ৰঘুনন্দন, দশৰথ, পদ্মনাভ, কৃষ্ণৰাম ভট্টাচাৰ্য কেনে পৰিস্থিতিত অসমলৈ আহিছিল –ধীৰেন শইকীয়া

বৰ্তমান পশ্চিমবংগৰ নদিয়া জিলাই তাহানিৰ নৱদ্বীপ; নদীয়া আছিল চুবুৰীয়া বাংলাদেশৰ নিকটৱৰ্তী। বাঙালী হিন্দু সমাজত নদিয়া জিলা গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰাণপুৰুষ চৈতন্য মহাপ্ৰভুৰ স্মৃতি বিজড়িত। মধ্য যুগত নদিয়া জিলাৰ নৱদ্বীপ আছিল হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ। এই নদীয়াৰ পৰা অসমৰ গুৱাহাটীৰ দূৰত্ব আছিল ৯১২.৩ কিঃমিঃ। তথ্যমতে, অতীজত তিব্বত, নেপাল আৰু ভূটানৰ লগত নদিয়াৰ এক বাণিজ্যিক সম্পৰ্ক আছিল।

চৈতন্যদেৱে হিন্দু ধৰ্মৰ জটিল ক্ৰিয়া-কাণ্ডবিলাক নাইকিয়া কৰি বৈষ্ণৱ ধৰ্মক একেবাৰে সহজ সৰল কৰাৰ লগতে সকলোপ্ৰকাৰৰ বৰ্ণবৈষম্যৰ বিৰোধিতা কৰিছিল। আজি আমি এই প্ৰবন্ধত ৰঘুনন্দন ভট্টাচাৰ্য, দশৰথ ভট্টাচাৰ্য, পদ্মনাভ ভট্টাচাৰ্য, কৃষ্ণৰাম ভট্টাচাৰ্য কেনে পৰিস্থিতিত এই উল্লিখিত অঞ্চলৰ পৰা অসমলৈ আহিছিল তাৰ কথা আলোচনা কৰিব বিচাৰিছো।

ৰঘুনন্দন ভট্টাচাৰ্য

ৰঘুনন্দন ভট্টাচাৰ্য (১৫২০-১৫৭০) চৈতন্য মহাপ্ৰভু জন্মৰ প্ৰায় ২৫ বছৰ পিছত নৱদ্বীপ ধামত জন্ম লাভ কৰিছিল। উল্লেখ্য যে পিছে ৰঘুনন্দন ভট্টাচাৰ্যই চৈতন্যদেৱৰ এই কালজয়ী মতাদৰ্শনৰ বিপৰীত স্থিতিহে গ্ৰহণ কৰি পিছলৈ আত্মপ্ৰচাৰত লাগিছিল। তেওঁ প্ৰায় আঠাইশখন বেদবিৰোধী স্মৃতি শাস্ত্ৰ ৰচনা কৰিছিল। সেইসমূহৰ ভিতৰত শ্ৰাদ্ধতত্ত্ব, তিথিতত্ত্ব, শুদ্ধিতত্ত্ব, স্মৃতিতত্ত্ব, দুৰ্গাপূজাতত্ত্ব, তীৰ্থতত্ত্ব, যাত্ৰাতত্ত্ব, দায়তত্ত্ব ইত্যাদি অন্যতম। সংস্কৃত পণ্ডিত ৰঘুনন্দন ভট্টাচাৰ্যই নিজৰ ইচ্ছামতেই ধৰ্ম্মৰ নামত অধৰ্ম্মৰ আদৰ্শ সমাজত প্ৰচলন কৰাৰ অভিযোগ আজিও বিদ্যমান। বহুতো বঙালী পণ্ডিতে সেয়েহে ৰঘুনন্দন ভট্টাচাৰ্যৰ আদৰ্শক বিৰোধিতা কৰিছিল। ৰঘুনন্দন ভট্টাচাৰ্যৰ পিতৃ আছিল হৰিহৰ বন্দোপাধ্যায় ভট্টাচাৰ্য্য। হৰিহৰ বন্দ্যোপাধ্যায় ভট্টাচাৰ্য স্মৃতিশাস্ত্ৰত সুপণ্ডিত আছিল। নবদ্বীপত তেওঁৰ পিতৃ হৰিহৰ বন্দ্যোপাধ্যায়ৰ সংস্কৃত টোলো আছিল। ৰঘুনন্দনে ২৫ বছৰ বয়সৰ পৰাই নানা স্মৃতিশাস্ত্ৰ ৰচনা কৰিবলৈ লৈছিল। নানা দেশ ভ্ৰমণ কৰি আঠাইশখন তেওঁ (অষ্টাবিংশতি তত্ত্বম)স্মৃতি গ্ৰন্থ ৰচনা কৰিছিল। পণ্ডিত ৰঘুনন্দনে তেওঁৰ সম্পূৰ্ণ জীৱন শাস্ত্ৰ আলোচনা আৰু গ্ৰন্থৰচনাৰ মাজেদিয়েই অতিবাহিত কৰি আনুমানিক ৭০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছিল বুলি জনা যায়। বহুতে কয় ৰঘুনন্দন নিৰ্দেশিত দুৰ্গা পূজা পদ্ধতি অনুযায়ী বৰ্তমান কালৰ অধিকাংশ পূজা অনুষ্ঠিত হৈ আহিছে। তেওঁ দুৰ্গোৎসব সম্পৰ্কীয় তিনিখন বিশেষ গ্ৰন্থ ৰচনা কৰিছিল, সেয়া হ’ল — “দুৰ্গোৎসব তত্ত্ব”, “দুৰ্গাপূজা তত্ত্ব” আৰু “কৃত্যতত্ত্ব।” তন্ত্ৰ আৰু পুৰাণ নীতি-নিয়মৰ প্ৰভাৱেৰে সিক্ত এই গ্ৰন্থকেইখনৰ বহু বিধি বঙ্গদেশ, বিহাৰ, ওড়িশা আৰু অসমত আজিও প্ৰচলিত আছে। খ্ৰীষ্টীয় ষোড়শ শতিকাৰ স্মাৰ্ত পণ্ডিত ৰূপে খ্যাত এইগৰাকী ৰঘুনন্দন আৰু ৰাঘবানন্দই যৌথভাবে প্ৰথম বাংলা পঞ্জিকা প্ৰণয়ন কৰিছিল বুলিও জনা যায়, যিখনে পিছলৈ নবদ্বীপ পঞ্জিকা নামে জনপ্ৰিয়তা লভিছিল। জনামতে, তেৱেঁই প্ৰথম মলমাহৰ ধাৰণা দিছিল। স্মাৰ্ত পণ্ডিত ৰঘুনন্দনে ‘মলমাসতত্ত্বম’ গ্ৰন্থ ৰচনা কৰি তাত লিখিছিল যদি সূৰ্য্য এক ৰাশিতে অবস্থিত হয় দুটি অমাবস্যা তিথি অতিক্ৰম কৰে সেই মাহকেই মলমাহ বোলে। জনামতে, কামৰূপলৈও আহিছিল পণ্ডিত ৰঘুনন্দন। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক লগ কৰা ৰঘুনন্দনৰ লগত হেনো কালিন্দী আয়ে প্ৰথম কথা পাতি কৈছিল: এই ঠাই তোমাৰ বাবে নহয়। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও “মত প্ৰচাৰিবে নোৱাৰাহা ই দেশত” বুলি কৈ ৰঘুনন্দন ভট্টাচাৰ্যক বিদায় জনাইছিল। পিছে এইগৰাকী ৰঘুনন্দন ভট্টাচাৰ্যৰেই অনুগামী কৃষ্ণৰাম ভট্টাচাৰ্য পৰৱৰ্তী সময়ত আহোম ৰাজ্যৰ পৰা নিমন্ত্ৰিত হৈ ৰাজগুৰু পদত অধিষ্ঠিত হৈছিল।

অসমৰ বিভিন্ন স্তৰত ৰঘুনন্দন, পিতাম্বৰ সিদ্ধান্তবাগীশ, দামোদৰ মিশ্ৰ আদিৰ কাৰ বিধি ক’ত প্ৰযোজ্য সেই সম্পৰ্কত বিনয় ভূষণ ৰয়ে লিখিছে — ‘‘Coochbehar, Goalpara and of Kamrupa followed the principles of Kamrupa Smritis. In the middle Assam people followed the principles of Raghunandana and Pitambar Sidhantavagis, respectively. In some part of Coochbehar and Goalpara the principles of Damodar Misra were followed.’’

(Socio-economic Impact of Sati in Bengal and the Role of Raja Ram Mohan Roy, No need to put name of the book, just put surname and Page No….).

আনহাতে, ড° সুৰেন্দ্ৰ নাথ দাসগুপ্ত, বঙ্কিম চন্দ্ৰ চেটাৰ্জী, সচ্চিদানন্দ ভট্টাচাৰ্য, বংগদেশৰ বিখ্যাত লেখক নীৰদ চন্দ্ৰ চৌধুৰী, সুধাংশু ৰঞ্জন ঘোষ, অসমৰ হেৰম্ব বৰপূজাৰী, ড° লীলা গগৈ আদি বৰেণ্য ব্যক্তিসকলেও ৰঘুনন্দন ভট্টাচাৰ্যৰ বহু মতাদৰ্শক সমালোচনা কৰিছিল। তেওঁলোকে একেমুখে কৈছিল যে ৰঘুনন্দন ভট্টাচাৰ্যই বংগৰ তথাকথিত নিম্নবৰ্ণৰ লোকসকলক মানৱীয় মৰ্যাদা নিদিলে আৰু উচ্চ বৰ্ণৰ সেৱা-শুশ্ৰূষা বা দাসত্ত্ব কৰাই তেওঁলোকৰ একমাত্ৰ ধৰ্ম বুলি ঘোষণা কৰিছিল। তদুপৰি সতীদাহ প্ৰথাৰ লগতে বঙ্গৰ নাৰীসমাজকো কিছুমান বিভ্ৰান্তিকৰ তত্ত্বকথা কৈছিল। উল্লেখয্যগে যে, বংগদেশত সেই সময়ত চলি আছিল কৌলিন্য প্ৰথা, সতীদাহ প্ৰথাৰ দৰে অনেক প্ৰথা। জনামতে, এনে সামাজিক প্ৰথাৰ প্ৰভাৱত বঙ্গৰ নাৰী সমাজৰ অৱস্থা নিম্নগামী হৈ পৰিছিল। আনহাতে ৰঘুনন্দন ভট্টাচাৰ্যই এইবোৰ প্ৰথাৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়োৱাৰ উপৰি বৰ্ণবাদতো বিশ্বাসী আছিল। তদুপৰি, ভট্টাচাৰ্যই সতীদাহৰ বাবে কিছু নীতি-নিয়মো বান্ধি দিছিল, ফলত সেইসময়ত বহু বিধবা নাৰী সতীদাহ যাব লগা হৈছিল।

ৰঘুনন্দনৰেই অনুগামী কৃষ্ণৰাম ভট্টাচাৰ্য

ৰঘুনন্দনৰেই অনুগামী কৃষ্ণৰাম ভট্টাচাৰ্যক পৰৱৰ্তী সময়ত নদিয়াৰ পৰা সসন্মানে মতাই আনিছিল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই। আনকি আহোমৰ শ্ৰেষ্ঠ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত পিতৃৰ পৰামৰ্শ অনুসৰিয়েই স্বৰ্গদেউ শিৱসিংহই নদীয়া জিলাৰ(মালিপোটা, শান্তিপুৰ) কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ গ্ৰহণ কৰি তেওঁক ৰাজগুৰু ঘোষণা কৰিছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহৰ ৰাজত্বকাল ১৬৯৬-১৭১৪ খ্ৰীষ্টাব্দ বুলি ধৰিলে কৃষ্ণৰাম ভট্টাচাৰ্য গুৱাহাটীলৈ অহা সময় 1700 খৃঃৰ আগে পিছে যেন লাগে।
এইগৰাকী ভগৱতী সাধক কৃষ্ণৰাম ভট্টাচাৰ্যই আহোম স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলক শিষ্য পাতি ৰাজনীতিৰ বাঘজৰী আঁজুৰিবলৈকো হাত মেলিছিল। ড° লীলা গগৈ দেৱে তেওঁৰ ‘‘বেলি মাৰ গ’ল’’ গ্ৰন্থত লিখিছেঃ
“এইগৰাকী কৃষ্ণৰাম ভট্টাচাৰ্যই বৰৰজা ফুলেশ্বৰীৰ ইহকাল পৰকালৰ গৰাকী হৈ উঠিছিল। কৃষ্ণৰামৰ অদৃশ্য হাতে মোৱামৰীয়া বিদ্ৰোহীক যে হাত বাউল দি মাতিছিল, তাৰো সাক্ষী বুৰঞ্জীৰ পাতত এৰি থৈ গৈছে। … পৰ্বতীয়া গোঁসাইৰ সুচনিত ফুলেশ্বৰীয়ে অসমৰ প্ৰাচীন পূজা পদ্ধতি উচ্ছেদ কৰি ৰঘুনন্দনৰ স্মৃতি অনুসৰি নতুন পদ্ধতি চলাবলৈ মঠ-মন্দিৰৰ মূৰ্তিসমূহ অনাই সোণাৰি নৈৰ বাহৰিত ব্ৰহ্মপুত্ৰত পেলাই দিয়াইছিল। দুৰ্গাৰ্চনমঞ্জৰী নামে পুথি ৰচনা কৰি কামাখ্যাৰ পূজা পদ্ধতি সলাইছিল। নতুন পূজা পদ্ধতিমতে কাম চলাবলৈ পাঁচ হেজাৰ ব্ৰাহ্মণক শাক্তপন্থত দীক্ষিত কৰি ৰজাঘৰৰ হতুৱাই ব্ৰহ্মোত্তৰ দিয়ালে। … ৰজাঘৰৰ ভাত খালেও নদীয়াৰ মাতহে মাতিছিল। … প্ৰমত্ত সিংহয়ো কৃষ্ণৰামক বিপুল অৰ্থ সম্পত্তি দান কৰি অধিক ঐশ্বৰ্যশালী কৰি তুলিছিল। ইতিমধ্যে কৃষ্ণৰাম ভট্টাচাৰ্যৰ পুতেক ৰামানন্দ বিদ্যালংকাৰ আহি পিতৃৰ আসনত অধিষ্ঠিত হ’বলৈ আখৰা কৰিছিলহি।” বুৰঞ্জীবিদসকলেও এনেদৰেই আহোমৰ শৌৰ্য বীৰ্যৰ বেলি পৰি আহিছিল বুলিছিল । এইগৰাকী কৃষ্ণৰাম ভট্টাচাৰ্যকে কামাখ্যাৰ দেৱালয়ৰ দায়িত্ব অৰ্পণ কৰি ‘পৰ্বতীয়া গোসাই’ উপাধিও প্ৰদান কৰিছিল। কৃষ্ণৰাম ভট্টাচাৰ্যৰ বুদ্ধি মতেই আহোম ৰাজপৰিয়াল তথা সমগ্ৰ ৰাজ্যতে তেতিয়া শাক্ত ধৰ্ম ৰাজধৰ্ম বুলি ঘোষিত হৈছিল। আনকি, ৰাজগুৰু হৈয়ে কৃষ্ণৰাম ভট্টাচাৰ্যই পাঁচ হেজাৰ ব্ৰাহ্মণক প্ৰশিক্ষণ দিয়াই ৰঘুনন্দন ভট্টাচাৰ্যই প্ৰণয়ন কৰা স্মৃতি শাস্ত্ৰসমূহ অসমত প্ৰযোজ্য কৰে, এনেকৈয়ে অসমত শক্তিপূজাৰ জনপ্ৰিয়তা ব্যাপক হয়। বহুতে কয় ৰঘুনন্দন ভট্টাচাৰ্যৰ এই স্মৃতি শাস্ত্ৰসমূহ প্ৰনয়ণৰ কাৰণেই অসমত উচ্চ বৰ্ণ-নিম্ন বৰ্ণৰ ভেদ তথা অস্পৃশ্যতাৰ ধাৰণাটো অবিশ্বাস্যভাৱে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে আৰু এনেদৰেই ক্ৰমান্বয়ে ৰঘুনন্দন ভট্টাচাৰ্যৰ মতাদৰ্শী শাক্তধৰ্ম তথা বৰ্ণবৈষম্যবাদে অসমত গা কৰি উঠিবলৈ আৰম্ভ কৰিছিল। আনকি অসমৰ সেই সময়ৰ ব্ৰাহ্মণসকলো ৰঘুনন্দন ভট্টাচাৰ্য নিৰ্দেশিত বিধি-বিধানৰ বিৰোধী আছিল বুলিও বহুতে অভিযোগ কৰে। এনেদৰেই ৰাজপৃষ্ঠপোষকতা লাভ কৰি অসমলৈ ব্ৰাহ্মণসকলৰ আগমনৰ ধাৰাটো চলি থাকে।

অসমলৈ ব্ৰাহ্মণ লোকৰ আগমনৰ ইতিহাস

চিলেট, নৱদ্বীপ, নদীয়া একালৰ হিন্দু ধৰ্মৰ কেন্দ্ৰ আছিল। গতিকে অসমলৈ ব্ৰাহ্মণসকল এইকেইটা অঞ্চলৰ পৰা অহাটো অমূলক নহয়। বহুতে কয় উত্তৰ ভাৰতৰ পৰা চুলতান সকলৰ ধৰ্মীয় আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈও বুজন সংখ্যক ব্ৰাহ্মণ লোক অসমলৈ আহে। অলপতে প্ৰান্তিক আলোচনীৰ ‘অসমলৈ ব্ৰাহ্মণসকলৰ আগমন’ শীৰ্ষক অৱনী কান্ত মিশ্ৰ ভাগৱতীৰ(16 অক্টোবৰ 2020) প্ৰবন্ধটোত উল্লেখ কৰিছে যে নৰকাসুৰেই প্ৰথমে আৰ্যসকলৰ সৈতে ব্ৰাহ্মণসকলক প্ৰাগজ্যোতিষপুৰত আনি প্ৰথম স্থাপন কৰিছিল। বাণীকান্ত কাকতিৰ লগতে আন এচাম পণ্ডিতেও লিখিছিল— ‘‘বৌদ্ধযুগৰ বহু আগতেই সদানীৰা নদীৰ উত্তৰ ফালেদি অৰ্থাৎ উত্তৰ ফালেদি অৰ্থাৎ উত্তৰ মিথিলা অঞ্চলেদি ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ প্ৰাচীন অসমলৈ আগমন ঘটিছিল।… কোচ ৰজা বিশ্বসিংহৰ দিনত(1515খৃঃ)বৃহৎ সংখ্যক ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল।… কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংসৰ সময়ত নৰনাৰায়ণে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি এখন বৃহৎ ধৰ্মীয় মহাসভা পাতে আৰু তালৈ বৃহৎসংখ্যক ব্ৰাহ্মণ লোক বংগদেশৰ পৰা আনি নীলাচলপাহাৰৰ আশে পাশে বহুৱাইছিল।… স্বৰ্গদেউ প্ৰমত্তসিংহৰ দিনতো ব্ৰাহ্মণসকলক দান দক্ষিণা দি ভোজন-সেৱন কৰাই সন্মান জনাইছিল। ইয়াৰ পাছত স্বৰ্গদেউ গদাধৰ সিংহ হিন্দু ধৰ্মৰ প্ৰতি গভীৰভাৱে আসক্ত হৈ পৰে আৰু উমানন্দ নিৰ্মাণ কৰে।… এনেদৰেই স্বৰ্গদেউ গদাধৰ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ আৰু তেওঁৰ ধৰ্মপত্নী বৰ ৰজা ফুলেশ্বৰী শাক্তধৰ্মৰ প্ৰতি আসক্ত হে পৰে।’’

প্ৰতাপসিংহই কনৌজৰ ব্ৰাহ্মণ পণ্ডিত দশৰথক আনি চুঙাপাৰাত থাপিছিল

আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্ব কালত (1603-1641)কনৌজৰ পৰা অহা দশৰথ নামৰ ব্ৰাহ্মণ পণ্ডিতক স্বৰ্গদেৱে চুঙাপাৰা নামৰ ঠাইখনত মাটি ভেটি দি থাপিছিল। এইগৰাকী ব্ৰাহ্মণ পণ্ডিত দশৰথৰেই নাতিয়েক আছিল পদ্মনাভ ভট্টাচাৰ্য, যাক স্বৰ্গদেউ ৰূদ্ৰসিংহই মাজুলীৰ সাকোপৰা গাঁৱত ঘৰ মাটি দি থাপিছিল। আনকি তেওঁৰ পৰা স্বৰ্গদেৱে পঞ্চাক্ষৰী শিৱমন্ত্ৰও গ্ৰহণ কৰিছিল। এওঁকেই মুকলিমুৰীয়া গোঁহায়ো বোলে।

পদ্মনাভ ভট্টাচাৰ্য

ব্ৰাহ্মণ পণ্ডিত দশৰথৰ নাতিয়েক পদ্মনাভ ভট্টাচাৰ্যই বংগদেশৰ নদীয়াৰ শান্তিপুৰত সংস্কৃত পঢ়িবলৈ গৈছিল। পৰৱৰ্তী সময়ত পণ্ডিত হৈ উভতি আহি আহোম স্বৰ্গদেউৰ ৰাজগুৰু হৈছিল। বহুতে কয়ঃ পদ্মনাভ ভট্টাচাৰ্যই তেওঁৰ তান্ত্ৰিক সাধনা আৰু গোঁসানী মন্ত্ৰৰ বলত ৰাজ পৰিয়ালৰ ভূত ভৱিষ্যতৰ বহু কথা কব পাৰিছিল। হয়তো সেইবাবেই এইদিশত পদ্মনাভৰ ওচৰত স্বৰ্গদেউ ৰূদ্ৰসিংহও যথেষ্ট বিশ্বাস কৰিছিল, পিছে এই কাৰ্য হেনো ৰাজচ’ৰাৰ বহু দেওধাই বাইলুঙে ভাল পোৱা নাছিল। তথাপি, স্বৰ্গদেউৰ ভয়ত একো মুখ ফুটাই কোৱা নাছিল।

কেনে পৰিস্থিতিত কৃষ্ণৰাম ভট্টাচাৰ্য অসমলৈ আহিছিল, টেপাই বৈৰাগীৰ হাতত চিঠি দি মাতিছিল কৃষ্ণৰাম ভট্টাচাৰ্যক

এইগৰাকী পদ্মনাভ ভট্টাচাৰ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই তান্ত্ৰিকমতে তেওঁক দীক্ষা দিবলৈ আহ্বান জনাইছিল। কিন্তু এই সময়ত পদ্মনাভ ভট্টাচাৰ্যই স্বৰ্গদেউক এনে কাম তেওঁৰ দৰে সাধাৰণ সাধকৰ দ্বাৰা সম্ভৱ নহয় বুলি নদীয়াৰ শিমলা গাঁৱৰ প্ৰভাকৰ (শোভাকৰ) ভট্টাচাৰ্যৰ ঘৰৰ কৃষ্ণৰাম ন্যায়বাগীশক কটকী পঠিয়াই এই কামৰ বাবে (তান্ত্ৰিকমতে দীক্ষা দিবলৈ) আনিবলৈ পৰামৰ্শ কৰিছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহই তেতিয়া নদীয়াৰ কৃষ্ণৰাম ন্যায়বাগীশৰ ঘৰলৈ টেপাই বৈৰাগী নামৰ দূত এজনৰ হাতত এখন চিঠি দি মাতি পঠিয়াইছিল। উল্লেখ্য যে এই চিঠিখন দিছিল পদ্মনাভ ভট্টাচাৰ্যই। বাকসিদ্ধ সু-পুৰুষ তান্ত্ৰিক সাধকজন আহিলে ৰাজচ’ৰাত সন্মান, শ্ৰদ্ধা উভয়েই পোৱাৰ উপৰি শকত অংকৰ দান দক্ষিণা পাব বুলিও চিঠিত লিখা আছিল। প্ৰথমে, টেপাই বৈৰাগীয়ে অসমৰ কথা কওঁতে কৃষ্ণৰামে উচাত মাৰি এনেহেন যাদুমন্ত্ৰ তথা জংঘলৰ দেশখনলৈ আহিবলৈ অমান্তি হোৱাত বৈৰাগীয়ে ৰাজচ’ৰাত তেওঁ চিৰদিনৰ বাবে নাথাকিলেও অসমৰ কামাখ্যা মাৰ তীৰ্থখনকে এবাৰ দৰ্শন কৰিবলৈ আহক বোলাত পিছলৈ বহু ভাবি-গুণি কামৰূপ তথা অসমলৈ দুমাহৰ মূৰত আহিছিল কৃষ্ণৰাম। নৱদ্বীপ আৰু কাশীত অধ্যয়নৰত থাকোঁতে পদ্মনাভ ভট্টাচাৰ্য আৰু কৃষ্ণৰাম ভট্টাচাৰ্য দুয়ো সহপাঠী আছিল। আই ভৱানীৰ সাধক কৃষ্ণৰাম ভট্টাচাৰ্যৰ অলৌকিক কাৰ্য কৰাৰো জ্ঞান আছিল।

সহায়ক গ্ৰন্থপঞ্জী
ক) গগৈ, লীলা (১৯৮৩); বেলি মাৰ গ’ল; গুৱাহাটী : চন্দ্ৰ প্ৰকাশ৷
খ) শইকীয়া, হেমচন্দ্ৰ (সামাজিক মাধ্যমত 25অক্টোবৰ 2018ত প্ৰকাশিত): ইতিহাসৰ দৃষ্টিভংগীৰে: বংগ আৰু অসমৰ ধৰ্মীয়-সামাজিক জীৱনত স্মাৰ্ত্ত পণ্ডিত ৰঘুনন্দন ভট্টাচাৰ্যৰ প্ৰভাৱ৷
গ)ইণ্টাৰনেটৰ বিভিন্ন প্ৰবন্ধ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments