ৰঙতী ষ্টেচন ( দেৱপ্ৰতীম হাজৰিকা )

১)
ট্ৰেইনৰ খিড়িকিৰে বাহিৰলৈ চালো। বাহিৰত তেতিয়াও বেলিটো তৰতৰকৈ ওলাই আছিল। অসহ্য গৰম আছিল। মুখত ঘাম টোপাটোপে বিৰিঙিছিল। কিছুমান কথা ভাবি মই তাৰ একো ওৰ উলিয়াব পৰা নাই। হয়তো আৰু অলপ সময়ৰ পাছত মই পাগল হৈ যাম। এই আচহুৱা ঘটনা আৰম্ভ হৈছিল এই ট্ৰেইন খনত উঠাৰ পাছৰেপৰাই।
সাধাৰণতে মই সপ্তাহৰ শেষৰ দিনকেইটা ঘৰত থাকিবলৈ আহো। সেইদিনা দেওবাৰ আছিল। শুক্ৰবাৰ আৰু শনিবাৰ দুদিন থাকি মই হোষ্টেল যাবলৈ ওলাইছিলোঁ। মায়ে মোক ট্ৰেইন ষ্টেচনত থ’ব আহিছিল। মাক বিদায় দি ষ্টেচনৰ ভিতৰ সোমালো।
ৰঙতী ষ্টেচন। তেতিয়া পুৱা ১০ বাজিছিল। কিন্তু সেইদিনা অত্যন্ত গৰম আছিল। ৰাতিপুৱা এই সময়ত ইমান গৰম হোৱা দেখি আচৰিত হৈছিলো।
১০:৩০ত ট্ৰেইনখন আহিছিল। মই মোৰ বেগটো লৈ ট্ৰেইনৰ ভিতৰলৈ সোমাই গ’লো। টিকটত থকা নম্বৰ অনুসৰি মই নিজৰ চিটত বহি পৰিলো। মোৰ চিটৰ কাষত এজন মানুহ বহি বাতৰি কাকত পঢ়াত ব্যস্ত আছিল, পিন্ধনত দামী সাজপাৰ। মোৰ সন্মুখত আছিল এগৰাকী বুঢ়ী মানুহ, তেওঁ খিড়ীকেৰে বাহিৰলৈ চাই আছিল। মানুহগৰাকীৰ কাষৰ চিটতো খালী আছিল। সম্ভবতঃ আগৰ ষ্টেচনত উঠিব।
মই উঠা ষ্টেচনটোত ট্ৰেইনখনৰ আধা ঘন্টা ষ্টপেজ টাইম। ১১ বজাৰ লগে লগেই ট্ৰেইনখনে উকি মাৰি যাবলৈ উদ্যত হ’ল। মোৰ গন্তব্যস্থান পাবলৈ দুঘ্ন্টা লাগিব। ঘড়ীটোলৈ চালো, ১ বজাত গৈ পাম মানে মই।

(২)
ঘড়ীটোত ১ বাজিবলৈ আৰু অলপ সময়হে বাকী। মই নিজৰ বেগ আৰু আন আন সামগ্ৰীবিলাক পৰীক্ষা কৰিবলৈ ধৰিলো। লাহে লাহে ট্ৰেইনৰ দুৱাৰমুখৰ ফালে আগবাঢ়িলো। মোৰ কাষৰ মানুহজনে তেতিয়াও বাতৰি কাকত পঢ়ি আছিল।
দুৱাৰৰ ওচৰত ৰৈ থকা আধা ঘ্ন্টা হ’ল, কিন্তু ট্ৰেইনখন ৰোৱাৰ কোনো নামেই নোলোৱা হ’ল যে। মই নিজৰ চিটৰ ওচৰলৈ আহি মানুহজনক সুধিলো,
-“মহাশয়, নেক্সট ষ্টেচন কিমান সময়ত পায়গৈ বাৰু?”
মানুহজনে বাতৰি কাকতকন আঁতৰাই উত্তৰ দিলে,
-“মোৰ বোধেৰে এক বজাত।”
-“কিন্তু এতিয়া যে ১:৩০ হ’ল। ট্ৰেইনখন নৰ’ব নেকি?”
-“আপোনাৰ কিবা ভুল হোৱা নাইতো?”
-“মানে, কি ভুল হ’ল?”
-“এতিয়া পুৱা ১০:৩০ হৈছে। আৰু বহু সময় আছে।”
মই মানুহজনৰ মুখলৈ চাই থাকিলো। তেওঁ পাগল হোৱা নাইতো? বুঢ়ীগৰাকীয়ে মোলৈ চাই হাঁহিলে। মই একো বুজিব নোৱাৰিলো। আকৌ নিজৰ চিটৰ বহি পৰিলো। কাষৰ মানুহ্জনক কিবা পাগল পাগল লাগিল।
তেনেতে দেখিলো বাহিৰত ৰঙতী ষ্টেচনৰ বৰ্ডখন। আচৰিত হ’লো।

(৩)
খপজপকৈ মই শোৱাৰ পৰা সাৰ পালো। হয়তো বহু দেৰি শুলো মই। মই মোৰ গন্তব্য্স্থান নিশ্চয় পাৰ হৈ আহিলো। ঘড়ীলৈ চালো, ৮:৩০ হৈছিল তেতিয়া। উফ, পাৰ হৈ গ’লো কিজানি ষ্টেচন। কিন্তু ই কি? বাহিৰত তেতিয়াও পোহৰ হৈ আছিল। মানে এতিয়া ৰাতিপুৱা ৮:৩০ হৈছে নেকি?
কাষৰ মানুহজনে তেতিয়াই বাতৰি কাকত পঢ়ি আছিল। তেওঁক একো সুধিব মন নগ’ল। বুঢ়ীগৰাকীক সুধিলোঁ,
-“কিমান সময় হৈছে বাৰু এতিয়া?”
-“পুৱা ১০:৩০ হৈছে।”
কিন্তু মোৰ ঘড়ীত যে ৮:৩০ হৈ আছে? মোৰ ঘ্ড়ীটো বেয়া হৈছে নেকি?
-“মই মোৰ ষ্টেচন পাৰ হৈ গ’লো কিজানি?”
-“নাই নাই, ট্ৰেইনখনে এতিয়া যাবলৈ ধৰিছেহে। কেনেকৈ তোমাৰ ষ্টেচন পাৰ হ’ব?”
বুঢ়ীগৰাকীৰ কথা শুনি আকৌ আচৰিত হ’লো। একো বুজিব নোৱাৰিলো। কি হৈ আছে ইমান পৰে। ইমান পৰে ট্ৰেইনত বহি আছো, আৰু বুঢ়ীগৰাকীয়ে কৈছে, ট্ৰেইনখন যাবলৈ ধৰা বেছি পৰ হোৱা নাই।
বাহিৰলৈ চালো, গছৰ পাতবোৰ যেন শুকাই যাব এতিয়া, এনে গৰম কেতিয়াও হোৱা মনত নাই। তেনেতে বাহিৰত আকৌ ৰঙতী ষ্টেচনত বৰ্ড খন দেখিলো।
-“এই ট্ৰেইনৰ পৰা বাহিৰ ওলাব লাগিব।”
নিজৰ মুখৰ ভিতৰতে ভোৰভোৰালো।

(৪)
খিড়ীকেৰে বাহিৰলৈ চাই আছো। বেলিটো তেতিয়াও মুৰৰ ওপৰত আছিল। মুখত ঘাম বিৰিঙি আছিল। মোবাইলৰ বেটেৰী শেষ হ’বলৈ বেছি পৰ নাই। সেয়েহে এই কথাখিনি লিখি ব্লগত পোষ্ট কৰিছোঁ। কোনোবাই এই কথাখিনি পঢ়ি হয়তো কিবা বুজি পাব। ৰঙতী ষ্টেচনৰ বৰ্ডখন বহুবাৰ পাৰ হৈ আহিলোঁ। একো বুজিব পৰা নাই। সেই মানুহজনে একেদৰেই বাতৰি কাকত পঢ়ি আছে, বুঢ়ীগৰাকীয়ে বাহিৰলৈ চাই আছে আৰু তেওঁলোকৰ মতে সময় তেতিয়াও পুৱা ১০:৩০। হয়তো পাগল হ’বলৈ বেছি পৰ নাই মোৰ…….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক