ৰক্তৰঞ্জিত – ৰহস্যৰ অৱসান : দিগন্ত যাদৱ শৰ্মা

 

(এক)


“………
ফুলমনি এটা পুৰণি ৰেলষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে পৰিবেশটো হঠাতে জয়াল কৰি তুলিলে। গাৰ কাষেৰে জপিয়াই কি যেন এটা পাৰ হৈ গ! হয়তো মেকুৰী! কিন্তু ইমান দুৰ্গন্ধ! নিলয়ে বিজুলীবাতিৰ বুটামবোৰ টিপি কোঠাটো পোহৰাই তুলিলে। কাপোৰসাজ সলাই ভৰি ধুবলৈ বাথৰুমলৈ খোজ দিলে। কিন্তু হঠাত বাথৰুমৰ পৰা অহা কান্দোনৰ চিঞৰে তাৰ গতি ৰুদ্ধ কৰি পেলালে। পিছৰবাৰ আকৌ কোনো গাভৰুৰ হাঁহিৰ খলকনিয়ে ৰাতিৰ নিস্তব্ধতা ভঙ্গ কৰি পেলালে। অথচ বাথৰুমটো বাহিৰৰ পৰাই খিলি লগাই থোৱা আছিল। নিলয়ে ভয়ে ভয়ে বাথৰুমটোৰ ফালে দৃষ্টি নিক্ষেপ কৰি থাকিল। কান্দোন আৰু হাঁহিৰ মিশ্ৰিত খলকনিৰ মাজতে দেখিলে বাথৰুমৰ দৰ্জাৰ তলৰ ফাকেৰে হোলোকা হোলোকে তেজৰ নৈ বৈ আহিছে। নিলয়ে উচপ খাই উঠিল আৰু বিবুদ্ধিত পৰি পলাবলৈ ধৰিলে। কিন্তু ঠিক তেনেতে দুৱাৰখন কৰ্কশ শব্দ কৰি নিজে নিজে বন্ধ হৈ পৰি বিজুলিবাতিবোৰো নুমাই থাকিল। ঘোৰ অন্ধকাৰে গোটেই ঘৰটো আবৰি ধৰিলে। কোনোবাই নিলয়ৰ কাণৰ কাষত জোৰে জোৰে চিঞৰি কৈ উঠিল………”


(
দুই)


অণুঅণুঅণু…”
অণু উচপ খাই উঠিল। সেইয়া অদুৰত যেন কোনোবাই তাইৰেই নামধৰি চিঞৰি মাতিছে। সময় খুব বেছি হোৱা নাই। ন বাজিছেহে মাথোন। দুৰৈত শিয়ালৰ হোৱা শুনিবলৈ পোৱা গৈছে। জিলিঁৰ মাতে পৰিবেশটো বেছ জয়াল কৰি তুলিছে।
অণুঅণু কি হল তোৰ! ইমানকৈ মাতি থাকিব লাগেনে? কি যে কৰি থাকে এইজনীয়ে।“ সেয়া মাকৰ চিঞৰ। পিৰালিৰ পৰা অণুকে উপলক্ষ কৰি কেইবাবাৰো ধৰি মাতি আছে।
কি মা, কোৱা। মোৰ ভয় লাগিছে, ইমান আন্ধাৰ!” _অণুৱে হঠাতে বিদ্যুৎ ব্যাহত হৈ বিজুলী বাতিবোৰ নুমাই যোৱাত ভয় খাইছিল। তাতে আকৌ ‘অশৰীৰী আত্মা’ নামৰ ভৌতিক গল্প এটা পঢ়ি আছিল। অনু আচৰিত হল। কেনেকৈ কাকতালীয়ভাবে ভৌতিক গল্পটোত বিজুলিবাতিবোৰ নুমাই যোৱা আৰু বাস্তবটো বিজুলিবাতিবোৰ নুমাই যোৱাৰ কথাটো মিলি গৈছিল।

দেউতাৰক ভাত দিছো। টুকুৰিটোৰ পৰা নেমু এটা উলিয়াই এটুকুৰা কাটি দেউতাৰক দে। মমবাতি এডাল জ্বলাই কটাৰিখন বিচাৰি লবি।” মাকে কথাখিনি অণুক কৈ বাহিৰৰ গাঁতটোত জাবৰ পেলাবলৈ গল। দেউতাকক সোনকালে ভাত লাগে। চহৰৰ পৰা সদাই আহোতে পলম হয় বাবে ভোকো লাগে সোনকালে। আকৌ ৰাতিপুৱাওঁ সোনকালে উঠি কামলৈ যাব লাগে।

আন্ধাৰত খুপি খুপি অণু পাকঘৰলৈ আহিল। দেউতাকে ভাত খাবলৈ বহা কাষৰ কোঠাটোৰ পৰা অহা ঈষৎ পোহৰত তাই দিয়াশলাইটো বিচাৰি ললে। কাঠি এটা উলিয়াই মমবাতিটো জ্বলাবলৈ ললে। কাঠিটো মাৰোতে হোৱা শব্দটোত তাই উচপ খাই উঠিল। হাতৰ পৰা কাঠিটো পৰি গল। দ্বিতীয়বাৰ তাই মমডাল জ্বলাবলৈ সক্ষম হল। আন্ধাৰখিনি ফালি হঠাত হোৱা পোহৰখিনিয়ে পৰিবেশটো যেন অধিক জয়াল কৰি তুলিলে। পইতাঁচোৰা এটা তাইৰ গাত আহি পৰাত উচপ খাই উঠিল। সম্ভাৱ্য বিপদৰ কথা ভাবি অণু আতংকিত হৈ পৰিল। অথচ কাষৰ কোঠাটোতে দেউতাকে ভাত খাই আছে। নাই এনেকৈ ভাবিলে নহব। দেউতাকক পানীগিলাচ দিয়া, নেমু কাটি দিয়া এইবোৰ কাম এনেয়েও অণুয়ে কৰে। নেমুটো কাটি সোনকালে দেউতাকক দিব লাগে। নহলে ভাতে খোৱা শেষে হৈ যাব। মাকৰ গালিশপনিবোৰহে শুনিব লাগিব। কিহে পাইছিল এই ৰাতিখন তাইক ভৌতিক গল্প পঢ়িবলৈ। ভয়ত ৰাতি টোপনি আহিলেহে হয়! সকলো দোষ এই ককায়েকৰ বাবে। সিয়ে এই কিতাপবোৰ পঢ়িবলৈ আনে। দেখিলে তাই নপঢ়াকৈ থাকিবওঁ নোৱাৰে। অণুৱে হাতত কটাৰিখন লৈ নেমুটো কাটিবলৈ ধৰিলে।


(
তিনি)


মাআআআ! ভূউউউত, ভূতঅশৰীৰী আত্মামৰিলোঔবচোৱা মোক বচোৱা।” অণুৰ চিঞৰত দেউতাকে ভাত খাই থকাৰ পৰাই উঠি আহিল। উধাতু খাই মাক দৌৰি আহোতে দুৱাৰদলিত উজুটি খাই ভৰিৰ বুঢ়া আঙুলিৰ নখো এৰাই আহিল। তেওঁৰ অৱশ্যে এইবোৰলৈ ভ্ৰক্ষেপ নাই। জীয়েকৰ চিঞৰৰ উৎসটোৰ বাবেহে উৎকণ্ঠা।
কি হল মাএকো নোকোৱা কিয়। কপিছা কিয়।” দেউতাকে এখন হাতেৰে জীয়েকৰ গাত ধৰি কিংকৰ্তব্যবিমোৰ হৈ সুধিলে। তাই থকথককৈ কপিব ধৰিছিল।
দেউতাতেজ, চোৱাচোন ইমান তেজ!” অণুৱে সেপধুকি সেপধুকি কথাষাৰ কলে।
ইমান তেজ কৰ পৰা আহিল। নেমু আৰু কটাৰিখনত এইবোৰ দেখোন তেজ” _মাকে অণুৰ চকুৰ দৃষ্টিৰ ফালে প্ৰত্যক্ষ কৰিলে। মজিয়াখনত এফালে আধাকটা নেমুটো আৰু আনফালে কটাৰিখন সিচঁৰতি হৈ আছে। মমবাতিৰ পোহৰতে দেখিলে নেমুটোৰ সৈতে কটাৰিখনো ৰক্তৰঞ্জিত হৈ আছে।
চাওঁ চাওঁ হাতখন বেয়াকৈ কাটিলে, ইচ্ইচ্। হেৰা টৰ্চটো জ্বলাই সোনকালে ফাৰ্স্ট এইড বক্সটো লৈ আহাছোন” দেউতাকে মাকক উত্ৰাবল হৈ ‘ফাৰ্ষ্ট এইড বক্সটো আনিবলৈ পঠালে।
নাই নাই দেউতা, মোৰ হাত কটা নাই নহয়।” ভয়ত কপি কপি অণুৱে দেউতাকক হাত দুখন দেখুৱালে।
ইয়ে হয়ছোন, তাইৰ হাতত একো হোৱা নাই। তেনেহলে নেমু আৰু কটাৰিত ইমান তেজ কৰ পৰা আহিল?” মাকে জীয়েকৰ হাত দুখন পিটিকি পিটিকি পৰীক্ষা কৰি কলে।

অণুক দেউতাকে বিচনালৈ ধৰি ধৰি লৈ আহিল। তাই ভয়ত তেতিয়াওঁ কপি আছিল। সচাঁকৈয়ে অশৰীৰী আত্মাই লম্ভিলে অণুক। কি হব এতিয়া! তাই কান্দি কান্দি মাকহতঁক কবলৈ ধৰিলে।
মই নেমুটো কাটিবলৈ কটাৰিখনেৰে ৰেপ দিছোহে। কৰপৰা জানো নেমুটোৰ ভিতৰৰ পৰা তেজবোৰ ওলাই আহিল। মোৰ হাতত কিন্তু একো হোৱা নাই। তেজ ওলাবলৈ অকণমানো ছাল এৰোৱা নাই” অণুৰ কথা শুনি মাকৰ পাকঘৰটোলৈ চাবলৈয়ে ভয় লাগিল।
হেৰি শুনকছোন। টৰ্চটোৰে আকৌ এবাৰ নেমুটো ভালকৈ চাই আহকছোঁন। বাবা কত গল। তাকো মাতক। ইমান হুলস্থুলতো সি কোঠাৰ পৰা এবাৰো ওলাই অহা নাই কিয়! আন্ধাৰতনো কি কৰি আছে সি?” মাকে বাবাৰ কোঠালৈ দৃষ্টি নিক্ষেপ কৰিলে।
মাকে আকৌ কবলৈ ধৰিলে– “এইক সেই আহঁতজোপাৰ গোঁসানীজনীয়ে লম্ভিলে যেন পাইছো। মই এনে কওঁনে যে স্কুলৰ পৰা আহোতে সেইফালেৰে নাহিবি। চমু বাট হলে কি হল। আজি কেইবছৰমানৰ আগতে পঞ্চায়তৰ সভাপতিৰ জীয়েকে যে সেই আহঁতজোপাতে চিপজৰী লৈছিল নাজান নেকি? ” আতংকিত হৈ থকা ছোৱালীজনীয়ে মাকৰ কথা শুনি বেছিকৈহে ভয় খাব ধৰিলে।
দেউতাকৰ খং উঠি মাকক কলে, “ৰ’বাহে তাই এনেয়ে ভয় খাই আছে। তুমি আৰু এইবোৰ কি বলকি আছা! বেলেগ কিবাও হব পাৰে। অনবৰতে কি ভূতপিশাচৰ নাম লৈ থাকা? বাবাক মাতাছোন।”
দেউতাকে অণুৰ মুৰত হাত বুলাই কলে “মা, তুমি একো চিন্তা নকৰিবা। মই এতিয়াই অতুল বৰদেউতাৰ পৰা মন্ত্ৰপূত পানী আনি দিম। বাবাক মাতাহেওলাই গল নেকি বাহিৰলৈ সি?”
বাবা বাবা, কত গ’লি তই?” মাকে তাক বিচাৰিবলৈ ধৰিলে।


(
চাৰি)


হঠাতে হাতত পানী এগিলাচ লৈ বাবাৰ প্ৰবেশ।
অণু, তই এই পানীগিলাচ খাই দেছোন। মই অতুল বৰদেউতাৰ পৰা পানীখিনি মন্ত্ৰপুত কৰি আনিছো। একো নহয় তোৰ। ভয় নাখাবি।” সি হয়তো ভনীয়েকৰ লগত ঘটা ঘটনাটোৰ উমান পাই গিলাচ এটা লৈ বৰদেউতাকৰ ঘৰ পাইছিলগৈ। মাকে কথাটো এনেদৰেই ভাবিলে।
দেউতাকে এটা কথা ভাবি আচৰিত হল যে দুই কিলোমিটাৰ দূৰত থকা অতুল ককাইদেউৰ পৰা বাবাই ইমান সোনকালে কেনেকৈ আহি পালে! আৰু এটা কথা বাবাক দেখোন সেই সময়ত ঘৰৰ ভিতৰত দেখাও নাছিল। সিনো জানিলে কেনেকৈ। সকলোফালে যেন কি এক ৰহস্য!
দেউতা মন্ত্ৰপুত পানীগিলাচ খাই মই অলপ ভাল পাইছো। মোৰ একো নহয়। নহয়নে মা!” _জীয়েকৰ কথা শুনি মাকে তাইক সাবটি ধৰিলে। তেতিয়ালৈকে তাইৰ কপনি বহুখিনি মাৰ গৈছিল।
দেউতাকে হঠাতে কিনো ঘটি গল একো থাওৰ কৰিব নোৱাৰিলে। নেমুটেঙাটোৰ পৰা কেনেকৈনো তেজ ওলাল? সচাঁকৈয়ে ঘৰত ভূতপিশাচে লম্ভিলে নেকি? তেওঁ অৱশ্যে আজিলৈকে ভূতপিশাচৰ সন্মুখীন হোৱা নাই, শুনিছেহে! কিন্তু বাবাৰ ফালে চাওঁতে এনে লাগিল সি যেন কিবা এটা দোষী দোষী মনোভাব লৈ ভনীয়েকৰ কাষত থিয় হৈ আছে!


(
পাঁচ)


চহৰৰ পৰা কিছু দুৰৈত আধুনিকতাৰ পৰশ পৰা এখন গাওঁ। বাবা, অণু আৰু সিহঁতৰ মাকদেউতাক। বাবা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। চহৰৰ মহাবিদ্যালয়ত অধ্যয়নৰত। ঘৰৰ পৰা এক কিলোমিটাৰ আতঁৰৰ বিদ্যালয়খনত অণু অষ্টম শ্ৰেণীত পঢ়ি আছে। চহৰত পঢ়িবলৈ গৈ ককায়েক বাবা যে দুষ্ট সঙ্গৰ লগত পৰিছে, অণুই ঠিকেই ধৰিব পাৰিছিল। এদিন তাই বিদ্যালয়ৰ ছুটিত আহি থাকোতে তাক বিপুলহতঁৰ দোকানৰ পাছফালে চুৰট হোপা দেখিছিল। ঘৰত আহিয়েই তাই মাকদেউতাকক কথাটো কৈ দিছিল। মাকদেউতাকে ভাল বকনি দিছিল। খঙত দেউতাকে হালোৱা এছাৰিৰে পিঠিত দুইকোবো দিছিল। সেই কাণ্ডত মহাবিদ্যালয়তো তাৰ চাৰিদিনমানৰ বাবে আহযাহ বন্ধ হৈছিল। লাজে অপমানে ভনীয়েক অণুৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পোতক তোলাৰ বাবে চল চাই আছিল। ভয়াতুৰ ভনীয়েকক ভূতৰ গল্পবোৰ পঢ়িব দি এনেয়ে ভীতিগ্ৰস্থ কৰি ৰাখিছিলেই। তেতিয়া মাত্ৰ সুযোগৰ অপেক্ষাতহে আছিল। সেই ৰাতিটোৰ কথা। দিনতেই কটাৰি এখনৰ দুয়োফালে ঘৰতে থকা জবাফুলৰ পাহিবোৰেৰে খুব ভালকৈ ঘহিপিহি শুকুৱাই থৈ দিছিল। সি জানে জবাফুলৰ ৰসত থকা ৰাসয়নিক পদাৰ্থবিধ নেমুটেঙাত থকা ছাইট্ৰিক এছিদৰ সংস্পৰ্শত আহিলে ৰসখিনি ৰঙা হৈ পৰে। মাকে তাইক নেমু কাটিব দিয়াৰ কথা শুনি পিছৰ দুৱাৰেৰে সেই কটাৰিখন তাই সহজে পোৱাকৈ থৈ দিছিল। কিন্তু পিছত যেতিয়া ভনীয়েকে ভয় খাই বৰকৈ চিঞৰবাখৰ কৰিলে সিওঁ ভয় খালে। ভয়তে অণুৰ যদি কিবা এটা হৈ যায়। সি নিজকে ক্ষমা কৰিব নোৱাৰিব। আগচোতালৰ পৰাই সি মাকদেউতাকে আলোচনা কৰা কথাবোৰ শুনিছিল। সেয়ে পুখুৰীৰ পাৰত মাকে ধুবলৈ গোটাই থোৱা গিলাচ এটাতে সেই পুখুৰীৰে পানী ভৰাই লৈ আহিছিল। কত আৰু বৰদেউতাকৰ পৰা পানী লৈ আহিব! সি মিছা মাতিছিল। ভনীয়েকৰ সেই মন্ত্ৰপূত পানীখাই ভাল পোৱাত সি স্বস্তিৰ নিশ্বাস পেলাইছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments