ৰক্তপিপাসু – ৭ (গোপন সূত্ৰৰ পম খেদি) (জ্যোতি প্ৰকাশ নাথ)

ৰক্তপিপাসু

গোপন সূত্ৰৰ পম খেদি

 

প্ৰচণ্ড গতিত ক’লা ৰঙৰ ‘ঠাণ্ডাৰবাৰ্ড’খন ৰাষ্ট্ৰীয় ঘাইপথেৰে গতি কৰি আছে। ঘণ্টাত এশ চল্লিশ, এশ পঞ্চাশ গতিবেগত। চালকৰ পিন্ধনত থকা ক’লা ছামৰাৰ দীঘল অ’ভাৰকোটটো কোনো ওখ ঘৰৰ ওপৰত উৰি থকা পতাকাৰ দৰে ফোঁ-ফোঁৱাই পিছফালে উৰি আছে। ঠাণ্ডাৰবাৰ্ডখনৰ সন্মুখত এখন ব’লেৰো গাড়ীও প্ৰায় সমান স্পীডত দৌৰি আছে। যেন কোনো হলীউদৰ কথাছবিৰ দৃশ্যহে। ৰাতি হোৱা বাবে ঘাইপথত যান-বাহনৰ চলাচল কম। যিখিনি অহা যোৱা কৰি আছে সেইবিলাকে ইহঁতৰ প্ৰচণ্ড গতি দেখি লগে লগে একাষৰীয়া হৈ দিছে। লাহে লাহে ঠাণ্ডাৰবাৰ্ডখন ব’লেৰোখনৰ ওচৰ চাপি আহিল আৰু সোঁফালে অভাৰটেক কৰিবলৈ চেষ্টা কৰিলে। কিন্তু অ’ভাৰটেক নকৰি চালকৰ কাষৰ খিড়ীকিখনৰ ওচৰলৈ আহি সমান গতিত গৈ থাকিল কিছু দূৰ। এনেতে সন্মুখৰ পৰা ট্ৰাক এখন অহা দেখি ঠাণ্ডাৰবাৰ্ডখনে অ’ভাৰটেক কৰি ব’লেৰোখনৰ আগে আগে যাবলৈ ধৰিলে। ট্ৰাকখন পাৰ হৈ যোৱাৰ পাছত ঠাণ্ডাৰবাৰ্ডৰ আৰোহীয়ে পিছফালে ঘূৰি ব’লেৰোখন ৰখাবলৈ হাতেৰে ইংগিত দিয়া দেখা গ’ল। এইবাৰ ব’লেৰোখনৰ চালকৰ কাষৰ আসনত বহাজনে খিড়িকীৰে মূৰ উলিয়ালে। মানুহজনে একে-৪৭ বন্দুক এডালেৰে ঠাণ্ডাৰবাৰ্ডৰ আৰোহীৰ ওপৰত ধাৰসাৰ গুলীবৰ্ষণ আৰম্ভ কৰিলে। ইতিমধ্যে কিন্তু ঠাণ্ডাৰবাৰ্ডখনে নিজৰ অৱস্থান সলনি কৰি আকৌ ব’লেৰোৰ চালকৰ ওচৰলৈ অহা দেখা গ’ল। এইবাৰ চালকজনে খিড়িকীখন খুলি দিলে। প্ৰায় লগে লগে কাষৰ মানুহজনে চালকৰ গাৰ কাষেৰেই ঠাণ্ডাৰবাৰ্ডৰ আৰোহীলৈ গুলীওৱা আৰম্ভ কৰিলে। তথাপিও আৰোহীৰ গাত এটাও গুলী লগা দেখা নগ’ল। এইবাৰ ঠাণ্ডাৰবাৰ্ডৰ আৰোহীয়ে কঁকালৰ খোঁচনিৰ পৰা সোঁহাতেৰে এখন তীক্ষ্ণ চুৰি উলিয়াই আনিলে। ব’লেৰোখনৰ সোঁহাতে পাছফালৰ চকাটোৰ ওচৰলৈ গৈ চুৰিখন চকাটোত সুমুৱাই দি নিজৰ গতি তত্ক্ষণাত কমাই দিলে। প্ৰচণ্ড শব্দ এটা হ’ল। ব’লেৰোখন শূন্যতে তিনিপাক খাই ৰাস্তাৰ মাজতে ওলোটাকৈ পৰি ৰ’ল। ঠিক তাৰ ওচৰতে ঠাণ্ডাৰবাৰ্ডখনো আহি ৰ’ল আৰু ক’লা অভাৰকোট পিন্ধা আৰোহীজনে সেইখন চাইড ষ্টেণ্ড কৰি ৰাখিলে।

কেঁকাই-গেঁঠাই চালকৰ কাষৰ মানুহজন গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিল। কোনোমতে অ’ত-ত’ত ভেজা দি তাৰ পিনে লাহে লাহে আগুৱাই আহি থকা ক’লা অভাৰকোটৰ পিনে আকৌ বন্দুক টোঁৱালে। কিন্তু ট্ৰিগাৰত আঙুলি দিয়াৰ আগতেই চকুৰ পচাৰতে অভাৰকোটে আহি তাৰ নেলু চেপি ধৰিলে। সি দেখিলে বন্দুকটোৰ নলীটো অভাৰকোটৰ সোঁহাতৰ মাজত বেঁকা হৈ পৰিছে। বিস্ময়ত হতবাক হৈ সি কেৱল ডাঙৰ ডাঙৰকৈ চকু দুটা মেলি অভাৰকোটৰ পিনে চাই ৰ’ল। তেনেতে চুচৰি চুচৰি ব’লেৰোৰ চালকজনো গাড়ীৰ তলৰ পৰা ওলাই আহিল আৰু ৰিভলভাৰ এটা উলিয়াই অভাৰকোটলৈ বুলি গুলী এৰিলে। কিন্তু হাত কঁপি থকাৰ বাবে গুলীটো লক্ষ্যভ্ৰষ্ট হ’ল। অভাৰকোটে মুহূৰ্ততে ধৰি থকা মানুহজনৰ ডিঙিটো মুচৰি ভাঙি গলধনত প্ৰচণ্ড কামোৰ এটা বহালে আৰু গলধনৰ পৰা সোঁ-সোঁৱাই ওলাই অহা কেঁচা তেজবোৰ শুহি খোৱা আৰম্ভ কৰি দিলে। ঘটনা দেখি আধা চেতনাত থকা ব’লেৰোৰ চালকজন তেনেই থৰ লাগিল আৰু গুলি চলাবলৈ পাহৰি গ’ল। সি দেখিলে অভাৰকোটে মুহূৰ্তৰ ভিতৰতে চো-মাৰি আহি তাকো ডিঙি চেপি ধৰিলে। তেতিয়াহে তাৰ গালৈ হুচ আহিল। খপজপকৈ সি অভাৰকোটৰ ভৰিত ধৰিব বিছাৰিলে যদিও চাপৰিব নোৱাৰি ৰিভলভাৰটো পেলাই দি হাতজোৰ কৰি ক’বলৈ ধৰিলে,

: মোক নামাৰিব পৰভূ ঈশ্বৰ, মই একো কৰা নাই, মই মাথোঁ গাড়ীচালকহে। মোক যেনেকৈ চলাব কৈছে মই তেনেকৈয়ে গাড়ী চলাইছোঁ।

: ব্ৰহ্মপুত্ৰ ধাবাৰ সন্মুখত সেই নিৰীহ মানুহজনক কিয় গুলীয়াই থৈ আহিছ ক’ !

: নাই নাই, মই নহয়….মই নহয়।

: কি মই নহয় মই নহয়? ক’ কিয় গুলীয়াইছিলি?

ধমকিৰ সুৰত কৈ উঠিল অ’ভাৰকোটে।

: মই নাই গুলীওৱা দেউতা ঈশ্বৰ, সিজনেহে গুলীয়াইছিল আপুনি বেকা কৰি পেলোৱা বন্দুকটোৰে।

: কিয় গুলীয়াইছিলি ভালে ভালে ক’বি নে জীয়াই জীয়াই মই তোৰ ৰক্তপান কৰিম ?

অভাৰকোটৰ আঙঠাৰ দৰে চকুৰ চাৱনি আৰু বজ্ৰকঠোৰ মাতত প্ৰচণ্ড ভয় খাই চালকজনে ক’বলৈ ধৰিলে –

: আমি প্ৰ’ফেছ’নেল মানুহ। আমি ক্লায়েন্তক মানুহ কিয় মাৰিব দিছে নোসোধোঁ। কেৱল কাক মাৰিব দিছে সেয়াহে সোধোঁ। মৰাৰ সময় আৰু ঠাই আমি ঠিক কৰিবলগীয়া হ’লে টকা বেছিকৈ লওঁ। তিনি কোটি পঞ্চাছ লাখ টকাত সেই ঠিকাদাৰজনক মাৰিবলৈ আমাক ঠিকা দিয়া হৈছিল আৰু তাৰে ডেৰ কোটি টকা আগধন হিচাপে লোৱা হৈছিল। বাকীখিনি ল’বলৈ……

আৰু বেছি কথা ক’বলৈ নিদি অ’ভাৰকোটে চালকজনৰ ডিঙিটো মুচৰি দি গলধনত কামোৰ দিলে। মৰাশটো গাড়ীখনলৈ দলিয়াই দি আকাশলৈ চাই এটা এঙামূৰি মাৰিলে। কোৱাৰিয়েদি কেঁচা তেজ বৈ আহিল। লুটি খোৱা গাড়ীখনৰ পৰা পেট্ৰ’ল ওলাই ৰাস্তাৰে বৈ আছিল। চুৰিখন চকাৰ পৰা উলিয়াই কাঠি এডাল জ্বলাই ল’লে। তীব্ৰ গতিত ঠাণ্ডাৰবাৰ্ডখন গতি কৰি দহমিনিটমান যাওঁতেই পিছফালে প্ৰচণ্ড শব্দৰে বিষ্ফোৰণ এটা হোৱা শুনা গ’ল। *****

 

অতিথিশালাটোৰ পাহাৰৰ পিনে মুখ কৰি থকা কোঠাটোৰ স্নানাগাৰত সোমাল ইন্সপেক্টৰ অপূৰ্ব কলিতা। গুৱাহাটীলৈ আহিলে গীতানগৰৰ পাহাৰৰ কাষৰ এই অতিথিশালাতে কলিতা থাকে। চহৰৰ মাজমজিয়াত অৱস্থিত যদিও ঘৰটোৰ পৰিবেশ বৰ শান্ত। নিৰ্জন পৰিবেশ কলিতাই আগৰে পৰাই ভাল পায় যদিও এতিয়া আৰু বেছি ভাল লগা হৈ পৰিছে। বাথটাবটো ইতিমধ্যে পানীৰে ভৰি পৰিছিল। ফ্ৰিজৰ পৰা বৰফৰ টুকুৰাকেইটা উলিয়াই পানীত দলিয়াই দি বাথটাবটোৰ মাজত দেহটো আলফুলকৈ এৰি দি কলিতাই টেপটো বন্ধ কৰি দিলে। কিছু অফিচিয়েল কামৰ ৰিপ’ৰ্ট দাখিল কৰিবলৈ গুৱাহাটীত থকা অসম পুলিচৰ মুখ্য কাৰ্যালয়লৈ আহিছে কলিতা। লগতে গুৱাহাটী উচ্চন্যায়ালয়ত শুনানি থকা কেইটামান গোচৰতো সাক্ষ্য দিবলগীয়া আছে। প্ৰায় চাৰি-পাঁচদিন গুৱাহাটিত থাকিব। অফিচৰ কামত মাজে মাজে আহিবলগীয়া হয় তেওঁ এনেকৈ। কিন্তু এইবাৰ তেওঁৰ উদ্দেশ্য অলপ বেলেগ। অসম পুলিচৰ মুখ্য কাৰ্য্যালয়ত জমা কৰি ৰখা পুৰণি কেচ ডায়েৰীৰ লাইব্ৰেৰীটো তেওঁ এইবাৰ দৰ্শন কৰিব। তাৰবাবে যাবতীয় অনুমতি আদি ইতিমধ্যে উলিয়াই থৈছে। মুকুট দাসৰ লগত হোৱা কথা-বতৰাৰ পাছতে তেওঁ এই সিদ্ধান্ত লৈছিল। মাথোঁ গুৱাহাটীলৈ অহা কাম ওলোৱাৰ অপেক্ষাত আছিল। নিজৰ থানাত থকা সকলো নথি-পত্ৰ তেওঁ পৰীক্ষা কৰিলে। কিন্তু একো নাপালে। আচলতে সেই কছাৰী বস্তিৰ ছোৱালীজনীৰ লেখীয়া সমাধান নোহোৱা পুলিচ কেচৰ সন্ধানত আছে কলিতা। মুকুট দাসে কোৱা ভেম্পায়াৰ প্ৰজাতিৰ সুংসূত্ৰ উলিয়াবলৈ ইয়াতকৈ ভাল উপায় তেওঁ আৰু ভাবি নাপালে। গুৱাহাটীলৈ আহিলে আগে-পিচেও তেওঁ মটৰচাইকেল চলায়ে আহে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। ৰাতিপুৱা চাৰিটাতে তেওঁ অতিথিশালা পালে। নাইট চকিদাৰজনক ফোন কৰি থোৱা আছিল। ন বজালৈ পাঁচ ঘন্টামান আৰামত শুব পাৰিব এতিয়া। স্বস্তিৰ নিশ্বাস এটা এৰি চকু মুদি পানীৰ ভিতৰলৈ সোমাই গ’ল কলিতা।

ৰাতিপুৱা ঠিক ন বজাত সাৰ পাই উঠি টিভিটো চলাই দিলে কলিতাই। নিউজ চেনেল এটাত দেখা গ’ল কালি ৰাতি ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাত এখন ব’লেৰো গাড়ী ধংস প্ৰাপ্ত হয় আৰু চালককে ধৰি দুজন লোক নিহত হয়। মৃতদেহ দুটা সম্পূৰ্ণকৈ জ্বলি যোৱা বাবে চিনাক্তকৰণ সম্ভৱ নহয় বুলি পুলিচে ঘোষণা কৰিছে। কিন্তু ওচৰৰ মানুহে জনোৱা মতে কালি ৰাতি বিষ্ফোৰণৰ আগতে তাত গুলীৰ শব্দও শুনা গৈছিল। ঘটনাস্থলীৰ পৰা পুলিচে আচৰিত ধৰণে নল বেঁকা হোৱা একে-৪৭ ৰাইফল এটা আধাপোৰা অৱস্থাত আৱিষ্কাৰ কৰিছে। মৃতদেহ দুটা আৰু উদ্ধাৰ হোৱা অস্ত্ৰসমূহ ফৰেনছিক বিভাগলৈ পঠোৱা হৈছে। টিভিত নল বেঁকা হোৱা ৰাইফলটো চাই কলিতাৰ মুখেৰে আপোনা-আপুনি হাঁহি এটা ওলাই গ’ল। এনেতে দুৱাৰত টোকৰ পৰিল। খুলি দিয়াত হাউছকিপিঙৰ ল’ৰাজনে আগে-পিচে সোধাৰ দৰে জলপান কি খাব সুধিলে। তজবজীয়া দুজন ডেকা মানুহৰ তেজ পান কৰাৰ পাছত আৰু কি খাবলৈ বাকী থাকিব পাৰে কলিতাই ভাবিলে। আজিলৈ জলপান আনিব নালাগে যা বুলি ল’ৰাটোক যাবলৈ দি কাপোৰ পিন্ধিবলৈ সাজু হ’ল। এটা বিশেষ শক্তিশালী এন্টি চানবাৰ্ন লোচন বিদেশী ক’ম্পেনী এটাৰ পৰা মগাই আনিছে তেওঁ। বাহিৰলৈ যোৱাৰ আগতে ডিঙিয়ে মুখে লগাই হে ওলায় যাতে সাধাৰণ মানুহৰ দৰে সুৰ্য্যৰ পোহৰত ওলাব পাৰে।

কাৰ্য্যালয়ৰ যাৱতীয় কাম-কাজ খিনি কৰি কেচ লাইব্ৰেৰীত প্ৰৱেশ কৰিলে কলিতা। তাত সাধাৰণতে কিছুমান ৰেজিষ্টাৰ বহী থাকে য’ত এফালৰ পৰা কেচ ডায়েৰী সমূহৰ বিষয়ে লিখা থাকে। বহীখনত চাই চাই আলমাৰিবোৰৰ পৰা কেচ ডায়েৰী বিলাক উলিয়াই পঢ়িব পাৰি। সমাধান নোহোৱা কেচবোৰ ৰঙা দাগেৰে চিহ্নিত কৰি থোৱা থাকে। কিন্তু কাৰ্য্যালয়ত কম্পিউটাৰ অহাৰ পৰা সকলো খেলি মেলি হৈ গ’ল। কম্পিউটাৰ চলোৱা ল’ৰাবিলাকে কম্পিউটাৰত অকল তথ্যবোৰ সুমুৱাইহে থয়, কেচৰ ফাইলবোৰ কিন্তু যতনাই নথয়। সেয়ে ক্ৰমিক নম্বৰ, তাৰিখ আদি থাকিলেও কেতিয়াবা কিছুমান ফাইল বিচাৰি উলিওৱাটো বৰ টান হৈ পৰে। কোঠাটোত সোমাই কলিতাই প্ৰথমতে কম্পিউটাৰত এক্সেল ফাইল খুলি সন্ধান কৰিলে ”আনচলভ্দ কেচেচ” বুলি। অসংখ্য তথ্য ওলাল। ইমানসোপা সমাধান নোলোৱা কেচ থাকিব পাৰে বুলি তেওঁ সপোনতো ভবা নাছিল। কলমবোৰ ভালকৈ চাওঁতে দেখিলে কেচবোৰ আকৌ হত্যা, ধৰ্ষণ, মাটি-সম্পত্তি, চৰকাৰী, বেচৰকাৰী, চুৰি আদি ধেৰ ভাগত ভাগ কৰা। প্ৰথমতে তেওঁ হত্যাৰ কেচবোৰ পৰীক্ষা কৰা থিৰাং কৰিলে। ক্ৰমিক নম্বৰ আৰু নামবোৰ উলিয়াই লৈ ফাইলবোৰ বিচৰাত লাগি গ’ল।

সম্পূৰ্ণ তিনি দিন আৰু তিনি ৰাতি বিচাৰি বিচাৰি কেইটামান সন্দেহজনক কেচ পালে কলিতাই। ইমানসোপা কাগজ-পত্ৰ তাতে পঢ়ি শেষ কৰিব নোৱাৰি আৰু লাইব্ৰেৰীৰ পৰা ডায়েৰীবিলাক বিশেষ অনুমতি নাথাকিলে লৈ যাবও নোৱাৰি। কি কৰিব কি নকৰিব ভাবি থাকোঁতেই কম্পিউটাৰৰ কাষত স্কেনাৰ এটা দেখি তেওঁৰ মনত বুদ্ধি এটা খেলাল। কম্পিউটাৰৰ কাম কৰা ল’ৰাটোক মাতি আনি তেওঁ কলে যে এই ফাইলবোৰৰ কাগজবোৰ এখনকৈ এখনকৈ স্কেন কৰি মোৰ মেইলত পঠিয়াই দিবা, তাৰবাবে এইয়া আগধন লোৱা, সকলোখিনি পঠোৱাৰ পাছত ইয়াৰ তিনিগুণ টকা পাবা, মাত্ৰ কাকো এইবোৰ জানিব নিদিবা। ঠিকা ভিত্তিক চাকৰি কৰা ল’ৰাজনে দহ হেজাৰ টকা হাততে পাই চুপ-চাপ ফাইলকেইটা নি একাষৰীয়া কৈ থৈ দিলে। আচলতে পাছৰ তিনিগুণৰ কথা ভাবিহে সি বেছি উত্ফুল্লিত হ’ল।

প্ৰথম কাম হিচাপে তাৰে মাজৰ চাৰি বছৰ পুৰণি কেচ এটা অলপ সন্দেহজনক লাগিল কলিতাৰ। এইটো তেওঁ নিজেই স্কেন কৰি প্ৰিণ্ট কৰি লৈ আহিছিল প্ৰথম কাম হিচাপে। নামনি অসমৰ গোৱালপাৰা জিলাৰ কেচ সেইটো। গোৱালপাৰা চহৰৰ মাজমজিয়াত বিতোপন ৰাভা বুলি বাইশ বছৰীয়া যুৱক এজনৰ মৃতদেহ আৱিষ্কাৰ কৰা হৈছিল। ফৰেনচিক ৰিপ’ৰ্ট অনুসৰি মৃতদেহটোৰ গাত অলপো তেজ নাছিল আৰু শৰীৰৰ অ’ত ত’ত যথেষ্ট আঁচোৰা আৰু কঁটাৰ দৰে আঘাতৰ চিন আছিল। যদিও তেজবোৰ সেই কঁটা অংশইদি নিগৰি নিগৰি শেষ হৈ যোৱাৰ সম্ভাৱনা আছে, কিন্তু এটা ৰাতিৰ ভিতৰত কোনো মানুহৰে কঁটা ঘাৰে সম্পূৰ্ণ তেজ নিগৰি শেষ হৈ যাব নোৱাৰে। হত্যাকাৰীৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা নগ’ল। কেচটোৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিব লাগিব বুলি কলিতাই এটা স্বস্তিৰ নিশ্বাস এৰিলে। কিবা এটা বিচাৰি পোৱাৰ আশাত তেওঁৰ চকু দুটা জিলমিলাই উঠিল। বেগৰ পৰা প্লাষ্টিকৰ মোনা এটা উলিয়াই ভিতৰত থকা তেজখিনি চুপি খোৱা আৰম্ভ কৰি দিলে। আজি চাৰিদিন ধৰি একো খোৱা নাই তেওঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক