞ্জন শৰ্মাৰ ঘৰৰ পিনে অগ্ৰসৰ হ’ল। অলপ দূৰ আগুৱাই গৈ সি তেনেকৈয়ে জাপ মাৰি ঘৰটোৰ ওপৰত উঠিল আৰু তাৰ পৰা পিছফালৰ হাবিয়নিৰ পিনে জাপ মাৰি নেদেখা হৈ পৰিল। কিন্তু যাওঁতে যাওঁতে কৈ গ’ল…

: আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আপোনাৰ বন্ধু মুকুট দাসে দিব পাৰিব।

খেলিমেলি চিন্তা কিছুমানে আগুৰি ধৰিলেহি কলিতাক। তেওঁ জানিছিলেই এনেকুৱা ধৰণৰ অদ্ভুত কথাই কিবা এটা হ’ব। কিন্তু এনেকুৱা তেওঁৰ লগতেই হল কিয় বাৰু! ছুপাৰ হিৰোৰ কথাছবি চাই ভাল পোৱা কলিতাই সৰুৰে পৰাই মনে মনে নিজকে ছুপাৰ হিৰোৰ ৰূপত কল্পনা কৰি ভাল পাইছিল। সপোনত তেওঁ প্ৰায়ে অদ্ভুত অদ্ভুত ভিলেইন কিছুমানৰ লগত ভয়ংকৰ যুদ্ধত লিপ্ত হৈছিল। অৱশ্যে ডাঙৰ হৈ অহাৰ পাছৰ পৰা চিন্তা ধাৰা সলনি হৈছিল কলিতাৰ। চিনেমা তিনেমা চাবলৈও বৰকৈ সময় সুবিধা নোপোৱা হৈছিল তেওঁ। কিন্তু এতিয়া চোন ভালেই লাগিছে তেওঁৰ। মানে চুপাৰ হিৰো নহলেও মানুহ এটাৰ বুকুৰে হাত সোমোৱাই পিছফালে উলিয়াই দিব পৰাতোও কম কথা নহয় বাৰু। আৰু একেজাপে এশ মিটাৰ অতিক্ৰম কৰিব পাৰিলে উৰিবলৈ আৰু কিমান বাকী থাকিল। যি হয় ভালৰ কাৰণেই হয়। কিন্তু সাধাৰণ মানুহ হিচাপে জীয়াই থকাৰ পৰাও যে তেওঁ বঞ্চিত হ’বলগীয়া হ’ল। আৰু এটা কথা ভাবি ভয় লাগিল তেওঁৰ। যি দেখা গৈছে তেজ নোখোৱাকৈ সাধাৰণ মানুহৰ খাদ্য আৰু তেওঁ খাই থাকিব নোৱাৰিব। কিন্তু সদায়ে বা মানুহৰ খাদ্য পোৱা যাব ক’ত। অলপ আগতে লগ পোৱা মুখাধাৰি কেইটাই হয়তো তাৰ সঠিক উত্তৰ দিব পাৰিব। সিহতৰ কথাৰ পৰা বুজা গৈছে ইহতৰ ভাল ডাঙৰ গেঙ এটা আছে। হয়তো গোতেই অসমতে নাইবা সমগ্ৰ পৃথিৱীতে আছে। অঞ্জন শৰ্মাও নিশ্চয় ইহতৰ লগৰে এটা আছিল। তাৰমানে তেজ বিছাৰি ইহতে এনেদৰেই মানুহৰ নিধন যজ্ঞ চলাই আহিছে। তাৰমানে ইহত প্ৰত্যেকেই একো একোটা হত্যাকাৰী। নাই নাই ইহতক উত্…খাট কৰিবই লাগিব। কিন্তু তেওঁ নিজেওতো তেজ খাইয়েই জীয়াই থাকিব লাগিব। অৱশ্যে দুটা কুকুৰৰ তেজ খায়েই এতিয়ালৈকে তেওঁ জীয়াই আছে আৰু দেহত যথেষ্ট শক্তিও লাভ কৰিছে। কিন্তু সেয়া যেন সম্পূৰ্ণ নহয়। নৰৰক্তৰ বাবে আকুল হৈ আছে তেওঁ। দীঘল হুমুনিয়াহ এটা ওলাই আহিল কলিতাৰ মুখৰ পৰা। নিজকে নিজে কোৱাৰ দৰে ভোৰভোৰালে তেওঁ…

: গোটেইখন কিবা খেলিমেলি হৈ গ’ল দেখোন। ছেহ: কি কৰা যায় এতিয়া।

তেনেতে মনত পৰিল তেওঁৰ। ছায়ামুৰ্ত্তিয়ে মুকুট দাসৰ কথা কৈ গৈছিল। হয় হয় মুকুট দাস মানুহজনো অলপ ৰহস্যজনক। তেওঁক লগ ধৰিব লাগিব।

পূবফালে আকাশখনে গেৰুৱা বৰণ ধৰিছিল তেতিয়া। এজাক চৰাই কলকলনি তুলি কলিতাৰ মুৰৰ ওপৰেৰে পাৰ হৈ গ’ল। হতাহতিত আগদাঁত দুটা সৰি পৰিছিল কলিতাৰ। জিভাৰে দাঁতভঙা ঠাই খিনি পৰীক্ষা কৰি গম পালে ইতিমধ্যেই নতুন দাঁত দুটা গজি উঠিছে তাত। মনটো ভাল লাগি গ’ল তেওঁৰ। সুহুৰি এটা মাৰি গেটখনৰ ওপৰেৰে জাপ মাৰিলে আৰু জীপছীত বহিল। ভাল টোপনি এটাৰ প্ৰয়োজন হৈছে কলিতাৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments